ত্ৰয়োদশ সাধু ভূত আৰু বাঢ়নী - লক্ষ্মীনাথ বেজবৰুৱা
ত্ৰয়োদশ সাধু ভূত আৰু বাঢ়নী - লক্ষ্মীনাথ বেজবৰুৱা ত্ৰয়োদশ সাধু ভূত আৰু বাঢ়নী ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakhshminath Bezbaruah Assamese Story Bhoot aru Baroni ভূত আৰু বাঢ়নী - লক্ষ্মীনাথ বেজবৰুৱা এক বামুণ আছিল। সংসাৰত বামুণৰ এজনী ঘৈণীয়েকত বাজে আৰু আপোন বুলিবলৈ কোনো নাছিল। বামুণৰ অবস্থাও ভাল নাছিল; খুজি মাগি কোনোমতে তেওঁ পেট প্রবর্ত্তাইছিল আৰু প্রায় দুভাগ লঘোনে থাকিব লগাত পৰিছিল। তাৰ উপৰি ঘৈণীজনাও বৰ ডাকু তিৰোতা আছিল। কেতিয়াবা বামুণ শুদা হাতে ঘৰলৈ উভতিলে তিতা মাত-কথাৰে বামুণীয়ে বামুণৰ তৎ এৰুৱাই দিছিল। এদিন গধূলি বামুণ শুদাহাতে ঘৰলৈ উভতিব লগাত পৰিল। তাৰ আগদিনাও গিৰিয়েক ঘৈণীয়েক দুয়ো লঘোনে আছিল। সেইদৰে গিৰিয়েক শুদা হাতে ঘৰলৈ ওভতা দেখি বামুণীয়ে উগ্রমূৰ্ত্তি ধৰি বামুণক মাৰিবলৈ বাঢ়নী এটাৰ লৈ খেদি আহিল। বামুণে গতি বেয়া দেখি ৰজাৰ নগৰৰ ফালে লৰ ধৰিলে। বামুণীয়ে খঙত একো নেপাই, ওচৰত থকা আঁহতগছ এজোপাতে বাঢ়নীৰে কোব ধৰিলেহি। দৈবক্রমে সেই গছজোপাত এটা ভূত আছিল। বামুণীয়ে গছজোপাত বাঢ়নীৰে কোবোৱা দেখি ভূতে ভাবিলে বামুণীয়ে মোকেহে বাঢ়নীৰে মাৰি...