অষ্টাদশ সাধু ৰাজমন্ত্ৰী আৰু নাপিত - লক্ষ্মীনাথ বেজবৰুৱা

অষ্টাদশ সাধু ৰাজমন্ত্ৰী আৰু নাপিত - লক্ষ্মীনাথ বেজবৰুৱা


অষ্টাদশ সাধু ৰাজমন্ত্ৰী আৰু নাপিত - ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakshminath Bezbaruah Assamese Story Rajmantri aru Napit



অষ্টাদশ সাধু ৰাজমন্ত্ৰী আৰু নাপিত 
ককাদেউতা আৰু নাতি ল'ৰা 
লক্ষ্মীনাথ বেজবৰুৱা


সত্যকালত চৰাই-চিৰিকতি পহু-পতং সকলোৱে কথা ক'ব পাৰিছিল, আৰু সিহঁতৰ কথা মানুহে বুজি পাইছিল। সেই কালত এদিন এজন ৰজাই তেওঁৰ বৰ-চ'ৰাত বহি থাকোঁতে দেখিলে যে বৰ-চ'ৰাৰ আগ-চোতালতে এটা বগা আৰু এটা ক'লা কাউৰীয়ে কেলেঙ্কলাই কথা পাতি আছে। প্রথমতে বগা কাউৰীয়ে ক'লা কাউৰীটোক সুধিলে " বান্ধ, তোমালোকে ইয়াত কি খাই থাকা?” ক'লা কাউৰীয়ে উত্তৰ দিলে-"আমি ধান-চাউল, পোক-পৰুৱা আদি খাই থাকোঁ; তোমালোকেনো কি খোঁৱা?” বগা কাউৰীয়ে ক'লে, "আমি সাত সাগৰৰ সিপাৰে থকা মাণিক গছৰ মাণিক খাওঁ।” ইয়াৰ পিছত কাউৰী দুটা গ'ল। ৰজাই কিন্তু বৰ-চ'ৰাৰ পৰা সিহঁতৰ এই কথা শুনি আছিল। ৰজাই তেতিয়াই পাত্র-মন্ত্রী আদি সভাসদসকলক ক'লে, "তোমালোকৰ ভিতৰত যেয়ে সাত সাগৰৰ সিপাৰৰ পৰা মাণিকৰ গছ আনি মোক দিব পাৰিবা তেওঁক মই মোৰ ঘাই মন্ত্ৰী পাতিম।" মন্ত্রীয়ে ক'লে, "স্বৰ্গদেৱ, মই কেনেকৈ সাগৰৰ সিপাৰলৈ চাম, আৰু মাণিকৰ গছ ক'ত বিচাৰি পাম? স্বৰ্গদেৱ সেই কাম মোৰ অসাধ্য।"


পাত্রইও সেই কথাকে ক'লে। আন আন সভাসদসকলৰ পৰাও ৰজাই তেনেকুৱা উত্তৰকে শুনি ক'লে, "বাৰু, এতিয়াই নগৰত ঢোল পিটি শুনাই দিয়া হওক যে, মোক সাত সাগৰৰ পাৰৰপৰা মাণিকৰ গছ এজোপা আনি দিব পাৰিব, তাক মই দুকলহ সোণ দিম, আৰু মোৰ ঘাই মন্ত্ৰী পাতিম।” ৰজাৰ হুকুম মতে এই কথা নগৰত জাননী দিয়া হ'ল; কিন্তু কোনো সেই কামলৈ আগ নাবাঢ়িল। সেই নগৰতে এটা সামান্য মানুহৰ দুজনী ঘৈণীয়েক আছিল, বৰজনী এলাগী, সৰু জনী লাগী। এলাগীৰ ল'ৰা এটা; লাগীৰ ল'ৰা ছটা। এলাগীৰ ল'ৰাটো খোৰা; লাগীৰ ল'ৰাকেইটা শকত-আৱত আৰু নিৰোগী। এলাগী আৰু তাইৰ ল'ৰাটোক লাগী আৰু লাগীৰ ল'ৰা কেইটাই দেখিব নোৱাৰে আৰু খোৱা-পিন্ধাত বৰ দুখ দিয়ে। খোৰাৰ বাপেকৰপৰাও খোৰাই আৰু তাৰ মাকে কেতিয়াও মৰম বেথা নাপায়।


লাগীৰ ল'ৰা ছয়োটাই ৰজাৰ জাননীৰ কথা শুনি ৰজাৰ ওচৰলৈ গৈ আঁঠু লৈ ক'লে, "সর্গদেও আমিয়েই সেই মাণিকৰ গছ আনি দিবলৈ যাব পাৰোঁ, যদি সৰ্গদেবে হুকুম দিয়ে।।" সিহঁতৰ কথা শুনি ৰজাই ক'লে, "মোৰ কোনো আপত্তি নাই; তহঁতে আনিব পাৰ যদি যা। যাবলৈ তহঁতক কি লাগে মোৰ ভঁৰালৰপৰা লৈ যা।" ৰজাৰ হুকুম পাই সিহঁতে ৰজাৰ ভঁৰালৰপৰা বাটত খাবলৈ যি বস্তু লাগে সেইবোৰ লগতে লৈ পাঁচখন নাৱত ভৰ! দি মাণিক আনিবলৈ আগৰেদি যাত্ৰা কৰিলে। লাগীৰ পুতেকহঁত মাণিক আনিবলৈ যোৱা শুনি এলাগীৰ খোৰা পুতেকেও মাকক সুধিলে, "আই, মোৰ ককাইহঁত মাণিক আনিবলৈ গৈছে মইও যাওঁ।” মাকে ক'লে, "বোপাই, সিহঁত হৈছে ছয় ভাই-ককাই, বাপেকৰো অতি মৰমৰ; তই হৈছ এলাগীৰ একোটি পোনা, বাপেৰেও তোক দেখিব নোৱাৰে, ককাইদেৱেৰহঁতেও দেখিব নোৱাৰে। তই ক'লৈ যাবি মোৰ সোণাই? মই মাগি-খুজি তোক খুৱাই থাকিম, তই কলৈকো যাব নালাগে মোৰ বোপাই। তই ৰজাৰ মন্ত্ৰী হ'বলৈ, আৰু বঁটালৈ আশা কৰি সাত সাগৰৰ পাৰত মাণিক বিচাৰি গৈ কৰবাত মৰি-হাজি ঢুকাই মোক অনাথিনী কৰিব নালাগে মোৰ সোণাই।" পুতেকে ক'লে, "নহয়, আই, যাওঁ, কামটো কৰিব পাৰিলেতো একেবাৰেই আমাৰ দুখ গুছিবই, নোৱাৰি মৰিলেও মৰিম, তাত নো বেজাৰ কি? একেইতো বোপায়ে আমাক দেখিব নোৱাৰে। যদি ৰজাৰ কামত গৈ মৰোঁ, তেনেহ'লেও ৰজাই তোমাক পুহিব। সেইদেখি আই তুমি হকা-বধা নকৰিবা। মোৰ বৰ মন গৈছে যাওঁ, গৈ এবাৰ চাওঁৱেইচোন বিধতাই নো আমাৰ কপালখনত সদায় দুখকে লেখিছে নে?” খোৰাই এইদৰে বৰকৈ মাকক কেৰজেৰকৈ ধৰিলত মাকে এৰাব নোৱাৰি কান্দি-কাটি পুতেকক বিদায় দিলে।


খোৰাই ৰজাৰ আগত আঠু লৈ ক'লেগৈ, "সর্গদেৱে আজ্ঞা দিলে বন্দীয়েও মাণিকৰ গছ আনিবলৈ যাব পাৰোঁ।” ৰজাই ক'লে, "ভাল কথা, যাব খুজিছ যা; আৰু কি লাগে মোৰ ভঁৰালৰ পৰা লৈ যা।” খোৰাই অলপমান খোৱা বস্তু টোপোলা বান্ধি লৈ, ৰজাৰ ঘোঁৰা-শালৰপৰা ঘোঁৰা এটা ল'বৰ মনেৰে ঘোঁৰাশালত সোমাল; কিন্তু সি যিমানকে ঘোঁৰা চাই ফুৰিছে, এটা ঘোঁৰাও তাৰ চকুত লগা নাই। সি, খীণোৱা আৰু উজুটিতে পৰি-মৰা ঘোঁৰা এটা দেখি হঠাৎ তাৰ আগত থমকি ৰ'ল; কাৰণ ঘোঁৰাটো সি সৰ্বসুলক্ষণীয়া যেন দেখিলে, ঘোঁৰাটোৰ গলধনত চপৰিয়াই খোৰাই মাত লগালে- "কি আচৰিত কথা। এন সৰ্বসুলক্ষণীয়া ঘোঁৰাটো এনে উজুটিতে পৰি মৰা হ'ল কিয়?” ঘোঁৰাটোৱে মাত লগালে, "ককাই, মোৰ দুখৰ কথা কোনেও নেজানে। মোৰ ভৰিৰ খুৰাৰ তলত সোণৰ শলখা সোমাই আছে; সেইবাবেই মই এনে চেৰেলা হৈ পৰি আছোঁ। তুমি যদি পাৰা, সেই শলখাডাল টানি উলিওৱা, উলিয়ালেই দেখিবা মই কেনেটো হওঁ। আৰু তাকে কৰি মোৰ পিঠিত উঠি তুমি যলৈকে যাব খুজিবা তলৈকে মই তোমাক নিমিষতে লৈ যাম।” খোৰাই ঘোঁৰাটোৰ কথা শুনি ভৰিটো দাঙি চাই দেখিলে সঁচা তাতে সোণৰ শলখা এডাল সোমাই আছে। সি তেতিয়াই কমাৰৰ ঘৰলৈ গৈ এডাল লোৰ চেপেনা আনি শলখাডাল টান মাৰি উলিয়ালতে ঘোঁৰাটো সুস্থ হৈ টবগাবলৈ ধৰিলে। খোৰাই দেখি ৰং পাই মাণিকৰ গছ আনিবলৈ ৰজাৰ ওচৰত মেলানি মাগি, সেই ঘোঁৰাটোতে উঠি ছুটি মেলিলে।


সিফালে খোৰাৰ ককায়েকহঁত সাগৰেদি গৈ বাটৰ ওৰকে পোৱা নাই; ইফালে খোৰাই বামেদি ঘোঁৰা চেকুৰাই গৈ গৈ তিন দিনৰ মূৰত যমৰজাৰ নগৰ পালেগৈ। তাতে সি দুদিনমান জিৰাবৰ মনেৰে থাকি, যমৰজাৰে সৈতে দেখা-শুনা কৰিলে। যমৰজাই ভালেদিনৰ পৰা জীয়েকলৈ দৰা বিচাৰি ফুৰিছিল, কিন্তু ক'তো সুলক্ষণীয়া দৰা নাপাই মনৰ বেজাৰত চ'ৰাতে মূৰঘূৰাই বহি আছিল। এনেতে খোৰা তেওঁৰ আগত ওলালতে তাক সুলক্ষণীয়া দেখি তালৈকে জীয়েকক বিয়া দিলে। যমে জীয়েকক মৰা-মানুহ জীয়াই লব পৰা বৰ দি জোঁৱায়েকৰ লগত উলিয়াই দিলে; আৰু জোঁৱায়েকে যমৰজাৰ জীয়েকক লগত লৈ যাবলৈ ধৰিলে। এইদৰে গৈ থাকোতে খোৰা দিনচেৰেকৰ মূৰত কপৌৰজাৰ নগৰত ওলালগৈ। তাতে জিৰাবৰ মনেৰে সি দিনদিয়েক থাকোঁতে কপৌৰজাই গম পাই তাক মতাই নিয়াই তালৈ নিজৰ জীয়েকক বিয়া আৰু এহাল কপৌ যৌতুক দিলে। কপৌৰজাৰ জীয়েকে কপৌহাল লগত লৈ গিৰিয়েকৰ লগত যাবলৈ ধৰিলে।


কিছুমান দিনৰ মূৰত খোৰা নাগৰজাৰ দেশত ওলালগৈ। তাতে সি কিছুমান দিন জিৰাই-শঁতাই থাকোঁতে নাগৰজাৰ চকুত পৰিল। ৰজাই সুলক্ষণীয়া যোগ্য ল'ৰাটো দেখি লৰালৰিকৈ তালৈ জীয়েকক বিয়া দি, এহাল নাগ-নাগিনী যৌতুকত দি পঠাই দিলে। নাগৰজাৰ দেশৰ পৰা গৈ গৈ পাঁচ দিনৰ দিনা' খোৰা সৰ্পৰজাৰ দেশত ওলালগৈ। সৰ্পৰজাইও এনেটো ল'ৰা হাতত পাই আদৰ-সাদৰ কৰি লৈ গৈ খুৱাই-বুৱাই নিজৰ জীয়েকক তালৈ বিয়া দি এহাল সর্প যৌতুক দিলে। সেইজনী ঘৈণীয়েককো লগত লৈ খোৰা যাবলৈ ধৰিলে।


গৈ আছে, গৈ আছে, গৈ আছে, এনেতে খোৰা ঘপহকৰে বিচনী ৰজাৰ মুলুকত ওলালগৈ। বিচনী ৰজাইও এনে সুলক্ষণীয়া দৰা দেখি লোভ সামৰিব নোৱাৰি নিজৰ জীয়েকক তালৈ বিয়া দি দুখন বিচনী লগত যৌতুক দিলে। এইদৰে পোৱা পাঁচজনী কন্যা লগত লৈ খোৰাই গৈ থাকোঁতে দিনচেৰেকৰ মূৰত শগুণী-ৰজাৰ দেশ পালেগৈ। শগুণী ৰজাইও যম, কপৌ, নাগ, সর্প আৰু বিচনী-ৰজাৰ আৰ্হি লৈ বৰ ৰংমনেৰে ধুমধাম কৰি নিজৰ জীয়েকক খোৰালৈ বিয়া দিলে আৰু জীয়েকৰ লগত সাগৰৰ সিপাৰৰ মাণিকৰ গছ এজোপা আনি যৌতুক দি জীয়েক-জোঁৱায়েকক পঠাই দিলে। লগত মানুহ সৰহ হোৱা দেখি খোৰাই বামেদি তাৰ ঘোঁৰাটো আৰু মানুহবোৰ পঠিয়াই দি ঘৈণীয়েকহঁতৰ লগত লৈ নাৱেৰে সাগৰেদি উলটি আহিবলৈ ধৰিলে।


ইফালে খোৰাৰ ককায়েক ছটাই মাণিকৰ গছ বিচাৰি নাপাই, উভতি আহি থাকোঁতে দূৰৰ পৰা খোৰাৰ নাও দেখা পালে। সিহঁতে দেখিলে খোৰাই ছজনী কন্যাৰ সৈতে মহা পয়োভৰেৰে আনন্দ কৰি তোলপাৰ লগাই সাগৰত আহিব লাগিছে। সিহঁতে দেখিয়েই বুজিলে যে খোৰাই ক'ৰবাত মাণিকৰ গছ পাই আনিছে। তাকে ভাবি সিহঁতে কোঁৱা-মেলা কৰিলে যে, "আমি ছটা গজ-হস্তী যেন মতা মানুহক চেৰ পেলাই এতিয়া খোৰা হে মন্ত্রী হ'বলগা হ'ল। সি মন্ত্রী হ'ব, আৰু আমি তাৰ খাটনি ধৰি ভাত মোকোলাই খাম। ই কথা হ'বই নোৱাৰে; খোৰাক সাং কৰি থৈ তাৰ হাতৰপৰা মাণিকৰ গছ আৰু কন্যাবোৰ কাঢ়ি লৈ ভাগবাটি লওঁহঁক আৰু মাণিকৰ গছ ৰজাক দি আমাৰ এটা মন্ত্ৰী হওঁহঁক।” সিহঁতে ইয়াকে আলচ কৰি সিহঁতৰ নাও খোৰাৰ নাৱৰ ফালে খেৱা দি লৈ আহি ওচৰ পাই মিঠাকৈ মাত লগালে, "সেইটো আমাৰ খোৰা ভাইটি নে? তই ইমানবোৰ কন্যা ক'ৰপৰা পালি? মাণিকৰ গছও আনিছে নেকি?” খোৰাই উত্তৰ দিলে, “এৰা ককাইটিহঁত ময়েই। মাণিকৰ গছও আনিছোঁ।” তাৰ পিচত সি কেনেকৈ আহিল, কেনেকৈ কন্যাবিলাক পালে. আৰু মাণিকৰগছ কেনেকৈ পালে এটাইবোৰ কথা আগৰপৰা গুৰিলৈকে ককায়েকহঁতৰ আগত ভাঙি-চিঙি ক'লে। এই কথা শুনি সিহঁতে আৰু সোধ-পোছ নকৰি নাৱৰ বঠাৰে কোবাই খোৰাক মাৰি সাগৰত পেলাই দিলে। ইয়াকে দেখি যমৰজাৰ জীয়েকে কাবৌ-কোকালি কৰি সিহঁতক ক'লে, যে "আমাৰ গিৰিহঁতক আপোনালোকে মাৰি আমাক ভাগবাটি ল'লে ভাল কৰিলে; কিন্তু তেওঁতো আমাৰ স্বামী আছিল এতেকে তেওঁৰ শ-টো পানীৰপৰা তুলি আনি আমাক দিয়ক, আমি লৈ গৈ ঘৰত খৰি দিওঁগৈহঁক; নহ'লে বৰ পাপৰ কথাটো হ'ব।” যমৰজাৰ জীয়েকৰ কথাত সিহঁতৰ মন নুকুমলিলত এটাইকেউজনীয়ে গোটখাই চিয়ৰি কান্দিবলৈ ধৰিলে, আৰু ক'লে, "যদি আপোনালোকে আমাক শটোও পুৰি মৃতকৰ মুখত পানী এচলু দিবলৈ নিদিয়ে তেন্তে আমাকো লগতে মাৰি পেলাওক; নহ'লে, আমি ৰজাৰ আগত এই কথা কৈ দিমগৈহঁক।” এই কথা শুনি সিহঁতে ভয় খাই শ-টো সাগৰৰপৰা তুলি আনি যমৰজাৰ জীয়েকক দি বুজাই-বঢ়াই সান্ত্বনা কৰি নাও বাই গুচি আহিল; আৰু যমৰ জীয়েকে শ-টো এটা পেৰাত ভৰাই লৈ আহিল।


ছয়োটা ককাই-ভায়ে মাণিকৰ গছ আনি ৰজাৰ নগৰত ঘাটত নাও চপালত, ৰজাই বাতৰি শুনি পাত্ৰ-মন্ত্রী সভাসদসকলক লগত লৈ সিহঁতক আদৰি নিলেহি। এই বাতৰি নগৰত ফাটি পৰিলত, মাণিকৰ গছ চাবলৈ চাৰিওফালৰপৰা প্ৰজা আহি ৰজাৰ বৰ-চ'ৰা ভৰি পৰিলহি। ৰজাই বৰ-চ'ৰাত বহি ছয় ভায়েকক মাণিকৰ গছ উলিয়াই দিবলৈ হুকুম দিলত সিহঁতে কন্যা কেইজনীক পেৰাটো মেলি গছজোপা উলিয়াই দিবলৈ ক'লে; কিন্তু মাণিকৰ গছ থকা পেৰাটো সিহঁতৰ খোৰা ভায়েকৰ বাহিৰে আন কোনেও মেলিব নোৱাৰে, গতিকে, সিহঁত মহা মস্কিলত পৰিল। সিফালে, "গছ উলিয়াই দে, পলম কৰিছ কিয়?” বুলি ৰজাই ক'লে। সিহঁতে ছোৱালীকেইজনীক "হেৰ উলিয়াই নিদিয় কিয়? তৎক্ষণাৎ উলিয়া” বুলি ডাবি দি ক'লত যমৰজাৰ জীয়েকে উটি আহি ৰজাৰ আগত আঁঠু লৈ ক'লে, "স্বৰ্গদেও, এই মাণিকৰ গছ আৰু আমাক যি বিয়া কৰাই আনিছিল তেওঁক এওঁবিলাকে বাটতে মাৰিলে। মাণিক অনাজন গিৰিহঁতৰ বাহিৰে আমি বা আন কোনেও পেৰা মেলিব নোৱাৰোঁ, তেওঁহে এই পেৰাটো মেলিব আৰু মাৰিব জানিছিল।” ৰজাই এই কথা শুনি আঁচৰিত মানি ক'লে, "তেন্তে দেখিছোঁ এটা মহা অন্যায় কাণ্ড ঘটিছে। এতিয়া কি হ'ব, কি উপায়েৰে পেৰা মেলা যায়?” যমৰ জীয়েকে ক'লে, "স্বৰ্গদেৱ, বেটীয়ে আমাৰ গিৰিহঁতৰ শ-টো সেই আনটো পেৰাতে ভৰাই আনিছোঁ। যদি বেটীক হুকুম দিয়ে তেন্তে বেটীয়ে তেওঁক জীয়াই দিব পাৰোঁ।” এই কথা শুনি ৰজাই আৰু আঁচৰিত হৈ ক'লে, "বাৰু দে জীয়াই; মই হুকুম দিছোঁ।” ৰজাৰ হুকুম পাই যমৰজাৰ জীয়েকে পেৰা এটাৰপৰা গিৰিয়েকৰ মৰা-শটো উলিয়াই, তাৰ ভিতৰত জীৱটো সুমাই দিবলৈ বাপেকক ধ্যান কৰি কোৱাত মৰা গিৰিয়েকে জীৱ পাই উঠি বহিল; আৰু তেতিয়াই সি পেৰাটো মেলি মাণিকৰ গছজোপা উলিয়াই দিলে। মাণিকৰ গছজোপা ওলালতে তাৰ জেউতিত ৰজাৰ বৰ-চ'ৰা তিৰ্বিৰাবলৈ ধৰিলে। ৰজাৰ মহা আনন্দ মিলিল; আৰু ৰাইজে চাৰিওফালৰ পৰা “হৈ-ধ্বনি” দিবলৈ ধৰিলে। তাৰ পিছত ৰজাই খোৰাৰ মুখৰপৰা সকলো কথা শুনি তাক ঘাই মন্ত্ৰী পাতিলে, তাৰ হিংসাকুৰীয়া ককায়েকেহঁতক হাতীৰে গচকাই মৰালে।


কিছুদিন এইদৰে খোৰা ঘাই মন্ত্ৰী হৈ সুখেৰে থকা দেখি, ৰজাৰ নাপিতটোৰ বৰ খিয়াল লাগিল। নাপিতটো ৰজাৰ বৰ খাটনিয়াৰ আছিল। কেনেকৈ খোৰাক মন্ত্রী ভাঙি সি আন এজনক মন্ত্রী পতাব, দিনে-ৰাতিয়ে তাৰ এইহে চিন্তা হ'ল। এদিন সি ৰজাৰ ডাঢ়ি খুৰাই থাকোঁতে ৰজাক লাহেকৈ ক'লে, "স্বৰ্গদেউ, মাণিকৰ গছ আনি মন্ত্রী হোৱাই মন্ত্ৰী নহয়; মন্ত্ৰীৰ আৰু কাম আছে।” সি উত্তৰ দিলে, "স্বৰ্গদেও, যিটো মন্ত্ৰীয়ে এদিনৰ ভিতৰতে দুপুৰা মাটিত মাহ-সৰিয়হ সিঁচি আকৌ ৰাতিটোৰ ভিতৰতে ডুলিত বেলেগ বেলেগকৈ ভৰাই দিব পাৰে, সি হে আচল মন্ত্রী; আৰু তেনে মানুহ হে স্বৰ্গদেওৰ মন্ত্ৰী হ'বৰ যোগ্য।” নাপিতৰ কথা শুনি পিছদিনা ৰজাই মন্ত্ৰীৰ হতুৱাই দুপুৰা মাটিত মাহ-সৰিয়হ সিঁচাইদি ক'লে- "মন্ত্রী, যদি তুমি আজি ৰাতিৰ ভিতৰতে আকৌ এই মাহ-সৰিয়হবোৰ বুটলি ডুলিত ভৰাই দিব পাৰা, তেহে তুমি মোৰ মন্ত্ৰী হৈ থাকিব পাৰিবা, নহ'লে তোমাক মই কটাম।" ৰজাৰ কথা শুনি মন্ত্ৰীয়ে বেজাৰ কৰি ঘৰলৈ গৈ মন-মাৰি বহি আছে। এনেতে কপৌৰজাৰ জীয়েকে সুধিলে- "আজি আপোনাৰ নো কি হ'ল? মন-মাৰি বহি আছে কিয়?” গিৰিয়েকে ক'লে- "কি ক'ম বেজাৰৰ কথা। আজি ৰাতিটোৰ ভিতৰতে দুপুৰা মাটিৰ মাহ-সৰিয়হবোৰ বুটলি আনি ডুলিত ভৰাই দিবলৈ ৰজাই মোক হুকুম দিছে; নহ'লে হেনো কাটিব।” কপৌৰজাৰ জীয়েকে ক'লে, "ইস্ বৰ কথাটো! আপুনি বেজাৰ নকৰিব, খাই-বৈ শুই থাকক; মই তাৰ দিহা কৰিম।” ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীৰ অলপ ভাল লাগি তেওঁ খাই-বৈ শুই থাকিল। ইপিনে কপৌৰজাৰ জীয়েকে ৰাতি গহীন হ'লত, তাইৰ যৌতুকৰ কপৌহাল উলিয়াই দি সিহঁতক ক'লে, "বোপায়ে তহঁতক মোৰ বিপদত তাৰিবলৈ দিছে; এতিয়া তহঁতে মাহ-সৰিয়হবোৰ তুলি ডুলিত ভৰাই দিব লাগে।” এই কথা শুনি কপৌহাল উৰি গৈ "দেখৰমানে” যতবোৰ কপৌ আছিল এটাইবোৰ তেতিয়াই মাতি আনি সিহঁতৰ হতুৱাই ৰাতিৰ ভিতৰতে মাহ-সৰিয়হবোৰ বোটলোৱাই ডুলিত ভৰোৱাই দিয়ালে। পিছদিনা ৰজাই দেখি আচৰিত মানিলে। নাপিতেও আঁচৰিত হৈ মন্ত্ৰীক ধ্বংস কৰিবলৈ আকৌ ন-বুধি ভাবিবলৈ ধৰিলে। 


কিছুমান দিনৰ পিছত নাপিতে আকৌ এদিন ৰজাৰ গা পিটিকি থাকোঁতে ৰজাক ক'লে- "স্বৰ্গদেউ, এই মন্ত্ৰীয়েই মন্ত্ৰী নহয়, মন্ত্ৰীৰ আৰু কাম আছে!” ৰজাই "কি কাম কচোন?” বুলি সুধিলত নাপিতে ক'লে, "স্বৰ্গদেও, যি এৰাতিৰ ভিতৰতে দুপুৰা মাটিত দুটা পুখুৰী খনাই নাগ বহুৱাই দিব পাৰে সিহে আচল মন্ত্রী।” এই কথা শুনি ৰজাই মন্ত্ৰীক আগৰদৰে হুকুম দি ক'লে, "যদি পখুৰী খনাই দিব নোৱাৰা, তেনেহলে তোমাৰ মূৰ যাব।” সেই দিনাও মন্ত্ৰীয়ে ঘৰত মূৰ ঘমাই বহি আছে দেখি, নাগ-ৰজাৰ জীয়েকে দেখা পাই, "কি হৈছে?” বুলি সুধিলত তেওঁ ৰজাৰ হুকুমৰ কথা ক'লে। কথাটো শুনি ঘৈণীয়েকে ক'লে, "এইটো একো টান কথা নহয়; আপুনি খাই-বৈ মহাসুখে শুই থাকক, মই তাৰ ব্যৱস্থা কৰিম।” ৰাতি গহীন হ'লত, নাগ-ৰজাৰ জীয়েকে যৌতুকত পোৱা নাগ-নাগিনীক ক'লে, "বোপায়ে মোক বিপদত তাৰিবলৈ তহঁতক মোৰ লগত দিছে। তহঁতে আজি ৰাতিৰ ভিতৰতে এই দুপুৰা মাটিত পুখুৰী দুটা খানি তাতে নাগ বহুৱাই দিব লাগিব, নহলে এৰণ নাই।" নাগৰজাৰ জীয়েকৰ কথা শুনি নাগ-নাগিনীয়ে তেতিয়াই "দেখৰ” নাগ মাতি আনি পুখুৰী খানিবলৈ লগাই দিলে; আৰু ৰাতিৰ ভিতৰতে মাটি দুপুৰাত সিহঁতে দুটা পুখুৰী খানি তাত নাগ পুতি থৈ গুচি গ'ল। পিছদিনা পুৱা ৰজা আৰু নাপিতে পুখুৰী দুটা দেখি বিস্ময় মানিলে; আৰু এনে দুটা অসাইধ কাম দিও মন্ত্ৰীক হৰুৱাব নোৱাৰি নাপিত বিবুধি হ'ল।


ইয়াৰ দিনচেৰেকৰ পিছত আকৌ নাপিতে এটা বুধি চৰ্জি ৰজাক ক'লে, "স্বৰ্গদেও, স্বর্গদেওৰ মন্ত্রী এতিয়াও আচল মন্ত্ৰীৰ যোগ্য হব পৰা নাইগৈ; মন্ত্ৰীৰ আৰু কাম আছে।” ৰজাই সেইটো কি কাম?” বুলি সুধিলত নাপিতে ক'লে, "যি মন্ত্ৰীয়ে ৰাতিটোৰ ভিতৰতে এখন সৰ্পৰ নগৰ সজ়াই দিব পাৰিব সি হে আচল মন্ত্রী। ন'হলে এই মন্ত্রী ফপহুতা মন্ত্রী।” নাপিতৰ কথা শুনি ৰজাই মন্ত্ৰীক মতাই আনি ক'লে, "তুমি যদি আজি ৰাতিৰ ভিতৰতে তুমি মোক এখন সৰ্পৰ নগৰ সজাই দিয়াব পাৰা, তেহে তুমি মোৰ মন্ত্ৰী হৈ থাকিব পাৰিবা, নতুবা তোমাক কটাম।” মন্ত্রীয়ে আকৌ এইটো ন-বিপদ গাত পৰাহি দেখি দুখে-বেজাৰে ঘৰত জুপুকা মাৰি বহি আছেগৈ; এনেতে সৰ্পৰজাৰ জীয়েকে দেখি "কি হৈছে? বুলি সুধিলত গিৰিয়েকে সেই বিপদৰ কথা কৈ দুখ কৰিবলৈ ধৰিলে। ঘৈণীয়েকে ক'লে, "এইফেৰা কথাৰ নিমিত্তে আপোনাৰ ইমানটো বেজাৰ? যাওক আপুনি ভাত-পানী খাই মহাসুখে শুই থাককগৈ, মই এই ৰাতিৰ ভিতৰতে আপোনাক সৰ্পৰ নগৰত কেইখন লাগে সজাই দিয়াম।” ঘৈণীয়েকৰ আশ্বাস বাণী শুনি গিৰিয়েকে ভাত-পানী খাই শুই থাকিল। ৰাতি দুপৰ হ'লত, সৰ্পৰজাৰ জীয়েকে যৌতুকত পোৱা সাপজোৰা জপাৰ পৰা উলিয়াই এৰি দি সৰ্পৰ নগৰ এখন সাজি দিবলৈ সিহঁতক ক'লত, সিহঁতে ততালিকে গৈ লগৰ সাপ এটাইবোৰ মাতি আনিলেগৈ। সিহঁতে বৰ বৰ অজগৰক খুটা-চটি পাতিলে, পানীমৰালী আৰু ডাহীক মাৰলি আৰু ৰুৱা পাতিলে। এইদৰে বিধে বিধে সাপেৰেই ঘৰৰপৰা দুৱাৰলৈ, পদূলিৰ পৰা বাটলৈকে সিহঁতে সাজি গোটেইখন সর্পময় কৰি পেলালে; ৰাতি এডোখৰৰ পৰা সাপৰ ফোঁপাউৰিত ওচৰত মানুহ থাকিব নোৱাৰা হ'ল। সাপৰ ফোঁপাউৰি শুনি ৰজাৰ টোপনি ভাগি গ'লত, ৰজাই উঠি চাই বিচূর্তি হৈ ভয় খাই লৰ মাৰি বৰ-ঘৰৰ ভিতৰত সোমালগৈ। তেতিয়া ৰজাই মন্ত্ৰীক মতাই অনাই ক'লে, "মন্ত্রী মোক সৰ্পৰ নগৰ নালাগে, এতিয়াই ভাঙি দিয়া।" মন্ত্রীয়ে সেই কথা সৰ্পৰজাৰ জীয়েকক ক'লত, ঘৈণীয়েকে ভিতৰৰপৰা তিনিটা চাপৰি মাৰি দিলত সাপবোৰ দিহাদিহি গুচি গ'ল; আৰু তেতিয়াহে ৰজাই বৰ-ঘৰৰ ভিতৰৰ পৰা ওলাব পাৰিলে।


নাপিতে তাৰ বুধিবোৰ এটা এটাকৈ খটাইও মন্ত্ৰীক একো কৰিব নোৱাৰি বিমোৰত পৰি থাকি কিছুমান দিনৰ অন্তত আৰু এটা বুধি উলিয়ালে। সি মন্ত্রীক মাৰিবৰ মনেৰে ৰজাক এদিন ক'লে, "স্বৰ্গদেও, আপোনাৰ মন্ত্ৰীয়ে এইবোৰ যিমানকে কৰি দেখুৱাওক, তথাপি সি আপোনাৰ যোগ্যৰ আচল মন্ত্ৰী হ'ব পৰা নাই। যেতিয়ালৈকে সি আপোনাৰ উপৰি-পুৰুষ চিৰি আঙঠিটো আনি দিব নোৱাৰে তেতিয়ালৈকে সি আচল মন্ত্ৰী হ'ব নোৱাৰে। যি সেই চিৰি-আঙঠি আনি দিব পাৰে সি হে আচল মন্ত্রী।" ৰজাই নাপিতৰ কথা শুনি মন্ত্ৰীক মতাই আনি ৰজাৰ উপৰি-পুৰুষ চিৰি আঙঠি আনিবলৈ হুকুম দি ক'লে, "আনিব নোৱাৰিলে তোমাৰ প্ৰাণ নাথাকে।" ৰজাৰ হুকুম শুনি মন্ত্ৰীয়ে ভাবিলে যে তেওঁৰ আৰু এইবাৰ ৰক্ষা নাই। ঘৰলৈ গৈ তেওঁ মন মাৰি বহি আছে, এনেতে বিচনী ৰজাৰ জীয়েকে তেওঁক সেইদৰে আমন-জিমনকৈ থকা দেখি "কি হৈছে?” বুলি সুধিলত, তেওঁ ক'লে, "এইবাৰ জীয়াই থাকিলেহে থকা- আজি ৰজাই তেওঁৰ উপৰি-পুৰুষৰ চিৰি-আঙঠি আনিবলৈ মোক হুকুম দিছে; আনি দিব নোৱাৰিলে মোৰ প্ৰাণ নাথাকে।' ঘৈণীয়েকে ক'লে, "বাৰু যাওক, খোৱা-বোৱা কৰকগৈ; চিৰি-আঙঠি আনি দিব লাগে, আনি দিয়া যাব; সি একো টান কাম নহয়।” ঘৈণীয়েকৰ কথা শুনি মন্ত্ৰীয়ে অলপ উশাহ পাই উঠি খাবলৈ গ'ল। ইফালে নাপিতটোৱে ভাবিলে "ই মন্ত্রীয়ে নো কেনেকৈ বাৰে বাৰে ইমান আচৰিত কামবোৰ কৰে, চাব লাগিব।" ইয়াকে নাপিতে ভাবি, ৰাতি মন্ত্ৰীৰ ঘৰলৈ গৈ বাহিৰৰ পৰা বেৰৰ জলঙাইদি জুমি চাই আছিল। ৰাতি গহীন হ'লত বিচনীৰজাৰ জীয়েকে যৌতুকত পোৱা বিচনী দুখন উলিয়াই "আজি মোক বিপদত তৰাব লাগিব” বুলি বিচনী দুখনৰ আগত কৈ, এখনেৰে গিৰিয়েকৰ গাত বা মাৰি দিলত গিৰিয়েক মাৰি থাকিল; আৰু ততালিকে, ৰজাৰ উপৰি-পুৰুষৰ ওচৰ পাই, ৰজাই চিৰি-আঙঠিটো খুজিছে বুলি তেওঁলোকৰ আগত কৈ আঙঠিটো ললে। তাৰ পাছত ঘৈণীয়েকে এখন বিচনীৰে বা মাৰি দিলতে গিৰিয়েকে জীৱ পাই ডাঠ বহিল। বেৰৰ জলঙাইদি নাপিতে এই কথা দেখি গুচি আহিল।


পিছদিনা মন্ত্ৰীয়ে ৰজাৰ হাতত চিৰি-আঙুঠিটো দি ক'লে, "স্বৰ্গদেৱ, এইয়া চিৰি-আঙুঠি চিনি লওক।” ৰজাই আঙঠিটো দেখি চিনি পাই, মন্ত্রীক শলাগিবলৈ ধৰিলে, সেইদিনা মন্ত্রীয়েও নাপিতক মাৰিবৰ বুধি সাজি ৰজাক ক'লে, "স্বৰ্গদেউ, এই চিৰি আঙঠি আনিবলৈ যাওঁতে দেখি আহিলোঁ, যে নাপিতৰ অভাৱত আপোনাৰ উপৰি-পুৰুষৰ ডাঢ়ি-চুলি আৰু নখবোৰ বৰ দীঘল হৈ পৰিছে। তেখেকসকলে মোক দেখি আপোনাৰ নাপিতটোৰ নাম কাঢ়ি তাক তেখেতসকলৰ ওচৰলৈ পঠিয়াই দিবলৈ ক'লে।” ৰজাই মন্ত্ৰীৰ কথা সঁচা বুলি পতিয়াই নাপিতক মতাই অনাই ক'লে "মোৰ উপৰি-পুৰুষসকলৰ ডাঢ়ি-চুলি দীঘল হ'ল। তই আজি ৰাতিয়ে গৈ খুৰাই আহিবলৈ লাগে।” নাপিতে "ভাল সৰ্গদেউ” বুলি তাৰ ঘৰলৈ গ'ল। সি আগদিনা মন্ত্ৰীয়ে দুখন বিচনীৰ সহায়ত পৰলোকৰ পৰা ৰজাৰ উপৰি-পুৰুষৰ চিৰি-আঙঠি অনা দেখিছিল। সি সেইদেখি সেইটো উজু কাম বুলি ভাবি ৰং মনেৰে কৰিবলৈ আগবাঢ়ি তাৰ ঘৈণীয়েকক সোনকালে ভাত-পানী ৰান্ধি দিবলৈ ক'লে। খাই-বৈ উঠি নাপিতে নাপিতনীক দুখন বিচনী আনিবলৈ ক'লে। নাপিতনীয়ে বিচনী দুখন আনি দিলত, নাপিতে তাইক ক'লে, "বোলো মই ৰজাৰ উপৰি-পুৰুষৰ ডাঢ়ি-চুলি খুৰাই আহিব লাগে, এতেকে তই এখন বিচনীৰে মোক বিচি দে, দিলেই মই মৰিম, মৰি তেখেতসকলৰ ডাঢ়ি-চুলি খুৰাওঁগৈ, আৰু কিছুপৰৰ পিছত ইখন বিচনীৰে তই মোক বিচি দিলেই মই জীম।"


নাপিতৰ কথা শুনি ঘৈণীয়েকে বিচনী এখন লৈ তাক বিচি আছে, কিন্তু সি নমৰে। সি নমৰা দেখি তাই তাৰ ওকণীশিৰতে বিচনীৰ নালেৰে মাৰ এটা মাৰি দিলে আৰু একে মাৰতে নাপিত মৰি থাকিল। ইয়াৰ অলপ পৰৰ পিছত নাপিতনীয়ে ইখন বিচনীৰে বিচিবলৈ ধৰিলে। কিন্তু তাই বিচে হে বিচে গিৰিয়েক নিজীয়ে। পিছেদিনা ৰজাই বিচাৰ কৰিলে, নাপিতে ৰজাৰ উপৰি-পুৰুষৰ ডাঢ়ি-চুলি খুৰাই আহিল নে নাই? নাপিতনীয়ে গিৰিয়েৰ মৰাশটো আগত লৈ বিচনীৰে বিচি আছে, তথাপি গিৰিয়েক নিজীয়ে। আৰু শটো উখহি ভীম্বাকাৰ দি তাৰপৰা গোন্ধ ওলাবলৈ ধৰিলে। শেহত তাৰ পৰা ইমান গোন্ধ ওলাবলৈ ধৰিলে যে গোন্ধ পাই ৰজাই, নাপিতৰ কি হ'ল, তাৰ ঘৰৰ ভিতৰ সোমাই চাবলৈ টেকেলা পঠিয়াই দিলে। টেকেলাই নাপিত মৰি উখহি গোন্ধাই থকা দেখি নাপিতনীক ধৰি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। ৰজাই তেতিয়াই, ঘৈণীয়েকে নাপিতক মাৰিলে বুলি ভাবি তাইকো মৰাই নাপিতৰে সৈতে একেলগে পোতাই থ'লে। সেই দিনাৰ পৰা মন্ত্ৰীয়ে সুখেৰে খাই-লৈ কাম-কাজ কৰি থাকিল।




*******


Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা