পার্বতিপ্ৰসাদ বৰুৱাৰ বিষয়ে ৰচনা
পার্বতিপ্ৰসাদ বৰুৱাৰ বিষয়ে ৰচনা পার্বতিপ্ৰসাদ বৰুৱাৰ বিষয়ে ৰচনা পার্বতিপ্ৰসাদ বৰুৱাৰ বিষয়ে ৰচনা Assamese Essay on Gitikobi Parvati Prasad Baruah পার্বতিপ্ৰসাদ বৰুৱাৰ বিষয়ে গীতি-কবি পার্বতিপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌত। পার্বতিপ্ৰসাদ বৰুৱাৰ দেউতাকৰ নাম ৰাধিকাপ্ৰসাদ আৰু মাকৰ নাম আছিল হিমলা দেৱী। পার্বতিপ্ৰসাদৰ দেউতাক ৰাধিকাপ্রসাদ অসম কাউন্সিলৰ সদস্য আছিল। তেওঁ 'ৰায় চাহেব' খিতাপো লাভ কৰিছিল। পার্বতিপ্ৰসাদ বৰুৱাৰ মাক যোৰহাটৰ বিখ্যাত চাহ খেতিয়ক, ৰায় বাহাদুৰ বিষ্টুৰাম বৰুৱাৰ কন্যা আছিল। পার্বতিপ্ৰসাদ বৰুৱাৰ আন আন ভাতৃকেইজন হ'ল-ভগৱতী প্রসাদ, কামাখ্যাপ্রসাদ আৰু মোক্ষদাপ্রসাদ। পার্বতিপ্ৰসাদ বৰুৱাৰ দেউতাক এজন সাহিত্যিক আছিল। তেওঁ 'পদ্য জামলা', 'ভিক্টোৰিয়া চৰিত্ৰ আৰু ভূগোল পাঠ' লিখিছিল। পার্বতিপ্ৰসাদ বৰুৱাই সৰুতে সোণাৰিৰ পাঠশালা স্কুলত পঢ়ি ৮ বছৰ বয়সত শিৱসাগৰৰ ফুলেশ্বৰী ইনষ্টিটিউচনত পড়ে। ১৯২১ চনত তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। গুৱাহাটীৰ কটন কলেজৰ পৰা আই.এছ.চি. পৰীক্ষা পাছ কৰি কলকাতাৰ স্কট...