বিংশ সাধু কথাবাহী বুঢ়া - লক্ষ্মীনাথ বেজবৰুৱা
বিংশ সাধু কথাবাহী বুঢ়া - লক্ষ্মীনাথ বেজবৰুৱা
বিংশ সাধু কথাবাহী বুঢ়া - ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakshminath Bezbaruah Assamese Story Kothabahi Burha
বিংশ সাধু কথাবাহী বুঢ়া ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা
এহাল বুঢ়া-বুঢ়ী আছিল, সিহঁতৰ মাথোন একেটি ল'ৰা। বুঢ়া-বুঢ়ীৰ ভাতে-ভঁৰালে, গৰুৱে-গায়ে সম্পূর্ণ আছিল আৰু দুয়ো অতি যত্নেৰে ল'ৰাটি তুলিতালি ডাঙৰ কৰি মহাসুখে ঘৰবাৰী চলাইছিল। সিহঁতৰ গাঁৱৰ কোনো মানুহেৰে দন্দ-হাই খিয়াল-হিংসা নাছিল; বৰং সকলোৱে সিহঁতক ভাৰসা আৰু মান সৎকাৰ কৰিছিল আৰু পাৰ্য্যমানে যাৰে তাৰে সিহঁতে উপকাৰ হে কৰিছিল। ল'ৰাটিৰ ঘৰখন পাতি, পো-বোৱাৰীৰ ৰং-ধেমালি চাই মৰিবলৈ বুঢ়া-বুঢ়ীয়ে বৰকৈ হেঁপাহ কৰিছিল। কিন্তু নিষ্ঠুৰ কালে সেই আশা পূৰাবলৈ নিদিলে। বুঢ়া-বুঢ়ীয়ে ল'ৰাটিক এডাল কূটা দুডাল কৰিবলৈ নিদিছিল আৰু ৰজাৰ কোঁৱৰৰ দৰে বৰ আলসুৱা কৰি তুলিছিল। এইবাবে বুঢ়া-বুঢ়ী মৰিলত সি অকলশৰীয়া হৈ কি কৰিম ক'লৈ যাম লগাই মহা চিন্তাত পৰিল। সি যে বনবাৰী একো কৰিব নাজানেই, তদুপৰি সি কথাবার্তাতো এলাবাদু। এনে অৱস্থাত সি বিয়া কৰাবলৈ মন মেলি গাঁৱৰ কেবাঘৰতো ছোৱালী ধৰিলেগৈ। তাক গাঁৱৰ সকলোৱে এলেবাং বুলি জানি ছোৱালী দিবলৈ গেঁৰোগেঁথোঁ কৰিলে। তেতিয়া সি ছোৱালী বিচাৰি কিছু দূৰ গাঁৱলৈ গ'ল; তাতে এঘৰ মানুহে তাৰ কথাবোৰ শুনি ছোৱালী দিবৰ মন কৰি ঘৰ-বাৰী চামগৈ বুলি কৈ তাক পঠাই দিলে; আৰু ইয়াৰ পিছত ঘৰ-দুৱাৰ চাই-চিতি গঞাহঁতৰে চিনাকি হৈ সেই মানুহটিয়ে বিয়াৰ দিন-বাৰ চোৱাই ছোৱালীজনী এলেবাঙলৈ বিয়া দিলে।
ছোৱালীজনী বৰ চাবতিয়াল আৰু বুদ্ধিমতী আছিল। তাই ঘৰ গৰকিয়েই জানিব পাৰিলে যে গিৰিয়েক অকামিলা মানুহ; নচেৎ মাটি-বাৰী, গৰু-গাই, দ্রব্য-বস্তু যিবোৰ বুঢ়া-বুঢ়ীয়ে থৈ গৈছে, তাৰে এঘৰ মানুহ ভালকৈ প্ৰৱৰ্তিব পাৰে। ইয়াকে চাই তাই এদিন গিৰিয়েকক ক'লে বোলে সিঁহতৰ গাঁৱত কথাবাহী নামে বুঢ়া এটি আছে, সেই বুঢ়াৰ ওচৰলৈ গ'লে গিৰিয়েকে অনেক কথা শিকিব পাৰিব। এই কথাত গিৰিয়েক মান্তি হৈ পাছদিনা প্রাতসতে কথাবাহী বুঢ়াৰ ঘৰত ওলালগৈ। বুঢ়াই বহিবলৈ দি ডেকাক অহাৰ কাৰণ সুধিলে। ডেকাই সকলো কথা ভাঙি ক'লত বুঢ়াই গুটদিয়েক প্রশ্ন কৰি ডেকা কিমান পানীৰ মাছ বুজি লৈ ক'লে, "বোপাই, তুমি কথা শিকিবলৈ হ'লে মোৰ ঘৰত এবছৰ থাকিলে হ'ব।” ডেকাই ক'লে, "ঘৰত সুধি কাইলৈ কমহি।" পাছদিনা লাগতিয়াল দ্রব্য-বস্তু লৈ সি কথাবাহীৰ ঘৰত সোমালহি। বুঢ়াই ডেকাৰ হতুৱাই এবছৰ খচি কাম কৰাই আহু, শালি, মাহ, সৰিয়হ শাক, পাচলি, আলু, বেঙেনা, চচাঁ-কটা, খৰাহি, পাছি, কুলা, চালনী, পাটী, ঢাৰি, জাকৈ, জুলুকি আদি সকলো বিধৰ হাতৰ বিদ্যা তাক শিকালে। ডেকাই খেতিয়কৰ সকলো বিদ্যাত পৈণত হৈ বছৰ উকলিলতে কথাবাহী বুঢ়াক অতি নম্রভাবে জনালে যে, "আপদেও। বছৰ পূৰ হ'ল; আপুনি কি কথা শিকাব খুজিছিল শিকাই মোক বিদায় দিব লাগে।” বুঢ়াই ক'লে, "দুয়ো গা-পা ধুই খাই-বৈ আহিলে হে হ'ব।" খাই উঠি দুয়ো চোতালত বহিলহি আৰু অলপ বেলি টলকা মাৰি থাকি বুঢ়াই ডেকাৰ ফালে চাই ক'লে, "বোপা! বাৰীৰ ভিতৰত কেলেহুৱা মানুহ নচপাবা। ন-চহকীৰ ধাৰ নকৰিবা; লাগিলে পুৰণি চহকীৰেই ধাৰ কৰিবা। তিৰোতাক বিশ্বাসী কথা নক'বা। ৰজাৰ আগত মিছা কথা নক'বা। এতিয়া তুমি তোমাৰ ঘৰলৈ যাব পাৰা” এইবুলি বুঢ়াই তাক আশীর্বাদ কৰি বিদায় দিলে।
ডেকাই ঘৰমুৱা হৈ বাটে বাটে ভাবি আহিছে যে এবছৰ পাই-পইচা নোহোৱাকৈ তেজক পানী কৰি খাটি বাৰে-ভচহু এইকিটা কথা হে পালোঁ। বাৰু এইকিটা কথাৰ প্ৰমাণকে চোৱা যক। তাৰ আপোন বায়েক এজনী বাৰী হৈ ল'ৰা-ছোৱালী এহালেৰে লৈ-লৈ থৈ-থৈ হৈ ফুৰিছিল; সিহঁতৰ দুৰৱস্থা দেখি মৰম কৰি সি নিজৰ বাৰীলৈ তুলি আনি বাৰীৰ আগতে ঘৰ সাজি দি যতনকৈ সিহঁতক প্রতিপাল কৰিবলৈ ধৰিলে। তাৰ গাঁৱত এঘৰ 'ন-চহকী হৈ উঠি মানুহক মানুহ যেন জ্ঞান নকৰিছিল। সি এদিন গাখীৰ দুচুঙামান লৈ ন-চহকীক দেখা কৰি ক'লে, -ডাঙৰীয়া! আজি এবছৰ মই লোকৰ ঘৰত পাই-পইচা নোলোৱাকৈ খাটি দি আহিলোঁ; ৰজাঘৰৰ খাজনা দিব লগা হ'ল, এতেকে অনুগ্রহ কৰি দহ টকামান ৰূপ ধাৰলৈ দিলে বৰ উপকাৰ হয়।” ন-চহকীয়ে লাহেকৈ মাত লগালে, "হেৰ। কাইলৈ আহিবি।” পাছদিনাও সি সেইদৰে পাণ-তামোলৰ টোপোলা এটা লৈ গ'ল; সেইদিনাও ন-চহকীয়ে তাক ওভোতাই পঠিয়ালে। এইদৰে হাত-ভেটি লৈ দহ-বাৰ দিন অহা-যোৱা কৰি শেষত সি লেখা এখন দি অতিকষ্টে দহ টকা ৰূপ আনি তাৰ ঘৰৰ পাৰী খুটাৰ বিন্ধাত সুমাই থ'লে। বাস্তৱতে তাৰ টকাৰ দৰ্কাৰ নাছিল; মাথোন কথা-বাহী বুঢ়াৰ কথাৰ প্ৰমাণ চাবলৈ হে সি তেনে কৰিছিল। তাৰ পাছত সি এদিন সেই গাঁৱৰে পুৰণি চহকী মানুহ এঘৰলৈও সেইদৰে ধন ধাৰলৈ বিচাৰি গ'ল। পুৰণি চহকীয়ে তাক দেখি বহিবলৈ দি, কিয় আহিছে বুলি সোধাত সি সেই কথাকে ক'লে! তেতিয়া গৃহস্থই মূৰে-কপালে হাত দি বেজাৰ কৰি ক'লে, "অমুকাৰ ঘৰত কি নোহোৱা আছিল; এতিয়া তাৰ পুতেকে লোকত হাত পাতিব লগা হৈছে। হেৰ। ৰূপ একুৰি হে লাগে? বাৰু নে, যেতিয়া পাৰ দিবিহি?”
তাৰ পাছত সি ৰজাঘৰৰ ওচৰতে চাপৰি এটাত খেতি কৰিবলৈ ধৰিলে। তাত মাহ-সৰিয়হ খাবলৈ অনেক চৰাই আহে; সেইবাবে সি খেঁকেৰু, ছিটিকা, জাল পাতি নিতৌ চৰাই ধৰি তাতে মাৰি পাখি গুচাই আনি ঘৈণীয়েকক ৰান্ধিবলৈ দি সদায় খাইছিল। ৰজাৰ এটা মৰমৰ ম'ৰা চৰাই আছিল, সিও সদায় তাৰ খেতিত পৰি অনিষ্ট কৰিবলৈ ধৰিলে। শেহত সি খেতিৰ মাজতে ঘূৰণীয়াকৈ দ গাঁত এটা খানি ওপৰত ভাল পাত দি ঢাকি থ'লে। পাছদিনা সি দেখে যে আন চৰাইৰ লগতে ম'ৰাটোও গাঁতত পৰি আছে। ম'ৰাক সি অতি যতনেৰে ধান-পানী দি ঢাকি ৰাখি ইবোৰ চৰাই মাৰি বখলিয়াই আনি ঘৈণীয়েকক ক'লে, “হেৰ! বহুত দিনৰপৰা ম'ৰাৰ মঙহ খাবৰ মন গৈছিল, আজি পাই আনিছোঁ; ভালকৈ ৰান্ধি দিবি দেই।” ঘৈণীয়েকে বোলে, "ক'ত পালা, কেনেকৈ ধৰিলা কোৱাচোন?” গিৰিয়েকে বোলে, "তোক ক'লে কটা যাব লাগিব।” ঘৈণীয়েকে বোলে, "এৰা তাকে হে মোৰ কৰাবলৈ বাকী আছে। আমি য'তে ত'তে অবিশ্বাসী।” এনে বোলাত গিৰিয়েকে কথাটোৰ থোৰ ভাঙি ক'লে। তেতিয়া তাই তাৰে মঙহ এসোপা লৈ জেশাহুয়েকৰ ঘৰলৈ নি "ভায়েকে ম'ৰা চৰাই এটা মাৰি আনিছে তাৰে এয়া আনিছোঁ, ৰান্ধি খাব" এনে বুলি কৈ, আহিব খোজোতেই শাহুৱেকে সুধিলে, "ক'ৰ ম'ৰা কেনেকৈ মাৰিলে মোক কচোন, ইমান ততাতৈয়া কিয় কৰিছ?” তেতিয়া তাই খেঁৰোগেৰো কৰি থোৰতে কথাটো ক'লে।
ইপিনে ম'ৰা নেদেখি ৰজা-ঘৰত বিচাৰ লাগিল। ইটোৱে সিটোৱে কোৱা-মেলা কৰিবলৈ ধৰিলে যে অমুকাৰ খেতিতে দিনৌ ম'ৰাটো চৰেগৈ। অৱশ্যে সিহে কিবা কৰিব পায়। ৰজাৰ টেকেলাই গৈ গধূলি বায়েকৰ ঘৰত বহি ম'ৰাৰ কথা উলিয়াই অনেক চহ দিয়াত তাই ভায়েকৰ কথা কৈ দিলে। ইপিনে ভায়েকেও সজাগ হৈ ফুৰিছিল। এতিয়া কল-তলৰপৰা সি বায়েকে টেকেলাক কোৱা কথাবোৰ শুনি আহি ঘৈণীয়েকক ক'লে যে ৰজাৰ টেকেলা আহি তাক ধৰি-বান্ধি নিবহি, এতেকে সি ৰূপ পাঁচ টকা হাতত লৈ ঢাৰিৰ মেৰত সোমাই থাকিল; সি ঘৰত নাই বুলি ঘৈণীয়েকে টেকেলাক ক'বলৈ ক'লে। টেকেলা আহি ঘৈণীয়েকক মাতি গিৰিয়েকৰ কথা সুধিলে। তাই বোলে "তেওঁ মোৰ পেহাহে হয়।” টেকেলাই বোলে, "বাৰু পেহাৰ আৰু পেহীয়েৰ ক'লৈ গ'ল ক?” তাই, "ক'ব নোৱাৰো” বোলাত টেকেলাই তাইকে ধৰ বুলি বান্ধিবলৈ ক'লে। তেতিয়া তাই ভয়ত থক্ থক্ কৰে কঁপি ক'লে, "হেৰা পেহা! ঢাৰিৰ মেৰৰপৰা ওলোৱা” এনে বোলাত টেকেলাই গোৰ মাৰি দিয়াত ঢাৰিৰ মেৰৰপৰা গিৰিয়েক ওলাই পৰিল। টেকেলাই ধৰি বান্ধোতে গিৰিয়েকে টেকেলাক ৰূপ পাঁচটকা দি ক'লে, "ককাই! মোক যেন অনুগ্ৰহ কৰি ন-চহকী আৰু পুৰণি-চহকীৰ ঘৰৰ দুৱাৰ-মুখেদি ৰজাৰ ঘৰলৈ নিবা।” টেকেলাই "একো টান কথা নহয়” বুলি পোনতে তাক ন-চহকীৰ ঘৰলৈ নিলে, তাতে ন-চহকীয়ে টেকেলাক ক'লে, "ই মহা চোৰ, ইয়াৰ তাপত মানুহে হাঁহ, পাৰ, ছাগলী ৰাখিব নোৱাৰে। ই হাঁহ, পাৰ, ছাগলী খোৱাৰ যম। ই মোৰ ল'ৰাটোক ফুচুলাই সিদিনা ৰূপ দহ টকা ধাৰলৈ নিলে। চোৰৰপৰা আৰু পোৱা যাব নে?” ইত্যাদি ৰূপে বলকি খং কৰি ন-চহকী ৰজা-ঘৰলৈ যাবলৈ ওলাল। তাৰ পাছত তাক পুৰণি-চহকীৰ ঘৰলৈ নিলত গৃহস্থই মূৰে-কপালে হাত দি টেকেলাক ক'লে, "বোপাই ই ল'ৰা কদাপি চোৰ নহয়; মই ইহঁতৰ ঘৰক ভালকৈ জানো। তোমাৰ কিবা ভ্রম হৈছে, টকাদিয়েক লৈ এৰি দিয়া।” এনে বুলি কৈ পূৰণি-চহকীও টেকেলাৰ লগত ৰজা-ঘৰলৈ ওলাল।
ৰজাৰ আগলৈ নিলত ন-চহকীয়ে যিমান পাৰে সিমান তাৰ বদ্দাম ৰটিবলৈ ধৰিলে; কিন্তু পুৰণি-চহকীয়ে ৰজাক বৰাই-বুজাই ক'লে, "মহাৰাজ! ই ল'ৰা চোৰ-চেচোঁৰ নহয়। স্বৰ্গদেৱৰ এটা ম'ৰা হেৰাইছে, বন্দীয়ে তেনে ম'ৰা দুটা তিনিটা অনাই দিম। সি অপৰাধী হ'লেও স্বৰ্গদেৱে লঘু দণ্ড দিব লাগে আৰু দণ্ড বিহাৰ আগেয়ে তাক এবাৰ সোধা যুগুত।” ৰজাই তাক সোধাত সি ক'লে, "মহাৰাজ। ন-চহকীয়ে কোৱামতে মই চোৰ, মোৰ একো ক'ব লগীয়া নাই!” তেতিয়া ৰজাই তাক শূলত দিবলৈ হুকুম দিলে। তাক নিবলৈ ধৰোতেই সি ক'লে, "কিনো কালৰ বেহা। তিৰোতাই বুলিলে পেহা।। তিৰিক নিদিবা হিত। গাতৰ ভিতৰত ধৰে ম'ৰাছালি, স্বৰ্গদেৱৰ চঞ্চল চিত।।" পুৰণি চহকীয়ে বোলে, "মহাৰাজ! সি কিবা এটা কৈছে, আনি সোধক।" ৰজাই তাক মতাই আনি সোধাত সি সেই কেইফাঁকি কথাকে আকৌ মাতিলে। তেতিয়া ৰজাই তাক কথাটো ভাঙি ক'বলৈ কোৱাত সি কথাবাহী বুঢ়াৰপৰা যি কিটা কথা শিকিছিল সেইকিটা সম্পূর্ণ সঁচা নে মিছা তাৰ প্ৰমাণ চাই তাৰ ফলিওৱা কথাটো ক'লে। সি ক'লে "মহাৰাজ! মই ম'ৰা খোৱা নাই, মানুহ পঠালে খেতিৰ মাজত গাঁতত ম'ৰাই চালি ধৰি থকা পাব।” কথাটো শুনি ৰজাই তাৰ খেতিলৈ মানুহ পঠিয়াই দিলত, ৰজাৰ মানুহে সেইমতে ম'ৰা পাই লৈ আহিল। সি আকৌ ক'লে, "ন-চহকীৰ দহ টকা ৰূপ মই খৰচ কৰা নাই, পাৰীখুটাৰ ফোঁপতে থৈ দিছোঁ; স্বৰ্গদেবে অনাই তেওঁক দিয়াব পাৰে। পুৰণি-চহকীৰ ৰূপ কুৰি টকা নিও অইন এটা পাৰীখুটাৰ ফোঁপত থোৱা হৈছে; কিন্তু তেওঁ এনে সাধু যে সেই কথা নুলিয়াই মোক ৰাখিবৰ নিমিত্তে আৰু ৰূপবান খৰচ কৰিবলৈকেহে আগবাঢ়িছে। কেলেহুৱাক বাৰীত ঠাই দিয়া, তিৰোতাক বিশ্বাসী কথা কোৱা আৰু ৰজাৰ আগত মিছা কোৱাৰ পৰা মোৰ প্ৰাণৰ সংশয় হৈছিল।' এই বুলি সি গোটেইবোৰ কথা ভাঙি ক'লে। ৰজাই তবধ লাগি থাকি ন-চহকীক অনেক তিৰস্কাৰ কৰি খেদাই দিলে। কথাবাহী বুঢ়াক মতাই আনি ৰাজসভাৰ মেলুৱাই পাতিলে আৰু পুৰণি-চহকীক বিশ্বাসী ডাঙৰ বিষয় এখন দিলে। আগৰ এলেবাঙক ৰজাঘৰৰ বিশ্বাসী ভিতৰুৱাল বিষয়া পাতিলে।
*******
Comments
Post a Comment