একবিংশ সাধু নিমাতী কন্যা - লক্ষ্মীনাথ বেজবৰুৱা
একবিংশ সাধু নিমাতী কন্যা - লক্ষ্মীনাথ বেজবৰুৱা
একবিংশ সাধু নিমাতী কন্যা - ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakshminath Bezbaruah Assamese Story Nimati Konya
একবিংশ সাধু নিমাতী কন্যা
লক্ষ্মীনাথ বেজবৰুৱা
এক ৰজা আছিল। ৰজাৰ ল'ৰা-ছোৱালী একোৱেই নাই। এদিন ৰজা মৃগয়া কৰিবলৈ যাওঁতে এজন সন্যাসীক লগ পালে। ৰজাই সন্যাসীৰ আগত তেওঁৰ ল'ৰা-ছোৱালী নোহোৱাৰ বিষয় ভাঙি ক'লত সন্যাসীয়ে ৰজাক এটা গছৰ গুটি দি ক'লে, "এই গুটিটো আপোনাৰ মাদৈক খুৱাব; খুৱালে তেওঁৰ দুটি পুত্ৰ হ'ব, কিন্তু প্রথমে হোৱা সন্তানটি মোক দিব লাগিব।” ৰজাই সেই কথাতে মান্তি হৈ ফলটি লৈ ঘৰলৈ গুচি আহিল আৰু ঘৰ পাই সেই ফলটো মাদৈক খাবলৈ দিলে। কিছুমান দিনৰ পাছত ৰাণীয়ে ক্রমান্বয়ে দুটি পুত্র-সন্তান লাভ কৰিলে। লাহে লাহে ল'ৰা দুটি ডাঙৰ হ'ল, দুয়ো দুয়োকো ভাল পায় আৰু একেলগে ধেমালি কৰি ফুৰে। ৰজাই ল'ৰা দুটিৰ ৰেহ-ৰূপ চাই আনন্দতে বিভোল হ'ল; সন্যাসীৰ কথা একেবাৰেই পাহৰিলে। সিপিনে সন্যাসীয়ে দিন-বাৰ লেখি আছিল। ল'ৰা দুটিৰ প্ৰথমটিৰ ষোল বছৰ আৰু দ্বিতীয়টিৰ পোন্ধৰ বছৰ হ'লত এদিন সন্যাসী আহি ৰজাৰ নগৰত ওলালহি আৰু ৰজাক পূৰ্বৰ কথা সোঁৱৰাই দি বৰটো কোঁৱৰ খুজিলে। ৰজাইও অন্য উপায় নেদেখি তেওঁৰ প্রিয় পুত্ৰ বৰকোঁৱৰক সন্যাসীৰ হাতত সমর্পণ কৰিলে।
কোঁৱৰে ঘোঁৰাশাললৈ গৈ এটা সুন্দৰ ঘোঁৰা বাছি ল'লে; তেওঁৰ অতি উত্তম সাজ পিন্ধি মূৰত এটা পাগুৰি মাৰিলে আৰু পাগুৰিৰ পাছফালে এডোখৰ কাপোৰ ওলোমাই ল'লে। পাছে সকলোকে বিদায় লৈ ঘোঁৰাত উঠি কোঁৱৰ সন্যাসীৰ পাছে পাছে যাবলৈ ধৰিলে। এইদৰে তিনি দণ্ডমান যোৱাৰ পাছত কোঁৱৰে কিছুমান ঘৰ দেখিবলৈ পালে; সেই ঘৰবিলাকেই সন্যাসীৰ আশ্রম। কোঁৱৰে বাটৰ চিন ৰখাবৰ মনেৰে ওলোমাই ৰখা পাগুৰিডোখৰ ফালি ফালি ওৰেবাটে পেলাই গৈছিল, এতিয়া আশ্রম পালত আৰু ফালিবলৈ এৰিলে। সন্যাসীৰ আদেশমতে ঘোঁৰাৰপৰা নামি কোঁৱৰ এটা ঘৰত সোমাল। তাত তেওঁ এখন ভয়ঙ্কৰ কালী গোসাঁনীৰ মূৰ্তি আৰু কোষা-অর্থা, শঙ্খ-ঘণ্টা আদি পূজাৰ অনেক সঁজুলি দেখিবলৈ পালে। কোঁৱৰক সেই ঘৰত সুমুৱাই থৈয়েই সন্যাসী গা ধুবলৈ গ'ল। ইপিনে কোঁৱৰে অন্যকেইটা ঘৰত কি আছে চাবলৈ আহি দেখে যে, এটাত কিছুমান মানুহৰ কটা মূৰ শাৰী শাৰীকৈ ওলোমাই থোৱা আছে। সেই কটা মূৰকেইটাই কোৱঁৰক দেখা মাত্রেই হাঁহিবলৈ ধৰিলে, কিন্তু একোকে নক'লে। আন এটাত সোমাই কোঁৱৰে কিছুমান মানুহৰ তেজ ডাঙৰ ডাঙৰ চাৰিটা থালিত তপতোৱা দেখা পালে। এইবিলাক দেখি-শুনি কোঁৱৰ বিচূৰ্তি হ'ল। ইতিমধ্যে সেই সন্যাসী বেশধাৰী ৰাক্ষস আহি পালেহি আৰু কোঁৱৰক সেই গোসাঁনী মূৰ্তিৰ আগত অষ্টাঙ্গে প্রণাম কৰিবলৈ ক'লে। কোঁৱৰেও সেইদৰে কৰিলত হাতত খড়গ লৈ সেই ৰাক্ষসে তেওঁক গোসাঁনীৰ আগত বলি দিলে।
ইফালে, সৰু কোঁৱৰে ককায়েকৰ বহুদিন একো খবৰ নেপাই, পিতাকৰ আদেশমতে এটা ঘোঁৰাত উঠি ককায়েকক বিচাৰি গ'ল। এওঁ ককায়েকৰ পাগুৰিৰ চিনে চিনে গৈ সেই ঠাই পালেগৈ। সেই সময়ত সন্যাসীৰ বেশ ধৰা ৰাক্ষস ঘৰত নাছিল। কোঁৱৰ গৈ পোনেই মানুহৰ কটা মূৰবোৰ থকা খোটালিত সোমালগৈ। সেই কটা মূৰবোৰে কোঁৱৰক দেখি হাঁহিবলৈ ধৰিলে আৰু তাতে কোঁৱৰে ককায়েকৰ কটা মূৰটোও দেখিবলৈ পালে। সেই মূৰটোৱে মাত লগালে- "ভাইটি, তুমি ইয়ালৈ কেলৈ আহিলা? এই সন্যাসী আচল সন্যাসী নহয়- ৰাক্ষসহে। তোমাক দেখিলে ই কাটিবলৈ মন কৰি গোসাঁনীৰ আগত প্ৰণাম কৰিবলৈ ক'ব, তেতিয়া তুমি মই ৰজাৰ ল'ৰা প্ৰণাম কৰিব নেজানো বুলি ক'বা। তেতিয়া সন্যাসীয়ে প্রণাম কৰি দেখুৱাই দিব। সেই ছেগতে তুমি খড়গখন তুলি লৈ একেকোবেই ৰাক্ষসক কাটি পেলাবা। তাৰ পাছত গোসাঁনীৰ ওচৰত থকা অমৃতৰ কলহৰপৰা অমৃত আনি আমাৰ মুখত দিবা, আমি তেতিয়া আমাৰ পূৰ্বৰ দেহা পাম।” ইয়াৰ পাছত সৰু কোঁৱৰ জিভা লহ লহ কৰি থকা কালী মূৰ্তিৰ মন্দিৰত সোমাল। এনেতে সন্যাসী ওলালহি আৰু অকস্মাৎ এটা সুন্দৰ ৰাজকোঁৱৰক তেওঁ তেওঁৰ ঘৰত দেখি মনত বৰ ৰং পালে। তেতিয়া কোঁৱৰে সন্যাসীক সুধিলে যে তেওঁৰ ককায়েক ক'লৈ গ'ল? সন্যাসীয়ে তেওঁক গোসাঁনীৰ আগত বলি দিয়াৰ কথা নকৈ "বহু দূৰৈ বাটলৈ গৈছে, দুদিনমানৰ পাছত আহি পাবহি” বুলি ক'লে। তাৰ পাছত সন্যাসীয়ে কোঁৱৰক ক'লে, "কোঁৱৰ, তুমি এই ঠাইলৈ আহিলা যেতিয়া গোসাঁনীক সেৱা নকৰাকৈ যাব নেপায়। তোমাৰ মঙ্গলৰ অর্থে এই কালী গোসাঁনীৰ আগত এবাৰ প্ৰণাম কৰা।” তাতে কোঁৱৰে ক'লে, "মই ৰজাৰ ল'ৰা, প্রণাম কৰিব নেজানো।” “বাৰু চোৱা, এইদৰে কৰিবা” বুলি সন্যাসীয়ে গোসাঁনীৰ আগত প্ৰণাম কৰি দেখুৱাওঁতেই কোঁৱৰে হাতত খড়গ তুলি লৈ গাৰ বলেৰে সন্যাসীৰ ডিঙিত খাপ্ মাৰি দিলে। বিকট চিঞৰ মাৰি ৰাক্ষস সন্যাসী মৰি থাকিল।
ইয়াৰ পিছত কোঁৱৰে কলহৰ অমৃত আনি সকলোটি কটা মূৰৰ মুখত অলপ অলপ দিলত এটাইবিলাক ৰজাৰ ল'ৰাই পূৰ্বৰ দেহা পালে। সেই ৰাক্ষসৰ এজনী ভনীয়েক আছিল। ৰাক্ষস মৰাৰ সময়ত তাই অমঙ্গল দেখি লৰি আহিল। কোঁৱৰে শত্রু ভাবি তাইকো কাটিবলৈ ধৰিছিল, পাছে তাই ক'লে, "কোঁৱৰ, মোক নেকাটিবা, মোৰ ককাইক মৰাৰ নিমিত্তে মই তোমাৰ একো প্রতিশোধ নলও বৰং এটা উপকাৰহে কৰিম।” এটাইবিলাক কোঁৱৰে সৰু কোঁৱৰক ধন্যবাদ দি নিজ নিজ ঘৰলৈ গ'ল। সৰু কোঁৱৰ আৰু ৰাক্ষসী দুয়ো এটা পৰ্বতৰ ওচৰলৈ গ'ল। তাতে এটা ডাঙৰ শিল ৰাক্ষসনীয়ে গুচাই দিয়াত বৰ সুৰঙ্গ এটা ওলাল। সেই সুৰঙ্গইদি দুয়ো নামি গ'ল। তাত এখন সুন্দৰ নগৰ কোঁৱৰে দেখিবলৈ পালে। সেই নগৰৰ ভিতৰলৈ কোঁৱৰ আৰু ৰাক্ষসী দুয়ো সোমাই গৈ মানুহ-দুনুহ একোকে দেখা নেপাই এটা ভাল ঘৰৰ ভিতৰলৈ গ'ল। তেওঁলোকে তাত এখন অতি মনোৰম শয্যাত এজনী সুন্দৰী ছোৱালী বহি থকা দেখিলে, ওচৰত কেৱেই নাই। এই কন্যাজনী এক ৰজাৰ জীয়াৰী। জন্মৰে পৰা এই ছোৱালীজনীৰ মাত-বোল নাই। এদিন ৰজাই স্বপ্নত দেখিবলৈ পালে যে "যেয়ে এই ছোৱালীজনীৰ মাত উলিয়াব পাৰিব সেয়ে এইৰ স্বামী হ'ব আৰু ছোৱালীক সেই পৰ্বতটোৰ শিলটো দাঙি তাৰ তলৰ নগৰখনত থ'ব লাগে।" ৰজাইও সেইমতেই কৰিলে। নিমাতী কন্যাৰ ওচৰত এজোপা সুন্দৰ গছ আছিল, সেই গছজোপা ৰূপৰ, তাৰ পাতবিলাক সোণৰ আৰু তাত মাণিক লাগি লাগি থাকে।
"সোণৰ গছ, ৰূপৰ পাত। মাণিক লাগি লাগি থাকে তাত।”
নিমাতী কন্যাৰ ওচৰত আৰু পাঁচ ৰকমৰ পাঁচোটা বাজনা আছিল আৰু যেতিয়া নিমাতী কন্যাই মাতিব, বাদ্য পাঁচোটা সেই সময়তে একেলগে বাজিব।
"নিমাতী কন্যাই মাতে। পাঁচ বাজন বাজে।।"
ৰাক্ষসীয়ে বাটত যাওঁতে কোঁৱৰক শিকাই গৈছিল যে নিমাতী কন্যাৰ ওচৰত তেওঁ সাধু ক'ব; ৰাক্ষসীয়ে মায়া কৰি সেই সাধু শুনি থাকিব; কোঁৱৰেও সেইমতেই সাধু জুৰিলে। ৰাক্ষসীয়ে মায়া কৰি প্ৰথমে নিমাতী কন্যাৰ ওচৰত থকা এগছ বস্তিত এটা মাখি হৈ পৰি শুনিবলৈ লাগিল।
(১)
"এক বুঢ়া-বুঢ়ী আছিল, জানিছা বন্তি! সিহঁতৰ এটা সৰু ল'ৰা আছিল। ল'ৰাটোক এটা পলৰ মাজত সুমুৱাই সি উমলি থাকিবলৈ এবাটি পানী দি বুঢ়া-বুঢ়ী ধান দাবলৈ গ'ল আৰু ওচৰত এটা মৰমৰ পোহনীয়া নেউলক ৰখীয়া থৈ গ'ল, জানিছা বন্তি! এজোৰ গোম-গুমুনী সাপৰ পিয়াহ লাগিলত সিহঁতে বহুত ঠাইত বিচাৰি পানী খাবলৈ নেপালে। পাছে গুমুর্নীয়ে সেই ল'ৰাটোৰ ওচৰত পানীবাটি থকা দেখা পাই তালৈকে আহিল আৰু পলৰ বিন্ধাৰ মাজেদি মূৰ সুমাই পানী খাই গ'লহি। গুমুনী তিৰোতা জাতি, ল'ৰাটি মৰম লাগি তাই একোকে নকৰিলে; কিন্তু মতাটোৱে তাৰপৰা পানী খালে ল'ৰাক খাব বুলি তাই গোমৰ আগত পানী খোৱাৰ কথা নক'লে। কিন্তু গোমে তাই পানী খোৱাৰ গম পাই সুধিলে, "গুমুনী, তই ক'ত পানী খালি ক?” গুমুনীয়ে ক'লে, "মই পানী খাবলৈ পোৱা নাই। তেতিয়া গোমে ক'লে, "নহয়, তই য'তে পানী খাইছ ক, ক'লেহে এৰিম।” উপায় নেপাই গুমুনীয়ে ক'লে। কিন্তু ল'ৰাটোক নেখাবলৈ বুলি দঢ়াই দঢ়াই তাই গিৰিয়েকক শপত খুৱালে। পাছে গোম গৈ ল'ৰাটোৰ ওচৰ পালে আৰু বাটিত পানী দেখি ৰং পাই খাবলৈ ধৰিলে। তাতে একো নজনা সৰু ল'ৰাই সাপ বুলি নেজানি গোমৰ মূৰত থপিয়াবলৈ ধৰিলে। গোমৰ খং উঠি গুমুনীৰ আগত খাই অহা শপত সি পাহৰি গ'ল আৰু ল'ৰাটোৰ মূৰত খোঁট মাৰি দিলে। কিছুমান পৰ বিষৰ যন্ত্রণা ভুগি ল'ৰাটো মৰি থাকিল। গধূলি পৰত বুঢ়া-বুঢ়ী আহি দেখে ল'ৰা মৰিল। সাপে খোৱা চিন পাই সাপে খাই মাৰিলে বুলি জানি বুঢ়া-বুঢ়ীয়ে কান্দিবলৈ ধৰিলে। ইয়াৰ ভিতৰতে নেউলটো "সঞ্জীৱনী মাটি” আনিবৰ কাৰণে পৰ্বতলৈ গৈছিল। এনেতে নেউলটো আহি পালেহি। 'কটা মোৰ ল'ৰাক এৰি তই কলৈ গৈছিলি, তই থাকোঁতেও মোৰ ল'ৰাক সাপে খালে' বুলি বুঢ়াই নেউলক বেজাৰত এটাঙোন সোধাই দিলে, তাতে নেউল মৰি থাকিল। এনেতে ওচৰৰ এজনী মানুহে ক'লে, 'বুঢ়া। নেউলৰ মুখত সঞ্জীৱনী মাটি থাকে; আছে যদি তাৰে অকণ ল'ৰাটোৰ মুখত দিয়াচোন, কিজানি ল'ৰাটো জীয়েই।' বুঢ়াই নেউলটোৰ মুখত মাটিকণ পাই আনি ল'ৰাৰ মুখত দিলত ল'ৰা জী উঠিল। এতিয়া বুঢ়া-বুঢ়ীয়ে নেউলৰ নিমিত্তে কান্দিবলৈ ধৰিলে, জানিছা বস্তি।” বস্তিত পৰি থকা মাখিটোৱে "বোঁ” বুলি শলাগিলে। কোঁৱৰে আৰু এটা নতুন সাধু আৰম্ভ কৰিলে। ৰাক্ষসীয়ে মায়ারূপ ধৰি মাখি এটা হৈ নিমাতী কন্যাৰ ৰিহাৰ আঁচলত পৰিলগৈ।
(২)
"এঘৰ গিৰিহঁতৰ এটা চোকা কুকুৰ আছিল, জানিছা আঁচল! এদিন কেইটামান চোৰ আহি সেই মানুহ-ঘৰৰ বস্তু-বাহানি এটাইবিলাক চুৰ কৰি লৈ গ'ল, জানিছা আঁচল। পাছে কুকুৰে ইয়াকে দেখি ভউ-ভউ কৰি ভুকিবলৈ ধৰিলে। গিৰিহঁত কোনেও সাৰ নেপালে। চোৰে বস্তুবোৰ চোঁচোৰাই বগৰাই নি বাঁহৰ তল পোৱালেগৈ। তেনেতে কুকুৰে সিহঁতৰ হাতে-ভৰিয়ে কামুৰিবলৈ ধৰিলে, জানিছা আঁচল। আৰু চোৰে তৎ নেপাই বস্তুবোৰ এৰি গুচি গ'ল। পাছদিনা গিৰিহঁতে সাৰ পাই পেৰা-পেটায়ে সৈতে বস্তুবোৰ নোহোৱা দেখি বিচুত্তি হ'ল। ইটো সিটো কৰি অনেক মানুহ গোট খালেহি। সকলোৱে বস্তু চুৰিৰ বিষয় গলাগোপা কৰিবলৈ লাগি গ'ল। ইফালে কুকুৰটোৱে ঘনে ঘনে গিৰিহঁতৰ মুখলৈ চাই বাঁহতলৰ ফালে লৰি গৈ ভৌ-ভৌৱাবলৈ ধৰিলে। গিৰিহঁতৰ খং উঠি 'উঃ কটা তই এতিয়া মোৰ মুখলৈ চাই ভৌ-ভৌৱাবলৈ আহিছ? ৰাতি চোৰ আহোঁতে কি কৰিছিলি?' বুলি এডাল টাঙোনেৰে মাৰ মাৰি মাৰি পেলালে। তাৰ পাছত এজনী মানুহে বোলে, 'হেৰা কুকুৰটোৱে নো বাঁহৰ তলৰ ফালে কিয় লৰি গৈছিল চোৱাচোন' বুলি কোৱাত গিৰিহঁতজন গৈ বাঁহৰ তলত থিয় হ'ল, আৰু তাতে তেওঁৰ বস্তু পেটাৰিয়ে সৈতে সকলোবিলাক ওলাল। গিৰিহঁতে উপকাৰী কুকুৰৰ নিমিত্তে কান্দিবলৈ ধৰিলে, জানিছা আঁচল।” আঁচলতে পৰি থকা মাখিটোৱে "বোঁ” কৰিলে। এনেসময়তে নিমাতী কন্যাৰ এটা হামি আহিল। মাখিটো কন্যাৰ মুখত সোমাই পেট পালেগৈ। কোঁৱৰে আৰু এটা সাধু আৰম্ভ কৰিলে; আৰু এইবাৰ কন্যাকে সম্বোধন কৰি ক'বলৈ ধৰিলে।
(৩)
"এক সদাগৰ আছিল। তেওঁৰ এটা সুন্দৰ মৰমৰ মইনা চৰাই আছিল, জানিছা কন্যা। এদিন সদাগৰ বেপাৰ কৰিবলৈ গ'ল। মইনাক ঘৰৰ গৰাকী পাতি চাকৰ-বাকৰক মইনাৰ হুকুমমতে চলিবলৈ তেওঁ কৈ গ'ল; জানিছা কন্যা! সদাগৰৰ এডৰা ধান আছিল ধানডৰা দাবৰ হ'ল। চাকৰবিলাকে মইনাক বুধি সুধিলে। মইনাই ধান দাবলৈ নিদি গোটেইডৰা ধানতে জুই লগাই দিবলৈ ক'লে। ধান পুৰি ছাই হ'ল। পাছে মইনা গৈ ডাঙৰ পৰ্বতৰপৰা বহুত পৰ্বতীয়া মইনা মাতি আনিলে, আৰু সেই পোৰা ধানত লগাই দিলে, জানিছা কন্যা! সেই মইনাবিলাকে ধানৰ আখৈ খাই সোণ লাদিবলৈ লাগিল; জানিছা কন্যা! তাৰ পাছত পোহনীয়া মইনাই আটাইবিলাক ধানৰ ছাই মইনাৰ লাদৰে সৈতে টোমত বান্ধি থবলৈ ক'লে। চাকৰিবিলাকেও সেইদৰে কৰিলে। সদাগৰ বেপাৰৰপৰা আহি ধান কিমান হ'ল বুলি সোধাত চাকৰবিলাকে সকলো কথা ভাঙিপাতি ক'লে। তাতে সদাগৰৰ খং উঠি 'তোক ইয়াকে কৰিবলৈ কৈ গৈছিলোঁ?' বুলি একে চাপৰে মইনাক মাৰি পেলালে; জানিছা কন্যা। পাছে সদাগৰৰ খং মাৰ গ'লত চাকৰবিলাকক তেওঁ ক'লে 'বাৰু টোমকেইটা আনহঁকচোন। তাত নো কি আছে চাওঁ।' চাকৰহঁতে টোম আনিলত মেলি চাই ছাইৰ লগত এটাইবিলাক সোণ দেখি সদাগৰে আচৰিত মানিলে আৰু 'মইনাই ভালকেহে কৰিছিল' বুলি মইনাৰ বেজাৰত কান্দিবলৈ ধৰিলে; জানিছা কন্যা!” মাখিৰূপী ৰাক্ষসীয়ে নিমাতী কন্যাৰ পেটৰ ভিতৰৰ পৰা "বোঁ” কৰিলে। পাঁচ-বাদ্য বাজিবলৈ ধৰিলে। বাদ্য বজা শুনি নিমাতী কন্যাৰ পিতাক লৰি আহিল, আৰু সেই ৰূপৰ গছজোপা, পাঁচ বাদ্য আৰু অনেক ধন-সম্পত্তি তেওঁ যৌতুকত দি নিমাতী কন্যাক কোঁৱৰলৈ বিয়া দিলে। কোঁৱৰেও সুন্দৰী কন্যা লাভ কৰি আনন্দ মনেৰে নিজৰ দেশলৈ গুচি আহিল।
********
Comments
Post a Comment