দ্বাদশ সাধু বামুণৰ ভাগ্য - লক্ষ্মীনাথ বেজবৰুৱা

দ্বাদশ সাধু বামুণৰ ভাগ্য - লক্ষ্মীনাথ বেজবৰুৱা


দ্বাদশ সাধু বামুণৰ ভাগ্য ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakhshminath Bezbaruah Assamese Story Bamunor Bhagya



বামুণৰ‌ ভাগ্য - লক্ষ্মীনাথ বেজবৰুৱা

 

এক বামুণ আছিল। তেওঁৰ পৰিবাৰৰ ভিতৰত বামুণী আৰু গোটাচেৰেক ল'ৰা-ছোৱালী। বামুণৰ বৰ দুৰৱস্থা, ধন-সম্পত্তি বা ধান-চাউল একো নাই। তেওঁ কাম-কাজ কৰি যি অলপ পায় তাৰেই কোনোমতে ঘৰ চলায়; কিন্তু তাৰে নো এঘৰোৱাহ মানুহ কেইদিন চলিব পাৰে? মাজে মাজে বামুণ সপৰিবাৰে লঘোনে-ভোকে থাকিব লগাত পৰে। এনেকুৱা ঘটনা যে কেতিয়াবা হে হয় এনে নহয়, মাহৰ ভিতৰত প্রায় পোন্ধৰ দিন। বামুণ-বামুণীৰ দুখ-বেজাৰৰ সীমা নাই। এদিন বামুণীয়ে গিৰিয়েকক ক'লে "এটা কথা কৰাচোন, এদিন বিধাতাৰ তালৈকে যোৱাচোন; বিধাতাক সোধাঁগৈ আমাৰ কপালতনো তেওঁ আৰু দুখকে হে লেখিব পায়নে?” এই কথা শুনি বামুণেও ক'লে, “এবা ভাল কৈছা, কাইলৈকে যাওঁ, বিধতাই নো আমাৰ কপালত কিয় ইমানকৈ দুখ লেখিছে তাকে সুধি চাওঁগৈ।” এইদৰে বামুণ-বামুণীয়ে কথা-বতৰা হৈ, বামুণে বিধতাৰ ওচৰলৈ যোৱাকে ঠিক কৰি দুখ-কষ্টে সেই ৰাতিটো কটাই ৰাতিপুৱা গা ধুই জলপান এটা খাই আৰু পিঠাগুৰিৰ টোপোলা এটা কাষলতিৰ তলত লৈ বিধতাক বিচাৰি যাবলৈ ধৰিলে।


সেইদৰে গৈ থাকোঁতে বামুণ কিছুমান দূৰত এহাল ম'হে যুঁজ কৰি থকা দেখিলে আৰু সিহঁতৰ ওচৰ পোৱা মাত্রকে ম'হহালে যুঁজিবলৈ এৰি বামুণ ক'লৈ যায় সুধিলে। বামুণে "বিধাতাৰ ওচৰলৈ যাওঁ” বোলাত, ম'হহালে ক'লে, "তেনেহ'লে আমাৰো একেষাৰ কথা সুধিবচোন- আমাৰ আজি উপজিবৰ কত দিন হ'ল, সেই দিন ধৰি এই একে ডোখৰ ঠাইতে আমি যুঁজিব লাগিছোঁ, তথাপি কোনোমতেই আমাৰ যুঁজখন ভগা নাই। ইয়াৰ নো কাৰণ কি বিধাতাক সুধিবচোন।" বামুণে "বাৰু” বুলি আকৌ যাবলৈ ধৰিলে। এইদৰে গৈ থাকোঁতে বামুণে কিছুমান পৰৰ মূৰত এজোপা আমগছ পালেগৈ। বামুণক সেইপিনে যোৱা দেখি গছজোপাই "দেউ, কলৈ যায়?” বুলি সোধাত বামুণে "বিধাতাৰ ওচৰলৈ যাওঁ” বুলি ক'লে। সেই কথা শুনি গছজোপাই ক'লে "অনুগ্ৰহ কৰি মোৰ হৈয়ো দুষাৰমান কথা বিধাতাক সুধিবচোন। মোৰ ইমান আম হয় তথাপি তাৰ এটা আমো মানুহে খাওক ছাৰি এটা চৰায়েও নেখায়। ইয়াৰ নো কাৰণ কি? বামুণে "বাৰু সুধিম” বুলি আকৌ যাবলৈ ধৰিলে। সেইদৰে গৈ গৈ বামুণে এখন নৈ পালেগৈ। কিন্তু তাত নাও-দুনি একো নাই, মাত্র এটা ঘৰিয়াল পানীত ওপঙিব লাগিছে। বামুণক দেখি ঘৰিয়ালে "বাপুদেউ ক'লৈ বা যায়?” বুলি সোধাত বামুণে ক'লে, "বিধাতাৰ ওচৰলৈ যাবলৈ আহিছিলো; এতিয়া এই নৈখন পাৰ হৈ যাওঁ কেনেকৈ?” এই কথাত ঘৰিয়ালে ক'লে, যদি মোৰ হৈও এটা কথা বিধাতাক আপুনি সোধে তেনেহ'লে মই আপোনাক পিঠিতকৈ পাৰ ক'ৰিব পাৰোঁ।” বামুণে “কি কথা কোৱা” বোলাত ঘৰিয়ালে ক'বলৈ ধৰিলে- "উপজিবৰে পৰা মই আৰু পানীৰ তললৈ যাব নোৱাৰোঁ। ইয়াৰ নো কাবণ কি সুধি আহিবচোন।” বামুণে "বাৰু” বোলাত ঘৰিয়ালে বামুণক পিঠিত তুলি লৈ নৈ পাৰ কৰি দিলে। বামুণে নৈৰ পাৰতে টোপোলা মেলি পিঠাগুৰি এগাল উলিয়াই লৈ খাই আকৌ যাবলৈ ধৰিলে। সেইদৰে গৈ বামুণে বিধাতাৰ ওচৰ পালেগৈ। বিধাতাই বামুণক অহাৰ কাৰণ সোধাত বামুণে নিজৰ দুখ-দুর্দশাৰ কথা ভাঙি-পাতি ক'লে। 


তাৰ পিছত বামুণে আগৰ কথামতে ক'লে-"বাটত আহোঁতে এহাল মহৰ যুঁজ লাগি থকা দেখিলো একোটিকালে সিহঁতৰ যুঁজ নেভাগে; ইয়াৰ নো কাৰণ কি?” বিধাতাই ক'লে, "সিহতৰ যুঁজ লগা ঠাইডোখৰত একলহ ৰূপ আছে, সেই ৰূপ কলহ তুমি খানি লৈ গ'লেই সিহঁতৰ যুঁজ ভাগিব।” বায়ুণে আকৌ সুধিলে, এজোপা আমগছ দেখিলো, তাত আম ভৰি লাগে, কিন্তু তাৰ এটা আমো মানুহ বা চৰাই-চিৰিকতিয়ে নেখায়; ইয়াৰ নো কাৰণ কি?" বিধাতাই ক'লে, সেই গছজোপাৰ তলত এপেৰা গহনা আছে, সেই গহনাবোৰ তুমি উলিয়াই নিলেই সকলোৱে গছজোপাৰ আম খাবলৈ ধৰিব।” তাৰ পিছত বামুণে সুধিলে, "আৰু এটা ঘৰিয়াল দেখিলোঁ, সি সদায় ওপঙি থাকে, কোনোমতেই পানীৰ তললৈ নেযায়; তাৰ নো কাৰণ কি?” বিধাতাই ক'লে, "সেই ঘৰিয়ালটোৰ পেটত এজনী সুন্দৰী ছোৱালী আছে, সেই ছোৱালীজনী তুমি উলিয়াই নিলেই সি তললৈ যাব।” তাৰ পিছত বামুণে বিধাতাৰ ওচৰত বিদায় লৈ ঘৰিয়ালৰ পেটৰ পৰা ছোৱালীজনী, আমগছৰ গুৰিৰ পৰা গহনাবোৰ আৰু ম'হৰ যুঁজ লগা ঠাইৰ পৰা টকাৰ কলহটো উলিয়াই লৈ ঘৰলৈ আহি চহকী হৈ দিন কটাবলৈ ধৰিলে।




********

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা