পার্বতিপ্ৰসাদ বৰুৱাৰ‌ বিষয়ে ৰচনা

পার্বতিপ্ৰসাদ বৰুৱাৰ‌ বিষয়ে ৰচনা 


পার্বতিপ্ৰসাদ বৰুৱাৰ‌ বিষয়ে ৰচনা Assamese Essay on Gitikobi Parvati Prasad Baruah
পার্বতিপ্ৰসাদ বৰুৱাৰ‌ বিষয়ে ৰচনা
 


পার্বতিপ্ৰসাদ বৰুৱাৰ‌ বিষয়ে ৰচনা Assamese Essay on Gitikobi Parvati Prasad Baruah



পার্বতিপ্ৰসাদ বৰুৱাৰ‌ বিষয়ে


গীতি-কবি পার্বতিপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌত। পার্বতিপ্ৰসাদ বৰুৱাৰ দেউতাকৰ নাম ৰাধিকাপ্ৰসাদ আৰু মাকৰ নাম আছিল হিমলা দেৱী। পার্বতিপ্ৰসাদৰ দেউতাক ৰাধিকাপ্রসাদ অসম কাউন্সিলৰ সদস্য আছিল। তেওঁ 'ৰায় চাহেব' খিতাপো লাভ কৰিছিল। পার্বতিপ্ৰসাদ বৰুৱাৰ মাক যোৰহাটৰ বিখ্যাত চাহ খেতিয়ক, ৰায় বাহাদুৰ বিষ্টুৰাম বৰুৱাৰ কন্যা আছিল। পার্বতিপ্ৰসাদ বৰুৱাৰ আন আন ভাতৃকেইজন হ'ল-ভগৱতী প্রসাদ, কামাখ্যাপ্রসাদ আৰু মোক্ষদাপ্রসাদ। পার্বতিপ্ৰসাদ বৰুৱাৰ দেউতাক এজন সাহিত্যিক আছিল। তেওঁ 'পদ্য জামলা', 'ভিক্টোৰিয়া চৰিত্ৰ আৰু ভূগোল পাঠ' লিখিছিল।


পার্বতিপ্ৰসাদ বৰুৱাই সৰুতে সোণাৰিৰ পাঠশালা স্কুলত পঢ়ি ৮ বছৰ বয়সত শিৱসাগৰৰ ফুলেশ্বৰী ইনষ্টিটিউচনত পড়ে। ১৯২১ চনত তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। গুৱাহাটীৰ কটন কলেজৰ পৰা আই.এছ.চি. পৰীক্ষা পাছ কৰি কলকাতাৰ স্কটিছ চার্চেজ কলেজৰ পৰা বি.এ. পাছ কৰে। পার্বতিপ্ৰসাদ বৰুৱাই কর্মজীৱন আৰম্ভ কৰে চাহ বাগিচাৰ মেনেজাৰ হিচাপে। প্ৰথমতে তেওঁ যোৰহাট জিলাৰ কেইখনমান চাহ বাগিচাত মেনেজাৰ হিচাপে কাম কৰি পিছত শিৱসাগৰৰ ৰজাবাৰী চাহ বাগিচাৰ মেনেজাৰ হয়। লগতে তেওঁ ককায়েকৰ আইদেওবাৰী বাগিচাৰো দায়িত্বভাৰ লয়। ১৯৩৯ চনত তেওঁ ৰাইডাং চাহ বাগিচা কিনে। ১৯৪৭ চনত সোণাৰি চাহ বাগিচা কিনি সেইসমূহ পৰিচালনা কৰে।


পার্বতিপ্ৰসাদ বৰুৱাৰ সৰুৰে পৰা সংগীত আৰু চিত্ৰকলাত ৰাপ আছিল। তেওঁৰ পৰিয়ালটো কাব্য-সাহিত্য আৰু সংগীত চর্চাত আগবঢ়া আছিল। পার্বতিপ্রসাদ বৰুৱাই ৯-১০ বছৰ বয়সৰ পৰাই অভিনয় কৰিছিল। তেওঁ ফুলেশ্বৰী স্কুলত পঢ়ি থাকোঁতেই জয়মতী নাটত গদাপাণিৰ ভাও লৈছিল। তেওঁ সুন্দৰ আবৃত্তিও কৰিব পাৰিছিল। পার্বতিপ্ৰসাদ বৰুৱাৰ মাত বৰ শুৱলা আছিল। সৰুৰে পৰা পাৰ্বতিপ্ৰসাদ বৰুৱাই ৰবীন্দ্ৰ সংগীত আৰু লক্ষ্মীনাথ বৰুৱা, পদ্মধৰ চলিহা আদিৰে ৰচিত গীত গাইছিল। তেওঁ 'থুপিতৰা' আৰু 'ঘৰ-জেউতি' নামৰ দুখন হাতে লিখা আলোচনী উলিয়াইছিল। কটন কলেজ আৰু কলকাতাত পঢ়ি থাকোঁতে তেওঁ সংগীত চৰ্চাৰ এক পৰিৱেশ পাইছিল। কলকাতাত পঢ়ি থকা সময়ৰ পৰাই পাৰ্বতিপ্ৰসাদে শিৱসাগৰ নাট্য মঞ্চত সংগীত পৰিৱেশন কৰিছিল, নৃত্যাভিনয় কৰিছিল।


বি.এ. পাছ কৰি পাৰ্বতিপ্ৰসাদে কিছুদিন সৰুচৰাইত মোমায়েকৰ চাহ বাগিচাত আছিল। তাতেই তেওঁ 'সোণৰ সোলেঙ' আৰু 'লখিমী'খন লিখে। তাতেই ১৯২৯ চনত তেওঁ 'জোনাকী মেল'ৰ পাতনি মেলে। পিছত তেওঁ গুৱাহাটীকে ধৰি অন্য ঠাইতো 'জোনাকী মেল'ৰ আয়োজন কৰিছিল। ১৯৫৩ চনত তেওঁ ৰক্তচাপত আঘাতপ্রাপ্ত হৈ শয্যাশায়ী হয়। তেওঁ ঘৰত সোমাই থাকিবলগীয়া অৱস্থা হয়। এই সময়ছোৱাতে তেওঁ গীতৰ পুথি 'গুণগুণনি' আৰু 'লুইতী'। কবিতাপুথি: 'ভঙা টোকাৰীৰ সুৰ'। গীতিকাব্যঃ 'শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল' লিখি প্রকাশ কৰে। তেওঁৰ শেহতীয়া কবিতা পুথি 'খেল ভঙা খেল' তেওঁৰ মৃত্যুৰ বহু বছৰ পিছত প্রকাশ পায়।


১৯৬১ চনত অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনৰ সংগীত সম্মিলনত সভাপতি হিচাপে পার্বতিপ্ৰসাদ বৰুৱাক নির্বাচন কৰে। তেওঁ ৰুগ্ন দেহাৰে সম্মিলিনত উপস্থিত হৈ বিপুল জনতাৰ পৰা সন্মান লাভ কৰে। পাৰ্বতিপ্ৰসাদ বৰুৱাৰ কবিতাতকৈ গীত বেছি। পার্বতিপ্রসাদে বহুকেইটা দেশ প্রেমমূলক গীত ৰচনা কৰিছিল। পাৰ্বতিপ্ৰসাদ বৰুৱাৰ ৰচনাত কোনো বিদেশী বা বঙলুৱা শব্দ নাই। পার্বতিপ্রসাদ বৰুৱা আছিল একেধাৰে গীতিকাৰ, সুৰকাৰ, গায়ক, নৃত্যশিল্পী আৰু সু-অভিনেতা। পার্বতিপ্ৰসাদ বৰুৱাৰ সৃষ্টি সম্ভাৰে অসমীয়া জাতীয় জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়াইছে। ১৯৬৪ চনৰ ৭ জুনত এইগৰাকী মহান ব্যক্তিয়ে ইহসংসাৰ ত্যাগ কৰে।




******

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা