আইদেউ সন্দিকৈ‌ৰ বিষয়ে ৰচনা Aideo Handique

আইদেউ সন্দিকৈ‌ৰ বিষয়ে ৰচনা‌ Assamese Essay on Aideo Handique 


আইদেউ সন্দিকৈ‌ৰ বিষয়ে ৰচনা‌ Assamese Essay on Aideo Handique First Assamese Actress 
 


আইদেউ সন্দিকৈ‌ৰ বিষয়ে ৰচনা‌ 


আইদেউ সন্দিকৈ অসমৰ এগৰাকী প্রগতিশীল মহীয়সী নাৰী আছিল। ১৯৩৩ চনৰ কথা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন অসমীয়া বোলছবি 'জয়মতী' কৰিবলৈ বহুতো অভিনেতা-অভিনেত্ৰীৰ প্ৰয়োজন হৈছিল। সেই সময়ত অসমীয়া সমাজখন তেনেই ৰক্ষণশীল আছিল বুলিয়েই ক'ব লাগিব। বিশেষকৈ মহিলাসকলে চাৰিবেৰৰ বাহিৰলৈ ওলাই অহাটো সেই সময়ৰ সমাজে বিচৰা নাছিল। আনকি সেই সময়ত মহিলাসকলক পঢ়া-শুনাৰ ক্ষেত্ৰতো আগুৱাই আহিবলৈ দিয়া হোৱা নাছিল। খুব কমসংখ্যক সম্ভ্রান্ত পৰিয়ালৰ মহিলাইহে সামাজিক কাম-কাজত জড়িত হৈছিল বা শিক্ষানুষ্ঠানৰ মুখ দেখিছিল।


এই পৰিৱেশত আইদেউ সন্দিকৈয়ে সমাজৰ সকলো ৰোধ-ব্যবধান অতিক্ৰম কৰি ‘জয়মতী’ চলচ্চিত্ৰখনত অভিনয় কৰিবলৈ আগবাঢ়ি আহে। তেওঁৰ এই সিদ্ধান্ত কেৱল এজন অভিনেত্ৰী হিচাপে নহয়, বৰঞ্চ এটি সামাজিক বিপ্লৱৰ সূচনা আছিল। সেই সময়ত এখন চলচ্চিত্ৰত মহিলা হিচাপে অভিনয় কৰা যেন সমাজৰ নিয়ম-কানুন ভাঙি পেলোৱাৰ দৰে আছিল। কিন্তু আইদেউয়ে ভয় নকৰিলে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাষত থিয় দি “জয়মতী” চলচ্চিত্ৰখনত মুখ্য ভূমিকাত অভিনয় কৰিলে। আইদেউ সন্দিকৈৰ এই সাহসী পদক্ষেপে অসমীয়া সমাজত নতুন দিশ দেখুৱালে। তেওঁ প্ৰমাণ কৰি দিলে যে মহিলাসকলেও সকলো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, যদি সাহস আৰু সদিচ্ছা থাকে। যদিও তেওঁৰ এই পদক্ষেপৰ বাবে সমাজৰ পৰা অপমান, কটুক্তি, আৰু অৱহেলাও ভুগিব লগা হৈছিল, তথাপিও তেওঁৰ অবদান আজি অসমীয়া চলচ্চিত্ৰ ইতিহাসত এক উজ্জ্বল অধ্যায় হৈ ৰৈ আছে।


এনে এক সামাজিক পৰিৱেশত জ্যোতিপ্ৰসাদ আগৰৱালাই 'জয়মতী' বোলছবিখন কৰিবলৈ অভিনেতা-অভিনেত্রী বিচাৰি ১৯৩৩ চনৰ ১৫ অক্টোবৰত 'বাতৰি' নামৰ খবৰ-কাগজখনত বিজ্ঞাপন দিছিল। কিন্তু বিজ্ঞাপনৰ পৰা জ্যোতিপ্রসাদে সন্তোষজনক সঁহাৰি পোৱা নাছিল। বিশেষকৈ জয়মতীৰ ভাওত অভিনয় কৰিবলৈ কোনো ওলাই নাহিল। সেই সময়ত কেমেৰাৰ সন্মুখত থিয় হ'বলৈ সাহস কৰা মহিলাৰ সংখ্যা তেনেই কম আছিল। তাতে আকৌ অভিনয় কৰিব লাগিব। কোনো মানুহেই নিজৰ ছোৱালীক এনে কামৰ বাবে আগবঢ়াই দিব বিচৰা নাছিল। এই লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰৰ কামোৰণি উঠিছিল। সেই সময়ত যাত্রাপার্টী আদিত মহিলাৰ ভাওত পুৰুষেই মহিলাৰ বেশ লৈ অভিনয় কৰা পৰম্পৰা আছিল। যি হওক ১৯৩৩ চনৰ শেষৰ ফালে জ্যোতিপ্রসাদ আগৰৱালাই নিজেই সন্ধান কৰি 'জয়মতী'ৰ চৰিত্ৰত অভিনয় কৰিবলৈ এগৰাকী নায়িকাৰ সন্ধান উলিয়ালে। এইগৰাকী নাৰীয়েই হ'ল আইদেউ সন্দিকৈ।


আইদেউ সন্দিকৈৰ জন্ম হৈছিল ১৯১৫ চনত গোলাঘাটৰ ওচৰৰ পানী দিহিঙ্গীয়া গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাকৰ নাম আছিল লক্ষ্মী সন্দিকৈ। আইদেউ সন্দিকৈৰ এজন ককায়েক আছিল। নাম ডিম্ব গগৈ। ডিম্ব গগৈৰ লগত ভোলাগুৰি চাহ বাগিচালৈ আহি তেওঁ 'জয়মতী' বোলছবিৰ আখৰাত অংশগ্রহণ কৰিছিল। সেই সময়ত অসমত কোনো ষ্টুডিঅ' নাছিল। সেই কাৰণে জ্যোতিপ্ৰসাদে তেওঁৰ পৰিয়ালৰ চাহ বাগিচা ভোলাগুৰিতে এটা ষ্টুডিঅ' নিৰ্মাণ কৰি লৈছিল। ষ্টুডিঅ'টোৰ নাম দিছিল চিত্ৰবন। বাগানৰ এটা গুদামঘৰত ষ্টুডিঅ'টো আৰম্ভ কৰিছিল। স্থানীয় সামগ্রী যেনে- বাঁহ, বেত, কলগছ, কলপাত আদিৰে জয়মতীৰ দৃশ্যসজ্জা ৰচনা কৰিছিল। কেতিয়াবা গাঁৱৰ পৰা চাইকেলেৰে আহি আইদেউ সন্দিকৈয়ে জয়মতীৰ ভাওত অভিনয় কৰিছিল। 'জয়মতী' ছবিৰ শ্ৰুটিঙৰ সময়ত আইদেউ সন্দিকৈয়ে অশেষ কষ্ট স্বীকাৰ কৰিব লগা হৈছিল। বোলছবিখনত গাঁঠি হাজৰিকাৰ ভাওত অভিনয় কৰা ফণী শৰ্মাৰ চোৰাতৰ কোবত আইদেৱে শৰীৰত আঘাত পাইছিল। আইদেউ সন্দিকৈয়ে ইমানেই কষ্ট পাইছিল যে শুটিং কৰি আমনি লাগিলে কেতিয়াবা কেমেৰাৰ সম্মুখলৈ নাযাওঁ বুলি জেদ ধৰিছিল। কিন্তু সামাজিক দায়িত্ব বুজি তেওঁ অভিনয় নকৰাকৈ থকা নাছিল। কেমেৰাৰ সন্মুখত তেওঁ জীৱন্ত অভিনয় কৰিছিল। জয়মতীৰ অভিনয় দেখি দর্শক মোহিত হৈছিল।


'জয়মতী' বোলছবিত গদাপাণীৰূপী ফুনু বৰুৱাক 'বঙহৰদেউ' বুলি সম্বোধন কৰাৰ দোষত তেওঁ চিৰজীৱন কুমাৰী জীৱন-যাপন কৰিব লগা হৈছিল। আনকি শুটিং শেষ কৰি ঘৰলৈ উভতি যাওঁতে তেওঁক স্থানীয় সমাজে নিজৰ ঘৰত সোমাব দিয়া নাছিল। জাত যোৱা বুলি কৈ তেওঁক গোহালি ঘৰত অকলে থাকিবলৈ দিয়া হৈছিল। সমাজে জুই-পানী চুই এঘৰীয়া কৰিছিল। দৃঢ়মনা আইদেউ সন্দিকৈয়ে এই সকলোবোৰ প্ৰত্যাহ্বান মূৰ পাতি লৈছিল। অকণো বিচলিত হোৱা নাছিল। দীর্ঘদিন সামাজিকভাৱে বৰ্জিত হৈ থকাৰ পিছত পদুম বৰুৱাই পৰিচালনা কৰা 'গঙা চিলনীৰ পাখি' বোলছবিত আইদেউ সন্দিকৈ অভিনয় কৰে ১৯৭৫ চনত। ১৯৭৬ চনৰ ১২ মাৰ্চত এই ছবিখনে মুক্তিলাভ কৰে।


সামাজিকভাৱে বর্জিত আইদেউ সন্দিকৈ অৱশ্যে পিছলৈ  তেওঁৰ শ্ৰমৰ মর্যাদা কিছু পৰিমাণে হ'লেও সামাজিকভাৱে পালে। সমাজ ব্যৱস্থাৰ পৰিবৰ্তনৰ লগে লগে মানুহৰো মনৰ দিগন্ত সলনি হয়। পুৰণিকলীয়া ধ্যান-ধাৰণাৰ পৰিৱৰ্তন হৈ নতুন চিন্তাৰ উন্মেষ ঘটে। আইদেউ সন্দিকৈ সম্পর্কেও মানুহৰ যি ধাৰণা আছিল সেইটো ক্রমাৎ সলনি হৈ আহে। ১৯৮৪ চনত ৰাধাগোবিন্দ বৰুৱা স্মৃতিৰক্ষা সমিতিয়ে আইদেউ সন্দিকৈক ৰাজহুৱাভাৱে সম্বর্ধনা জনায়। ১৯৮৫ চনত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসমীয়া চলচ্চিত্ৰৰ সোণালী জয়ন্তী উদ্যাপন সমিতিৰ তৰফৰ পৰা আইদেউ সন্দিকৈক তাম্ৰপত্ৰৰে সন্মানিত কৰে। ১৯৮৯ চনত তেওঁ অসম চৰকাৰৰ পৰা শিল্পী পেন্সন লাভ কৰে। ১৯৯০ চনত অবিবাহিত আইদেউ সন্দিকৈক সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে সম্বর্ধনা জনায়। ১৯৯২ চনত অসম নাট্য সম্মিলনে তেওঁক সম্মান যাচে। মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াই তেওঁক ১০ হাজাৰ টকাৰ আর্থিক সাহায্য দিয়ে। ১৯৯৬ চনত অসম সাহিত্য সভাই তেওঁক সম্বর্ধনা জনায়। ১৯৯৭ চনত অসম শিল্পী ন্যাসে তেওঁক এখন হুইল চেয়াৰ উপহাৰ দিয়ে।


ৰাইজৰ পৰা কিছু মৰম-আদৰ পালেও জীৱনৰ শেষৰ কালছোৱাত শয্যাগত হৈ আইদেউ সন্দিকৈয়ে বহুতো কষ্ট ভোগ কৰিবলগীয়া হয়। সেই সময়ত চৰকাৰৰ তৰফৰ পৰা তেওঁ যিমানখিনি সা-সুবিধা পাব লাগিছিল সেইখিনি নাপালে। ২০০২ চনৰ ১৭ ডিচেম্বৰত বাৰ্ধক্যজনিত কাৰণত পানী দিহিঙ্গীয়াৰ নিজা বাসভৱনত এইগৰাকী মহীয়সী নাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে।



******


Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা