লৌহ মানৱ বিষ্ণুৰাম মেধিৰ বিষয়ে ৰচনা

লৌহ মানৱ বিষ্ণুৰাম মেধিৰ বিষয়ে ৰচনা 

লৌহ মানৱ বিষ্ণুৰাম মেধিৰ বিষয়ে ৰচনা অসমীয়াত Assamese Essay on Lauha Manab Bishnuram Medhi‌‍ Iron Man of Assam



লৌহ মানৱ বিষ্ণুৰাম মেধি


এই নামটো অসমবাসীৰ বাবে এক পৰিচিত আৰু গৌৰৱজনক নাম। তেখেত আছিল অসমৰ দ্বিতীয়জন মুখ্যমন্ত্রী আৰু স্বাধীনোত্তৰ সময়ৰ প্ৰথমজন অসমীয়া ৰাজ্যপাল। অসম আৰু দেশৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত তেওঁৰ অৱদান অপৰিসীম।বিষ্ণুৰাম মেধিৰ পৰিয়াল মূলত বৰপেটা অঞ্চলৰ। পৰৱৰ্তী সময়ত তেওঁলোক হাজোলৈ স্থানান্তৰিত হয় আৰু তেখেত হাজোতেই প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। তেখেত প্ৰথমে বঙালী ভাষাত পঢ়া আৰম্ভ কৰিছিল, যি সেই সময়ত সাধাৰণতে প্ৰচলিত আছিল। মেধি শৈশৱৰ পৰাই পঢ়া-শুনাত খুব আগ্ৰহী আৰু প্ৰতিভাসম্পন্ন আছিল। তেওঁৰ প্ৰতিভাই আগলৈ গৈ তেওঁৰ জীৱন আৰু ৰাজনৈতিক যাত্ৰাক উজ্বল কৰি তোলে। আনকি উচ্চ প্ৰাইমাৰী স্কুলৰ শিক্ষান্ত পৰীক্ষাত তেওঁ সুখ্যাতিৰে বৃত্তিসহ উত্তীর্ণ হয়। কিন্তু সেই সময়ছোৱাত হাজো অঞ্চলত উচ্চ শিক্ষাৰ কোনো অনুষ্ঠান নাছিল। ফলত তেওঁ গুৱাহাটীৰ কটন কলেজিয়েটত নামভৰ্তি কৰিবলগীয়া হয়। আনকি কটন কলেজিয়েটত পঢ়ি থকা সময়ছোৱাত তেওঁ নিজেই নিজৰ খোৱা সামগ্ৰী যোগাৰ কৰি লৈছিল।


বিষ্ণুৰাম মেধি আছিল অত্যন্ত অধ্যাৱসায়ী। তেওঁ সদায় প্রথম হৈয়েই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আনকি এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হৈ তেওঁ ২৫ টকীয়া বৃত্তি লাভ কৰিছিল। ইয়াৰ পিছত মেধি বিজ্ঞানৰ শাখাত নামভৰ্তি কৰাৰ পোষকতা কৰিলে। সেই সময়ত গুৱাহাটীৰ কটন কলেজত বিজ্ঞান শাখা আৰম্ভ নকৰাত তেওঁ কলিকতাৰ ডাফ কলেজত বিজ্ঞান শাখাত নামভর্তি কৰে। তাত তেওঁ ইণ্টাৰ-মিডিয়েট বিজ্ঞান শাখাৰ পৰীক্ষাত সুখ্যাতি পাছ কৰি দ্বাদশ স্থান লাভ কৰি বৃত্তি পায়।ইণ্টাৰ-মিডিয়েট পৰীক্ষা পাছ কৰাৰ পিছত বিষ্ণুৰাম মেধি আর্থিক সংকটৰ সন্মুখীন হয়। নানা সমস্যাৰ মাজতো মেধিয়ে ১৯১১ চনত অনার্চসহ বি.এছ.চি. পৰীক্ষাত উত্তীর্ণ হয়। ইয়াৰ পিছত বিষ্ণুৰাম মেধিয়ে ঢাকা বিশ্ববিদ্যালয়ত নামভর্তি কৰি তাৰ পৰা এম.এছ.চি পৰীক্ষা পাছ কবে। ১৯১৪ চনত তেওঁ আইন বিষয়ক পৰীক্ষাও পাছ কৰে। ১৯১৫ চনত গুৱাহাটীত ওকালতি আৰম্ভ কৰে।


ওকালতিত প্রতিষ্ঠা লাভ কৰা বিষ্ণুৰাম মেধিয়ে ক্ৰমাৎ ৰাজনৈতিক ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ লয়। ১৯১৯ চনত তেওঁ কংগ্রেছত যোগদান কৰি ১৯২১ চনত অসম এছোচিয়েশ্বনৰ সদস্য নির্বাচিত হয়। কংগ্রেছত যোগদান কৰি বিষ্ণুৰাম মেধিয়ে গান্ধীৰ অসহযোগ আন্দোলনৰ প্ৰতি আকৃষ্ট হয় আৰু ৰামদিয়াৰ ভঠেলীখোলাত বহুতো বিলাতী কাপোৰ দ'ম কৰি জুইত পুৰি পেলায়। ১৯৩০ চনত বিষ্ণুৰাম মেধি অসম প্রাদেশিক কংগ্ৰেছ কমিটীৰ সভাপতি হয়। তেওঁ একেৰাহে ৮ বছৰৰো ওপৰ কালত অসম প্রাদেশিক কংগ্ৰেছ কমিটীৰ সভাপতি হৈ থাকি গ্রামাঞ্চলত কংগ্ৰেছৰ ভেটি সুদৃঢ় কৰাত আগভাগ লৈছিল। বিষ্ণুৰাম মেধি জে'লত থকা সময়ত ফখৰুদ্দিন আলী আহমেদো তেওঁৰ লগতে আছিল। ১৯৩০ চনত মেধিয়ে ছমাহ জে'ল আৰু দুশ টকা জৰিমনা ভৰিব লগা হৈছিল।


কংগ্ৰেছৰ হকে ত্যাগৰ মনোভাবেৰে কাম কৰি মেধি ডাঙৰীয়াই ১৯৩৮ চনত নির্বাচনত নামিবলগীয়া হয়। তেতিয়াৰ হাজো-কমলপুৰ সমষ্টিৰ নিৰ্বাচিত প্রার্থী যোগেন্দ্ৰনাথ বৰুৱাৰ মৃত্যুৰ বাবে খালী হোৱা এই আসনখনৰ বাবে মেধিয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া হয়। নিৰ্বাচনত তেওঁৰ ঘাই প্রতিদ্বন্দ্বী আছিল জনসংঘৰ প্রার্থী বসন্ত চৌধুৰী। নির্বাচনত বিষ্ণুৰাম মেধিয়ে বিপুল ভোটত জয়লাভ কৰে। বিষ্ণুৰাম মেধিয়ে লোকেল বোৰ্ডৰ চেয়াৰমেন হিচাপেও কার্যনির্বাহ কৰিছিল। লোকেল বোর্ডৰ চেয়াৰমেন হিচাপে মেধিয়ে গ্রামাঞ্চলৰ ৰাইজৰ শিক্ষা আৰু জনস্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিছিল।


বিষ্ণুৰাম মেধি ক্ষমতালোভী নাছিল। ১৯৩৮ চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত যেতিয়া কংগ্ৰেছ যুক্ত মন্ত্রীসভা গঠন হয়, সেই সময়ত বিষ্ণুৰাম মেধি বিধানসাৰ সদস্য আছিল যদিও তেওঁ মন্ত্রীসভাত নোসোমাল। বিষ্ণুৰাম মেধি আছিল এজন দক্ষ ৰাজনীতিবিদ। গোপীনাথ বৰদলৈৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল ঘনিষ্ঠ। ১৯৪৬ চনত মেধিয়ে তেওঁৰ জন্মভূমি হাজোৰ পৰা বিধায়ক হিচাপে নির্বাচিত হৈ গোপীনাথ বৰদলৈ মন্ত্রীসভাৰ ৰাজহ আৰু বিত্তমন্ত্রী হিচাপে কার্যনির্বাহ কৰিছিল। কিন্তু ১৯৫০ চনৰ ৫ আগষ্টত গোপীনাথ বৰদলৈৰ হঠাৎ মৃত্যু হোৱাত মুখ্যমন্ত্রীৰ গুৰু দায়িত্ব লৌহ মানৱ বিষ্ণুৰাম মেধিয়ে ল'ব লগা হয়। বিষ্ণুৰাম মেধি মুখ্যমন্ত্রী হোৱাৰ লগে লগে কিছুমান নেতাই দিল্লীত মেধিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলায়। বিশেষকৈ সেই সময়ত পাকিস্তানৰ পৰা অহা শৰণাৰ্থী আৰু ভগনীয়াসকলৰ ক্ষেত্ৰত মেধিয়ে দৃঢ় মনোভাব লৈ সেইসকলৰ সংস্থাপনৰ বোজা অসমে বহন কৰিবলৈ অসমৰ্থত। দেখুওৱা বাবেই মেধিৰ বিৰুদ্ধে কিছুমান অশুভ শক্তিয়ে থিয় দিছিল।


বিষ্ণুৰাম মেধিয়ে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণৰ পিছৰে পৰা নানা সমস্যাই তেওঁক বেছি ধৰিছিল। তেওঁ অসমৰ ন্যায্য দাবীসমূহ প্রতিপন্ন কৰাত আগভাগ লৈছিল। মুখ্যমন্ত্ৰিত্বৰ কালছোৱাত বিষ্ণুৰাম মেধিয়ে সম্মুখীন হ'ব লগা হৈছিল সাম্প্রদায়িক সংঘৰ্ষৰ। ১৯৪৬ চনত জিন্না চাহাবৰ কৰ্মসূচী মতে কলকাতাত চলা হিন্দু-মুছলমানৰ সংঘৰ্ষৰ প্ৰভাৱ অসমতো পৰিছিল। কিন্তু মেধিৰ বিশেষ যত্নত অসমত সাম্প্রদায়িক সংঘর্ষ হ'বলৈ নাপালে। বিষ্ণুৰাম মেধিয়ে পাহাৰ আৰু ভৈয়ামৰ সম্প্ৰীতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। ১৯৫৬ চনৰ স্বাধীনতা দিৱসত দিয়া তেওঁৰ ভাষণত কৈছিল- 'আমাৰ অসম বহু জাতি আৰু উপজাতিৰ বাসভূমি। পাহাৰ আৰু ভৈয়ামত বাস কৰা জনজাতি আৰু অনুসূচিত জাতিৰ লোকসকলৰ সকলো প্ৰকাৰ উন্নতিসাধন আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নয়ন আমাৰ পৱিত্ৰ কৰ্তব্য।'


বিষ্ণুৰাম মেধিৰ হিন্দী ভাষাৰ প্ৰচাৰ আৰু উন্নতিতো অধিক গুৰুত্ব দিছিল। বিষ্ণুৰাম মেধিৰ বিশেষ যত্নতেই 'অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি' গঠন কৰা হয়। আনকি দেৱনাগিৰি লিপি প্রচলনৰ ক্ষেত্ৰতো বিষ্ণুৰাম মেধিয়ে অধিক গুৰুত্ব দিছিল। অসমত ৰাজ্যভাষা অসমীয়া কৰাৰ ক্ষেত্ৰত গোপীনাথ বৰদলৈৰ লগত মেধিৰ মতৰ অমিল হৈছিল। বৰদলৈৰ দৰে মেধিয়ে জোৰকৈ অসমত ৰাজ্যভাষা অসমীয়া হোৱাটো বিচৰা নাছিল। মেধিয়ে অসমত ৰাজ্যভাষা অসমীয়া হোৱাটো বিচাৰিছিল যদিও তেওঁ আনফালে এইটোও চিন্তা কৰিছিল যাতে অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে জাপি দিয়াৰ লগে লগে অন্য ভাষাৰ লোকৰ অন্তৰত আঘাত নালাগে।


বিষ্ণুৰাম মেধি আছিল এজন দক্ষ প্রশাসক। তেওঁ কোনো চৰকাৰী কামেই হেলা কৰি পেলাই নথৈছিল। কোনো চৰকাৰী নির্দেশ আদি দিব লগা হ'লে মেধিয়ে যথেষ্ট ধৈর্য সহকাৰে চালিজাৰি চাইহে কৰিছিল। তেওঁ যেতিয়া কোনো এটা সিদ্ধান্তত উপনীত হয় সেইটোত তেওঁ সদায় অলৰ-অচৰ হৈ আছিল। সেইবাবেই তেওঁক বহুতে 'লৌহ মানৱ' আখ্যা দিছিল।বিষ্ণুৰাম মেধি কেন্দ্ৰীয় চৰকাৰৰ স্বৰাষ্ট্ৰ মন্ত্ৰী হৈ থকা সময়তে মাদ্রাজৰ ৰাজ্যপাল হিচাপে নিযুক্তি পায়। ১৯৫৮ চনৰ ২৪ জানুৱাৰীত বিষ্ণুৰাম মেধিয়ে মাদ্রাজৰ ৰাজ্যপাল হিচাপে শপত গ্রহণ কৰে। মাদ্রাজত এজন আদর্শ ৰাজ্যপাল হিচাপে কৃতিত্ব অর্জন কৰি ১৯৬৪ চনৰ ৩ মে' তাৰিখে ৰাজ্যপাল পদ এৰি তেওঁ পত্নী নির্মলা মেধিৰ সৈতে অসমলৈ উভতি আহে। অসমলৈ আহি তেওঁ তেওঁৰ সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তি 'বিষ্ণু-নিৰ্মলা ন্যাস'ৰ নামত শিশুসকলৰ বাবে দান কৰে। তথাপি তেওঁ ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা নাছিল। ১৯৬৭চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ বিনা প্রতিদ্বন্দ্বিতাৰে হাজো সমষ্টিৰ পৰা নিৰ্বাচিত হয়। ১৯৬৭ চনৰ পৰা ১৯৭২ চনলৈ তেওঁ হাজো সমষ্টি বহুতো আধৰুৱা কাম সম্পূর্ণ কৰে। কিন্তু ১৯৭৫ চনত অসমত জৰুৰীকালীন অৱস্থা ঘোষণা হোৱাত মেধিয়ে মনত বৰ আঘাত পাই ৰাজহুৱা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৮১ চনৰ ২১ জানুৱাৰীত কর্মযোগী বিষ্ণুৰাম মেধিয়ে ইহসংসাৰৰ পৰা বিদায় লয়।



*****

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা