ত্ৰয়োদশ সাধু ভূত আৰু বাঢ়নী - লক্ষ্মীনাথ বেজবৰুৱা
ত্ৰয়োদশ সাধু ভূত আৰু বাঢ়নী - লক্ষ্মীনাথ বেজবৰুৱা
ত্ৰয়োদশ সাধু ভূত আৰু বাঢ়নী ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakhshminath Bezbaruah Assamese Story Bhoot aru Baroni
ভূত আৰু বাঢ়নী - লক্ষ্মীনাথ বেজবৰুৱা
এক বামুণ আছিল। সংসাৰত বামুণৰ এজনী ঘৈণীয়েকত বাজে আৰু আপোন বুলিবলৈ কোনো নাছিল। বামুণৰ অবস্থাও ভাল নাছিল; খুজি মাগি কোনোমতে তেওঁ পেট প্রবর্ত্তাইছিল আৰু প্রায় দুভাগ লঘোনে থাকিব লগাত পৰিছিল। তাৰ উপৰি ঘৈণীজনাও বৰ ডাকু তিৰোতা আছিল। কেতিয়াবা বামুণ শুদা হাতে ঘৰলৈ উভতিলে তিতা মাত-কথাৰে বামুণীয়ে বামুণৰ তৎ এৰুৱাই দিছিল। এদিন গধূলি বামুণ শুদাহাতে ঘৰলৈ উভতিব লগাত পৰিল। তাৰ আগদিনাও গিৰিয়েক ঘৈণীয়েক দুয়ো লঘোনে আছিল। সেইদৰে গিৰিয়েক শুদা হাতে ঘৰলৈ ওভতা দেখি বামুণীয়ে উগ্রমূৰ্ত্তি ধৰি বামুণক মাৰিবলৈ বাঢ়নী এটাৰ লৈ খেদি আহিল। বামুণে গতি বেয়া দেখি ৰজাৰ নগৰৰ ফালে লৰ ধৰিলে। বামুণীয়ে খঙত একো নেপাই, ওচৰত থকা আঁহতগছ এজোপাতে বাঢ়নীৰে কোব ধৰিলেহি। দৈবক্রমে সেই গছজোপাত এটা ভূত আছিল। বামুণীয়ে গছজোপাত বাঢ়নীৰে কোবোৱা দেখি ভূতে ভাবিলে বামুণীয়ে মোকেহে বাঢ়নীৰে মাৰিবলৈ আহিছে, ইয়াকে ভাবি ভূতে ভয় খাই তাৰপৰা পলাই ৰজাৰ নগৰ ওলালগৈ।
এদিন বামুণ ৰজাৰ নগৰৰ বজাৰত ফুৰোঁতে ভূতে তেওঁক দেখা পাই আঁতৰলৈ মাতি নি সুধিলে, "তুমি সেই বাঢ়নী দেখি পলাই অহা বামুণ নোহোৱা নে?” বামুণে আচৰিত হৈ ক'লে, "হওঁ! তুমি নো কোন?” ভূতে ক'লে, "সেইদিনা তোমাৰ ঘৈণীয়েৰাই বাঢ়নী লৈ তোমাক মাৰিবলৈ অহাত তুমিতো পলাই সাৰিলা; তাৰ পিছত তেওঁ খঙত একো নেপাই মই থকা আঁহত গছজোপাতে বাঢ়নীৰে কোব ধৰিলেহি, মোকো মাৰে বুলি ভয়ত মই পলাই আহি এইখিনি পাইছোঁহি। এতিয়া তোমাৰে মোৰে একে দশা, সেইদেখি তোমাৰ মই অলপ উপকাৰ কৰিব খোজোঁ। মই এই নগৰৰ মন্ত্ৰীৰ জীয়েকক ধৰিমগৈ; মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাব, অনেক বেজ-গিয়ানী লগাব, কোনোমতেই মই নেৰোঁ; কিন্তু তুমি কোনোমতে সেই ঠাইত হাজিৰ হ'লেই এৰি গুচি যাম। তেতিয়া মন্ত্রীয়ে তোমাক অনেক ধন-সম্পত্তি দিব, তাৰে তুমি সুখেৰে খাই লৈ থাকিব পাৰিবা। তাৰ পিছত মই ৰজাৰ জীয়েকক ধৰিমগৈ; কিন্তু তুমি তালৈ কেতিয়াও নেযাবা; গ'লেই তোমাক মাৰিম। কাৰণ মই ৰজাৰ জীয়েকক ভাল পাওঁ।"
বামুণৰ লগত ভূতৰ এইদৰে কথা-বতৰা হোৱাৰ পিছদিনা সকলোৱে দেখিলে, মন্ত্ৰীৰ জীয়েকক ভূতে পাই বলিয়া কৰিছে। মন্ত্ৰীয়ে অনেক চিকিৎসা কৰাইছে, অনেক বেজ-জ্ঞানী লগাইছে তথাপি কোনোমতে জীয়েক ভাল হোৱা নাই। শেষত মন্ত্রীয়ে গৈ দিলে যে, যেয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁৰ আধা সম্পত্তিৰে সৈতে জীয়েকক বিয়া দিব। তাৰ পিছদিনা ৰাতিপুৱা বামুণে সন্ন্যাসীৰ বেশ ধৰি মন্ত্ৰীৰ পদূলি মূৰত টহল দিবলৈ ধৰিলে। এটা লগুৱাই তাকে দেখি মন্ত্ৰীৰ আগত কোৱাত, মন্ত্ৰীয়ে বামুণক ভিতৰলৈ লৈ যাবলৈ ক'লে। বামুণ, মন্ত্ৰীৰ আগত ঠিয় হোৱাত মন্ত্ৰীয়ে বামুণক, জীয়েকক ভূতে পোৱাৰ কথা ক'লে আৰু ভাল কৰিব পাৰিব নে নোৱাৰে বুলি সুধিলে। বামুণে মনে মনে হাঁহি "বাৰু এবাৰ চাওঁচোন” বুলি ক'লে। এই কথাত মন্ত্রীয়ে বামুণক জীয়েক থকা খোটালিলৈ লৈ গ'ল আৰু তেওঁলোক তাত সোমোৱা মাত্রকে "ঔ নাহিবি ঐ! মই যাওঁ ঐ!" বুলিয়েই মন্ত্ৰীৰ জীয়েক মাটিত পৰি গ'ল। তাৰ পিছত তেওঁ সুস্থ হৈ আগৰ দৰে সকলোৰে লগত কথা-বতৰা হ'বলৈ ধৰিলে। মন্ত্রীয়ে দেখি বামুণৰ ওপৰত বৰ সন্তুষ্ট হ'ল আৰু পূৰ্বৰ কথামতে বামুণৰ ল'ৰাৰ লগত জীয়েকক বিয়া দিলে।
সিফালে সেই দিনাই ভূতে মন্ত্ৰীৰ জীয়েকক এৰি ৰজাৰ জীয়েকক ধৰিলেগৈ। ৰজাৰ ঘৰত হুলস্থূল লাগি পৰিল। ক'ত বেজ লগাইছে, কত দৰব-জাতি খুৱাইছে, তথাপি কোনোমতেই একো হোৱা নাই। শেহত ৰজাই নগৰত ঢোল পিটি শুনাই দিলে যে, যিয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁ অৰ্দ্ধৰাজ্য দি জীয়েকক বিয়া দিব। এই জাননী পাই আশাত ক'ত মানুহ গ'ল, কত আহিল ৰজাৰ ঘৰলৈ, কিন্তু কোনোৱে ৰজাৰ জীয়েকক ভাল কৰিব নোৱাৰিলে। অন্তত মন্ত্ৰীৰ জীয়েকক ভূতে পোৱাৰ আৰু তেওঁৰ জোঁবাঁয়েকে ভাল কৰাৰ কথা শুনি ৰজাই বামুণক মাতি পঠালে। আগৰ কথালৈ মনত পেলাই বামুণ কোনোমতেই নেযায়, ৰজায়ো নেৰে। নোযোৱা দেখি শেহত ৰজাৰ খং উঠি কে পঠালে যে সি নাহিলে তাক কটাম। কি কৰিব বামুণ নিৰুপায়; গ'লেও মাৰে ভূতে, নগলেও কাটে ৰজাই; দুয়ো পিয়ে মৰণ। শেহত বামুণে যোৱাকে ঠিক কৰিলে। বামুণ গৈ যেই ৰজাৰ জীয়েকৰ ওচৰত ওলালগৈ, তেতিয়াই ভূতে গজ্জি উঠিল, আৰু ক'লে, "কি মই হাক দিয়াতো তই আকে আহিছ?" তেতিয়া বামুণে ক'লে, "নহয়, মই সেই কাৰণে অহা নাই, আন কথা এটাৰ নিমিত্তেহে আহিছোঁ, তোমাৰ কাণে কাণে হে ক'ব পাৰিম।” ভূতে "বাৰু কি কথা ক" বোলাত বামুণে ৰজাৰ জীয়েকৰ কাণৰ ওচৰত ফুচফুচাই ক'বলৈ ধৰিলে- "সেই আগৰ মোৰ তিৰোতাজনীয়ে মই ইয়াত থকা গম পাই বাঢ়নীটাৰ লৈ খেদি আহিছে। মই পলাই অহিছোঁ। তোমাকো তাই মাৰে বুলিহে লৰি ক'বলৈ আহিছিলোঁ!” এই কথাত ভূতে বিচূর্তি খাই "ইয়ালৈকে আহিছেনে? কোনখিনি পাইছেহি? বুলি সুধিলে। বামুণে “মই বাটত দেখি আহিছিলোঁ; এতিয়া পদূলি সোমাব পায়!" এই বুলি কোৱা মাত্ৰকে ৰজাৰ জীয়েকক ভূতে এৰি ভিৰাই ধৰি লৰ মাৰিলে, আৰু তাৰ পিছত ৰজাৰ জীয়েকো ভাল হ'ল। ৰজাই পূৰ্বৰ প্ৰতিজ্ঞামতে বামুণক আধা ৰাজ্য যৌতুক দি তেওঁৰে সৈতে জীয়েকক বিয়া দিলে। ইয়াৰ পিছত বামুণে সুখেৰে খাই-বৈ দিন কটাবলৈ ধৰিলে।
*******
Comments
Post a Comment