নৱম সাধু বত্রিশ লক্ষণীয়া দৰা-কইনা - লক্ষ্মীনাথ বেজবৰুৱা
নৱম সাধু বত্রিশ লক্ষণীয়া দৰা-কইনা - লক্ষ্মীনাথ বেজবৰুৱা
নৱম সাধু বত্রিশ লক্ষণীয়া দৰা-কইনা ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakshminath Bezbaruah Assamese Story Batrish Lakhyaniya Dora Koina
বত্রিশ লক্ষণীয়া দৰা-কইনা ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা
এজন ৰজাৰ এটি বত্রিশ লক্ষণীয়া ল'ৰা হৈছিল। ল'ৰাটি ক্রমে ডাঙৰ-দীঘল হৈ ডেকা হ'লত, ৰজাই ল'ৰালৈ ছোৱালী বিচাৰিবলৈ মন মেলিলে; কিন্তু ৰজাৰ ল'ৰাই ক'লে যে তেওঁ তেওঁৰ নিচিনা বত্রিশ লক্ষণেৰে এজনী ছোৱালী নেপালে বিয়া নকৰায় আৰু সেই ছোৱালী তেওঁ নিজে চাই ল'ব। এই কথা শুনি ৰজাই পুতেকক মাতি নি ক'লে, "বোপা, তুমি বিবাহৰ কন্যা নিজে চাই ল'বা বুলি শুনি মই বৰ সন্তোষ পাইছোঁ। এই বুঢ়া মানুহজন তোমাৰ লগত দিলো; ঘোঁৰাশালৰ পৰা এটা সুন্দৰ ঘোঁৰা বাছি নি তুমি বিদেশলৈ যাত্ৰা কৰা।” ৰজাৰ এই আদেশ পাই কোঁৱৰে ক'লে, "দেউতা, আপোনাৰ আদেশ শিৰোধাৰ্য কৰিলোঁ; কিন্তু মই বিদেশত কিমান দিন কত ঠাইত ফুৰিব লাগিব তাৰ কি ঠিক? এই কাৰণে মোৰ লগত এটা ডেকা মানুহ দিয়ক, বুঢ়া মানুহৰ পৰা মোৰ সুবিধা নহয়।"
ৰজাই এটা ডেকা মানুহক যুৱৰাজৰ লগুৱা কৰি দিলে। কোঁৱৰেও ঘোঁৰাশালৰ পৰা এটা সুন্দৰ তেজী ঘোঁৰা বাছি লৈ আনন্দেৰে বিদেশলৈ যাত্ৰা কৰিলে। কোঁৱৰ এখন সুন্দৰ ৰাজ্যত উপস্থিত হ'লগৈ। সেই ৰাজ্যৰ ৰজাৰ এজনী বত্রিশ লক্ষণীয়া সুন্দৰী ছোৱালী আছিল। কন্যাই তেওঁৰ সখীসকলেৰে সৈতে ওচৰৰ এখন সৰু নদীত স্নান কৰিবলৈ যাওঁতে কোঁৱৰে দেখা পালে আৰু তেওঁৰ মনৰ জোখাৰে কন্যা দেখি পৰম আনন্দ লভিলে। কোঁৱৰে যদিও দূৰৈৰপৰা ৰাজ-কন্যাক দেখিছিল তথাপি ৰাজ-কন্যা আৰু তেওঁৰ সখীসকলে কোঁৱৰক দেখা নাছিল। তেওঁলোকে হাঁহি-মাতি নানান ধেমালি কৰি নদীলৈ গৈছিল। নদীলৈ যোৱা বাটৰ দুয়ো শাৰীয়ে মণিৰাজ, যুতি, তগৰ, বকুল, থলপদ্ম, গুটিমালী আৰু শেৱালি প্রভৃতি ফুল ৰমক-জমক কৰি ফুলি আছিল। সেই সুন্দৰ ফুলনিৰ মাজত ৰাজ-কন্যা আৰু তেওঁৰ সখীসকলক কোঁৱৰে দেৱকন্যাৰ দৰে দেখি বৰ বিমোহিত হৈছিল। সেই ফুলনিৰ এটা মণিৰাজ ফুলৰ পাতত কোঁৱৰে তেওঁৰ সকলো বৃত্তান্ত লিখি ৰাজকন্যাই দেখাকৈ থৈ আহিল। তাৰ পাছত কোঁৱৰে কি উপায়েৰে কন্যা লাভ কৰিব এই চিন্তাত লাগি গ'ল আৰু অৱশেষত মালিনীৰ ঘৰত আশ্রয় লৈ কার্য সিদ্ধিৰ উপায় চিন্তিবলৈ ধৰিলে।
ইফালে ৰাজকন্যাই সখীসকলেৰে সৈতে গা ধুই উভতি আহোঁতে কোঁৱৰে লিখি থৈ যোৱা ফুলৰ পাতত তেওঁৰ চকু পৰিল। তাত লিখা সকলোখিনি তেওঁ পঢ়ি চাই কোঁৱৰৰ ৰূপ, গুণ আদি আৰু কোঁৱৰ মালিনীৰ ঘৰত থাকিব বুলি জানিব পাৰিলে। ৰাজকন্যাই সেই ফুলৰ পাত ছিঙি ঘৰলৈ লৈ আহিল। ঘৰত তেওঁ কোঁৱৰৰ নামে এখন পত্র লিখি এটা টেমাত কেইখনমান থুৰিয়া তামোলেৰে সৈতে ভৰাই মালিনীৰ হাতত কোঁৱৰলৈ দি পঠালে। কোঁৱৰে চিঠি পঢ়ি চালে। তাত লিখা আছিল যে, দুদিনৰ পাছত ৰাজকন্যাৰ স্বয়ম্বৰ হ'ব; সেই স্বয়ম্বৰৰ দিনা কোঁৱৰে কন্যা অহা দেখা পালেই সোঁহাত আগবঢ়াই দিব আৰু কন্যাইও তেওঁৰ মূৰতে মালা দিব। কোঁৱৰে চিঠিখন পঢ়ি চাই গাৰুৰ তলত থলে। ৰাতি কোঁৱৰৰ টোপনি আহিলত লগুৱাটোৱে চিঠিখন উলিয়াই চাই আকৌ আগৰ দৰেই গাৰুৰ তলতে সুমুৱাই থলে আৰু সি মনে মনে কোঁৱৰক ঠগি বত্রিশ লক্ষণীয়া কন্যাক পাবলৈ ফন্দি পাতিবলৈ ধৰিলে। ৰাজকন্যাৰ স্বয়ম্বৰৰ দিনা লগুৱাটোৱে এটা বুধি সাজি মোহনীভাং আনি ঘোটা কৰিলে। কোঁৱৰৰ বাটিত সি ভাং সৰহকৈ দি নিজে নাম-মাত্র ল'লে। ঘোটা-ভাং খাই কোঁৱৰ অচেতন হৈ পৰি থাকিল। সি কোঁৱৰৰ সাজ পিন্ধি ঘোৰাত উঠি স্বয়ম্বৰৰ ঠাই পালেগৈ। কন্যা সমাজলৈ আহিবৰ পৰ হ'লত সি সোঁহাত আগবঢ়াই দিলে আৰু কন্যায়ো কোঁৱৰ বুলি তাৰে মূৰত মালা দিলে। লগুৱাটোৱে তেতিয়াই কন্যাৰ সৈতে কোঁৱৰৰ ঘোঁৰাত উঠি ঘোৰা চেকুৰাই গুচি গ'ল।
কিছুমান বাট গৈ কন্যাই তাৰ গাৰ দুৰ্গন্ধ পালে আৰু মুখলৈ চাই সি ৰাজকোঁৱৰ নহয় বুলি জানিব পাৰিলে। তাৰ পাছত কন্যাই ভাবি-চিন্তি তাক ক'লে, "মোৰ বৰ পিয়াহ লাগিছে, যেনেতেনে অলপ পানী আনি দিয়া।" সি কন্যাব সঁচাসঁচিকৈয়ে পিয়াহ লাগিছে বুলি ভাবি, কন্যাক ঘোঁৰাৰ ওপৰতে ৰাখি, ওচৰৰ এখন নৈৰপৰা পানী আনিবলৈ গ'ল। ইফালে কন্যাই মুনিহৰ দৰে সাজ পিন্ধি ঘোঁৰা চেকুৰাই দিলে। সেইদিনা কন্যা গৈ এখন নতুন ৰাজ্যত ওলালগৈ আৰু সেই ৰাজ্যত তেওঁৰ নাম বাহুবল বুলি চিনাকি দিলে। সেই ৰাজ্যত এটা বৰ ভয়ানক ৰাক্ষস আছিল। সেই ৰাক্ষসে ৰাজ্যত বহুত উপদ্ৰৱ কৰি মানুহৰ সুখ-শান্তি নাইকিয়া কৰিছিল; বাজ্যৰ মানুহবিলাকে বাহুবলক সেই ৰাক্ষস মাৰিব পাৰিব নে নোৱাৰে এই কথা সোধাত তেওঁ অনায়াসে পাৰিব বুলি ক'লে। ৰাইজে এই কথা ৰজাত জনালেগৈ।
ৰজাই আনন্দ পাই ৰাক্ষস মাৰিব পাৰিলে বাহুবলক তেওঁৰ নিজৰ কন্যা আৰু অৰ্দ্ধৰাজ্য দিব বুলি প্রতিজ্ঞা কৰিলে। বাহ্বলে এডাল ডাঙৰ শূল গঢ়াবলৈ ৰজাক ক'লে। ৰজাই দুদিনৰ ভিতৰতে শূলডাল গঢ়োৱাই দিলে। বাহুবলে মৰণলৈ ভয় এৰি সেই শূল লৈ ভৰ দুপৰৰ সময়ত ৰাক্ষস মাৰিবলৈ গ'ল; কাৰণ ৰাক্ষসে ৰাতি মানুহ-গৰু আদি খাই দুপৰীয়া ধোবাং-জুৰি এজোপা ডাঙৰ বৰ-গছৰ তলত শুই থাকে। বাহুবলে দেখিলে যে ৰাক্ষসৰ বৰ টোপনি। হাতত-সাৰে, ভৰিত-সাবে লাহে লাহে তেওঁ ওচৰ চাপি গৈ ৰাক্ষসৰ মেল খাই থকা মুখত শূলডাল ঠাহি ভৰাই দিলে। ৰাক্ষসে ডেডাউৰি মাৰি তৎক্ষণাৎ মৰি থাকিল। ৰাক্ষসৰ ডেডাউৰি শুনি বাহ্বলক খালে বুলি সকলোৱে অনুমান কৰিছিল; কিন্তু যেতিয়া ৰাক্ষস মাৰি তেওঁ ওলালহি তেতিয়া সকলোৱে দেখি তেওঁক নানান প্রশংসা কৰিবলৈ ধৰিলে। ৰজাই তেওঁৰ প্ৰতিজ্ঞামতে বাহুবলক কন্যা দান কৰিবলৈ ধৰিলত, বাহুবলে কিছুদিনৰ পাছতহে বিয়া কৰাব বুলি ক'লে আৰু ৰজাৰ পদূলিতে এতিয়া এটা ঘৰ সজাই দিয়াবলৈ মাথোন ৰজাক খাটিলে। ৰজাই আনন্দেৰে বাহুবলক পদূলিতে এটা সুন্দৰ ঘৰ সজাই দিয়ালে। বাহুবলে সেই ঘৰতে বহি দিনে-ৰাতিয়ে অহা-যোৱা কৰা মানুহ চাবলৈ ধৰিলে। লগুৱাটোৱে কন্যাক ঘোঁৰাত তুলি লৈ যোৱাৰ পাছত, সন্ধ্যা সময়ত ৰাজকোঁৱৰৰ গাত তত আহিল, ভাঙৰ ৰাগিয়ে এৰিলে। তেওঁ শোৱাপাটীৰ পৰা উঠি, দুষ্ট লগুৱাটোৱে তেওঁক ফাঁকি দিলে বুলি জানিব পাৰিলে। পিছদিনা ৰাতিপুৱাই তেওঁ সেই ঠাইৰ পৰা গুচি গ'ল। কোঁৱৰ কন্যাৰ বেজাৰত বলিয়াৰ দৰে হ'ল। বলিয়ালি কৰি এমাহ ফুৰি ফুৰি কোঁৱৰ সেই কন্যা থকা ৰাজ্যতে ওলালগৈ।
কন্যাই কোঁৱৰক চিনি পাই মাতি নি তেওঁৰ বিষয়ে অচিনাকিভাবে সকলো কথা সুধি ল'লে। তাৰ পাছত তিৰোতাৰ সাজ পিন্ধি তেওঁ তেতিয়া কোঁৱৰৰ ওচৰ চাপিল তেতিয়াহে কোঁৱৰে কন্যাক চিনি পাই অতি আনন্দ পালে।ইপিনে লগুৱাটোৱে পানী আনি কন্যাক নাপাই সিও কোঁৱৰৰ দৰে বলিয়া হ'ল। বলিয়ালি কৰি গৈ থাকোঁতে থাকোঁতে এদিন সি ভটংকৰে কন্যা থকা ঠাইতে ওলালগৈ। কন্যাই তাক চিনি পাই মতাই সকলো কথা সুধিলে। ছদ্ম কৰি থকা কন্যাক সি চিনি নাপাই ক'লে, "মই এইবাৰ তাইক পালে ওভোতাই ছাল বখলিয়াই তাত লোণ-খাৰ সানিম।” তাৰ পাছত কন্যাই নিজৰ সাজ পিন্ধিলত সি কন্যাক চিনিব পাৰি আচৰিত মানিলে। তেতিয়া কন্যাৰ আদেশমতে ৰজাৰ মানুহে তাক ধৰি তাৰ ওভোতাই ছাল বখলিয়াই লোণ-খাৰ সানি শাস্তি দিলে। সি যন্ত্রণা ভোগ কৰি মৰি থাকিল। অৱশেষত কন্যাই নিজৰূপে সকলোৰে আগত দেখা দিলে। ৰাজ্যৰ ৰজা-প্রজা সকলোৱে ঘটনাটো দেখি-শুনি আচৰিত মানিলে। বত্রিশ লক্ষণীয়া ৰাজকন্যাৰ আদেশ অনুসাৰে সেই দেশৰ ৰজাই ৰাজকন্যাক কোঁৱৰলৈকে বিয়া দিলে আৰু অৰ্দ্ধ ৰাজ্যও এৰি দিলে। এইদৰে দুজনী সুন্দৰী কন্যা আৰু অৰ্দ্ধৰাজ্য লাভ কৰি ৰাজকোঁৱৰ স্বদেশলৈ উভতি আহিল। ৰজাইও পুতেকৰ সৌভাগ্য দেখি আনন্দ মনেৰে কাল কটাবলৈ ধৰিলে।
*****
Comments
Post a Comment