পেট-ভাতুৰ কথা - লক্ষ্মীনাথ বেজবৰুৱা
পেট-ভাতুৰ কথা - লক্ষ্মীনাথ বেজবৰুৱা
পেট-ভাতুৰ কথা ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাধু Kokadeuta aru Natilora Lakhshminath Bezbaruah Assamese Story Pet Bhatur Kotha
পেট-ভাতুৰ কথা - লক্ষ্মীনাথ বেজবৰুৱা
কোনো এক দেশত এজন ৰজা আছিল। ৰজাজনৰ এটি ল'ৰা আছিল আৰু তেওঁৰ মন্ত্ৰীজনৰো এটি ল'ৰা আছিল। সৰুকালৰে পৰা ৰজাৰ ল'ৰাৰ লগত মন্ত্ৰীৰ ল'ৰাৰ বৰ মিল আছিল আৰু দুয়োজনে সখি বন্ধাইছিল। তেওঁলোকৰ ভিতৰত এনে বন্ধু-ভাব হৈছিল যে দুয়ো কেতিয়াও এৰা-এৰি নহৈছিল। খোৱা-বোৱা আদি কামবিলাক দুয়োজনৰে একেলগে চলিছিল। যেতিয়া তেওঁলোক ডাঙৰ হ'ল, লেখা-পঢ়া শিকি তেওঁলোকৰ বুদ্ধি চোকা হ'ল তেতিয়া দুয়োজনৰ মনত দেশ চাই ফুৰিবৰ ইচ্ছা জন্মিল। বাপেক-মাকে এই কথাৰ গম পালে তেওঁলোকৰ ইচ্ছা পূর্ণ নোহোৱাৰ ভয়ত দুয়োজনে মনে মনে বাপেক-মাকে বাতৰি নোপোৱাকৈ এদিনাখন ৰাতি পলাই গ'ল। ৰজাই আৰু মন্ত্রীয়ে পাছদিনা পুতেকহঁতক দেখা নাপাই বৰকৈ বিচাৰ-খোচাৰ কৰিলে, কিন্তু কোনো ঠাইতে তেওঁলোকৰ বাতৰি নেপালে। শেষত ৰজা আৰু মন্ত্রী দুয়ো অসন্তোষ মনেৰে থাকিল। সিফালে দুয়োজন সখিয়েকে অনেক ঠাই ফুৰি ফুৰি এক ৰজাৰ নগৰত ওলালগৈ। সেইদিনা ৰাতি সেই ৰজাৰ ঘৰত থাকিবলৈ মন কৰি গধূলি সময়ত দুয়ো ৰজাৰ ঘৰ পালেগৈ। ৰজাঘৰৰ মানুহেও গধূলিৰ অতিথি দেখি তেওঁলোকক সোধ-পোছ কৰিলে। তেওঁলোকেও, "বহুত ঠাই ফুৰি আমাৰ ভাগৰ লাগিছে, আজি ৰাতিটো ইয়াতে পৰি থাকোঁ” বুলি ক'লে। ৰজাঘৰৰ মানুহে তেওঁলোকক তেতিয়াই বঢ়িয়াকৈ খোৱা-শোৱা আদিৰ দিহা কৰি দিলে। তেওঁলোকে মহা আনন্দেৰে খাই-বৈ ৰজাৰ ঘৰতে শুই থাকিল।
ৰাতি দুয়োজনৰ টোপনি আহিল। কিছুমান সময়ৰ মূৰত ৰজাৰ ল'ৰাই সাৰ পালে। সাৰ পাই, সেইদিনা ৰজাৰ ঘৰত নিজৰ ঘৰৰ দৰে খাবলৈ-শুবলৈ পাই ৰজাৰ ল'ৰাই মনৰ আনন্দত এটা ৰাগ দিলে। যদিও তেওঁলোক দুজনে সোনকালে খাই-বৈ শুই সাৰ পালে কিন্তু ৰজাঘৰৰ মানুহে সেই সময়ত খাই-বৈ উঠিছিলহে। ৰজাৰ পুতেকৰ ৰাগটো শুনি ৰজাঘৰীয়া সকলোৱে হৰ্ষ পালে; কাৰণ ৰজাৰ পুতেকে ইমান সুৰীয়াকৈ ৰাগ দিছিল যে, এনে শুৱলা সুৰীয়া ৰাগ তেওঁলোকে আৰু আগেয়ে কেতিয়াও শুনা নাছিল। ৰজাৰ এজনী গাভৰু ছোৱালী আছিল। ৰাগটিয়ে সেই ছোৱালীজনীৰ মনটোহে সৰহকৈ বিন্ধিলে। ছোৱালীজনী ৰাগ শুনি ইমান মোহিত হৈছিল যে, তেওঁ লাজ-কাজ এবি, সেই ৰাগ দিয়া অতিথি ডেকাজনৰ লগত তেওঁক বিয়া দিব লাগিব বুলি মাকক ক'লে আৰু নিদিলে আত্মঘাতী হ'ব বুলি ক'লে। মাকে জীয়েকৰ কথা শুনি অসন্তোষ মনেৰে বুজাবলৈ ধৰিলে- "আই। তুমি ৰজাৰ জীয়াৰী হৈ অচিনাকি মানুহৰ লগত বিয়া সোমাব খোজা, ই বৰ বেজাৰৰ কথা। অতিথিৰ জাতি-কুলৰ ঠিক নাই, স্বভাৱ-চৰিত্ৰৰ বিষয়ে আমি একো নাজানো, এনে থলত যদি আমি তোমাক সেই আলহীলৈ বিয়া দিওঁ তেন্তেনো লোকে আমাক কি বুলিব? এতেকে তুমি তেনে কথা নক'বা।" কিন্তু জীয়েকে মাকৰ বুজনি নুশুনিলে। জীয়েকে ক'লে যে তেওঁক আলহীলৈ বিয়া নিদিলে তেওঁ প্রাণ এৰিব। মাকে জীয়েকৰ কথাত বিবুধি হৈ ৰজাৰ আগত সেই কথা ক'লেহি।
ৰজায়ো মনত বেয়া পাই, জীয়েকক মতাই নি কত বুজাবলৈ ধৰিলে, কিন্তু জীয়েকে সেই বুজনিও নমনাত পৰিল। অন্তত ৰজাই-ৰাণীয়ে একো উপায় নাপাই আলহীলৈকে জীয়েকক বিয়া দিবলৈ সন্মত হৈ জীয়েকক ক'লে, "আই অ' যি থাকে কপালত, তোৰ কথামতে আলহীৰ লগতে তোক বিয়া দিম, আজি ৰাতি শুই থাকগৈ।” এইবিলাক গোলমালৰ পিছত তিনিওজনাই নিজ নিজ ঠাইত শুলেগৈ, কিন্তু ৰাতি এজনৰো টোপনি নাহিল। তিনিওজনাই এইবিলাক কথা ভাবি-চিন্তি থাকোতেই ৰাতি পুৱাল। ৰাতিপুৱা সকলো নিজ নিজ শোৱাপাটী এৰি উঠি আহিল। আলহীজোৰা ৰাতিপুৱা কোনোবাফালে গুচি যায় বুলি সিহঁতক ৰাখিবৰ নিমিত্তে ৰজাই বান্দী এজনীক মাতি আনি ক'লে, "আজি ৰাতি আমাৰ আলহী দুজনৰ কোনজনে ৰাগ দিছিল সেইজনক মাতি আন।” ৰজাৰ আদেশ শুনি বান্দীজনী আলহী থকা ঘৰলৈ গ'ল। সিফালে মন্ত্ৰীৰ ল'ৰাই শোৱাপাটি এটি উঠি আহিছে, ৰজাৰ ল'ৰা উঠাই নাই। এনেতে বান্দীজনীয়ে মন্ত্ৰীৰ ল'ৰাক সুধিলে, "আজি ৰাতি কোনজনে ৰাগ দিছিলা? ৰজাই মোক তেওঁক নিবলৈ কৈছে, সোনকালে ওলোৱা।" মন্ত্ৰীৰ ল'ৰাই ভাবিলে, ৰজাই যদি ৰাগ দিয়া বাবে কিবা বেবেৰিবাং লগাই জগৰতহে পৰিব পাৰে, এতেকে পাৰো যদি মই নিজৰ গাতে দায় লৈ কৈ-মেলি সাৰি আহোঁ আৰু নোৱাৰোঁ যদি তেওঁৰ হকে ময়েই বিপদত পৰোঁ, তেৱেঁই ভালে-কুশলে থাকি ৰাজ্যলৈ উভতি যাওক। ইয়াকে ভাবি, ৰাগ দিয়া মানুহজন ময়ে বুলি গাত লৈ মন্ত্ৰীৰ ল'ৰা বান্দীজনীৰ লগত ৰজাৰ ঘৰৰ ভিতৰলৈ গ'ল। মন্ত্ৰীৰ ল'ৰাক ৰজাৰ আগত শোধাই দিয়া 'হ'লত ৰজাই তেওঁক সুধিলে, "আজি ৰাতি তুমি ৰাগ দিছিলা নে?” মন্ত্ৰীৰ ল'ৰাই উত্তৰ দিলে, "হয় স্বৰ্গদেউ।” উত্তৰ শুনি ৰজাই এডোখৰ ভাল ঠাই দেখুৱাই ক'লে, "তুমি মোৰ দোচোৰা আদেশ নুশুনালৈকে এই ঠাইতে বহি থাকা।” মন্ত্ৰীৰ ল'ৰায়ো ঈশ্বৰক চিন্তি ৰজাই দেখুওৱা ঠাইখিনিতে বহি থাকিল।
ইফালে ৰজাৰ ল'ৰাই টোপনিৰ পৰা সাৰ পাই দেখে যে, তেওঁৰ সখিয়েক ওচৰত নাই। সখিয়েকক নেদেখি তেওঁ বিচূর্তি হ'ল। নানাৰকম শোক, দুখ ভাবনাই তেওঁৰ মন খলক লগালে। ৰজাব ল'ৰাই ভাবিবলৈ ধৰিলে, আজি ইমান দিন সখিৰ ওপৰত নিৰ্ভৰ কৰিয়েই মই মহা সুখে কটালোঁ; এতিয়া সখিয়ে মোক এনে বিপদত পেলাইনো মোক এৰি ক'লৈ গ'ল? আৰু মইনো এতিয়া অকলে ক'লৈ যাওঁ, ক'ত থাকোঁ? ঈশ্বৰেনো মোক বিপদত পেলাবলৈহে এই বিদেশলৈ লৈ আহিছিল নেকি? এইবিলাক কথা ভাবি-চিন্তি তেওঁ ৰজাৰ ঘৰৰপৰা বাহিৰ ওলাল আৰু গোটেই নগৰতে সখিয়েকক বিচাৰি ফুৰিবলৈ ধৰিলে। দিনৰ দিনটো ভাত-পানী এৰি ৰজাৰ ল'ৰাই সখিয়েকক বিচাৰি ক'তো নেপাই শেহত গধূলি বেলিকা সেই ৰজাৰ নগৰৰে এজন সাউদৰ ঘৰত ওলালগৈ। সাউদে গধূলি পৰত তেওঁক অহা দেখি ক'ৰপৰা আহিছে সুধিলে। ৰজাৰ ল'ৰাই "মই অকলশৰীয়া মানুহ, মোৰ ঘৰ-দুৱাৰৰ ঠিক নাই, য'তে পাওঁ ত'তে থাকো" বুলি মিছাকৈয়ে চিনাকি দিলে। তেতিয়া সাউদে সুধিলে, "যদি তোমাৰ ঘৰ-দুৱাৰ ঠিক নাই, তেনেহ'লে ময়ে ৰাখোঁ, মোৰ ইয়াতে থাকা।” ৰজাৰ ল'ৰায়ো "ৰাখিলে থাকিবও পাৰোঁ” বুলি ক'লে। তেতিয়া সাউদে ক'লে, "তুমি থাকোঁ বুলিছা হয় কিন্তু মই ভাল বন্দৱস্ত নকৰাকৈ মানুহ নাৰাখোঁ।" সাউদৰ কথা শুনি বজাৰ ল'ৰাই ক'লে, "বাৰু কি বন্দৱক্ত কৰে কৰক।" সাউদে ক'লে, "মোৰ অন্য বন্দরস্ত নাই, মাত্র কোনো মানুহ মোৰ ঘৰত থাকো বুলি পিছত নথকা হ'লে মই তাৰ নাকে-কাণে লোৰ শলা মাৰি আমাৰ ৰজাঘৰৰ পোতাশালত তাক পেলাই থওঁ। যেয়ে ইয়ালৈ আগ বাঢ়িব পাৰে মই তাকহে ৰাখোঁ আৰু সেইটো গাত নল'লে মই তাক নাৰাখোঁ।” ৰজাৰ ল'ৰায়ো আগ-পাছ নুগুণি তাতে সম্মত হ'ল আৰু সেইদিনা খাই-বৈ ৰজাৰ ল'ৰা সেই সাউদৰ ঘৰতে থাকিল।
ইফালে ৰজাই লৰালৰিকৈ বিয়াৰ কাৰবাৰৰ নিমিত্তে মানুহ লগাই দিলে। মন্ত্ৰীৰ ল'ৰাই জগৰৰ ভয়ত ঈশ্বৰক সুমৰি বহি আছে। গধূলি হ'লত নিয়মমতে ৰজাই জীয়েকক মন্ত্ৰীৰ ল'ৰাৰ লগত বিয়া দিলে আৰু জীয়েক-জোঁৱায়েক থাকিবলৈ ৰজাৰ ঘৰৰপৰা অলপ দূৰত এটি ঘৰ দিলে। তেওঁলোকেও তাতে থাকি সুখেৰে দিন কটাবলৈ ধৰিলে। ইফালে ৰাতিপুৱালত সাউদে তেওঁৰ আন আন চাকৰবোৰৰ লগত ৰজাৰ ল'ৰাকো বন কৰিবলৈ পঠাই দিলে। ৰজাৰ ল'ৰাই সৰুৰেপৰা পৰৰ ওপৰত খাই-লৈ আছিল, তেওঁৰ সুখীয়া দেহা, কি বন কৰিব? আকৌ বন কৰিব নোৱাৰিলে সাউদৰ গালি-শপনিও খাব লাগে। বন কৰিব নোৱাৰোঁ বুলিলেও সাউদে নেৰে। গতিকে তেওঁ নিৰুপায় অৱস্থাত পৰি কোনোমতে চাৰি দিনমান দুখে-কষ্টে কটালে। পিছত আৰু দেহেৰে নটা হ'লত এদিন গধূলি তেওঁ সাউদক ক'লে, "দেউতা মই আৰু আপোনাৰ ঘৰত থাকিব নোৱাৰোঁ, মোৰ আগৰপৰা বন কৰা অভ্যাস নাছিল। অনুগ্রহ কৰি মোক কালিৰপৰা বিদায় দিয়ক।” এই কথা শুনি সাউদে খঙতে জ্বলি উঠি ক'লে, "মই আগেয়ে তোৰ আগত কৈছোঁ, যি মানুহে আগেয়ে মোৰ ঘৰত থাকোঁ বুলি শেহত নথকা হয়, মই তাৰ নাকে-কাণে লোৰ শলা মাৰি আমাৰ ৰজাৰ পোতাশালত থওঁ। এতিয়া তয়ো তাৰ ভাগ পাবি।” ৰজাৰ ল'ৰাই ক'লে, "মোক দোছোৱা কৰি কাটিলেও মই আৰু বন কৰিব নোৱাৰোঁ।” সাউদে ক'লে, "বাৰু তেন্তে।" এইবুলি সেই ৰাতিটো গ'লত, পাছদিনা ৰাতিপুৱা সাউদে বজাৰ ল'ৰাক লগত লৈ ৰজাৰ ঘৰলৈ গ'ল; আদি-অন্ত সকলোখিনি কৈ দিয়াত সিহঁতৰ বন্দৱস্ত মতে ৰজাই ৰজাৰ ল'ৰাক নাকে-কাণে লোৰ শলা মৰাই পোতাশালত থৈ দিয়ালে। সাউদ ঘৰলৈ গুচি আহিলে। ৰজাৰ ল'ৰাই অসহ্য যন্ত্রণা ভোগ কৰি দিন কটাবলৈ ধৰিলে। কেইদিনমানৰ মূৰত এদিন ৰজাৰ ল'ৰাই ৰাতি শুই নিজৰ সুখ-দুখৰ কথাবিলাক মনত ভাবি থাকোঁতে, তেওঁৰ মনত কিবা এটা ভাব ওলাই আকৌ পূৰ্বৰ নিচিনা সুললিত মাতেৰে ৰাগ দিলে। সেই ৰাগটি আকৌ ৰজাৰ জীয়েকৰ কাণত পৰিলগৈ। ৰজাৰ জীয়েকে এই ৰাগ শুনি মনে মনে ভাবিবলৈ ধৰিলে, "মোৰ কি দুৰ্কপাল! মই যি ৰাগত মোহ গৈ পিতৃ-মাতৃৰ বিৰোধী হৈ আলহীৰ লগত বিয়া সোমালোঁ এতিয়া দেখোঁ সেই ৰাগটো আকৌ পোতাশালৰ ফালেহে শুনিবলৈ পাওঁ। ঈশ্বৰে নো মোক কি ছল কৰিলে।” এইবিলাক কথা ভাবি-চিন্তি তেওঁ একো ঠিক কৰিব নোৱাৰি শেহত ইয়াৰ ভালকৈ ওৰ ল'বৰ নিমিত্তে তেওঁৰ গিৰিয়েকক সুধিলে-"আপোনাৰ লগত যে পিতাই মোক বিয়া দিলে মই ইয়াৰ কাৰণ একো বুজিব নোৱাৰিলোঁ। আপুনি দেখোঁ আমাৰ অচিনাকি মানুহ; পিছে পিতাই বা মোক আপোনাৰে সতে কিয় বিয়া দিলে, আপুনিয়েই বা মোক কেনেকৈ বিয়া কৰাবলৈ পালে, মোৰ আগত এই কথাৰ আঁতি-গুৰি আজি ভাঙি কওকচোন।
তেতিয়া মন্ত্ৰীৰ ল'ৰাই ক'লে, "যিদিনাখন ৰাতি আমি তোমালোকৰ ঘৰত আলহী হৈ আছিলোঁ, সেইদিনা ৰাতি মই এটা ৰাগ দিছিলোঁ। ৰাতিপুৱা উঠি দেখোঁ তোমালোকৰ বান্দী এজনীয়ে ৰাতি ৰাগ দিয়া মানুহজন বিচাৰি আহিছে। মই তাইৰ আগত সৈ কঢ়াত মোক তাই নি ৰজাৰ আগত ভেঁটাই দিলে। তাৰ পিছত ৰজাই তোমাক মোৰ লগত বিয়া দিলে। মই এইখিনিকে মাথোন জানো।” তেতিয়া ৰজাৰ জীয়েকে ক'লে, "তেনেহ'লে তুমি মোক ছল কৰিহে বিয়া কৰালা!” মন্ত্ৰীৰ ল'ৰাই সুধিলে, "মই তোমাক কি ছল কৰিলোঁ?” ৰজাৰ জীয়েকে ক'লে, "আমি সেইদিনা যিজন মানুহৰ ৰাগ শুনিছিলোঁ, সেই মানুহজনৰ ৰাগ দেখোন আজি আকৌ পোতাশালৰ ফালেহে শুনিবলৈ পালোঁ। সিদিনাখনৰ ৰাগৰে সৈতে দেখোন আপোনাৰ মাত নিমিলে?" মন্ত্ৰীৰ ল'ৰাই কোনো ৰকমে ৰজাৰ জীয়েকৰ কথাত সাৰিব নোৱাৰি শেহত সকলো কথা সৈ কাঢ়ি তেওঁক ভাঙি ক'লে। সেই কথা শুনি ৰজাৰ জীয়েকৰ মনত বৰ অসন্তোষ লাগিল। মন্ত্ৰীৰ ল'ৰাই ৰজাৰ জীয়েকৰ অসন্তোষ দেখি তেওঁক অসন্তোষ কৰিবলৈ হাক দিলে আৰু তেওঁৰ সকলো দুখ-বেজাৰ গুচাব বুলি প্রতিজ্ঞা কৰিলে।
পাছদিনা ৰাতিপুৱাতে মন্ত্ৰীৰ ল'ৰাই শোৱা-পাটীৰপৰা উঠি হাত-মুখ ধুই পোতাশালত ৰাগ দিয়া মানুহজননো তেওঁৰ সখিয়েক হয় নে নহয় চাবলৈ গ'ল। গৈ দেখে যে সেইজন তেওঁৰ সখিয়েকজনেই হয়। মন্ত্ৰীৰ পুতেকে তাৰপৰা উভতি আহি বাহিৰে বাহিৰে শহুৰেকৰ ওচৰলৈ গ'ল আৰু শহুৰেকক নমস্কাৰ কৰি তেওঁক এটা লগুৱা লাগে বুলি ক'লে। ৰজাই জোঁৱায়েকৰ কথা শুনি, "কোনটো মানুহ তোমাক লাগে নিয়া" বুলি কোৱাত মন্ত্ৰীৰ ল'ৰাই "এটা পোতাশালৰ বন্দীহে মোক লাগে” বুলি ক'লে। তেতিয়া ৰজাই পোতাশালৰ গৰাকীজনক মতাই আনি জোঁৱায়েকক লগত দি ক'লে, "এওঁ যিজন বন্দী আনিব খোজে সেইজনকে মোকোলাই দিবা।” ৰজাৰ আদেশমতে পোতাশাললৈ গৈ মন্ত্ৰীৰ ল'ৰাই সখিয়েকক পোতাশালৰপৰা মোকলাই ঘৰলৈ লৈ আহিল। ঘৰ পাই ৰজাৰ ল'ৰাৰ মুখৰপৰা তেওঁলোকে তেওঁৰ দুখৰ কথা শুনি তিনিওজনে কান্দিবলৈ ধৰিলে। তাৰ পিছত তেওঁলোকৰ কথা-বতৰা শেষ কৰি ৰজাৰ জীয়েকে ভাত-পানীৰ দিহা কৰিলে আৰু তিনিওজনে খাই-বৈ উঠিল। এতিয়া মন্ত্ৰীৰ ল'ৰাই ৰজাৰ পুতেকৰ লগত ৰজাৰ জীয়েকৰ তিৰী-মুনিহৰ সম্বন্ধ লগাই দি সখিয়েকৰ শত্রু সাউদক এশিকা দি সখিয়েকৰ প্ৰতিশোধ ল'বলৈ তেওঁলোকৰ ওচৰত বিদায় লৈ ওলাই গ'ল। যিজন সাউদে ৰজাৰ ল'ৰাক দুর্গতি কৰি পোতাশালত থৈছিল সেই সাউদৰ ঘৰতে মন্ত্ৰীৰ ল'ৰাও গধূলি বেলিকা ওলালগৈ। সাউদে তেওঁক দেখা পাই অহাৰ কাৰণ সুধিলে। মন্ত্ৰীৰ ল'ৰায়ো "ফুৰি ফুৰি গধূলি হোৱাত আলহী চাপিলোঁ” বুলি ক'লে। তাৰ পিছত সাউদে তেওঁৰ আঁতি-গুৰি সোধাত, চতুৰ মন্ত্ৰীৰ ল'ৰাই লাহেকৈ ক'লে, "সৰু কালতে মোৰ আই-বোপাই মৰিল। যেতিয়া মোৰ আই মৰে, তেতিয়া. মই পিয়াহ-খোৱা। মোৰ আই মৰাত মোক ডাঙৰ কৰিবলৈ কোনো নোহোৱাত আমাৰ গাঁৱৰ এঘৰ মানুহে মোক প্রতিপাল কৰিবলৈ নিছিল। মই পিয়াহ-খোৱা, তেওঁলোকে মোক ক'ৰপৰা পিয়াহ দিব? পিয়াহৰ সলনি তেওঁলোকে মোক ভাতকে দিবলৈ ধৰিলে। তাতে মোৰ দুদ-মৰকীয়া লাগি মই ভাত সৰহকৈ খাবলৈ ধৰাত মোৰ পেটটো টেকেলিৰ দৰে ওলাল। সেইদেখি মানুহে মোক পেট-ভাতু বুলি মাতিবলৈ ধৰিলে। আজি পর্যন্ত মোৰ সেই নামেই থাকিল। মই এতিয়া ডাঙৰ হোৱাত মোক প্রতিপাল কৰা মানুহঘৰে সৈতে মোৰ দ্বন্দ্ব-হাই লাগিবলৈ ধৰিলে। তাতে তেওঁলোকে আমনি পাই মোক মাৰি-কিলাই খেদি দিলে। ময়ো মনৰ বেজাৰত দেশ চাওঁ বুলি গুচি আহিলোঁ। আজি আপোনাৰ ইয়াতে ঈশ্বৰে ঠেকালে। মই এইদৰে ফুৰি থাকিম বুলিয়েই মনত ভাবিছো আৰু সুবিধা পালে কোনোবাই ৰাখিলে থাকিবও পাৰোঁ।”
থকাৰ কথা শুনি সাউদে মাত লগালে, "বোপাই, থাক যদি ময়ে ৰাখিব পাৰোঁ।” পেট-ভাতুৱে উত্তৰ দিলে, "ভাল; য'তে ত'তে চুচৰি-বাগৰি ফুৰাতকৈ একেঘৰতে থাকিব পাৰিলে ময়ো বর্তো।” সাউদে ক'লে, "বোপাই, থাকোঁ বুলি কৈছ হয়, কিন্তু এটা কথা- যি মানুহ আগেয়ে মোৰ ইয়াত থাকোঁ বুলি শেহত নথকা হয়, মই তাৰ নাকে-কাণে লোৰ শলা মাৰি আমাৰ ৰজাঘৰৰ পোতাশালত থওঁ।” পেট-ভাতুৱে ক'লে, "মোৰ তেনে এটা দস্তুৰ আছে; অর্থাৎ যি মানুহে মোকো ৰাখোঁ বুলি শেহত নৰখা হয়, তেওঁকো নাকে-কাণে লোৰ শলা মাৰি যেন ৰজাৰ পোতাশালত থ'ব পাৰোঁ তেনেকুৱা এটা বন্দবস্ত লগাইহে থাকোঁ।” এইদৰে কোৱামেলা কৰি সেই ৰাতিয়েই দুয়ো বন্দৱস্ত কৰি ৰখা আৰু থকাৰ ঠিক কৰিলে।
পাছদিনা ৰাতিপুৱা সকলো মানুহ উঠিল। সাউদে আন আন চাকৰৰ লগত পেট-ভাতুকো বন কৰাবলৈ লৈ গ'ল। পেট-ভাতুৱে ইমান উৎসাহেৰে বন কৰিবলৈ ধৰিলে যে, সাউদৰ আন চাকৰবিলাকে তাক কোনো বনতে বলে নোৱাৰা হ'ল। আন চাকৰবিলাকক গৰাকীয়ে বন পাচিলেহে কৰে, কিন্তু পেট-ভাতুৰ হ'লে সেইটো নহয়, গৰাকীয়ে নাপাচিলেও সি নিজৰ দিহামতে কামবোৰ কৰিবলৈ ধৰিলে। তাৰ বন দেখি সাউদৰ মনত বৰ ৰং লাগিল। শেহত সাউদে তাক আন চাকৰবিলাকৰ ওপৰত মুখিয়াল পাতি দিলে। পেট-ভাতুৱে আৰু দুগুণ উছাহেৰে কাম কৰিবলৈ ধৰিলে। সি চাকৰহঁতক যে থান-থিতি নিদিয়েই নিজেও বন কৰাত আগতকৈও বেছিকৈ কোবাল হ'ল। তাৰ বন আৰু উছাহ দেখি সাউদৰ পেট-ভাতুহে পেট-ভাতু হ'ল। গোটেইখন ঘৰতে সাউদে পেট-ভাতুক সঁপি দিলে। সাউদে নিজে কিবা কৰিব লাগিলেও পেট-ভাতুক নোসোধাকৈ নকৰাত পৰিল। আন কি পেট-ভাতুৱে সাউদৰ ঘৈণীয়েকক ভাত ৰান্ধিবলৈ শিকাবও লগাত পৰিল। যিদিনা ভাত ৰান্ধোতে পেট-ভাতু নাথাকে সেইদিনা সাউদৰ ভাত-আঞ্জাৰ জুতিয়েই নালাগে। এইদৰে কেইদিনমান আছে, এদিন সাউদে পেট-ভাতুক ওচৰলৈ মাতি নি ক'লে, "বোপা, মই কাইলৈ বেপাৰলৈ যাম; তুমি ঘৰখন ভালকৈ চাবা। বিশেষকৈ বাৰীখন চিকুণাই ৰাখিবা, যেন তাত ফু মাৰি ভাত খাব পৰা হয়। মই ঘূৰি আহি কোৱা কথাৰ লৰচৰ দেখিব নালাগে।” পেট-ভাতুৱে সাউদৰ কথা শুনি "ভাল দেউতা” বুলি শলাগি থ'লে। পাছদিনা ৰাতিপুৱাতে সাউদ নাৱত উঠি বেপাৰলৈ গ'ল। ইফালে পেট-ভাতুৱে বাৰী চিকুণুৱা কামত ধুমধাম লগালে। চাকৰ লগাই দি বাৰীত যি শইচ-সাৰ আছিল সকলোবোৰ কটাই নৈত উটাই দিবলৈ ধৰিলে। ঘৰৰ মানুহে সেইবাবে তাক কিবা ক'লে সিহে আকৌ সিহঁতক ডাবি দি উঠে। পেট-ভাতু আগৰপৰাই সাউদৰ বিশ্বাসী চাকৰ, কিজানি সাউদে তাক সেইদৰেই কৰাবলৈ কৈ গৈছে, এইবুলি ঘৰৰ আন মানুহেও তাক হাত দিবলৈ সাহ কৰিব নোৱাৰে। সিফালে পেট-ভাতুৱে বাৰীত যি জাবৰ-জোঠৰ আছিল সেইবিলাক আঁতৰ কৰাই মছাই-সৰাই একেবাৰে সাউদে কোৱাতকৈও ওপৰ কৰি ফু-মাৰি ভাত খাব পৰা কৰি থ'লে।
এনেতে সিফালৰপৰা সাউদো বেপাৰ কৰি উভতি আহিল। আহোঁতে, নৈত উটাই দিয়া আম-কঠাল আদিৰ গছবিলাক সাউদে নৈত জাজী হৈ থকা লগ পাবলৈ ধৰিলে। সেইবিলাক দেখি সাউদৰ মনত এটা অসন্তোষৰ ভাব আহি সোমাল। তেওঁ ভাবিলে, মই আহোঁতে বাৰীখন চিকুণাই থ'বৰ নিমিত্তে পেট-ভাতুৰ আগত কৈ আহিছিলোঁ; কিজানি সিয়ে মোৰ মনৰ ভাব নুবুজি অন্য ৰকম কাম কৰিলে? ইত্যাদি ভাবি-চিন্তি আহোঁতে সাউদে নিজৰ ঘাট পালেহি। ঘাট পায়েই সাউদে নাৱৰপৰা নামি অইন ফালে চকু নিদিয়াকৈয়ে বাৰীৰ ফালে ল'ৰ ধৰিলে। বাৰী পাই তেওঁ দেখিলে যে পেট-ভাতুৰে মানুহ লগাই বাৰীখন মছাব-সৰাবই লাগিছে। সাউদে দেখিয়েই মূৰে-কপালে হাত দি বহিল। বহুত পৰ সাউদে তলমূৰ কৰি থাকি পেট-ভাতুক সুধিলে, "হেৰ। তই দেখোন একেবাৰে মোৰ সৰ্বনাশ কৰিলি অ'?” পেট-ভাতুৱে উত্তৰ দিলে, "দেউতা, বন্দীয়ে আপুনি কোৱাৰ ওপৰ হ'বলৈহে প্রাণপণে যত্ন কৰিছোঁ।” সাউদে আৰু একো উত্তৰ নিদি ঘৰলৈ আহি মনৰ বেজাৰত কাকো নমতা-নোবোলাকৈ শোৱাপাটীত পৰি থাকিল। পাছদিনা ৰাতিপুৱা পেট-ভাতুৱে তাৰ তলৰ বনুৱাবিলাকক ভাগে ভাগে বনলৈ পাচি দিলে। নিজে ঘৰত থাকি সাউদৰ ঘৈণীয়েকক ক'লে, "আই, দেউতা অনেক দিনৰ মূৰ আহি ঘৰ পাইছেহি। কালি গধূলি কিবা গা-মূৰৰ অসুখতে নেকি, দেখোন ভাত খোৱাও দেখা নাপালোঁ। এতিয়া আজি নো দেউতাক কিহেৰে ভাত খুৱাব খুজিছে বা? এই খাহীটোকে মাৰোঁ।” এইবুলি কৈ সি উত্তৰলৈ বাট নেচাই খাহীটো একে কোবেই মাৰি পেলালে। সাউদে ইয়াতো তাক একো বুলিবলৈ বাট বিচাৰি নেপালে। তাৰ পাছত পেট-ভাতুৱেও, সাউদলৈ ৰন্ধা ভাত-আঞ্জাৰ জুতি দেখুৱাবলৈ ৰান্ধনীৰ পাছে পাছে ধুম-ধুপালকৈ লৰিবলৈ ধৰিলে। সাউদনীয়ে পেট-ভাতুৰ দিহামতে ভাত-আঞ্জা ৰান্ধি শেষ কৰিলে।
তাৰ পিছত সি সাউদনীক মঙহ ভাজিবলৈ চৰত তেল বহাবলৈ দিলে আৰু চৰত তেল বহোৱাৰ পিছত, সোনকালে তেল পকি উঠিবলৈ চৰুত তলত ডাঙৰকৈ জুই দিবলৈ ক'লে। সাউদনীয়ে পেট-ভাতুৰ কথামতে কাম কৰিলে। যেতিয়া তেল পকি জুই উঠিব লগীয়া হ'ল, সাউদনীয়ে সুধিলে, "পেট-ভাতু, এতিয়া মঙহ বনাই দিওঁ?” পেট-ভাতুৱে ক'লে, "ৰ'বা আই ৰ'বা, তেল ভালকৈ পকা নাই।” এইদৰে দুয়ো চাই আছে। পেট-ভাতুরে যেতিয়া দেখিলে জুই নুঠিবৰ আৰু কোনো কাৰণ নাই, তেতিয়া সাউদনীক ক'লে, "আই এতিয়া মঙহ বহাই দিয়া।” তাৰ কথামতে সাউদনীয়ে মঙহ বহাই দিয়াত ভমক্ কৰি জুই উঠি ৰান্ধনি ঘৰৰ চালত লাগিলগৈ। ৰান্ধনী ওলাই লৰ মাৰিলে। এক মুহূৰ্তৰ ভিতৰতে জুইয়ে এটাইবোৰ ঘৰ আগুৰি পেলালে। সাউদৰ আৰু তেওঁৰ ঘৰৰ মানুহবিলাকৰ চিঞৰ-বাখৰ লাগি পৰিল। মানুহবিলাকৰ কোনোৱে জুই নুমাবলৈ চেষ্টা কৰিবলৈ ধৰিলে, কোনোৱে বা বস্তুবেহানি উলিওৱাত লাগিল। সাউদ বেবুৱা লাগি ইফালে-সিফালে লৰি ফুৰিবলৈ ধৰিলে। সাউদৰ এটা পাঁচ বছৰীয়া ল'ৰা আছিল। ল'ৰাটিয়ে এই কাণ্ড দেখি ভয়তে কান্দি কান্দি বাপেকৰ পাছে পাছে ল'ৰি ফুৰিবলৈ ধৰিলে। সাউদে মনৰ বেজাৰত ক'লে, "এই নষ্ট যোৱাৰনো আজি কি হ'ল? ই কিয় এনেকৈ মোৰ পাছে পাছে ল'ৰি ফুৰিছে? ইয়াক নো কোনেও কোবাই মাৰিব নোৱাৰে নে?” সাউদৰ কথা শুনি পেট-ভাতুৱে টপ ক'ৰে মাত লগালে, “মই হেন বন্দী থাকোঁতে দেউতাৰ এনে দুখ হ'ব লাগিলনে! মই তেনেহ'লে কে'লেই বা দেউতাৰ ঘৰত আছোঁ।” এইবুলিয়েই সি টাঙোন এডাল আনি ল'ৰাটো কোবাই মাৰিলে। পেট-ভাতুৱে এইদৰে সাউদৰ কৰিবলগীয়া সকলোখিনি কৰিলে। পেট-ভাতুক আৰু ৰখা হ'লে আগলৈকো সি এনেকুৱা অনিষ্টহে কৰি থাকিব, এইবুলি ভাবি সাউদে পেট-ভাতুক বিদায় দিলে।
পেট-ভাতুৱে তেওঁলোকৰ বন্দৱস্তমতে ৰজাৰ আগত গোচৰ দিলেগৈ। ৰজাই সাউদক ধৰাই নি সোধাত সাউদে পেট-ভাতুৰ অত্যাচাৰৰ কথাবিলাক বৰ্ণাই ৰজাৰ আগত ক'লে। পেট-ভাতুৱে ক'লে, "স্বৰ্গদেউ, তেওঁৰ কোৱা কথাৰ বাহিৰে চুলি এডালৰ ইফাল-সিফাল মই কৰা নাই। তেওঁ বেপাৰলৈ যাওঁতে মোক বাৰীখন ফু-মাৰি ভাত খাব পৰা কৰি থ'ব দিছিল; ময়ো তাকে কৰিছোঁ। ঘৈণীয়েকক মই ভাত ৰান্ধিবলৈ শিকাব লাগে; আঞ্জাত লোণ-খাৰ দিবলৈ দেখুৱাবলৈ গৈছিলোঁ। ঘৈণীয়েকে তেল মাৰোঁতে ঘৰত জুই লগাই দিলে, মই কি কৰিম? তেওঁ তেওঁৰ ল'ৰাটো মাৰিবলৈ কোনো নাই বুলি দুখ কৰাত, চাকৰ থাকোঁতে গৰাকীৰ এনে দুখ হোৱা দেখি মই বেয়া পাই ল'ৰাটি মাৰি দিলোঁ। স্বৰ্গদেবে এতিয়া বিবেচনা কৰি চাই দোষীক দণ্ড কৰক” এইবুলি পেট-ভাতুৱে ক'লে। ৰজাই বিচাৰ কৰি চাই পেট-ভাতুক নির্দোষী পালে। কবুলত হৰা 'দোষত ৰজাই সাউদৰ নাকে-কাণে লোৰ শলা মৰাই সাউদক পোতাশালত থ'বলৈ আদেশ দিলে। তেতিয়া মন্ত্ৰীৰ ল'ৰাই আনন্দ মনেৰে সখিয়েকব ঘৰলৈ আহি সকলো কথা সখিয়েকৰ আগত ক'লে। সাউদৰ অৱস্থাৰ কথা শুনি সখিয়েকৰ আৰু ঘৈণীয়েকৰ আনন্দৰ সীমা নাইকিয়াত পৰিল। এতিয়া তিনিওজনে গৈ ৰজাৰ ওচৰত নিজ নিজ চিনাকি দিলে আৰু নিজ ৰাজ্যলৈ যাবৰ নিমিত্তে অনুমতি প্রার্থনা কৰিলে। ৰজাই সকলো কথা জানিব পাই সন্তোষ পালে। তাৰ পিছত ৰাণী আৰু প্ৰজাবিলাকে এই শুভ বাতৰি পাই ৰঙত তোলপাৰ লগাই দিলে। ৰজাই আৰু ৰাণীয়ে জোঁৱায়েকক খুৱাই-বুৱাই অনেক ঐশ্বর্য-বিভূতি দি পঠিয়াই দিলে। তেওঁলোকেও আনন্দ মনেৰে নিজ ৰাজলৈ গুচি আহিল।
********
Comments
Post a Comment