উনবিংশ সাধু কণা আৰু কুজা - লক্ষ্মীনাথ বেজবৰুৱা

উনবিংশ সাধু কণা আৰু কুজা
 - লক্ষ্মীনাথ বেজবৰুৱা


উনবিংশ সাধু কণা আৰু কুজা - ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakhshminath Bezbaruah Assamese Story Kona Aru Kuja



উনবিংশ সাধু কণা আৰু কুজা
 - লক্ষ্মীনাথ বেজবৰুৱা


এখন গাঁৱত এটা কণা আৰু কুঁজা মানুহ আছিল। দুইৰো বৰ মিল আছিল এদিন কণাই কুজাক কলে, "বান্ধ, আমি দুয়ো বিদেশত ধন ঘটিবলৈ যাওঁ ব'লা; ঘৰত বহি থাকি থাকি মিছাতে কাল কটাই হে আছোঁহঁক।” এই কথা শুনি কুঁজাই ক'লে," এ বান্ধ, তুমি নো এনেবোৰ গছত গৰু-উঠা হোলোঙাৰে কাণ-বিন্ধোৱা কথা ক'বলৈ শিকিলা কেতিয়াৰপৰা দেও হে? মই হলোঁ কুঁজা, তুমি হ'লা কণা। মই জানিবা কোনোমতে কুঁজা-কুঁজিকৈ ইফাল-সিফালে যাওঁৱেই, তুমি এখোজ কাঢ়িবলৈকে চকুৰে নেদেখা। এনে থলত আমি বিদেশলৈ গৈ ধন ঘটিমহঁক? ভাল কথা কৈছা দেও হে।” কুঁজাৰ কথা শুনি কণাই হাঁহি ক'লে, "বান্ধ, তুমি নো ভয় খাইছা কেলৈ? তাৰ বুধি আছে। মইতোমাক কান্ধত তুলি লৈ যাম, তুমি মোক বাট দেখুৱাই যাবা। মোৰ ভৰি আৰু তোমাৰ চকু আছে যেতিয়া চিন্তা কিহৰ? তাৰ উপৰি মোৰ বুধি নথকাও নহয়।” কণাৰ কথাটো কুঁজাৰ মনত খাই গ'ল। কুঁজাই মাত লগালে- "ভাল কথা, বান্ধ, আহাঁ আমি ওলাই যাওঁহঁক; আমাৰ নো কপালত কি কি আছে এবাৰ তাকে খেপিয়াই-জেপিয়াই চাওঁহঁকেইচোন; ঘৰতে বহি বহি আমি শুদাতে ভেকুৰী বুঢ়া হে হৈছোঁহঁক।"


ইয়াৰ পিচদিনা পুৱাই কণাৰ কান্ধত কুঁজা উঠিল, আৰু দুয়ো ঈশ্বৰক চিন্তি বিদেশলৈ যাত্ৰা কৰিলে। এইদৰে দুয়ো গৈ থাকোঁতে বাটতে পৰি থকা এডাল দীঘল ফই কুঁজাৰ চকুত পৰিলত কুঁজাই মাত লগালে, "বান্ধ, এডাল বৰ দীঘল লেজু বাটতে পৰি আছে ল'ম নে?” কণাই উত্তৰ দিলে, "লৈ থোৱা বান্ধ, সিও এসময়ত উপকাৰ দিব পাৰে।” কণাৰ কথা শুনি কুঁজাই কণাৰ কান্ধৰপৰা নামি লেজুডাল সামৰি লৈ আকৌ কণাৰ কান্ধত উঠিল। এইদৰে গৈ থাকোঁতে বাটৰ কাষতে এমলা চূণ পৰি থকা দেখি কুঁজাই কণাক কলত, কণাই চুণ-মলাও লৈ থবলৈ কলত, তাকো তুলি ল'লে। এইদৰে সিহঁত গৈ আছে, এনেতে পথাৰৰ মাজৰ আলিত গা ৰ'দাই থকা দুৰাকাছ এটা কুঁজাৰ চকুত পৰিলত কুঁজাই মাত লগালে, "বান্ধ, এটা দুৰাকাছ দেখিছোঁ।” কণাই ক'লে, "নামা, নামি লাহেকৈ গৈ কাছটো ধৰি লৈ আহাঁগৈ; কোনে জানে সিও সময়ত উপকাৰ দিব পাৰে।” কণাই এইদৰে পাচি দিলত কুঁজাই হাততসাৰে ভৰিতসাৰে গৈ কাছটো খস্কৰে ধৰি লুটিয়াই পেলালে, আৰু পেলায়েই তাৰ বুকুত গোৰ এটা মাৰি দি কাছটো ধৰি লৈ আহিল।


এইদৰে দুয়ো গৈ গৈ গধূলিপৰত এক মহা অৰণ্যত ওলালগৈ। সেই অৰণ্যৰ মাজতে এটা ডাঙৰ ঘৰ দেখি কুঁজাই কণাক ক'লে, "বান্ধ, এইখন মহা অৰণ্য; গধূলিও হৈ আহিছে; তোমাৰো ভাগৰ লাগি আহিছে; ইয়াতে কাৰোবাৰ এটা ডাঙৰ ঘৰ দেখিছোঁ; ইয়াতে থাকি ৰাতিটো কটাওঁহঁক আহাঁ।” কণাইও "বাৰু” বুলি কুঁজাৰে সৈতে গৈ সেই ঘৰৰ দূৱাৰ-মুখ পাই দেখিলে যে ঘৰটোৰ ভিতৰত এটা বৰ ডাঙৰ ৰাক্ষস বহি টোপনিয়াই আছে। হঠাৎ ওলাই পৰা বিপদ দেখি কুঁজাই খঙ্কৰে বাহিৰৰ পৰা ঘৰৰ দুৱাৰখন মাৰি পেলাই ডাং দি খুন্দি খুন্দি বান্ধি পেলালে। দুৱাৰ মৰাৰ শব্দ শুনি ৰাক্ষসৰ টোপনি ভাগিল; আৰু তেতিয়া সি দেখিলে মহাবিপদ, কোনোবাই বাহিৰৰ পৰা দুৱাৰ মাৰি তাক ঘৰৰ ভিতৰতে বন্দী কৰি পেলালে। সি যে এনেকৈ ঠেকত পৰিব, এইকথা ৰাক্ষসে আগেয়ে নাভাবিছিলেই; এতিয়া সেইদেখি সি নিৰুপায় হৈ ঘৰৰ ভিতৰতে ডেডাউৰিবলৈ। ধৰিলে। ডেডাউৰি শুনি কণা আৰু কুঁজা দুয়ো ওফাইদাং মাৰি বাহিৰৰপৰা মাত লগালে, "ভাই, আমি তোৰ ডাবিলৈ ভয় কৰা ভকত নহওঁ! আমি তোতকৈও ডাঙৰ বীৰ; তোৰ নিচিনাটোক আমি আমাৰ টুণৰ টেমিত ভৰাই থৈ চুণেৰে সৈতে পাণত সানি খাই থব পাৰোঁ বুলি জানিবি। তোক মোহাৰি মাৰিলে আমাৰ হাতত গোন্ধৰ বাহিৰে একো চিনেই নাথাকিব।” সিহঁতৰ কথা শুনি ৰাক্ষসে ভিতৰৰ পৰা ক'লে, "তহঁত যে ইমান ডাঙৰ বীৰ তাৰেই বা চিন কি?” সিহতে উত্তৰ দিলে, "তই যে ইমানকৈ ভিতৰত দমদমাই আছ, তয়েই যে বৰ বীৰ তাৰেই বা চিন কি?” এই কথা শুনি ৰাক্ষসে তাৰ মূৰৰপৰা চুলি এডাল উঘালি ঘৰৰ বাৰ আৰু ছালৰ পানী পাছৰ মাজৰ সুৰুঙাইদি উলিয়াই দি সিহঁতক ক'লে-"চাচোন এইডাল মোৰ মূৰৰ চুলি কিমান ডাঙৰ?" কুঁজাই ততালিকে সেই সুৰুঙাইয়েই, বাটত পাই অনা লেজুডাল সৰকাই দি ক'লে, "আমাৰো চুলি এডাল ছিঙি দিছোঁ, ধৰিবি।” লেজুডাল দেখিয়েই ৰাক্ষস কোঁচ-মোচ খাই পৰিল। সি ভাবিলে-আও! ইহঁতৰ ইমানডাল যদি চুলিয়েই হয়, তেন্তে ইহঁত বীৰকেইটাই বা কিমান ডাঙৰ। ৰাক্ষসে এইদৰে ভাবি থাকোঁতেই কুঁজাই ৰাক্ষসৰ চুলিডাল ডোখৰ ডোখৰকৈ ছিঙি পেলাই পেংলাইকৰি মাত লগালে, "বৰ বীৰটোৰ চুলিতে চিন পালোঁ। বাৰু তোৰ মূৰৰ ওকনী এটা দেচোন চাওঁ কিমান ডাঙৰ?” ৰাক্ষসে এই কথা শুনি মূৰৰপৰা ওকণী এটা আনি সৰকাই কুঁজাৰ হাতত পেলাই দিলত কুঁজাই হো-হো-কৰে হাঁহি ওকণীটো ফুটাই, “হোঁ, মোৰ মূৰৰ এইটো ওকণী নি ফুটাচোন” বুলি দুৰাকাছটো ৰাক্ষসক দিলে। ৰাক্ষস অবাক। সি কোনোমতেই দুৰাকাছটো ফুটাব নোৱাৰিলে। তেতিয়া সি ভাবিলে, সঁচাকৈয়ে তাতকৈ ইহঁত ডাঙৰ বীৰ। এনেতে কণাই মাত লগালে, "হেৰ, তোৰ এচৰু গাখীৰ আমাক দে আমি খাওঁ আৰু আমাৰ এই চৰু গাখীৰ তই খাচোন।” এই বুলি চূণৰ মলাটো ৰাক্ষসৰ হাতত কুঁজাই দিলে। ৰাক্ষসেও ভিতৰৰপৰা তাৰ গাখীৰ এচৰু উলিয়াই দিলে। ৰাক্ষস আগৰ দুটা কথাত লাজত পৰি আছিল, সেইদেখি চূণমলা পায়েই সি গাখীৰ বুলি একেসোঁহাই খাই পেলালে। চুণে ডকাত তৎ নাপাই ৰাক্ষস বলিয়া হ'ল আৰু শেহত সি নিজৰ জিভাখনকে আজুৰি ছিঙি ডেডাউৰিয়াই মৰি থাকিল।


কণা-কুঁজা ৰাতি বাহিৰতে থাকিল। পিছদিনা পুৱা সিহঁতে ৰাক্ষসটো মৰি পৰি থকা দেখি দুৱাৰখন মেলি ঘৰৰ ভিতৰক সোমাই দেখিলে যে তাত অনেক হীৰা, মুকুতা, সোণ, ৰূপ আছে। দুয়ো সেইবোৰ টোপোলা বান্ধি লৈ সিহঁতৰ গাঁৱলৈ উভতি আহিল। সিহঁতে ঘৰৰ ওচৰা-ওচৰি পালত, সোণ-ৰূপ-হীৰা-মুকুতাবোৰ ভগাই ল'বৰ মন কৰিলে। কুঁজাই এভাগত সৰহকৈ আৰু এভাগত তাকৰকৈ দি ভগাই কণাক এভাগ ল'বলৈ ক'লত, কণাৰ হাত সৰহীয়া ভাগত পৰিল। কুঁজাই দেখি "ভগোৱা বেয়া হৈছে” বুলি কৈ আকৌ আগৰদৰে ভগাই সৰহীয়া ভাগ নিজৰ ফালে আৰু তাকৰীয়া ভাগ কণাৰ ফালে থৈ কণাক লবলৈ ক'লত, ঈশ্বৰৰ ইচ্ছাত এইবাৰো কণাৰ হাত সৰহীয়া ভাগতহে পৰিল। কুঁজাই ভাবিলে "ই কণাই কণা চকুৰেও কেনেবাকৈ দেখে।” ইয়াকে ভাবি সি কণাৰ চকু দুটা ভালকৈ ফুটাই দিবলৈ মন কৰি তাত এমুঠি বালি ঘাঁহ দিলে। কিন্তু কণাৰচকুত চামনি পৰিহে সি নেদেখা হৈ আছিল; এতিয়া তাত বালি ঘঁহি দিলত সেই চামনি কাটি গ'ল আৰু তাৰক চকুৰে দেখা হ'ল। সেইদেখি কণাই চকু মেলিয়েই কুঁজাৰ ফাঁকি বুজিব পাৰি কুঁজাৰ কুঁজত এটা থিয়গোৰ মাৰি দিলে। গোৰ খাই কুঁজাৰ কুঁজ পোন হৈ গ'ল। তেতিয়া দুয়ো মিল হৈ সমানে ধনখিনি ভগাই লৈ ঘৰাঘৰি গুচি গ'ল।



*******

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা