সমাজ আৰু সাহিত্য সম্পৰ্কে ৰচনা
সমাজ আৰু সাহিত্য সম্পৰ্কে ৰচনা Homaj aru Hahitya Homporke Rosona in Assamese
সমাজ আৰু সাহিত্য সম্পৰ্কে ৰচনা Homaj aru Hahitya Homporke Rosona in Assamese
সমাজ আৰু সাহিত্য সম্পৰ্কে ৰচনা
আৰম্ভণি:
সাহিত্য হৈছে মানৱ জীৱনৰ এক নজহা-নপমা সুকুমাৰ অনুভূতি প্রকাশৰ বাহক। যুগে যুগে সাহিত্যই মানৱ মনৰ বিকাশৰ সাক্ষী হৈ আহিছে। অগ্নিপুৰাণত কবিক 'প্রজাপতি' অর্থাৎ সৃষ্টিকর্তা বুলি কৈছে।
"অপাৰে কাব্য সংসাৰে কবিৰেৱ প্রজাপতিঃ।
যথাৱৈৰোচতে বিশ্বং তথেদং পৰিবৰ্ততে।”
অর্থাৎ কবিয়েই কাব্য সংসাৰৰ প্রজাপতি ব্রহ্মস্বৰূপ। মানৱ মনৰ সুপ্ত অনুভূতিৰ বাংময় প্রকাশ ঘটে সাহিত্যত। ভাৰতীয় মানসিকতাতো প্রাচীন কালৰে পৰা সাহিত্যৰ নজহা নপমাপ্রভাৱ দেখা যায়। প্রাচীন ভাৰতত সাহিত্য চর্চাৰো বহু সাক্ষ্য পোৱা যায়।
সাহিত্য আৰু সমাজৰ সম্পর্ক:
লিখিত সাহিত্যৰ বহু আগৰে পৰা জনসমাজত মৌখিক সাহিত্য সৃষ্টি হৈছিল। অসমীয়া সমাজ জীৱনলৈ চালেই আমি দেখা পাওঁ বিভিন্ন লোকগীত, সাঁথৰ, প্রবাদ-প্রবচন ইত্যাদি। সমাজক আওকাণ কৰি সাহিত্য সৃষ্টি কৰাটো অসম্ভব। কথাটো এনেকৈয়ো ক'ব পাৰি যে সাহিত্য আৰু সমাজৰ এক নিবিড় সম্পর্ক আছে। প্রাচীন কালৰ গাঁথাসমূহ যাক প্রথম পাঠ বুলি কোৱা হয়; তাতো বিভিন্ন নীতিকথাৰ উল্লেখ আছে। সমাজৰ বিভিন্ন ঘটনা প্রৱাহক লৈয়ে সাহিত্যৰ সৃষ্টি হয়।
সাহিত্য আৰু মানৱ জীৱন:
মানৱ জীৱনত সাহিত্যৰ প্রভাব ব্যাপক আৰু গভীৰ। যুগে যুগে মানৱ সমাজে সাহিত্যক এক পৰিপূৰ্ণ আনন্দ দানৰ মাধ্যম হিচাপে গ্রহণ কৰি আহিছে। সাহিত্যই মানৱ জীৱনক ক্রিয়াশীল বৰূপ দিছে। বিজ্ঞান, প্রযুক্তিবিদ্যাৰ উন্নতিয়েও মানুহক সাহিত্য পঠনৰ পৰা আঁতৰাই ৰাখিব পৰা নাই। কিয়নো মানৱ জীৱনৰ ৰূপান্তৰৰ ইতিহাসত সাহিত্য হৈ পৰিছে এক মহৌষধি। সাহিত্য অধ্যয়ন কেরল মনোৰঞ্জন হৈয়ে থকা নাই; সাহিত্য হৈ পৰিছে মানৱজীৱনৰ আত্মাস্বৰূপ। পৃথিৱীৰ বহুতো দেশৰ সামজিক, ৰাজনৈতিক বা শৈক্ষিক বুৰঞ্জীত সাহিত্য আৰু সাহিত্যিকৰ অৱদান অনস্বীকার্য। 'তিলৰ মাজত তেল' থকাৰ দৰে সাহিত্যত লুকাই থাকে এক অনন্য প্রাণশক্তি। কলা হিচাপে সাহিত্যই অমৰত্ব লাভ কৰিছে। দেশ, কাল, ভূগোলৰ সীমা অতিক্রমি সাহিত্য হৈ পৰিছে মানৱ জীৱনৰ সাৰ্বজনীন ভাবৰ ধাৰক আৰু বাহক।
সমাজৰ দাপোন হিচাপে সাহিত্যঃ
সাহিত্যত সমাজৰেই ছবি পৰিস্ফুট হয়। ব্যক্তিগত ঘটনায়ো সাহিত্যত নৈর্ব্যক্তিক উপলদ্ধিৰ আধাৰ হৈ পৰে। উদাহৰণস্বৰূপে, মাধৱ কন্দলিৰ ৰামায়ণৰ কথাই ক'ব পাৰি। গ্ৰন্থখনত মধ্যযুগৰ অসমৰ সমাজব্যৱস্থা, লোকমন আদি প্রতিভাত হৈ উঠিছে। মুঠতে যিকোনো লেখকৰ লেখাতেই সমাজৰ প্ৰতিচ্ছবি লুকাই থাকে। বিৰিঞ্চি কুমাৰ বৰুৱাৰ 'জীৱনৰ বাটত' উপন্যাস খনো অসমীয়া সমাজৰ নানা লোকবিশ্বাস, কৃষি, উৎসৱ আদি প্রতিফলিত হৈছে। সমাজক বাদ দি কোনো লেখকেই সার্থক সাহিত্য সৃষ্টি কৰিব নোৱাৰে। সেয়ে সাহিত্যৰ ইতিহাসত মেক্সিম গকী, প্রেমচন্দ, ৰজনীকান্ত বৰদলৈ আদিৰ নাম যুগমীয়া হৈ ৰ'ব। কিয়নো তেওঁলোকৰ সাহিত্যৰ সৈতে সংপৃক্ত হৈ আছে গভিৰ সমাজ ভাৱানা।
জীৱন আৰু জগত সম্পর্কে সাহিত্যিকৰ দৃষ্টিভংগী:
প্রতিটো যুগৰ সাহিত্যত সাহিত্যিকসকলৰ গভীৰ জীৱনবোধ মন কৰিবলগীয়া। জীৱন আৰু জগত সম্পর্কে সাহিত্যিক সকলৰ এক সুকীয়া দৰ্শন থাকে। প্রাচীন ভাৰতৰ সাহিত্যত যিদৰে এক অপূর্ব প্রমূল্য মন কৰিব পাৰি; সেইদৰে আধুনিক সাহিত্যতো মানৱ মনৰ নানা দিশ উন্মোচিত হোৱা দেখা যায়।সাহিত্যিক সকলৰ ৰচনাত মূলতঃ ফুটি উঠে আনক আনন্দ দিয়াৰ বাসনা। কিন্তু তাৰ অন্তৰালত মানৱ কল্যাণৰ চেতনাও অন্তঃসলিলাৰ দৰে প্ৰৱাহিত হৈ থাকে।
সমাজ পৰিবৰ্ত্তনত সাহিত্যৰ ভূমিকা:
সাহিত্য সময়ে সময়ে হৈ পৰে সমাজ সংস্কাৰ আহিলা। সাহিত্য হৈছে সমাজত 'ৰূপান্তৰৰ স্বপ্ন' ৰচনা কৰিব পৰা এক অভিনৱ শক্তি। উদাহৰণস্বৰূপে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত নানান গীত, কবিতা, উপন্যাস, আদিৰ কথা ক'ব পাৰি। যিবোৰে মানুহৰ চেতনাক গভীৰভাৱে আলোড়িত কৰিছিল।
সামৰণি:
সাহিত্যই সমাজত তাহানিৰে পৰা মহৎ ভূমিকা গ্রহণ কৰি আহিছে। বিশ্বৰ বিভিন্ন সাহিত্যত প্রাণ পাই উঠিছে মানুহৰ অক্ষয় সত্তা। সেয়ে সমাজ পৰিবৰ্তনৰ ক্ষেত্ৰত সাহিত্যৰ অনবদ্য ভূমিকা থকাটোত কাৰো দ্বিমত থাকিব নোৱাৰে।
*******
Comments
Post a Comment