একাদশ সাধু অবুজ ৰজাৰ বিবুজ মন্ত্রী - লক্ষ্মীনাথ বেজবৰুৱা

একাদশ সাধু অবুজ ৰজাৰ বিবুজ মন্ত্রী -  লক্ষ্মীনাথ বেজবৰুৱা


একাদশ সাধু অবুজ ৰজাৰ বিবুজ মন্ত্রী ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakshminath Bezbaruah Assamese Story Abuj Rojar Bibuj Mantri




অবুজ ৰজাৰ বিবুজ মন্ত্ৰী 

লক্ষ্মীনাথ বেজবৰুৱা


এক ৰজা আছিল এদিন তেওঁৰ ওচৰৰ আন এজন ৰজাই মানুহ এটাৰ হাতত চিঠি এখন দি তেওঁলৈ এই কথাকেইটা সুধি তাৰ উত্তৰ খুজি পঠিয়ালে- "অবুজ ৰজা কোন? আৰু অবুজ ৰজাৰ বিবুজ মন্ত্ৰী কোন? ভালৰ বেয়া, বেয়াৰ ভাল আৰু ৰজাৰ দুৱাৰৰ কুকুৰ কোন?” এওঁ ৰজাতো চিঠি পঢ়ি অবাক! এওঁ ভাবি নাপালে- ৰজা যদি অবুজ হ'ল, মন্ত্রীনো বিবুজ হ'ব কেনেকৈ? আৰু ভালৰ নো বেয়া হ'ব কেনেকৈ? বেয়াৰেই বা ভাল হ'ব কেনেকৈ? যি বেয়া বেয়াই; যি ভাল ভালেই। ৰজাই ভাবি-চিন্তি একো নেপাই মন্ত্রীক সুধিলে। মন্ত্রীয়ে ক'লে, "মহাৰাজ, আপুনি কিছুদিনৰ সময় লওক; পিছত সেই সময়ৰ ভিতৰত কিবা এটা কৰিব লাগিব।" ৰজাই সেই কথামতেই এবছৰৰ সময় লৈ তাৰ ভিতৰতে উত্তৰ দিম বুলি চিঠি অনা মানুহটোক বিদায় দিলে। 


এইদৰে কিছুদিন আছে, সময়ো লাহে লাহে যাব লাগিছে। এদিন ৰজাৰ হঠাৎ সেই চিঠিৰ আৰু প্ৰশ্নৰ কথা মনত পৰাত তেওঁ মন্ত্ৰীক সুধিলে-"মন্ত্রী, আজি ইমান দিন হ'ল, ক'তা দেখোন অমুক ৰজাই লিখা প্রশ্নকেইটাৰ উত্তৰ আজিলৈকে নিদিলা?” এই কথাত মন্ত্রীয়ে ক'লে, "মহাৰাজ! তেনেহ'লে মোক কিছুদিনৰ নিমিত্তে বিদায় দিব লাগে। এই সময়ৰ ভিতৰত মই যেনেতেনে মতে প্রশ্নকেইটাৰ উত্তৰ দিম।” ৰজাই ক'লে, "বাৰু তোমাক যিমান দিনৰ আৱশ্যক বিদায় দিলোঁ; এতিয়া যাতে মই লাজত নপৰো তাৰ দিহা কৰা।” মন্ত্ৰীয়ে "ভাল মহাৰাজ, তাৰ নিমিত্তে কোনো চিন্তা নাই, এতিয়া মই আহিলোঁহে” এইবুলি ঘৰলৈ গ'ল।


তাৰ পিছদিনা মন্ত্ৰীয়ে খাই-বৈ ভেশচন কৰি, সেই ওচৰ-চুবুৰীয়া বজাৰ নগৰৰ ফালে খোজ ল'লে। এইদৰে ক্ৰমান্বয়ে কেইবাদিনো গৈ মন্ত্ৰী সেই ৰজাৰ নগৰ পালেগৈ, কিন্তু গধূলি হোৱা গতিকে নগৰৰ ভিতৰলৈ নোসোমাই ৰাতিটো বাহিৰতে আন কোনো ঠাইত থাকি কটাবলৈ মন কৰি এজনী নটীৰ তাত আশ্রয় ল'লেগৈ। নটীয়ে বৰ আদৰ-সাদৰকৈ তেওঁক তাতে থাকিবৰ নিমিত্তে দিহা কৰি দিলে। মন্ত্রীয়ে ৰাতিটো তাতে কটাই পিছদিনা ৰাতিপুৱাই যাবলৈ ওলোৱাত নটীয়ে সুধিলে, "ডাঙৰীয়া, আপুনিনো ক'ৰ মানুহ ক'লৈ যাব লাগে?” মন্ত্রীয়ে “মই বেপাৰী মানুহ: ৰজাৰ নগৰলৈ যাবলৈ আহিছোঁ” বুলি কৈ তাৰপৰা বিদায় লৈ ৰজাৰ হাউলীৰ মুখে যাবলৈ ধৰিলে। 


এইদৰে গৈ থাকোঁতে তেওঁ বাটত তিনি-মূৰীয়া বুঢ়া এটা বহি থকা দেখিলে। বুঢ়াই বাটেদি যাকে যোৱা দেখিছে তাৰ ফাললৈকে হাতজোৰকৈ পইচা খুজিছে। মন্ত্রী সেইখিনি পালতে, বুঢ়াই সেইদৰে হাতজোৰকৈ পইচা খোজাত, মন্ত্রীয়ে সুধিলে, "বুঢ়া, তই নো এইদৰে কিয় আছ? তোক পোহ-পাল কৰোঁতানো কোনো নাইনে?" এই কথাত বুঢ়াই চকুলো টুকি ক'বলৈ ধৰিলে- "ডাঙৰীয়া মোৰ কথানো কি ক'ম; আগ বয়সত মই ৰজাৰ দুৱৰী আছিলোঁ। যিমান দিন গাত বল আছিল কাম কৰিলোঁ, এতিয়া বুঢ়া হ'লোঁ, কাম কৰিব নোৱাৰা হ'লোঁ; সেইদেখি ৰজাই মোৰ কামত আন এটাক ৰাখি মোক বিদায় দিলে। হাতত যি দুটা-চাৰিটা পইচা আছিল, ভাঙি খালোঁ; সেইকেইটা ঢুকালত এইদৰে ইয়াতে বহি, মানুহ যোৱা দেখিলে পইচা খোজো। কাৰোবাৰ মন গ'লে দুই-চাৰি পইচা দিয়ে; কেতিয়াবা আকৌ শুদা হাতেই ঘৰলৈ উভতি যাব লগাত পৰোঁ। মোৰ ল'ৰা-ছোৱালীও কোনো নাই।” 


বুঢ়াৰ কথা শুনি মন্ত্ৰীয়ে বুঢ়াক ৰূপ এটকা দি আকৌ যাবলৈ ধৰিলে। এইদৰে গৈ বেলি এপৰমান যোৱাত তেওঁৰ ৰজাৰ সভাত সোমালগৈ; কিন্তু সেইদিনা তেওঁক ৰজাই কোনো কথাকেই নুসুধিলে। এইদৰে তেওঁ দুই-তিনিদিন সভালৈ গৈ তাত বহি থাকে আৰু মাজে মাজে একেযাৰ-দুআষাৰ কথা কয়। সেই কথাবিলাক ৰজাৰ মনত খাই পৰাত এদিন তেওঁক ৰজাই ওচৰলৈ মাতি নি সুধিলে, "তুমি ক'ৰ মানুহ? ক'লৈ যাব লাগে? আৰু মোৰ সভালৈকে বা অহাৰ সকাম কি?” এই কথাত মন্ত্রীয়ে ক'লে, "মহাৰাজ। মই বিদেশী মানুহ, দেশ চাই ফুৰিছিলোঁ; মহাৰাজৰ নাম শুনি দেখা হ'বৰ মনেৰেহে এই সভালৈ আহিছিলোঁ; মহাৰাজৰ দয়া হ'লে ইয়াতে থাকিবও পাৰোঁ।" মন্ত্ৰীৰ কথা শুনি ৰজাই ক'লে, "বাৰু তুমি ইয়াতে থাকা, আজিৰপৰা তোমাকো এই সভাৰ এজন সভাসদ পাতিলোঁ।” এই কথাত মন্ত্রীয়ে ৰজাক সেৱা কৰি সেইদিনাৰ পৰা ৰাজসভাৰ সভাসদ হৈ থাকিল। 


এইদৰে তাত থাকোঁতে থাকোঁতে ৰজাই তেওঁৰ কথা-বতৰা শুনি আৰু কাম-কাজ দেখি তেওঁৰ ওচৰত বৰ সদয় হ'ল আৰু লগে লগে তেবোঁ খোপে খোপে উধাবলৈ ধৰিলে। এইদৰে অলপ দিনৰ ভিতৰতে তেওঁ ডেকা-মন্ত্ৰীৰ বাব পালে। সেই কামো এনে সুন্দৰৰূপে চলাবলৈ ধৰিলে যে ৰজাই তেওঁৰ কাম-কাজবিলাকত মোহ গৈ শেহত তেওঁৰ একেজনী ছোৱালীকে তেওঁলৈ বিয়া দি ওচৰতে সুন্দৰৰূপে তেওঁৰ ঘৰ-বাৰী কৰাই দিয়ালে। এইদৰে কিছুদিন যোৱাৰ পিছত এদিন ৰজাৰ কোঁৱৰে ডেকা-মন্ত্ৰীক অৰ্থাৎ তেওঁৰ বৈনায়েকক ক'লে যে তেওঁলোক দুয়ো এদিন মৃগয়ালৈ যাবৰ মন কৰিছে; তেওঁৰ মত কি? মন্ত্ৰীয়ে কোঁৱৰৰ কথাত মত দিলত, পিছদিনাই দুয়ো মৃগয়ালৈ যাবলৈ ওলাল। দুয়ো দুটা ঘোঁৰা লৈ হাবিৰ ফাললৈ গ'ল। হাবিয়ে হাবিয়ে গোটেই দিন দুয়ো ঘূৰি ঘূৰি দুয়োৰো ভিতৰত আবেলি পৰত এটা পহু মাৰিলে। কিন্তু পহুটো আনে কেনেকৈ? লগত মানুহ বা হাতী নাই; কাজেই দুয়ো কথা-বতৰা হৈ থিৰ কৰিলে যে পহুৰ মূৰটোকে কাটি লৈ যোৱা যাওঁক। সেইমতেই পহুৰ মূৰটো কাটি কাপোৰেৰে ভালকৈ বান্ধি মন্ত্ৰীয়ে ঘোঁৰাৰ পিঠিত তুলি লৈ ঘৰৰ ফালে আহিবলৈ ধৰিলে। 


সেই বাটেদি আহোঁতে আকৌ ৰজাৰ কোঁৱৰৰ শহুৰেকৰ ঘৰ পায়। গধূলি হোৱা দেখি শহুৰেকৰ ঘৰৰ ওচৰ পাই ৰজাৰ কোঁৱৰে মন্ত্ৰীক ক'লে, "মই আজি ৰাতি ইয়াতে থাকো, কাইলৈ ৰাতিপুৱাতে ঘৰলৈ যাম, আপুনি যাওক।” এইবুলি ৰজাৰ কোঁৱৰ শহুৰেকৰ ঘৰত সোমাল আৰু মন্ত্ৰী নিজৰ বাহৰৰ ফালে যাবলৈ ধৰিলে। ঠিক গধূলি পৰত মন্ত্ৰীয়ে ঘৰ পায়েই সেই পহুৰ মূৰটো সেইদৰে বান্ধেৰেই, ভিতৰৰ শোৱা কোঠালীলৈ হাতত ওলোমাই লৈ গৈ তাতে সেইটো থৈ ঘৈণীয়েকক সুধিলে, "চিপৰাংখন ক'ত আছে?” ঘৈণীয়েক তধা লাগিল। দিনৰ দিনটোৰ মূৰত এই ৰাতি ওলাইছেহি, তাতো একেষাৰ কথা-বতৰা নাই, আহিয়েই বোলে চিপৰাংখন দে। ইয়াৰ নো মানে কি? ঘৈণীয়েকে গিৰিয়েকক ক'লে, "অলপ বহকচোন, কি নো হ'ল? চিপৰাঙেৰে নো ৰাতিখন এতিয়া কি কৰে?” মন্ত্ৰীয়ে ক'লে, "একো হোৱা নাই, চিপৰাংখন আনাচোন বাৰু।” ৰজাৰ জীয়েকৰ মনত কথাটো ভালকৈ নেলাগিল, সেইদেখি তেওঁ আকৌ সুধিলে, "নহয়, কিবা এটা হৈছে; মোক আপুনি ফাঁকি দিছে; কিনো হৈছে কওকচোন।" 


ঘৈণীয়েকৰ কথাত মন্ত্রীয়ে ক'লে, "উহু, মই ক'ব নোৱাৰো। বৰ ডাঙৰ কথা এটা হৈছে। ক'লেই ৰজাই কেনেবাকৈ জানিব পাৰিলে মোক কাটিব।” এই কথা শুনি ঘৈণীয়েকে ক'লে, "এনেনো ডাঙৰ কথা হ'ল নে, ক'লেই ৰজাই আপোনাক কাটিব? আৰু কটা যোৱা কথাটো নো মই আনক ক'বলৈ কি হৈছে?” তথাপি গিৰিয়েকে "নহয় বুজিছানে কেনেবাকৈ ক'ৰবাত ওলাই পৰিব; ৰজাই শুংসুত্র পালে মোক যে জীয়াই এৰিব সেইটো নহয়। ক'ৰবাত তোমাৰ মুখৰপৰাও ওলাব পাৰে; এতেকে নেলাগে শুনির, থাকা।” গিৰিয়েকৰ কথা শুনি জীয়েকে মন্ত্ৰীৰ গাত ধৰি ক'লে, "মই এই আপোনাৰ গা ছুই কৈছোঁ, কাৰো আগত নুলিয়াওঁ। এতিয়া কি হৈছে মোক কওক আৰু আপোনাৰ এটা বিপদ হ'লে মোৰ জানো নহয়?” এই কথাত মন্ত্ৰীয়ে বৰ বেজাৰকৈ ক'বলৈ ধৰিলে-"নুশুনা হ'লেই ভাল আছিল। তুমি কোনোমতেই নেৰা যেতিয়া কি কৰিম আৰু? কওঁ শুনা- আজি বৰ ভয়ানক কাণ্ড এটা হ'ল। তোমাৰ ককাইদেউয়েৰাৰে সৈতে মই মৃগয়ালৈ গৈছিলোঁ। 


হাবিত এটা পহু খেদি তাৰ ওচৰলৈ যাবলৈ ধৰোতেই পহুটো বিম্বাশবদে লৰ মাৰিলে; আমিও পিছে পিছে খেদি গ'লোঁ। এইদৰে যাওঁতে যাওঁতে হাবিত তোমাৰ ককাইদেউয়েৰা গ'ল এফালে, মই গ'লো এফালে। কিছু দূৰ গৈ, আনফালে কিহবাই হাবিবোৰ লৰাই লৰাই যোৱা যেন দেখিলোঁ। মই পহু বুলি সেইফালে পোনাই কাঁড় মাৰি দিলোঁ আৰু তাৰ পিছতে ময়ো সেইখিনিলৈ গৈ দেখোঁ যে সেইটো পহু নহয়, তোমাৰ ককাইদেউয়েৰাকহে মাৰিলোঁ। কি কৰিম? হাবিত পৰি থাকিলে শটো লোকে দেখি চিনিব আৰু ৰজাই মোক জগৰীয়া কৰিব, সেইদেখি একো উপায় নাপাই, সৌৱা মূৰটো কাটি বান্ধি-চাতি লৈ আহিছোঁ, এই ছালপীৰাখনৰ তলতে পুতি থওঁ। তুমি এতিয়া কথাটো যেন ক'তো নুলিওৱা। চিপৰাংখন বেগেতে আনি দিয়াচোন এতিয়া।” ঘৈণীয়েকে আৰু চিপৰাং আনি দিয়ে ক'ত? ককায়েক মৰাৰ কথা শুনি কান্দিবলৈ 'হে ধৰিলে। 


মন্ত্ৰীয়ে নিজেই চিপৰাং বিচাৰি আনি শোৱা-ছালপীৰাৰ তলতে গাঁত এটা খান্দি টোপোলাটো নেমেলাকৈয়ে তাতে পুতি মাটিখিনি আগৰ দৰে সমানকৈ থৈ বাহিৰলৈ ওলাই গুচি গ'ল। ঘৈণীয়েকে কান্দিবলৈ ধৰিলে। ৰাতি তেওঁলোকৰ ৰন্ধা-বঢ়া,  খোৱা-লোৱাও একো নহ'ল। ৰাতি পুৱালতে ৰজাৰ জীয়েক কান্দি কান্দি বাপেকৰ ঘৰত ওলালগৈ। মাকে জীয়েকক সিমান ৰাতিপুৱাই কান্দি-কাটি অহা দেখি সুধিলে, "আই অ'। তোৰ কি হ'ল? গিৰিয়েৰে মাৰিলে নে কি? ইমান ৰাতিপুৱাই কান্দি-কাটি আহিছে কিয়?" জীয়েকে উত্তৰ দিলে, "আমাৰ ফালে হ'ল আৰু।” মাকে আচৰিত হৈ সুধিলে, "কি হ'ল?” জীয়েকে ক'লে, "কালি মৃগয়ালৈ গৈ পহু বুলি জোঁৱায়েৰাই ককাইদেউকে মাৰিলে।” ৰাণীয়ে "কি মোৰ বোপাইক মাৰিলে?” বুলি হিয়া ভুকুৱাই কন্দা মাত্রকে গোটেইখন ঘৰ তোলপাৰ লাগি পৰিল, আৰু তৎক্ষণাৎ বতাহৰ দৰে এই কথা গৈ ৰজাৰ কাণত পৰিল। 


ৰজাই শুনিয়েই-"কি সি কেলেহুৱা চপনীয়া এটাৰ ইমান সাহ? আন তাক এতিয়াই ধৰি।” বুলি ক'লে আৰু কোৱা মাত্রকে কেইটামান পহৰীয়াই লৰ মাৰি গৈ মন্ত্ৰীক ধৰি আনি ৰজাৰ আগত থিয় কৰিলে। ৰজাই সোধ-পোছ নকৰাকৈয়ে- "চাওদাং, এতিয়াই এই পাপিষ্ঠৰ কটা-মূৰ আনি মোক দেখুৱাবহি লাগে।” বুলি আদেশ কৰিলে। যেই কথা সেই কাম। তেতিয়াই গোটাচৰেকে পহৰীয়া আৰু চাওদাঙে ৰজাৰ জোঁৱায়েকক মৰিশালিৰ ফালে লৈ গুচি গ'ল। মৰিশালিলৈ মন্ত্ৰীক নিওঁতে দৈবক্রমে সেইপিনে, সেই যে মন্ত্রী ৰজাৰ নগৰলৈ আহিবৰ দিনা এজনী নটীৰ তাত তেওঁ ৰাতি খপিছিল, সেই নটীৰে সৈতে তেওঁৰ দেখা হ'ল। তাই মন্ত্রীক সেই অৱস্থাত দেখি সুধিলে, "ডাঙৰীয়া! এদিন আপুনি মোৰ তাত আছিল নহয়? আৰু মই সোধাত আপুনি বেপাৰী বুলি কৈছিল নহয়? পিছে নো এতিয়া কি কথা? ইহঁতেনো আপোনাক এইদৰে ক'লৈ নিয়ে? মন্ত্রীয়ে "এ নক'বা দেও সেইবোৰ কথা। 


মোৰ দুখৰ কথানো কি শুনিবা? তোমাৰ তাৰপৰা গৈ মোৰ কাম-কাজ দেখি মোৰ ওপৰত তুষ্ট হৈ ৰজাই মোক ডেকা-মন্ত্রী পাতিলে আৰু লগতে তেওঁৰ জীয়েককো মোলৈ বিয়া দিলে। তাৰ পিছত ইমানদিন আছিলোঁ সুখেৰেই; পিছে কালি ৰজাৰ কোঁৱৰে মৃগয়ালৈ যাবলৈ বুলি আহি লগ লোৱাত তেওঁৰ লগত মৃগয়ালৈ গৈছিলোঁ; কিন্তু দুর্ভাগ্যক্রমে মোৰ ধেনুৰপৰা কাঁড় এপাট লাগি কোঁৱৰ মৰিল। পিছে মই কোঁৱৰৰ মূৰটো কাটি ভালকৈ বান্ধি লৈ ঘৰলৈ গলোঁ, গৈ সেইটো পুতিবলৈ চিপৰাংখন ক'ত আছে বুলি আমাৰ ঘৈণীক চিপৰাং খোজাত তেওঁ কিয় চিপৰাং খুজিছে, চিপৰাঙেৰে এই ৰাতিখন কি কৰে, কি হৈছে, কি কথা, ঘনে ঘনে এই বুলি সোধাত, মই সকলোখিনি ভাঙি-পাতি ক'লো। 


পিছে ঘৈণীজনাই আজি ৰাতিপুৱাই শুই উঠিয়েই মাকৰ আগত এই কথা কোৱা মাত্রকে ৰজাই খবৰ পাই মোক ধৰাই নি, একো সোধ-পোছ নাই, বিচাৰ নাই, চাওদাঙৰ হাতত কাটিবলৈ দিছে।” নটীয়ে আচৰিত মানি সুধিলে "কি আপোনাৰ কোনো বিচাৰ কৰা নাই?" মন্ত্ৰীয়ে ক'লে- “এৰা নাই কৰা।” এই উত্তৰ পাই তাই চাওদাং আৰু পহৰীয়াক ক'লে, "ককাইদেউহঁত তহঁতে এওঁক এতিয়াই ৰজাৰ ওচৰলৈ ওভোটাই ল। কি অন্যায়! কি অধৰম! ৰজাৰ পুতেকক মাৰিলে বুলিয়েই সোধ-পোছ নোহোৱাকৈ মানুহজনক কাটিব পায়নে?” পহৰীয়াহঁতে "আইদেউ, ৰজাৰ আদেশ; আমি কেনেকৈ ওভোটাই লৈ যাওঁ?” বুলি কোৱাত, নটীয়ে এওঁক লৈ ব'ল, তাৰ বাবে যি দায় জগৰ লাগে মোৰ গাত লাগিব, ৰজাই মোক কাটিব, ময়ো যাওঁ তহঁতৰ লগতে।” এই বুলি কৈ তাই আকৌ এটাইমখাকে ওভোতাই লৈ ৰজাৰ সভাত হাজিৰ হ'লগৈ। 


ৰজাই মন্ত্ৰীক দেখিয়েই জ্বলি উঠি চাওদাঙৰ ফালে চাই ক'লে, "তোক মই ইয়াৰ কটা মূৰ আনিবলৈ কৈছিলোঁ নহয়?” নটীয়ে তেতিয়া আগবাঢ়ি আহি ক'বলৈ ধৰিলে, "মহাৰাজ, চাওদাঙৰ গাত কোনো দোষ নাই, মইহে সিহঁতক ওভোতাই লৈ আহিছোঁ। শুনিবলৈ পালোঁ, মহাৰাজে কোনো সোধ-পোছ নকৰাকৈয়ে এওঁক কাটিবলৈ হুকুম দিছে। দোষ কৰিলে, শাস্তি দিয়ে, কিন্তু তাৰতো বিচাৰ হব লাগে।" এই কথাতে ৰজাই ক'লে, "বিচাৰ আৰু কি কৰিম! সি মোৰ ল'ৰাক মাৰিছে দেখি ময়ো তাক কাটিবলৈ দিছোঁ।” নটীয়ে ক'লে "নহয় মহাৰাজ। এইটো কোনো কথা নহয়। আপোনাৰ কোঁৱৰক মাৰিছে বুলিয়েই যে সোধ-পোছ নোহোৱাকৈ কাটিবলৈ দিব এনে হ'ব নোৱাৰে। সঁচাকৈয়ে মাৰিছেনে নাই? মাৰিছে যদি কেনেকৈ মাৰিলে? ইয়াৰতো এটা তত্ত্ব লোৱা উচিত। আন এটাক মৰা হ'লে জানো এইদৰে সোধ-পোছ নকৰাকৈয়ে কাটিবলৈ পঠালেহেঁতেন? কেতিয়াও নপঠায়। আৰু বিশেষত: যদি আপোনাৰ কোঁৱৰক সঁচাকৈয়ে মাৰিছে হে, কোঁৱৰৰো মূৰটো আনি তেওঁৰ শোৱাপাটীৰ তলতেই তো পুতি থৈছে, সেইটো আনি চালেই হয় দেখোঁ। 


মহাৰাজে জানো মূৰটো অনাই চাইছিল?" নটীৰ কথা শুনি ৰজা কিছুমান সময় তবধ লাগি ৰ'ল। তাৰ পিছত ৰজাই পহৰীয়া এটাক মাতি ক'লে, "বাৰু যাচোন তই এই মন্ত্ৰীৰ ঘৰলৈ; ইয়াৰ শোৱা-ছালপীৰাৰ তলতে এটা মূৰ বোলে পুতি থোৱা আছে, খান্দি লৈ আহগৈ।” এই কথা কেইআষাৰ কৈয়েই ৰজাই তললৈ মূৰ কৰি নিমাত হৈ ৰ'ল আৰু সভাৰ কোনো কোনোৱে শুদা মাটিখনকে আঁকিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে মূৰটো আনিবলৈ যোৱা মানুহ আহি পালেহি আৰু ৰজাই টোপোলাটো মোকোলাই দেখে যে তাৰ ভিতৰত এটা পহুৰ মূৰ। দেখি সকলোৱে আচৰিত মানি ভেবা লাগিল। নটীয়ে তেতিয়া ক'বলৈ ধৰিলে- "দেখিলে এতিয়া মহাৰাজ! নভবা-নিচিন্তাকৈয়ে কি কৰিছিল? তেওঁ এদিনৰ নিমিত্তে হওক বা দুদিনৰ নিমিত্তে হওক নিশ্চয় আপোনাৰ জোঁৱায়েক। তেওঁকে মাৰিবলৈ ধৰিছিল নহয়? এইটো কিমান অন্যায় কথা চাওক।” ঠিক এনে সময়তে ৰজাৰ কোঁৱৰো শহুৰেকৰ ঘৰৰপৰা গৈ ৰজাৰ সভাত উপস্থিত হোৱাত সকলোবিলাক আৰু আচৰিত হ'ল, মৰা মানুহ দেখোন এইটো।


কিছুমান পৰৰ মূৰত ৰজাই মন্ত্ৰীক সুধিলে, "বোপা কি কথা নো? মিছাকৈয়ে নো কথাটো কেলৈ উলিয়াইছিলা?" তেতিয়া মন্ত্রীয়ে মাত লগালে, "মহাৰাজ! আপুনি অমুক ৰজালৈ অবুজ ৰজা আৰু অবুজ ৰজাৰ বিবুজ মন্ত্রী কোন? ভালৰ বেয়া, বেয়াৰ ভাল কোন? আৰু ৰাজদুৱাৰৰ কুকুৰ কোন? এই প্রশ্ন কেইটা লেখি তাৰ উত্তৰ খুজি পঠাইছিল নহয়? পিছে সেই ৰজাই আপোনালৈ এবছৰৰ ভিতৰত আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম বুলি লেখিছিল। আজি মই আপোনাৰ গাতে সেই কথা কেইটা দেখুৱাওঁ। মহাৰাজ, ময়ে সেই ৰজাৰ মন্ত্ৰী।”


মন্ত্ৰীৰ কথা শুনি ৰজাই সুধিলে, "মোৰ গাত নো সেই কেইটা কথা কেনেকৈ দেখুৱাবা?” মন্ত্ৰীয়ে "বাৰু কওঁ শুনক তেনেহলে” বুলি কবলৈ ধৰিলে,- "মহাৰাজ! আপোনাৰ পুতেকক মই মৰাৰ কথা শুনিয়েই আপুনি মোক চাওদাঙৰ হাতত, সোধ-পোছ নকৰাকৈয়ে কাটিবলৈ দিছিল নহয়? কাজেই আপুনি অবুজ ৰজা, আপোনাৰ অলপো বুজ বিচাৰ নাই। আৰু আপুনি বাৰু মোক কাটিবলৈকে দিলে, এইবিলাক সভাসদ মন্ত্রীতো ইয়াতে বহিয়েই আছিল, ক'তা এটায়ো দেখোন আপোনাৰ কথাত বাদ ধৰিব নোৱাৰিলে? আপুনি যি ক'লে সেয়ে হ'ল, কাজেই ইহঁত এটাইখন বিবুজ মন্ত্রী। তাৰ পিছত কালি পহুৰ মূৰটো বান্ধি লৈ আহি পুতিবলৈ ধৰোঁতে সেইটো নো কি, আপোনাৰ জীয়েকে কত সুধিলে তথাপি মই একো নকলোঁ; শেষত মোৰ গাত ধৰি শপত খালে বোলে 'মই শপত খাই কৈছোঁ কাৰো আগত নুলিয়াওঁ।' পিছে আজি ৰাতি পুৱাবলৈ নৌ পাওঁতেই সেইজনী তিৰোতাই সেই খবৰটো আপোনালোকক ক'বলৈ আপোনাৰ ঘৰত ওলাইছিলগৈ নহয়? এইজনী নটী, কিন্তু এইৰ গাত যিমান বুজ, যিমান বিচাৰ আছে, বোধকৰোঁ মহাৰাজৰ সভাত বা নিজ মহাৰাজৰো সিমান ফেৰা বিচাৰ বিবেচনা নাই। মহাৰাজে মোক কাটিবলৈ দিছিল; কিন্তু তাই সকলো কথা শুনি মহাৰাজৰ গাত দোষ দেখি আকৌ মোক ওভোতাই অনাৰ নিমিত্তেই হে মই ইমান সময়লৈকে জীয়াই থাকিবলৈ পাইছোঁ। এওঁ মোক প্রাণ দিলে। সেইদেখি বেয়াৰ ভাল এই নটী; আৰু ভালৰ বেয়া মহাৰাজৰ জীয়েক। আৰু ৰাজদুৱাৰৰ কুকুৰ- মহাৰাজৰ পদূলিমূৰত থকা সেই পুৰণি বুঢ়া দুৱৰীটো। সি ডেকা বয়সত কাম কৰিলে, এতিয়া সি বুঢ়া হ'লত মহাৰাজে তাক খেদি দিলে। মহাৰাজ, হয় নে নহয় ভাবি চাওক।


প্রশ্নকেইটাৰ উত্তৰ দিবৰ নিমিত্তে হে আপোনাৰ সৈতে ইমান দিন আছিলোঁ; আজি গুচি যামগৈ। আপোনাৰ জীয়েকৰ মন গ'লে মোৰ লগত যাব পাৰে, মন নগ'লে থাকিব পাৰে; এনেকুৱা তিৰোতাত মোৰ সকাম নাই।" মন্ত্ৰীৰ কথাত ৰজাই বৰ লাজ পালে। তাৰ পিছত তেওঁক তাত থাকিবলৈ ৰজাই বৰকৈ ধৰিছিল; কিন্তু মন্ত্ৰীয়ে "মহাৰাজ! মইতো পূর্বেই কৈছোঁ, প্রশ্নকেইটাৰ উত্তৰ দিবলৈ হে আপোনাৰ ইয়ালৈ আহিছিলোঁ। আৰু ইমান দিন আছিলো, আৰু নাথাকোঁ।" মন্ত্রীয়ে এই বুলি কৈ সেই দিনা তাতে থাকি পিছদিনা ৰাতিপুৱাই ঘৈণীয়েকৰ সৈতে ৰজাৰ ওচৰত বিদায় লৈ আগৰ নিজৰ ঘৰলৈ গুচি আহিল। নিজৰ ৰজাক তেওঁ সকলো কথা কোৱাত ৰজা মন্ত্ৰীৰ ওপৰত বৰ সন্তুষ্ট হ'ল আৰু বহুত ধন-সম্পত্তি, মাটি-বাৰী মন্ত্ৰীক ৰজাই বঁটা দিলে। মন্ত্ৰীয়ে শেষত বৰ সুখেৰে দিন কটাবলৈ ধৰিলে।




*********

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা