অসমৰ বৰ্ষাৰণ্য Rainforest in Assam

অসমৰ বৰ্ষাৰণ্য Rainforest in Assam 


অসমৰ বৰ্ষাৰণ্য Rainforest in Assam Essay in Assamese পবা বৰ্ষাৰণ্য জয়পুৰ বৰ্ষাৰণ্য দিহিং পাটকাই বৰ্ষাৰণ্য 


অসমৰ বৰ্ষাৰণ্য Rainforest in Assam 


বর্ষাৰণ্য (Rainforest):

পৃথিৱীৰ বিষুৰ ৰেখাৰ দুয়োফালে অর্থাৎ কর্কটক্রান্তি আৰু মকৰক্ৰান্তিৰ মাজৰ অঞ্চলক ক্রান্তীয় অঞ্চল নামেৰে জনা যায়। এনে অঞ্চলত দেখিবলৈ পোৱা অৰণ্যৰাজিক ক্রান্তীয় অৰণ্য (Tropical Forest) বুলি কোৱা হয়। এই অৰণ্যাঞ্চলক পৃথিবীৰ আটাইতকৈ সমৃদ্ধিশালী আৰু চহকী অৰণ্য হিচাপে চিহ্নিত কৰা হৈছে। পৃথিৱীৰ সকলো অৰণ্যৰ ভিতৰতে চহকী এই অৰণ্যই বর্ষাৰণ্য


বর্ষাৰণ্য (Rainforest) হৈছে এনে এক অৰণ্য- য'ত অনবৰতে সেমেকা বাতাবৰণে বিৰাজ কৰে। এনে অৰণ্য বিশিষ্ট অঞ্চলত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ আশী ইঞ্চিতকৈও বেছি হোৱা দেখা যায়।  ১৮৯৮ চনত এজন জার্মান উদ্ভিদবিদে পোন প্রথমে Rain forest শব্দটো ব্যৱহাৰ কৰিছিল। জৈৱবৈচিত্র্যত অতি সমৃদ্ধ এই বৰ্ষাৰণ্যই হৈছে পৃথিৱীৰ একমাত্র সমৃদ্ধিশালী অৰণ্য। এনে অঞ্চলত বছৰটোৰ সকলো সময় আর্দ্র হৈ থাকে। ফলত বিভিন্ন প্রজাতিৰ বৃক্ষ, তৃণ, লতা আৰু প্ৰাণীৰ জন্ম আৰু বৃদ্ধিৰ অনুকুল পৰিৱেশৰ সৃষ্টি কৰে। বিভিন্ন প্ৰাণীৰ জন্ম আৰু বৃদ্ধিৰ অনুকূল পৰিৱেশৰ আৱাসস্থল এনে অৰণ্যৰ সূৰ্যৰ ৰশ্মিয়ে চুই যোৱা শীর্ষস্তৰৰ পাতৰ পৰা শেলুৱৈয়ে আৱৰা ভূমি সংলগ্ন স্তৰৰ শিপা আৰু জলাশয়ৰ অন্তৰ্ভাগলৈকে বৰ্ষাৰণ্যৰ প্ৰতিটো স্তৰেই বিভিন্ন প্রজাতিৰ জীৱকুলৰ আশ্রয়স্থল।


পৃথিৱীৰ প্ৰায় ২,২৫,০০০ প্রজাতিৰ উদ্ভিদ আৰু ১২,০০,০০০ প্রজাতিৰ প্ৰাণীকুলৰ অর্ধেকাংশ বাসস্থান বৰ্ষাৰণ্য। তদুপৰি বিশ্বৰ প্ৰায় পঞ্চাশ কোটি মানুহ প্রত্যক্ষ বা পৰোক্ষভাৱে বর্ষাৰণ্যৰ ওপৰত নিৰ্ভৰশীল। এই বর্ষাৰণ্যবোৰ ধ্বংস হোৱা মানে পৃথিৱীৰ প্রায় পঞ্চাশ শতাংশ উদ্ভিদ আৰু প্রাণী চিৰকাললৈ লুপ্ত হোৱা। বৰ্ষাৰণ্যৰ বৈশিষ্ট্য যিবোৰ অৰণ্য অঞ্চল বছৰৰ বেছিভাগ সময়েই সেমেকা হৈ থাকে, এটা সেমেকা বাতাবৰণতহে এনে অৰণ্যৰ গঠন প্ৰক্ৰিয়া নিৰ্ভৰ কৰে। যিবোৰ অৰণ্য অঞ্চলত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ আশী ইঞ্চিতকৈও বেছি হয়, সেই বোৰ অৰণ্যৰ উদ্ভিদৰাজিৰ চাৰিটা প্রধান স্তৰ পৰিলক্ষিত হয়। এনে অৰণ্যত ডাঙৰ গছ, জোপোহা, গুল্ম, ঢেঁকীয়া, শেলুৱৈজাতৰ উদ্ভিদৰ লগতে আন আন গছৰ সমাহাৰত এক জটিল তৰপৰ সৃষ্টি হয়। এই বহুতৰপীয়া অৱস্থাটো ঠাইভেদে ভিন্ন হোৱাৰ বাবে এই অৰণ্যৰ উদ্ভিদবোৰৰ চাৰিটা স্তৰ পৰিলক্ষিত হয়।


যিহেতু বৰ্ষাৰণ্যত চাৰি প্ৰকাৰৰ উদ্ভিদ-স্তৰ চকুত পৰে। সেয়েহে সাধাৰণ অৰণ্যতকৈ বৰ্ষাৰণ্যৰ সেউজৰ মাত্রাও বেছি হয়। এশ বর্গকিল'মিটাৰৰ এখন বৰ্ষাৰণ্য চাৰিশ বর্গকিল'মিটাৰৰ এখন সাধাৰণ অৰণ্যৰ সমান। বৰ্ষাৰণ্যৰ উদ্ভিদ স্তৰ বৰ্ষাৰণ্যত যি চাৰিটা স্তৰৰ উদ্ভিদৰ কথা কোৱা হয়, তাৰ ভিতৰত আটাইতকৈ ওপৰৰ স্তৰটো শীর্ষস্তৰ (Emergent Layer)। শীর্ষস্তৰৰ গছবোৰ সাধাৰণতে ১১৫ ৰ পৰা ১৫০ ফুট পর্যন্ত ওখ হয়। এই ধৰণৰ বৃক্ষ প্রতি একৰত দুজোপামানহে দেখা যায়। এনেধৰণৰ বৃক্ষৰ পাতবোৰ সৰু আৰু দেখাত এটা মেলি থোৱা ছাতিৰ দৰে, গা-গছডাল ওখ আৰু খীণ।


শীর্ষস্তৰৰ ঠিক তলতে যিটো স্তৰ দেখিবলৈ পোৱা যায়, তাক কোৱা হয় মধ্যস্তৰ (Canopy Layer)। এই স্তৰৰ গছবোৰৰ শীর্ষভাগ সাধাৰণতে চেপেটা আৰু ৬৫ ৰ পৰা ১০০ ফুট পর্যন্ত ওখ হয়। শীর্ষস্তৰ আৰু মধ্যস্তৰৰ বৃক্ষই সমগ্ৰ অৰণ্যখনকে এটা বৃহৎ ছাতিৰ দৰে ঢাকি ৰাখে। এই দুই স্তৰৰ গছৰ পাতবোৰে সূৰ্যৰ বেছিভাগ ৰশ্মি আহৰণ কৰে। মধ্যস্তৰত কিছুমান অপৈণত গছ আৰু কিছু সংখ্যক জোপোহা গছৰ সমষ্টিৰে গঠিত বৰ্ষাৰণ্যৰ তৃতীয় উদ্ভিদ স্তৰ নিম্নস্তৰ বা Understory Layer। এই স্তৰৰ গছবোৰ সাধাৰণতে ১৫ ৰ পৰা ২০ ফুট পর্যন্ত ওখ হয়। বৰ্ষাৰণ্যৰ বৈশিষ্ট্য প্রকাশক উদ্ভিদ-স্তৰৰ চতুৰ্থ স্তৰটো ভূমি সংলগ্ন স্তৰ বা Harb Layer। এই স্তৰ সাধাৰণতে বিভিন্ন উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে। বিবিধ প্ৰজাতিৰ ঢেঁকীয়াজাতৰ উদ্ভিদ, গুল্মজাতৰ উদ্ভিদ, হৰেক প্ৰজাতিৰ কচু, বেত, বনৰীয়া কল, ঘাঁহ জাতৰ উদ্ভিদ আদি দেখিবলৈ, পোৱা যায়।


পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী অৰণ্য বৰ্ষাৰণ্যত দেখা পোৱা জৈৱ বিচিত্ৰতা অন্যান্য অৰণ্যত পোৱা নাযায়। কিন্তু অতি পৰিতাপৰ বিষয় হ'ল- সমগ্র পৃথিৱীতে বৰ্ষাৰণ্যৰ পৰিমাণ মাত্ৰ সাত শতাংশহে। যোৱা কেইবছৰমানৰ আগতে পৃথিৱীৰ উপৰি ভাগত প্রায় বিশ শতাংশ এনে অৰণ্য আছিল। তদুপৰি সমগ্ৰ বিশ্বৰ প্রায় পঞ্চাশখন দেশতে বৰ্ষাৰণ্যৰ প্ৰসাৰতা মন কৰিব লগীয়া আছিল যদিও তিনিখন দেশতহে ইয়াৰ অস্তিত্ব বিচাৰি পোৱা যায়। সেই দেশকেইখন হ'ল- ব্রাজিল (৩৩%), জেইৰি আৰু ইণ্ডোনেছিয়া (১০% কৈ)। বিশ্বৰ মুঠ ৮৫ খন ৰাষ্ট্ৰত বৰ্ষাৰণ্যৰ প্রায় ৯০% বিয়পি আছে। ইয়াৰে প্ৰতিখন ৰাষ্ট্ৰৰ গড়ে দহ মিলিয়ন হেক্টৰ মাটি বর্ষাৰণ্যই আগুৰি আছে।


বর্ষাৰণ্যই হৈছে পৃথিবীৰ বহুতো আপুৰুগীয়া বন্যপ্রাণীৰ বাসস্থান। সেয়েহে এনে অৰণ্যত প্রাণ প্রাচুর্যও বেছি পৰিলক্ষিত হয়। বর্ষাৰণ্য পৃথিবীৰ জৈৱ বৈচিত্র্যৰ ভাণ্ডাৰ। ই হাজাৰ হাজাৰ প্রজাতিৰ ঔষধি গছৰো বাসস্থান। মানুহৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্রত বর্ষাৰণ্যবোৰে ভৱিষ্যতে ঔষধৰ ভঁড়াল হিচাপে কাম কৰিব। বর্ষাৰণ্যক বিজ্ঞানী মহলে সেয়েহে জীৱন্ত পৰীক্ষাগাৰ বুলিও আখ্যা দিছে। বর্ষাৰণ্যতে আছে মানুহৰ বিকল্প খাদ্য। এতিয়াও বর্ষাৰণত এনেকুৱা হাজাৰ হাজাৰ প্ৰজাতিৰ উদ্ভিদ, ফলমূল ইত্যাদি আছে, যিবোৰ মানুহে এসময়ত ব্যাপক হাৰত খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে। এই অজান, অনাবিষ্কৃত খাদ্য সম্ভাৰে ভৱিষ্যৎ প্ৰজন্মৰ ক্ষুধা আৰু পুষ্টিৰ যোগান ধৰিব। জলবায়ু আৰু পৰিৱেশ নিয়ন্ত্রণতো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে বর্ষাৰণ্যই। বৰ্ষাৰণ্যৰ প্ৰভাৱতে এক বিস্তৃত অঞ্চলৰ ভূমিভাগ আর্দ্র হৈ থাকে আৰু উৎপন্ন হোৱা জৈৱসাৰে পৰোক্ষভাবে আমাৰ কৃষিমাটিক হাজাৰ হাজাৰ বছৰ ধৰি উৰ্বৰ কৰি ৰখাত সহায় কৰে। ভূ-গর্ভস্থ পানীৰ নিয়ন্ত্রণতো এই বৰ্ষাৰণ্যই অনুকূল ভূমিকা পালন কৰি আহিছে।


যি কেইটা উদ্ভিদ স্তৰে বৰ্ষাৰণ্যক সমৃদ্ধি দান কৰিছে, সেই আটাইকেইটা স্তৰতেই বিভিন্ন প্রজাতিৰ প্ৰাণীয়েও সিহঁতৰ বাসস্থান হিচাপে বাছি লৈছে। প্রজাতি অনুসৰি প্ৰাণীসমূহকো জীয়াই থাকিবৰ বাবে ভিন্ন পৰিৱেশৰ প্রয়োজন হয়। বৰ্ষাৰণ্যত চাৰিধৰণৰ উদ্ভিদ স্তৰ বিশিষ্ট পৰিৱেশ বিৰাজমান বাবে প্রতিটো স্তৰতেই বিবিধ প্ৰজাতিৰ প্ৰাণীয়ে নিজৰ জীৱানুকূল বাতাবৰণ তৈয়াৰ কৰি সমস্ত অৰণ্যখনকেই সৌন্দর্যমণ্ডিত কৰি তোলে। গতিকে বিভিন্ন স্তৰৰ উদ্ভিদ আৰু প্ৰাণীবোৰে কেৱল বর্ষাৰণ্যত জীয়াই থকাই নহয় এই গোটেইবোৰৰ সমষ্টিয়েই হৈছে Rainforest বর্ষাৰণ্য। ইয়াৰ প্রতিটো জীৱই ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল আৰু পৰিস্থিতিতন্ত্রটোৰ ভাৰসাম্য ৰক্ষাত ইয়াৰ প্রতিটো সদস্যৰ গুৰুত্ব অপৰিসীম। অসমত বর্ষাৰণ্যৰ অস্তিত্ব সম্পর্কত যোৱা এটা দশকৰ আগলৈকে সৰ্বসাধাৰণ লোক জ্ঞাত নাছিল। অসমতো যে বৰ্ষাৰণ্যৰ অস্তিত্ব থাকিব পাৰে বা তেনে ধাৰণাও কৰিব পাৰি সেই বিষয়ে প্রথম প্রতীতি জন্মোৱাৰ লগতে বর্ষাৰণ্য সংৰক্ষণৰ বাবেও নেচার্চ বেকনে হাতে কামে প্রচেষ্টা অব্যাহত ৰাখে। তাৰেই প্রথম ফলশ্রুতি দিহিং পাটকাই অভয়াৰণ্য।


অভয়াৰণ্য হিচাপে স্বীকৃত দিহিং পাটকাই অসমৰ প্ৰথমখন বর্ষাৰণ্য। ২০০৪ চনৰ ১৩ জুনত জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ ১১১.১৯ বর্গ কিল'মিটাৰ সাঙুৰি দিহিং পাটকাই অভয়াৰণ্য ঘোষণা কৰে আৰু ২০২১ বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। উল্লেখযোগ্য যে, ডিব্রুগড় তিনিচুকীয়া জিলাৰ জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিং বৰ্ষাৰণ্যৰ ৫০০ বর্গ কিল মিটাৰ অৰণ্যাঞ্চলক সামৰি অভয়াৰণ্য গঠনৰ বাবে প্রবল আন্দোলন গঢ়ি তুলিছিল নেচার্চ বেকনে। সংগঠনটোৰ এই প্ৰস্তাৱিত অভয়াৰণ্য ১১১-১৯ বর্গ কিল'মিটাৰ অংশকহে অভয়াৰণ্য হিচাপে ঘোষণা কৰে।ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ পৰা পূবলৈ কেই কিল মিটাৰমান আগুৱাই গ'লেই পোৱা যায় ব্ৰহ্মপুত্ৰৰ এখন উল্লেখযোগ্য উপনৈ বুঢ়ী দিহিং। বুঢ়ী দিহিঙৰ দুয়োকাষে পৰিবেষ্টিত এক বিস্তৃত সেউজ অৰণ্যভূমি পৰিলক্ষিত হয়। এইখনেই দিহিং পাটকাই। এই অৰণ্যৰ দক্ষিণে সাৰনগৰী নামৰূপ, পূবে মাৰ্ঘেৰিটা, পশ্চিমে নাহৰকটীয়া আৰু জয়পুৰ আৰু উত্তৰ পূব দিশত ডিগবৈ নগৰ। দক্ষিণ পূবৰ সীমাটো অৰুণাচলৰ টিৰাপৰ লগত সংলগ্ন।


দিহিং পাটকাইৰ জৈৱ বৈচিত্র্য:

দিহিং-পাটকাইৰ সমগ্র অঞ্চলটোতে ৪২ প্ৰজাতিৰ স্তন্যপায়ী প্রাণী, ২৯৩ প্রজাতিৰ বন্য চৰাই, ৪০ প্ৰজাতিৰ সৰীসৃপ আৰু উভচৰ, ৩০ প্ৰজাতিৰ পখিলা চিনাক্ত হৈছে। এই বৰ্ষাৰণ্য পৃথিৱীৰ ভিতৰতে বান্দৰজাতীয় প্ৰাণীৰ অন্যতম সর্বোৎকৃষ্ট বাসস্থান। ভাৰতৰ ভিতৰতে কাঠনিৰ চৰাই (woodland Birds) বাবে এই অঞ্চল সর্বপেক্ষা চহকী। নামচাং আৰু বুঢ়ী দিহিঙৰ সংগমস্থলী দিহিং পাটকাই। সেয়েহে মৎস্য আৰু অভ্যন্তৰৰ পিতনিবোৰ দেওহাঁহৰ আদর্শ বাসস্থান। বিশ্বৰ সৰ্বসংখ্যক দেওহাঁহৰ সংখ্যা সংৰক্ষিত হৈ আছে এই অৰণ্যতে। দেওহাঁহ অসমৰ ৰাজ্যিক পক্ষী। হলৌ বান্দৰৰ (Hoolock Gibbon) প্রধান আশ্রয়স্থল দিহিং পাটকাই। তদুপৰি আন ছবিধ বান্দৰ জাতৰ প্ৰাণীৰ আৱাসস্থল এই বৰ্ষাৰণ্য।


ব্ৰহ্মপুত্ৰ উপত্যকাৰ আন এখন বৰ্ষাৰণ্য উজনি অসমত ব্রহ্মপুত্র উপত্যকাত। অৱস্থিত আন এখন সমৃদ্ধিশালী বর্ষাৰণ্য- পবা। ১০,২২১ হেক্টৰ বিস্তীর্ণ বনভূমিৰে আবৃত্ত এই বৰ্ষাৰণ্য ব্ৰহ্মপুত্ৰৰ উজনিত আৰু ব্রহ্মপুত্ৰ উত্তৰ পাৰে অৰুণাচল প্রদেশৰ লগত সংলগ্ন। পবা ধেমাজি জিলাৰ জোনাই মহকুমাত থকা জিলাখনৰ একমাত্র প্রাণময় বনাঞ্চল।পবা বনাঞ্চলৰ উত্তৰে অৰুণাচল, উত্তৰ-পূব কোণেৰে বৈ অহা চিয়াং নৈ পশ্চিমলৈ দহ কিল'মিটাৰ বৈ গৈ ব্রহ্মপুত্ৰত পৰিছেগৈ। পূব দিশত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অৰুণাচলৰ দিবং, লক্ষী ৰিজার্ভ আৰু ককচিন মহকুমাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহে পবাক সংগঠিত ৰূপত ৰাখিছে।


পবাৰ বৈশিষ্ট্য:

পবা এখন উৎকৃষ্ট বর্ষাৰণ্য। বৰ্ষাৰণ্যৰ প্ৰতিটো বৈশিষ্ট্যই পবাত বিদ্যমান। পবাত এতিয়ালৈকে ২১৮ প্ৰজাতিৰ বনৰীয়া চৰাই, ২১ প্ৰজাতিৰ প্রজাতিৰ স্তন্যপায়ী, ২৬০ প্রজাতিৰ বৃক্ষ আৰু অলেখ প্ৰজাতিৰ পখিলাৰ সন্ধান পোৱা গৈছে। পবা বনভূমিত নদী কাষৰীয়া অৰণ্যৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। পবাৰ কাষেৰে বৈ যোৱা চিয়াং নদীয়ে পবাক ভৰপূৰ উপচাৰ প্ৰদান কৰিছে। চিয়াং পৰীয়া পবাৰ অঞ্চল বিশেষত প্ৰচুৰ শিমলু গছ দেখা যায়।


পবাৰ পূব দিশে ব্ৰহ্মপুত্ৰৰ মাজত দ্বিতীয় বৃহৎ নদী দ্বীপ কবু চাপৰি। ১৯৭৭-৭৮ চনৰ সময়ছোৱাত কবু চাপৰি বনৰীয়া ম'হৰ আৱাসস্থল আছিল। এতিয়াও কবু চাপৰিৰ জৈৱ বৈচিত্র্য চকুত লগা। এই কবু চাপৰিৰ পূবলৈ ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। পবাৰ উত্তৰ দিশত থকা অৰুণাচলৰ অখণ্ড বনভূমি আৰু পবা, কবু চাপৰি, ডিব্ৰু-চৈখোৱা-এই চাৰিওখন অৰণ্যভূমি যেন একেডাল সূতাৰে গঁথা। পবাক কেন্দ্ৰ কৰি এই বনাঞ্চল কেইখনে সমকোণী অবস্থান গ্রহণ কৰিছে। বন্যপ্রাণীসমূহে পবা আৰু কবু চাপৰিক কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। আপুৰুগীয়া বন্যপ্রাণীসমূহে কবু চাপৰিক কৰিড'ৰ হিচাপে লৈ পবা বনাঞ্চলত বিচৰণ কৰে আৰু অৰুণাচলৰ অবিচ্ছিন্ন অৰণ্যৰ লগতে সম্পর্ক সূত্র স্থাপন কৰে। অনেক পৰিভ্ৰমী পক্ষীৰ বাবে পবা আৰু চিয়াং নৈৰ উপকণ্ঠ অঞ্চল আদর্শ বিচৰণস্থলী। 


দিহিং পাটকাইৰ পিছতে নেচার্চ বেকনে সন্ধান দিয়া আনখন বৰ্ষাৰণ্যই হৈছে পবা। পবা বনাঞ্চলত দেখা যায় বিবিধ প্ৰজাতিৰ উদ্ভিদ, তৰু লতা আৰু অৰ্কিডৰ সুষম সমাহাৰ। কচু, ঢেঁকীয়াৰ পৰা গুল্ম আৰু ডাঙৰ জোপোহা গছৰ সমৃদ্ধি পবাত লক্ষণীয়। ঔষধি উদ্ভিদৰ ক্ষেত্ৰতো পবা চহকী। পবাৰ মুঠ বনভূমিৰ ৬০ ভাগ কাঠনি, ২০ ভাগকৈ ক্রমে পিতনি আৰু ঘাঁহনি অঞ্চল। জলাহ ভূমিবোৰত মাছ, কাছ আৰু জলজ উদ্ভিদৰ প্ৰাচুৰ্য মন কৰিব লগীয়া। প্রকৃতিৰ বর্ণাঢ্য সৃষ্টি বিবিধ প্রজাতিৰ পখিলাৰ অনুপম ভাণ্ডাৰ এই পবা। অতীজৰে পৰা পবাই জোনাইবাসীক অর্থনৈতিক, সামাজিক ভাবে সকাহ দি আহিছে। চিয়াঙৰ খহনীয়া আৰু বান প্ৰতিৰোধ কৰিছে পবাই। অসমৰ জলবায়ু আৰু পৰিৱেশ নিয়ন্ত্ৰণতো অসমৰ জৈৱিক বৈচিত্র্য সংৰক্ষণৰ ক্ষেত্ৰত পবাৰ গুৰুত্ব প্রথম স্থানত। 



*******


Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা