চতুৰ্দশ সাধু শাঁখিনা আৰু শাঁখিনী - লক্ষ্মীনাথ বেজবৰুৱা

চতুৰ্দশ সাধু শাঁখিনা আৰু শাঁখিনী - লক্ষ্মীনাথ বেজবৰুৱা


চতুৰ্দশ সাধু শাঁখিনা আৰু শাঁখিনী ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakshminath Bezbaruah Assamese Story Hakhina aru Hakhini



শাঁখিনা আৰু শাঁখিনী - লক্ষ্মীনাথ বেজবৰুৱা


এসময়ত এখন গাঁৱত এটা শাঁখিনা আৰু আন এখন গাঁৱত এজনী শাঁখিনী আছিল। সিহঁত গাঁৱত থকাত হেনো সিহঁতৰ গাঁৱত খেতি-বাতি বৰষুণ-বাদল একো নহৈছিল আৰু গঞামানুহৰ নানাতৰহৰ অপায়-অমঙ্গল হৈছিল। পাছে এদিন শাঁখিনাক গঞামানুহে ধৰি এক কাউৰী-কুকুৰ নোযোৱা অৰণ্যত মেলি থৈ আহিলগৈ। ঠিক সেই সময়তে ইখন গাঁৱৰ মানুহেও তেনেকুৱা অপৰাধতে শাঁখিনীক ধৰি-বান্ধি লৈ গৈ সেইখন হাবিৰে আনফালে এৰি থৈ দি আহিল; শাঁখিনীক গাঁৱৰ মানুহে অলপমান খোৱা বস্তু দি আহিছিল, কিন্তু শাঁখিনাক দা এখনৰ বাহিৰে কুটা এগছকে নিদিলে।


শাঁখিনীয়ে হাবিতে অকলে কান্দি-কাটি বহি আছে, এনেতে ইফালৰপৰা শাঁখিনাই নিজৰ কপালকে দুষি গৈ গৈ সেইদৰে থকা দেখা পালেগৈ। নিজান হাবিত তাইক দেখি সি আচৰিত হৈ সুধিলে, "হেৰা তুমি কোন? ভূতুনী নে পিশাচনী? তুমি অকলে ইয়াত কিয় বিনাই আছাহি?” এই কথা শুনি শাঁখিনীয়ে উত্তৰ দিলে- "ভূতুনীও নহওঁ, পিশাচনীও নহওঁ; নৰ-মনিচহে। মোক গাঁৱৰ মানুহে অনাদোষত শাঁখিনী বুলি এই হাবিত মৰিবলৈ মেলি থৈ গৈছেহি। পাছে তুমিনো কোন? দেও নে, ভূত নে মানুহ?” তাইৰ প্ৰশ্নটো শুনি শাঁখিনাই উত্তৰ দিলে-"মইও তোমাৰে নিচিনা দুর্কপলীয়া মানুহেই হে, দেও-ভূত একো নহওঁ। তোমাক যি দশাই লগ লৈছে, মোকো সাইলাশ তেনে দশায়েই লগ লৈছে। মোকো মোৰ গঞা মানুহ, মিতিৰ-কুটুমে শাঁখিনা বুলি ধৰি আনি এই হাবিত মৰিবলৈ এৰি থৈ গৈছেহি।” এই কথা শুনি শাঁখিনীয়ে অলপ উশাহ পাই তাক সুধিলে- "তেন্তে এতিয়ানো আমাৰ কি দশা হ'ব?" শাঁখিনাই ক'লে, "আমি আৰু মানুহৰ গাঁৱলৈ নাযাওঁ। মানুহৰ ধৰম-কৰম, বিচাৰ-বিবেচনাই আমাক আটিছে। ইয়াতে দুয়ো জুপুৰি এটা সাজি একেলগে থাকো আহাঁ।” এই প্রস্তাৱত শাঁখিনী মান্তি হৈ শাঁখিনাৰে সৈতে ঘৰ পাতি সেই হাবিতে থাকিবলৈ ধৰিলে।


এইদৰে দুয়ো কিছুদিন থকাৰ পিছত শাঁখিনীৰ এটা ফেঁচা উপজিল আৰু তাৰ এবছৰ পিছত এটা গাহৰি উপজিল। গোসাঁয়ে আমাক যি দিছে সেয়েই ভাল বুলি শাঁখিনা শাঁখিনীয়ে ৰংমনেৰে ফেঁচা আৰু গাহৰি দুয়োকো মৰম-বেথা কৰি ডাঙৰ-দীঘল কৰিবলৈ ধৰিলে। ফেঁচাই নিতৌ ইন্দ্ৰৰ সভালৈ যায় আৰু পৃথিৱীত খেতি-বাতি আদি হোৱা-নোহোৱাৰ বিষয়ে দেৱতাসকলে পতা কথা শুনি থাকেগৈ। এদিন ফেঁচাই দেৱতাসকলৰ মুখত সেই বছৰ দ মাটিত খুব ধান হ'ব বুলি কোৱা কথা শুনি ঘৰলৈ আহি বাপেকক ক'লে, "পিতাই, আজি দেৱতাসকলে কোৱা-মেলা কৰিছিল বোলে এইবাৰ দ মাটিত শইচ উপচি পৰিব। এতেকে আমাৰ এইবাৰ সৰহকৈ দ মাটিত খেতি কৰিব লাগে।” ফেঁচাৰ কথা শুনি বাপেকে মাত লগালে, "আমাৰ হাল নাই, গৰু নাই, কেনেকৈ কিমান খেতি কৰিবি বোপাই?” এই কথা শুনি শাঁখিনাৰ সৰুটো পুতেক গাহৰিয়ে বাপেকক ক'লে- "কিয় নোৱাৰিম পিতাই? মই আছো যেতিয়া তুমি চিন্তা নকৰিবা। তুমি আজি কেইথোকামান কল আৰু কিছুমান আলু, কচু, শেলুক আদি যি পোৱা আনি পথাৰলৈ লৈ গৈ তাত দুহাত তিনিহাত আঁতৰকৈ এটা এটাকৈ পুতি থোৱাগৈ। মই মোৰ গিয়াতিবিলাকক হাবিৰ পৰা মাতি আনি সেইবোৰ খানি-খুচৰি খাবলৈ দেখুৱাই দিম। তেওঁলোকে সেইবোৰ খুচৰি খুচৰি খাওঁতেই আমাৰ মাটি চহ হৈ যাব। তেতিয়া তুমি অনায়াসে তাত ধান কব পাৰিবা।" গাহৰি পুতেকৰ কথামতে বাপেকে কিছুমান আলু, কচু, কল, শেলুক আনি কুৰি পুৰামান মাটিত পুতি থলে। নিশা গাহৰিয়ে গৈ তাৰ গিয়াতিবিলাকক মাতি আনি সেইবোৰ খানি খুচৰি খাবলৈ লগাই দিলে। লাখ-কোটি গাহৰিৰ মাজত কুৰি পুৰা মাটি নো কি? চাওঁতে চাওঁতেই গোটেইখন চহ হৈ ধূলিয়ৰি হৈ পৰিল। 


ইয়াৰ পিছত সেই মাটিত গাহৰিৰ বাপেকে ধান ৰুই দিলে। ধান উভৈনদী হৈ গ'ল। কিন্তু দেৱতাসকলে শাঁখিনা-শাঁখিনীৰ পৰা পূজাপাতল খাবলৈ নাপাই সিহঁতক দেখিব নোৱাৰা হৈছিল। সেইদেখি তেওঁলোকৰ হিংসা লাগি সেইবোৰ নষ্ট কৰিবলৈ ফিকিৰ পাতি এপাল কাকতী-ফৰিং পঠিয়াবলৈ থিৰ কৰিলে। ফেঁচাই এই কথা শুনি বাপেকক কৈ দিলেহি, "পিতাই আমাৰ খেতি নষ্ট কৰিবৰ মনেৰে দেৱতাসকলে লাখ-কোটি ফৰিং পঠিয়াবলৈ থিৰ কৰিছে।” বাপেকে সুধিলে, "পায়ে ইয়াৰ নো উপায় কি হ'ব?" ফেঁচাই ক'লে, "উপায় আছে। আপুনি কিছুমান কাঠখৰি কাটি আনি আমাৰ ধাননিৰ চাৰিওফালে একোটাকৈ মেজি সাজি থৈ দিয়ক। যেতিয়াই ফৰিংবোৰ ধাননিত পৰিবলৈ আহিব, তেতিয়াই আপুনি সেই মেজিবোৰত জুই লগাই দিব; আৰু ফৰিংবোৰে জুই দেখি লৰি গৈ তাত জপিয়াই পৰি মৰি জাহ যাব।” ফেঁচাই কোৱামতেই বাপেকে কৰি ফৰিঙৰ হাতৰপৰা ধানবোৰ ৰক্ষা কৰিলে; আৰু শাঁখিনাৰ বুধি দেখি দেৱতাসকলৰ মুখ ক'লা পৰিল। দেৱতাসকল ভোঁটা হৈ তেওঁলোকৰ খং উঠিল। তেওঁলোকে শাও দিলে যে শাঁখিলা-শাঁখিনীৰ ধানৰ ডাঙৰিটোৱে পতি ভগাদোনৰ এদোন মাথোন ধান সৰিব। ফেঁচাই দেৱতাসকলৰ শাওপাতটো শুনি সেই কথা বাপেকৰ আগত গৈ দিলেহি। বাপেকে কথাটো শুনি আমন-জিমনকৈ বহি থকা দেখি ফেঁচাই মাত লগালে-"পিতাই, তুমি বেজাৰ নকৰিবা। ইয়াৰ উপায় আছে, মই কওঁ শুনা। তুমি ধান আনিবৰ সময়ত ডাঙৰকৈ ডাঙৰি নাবান্ধি মাথোন ভাৰখনত ইফালে এটা মুঠি সিফালে এটা মুঠিৰ ডাঙৰি বান্ধি দিবা। দেৱতাসকলৰ কথা অথলে নাযায়। আমি মুঠিটোতেই ভগাদোনৰ এদোন এদোন ধান পাম।” বাপেকে ফেঁচাৰ কথা শলাগি-শুলাগি থাকি সময়ত ধান দাই, ফেঁচাই কোৱামতে কৰি এটাইখিনি ধান চপালে।


ধান মাৰিবৰ সময়ত বাপেকে ফেঁচাৰ বুধিমতে, এটা মুঠি মাৰে, মাৰি, তাৰপৰা সৰা ধানখিনিৰ তলত এটা ভুল পাতি থৈ তলি-ফুটা ভগাদোন এটাৰে সেই ধানবোৰ জোখে। ডুলিটো নভৰেমানে দোণটোও নভৰে। ইপিনে দেৱতাৰ বাইক আছে মুঠিটোৱেপতি ভগাদোনেৰে এদোন ধান হ'ব লাগে, নহ'লে তেওঁলোকৰ বাইক অথলে যায়। সেইদেখি প্রতি মুঠিটোতে এডুলি এডুলি ধান হ'বলৈ ধৰিলে। শাঁখিনাৰ এনে চক্রান্ত দেখি দেৱতাসকল খঙত একোনাই হ'ল। তেওঁলোকে একো উপায় নাপাই শাঁখিনা-শাঁখিনীক মাৰিবৰ মনেৰে আলচ পাতি যম ৰজাৰ ক'লেগৈ। যম ৰজাই বোলে, "এনেটো নো অন্যায় কথা দেৱতসকলে তেওঁক কৰিবলৈ ক'ব পায় নে? সিহতৰ আয়ুস থকাত মই সিহঁতক মাৰিম কেনেকৈ?” দেৱতাবিলাকে আঁকোৰ-গজালিকৈ লাগি লাগি যমক আমনি কৰি থকা দেখি, অন্তত যমে ক'লে, "বাৰু মই আজি ৰাতি ঘোঁৰা এটা হৈ শাঁখিনাৰ ধানবোৰ খাই পেলামগৈ।” দেৱতাসকলে যমৰ কথা শুনি "ভাল, ভাল, তাকে কৰক” বুল সন্তোষ প্রকাশ কৰি গুচি গ'ল। ফেঁচাই এই কথা শুনি বেগাই উৰি আহি বাপেকক ক'লেহি, "পিতাই, আজি যম ৰজাই ঘোঁৰাৰ ৰূপ ধৰি আহি আমাৰ ধানবোৰ খাই পেলাব খুজিছে। আপুনি ভঁৰালৰ দুৱাৰখন মেলি থ'ব, আৰু লেকাম এডালেৰে সৈতে চেকনি এডাল লৈ মনে মনে দুৱাৰ চুকত লুকাই থাকিব। যমে ঘোঁৰা হৈ যেতিয়াই ধান খাবলৈ লাগিব, তেতিয়াই আপুনি ঘঙ্কৰে ওলাই তাৰ মুখত লেকামডাল লগাই, জাঁপ মাৰি তাৰ পিঠিত উঠি ঢাপলি মেলিব।”


ৰাতি শাঁখিনাই ফেঁচাৰ কথামতে হাতত এচাৰি এডাল আৰু লেকাম এডাল লৈ ভঁৰালৰ দুৱাৰখন মেলি থৈ দুৱাৰ-চুকতে লুকাই আছিল। জোনাক নিশা যম ৰজাই বগা ঘোঁৰা এটা লৈ ভঁৰালত সোমাই ধানবোৰ চপ্ চপ্ কৰে খাবলৈ ধৰিলে। ইপিনে যমে তর্কিব নোৱাৰাকৈয়ে শাঁখিনাই চল চাই লেকামডাল ঘোঁৰাটোৰ মুখত খুৱাই লৈ গিৰিসকৰে পিঠিত উঠি কোবাই দি তাক চেকুৱাবলৈ ধৰিলে। চেকুৰাই চেকুৰাই শাঁখিনাই যমৰ তৰ্ধনি এৰুৱালে। শেহত ঘোঁৰাই তৰণি নাপাই শাঁখিনাক ক'লে, "শাঁখিনা, মই ঘোঁৰা নহওঁ, যম ৰজা হে। তুমি কি বৰ লাগে লোৱাঁ, লৈ মোক এৰি দিয়া।” যমে বৰ দিবলৈ সইত খালত হে শাঁখিনা যমৰ পিঠিৰপৰা নামিল। তেতিয়া যম ৰজাই নিজ মূৰ্তি ধৰি তাক বৰ দিলে- "তই দীঘায়ু হবি, বৰ চহকী হবি; আৰু সুখে-সন্তোষে বহুত বছৰ জীয়াই থাকিবি। আৰু তোক আৰু তোৰ ঘৈণীয়েৰক তহঁতৰ গাঁৱৰ যিবোৰ মানুহে শাঁখিনা-শাঁখিনী বুলি এই হাবিত মেলি থৈ গৈছিল, সিহঁতে তোৰ ঘৰত গোলামী কৰিব।” ইয়াৰ পিছত শাঁখিনা-শাঁখিনীয়ে পুতেক ফেঁচা আৰু গাহৰিৰে সৈতে সুখেৰে এশ বছৰ ধনী, বৰ মানুহ হৈ খাই-লৈ আছিল, আৰু সিহঁতক দুখ দিয়া আগৰ গাঁৱৰ মানুহবোৰক সিহঁত গোলামৰ দৰে বাইছিল।




*******

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা