ড° মামনি ৰয়ছম গোস্বামীৰ বিষয়ে ৰচনা
ড° মামনি ৰয়ছম গোস্বামীৰ বিষয়ে ৰচনা
ড° মামনি ৰয়ছম গোস্বামীৰ বিষয়ে ৰচনা অসমীয়াত Assamese Essay on Dr. Mamoni Raisom Goswami Indira Goswami
ড° মামনি ৰয়ছম গোস্বামী
মামণি ৰয়ছম গোস্বামীৰ তথা ইন্দিৰা গোস্বামীৰ পিতৃ আছিল উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱী। অম্বিকা দেৱী এগৰাকী অসাধাৰণ আৰু দীপ্তিময়ী মহিলা আছিল। তেওঁ আহোম ৰাজবংশৰ এক প্ৰভাবশালী মন্ত্ৰী কাশীনাথ তামুলী ফুকনৰ বংশধৰ আছিল। ড° মামণি ৰয়ছম গোস্বামীৰ পিতৃ অতি ব্যস্ত জীৱন অতিবাহিত কৰিছিল, ফলত অম্বিকা দেৱীকেই সন্তানৰ যাবতীয় দিশ একাকাৰে সামৰিব লগা হৈছিল। শিশুকালত ড° গোস্বামী সমবয়সীৰ সৈতে খেলিবলৈ খুব ভাল পাইছিল। যদিও মামণি ৰয়ছম গোস্বামীৰ পেহীয়েকে তেওঁক আনসকলৰ লগত মিলিবলৈ সান্নিধ্য দিব নিবিচাৰিছিল, তথাপি মাতৃ অম্বিকা দেৱীয়ে কেতিয়াও ছাত্ৰ-ছাত্ৰীৰ সৈতে মিলা-মিছা কৰাত কেতিয়াও বাধা দিয়া নাছিল। তেওঁৰ উদাৰ আৰু সহানুভূতিশীল মনোভাৱেই ড° মামণি ৰয়ছম গোস্বামীৰ শৈশৱক উজ্জ্বল কৰি তোলে।
মামণি ৰয়ছম গোস্বামীৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত, গুৱাহাটীত। মামণি ৰয়ছম গোস্বামীৰ সৰুকালৰ নাম আছিল ইন্দিৰা গোস্বামী। মাকে তেওঁক সৰুৰে পৰা 'মামণি' বুলি মাতিছিল। মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ 'মা' নামৰ গ্ৰন্থখনত মাকক 'ৰূপহী আই' বুলি উল্লেখ কৰিছে।উমাকান্ত গোস্বামীৰ সৈতে অম্বিকা দেৱীৰ বিবাহ হৈছিল ১৯৩৬ চনত। উমাকান্ত গোস্বামীৰ অম্বিকা দেৱী আছিল দ্বিতীয় পত্নী। উমাকান্ত গোস্বামীৰ প্রথমা পত্নী প্রতিভা গোস্বামীৰ মৃত্যুৰ পিছত তেওঁ অম্বিকা দেৱীক বিয়া কৰাইছিল। ১৯৪৬ চনত তেওঁক লতাশিল স্কুলত নামভৰ্তি কৰি দিছিল। লতাশিলৰ স্কুলত পঢ়াৰ আগতে ড° মামণি ৰয়ছম গোস্বামীয়ে এদিন কি দুদিন গাঁৱৰ এখন স্কুললৈ গৈছিল যদিও দেউতাকে গুৱাহাটীত থাকিব লগা হোৱাত তেওঁৰ গাঁৱৰ স্কুলত পঢ়া নহ'ল। যাহওক গুৱাহাটীৰ লতাশিল স্কুলত তেওঁ প্রথম বিদ্যা শিক্ষা আৰম্ভ হয়। অৱশ্যে লতাশিলৰ স্কুলত নামভৰ্তিৰ আগেয়ে ড° গোস্বামীয়ে দুদিনমান চেনিকুঠী স্কুললৈও গৈছিল। তেওঁ লতাশিল স্কুলত সুদীর্ঘ চাৰি বছৰ কাল পঢ়িছিল। পঢ়া-শুনাত তেওঁ সিমান বেয়া নাছিল। প্রথম নহ'লেও শ্রেণীত প্রায়ে দ্বিতীয় হৈছিল।
১৯৫০ চনত ড° মামণি ৰয়ছম গোস্বামীৰ দেউতাক উমাকান্ত গোস্বামী অসমৰ শিক্ষাধিকাৰ পদত নিযুক্তি হয়। সেই সময়ত অসমৰ ৰাজধানী শ্বিলঙত আছিল। সেয়ে তেওঁ গুৱাহাটীৰ পৰা শ্বিলঙলৈ যাবলগা হয়। ফলত উমাকান্ত গোস্বামীৰ পৰিয়ালটোও শ্বিলঙলৈ যাবলগা হৈছিল। ইন্দিৰা গোস্বামীক শ্বিলঙৰ পাইন মাউন্ট স্কুলত নামভৰ্তি কৰি দিছিল। অৱশ্যে এই স্কুলখনৰ পৰিৱেশ গুৱাহাটীৰ লতাশিল স্কুলৰ পৰিৱেশৰ সম্পূৰ্ণ বিপৰীতে আছিল। পাইন মাউণ্টত প্রথম শ্রেণীত পঢ়ি থাকোতে ইন্দিৰা গোস্বামীয়ে এখন সুন্দৰ পেইন্টিং আঁকি তেওঁ প্রশংসা পত্র লাভকৰিছিল। কিন্তু ১৯৫৪ চনত শিক্ষাধিকাৰ হিচাপে উমাকান্ত গোস্বামী গুৱাহাটীলৈ আহিবলগা হোৱাত তেওঁৰ পৰিয়ালটোও শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহে। ইন্দিৰা গোস্বামীক গুৱাহাটী তাৰিণীচৰণ চৌধুৰী ছোৱালী স্কুলত নাম লগাই দিয়ে। পাইন মাউন্ট স্কুলত পঢ়া সময়ৰে পৰাই ইন্দিৰা গোস্বামীয়ে স্কাউটত অংশগ্রহণ কৰিছিল। এই ক্ষেত্ৰত তেওঁ ছোৱালীৰ গাইড হিচাপে সাতটা পদক লাভ কৰিছিল। তাৰিণীচৰণ চৌধুৰী ছোৱালী হাইস্কুলত পঢ়ি থাকোতে এবাৰ তেওঁ ছাত্রী একতা সভাৰ সম্পাদিকা হৈছিল। তাত পঢ়ি থাকোতেই জয়পুৰত অনুষ্ঠিত হোৱা এক প্রতিবাদী সমদলত যোগদানৰ বাবে যোৱা অসমৰ ছাত্ৰীসকলৰ তেওঁ প্রতিনিধিত্ব কৰিছিল। স্কুলত পঢ়ি থাকোতেই ১৯৫৫ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ ইন্দিৰা গোস্বামীৰ দেউতাক উমাকান্ত গোস্বামীৰ মৃত্যু হয়। ১৯৫৭ চনত গোস্বামীয়ে তাৰিণী চৰণ চৌধুৰী ছোৱালী হাইস্কুলৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়।
ইন্দিৰা গোস্বামীক দেউতাক আৰু খুৰাকে বৰ মৰম কৰিছিল। তেওঁ দেউতাকৰ লগত ছাঁৰ দৰে লাগি আছিল। দেউতাকে তেওঁক ইমানেই মৰমৰ কৰিছিল যে সেই মৰমৰ কাৰমে তেওঁ স্বভাৱত স্থায়ীভাৱে কিছুমান বেয়া গুণৰহে সৃষ্টি হৈছিল। যিবোৰ বস্তু তেওঁৰ ভাল লাগিছিল, সেইবোৰ বস্তু নোপোৱালৈকে তেওঁ ঘৰৰ কাকো শান্তি দিয়া নাছিল। কাৰো উপদেশ বা আদেশে তেওঁ যি কৰিব খুজিছিল তাক নকৰা কৰিব নোৱাৰিছিল। পিতাকলৈ সৰুৰে পৰা ইন্দিৰাৰ এটা সম্ভ্রম আছিল, কিন্তু তেওঁ কেতিয়াও তেওঁক ভয় কৰা নাছিল। খুৰাকলৈও তেওঁৰ ঠিক একে ধৰণৰ সম্ভ্রম আছিল, কিন্তু তেওঁকো ভয় কৰা নাছিল। তেওঁৰ শৈশর কালত মাকে তেওঁৰ পিতাকৰ সমান তেওঁক আকর্ষিত কৰিব পৰা নাছিল। পিতাক য'লৈকে গৈছিল, তেওঁ তালৈকে যাবলৈ ওলাইছিল। কিছু দূৰ ঠাইলৈ যাবলগা হ'লে পিতাকে তেওঁক এৰি থৈ গৈছিল। তেনে অৱস্থাত ইন্দিৰাই কান্দি-কাটি চিঞৰ-বাখৰ লগাই একোটা অদ্ভুত দৃশ্যৰ সৃষ্টি কৰিছিল। পিতাকে ইন্দিৰাক প্ৰায়বোৰ ঠাইলৈ লৈ গৈছিল। আনকি কটন কলেজত অধ্যাপক অথবা অধ্যক্ষ হৈ থাকোতে কলেজত হোৱা মিটিংবোৰলৈও তেওঁ ইন্দিৰাক লৈ গৈছিল। কলেজৰ এনেধৰণৰ মিটিং কিছুমানত তেওঁৰ বান্ধৱী ইলাও গৈছিল। ইলাৰ দেউতাক স্বর্গীয় ফণী দত্ত কটন কলেজৰে অধ্যাপক আছিল। মিটিংবোৰত ইলা আৰু ইন্দিৰা ওচৰা-উচৰিকৈ বহিছিল। তেওঁলোকক বহিবলৈ দিয়া হৈছিল দুখন চকীত। এই মিটিংবোৰৰ বক্তৃতাবোৰ দুয়ো বুজি নাপাইছিল। সেয়ে কোনোবাই ভাষণ দিবলৈ ষ্টেজত উঠাৰ লগে লগে তেওঁলোক দুয়ো খিলখিলাই হাঁহিছিল। সমস্ত দৰ্শকৰ চকু তেওঁলোকৰ ওচৰত পৰিছিল। শৈশৱ কালত খুৰাকৰ ব্যক্তিত্বই ইন্দিৰাক বৰকৈ মুগ্ধ কৰিছিল।
শীতৰ বন্ধত প্ৰায়েই ইন্দিৰাই খুৰাকৰ চাইকেলত উঠি গাঁৱলৈ গৈছিল। মুক্তভাৱে গাঁৱত ফুৰা-চকা কৰিছিল। খেৰৰ পুঁজিবোৰৰ ওপৰত উঠি তললৈ চুঁচৰি নামি অহাটোও তেওঁৰ অতি প্রিয় খেল আছিল। আবেলি প্রায়েই সৰু কাঠৰ দলং এখন পাৰ হৈ খুৰাকৰ লগত ইন্দিৰাই বৰীহাটৰত বজাৰলৈ গৈছিল। দোকানৰ গাদী এখনত তেওঁ খুৰাকৰ লগত বহিছিল। বাৰিষাৰ দিনত গাঁৱলৈ গ'লে বাৰীৰ পাছফালৰ ডাঙৰ পুখুৰীটোত ইন্দিৰাই খুৰাক আৰু আনসকলৰ লগত সাঁতুৰিছিল। ইন্দিৰাই পিতাকৰ লগত গুৱাহাটী পৰা কেতিয়াবা ৰাণীত থকা তেওঁলোকৰ হাতীৰ মহলো চাব গৈছিল। তাত বনৰীয়া হাতীক ঘৰচীয়া কৰিবলৈ প্রশিক্ষণ দিয়া দৃশ্য তেওঁ নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল। খুৰপীৰে খুঁচি খুঁচি চিঞৰ-বাখৰ কৰি এটা ঘৰচীয়া হাতীৰ লগত বান্ধি লৈ বনৰীয়া হাতীটোক শিক্ষা দিয়া দৃশ্য ইন্দিৰাক আনন্দ দিয়াতকৈ বেজাৰহে দিছিল।ইন্দিৰা গোস্বামীৰ মাক ৰবীন্দ্ৰনাথৰ ভক্ত আছিল। তেওঁ সৰু নোটবহী এখনত বীন্দ্রনাথৰ কবিতাবোৰ টুকি ৰাখিছিল। তেওঁ গায়িকা নাছিল যদিও নিজেই সেইবোৰত সুৰ দিবলৈ চেষ্টা কৰিছিল। ইন্দিৰা আৰু তেওঁৰ সৰু ভনীয়েক সবিতাক মাকে প্রথমতে নিজেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ গানবোৰ বেসুৰাকৈ গাবলৈ শিকাইছিল। পিছলৈ জ্ঞানদা কাকতীয়ে তেওঁলোকক গান শিকাইছিল। ইন্দিৰা গোস্বামীয়ে শ্বিলঙৰ পাইন মাউন্ট স্কুলত পঢ়ি থাকোতে ছাত্ৰীবোৰক 'মিছ হলটিন' নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে সাঁতুৰিবলৈ শিকাইছিল। স্কুলৰ পৰা প্ৰত্যেক শুকুৰবাৰে 'ত্ৰিনোলিন ফলছ'ৰ সম্মুখৰ ছুইমিং পুললৈ গৈ ছাত্ৰীবোৰক তেওঁ সাঁতুৰিবলৈ শিকাইছিল। ইন্দিৰাৰ নিজৰ ছুইমিং কষ্টিউম নাছিল। তেওঁলোকৰ কোৱাৰ্টাৰত কাম কৰা বঙালী মহিলা এগৰাকীয়ে ইন্দিৰাক পুৰণি ছুইমিং কষ্টিউম যোগাৰ কৰি দিছিল। সেই কষ্টিউমকে লৈ ইন্দিৰাই সাঁতুৰিবলৈ গৈছিল। বৰ জুখি-মাকি টকা-পইচা খৰচ কৰা বাবেই হয়তো তেওঁ পিতাকক এযোৰ ছুইমিং কষ্টিউম লাগে বুলি মুখ ফুটাই ক'ব পৰা নাছিল।
শৈশৱত ইন্দিৰা গোস্বামীৰ জন্মদিন পালন কৰা হোৱা নাছিল। তেওঁৰ জন্মদিনৰ কথা তেওঁ নিজেই নাজানিছিল, ঘৰৰ কোনেও তেওঁৰ জন্মদিন মনত ৰখা নাছিল। অকল ইন্দিৰাৰেই নহয়, ঘৰৰ কোনো এটা ল'ৰা-ছোৱালীৰ জন্মদিন পালন কৰা নাছিল। বাহ্যিক জাক-জমকতা এৰি নিজৰ ল'ৰা-ছোৱালীবোৰে যাতে সাধাৰণ জীৱন-যাপন কৰিব পাৰে, তাৰ বাবে দেউতাক বৰ সজাগ আছিল। ইন্দিৰা গোস্বামীয়ে সৰুৰে পৰা লিখিছে যদিও কিন্তু তেওঁ লেখিকা হোৱাৰ ইচ্ছা কোনোদিনেই পুহি ৰখা নাছিল। সৰুতে তেওঁ চিত্ৰকৰ হ'বলৈ ইচ্ছা কৰিছিল। লিউনার্ড দা ভিন্সি মাইকেল এঞ্জেলা, পিকাচোৰ দৰে ছবি আঁকিব বিচাৰিছিল। চিত্ৰকৰসকলৰ জীৱন কাহিনীয়েও তেওঁক সৰু কালত বৰকৈ আকৃষ্ট কৰিছিল। শ্বিলঙত থাকোতে মিছেছ ক'লমেন নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁক ছবি আঁকিবলৈ শিকাইছিল। তেতিয়া তেওঁ যীশুৰ ছবি এখন ভালদৰে আঁকিছিল আৰু শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁৰ ছবিখন সকলোকে দেখুৱাইছিল। আনকি মিছেছ ক'মেনে পতা ছবি আঁকা প্রতিযোগিতাত ছবি আঁকি ইন্দিৰা গোস্বামীয়ে পুৰস্কাৰো পাইছিল। মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈ ইন্দিৰা গোস্বামীয়ে ১৯৫৭ চনত গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ত আই এত নামভর্তি কৰে। স্কুল-কলেজত পঢ়ি থাকোতেই ইন্দিৰা গোস্বামীয়ে কাকত-আলোচনীত গল্প লিখি সাহিত্যৰ পুৰস্কাৰ লাভ কৰিছিল। ১৯৬০ চনত তেওঁ কটন কলেজত স্নাতক শ্রেণীত নামভর্তি কৰে। কটন কলেজত পঢ়ি থাকোতেই তেওঁ শ্ররজীবী মানুহৰ জীৱনৰ আধাৰত ভালেমান গল্প লিখিছিল। ১৯৬০ চনটো ইন্দিৰা গোস্বামীৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ আছিল। সেই বছৰটোত তেওঁ নানা ধৰণৰ মানসিক অশান্তি পাইছিল। সেই বছৰেই তেওঁৰ খুৰাক চন্দ্ৰকান্ত গোস্বামী মৃত্যু হৈছিল। দ্বিতীয়তে, সেই বছৰৰ বি.এ. পৰীক্ষাত তেওঁ ফল আশানুৰূপ ফল দেখুৱাব পৰা নাছিল।
১৯৬১ চনত ইন্দিৰা গোস্বামীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত স্নাতকোত্তৰ শ্ৰেণীত নামভর্তি কৰে। ১৯৬৩ চনত তেওঁ গুৱাহাটীৰ ছেইন্ট মেৰীজ গার্লছ হাইস্কুলত কিছুদিনৰ বাবে শিক্ষকতাও কৰিছিল। ১৯৬৩-৬৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্রী লাভ কৰে। ১৯৭২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তুলসী দাসৰ ৰাম ৰচিত মানস আৰু মাধৱ কন্দলী অসমীয়া ৰামায়ণঃ এটি তুলনামূলক অধ্যয়ন শীর্ষক গৱেষণাৰ বাবে ডক্টৰেট ডিগ্রী লাভ কৰে। ১৯৬৫ চনত ইন্দিৰা গোস্বামীৰ মাধৱেন ৰয়ছম আয়েংগাৰ নামৰ এজন কৃতী অভিযন্তাৰ লগত বিয়া হয়। অৱশ্যে এই বিয়াৰ পূৰ্বে ছাত্ৰী অৱস্থাতে ইন্দিৰা গোস্বামীৰ আন এটা অঘটন ঘটিছিল। তেওঁ এজন ভিন্ন সম্প্ৰদায়ৰ (ব্রাহ্মণ নহয়) লোকৰ স'তে কোর্ট মেৰেজ' কৰি পেলাইছিল। এই কথা জানিব পাৰি পৰিয়ালৰ সকলোৱে প্ৰচণ্ড বিৰোধিতা কৰিছিল। পিছত পৰিয়ালৰ তীব্র হেঁচাত তেওঁ নিজেই এই বিবাহ অস্বীকাৰ কৰিবলৈ বাধ্য হৈছিল।
মাধৱেন ৰয়ছম আয়েংগাৰ ঘৰ আছিল মহীশূৰত। তেওঁ বিখ্যাত অভিযন্তা জি আৰ নৰসিংহ আয়েংগাৰৰ পুত্ৰ আছিল। মাধবেন গুৱাহাটীলৈ আহিছিল ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং নিৰ্মাণৰ কামত। ১৯৬২ চনৰ ব'হাগ মাহৰ কোনো এটা দিনত ইন্দিৰা গোস্বামীয়ে মাধৱেনক লগ পাইছিল। তেওঁ হিন্দুস্তান কনস্ট্রাকচন কোম্পানীৰ ইঞ্জিনীয়াৰ হৈ শৰাইঘাট দলঙৰ নিৰ্মাণ কামত গুৱাহাটীত থাকিবলগা হৈছিল। ইন্দিৰা গোস্বামীৰ গুৱাহাটীৰ ঘৰৰ সন্মুখৰ ঘৰটোতেই মাধরেনে ভাড়া কৰি আছিল। যাহওক, তেওঁলোকৰ বিয়া হৈছিল জগলীয়াৰ পাৰৰ সত্রত। অতি অনুষ্টুপীয়াকৈ। মাধৱেনে বৰ সুন্দৰকৈ সংস্কৃত মন্ত্ৰ উচ্চাৰণ কৰিছিল। মানুহ বৰ বেছি হোৱা নাছিল। কাপোৰ-কানি, গহনা, গাঁথৰিও বিশেষ কিনা হোৱা নাছিল। ১৯৬৬ চনত মাধরেন জম্মু-কাশ্মীৰলৈ বদলি হয়। মাধবেনৰ লগে লগে মামণি ৰয়ছম গোস্বামীও কাশ্মীৰৰ চেনাৰ নদীৰ পাৰৰ 'ৰিয়াচি' নামৰ ঠাইলৈ গুচি আহে। ১৯৬৭ চনত মাধৱেন আৰু মামণি ৰয়ছম গোস্বামী উধামপুৰৰ চুনা নলালৈ গৈছিল। তাত দলং নিৰ্মাণৰ মুখ্য দায়িত্বত আছিল মাধবেন। কিন্তু ১৯৬৭ চনৰ ১৫ এপ্ৰিলত এক মটৰ দুৰ্ঘটনাত মাধৱেন ৰয়ছমৰ মৃত্যু হয়। উধামপুৰ শ্মশানতেই মাধৱেৰত অন্ত্যেষ্টিক্রিয়া সমাপন কৰা হয়। মাধৱেনৰ মৃত্যুৰ পাছত মামণি ৰয়ছম গোস্বামী গুৱাহাটীলৈ উভতি আহে। মামণি ৰয়ছম গোস্বামীৰ স্বামী মাধৱেনৰ লগত তেওঁ বৰ মধুৰ জীৱন কটাইছিল। কিন্তু মাধৱেনৰ ভয়াৱহ মৃত্যুৱে তেওঁৰ জীৱন ওলট-পালট কৰি দিয়ে।
মামণি ৰয়ছম গোস্বামীয়ে প্রথমে শিক্ষকতা কৰিছিল। ১৯৬৩ চনত গুৱাহাটী ছেইণ্ট মেৰিজ গাৰ্লছ হাইস্কুলত। অৱশ্যে ক্ষন্তেকীয়া সময়ৰ বাবে তেওঁ তাত চাকৰি কৰিছিল। অৱশ্যে স্বামীৰ মৃত্যুৰ পাছত তেওঁ ১৯৬৭ চনত গোৱালপাৰা সৈনিক স্কুলত শিক্ষকতা কৰে। তাত প্রায় ২ বছৰ চাকৰি কৰি তেওঁ ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৯৬ চনত তেওঁ উক্ত বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত হয়। মামণি ৰয়ছম গোস্বামীক পশ্চিম বংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে ২০০০ চনত ডিলিটি সন্মান প্রদান কৰে। ২০০৬ চনত ইন্দিৰা গান্ধী মুক্ত বিদ্যালয়ে তেওঁক ডি লিট সন্মান যাচে। ২০০৮ চনত অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ে ডি. লিট সন্মান দিয়ে। ২০০৪ চনত বোম্বাই বিশ্ববিদ্যালয় ড° গোস্বামীক সম্মান যাচে। তেওঁ ১৯৮২ চনত সাহিত্য একাডেমী বঁটা, ১৯৮৮ চনত অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা, ১৯৮৯ চনত ভাৰত নিৰ্মাণ বঁটা, ১৯৮৯ চনত সৌহার্দ্য বঁটা, ১৯৯৩ চনত কথা ৰাষ্ট্ৰীয় বঁটা, ২০০৮ চনত তেওঁ নেডাৰলেণ্ডৰ প্রিন্স ক্লজ বঁটা লাভ কৰে। এই বঁটাত তেওঁ প্রায় ৬৫ টকা পায়। তেওঁ ২০০৯ চনত অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা, ১৯৯৭ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, ২০০০ চনত জ্ঞানপীঠ বঁটা, ১৯৯৬ চনত ইন্টাৰনেচনেল জুৰিজ এবার্ড, ১৯৯৯ চনত ইণ্টাৰনেচনেল তুলসী এবার্ড, ২০০২ চনত 'পদ্মশ্রী' সম্মান পায়। অৱশ্যে তেওঁ পদ্মশ্রী সম্মান ল'বলৈ অস্বীকাৰ কৰে। তেওঁ ২০০২ চনত মহীয়সী জয়মতী বঁটা, ২০০৬ চনত এম্বাছেদৰ অৱ পীচ এবার্ড, ২০০৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ অৱ এমেৰিটাৰ্ছ সম্মান, ২০০৮ চনত ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ গ'লড প্লেগ এৱাৰ্ড, ২০১১ চনত অসম চৰকাৰৰ অসম ৰত্ন সম্মান, ২০১১ চনত বটবৃক্ষ সন্মান, ২০১১ চনত কথাৰাণী, উপাধি পায়। ইয়াৰ উপৰি ড° মামনি ৰয়ছম গোস্বামীক জীৱন কালত ভালেমান আগশাৰীৰ অনুষ্ঠানে সম্বৰ্ধনা জনায়। তাৰ ভিতৰত দিল্লী, কর্ণাটক সংঘ, অসম সাহিত্যৰ সভা, সদৌ অসম লেখিকা সমাৰোহ, অসম লেখিকা সন্থা, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, গুজৰাট বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰ ভাৰতীয় বিশ্ববিদ্যালয়, অসম সাহিত্য সভাৰ উত্তৰ আমেৰিকা শাখা আদি উল্লেখযোগ্য। দুখৰ বিষয় মামণি ৰয়ছম গোসহামীয়ে অসম সাহিত্য সভাৰ সভানেত্ৰী হোৱা সুযোগ নাপালে। জ্ঞানপীঠ বিজয়িনী ড° মামণি ৰয়ছম গোস্বামীয়ে অসমীয়া সাহিত্যলৈ অমূল্য বৰঙণি আগবঢ়াই গৈছে।
মামণি ৰয়ছম গোস্বামীৰ উল্লেখযোগ্য সাহিত্যৰাজি হ'ল: চিনাকি মৰম (চুটিগল্প), কইনা (চুটিগল্প), হৃদয় এক নদীৰ নাম (চুটিগল্প), নির্বাচিত গল্প (চুটিগল্প), প্রিয় গল্প (চুটিগল্প), চেনাবৰ সোঁত (উপন্যাস), নীলকণ্ঠী ব্রজ (উপন্যাস), অহিৰণ (উপন্যাস), মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (উপন্যাস), দঁতাল হাতীৰ উয়ে খোৱা হাওদা (উপন্যাস), আধালেখা দস্তাবেজ (আত্মজীৱনী), সংস্কাৰঃ উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (উপন্যাস আৰু চুটি গল্প), মহীয়সী কমলা (আত্মজীৱনীমূলক উপন্যাস), উপন্যাস সমগ্র (উপন্যাসৰ সংকলন), দশৰথীৰ খোজ (উপন্যাস), ঈশ্বৰী জখমী যাত্রী আৰু অন্যান্য (উপন্যাস, চুটি গল্প), আহ্নিক (অনুবাদ), প্রিয় উপন্যাস (উপন্যাস সংকলন), আবা গর্ডেনিয়াৰ, মা, দস্তাবেজৰ নতুন পৃষ্ঠা, অপ্সৰা গৃহ, থেংফাখী তহচিলদাৰৰ তামৰ তৰোৱাল, ছিন্ন, মস্তাৰ মানুহটো ইত্যাদি। ইয়াৰ উপৰি ইংৰাজী, হিন্দু, উড়িয়া, নেপালী, পাঞ্জাবী, তামিল, কানাডা, উর্দু, বঙালী আদি ভাষাত ড° গোস্বামীৰ ভালেমান গ্রন্থ অনুবাদ হৈছে। ড° মামনি ৰয়ছম গোস্বামীৰ জীৱনৰ আধাৰতো বিভিন্নজনে ভালেমান গ্রন্থ লিখিছে।
মামণি ৰয়ছম গোস্বামীয়ে কিমান গল্প লিখিছিল তাৰ সঠিক সংখ্যা পাবলৈ নাই। কৈশোৰ আৰু যৌৱনত তেওঁ যিবোৰ গল্প লিখিছিল, সেইবোৰ তেওঁ নিজেই সংৰক্ষণ কৰি ৰখা নাছিল। আনকি গল্পৰ নাম আদিয়েই পাহৰি পেলায়। জীবন কালতেই তেওঁ কোৱা মতে, তেওঁৰ গল্পৰ সংখ্যা ১৫০ টাতকৈ কম নহয়। তেওঁৰ জীৱনৰ আগছোৱাৰ গল্পবোৰ প্ৰধানকৈ দৈনিক অসম, অসম বাণীস কটন কলেজৰ আলোচনী আদিত বেছিকৈ প্রকাশ পাইছিল। ইয়াৰ ভিতৰত 'স্মৃতিৰ মুক্তি' নামৰ গল্পটোৱেই মামণি ৰয়ছম গোস্বামীয়ে লিখা প্রথম সম্পূর্ণ চুটিগল্প বুলি কোৱা হয়। এই গল্পটোৱে ১৯৫৭ চনত গুৱাহাটী নাৰায়ণী সন্দিকৈ মহাবিদ্যালয়ৰ বছৰেকীয়া গল্প প্রতিযোগিতাৰ প্ৰথম স্থান পাইছিল। গল্পটো উক্ত কলেজৰ আলোচনীতো প্রকাশ পাইছিল। মামনি ৰয়ছম গোস্বামীয়ে ভালেমান গল্প লিখিলেও তেওঁৰ বিশুদ্ধ গল্প সংকলন মাত্র তিনিটা। সেইকেইটা হ'ল চিনাকি মৰম (১৯৬২), কইনা (১৯৬৫) আৰু হৃদয় এক নদীৰ নাম (১৯৯০)। এইকেইখনৰ বাহিৰেও মামণি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প, নির্বাচিত গল্প, মামণি ৰয়ছম গল্প, আভা গার্ডেনাৰৰ আবেলি আদি গল্প সংকলন প্রকাশ পালেও তাত দুই এটাকৈ নতুন গল্পৰ সংযোগ ঘটিছে বা এই সংকলনকেইটাত পূৰ্বৰ সংকলন পৰা ধাৰ কৰা গল্প আছে। ইফালে ৬০ৰ দশকৰ শেষৰফালে মামণি ৰয়ছম গোস্বামীয়ে গল্পতবৈ উপন্যাস লিখাত বেছি গুৰুত্ব দিয়ে। ফলত তেওঁৰ গল্পৰ সংখ্যা কমি আহিবলৈ
কিন্তু এটা কথা ক'ব লাগিব যে ১৫ বছৰ বয়সতেই মামণি ৰয়ছম গোস্বামীয়ে সাহিত্যৰ সৃষ্টি কৰিছিল সেয়া পৈণত বয়সত কৰা সাহিত্য সৃষ্টিতকৈ কোনো গুণেই কম মানৰ নাছিল। উল্লেখযোগ্য যে মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ 'স্মৃতিৰ মুক্তি' নাম গল্পটো ১৫ বছৰ বয়সতেই লিখিছিল। গল্পটোত এগৰাকী বিধৱা গাভৰু জীৱনব-কৰুণ কাহিনী মনোৰমকৈ প্ৰকাশ কৰিবলৈ তেওঁ সক্ষম হয়। প্রাথমিক আৰু মজলীয়া শিক্ষা ইংৰাজী মাধ্যমত লৈয়ো ১৫ বছৰ বয়সতেই অসমীয়া ভাষাত এনে উন্নতি মানৰ গল্প লিখিব পৰাটো সঁচাকৈয়ে প্রশংসনীয়। মামণি ৰয়ছম গোস্বামীয়ে ২০১১ চনৰ ২৯ নৱেম্বৰত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ইহলীলা সম্বৰণ কৰে।
*****

Comments
Post a Comment