ষোড়শ সাধু এটা বুঢ়া আৰু পাঁচ পুতেক - লক্ষ্মীনাথ বেজবৰুৱা

ষোড়শ সাধু এটা বুঢ়া আৰু পাঁচ পুতেক - লক্ষ্মীনাথ বেজবৰুৱা


ষোড়শ সাধু এটা বুঢ়া আৰু পাঁচ পুতেক - ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakshminath Bezbaruah Assamese Story Ata burha aru pas putek



ষোড়শ সাধু এটা বুঢ়া আৰু পাঁচ পুতেক 

লক্ষ্মীনাথ বেজবৰুৱা


এটা বুঢ়া আৰু তাৰ পাঁচোটা পুতেক আছিল। বুঢ়াই চাৰি পুতেকলৈ চাৰিজনী বোৱাৰী আনিছিল; মাত্র নুমলীয়াটোহে বাকী আছিল। এদিন কিঙ্কিণীয়া বৰষুণীয়া বতৰত বুঢ়াই পুতেকহঁতক সুধিলে, "বোপাহঁত ঔ, আজি কি কৰিবৰ দিন?” বৰটো পুতেকে উত্তৰ দিলে-"পিতাই, আজি ভালকৈ কাপোৰ-কানি লৈ উম লগাই শুই থাকিবৰ দিন।” মাজুটোৱে উত্তৰ দিলে- "আজি খৰাহি-পাচি সাজিবৰ দিন।” বৰ-মাজুটোৱে ক'লে- "আজি পোৰা মাছে পইতা ভাতে খাবৰ দিন।” সৰুটোৱে ক'লে, "আজি হালোৱা-গাঁতি মাৰি পথাৰত হাল বাবৰ দিন।” এটাইকেইটাতকৈ সৰু নুমলীয়াটোৱে ক'লে- "পিতাই, আজি ভালকৈ এঠাইত কঠ পাৰি বহি লেখা-পঢ়া কৰিবৰ দিন।” পুতেকহঁতৰ কথা শুনি বাপেকে মিচিকিয়া হাঁহি মাৰি একো নকৈ মনে মনে থাকিল। কিন্তু নুমলীয়া ভায়েকৰ উত্তৰটো শুনি চাৰিওটা ককায়েকে গোৰ্গোৰাবলৈ ধৰিলে। সিহঁতে ভাবিলে "ইঃ। ই লেখা-পঢ়া কৰি পণ্ডিত হৈ আমাতকৈ ডাঙৰ মানুহ হৈ খাবলৈ ওলাইছে। আমি হালোৱা-চহা হৈ থাকিম আৰু ই বৰ মানুহ হৈ আমাক গোলাম কৰিব।” নুমলীয়া ল'ৰাটো স্বভাৱতে অলপ চোকা বুদ্ধিৰ আছিল দেখি বুঢ়াইও তাক আনকেইটাতকৈ অলপ সৰহকৈ মৰম কৰিছিল। সেইবাবে ককায়েকহঁতে তাক সমূলি দেখিব নোৱাৰিছিল। গতিকে, সিহঁতে সেই বিহমনাৰ পুলিটো সৰুতে উভালি পেলাই আপদৰ হাত সাৰিবৰ মন কৰিলে। এদিন চাৰিওটাই আলচি থিৰ কৰিলে যে, কোনোমতে ছল-বুধি কৰি সিহঁতে নুমলীয়া ভায়েকক মাৰি পেলাব। কিন্তু নুমলীয়া দেওৰ বৰ-বৌয়েকৰ বৰ মৰমৰ পাত্র আছিল; সেইদেখি বৌৱেকে কেনেবাকৈ এই আলচৰ গম পাই, নুমলীয়া দেওৰেকক মনে মনে সাৱধান কৰি দি, সোনকালে সেই ঘৰৰপৰা পলাই গুচি যাবলৈ ক'লে।


এদিন নুমলীয়াই বাৰীত সোমাই পাণ পাৰিবলৈ বুলি পাণ বগোৱা তামোলৰ গছত উঠক। বাৰীচুকৰ আওহতীয়া ঠাইত সেইদৰে নুমলীয়া ভায়েকক অকলে দেখি ককায়েকহঁতে তাতে তাক বধিবৰ মনেৰে হাতত কপি-দা এখন লৈ তামোলৰ গছৰ তলত থিয় দিলেগৈ। ককায়েকহঁতৰ গতি দেখি গছৰ ওপৰত পাণ পাৰি থকা ভায়েকে সিহঁতৰ কু-মতলবৰ কথা বুজিব পাৰি ওপৰৰপৰা মাত লগালে- "ককাইটিহঁত, তহঁত আহিলি ভালেই হ'ল; মই ৰিঙিয়াই মাতোহে বুলিছিলোঁ। পাণজোপাৰ এইখিনিতে আম্বলি পৰুৱাৰ বাঁহ এটা আছে; পাণ পাৰিবই নোৱাৰি। মোক দাখন দেচোন, বাঁহটো কাটি তললৈ সৰাই দিওঁ।” সিহঁতে তাৰ টেঙৰালি কথাৰ আচল মানে বুজিব নোৱাৰি, বাঁহ এডালৰ মূৰত দাখনেৰে ঘপিয়াই খোচ মাৰি দাখন তাতে লগাই ওপৰলৈ তুলি ভায়েকক দিলে। দাখন পায়েই ভায়েকে মিছামিছিকৈ আমৰলিৰ বাঁহ অঁতোৱাৰ ছল কৰি খঙ্কৰে তামোল জোপাৰপৰা পিছলি মাটিত পৰিয়েই ঘপ্ ঘপ্ কৰে ককায়েকহঁতৰ মূৰকেইটা কাটি পেলালে।


সি এই কাম কৰি আঁতাই ঘৰলৈ নগৈ, চাৰি ককায়েকৰ মূৰ চাৰিটা তাৰ গাৰ পানী-গামোছাখনেৰে টোপোলা বান্ধি লৈ গাৰি চাৰিটা তাতে এৰি থৈ বিদেশলৈ গুচি গ'ল। যাওঁতে যাওঁতে বাটতে গধূলি হ'লত, ওচৰতে কুঁহিয়াৰণি এখনৰ মাজত টঙি এখন দেখি তাতে থাকি ৰাতিটো কটাবৰ মনেৰে উঠি থাকিল। টঙিত উঠিয়েই সি মূৰ চাৰিটা টঙিৰ চাৰিওফালে আঁৰি থৈ বহি থাকি কিছুমান বেলিৰ মূৰত কলমুটিয়াবলৈ ধৰিলে। এনেতে পথাৰৰ মাজৰ হোলা এটাৰপৰা দ'ত এটা ওলাই আহি টঙিৰ ওচৰত থিয় হৈ তাক মাত লগালে- "হেৰা মানুহটো, তই আঁৰি থোৱা সেই মূৰ এটা মোক খাবলৈ দিব পাৰ নে?" ৰাতি দুপৰত কাৰোবাৰ মাত শুনি নুমলীয়াই চক্ খাই উঠি চকু মেলি দেখিলে যে দীঘল দীঘল ঠেং আৰু দীঘল দীঘল হাতেৰে সঁতুৱা দ'ত এটাই আগতে থিয় হৈ তাক কিবা কৈছে আৰু দ'তটো ইমান ওখ যে টঙিৰে সৈতে তাৰ মূৰটো প্রায় সমান হৈ পৰিছে। ভয়ত নুমলীয়া জ্বৰঘামে ঘামিবলৈ ধৰিলে। কিন্তু ততালিকে সি মনটো ডাঠ কৰি ভয়টো লুকাই থৈ দ'তলৈ চাই কেৰ্কৰীয়া মাতেৰে সুধিলে- "তোক, কি লাগে অ'? বেগাই ক। মোৰ আজৰি নাই।” দ'তে নুমলীয়াৰ কথাৰ ভমক দেখি কোঁচখাই উত্তৰ দিলে- "আপোনাৰ ওচৰত সেই মূৰ এটি মাগি নিবলৈ বুলি আহিছোঁ। আজি ভালেমান দিন মানুহৰ মূৰ খাবলৈ পোৱা নাই; ইয়াত আজি মূৰকেইটা আঁৰি থোৱা দেখি মোৰ বৰ খাবৰ মন গৈছে; আপুনি কৃপা কৰিলেই জানিবা মনৰ হেঁপাহ পলায়।" নুমলীয়াই মাত লগালে- "তোক মূৰ এটা দিলে তই মোক কি দিবি? মুখৰ শুদা কথাতে তো আৰু মূৰ পোৱা নাযায়।" দ'তে ক'লে, "মোৰ কি আছে কি দিম? মোৰ কঁকালতে এই জোলোঙাটো আছে, তাকে লাগে যদি নিয়ক।" নুমলীয়াই ক'লে, "হেৰ জোলোঙাটো লৈ মই কি কৰিম? তাৰে মোৰ কি উপকাৰ হ'ব?” দ'তে ক'লে, "এই জোলোঙাটোত আপুনি যতবাৰ হাত ভৰাব ততবাৰ এমুঠি এমুঠি ৰূপ পাব। হোৱঁক ধৰক আপুনি জোলোঙাটো আৰু তাত আপোনাৰ হাতখন ভৰাই এতিয়াই প্রমাণ চাওক।” এইবুলি দ'তে তাৰ জোলোঙাটো নুমলীয়াক দিলে। নুমলীয়াই জোলোঙাটো লৈ তাত হাত ভৰালতে তাৰ হাতৰ মুঠিত এমুঠি ৰূপ উঠিল। দেখি নুমলীয়াৰ মনত বৰ ৰং। তেতিয়াই সি মূৰ চাৰিটাৰ এটা দ'তক দি দিলে আৰু দ'তে ৰং মনেৰে মূৰটো লৈ গুচি গ'ল।


ইয়াৰ অলপ পৰ পিচতে নুমলীয়াই চিল্মিল্ক অলপ টোপনি আহিছে মাথোন, এনেতে আকৌ কিবা এটা মাত তাৰ কাণত পৰিল, সি চাই উঠিল। সি চকু মেলি দেখিলে- দীঘল নাক আৰু দীঘল চুলিৰে কদাকাৰ ভূত এটা তাৰ আগতে থিয় হৈ আছে। কি লাগে বুলি সি ভূতটোক সুধিলত ভূতে গেনা মাতেৰে ক'লে, "কঁকাই মোক মূৰ এটি খাবলৈ দিয়া।" নুমলীয়াই ক'লে, "মূৰ দিলে তই মোক কি দিবি ক, তেহে দিব পাৰোঁ।” ভূতে ক'লে, "মোৰ হাঁতৰ এই টোকোনডাল দিম।" "টোকোনডালৰ উপকাৰ কি?” বুলি নুমলীয়াই সুধিলত ভূতে ক'লে, "যাকে তোমাৰ মাৰিবৰ মন যায়, তাঁকে মাৰিবলৈ এই টোকোনডালক ক'লে টোকোনডালে তাকে মাৰিবগৈ।” এই কথা শুনি নুমলীয়াই তাৰ মূৰ এটা দি ভূতৰ টোকোনডাল ল'লে।


এই ঘটনাৰ পৰা এখনমান তামোল খোৱাৰ পিছত ককুৰা চুলি, চলাচল বগা দাঁত, জুই-আঙনি যেন ৰঙা চকু আৰু গেমেধা ওঁঠেৰে যখ এটাই আহি নুমলীয়াক মূৰ এটা খাবলৈ খুজিলত, নুমলীয়াই মাত লগালে, "তোক মূৰ দিলে তই মোক কি দিবি?” যখে উত্তৰ দিলে, "মোৰ হাতৰ এই জৰীডাল দিম।" "জৰীডালৰ গুণ কি?” বুলি সি সুধিলত যখে ক'লে, "এই জৰীডালক পাচিলে, যাকে বান্ধি আনিবলৈ কবা তাকে সি বান্ধি আনিবগৈ।” এই কথা শুনি নুমলীয়াই মূৰ এটা দি জৰীডাল ল'লে। মূৰটো লৈ যখটো গুচি গ'লত নুমলীয়াই নানা কথা ভাবি শুব নোৱাৰি হাচটিখন মেলি তামোল-পাণ উলিয়াই কাটি তামোল এখন মূখত দিছে মাথোন, এনেতে পথাৰৰ সিমূৰে ডাঙৰ আমগঢ় এজোপাত থকা ব্রহ্মদৈত্য এটাই বেঙা মেলি আহি টঙিৰ ওচৰত থিয় দিলেহি। দৈত্যটোৰ আকৃতি দেখি নুমলীয়াৰ মাত লগালে, "তই কোন? কি লাগে?” সি উত্তৰ দিলে- "মই বৰহম দইত। সৌ আমগছজোপাতে মই থাকোঁ। মই তাৰপৰা দেখি আছিলোঁ তুমি তোমাৰ চাৰিটা মূৰৰ তিনিটা বিলালা। বাকীটো মোক নিদিয়ানো কিয়? কিবা বোলেনে আজি মোৰ মুখখন কেটেপাকেটেপ লাগি আছে, তাৰেই মুহুদিটো কৰি মুখখন ফর্ফৰীয়া কৰি লওঁ বুলি ভাবিছোঁ।” নুমলীয়াই সুধিলে, “মই তোক মূৰটো দিলে, তই মোক কি দিবি? সিহঁতকেইটাই একোটা বস্তুৰে মূৰৰ বেচ দি হে মূৰ নিছে।” ব্রহ্মদৈত্যই ক'লে, "সেইটো মই জানো; দেখি আছোঁ। সেইদেখি মই পিন্ধি থকা মোৰ এই ভৰিৰ খৰমজোৰকে তোমাক দিবলৈ বুলি আনিছোঁ।” “খৰমজোৰৰপৰা মোৰ কি উপকাৰ হব?” বুলি নুমলীয়াই তাক সুধিলত সি ক'লে, "এইজোৰ পিন্ধি তাক তুমি যলৈকে যাবলৈ তোমাক লৈ যাবলৈ ক'বা তলৈকে চকুৰ পচাৰতে সেইজোৰে তোমাক লৈ যাব।” এই কথা শুনি নুমলীয়াই খৰমজোৰা লৈ মূৰটো দিলত ব্রহ্মাদৈত্য গুচি গ'ল।


এনেতে ৰাতি পুৱাল। নুমলীয়াই হাতত টোকোন আৰু জৰী আৰু কঁকালত জোলোঙাটো ওলমাই লৈ, খৰমজোৰ পিন্ধি, খৰমক ক'লে, "খৰম ও খৰম। মোক লৈ এতিয়াই অবন্তি নগৰলৈ যা।” চকুৰ পচাৰতে খৰমে নুমলীয়াক অৱস্তি নগৰত উলিয়াই দিলেগৈ। অৱন্তিত মহা হুলস্থূল। তাত এটা সিংহই মানুহ-গৰু মাৰি খাস্তাং কৰিছে; ৰজা আৰু প্ৰজাই অনেক পুৰুষাৰ্থ কৰিও সিংহটো মাৰিব পৰা নাই। নুমলীয়াই সেই খবৰ শুনি ৰজাৰ ওচৰলৈ গৈ ৰজাক ক'লে, "স্বৰ্গদেৱ, মই চিকাৰী মানুহ।" ৰজাই ক'লে, "তই যদি চিকাৰী, তেন্তে মোৰ দেশ উৎখাত কৰা সিংহটো মাৰি দে।” নুমলীয়াই মাৰিব পাৰিম বুলি গাত ল'লত, ৰজাই ক'লে, "যদি নোৱাৰ, তেন্তে মোৰ আগত মিছা কথা কোৱা বাবে তোক শূলত দিম।" নুমলীয়াই উত্তৰ দিলে, "দিব স্বৰ্গদেৱ; কিন্তু যদি মাৰিব পাৰোঁ তেন্তে মই যিহকে খোজোঁ তাকে মোক দিব লাগিব।” ৰজাই দিম বুলি অঙ্গীকাৰ কৰিলত, নুমলীয়াই নগৰৰ মাজৰ ডাঙৰ পথাৰ এখনৰ মাজলৈ গৈ, জৰীডালক ক'লে, "জৰী, তই সিংহটো বান্ধি এতিয়াই মোৰ আগলৈ লৈ আহগৈ।” হুকুম পোৱা মাত্রকে জৰীয়ে হাবিলৈ গৈ সিংহটো বান্ধি আনি নুমলীয়াৰ আগত পেলাই দিলেহি। তেতিয়া নুমলীয়াই টোকোনক হুকুম দি সিংহটো মৰিয়াই মাৰি ৰজাৰ ওচৰলৈ লৈ আহিল। ৰজা আৰু সভাসদসকলে চিকাৰীৰ এই কাৰ্য দেখি সন্তোষ পাই তাক শলাগিবলৈ ধৰিলে।


ইয়াৰ পিছত নুমলীয়াই ৰজাৰ আগত আঠু লৈ ক'লে, "স্বৰ্গদেউ, এতিয়া স্বৰ্গদেৱে পূৰ্বৰ অঙ্গীকাৰ সুঁৱৰি বন্দীলৈ বঁটাৰ হুকুম কৰক।” বজাই ক'লে, "নিশ্চয়, নিশ্চয়, তোমাক কি লাগে কোৱা?” নুমলীয়াই ক'লে, "স্বৰ্গদেউ, মোক নিজৰ জোঁৱাই কৰিবৰ আজ্ঞা হওক।" এই কথা শুনি ৰজাৰ মূৰত আকাশীসৰগ ভাগি পৰিল। কিন্তু ৰজাই অঙ্গীকাৰ কৰি থৈছে, ভাঙে কেনেকৈ? সেইদেখি অনেক ভাবি-চিন্তি নিৰুপায় হৈ তাৰে সৈতে নিজৰ জীয়েকক ৰজাই বিয়া দি তাক ঘৰ-জোঁৱাই কৰি ৰাখিলে। নুমলীয়া হালোৱা চহা মানুহ; ৰজাৰ জীয়ৰীৰ চলন-ফুৰণেৰে সৈতে মিলাই সি চলিব নোৱাৰে; সেই দেখি প্রতি কথাতে ঘৈণীয়েকে তাক হাঁহে। তাতে এদিন সি বৰ লাজ পাই খং কৰি ঘৰৰ পৰা ওলাই গুচি গ'ল। খৰমে তাক এখন অটব্য অৰণ্যৰ ভিতৰত উলিয়াই দিলেগৈ। দুপৰীয়া ৰ'দত তাৰ বৰ পিয়াহ লাগিছিল, সেইদেখি সি পানী বিচাৰি এখন সৰোবৰৰ পাৰত ওলালহি। সৰোবৰৰ পানীবোৰ ফটিকৰ ধাৰ যেন নির্মল। ভেট আৰু পদুম ফুলেৰে সৰোবৰখন জন্মকীয়া। ৰাজহাঁহ, পানীহাঁহ, ঘিলাহাঁহ, শৰালী, বগলী, ডাউক, কোঢ়া আদি চৰায়ে তাত ৰংমনেৰে সাঁতুৰি ফুৰিছে দেখি তাৰ মনটো বৰ ফৰকাল লাগিল। সি নামি গৈ একাজলি পানী খাই উঠি দেখিলে যে পাৰত আঁহত গছ এজোপাৰ তলতে জুপুৰি ঘৰ এটা আছে। এখোজ দুখোজকৈ সি তাৰ ওচৰ চাপি গৈ দেখিলে যে তাত কোনো নাই; মাথোন এখন জুহালত ডোখোৰা খৰিৰ এঙ্গাৰ ছাইৰে সৈতে পৰি আছে। সি দেখিয়েই বুজিলে যে সেইটো কোনোবা সন্যাসী ফকিৰৰ জুপুৰি। কিছুমান পৰ তাতে থাকি সন্যাসীক আহিবৰ নেদেখি সি ঘৰটো সাৰি-মছি চিকুণাই ওচৰৰে গছ এজোপাৰ আঁৰত লুকাই বহি থাকিল। গধূলি বেলিকা সন্যাসীজন আহি ওলাল। তেওঁ দেখিলে যে তেওঁৰ ঘৰটো কোনোবাই সাৰি-মছি জৰ্জকীয়া কৰি থৈছে। তাকে দেখি সন্যাসীয়ে মাত লগালে, "মোৰ ঘৰটো কোনে আঁতাই-পিটাই থৈছে? কোন ক'ত আছ ওলাই আহ, একো ভয় নাই।” ইয়াকে শুনি নুমলীয়া গছৰ আঁৰৰপৰা ওলাই আহি সন্যাসীৰ ভৰিত দীঘল দি পৰিলত, সন্যাসীয়ে তাক আশীৰ্বাদ কৰি বহিবলৈ কৈ, তাৰ মুখৰপৰা তাৰ সকলো বৃত্তান্ত শুনি ক'লে, "বোপা, তই কোনো চিন্তা নকৰিবি; মোৰ এই আশ্রমতে তই নির্বিঘ্নে থাকি মোৰ সেৱা-শুশ্রূষা কৰি থাক, তোৰ ভাল হ'ব। কিন্তু এটা কথা তোক কৈ থওঁ- এই সৰোবৰৰ পূৱ ঘাটলৈ তই কেতিয়াও নাযাবি; সেই ঘাটত স্বৰ্গৰ অপেশ্বৰীসকলে গা ধোৱেহি।"


পিছদিনা পুৱাই সন্যাসীয়ে তেওঁৰ ন আলধৰাক আশ্ৰমৰ ৰখীয়া কৰি ক'ৰবালৈ গুচি গ'ল। সন্যাসী গ'লতে নুমলীয়াই সেই সৰোবৰৰ পূব-ঘাটলৈ গৈ মনে মনে পাৰৰে জোপা এটাত লুকাই থাকিল। অলপপৰ পিছতে সাতজনী অপেশ্বৰী তালৈ আহিলত সি লাহেকৈ জোপাৰ ভিতৰৰপৰা ওলাই তেওঁলোকক ঠেকত পেলাই, অপেশ্বৰীসকলৰ এজনীক তাক বিয়া কৰাবলৈ সৈ কঢ়ালে। ইয়াৰ পিছত নুমলীয়াৰ লগতে অপেশ্বৰীসকলে ভনীয়েক এজনীক এৰি স্বৰ্গলৈ গুচি গ'ল।অপেশ্বৰী ঘৈণীয়েকক লগত লৈ নুমলীয়াই খৰমত উঠি ততালিকে তাৰ শহুৰেক-ৰজাৰ ঘৰ ওলালহি। ৰজাই জোঁৱায়েকক দেখি ৰং পালে। তাৰ আগৰ ঘৈণীয়েক ৰজাৰ জীয়েকে তাৰ কেৰামতালি দেখি, নিজৰ দোষৰ বাবে গিৰিয়েকৰ ওচৰত ক্ষমা মাগি সতিনীয়ে কৰে সৈতে একেলগে সুখেৰে খাই-বৈ থাকিবলৈ ধৰিলে। ইয়াৰ দিনচেৰেকৰ পিছতে অপুত্ৰক ৰজা মৰিল। শহুৰেক মৰিলত নুমলীয়াই সেই ৰাজ্যৰ ৰজা হ'ল। সি ৰজা হৈয়েই তাৰ বাপেক থকা ৰাজ্যৰ ৰজাৰ ওচৰলৈ কটকী পঠিয়াই কোৱাই পঠিয়ালে যে, "হয় ৰজাই তাক ৰাজ্য এৰি দিয়ক, নহয় যুদ্ধ দিয়ক।” কটকীৰ কথা শুনি ৰজা ঘৃতাহুতি হৈ যুঁজ দিবলৈ সাজু হ'ল। নুমলীয়া ৰজাইও লা-লগুৱা, ঘোঁৰা-হাতী, ৰণুৱা-বণুৱা লগত লৈ সাজি-পাৰি যুঁজ কৰিবলৈ আগবাঢ়ি গ'ল। দুই দলৰ ভিতৰত যুঁজ লাগি গোটেইখন কোৱামোৱা লাগি পৰিল। শেহত নুমলীয়া ৰজাই জৰীক পঠিয়াই দি সেই ৰজাক কটাবান্ধ দি ধৰাই অনাই টোকোনক মাৰিবলৈ হুকুম দিলত, ৰজাই দাঁতত কুটা লৈ দীঘল দি নুমলীয়া ৰজাৰ ভৰিত পৰি ক্ষমা মাগিলে। তেতিয়া নুমলীয়াই সন্তুষ্ট হৈ ৰজাক নামাৰি সপৰিবাৰে সেই ৰাজ্যৰপৰা উলিয়াই দিলে। তাৰ পিছত নুমলীয়াই বুঢ়া বাপেকক বিচৰাই অনালে। বাপেক ওচৰ পালতে নুমলীয়াই ক'লে, "আপুনি মোক চিনি পাইছেনে?” বাপেকে নুমলীয়াৰ মুখলৈ কিছুমান বেলি ব-লাগি চাই থাকি ক'লে, "সর্কদেও, চিনো চিনো যেন লাগিছে, কিন্তু ক'লে কটা যাম।" নুমলীয়াই ক'লে, "কোনো ভয় নাই, নির্ভয়ে কোৱা।” বাপেকে ক'লে, "সর্কদেওক মোৰ নুমলীয়া পোটো যেন দেখিছোঁ।” এই কথা শুনি নুমলীয়াই বাপেকৰ ভৰিত পৰি সেৱা কৰি আগৰপৰা গুৰিলৈকে সকলো কথা ভাঙি ক'লত বুঢ়াৰ চকুৰপৰা আনন্দৰ লো ববলৈ ধৰিলে। ইয়াৰ পিছত নুমলীয়াই বাপেকক সেই ৰাজ্যৰে ৰজা পাতি নিজৰ ৰাজ্যলৈ উভতি আহিল আৰু দুইজনী কুঁৱৰীৰে সৈতে গৃহবাস কৰি মহাসুখে ৰাজ্য ভোগ কৰি থাকিল। মোৰ কাপোৰ-কানি ক'লা হ'ল, গুচি আহিলোঁ।




*******

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা