অসমীয়া কৌতুক Assamese Koutuk
অসমীয়া কৌতুক Assamese Koutuk
অসমীয়া কৌতুক Assamese Koutuk Assamese jokes Assamese Comedy
১
পকেটমাৰ- আৰে ভাই, আজিকালি তোক দেখোন দেখিবলৈকে নাই?
আন এজন পকেটমাৰ- কেনেকৈ দেখিবি? এতিয়া মই অভাৰটাইম কৰি আছোঁ। এইবাৰ ঠাণ্ডা দিনকেইটা জিৰণি ল'ম বুলি ভাবিছোঁ।
প্রথমজন- ঠাণ্ডা দিনত লাইন নামাৰ নেকি?
দ্বিতীয়জন- ঠাণ্ডা দিনত আমাৰ লাইনত কাম কৰি লাভ নাই। প্ৰায়বোৰ মানুহে জেপত হাত ভৰাই ফুৰে দেখোন।
*******
২
ৰেল এখন ষ্টেচনত ৰোৱাত যাত্রী এজনে বাহিৰত ঘূৰি ফুৰা ল'ৰা এটাক টকা ছটা দি ক'লে-ভাইটি, সৌ হোটেলখনৰ পৰা দুটা চিঙৰা কিনিবা, এটা তুমি খাবা আৰু এটা মোক দিবা।
ৰেলখন যাবলৈ হুইচেল মাৰোঁতে ল'ৰাজনে তিনিটকা যাত্ৰীজনক ঘূৰাই দি ক'লে-দাদা, দোকানত মাত্র এটাহে চিঙৰা আছিল। গতিকে, মোৰটো মই খালোঁ। আপোনাৰ বাকী তিনি টকা লওঁক। ক'ৰবাত কিনি খাব।
*******
৩
অতিথি- আপোনালোকৰ এই কুকুৰটোলৈ মোৰ ভয় লাগে। মই এটা কথা লক্ষ্য কৰিছোঁ যে, মোক ভাত দিয়াৰ লগে লগে তাৰ ভুকনিটো বেছি হৈছে।
গৃহস্থনী- সি তাৰ কাঁহীখন চিনি পাইছে কাৰণে তেনেদৰে আপোনালৈ চাই ভুকি আছে।
*******
৪
এজন বন্ধু- ভাই, পৰহি তোমাৰ দোকানত বোলে জুই লাগিছিল। কি কি লোকচান হ'ল?
দ্বিতীয় বন্ধু- ভাগ্য ভাল যে জুয়ে সিমান নষ্ট কৰিব নোৱাৰিলে। মাত্ৰ জুই নুমুওৱা চিলিণ্ডাৰটোহে পুৰিল। লোকচান সিমানেই।
******
৫
বিচাৰক (চোৰক ধমক দি): তোমাৰ দেখিছোঁ বহুত সাহস। তোমাৰ সমুখতে চাৰিজনকৈ সাক্ষীয়ে কৈ গ'ল যে তেওঁলোকে তোমাক চুৰি কৰা দেখিছে, অথচ কৈছা যে তুমি চুৰি কৰা নাই? কিয় জীয়া ফাঁকি দিছা?
চোৰ- ধৰ্মাৱতাৰ, আপুনি অনুমতি দিলে চাৰিজন কিয় মই চাৰিশজন সাক্ষী আনি তেওঁলোকৰ মুখেৰে কোৱাব পাৰিম যে মই চুৰি কৰা নাই। চোৰ আন কোনোবাহে।
******
৬
প্রকাশক- আপুনি যিখন উপন্যাস আমাক দিছে, সেইখন দেখোন আপোনাৰ দেউতাই প্রায় চল্লিছ বছৰ আগতে লিখা। এবাৰ ছপাও হৈছিল। আপুনি উপন্যাসখনত দেউতাৰাৰ নামটো কাটি নিজৰ নাম লিখিছে কিয়? ই এটা অপৰাধ বুলি আপুনি জানেনে?
ডেকা- চাওক মহাশয়, মোৰ আৰু কোনো ভাই-ককাই বা ভনী-বাই নাই। মই দেউতাৰ সকলো সম্পত্তিৰ কাগজবোৰত অৰ্থাৎ দলিল, মিউনিচিপালিটিৰ টেক্সৰ বিল, লাইটৰ বিল, গেছৰ বিল এই সকলোতে দেউতাৰ নাম কাটি মোৰ নামত লিখাই লৈছোঁ। গতিকে এই সম্পত্তিটোও মোৰ নামত লিখি আপোনাক ছপাবলৈ দিছোঁ। কিবা ভুল কৰিছোঁ জানো? ই অপৰাধ কেনেকৈ হ'ব?
******
৭
দুজন মানুহৰ মাজত তুমুল কাজিয়া লাগিল। এজনে আনজনক ক'লে- মই তোৰো চৌষষ্ঠিটা দাঁত ঘুচিয়াই ভাঙি পেলাব পাৰোঁ, বুজিছ?
ওচৰতে কাজিয়া উপভোগ কৰি থকা মানুহ এজনে দুয়োজনৰ ওচৰলৈ আহি ক'লে-দাদা, মানুহৰ দাঁত বত্ৰিছটাহে থাকে, চৌষষ্ঠিটা ক'ত পালে?
মানুহজনে ক'লে- মই জানো আৰু এইটোও জানো যে আমি দুটাই কাজিয়া কৰি থাকোঁতে কোনোবা তৃতীয় ব্যক্তি নিশ্চয় সোমাব। সেয়ে তেওঁৰ বত্ৰিছটা দাঁতো হিচাবত ধৰি লৈছোঁ।
******
৮
ৰোগীৰ পুত্র- ডাক্তৰ চাহাব, আপোনাৰ ঔষধ খাই দেউতাৰ কাঁহ বন্ধ হৈছে, কিন্তু এতিয়াও উশাহ লোৱাত কষ্ট পাই আছে।
ডাক্তৰ- তাৰ কাৰণে তোমালোকে একো চিন্তা নকৰিবা। মোৰ ঔষধ খাই থাকিলে সেইটোও বন্ধ হৈ যাব।
*******
৯
মুকুলে প্রতি বৃহস্পতিবাৰে ব্রত পালন কৰে। সিদিনা দিনৰ ভাগত একো নাখায়, ৰাতি ফল-মূল আৰু গাখীৰ খায়।
এদিন বৃহস্পতিবাৰে একেলগে পঢ়া হৰেণে আহি মুকুলক ক'লে- ব'ল, এপাক বতাহ খাই আহোঁগৈ।
মুকুল- আজি মই একো খাবলৈ নাযাওঁ, আজি মোৰ ব্ৰত। তয়ে খাগৈ যা।
*******
১০
এজন ডেকাই তেওঁৰ দেউতাকৰ মৃত্যুৰ বাতৰি বিজ্ঞাপন হিচাবে প্রকাশ কৰিবলৈ বাতৰি-কাকতৰ কাৰ্যালয়লৈ গৈ সুধিলে- আপোনালোকৰ কাগজত মৃত্যু সংবাদ ছপা কৰিলে কিমান খৰচ পৰিব?
বিজ্ঞাপন মেনেজাৰ- প্রতি কলমৰ প্ৰতি ইঞ্চিত ষাঠি টকা।
ডেকা- তেনেহ'লে বহুত পইচা লাগিব। মোৰ দেউতা ছফুট দুই ইঞ্চি ওখ আছিল। সেই হিচাবত দেখোন চাৰি হেজাৰৰো ওপৰ টকা হ'ব?
******
১১
কোনো কালে চহৰলৈ নোযোৱা গাঁওৰ বাসিন্দা এজনে চহৰ ফুৰিবলৈ গ'ল। ব্যস্ত চাৰি আলি এটাত মানুহজনে উদ্দেশ্যবিহীনভাবে ইফালে-সিফালে ঘূৰি ফুৰা দেখি গাড়ী নিয়ন্ত্রণ কৰি থকা পুলিচজনে চিঞৰি ক'লে- হেৰি, এনেকৈ কিয় ঘূৰি আছে, গাড়ীয়ে খুন্দিয়ালে মজা পাব। কিনাৰলৈ গৈ থিয় হওক।
মানুহজনে লগে লগে উত্তৰ দিলে- এহ, তুমিও দেখোন ৰাস্তাৰ মাজতে ৰৈ চার্কাছ দেখুৱাই আছা। কিনাৰলৈ গৈ থিয় হৈ নাথাকা কিয়? মোক যে হুকুম দিছা?
******
১২
দেশৰ সাম্প্ৰতিক ৰাজনীতিৰ ওপৰত দলৰ মুখ্য কার্যালয়ত আলোচনা চলি আছে।
হঠাৎ দুজন নেতাৰ মাজত কিবা কাৰণত কাজিয়াৰ সূত্রপাত হ'ল। প্রথমজনে খঙতে সিজনক ক'লে-আপুনি কাৰ আঙুলিৰ ঠাৰত নাচে মই ভালদৰে জানো।
আনজনে শান্তভাৱে ক'লে-হ'ব বাৰু, আপুনি জানিলেই হ'ল। ইয়াত ৰাজনীতিৰ আলোচনা চলিছে, তালৈ মোৰ পৰিবাৰক কিয় টানি আনিছে?
*******
১৩
সম্পাদকৰ নিৰ্দেশত সংবাদদাতা এজনে এজন ডাঙৰ ৰাজনৈতিক নেতাৰ সাক্ষাৎকাৰ লৈ অফিচলৈ ঘূৰি গ'ল। সম্পাদকে সুধিলে কি হে, সাক্ষাৎকাৰ কেনে হ'ল? কি কি ক'লে?
সংবাদদাতা- তেওঁ মোৰ লগত ভালদৰে কথাই নাপাতিলে। দুই এটা সাধাৰণ কথা কৈ মোক বিদায় দিলে।
সম্পাদকজনে হাঁহি এটা মাৰি ক'লে- ঠিক আছে, কাগজখনৰ দুটা কলম জোৰাকৈ এটা ৰিপোৰ্ট তৈয়াৰ কৰা। চাবা যাতে ৰিপোৰ্টটো আকর্ষণীয় হয়। নেতাজনৰ ইমেজ বৃদ্ধিৰ বাবেও কিছু লিখিবা, প্রশংসাও কৰিবা। এটা কথা মনত ৰাখিবা যে, তোষামোদ কৰা এটা বাক্যও নিলিখিবা, এনেদৰে সাক্ষাৎকাৰটো প্ৰস্তুত কৰিবা যাতে ই নেতাজনৰ গুৰুত্ব বঢ়াত সহায় কৰে। এনেদৰে উপস্থাপন কৰিলে সাক্ষাৎকাৰটো পঢ়ি পাঠকে তোমাক প্রশংসা কৰিব,
লগতে নেতাজনৰ পৰাও আমি..........।
*******
১৪
এজন ডেকা নতুনকৈ চাকৰিত যোগ দিলে। প্রথম দিনা তেওঁ পিন্ধি যোৱা চোলাটোৰ অৱস্থা দেখি অফিচাৰজন আচৰিত হ'ল। চোলাটোৰ কলাৰটো লেতেৰা আৰু কোঁচ খোৱা, বুকুত দুটা বুতাম নাই আৰু তলৰ পাতলিটো ফটা।
অফিচাৰজনে তেওঁক নিজৰ কোঠালৈ মাতি নি ক'লে-চোৱা ডেকা ল'ৰা, তোমাৰ অৱস্থা দেখি মোৰ পুতৌ জন্মিছে। যদি তুমি এতিয়াও বিয়া পতা নাই, তেনেহ'লে সোনকালে বিয়াখন পাতা। আমিও সহায় কৰিম আৰু যদি ইতিমধ্যে বিয়া পাতিছা, তেনেহ'লে তোমাৰ পত্নীক যিমান সোনকালে পাৰা ত্যাগ কৰা। নহ'লে তোমাৰ ভৱিষ্যত জীৱন কেনে হ'ব, তাৰ প্ৰমাণ মানুহে পাইছেই।
********
১৫
দুজন বন্ধুৰ মাজৰ কথোপকথন। এজনে ক'লে- যোৱা বছৰ মই এজনী গাভৰুৰ চকুলৈ চাই মিচিকিয়া হাঁহি এটা মাৰোঁতে তাই পুলিচ মাতি আনিলে।
আনজনে ক'লে-তেনেহ'লে তোমাৰ ভাগ্য সিদিনা ভালেই আছিল বুলি ক'ব লাগিব। মই আকৌ এজনীৰ চকুলৈ চাই হাঁহি মাৰোঁতে মোক খন্তেক ৰ'বলৈ কৈ তাই পুৰোহিতক মাতি আনিলে। মই পলাইহে কোনোমতে ৰক্ষা পৰিলোঁ।
*******
১৬
এজন অতি লোভী আৰু খকুৱা মানুহ বিয়া খাবলৈ গ'ল। তেওঁ এবাৰ এবাৰকৈ চাৰিবাৰ জলপান খোৱাৰ পাছতো পঞ্চমবাৰৰ বাবে খোৱাঘৰত সোমোৱাত এজন বিলনীয়াই ক'লে- দাদা, আপুনি আৰু কিমানবাৰ বহিব?
খঁকুৱাজনে উত্তৰ দিলে- কেইবাৰ বহোঁ সেইটো মোৰ কথা। আপোনালোকৰ নিমন্ত্রণ পত্ৰখনত অভ্যর্থনাৰ সময় গধূলি চাৰিটাৰ পৰা ৰাতি দহটালৈ বুলি লিখা আছে। গতিকে আৰু তিনি ঘণ্টা সময় এতিয়াও বাকী আছে।
*******
১৭
উকীলে আদালতত গুচৰীয়াক প্রশ্ন সুধিছে- বাৰু আপোনাৰ মূৰলৈ দলিওৱা শিলটো মোৰ মূৰৰ সমান ডাঙৰ আছিলনে?
গুচৰীয়া-হয়, ছাৰ আপোনাৰ মূৰটোৰ সমানেই ডাঙৰ আছিল। কিন্তু আপোনাৰ মূৰটোৰ দৰে ফোঁপোলা নাছিল। বহুত গধুৰ আৰু টান আছিল, মূৰটো দুফাল হৈছিল।
*******
১৮
এজন কোটিপতিৰ জীয়েকৰ বিয়া। সেই উপলক্ষে নিমন্ত্রিতসকলৰ বাবে 'বুফে' আকাৰত খোৱাৰ ব্যৱস্থা কৰিছে। এজন অধ্যাপকে খাবলৈ সোমাই হাতত কাঁহী লৈ শাৰী পাতি থকা দেখি মন্তব্য দিলে- দৰিদ্ৰ ভোজন চলিছে হ'বলা?
*******
১৯
এজন উচ্চপদস্থ অফিচাৰে এবাৰ জ্যোতিষী এজনৰ ওচৰলৈ গৈ ভূত-ভৱিষ্যত জানিবৰ বাবে হাতখন দেখুৱালেগৈ। জ্যোতিষীজনে হাতৰ ৰেখাবোৰ পৰীক্ষা কৰি ক'লে- অতি সোনকালে আপোনাৰ ঘৰলৈ বিপুল পৰিমাণৰ ধনৰ আগমনৰ যোগ আছে। ক'ৰবাত লটাৰি টিকট লৈছিল নেকি?
অফিচাৰজনে দীঘল হুমুনিয়াহ এটা কাঢ়ি ক'লে- সেইবোৰ একো কিনা নাই। পৰহি মই মাথোন দহলাখ টকাৰ জীৱন বীমাৰ পলিচি এখন লৈছোঁ। তাৰ টকাখিনিহে মানুহজনীয়ে পাব নেকি?
*******
২০
খুলশালীয়েক পৰশাই ভিনিহিয়েকক সুধিলে- ভিনদেউ, চুজিত চেনি কম হ'ল নেকি বাৰু?
ভিনিহিয়েকে ক'লে- নাই নাই, কম হোৱা নাই, চেনি ঠিকেই আছে। কিন্তু তাৰ তুলনাত চুজি বেছি হৈছে।
******
২১
পতি (খঙেৰে): এই আইনাখন তোমাৰ কাৰণেই ভাঙি টুকুৰা-টুকুৰ হ'ল।
পত্নী- মোৰ কাৰণে নহয়, তোমাৰ কাৰণেহে ভাগিল। মই গেছ-লাইটাৰটো মাৰি পঠাওঁতে তুমি নিজ ঠাইত থকাহেঁতেন আইনাখন নাভাগিলহেঁতেন। কিয় তুমি ভয়তে আঁতৰি গৈছিলা?
*******
২২
বিবাহ-বিচ্ছেদৰ মোকদমা এটাত পতিয়ে পত্নীৰ ওপৰত দোষ জাপি ক'লে- মাননীয় জজ চাহাব, মই এই কাৰণেই বিবাহ-বিচ্ছেদৰ আৱেদন জনাইছোঁ যে মোৰ ইচ্ছা আছিল এটি পুত্ৰ সন্তানৰ বাপেকী হোৱা, কিন্তু তেওঁ মোক দুজনী ছোৱালীৰ বাপেকীহে হ'বলৈ বাধ্য কৰালে।
পত্নী- জজ চাহাব, অলপ মোৰ কথাও শুনক। তেওঁ ছোৱালীৰ বাপেকী হ'বলৈ যে পাইছে সেয়ে বহুত। তেওঁৰ আশাত মই বহি থকাহেঁতেন ছোৱালীও নাপালোঁহেঁতেন।
*******
২৩
নিৰ্বাচনৰ বতৰ। চহৰ-গাঁৱৰ অলিয়ে-গলিয়ে বহু নির্বাচনী সভা অনুষ্ঠিত হৈছে। এখন তেনে সভাত এজন প্রার্থীয়ে নিজৰ যোগ্যতা সিদ্ধ কৰিবলৈ আন কথাৰ লগতে স্বাস্থ্য আৰু খাদ্য সমস্যাৰ ওপৰতো দু-আষাৰ ক'লে- মানুহে যি ধৰণৰ খাদ্য খায় তাৰ প্ৰভাৱ তেওঁৰ মন আৰু দেহৰ ওপৰতো পৰে। উদাহৰণস্বৰূপে, মই নিজৰ কথাকে কওঁ- বিদেশত থাকোঁতে মই প্ৰায়ে ঘোঁৰাৰ মঙহ খাইছিলোঁ আৰু সেইবাবেই হ'বলা আজিও মই তজবজীয়া আৰু স্ফূর্তিবাজ হৈ আছোঁ। আপোনালোকে মোক নির্বাচিত কৰি পঠিয়ালে মই দেশ তথা ৰাইজৰ হকে কঠোৰ পৰিশ্ৰমেৰে কাম কৰি যাম।
সেই সভাতে উপস্থিত থকা প্রতিদ্বন্দ্বী প্রার্থীৰ সমৰ্থক এজনে উঠি চিঞৰি ক'লে-
ৰাইজ, প্ৰাৰ্থীজনৰ এনে তৰল যুক্তি পগলাৰ প্ৰলাপৰ বাহিৰে আন একো নহয়। ময়ো আজিলৈকে নদী আৰু সাগৰৰ বহু ধৰণৰ মাছ খাইছোঁ, কিন্তু মই বহু চেষ্টা কৰিও আজিলৈকে সাঁতুৰিব পৰা নাই।
*******
২৪
মৃত্যুৰ ক্ষণ গণি থকা অবস্থাত আদবয়সীয়া গিৰীয়েকে ঘৈণীয়েকক ক'লে- আমাৰ ল'ৰা-ছোৱালীও নহ'ল। মোৰ মৃত্যুৰ পাছত তুমি বহুত কষ্ট পাবা। প্রদীপ ডেকাৰো মানুহজনী ঢুকোৱা আজি দুবছৰেই হ'ল। যদি তুমি পুনৰ বিয়া হ'বলৈ মন কৰা প্ৰদীপৰ লগতে হ'বা।
ঘৈণীয়েকে আচৰিত হৈ ক'লে- আপুনি কি কৈছে? প্রদীপ ডেকা দেখোন আপোনাৰ ঘোৰ শত্রু। ইটোয়ে-সিটোক দেখিলেই দা-কুঠাৰ লোৱা অৱস্থা।
পতি- মই ঠিকেই কৈছোঁ। জীয়াই থাকোঁতে প্রতিশোধ ল'ব নোৱাৰিলো, মৰণৰ পাছত অন্ততঃ প্রতিশোধ ল'ব পাৰিম।
*******
২৫
প্রায় পঞ্চাছ বছৰীয়া মহিলা এগৰাকীয়ে ৰঙা লাইট উপেক্ষা কৰি নিজৰ গাড়ীখন চলাই লৈ গ'ল। কৰ্তব্যৰত চিপাহীজনে কেইবাবাৰো হুইচেল বজোৱাৰ পাছতো তেওঁ গাড়ীখন চলাইহে এৰিলে। চিপাহীজনে দৌৰি তেওঁৰ ওচৰলৈ আহি খঙেৰে ক'লে- আপুনি মই হুইচেল বজোৱা শুনা নাই নেকি? ৰঙা লাইট দিয়া স্বত্ত্বেও গাড়ীখন চলাই নিলে কিয়?
মহিলাগৰাকীয়েও সমানে উত্তেজিত হৈ ক'লে- হেৰা ডেকা চিপাহী, তোমাৰ হুইচেলৰ প্রতি সঁহাৰি দিবলৈ এতিয়া মোৰ আৰু সেই বয়স নাই, শুনিলানে?
********
২৬
ছোৱালীৰ বাপেকে তেওঁৰ ভাবী জোঁৱায়েকক সুধিলে- মোৰ ছোৱালীজনী তুমি পছন্দ কৰিলা, বিয়া কেতিয়া পাতিবা?
ডেকাৰ উত্তৰ- এই কথা আপোনাৰ ছোৱালীয়ে জানে?
ছোৱালীৰ বাপেক- আৰু বিয়া পৰম্পৰাগতভাৱে হ'বনে, কাছাৰীত ৰেজিষ্ট্ৰী কৰি হ'ব?
ডেকাৰ উত্তৰ - এই বিষয়ে মই আপোনাৰ ছোৱালীৰ লগত কথা হোৱাই নাই, তেওঁহে জানে।
ছোৱালীৰ বাপেক- বিয়াৰ পাছত তুমি মোৰ ছোৱালীজনীক লৈ ক'ত থাকিবা? খাবা কেনেকৈ?
ডেকাৰ উত্তৰ- এই কথা ছোৱালীৰ বাপেকেহে জানে। তেওঁ জীয়েকৰ সুখৰ বাবে যি ধৰণৰ সুবিধা কৰি দিয়ে, মোৰ আপত্তি নাই।
******
২৭
এজন মানুহৰ প্ৰতিৱেশীজনৰ দ্বিতীয়গৰাকী ঘৈণীয়েকো ঢুকাল। প্রতিৱেশীজনৰ লগত মানুহজনৰ বন্ধুত্ব বহুদিনীয়া। মৃতকৰ সম্বন্ধীয় ল'ৰা এজনে মানুহজনৰ ঘৰত খবৰ দি শ্মশানলৈ যাবলৈ কৈ গ'ল। মানুহজনে কোনো গুৰুত্ব নিদি ঘৰতে বহি থাকিল।
ঘৈণীয়েকে সুধিলে- হেৰি, আপুনি বৰাৰ ঘৰলৈ নাযায় নেকি? খবৰ দি যোৱা স্বত্ত্বেও আপুনি যোৱা নাই। ইফালে দুয়ো দেখোন নলে-গলে লগা বন্ধু। বিপদত মানুহৰ ঘৰলৈ যাব লাগে।
-মই নাযাওঁ বুলিয়েই ভাবিছোঁ। গিৰীয়েকে দুখেৰে ক'লে।
-কিয় নাযায়? বিপদৰ বন্ধুহে প্রকৃত বন্ধু। শ্মশানলৈ নগ'লেও ঘৰলৈ গৈ এবাৰ দেখা দি আহকগৈ।
- নোযোৱাৰ কাৰণ আছে। তুমিয়েই ভাবি চোৱাচোন বাৰু, বৰাই মোক দুয়ো গৰাকী ঘৈণীয়েকৰ মৃত্যুত শ্মশানলৈ যাবলৈ লগ ধৰিলে, কিন্তু মই তেওঁক আজিলৈকে এবাৰো লগ ধৰিব পৰা নাই। এনে পৰিস্থিতিত তালৈ গৈ মোৰ ভাল লাগিব?
********
২৮
পত্নী- মই এইটো কেনেকৈ বিশ্বাস কৰিম যে বিয়াৰ পাছত আপুনি মিছা কথা কোৱাৰ অভ্যাস ত্যাগ কৰিছে?
পতি- তাৰ প্ৰমাণ মই তোমাক হাতে হাতে দিছোঁ। চোৱা, বিয়াৰ আগতে মই তোমাৰ ৰূপ-লাৱণ্যক যিমান প্রশংসা কৰিছিলোঁ, বিয়াৰ পাছত আজিকালি জানো কৰোঁ? মই যে এতিয়া মিছা কথাবোৰ নকওঁ, দেখিলা নহয়?
******
২৯
সন্তানহীন আৰু পত্নীহীন এজন বিত্তৱান উকীলে তেওঁৰ ইচ্ছা পত্ৰখন এনেদৰে লিখিলে-মোৰ মৃত্যুৰ পাছত মোৰ নামত থকা সমুদায় ধন-সম্পত্তি এই অঞ্চলৰ মূৰ্খ আৰু অর্ধবলীয়াসকলৰ মাজত ভগাই দিব।
উকীলজনৰ এনে আচৰিত ইচ্ছা পত্ৰখনৰ কথা শুনি মানুহে তেওঁক সোধাত ক'লে-ইয়াত আচৰিত হ'বলগীয়া একো নাই। মই যিসকলৰ পৰা ফিজ লৈ মোৰ এই বিৰাট সম্পত্তি আহৰণ কৰিছোঁ, পুনৰ তেওঁলোককে সেইবোৰ ঘূৰাই দিছোঁ। নহ'লে কাক দিম?
*******
৩০
মহিলা সমিতিৰ এখন সভা চলি আছে। বক্তাসকলে পুৰুষৰ নানা দোষ-ত্রুটিক লৈ ৰসাল কথাৰ পাতনি মেলিছে। এগৰাকী মহিলাই হাত-মূৰ জোকাৰি গলগলীয়া মাতেৰে ক'লে-আজিকালি পুৰুষসকলক নামতহে শক্তিশালী বুলি কয়। আপোনালোকেই কওকচোন, তেওঁলোকে কি সাহসিক কাম কৰে যাৰ বাবে আমি তেওঁলোকক শক্তিশালী বুলি মানি ল'ব লাগে?
সভাখনৰ পাছৰ শাৰীত আঠ-দহজনমান পুৰুষো বহি আলোচনাৰ কথাবোৰ শুনি আছিল। এজনে বাধ্য হৈ উঠি ক'লে- পুৰুষে বহুতো সাহসিক কাম কৰে। তাৰ ভিতৰত এটা হ'ল তেওঁলোকে নাৰীৰ লগত বিয়া পাতে, যিটো কাম নাৰীয়ে কৰিবলৈ সাহস নকৰে।
******
৩১
এজন কবিৰ মগজুৰ বিকৃতি ঘটিল। মানুহে তেওঁকক মানসিক চিকিৎসালয়ত ভর্তি কৰালে। এদিন চিকিৎসালয়ৰ ডাক্তৰজনে কবিজনক সুধিলে- আপুনি আমাৰ ইয়াত থকা বহুদিন হ'ল। কিবা কবিতা-চবিতা লিখিছে নেকি?
হয়, লিখি আছোঁ। মই 'বনফুল' নামৰ কবিতা পুথি এখন লিখি আছোঁ।
-কিন্তু মোৰ মতে সেইখন দেখোন যতীন দুৱৰাইহে লিখিছিল। ডাক্তৰে ক'লে।
- বাহ, কি মজাৰ কথা? ইয়াৰ আগতেও মই 'আপোনাৰ সুৰ'খন লিখোঁতে মানুহে মোক আপোনাৰ দৰেই কৈছিল, কবিৰ উত্তৰ।
*******
৩২
এজন উকীলে তেওঁৰ মক্কেলক তেওঁৰ বিষয়ে বুজাই আছে। উকীলে কৈছে- বিয়াৰ ৰেজিষ্টীৰ বাবদ মই সাতশ আৰু বিবাহ-বিচ্ছেদৰ বাবে পাঁচশ টকা ফিজ লওঁ। এইটো মোৰ 'ৰেট'।
মক্কেল- ছাৰ, মই দুখীয়া মানুহ। আপোনাক ফিজ দিবলৈ মই ঘৰৰ কিবা বস্তু বন্ধকত থ'ব লাগিব। ফিজ অলপ কমাই ল'লে বৰ উপকাৰ কৰা হয়।
উকীল- তুমি দুয়োটা কাম একেলগে কৰিলে অৱশ্যে কম খৰচতে হ'ব।
*******
৩৩
দুজন মদাহীয়ে কথা পাতিছে। এজনে ক'লে- ভাই, মানুহবোৰে আৰু চৰকাৰে এনেয়ে কয় যে মদে মানুহৰ ঘৰ ধ্বংস কৰে, কিন্তু মোৰ মতে পানীয়েহে বেছি ঘৰ ধ্বংস কৰে।
কেনেকৈ? আনজনে সুধিলে।
চোৱা, ভাই বানীপানী আহিলে বহু গাঁও, চহৰ পানীত ডুবি যায়। হাজাৰ-হাজাৰ ঘৰ ধ্বংস হয়। এনেদৰে পানীয়ে যিমান ঘৰ ধ্বংস কৰে, মদে তাৰ দহভাগৰ এভাগো নকৰে।
*******
৩৪
কিবা কথাত কাজিয়া লাগি ঘৈণীয়েকে গিৰীয়েকক ক'লে- আজিৰ পৰা তুমি ঘৰ চম্ভালিবা। মই মাৰ ঘৰলৈ যাওঁ।
ঠিক আছে, যোৱা, ময়ো ইয়াত নাথাকোঁ। মই শহুৰৰ ঘৰলৈ যাম। গিৰীয়েকে ক'লে।
নিজে যাবা, কিন্তু ল'ৰা দুটা ক'ত থাকিব? ঘৈণীয়েকে গিৰীয়েকৰ মুখলৈ নোচোৱাকৈ সুধিলে।
সিহঁতৰ কাৰণে কি চিন্তা, আমি নাথাকিম যেতিয়া সিহঁতেও মামা-ককা-আইতাকৰ ঘৰলৈ যাব। মোমায়েকে মাতিয়েই আছে- গিৰীয়েকে ক'লে।
********
৩৫
এগৰাকী মহিলা তেওঁৰ বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গ'ল। ঘৰ সোমায়েই শুনিলে, কোনোবাই অবিৰাম গতিত হুইচেল বজাই আছে। আলহীগৰাকীয়ে ক'লে- হেৰা, ঘৰত এনে ধৰণেৰে কোনে হুইচেল বজাই আছে? মোৰ কাণ তাল মাৰি গৈছে। তাক বন্ধ কৰিবলৈ কোৱাচোন।
বান্ধৱীয়ে উত্তৰ দিলে- সেইজন মোৰ ৰান্ধনি। ময়ে তাক এনেদৰে অবিৰতভাৱে হুইচেল বজাই থাকিবলৈ কৈছোঁ। সি হুইচেল বজাই থাকিলে মই নিশ্চিত হওঁ যে সি পাগঘৰত একো বস্তু মুখত দিয়া নাই।
******
৩৬
এজনে আনজনক ক'লে- ভাই, এনে কোনো উপাই নাইনে যিটো কৰিলে মানুহে মোক সদায় মনত ৰাখিব?
আনজনে উত্তৰ দিলে- আছে, বৰ সহজ উপায় এটা আছে। তুমি মানুহবোৰৰ পৰা টকা ধাৰে ল'বলৈ আৰম্ভ কৰি দিয়া আৰু তাক পৰিশোধ কৰাৰ কথা মনলৈ নানিবা। তেতিয়া তোমাক মানুহে সদায় মনত ৰাখিব।
*******
৩৭
এগৰাকী বিখ্যাত নর্তকীয়ে তেওঁৰ ২৭ সংখ্যক জন্মদিন উপলক্ষে বিশিষ্ট সাংবাদিক আৰু কথাছবি জগতৰ লগত জড়িত হৈ থকা সকলোকে নিমন্ত্রণ জনালে। জন্মদিনৰ কেক কটাৰ পাছত দুকুৰি বছৰ ধৰি কথাছবি জগতত সাংবাদিকৰ দায়িত্ব বহন কৰি অহা এজন জ্যেষ্ঠ সাংবাদিকে নিজৰ ভাষণত ক'লে- মই আমাৰ সকলো কথাছবি জগতত প্ৰৱেশ কৰা ৰূপালী জয়ন্তী বর্ষ উপলক্ষে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
*******
৩৮
এগৰাকী মডেলে ভোজমেল এখনত ভদ্রলোক এজনলৈ দেখুৱাই সাংবাদিক এজনক ক'লে- সৌ টাই-চুট পিন্ধা মানুহজন দেখিছেনে? তেখেতক ময়ে লাখপতি বনালোঁ।
সাংবাদিক- বাহ, আপুনি বৰ ভাল কাম কৰিলে। আপোনাৰ কামৰ মই শলাগ লওঁ। পিছে তাৰ আগতে তেওঁ কি আছিল?
মডেল- মোৰ লগত চিনাকি হোৱাৰ আগতে তেওঁ কোটিপতি আছিল। পাছতহে লাখপতি হ'ল।
********
৩৯
এজন ল'ৰাই চৰকাৰী চাকৰিৰ বাবে নিৰ্ধাৰিত প্ৰ-পত্ৰ এখন পূৰণ কৰিবলৈ লওঁতে তেওঁৰ খোকোজা লাগিল। প্ৰ-পত্ৰখনৰ এঠাইত লিখা আছে আপুনি অল্পসংখ্যকনে?
ল'ৰাজনে লিখিলে- হয়, মই অল্পসংখ্যক। মা-দেউতাৰ ময়ে একমাত্র সন্তান।
*******
৪০
ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা উচ্চখাপৰ প্ৰশাসনিক বিষয়া এজনৰ পত্নীয়ে নিজ পতিৰ পৰিচয় বান্ধবীসকলক এনেদৰে দিলে- এখেত মোৰ অৱসৰ প্ৰাপ্ত স্বামী শ্রীযুত দুর্গাধৰ কাকতি।
******
৪১
এজন গাইডে পুৰণি দুর্গ এটা দেখুৱাই ভ্রমণকাৰীজনক ক'লে- এই দুর্গটো আজি আঠশ বছৰৰ পুৰণি। ইয়াৰ বৈশিষ্ট্য এয়ে যে দুর্গটোৰ শিল এচটাও খহি পৰা নাই আৰু সাজিবৰ পাছৰ পৰা আজিলৈকে কোনো ধৰণৰ মেৰামতিও কৰা নাই। কিন্তু চৰকাৰে ইয়াৰ পৰা এক বুজন পৰিমাণৰ দৰ্শনী-মাচুল প্রতি মাহে সংগ্ৰহ কৰি আছে।
ভ্রমণকাৰী- তেনেহ'লে ইয়াৰ মালিক মোৰ ভাৰাঘৰটোৰ মালিকৰ পূৰ্বপুৰুষেই হ'ব।
*****
৪২
দুগৰাকী মহিলাই পুৰুষ সম্পর্কে বহুপৰ নানা ভাল-বেয়া কথা পাতি আছিল। এগৰাকীয়ে ক'লে- পুৰুষবোৰেও বাৰু এনেদৰে আমাৰ বিষয়ে আলোচনা কৰেণে?
দ্বিতীয়গৰাকীয়ে ক'লে- হয়, কৰে।
প্রথমগৰাকী- হে ভগৱান, পুৰুষেও ইমান নিলাজ কথা পাতেনে।
*****
৪৩
আস্পাতালৰ প্ৰসূতি বিভাগত এগৰাকী সন্তান সম্ভৱা মহিলাই চিঞৰিছে- হে ভগৱান, মোক বচোৱা, মই মৰিম আৰু..........।
ডাক্তৰণীগৰাকীয়ে সান্ত্বনা দি ক'লে- এনেকৈ নিচিঞৰিবা। নাৰী হৈ জন্ম লৈছা যেতিয়া সকলো নাৰীয়ে কম-বেছি পৰিমাণে প্রসব বেদনা ভুগিবই লাগিব। মোৰো ল'ৰা-ছোৱালী আছে। ইমান ভয় খোৱাৰ কোনো কাৰণ নাই। তাৰোপৰি আমিতো আছোঁৱেই।
ৰোগী- হয়, হয়, মই মানি লৈছোঁ। আপোনাৰো ল'ৰা-ছোৱালী জন্ম হৈছে। আপোনাৰ কি চিন্তা, বাইদেউ, আপুনি যে ডাক্তৰণী।
******
৪৪
- বন্ধু তুমি যে আজি ৰাতি মোক ভাত খাবলৈ মাতিলা, মানুহজনীক জনালা নে নাই?
-ফোনেৰেই জনালোঁ। সেই বিষয়ে বহু আলোচনাও হ'ল। শেষত তেৱে জিকিল।
-তাৰ মানে?
- তাৰ মানে, চাহখিনি তেওঁ বনাব আৰু ভাতখিনি মই বনাম।
******
৪৫
বহুত দিনৰ পাছত দুজন বন্ধু একেলগ হ'ল। এজনে আনজনক সুধিলে- কিহে, কি খবৰ? ভালে আছানে? ল'ৰা-ছোৱালীকেইটাৰ একা? তুমি যে সিবাৰ কৈছিলা তোমাৰ মানুহজনীৰ কঁকালৰ বিষ বুলি, ভাল পালেনে?
আনজন- এতিয়া সকলোৰে ভালেই। মানুহজনীৰ বিষটো চহৰৰ ডাক্তৰক দেখুৱালো।
তেখেতে দৰব দি ক'লে যে এইবোৰ বুঢ়ী বয়সৰ লক্ষণ, বৰ বেছি গধুৰ কাম নকৰিব। ভাল হৈ যাব। সিদিনাৰ পৰাই বিষ নোহোৱা হ'ল।
*******
৪৬
এজন বন্ধুৱে আনজনক ক'লে- হেৰা, তোমাৰ ল'ৰা মহেশৰ বিয়াৰ কথা শুনিছিলোঁ। কিমান দূৰ আগবাঢ়িছে?
আনজন- পঞ্চাছ ভাগ আগবাঢ়িছে।
- তাৰ মানে?
- তাৰ মানে, মহেশ সাজু হৈ আছে। আমিও যো-জা কৰি আছোঁ। মাথোন ছোৱালীহে পছন্দৰ পোৱা নাই।
******
৪৭
পত্নী (গিৰীয়েকক): যিদিনা তুমি অফিচৰ কামত বাহিৰলৈ যোৱা, তোমালৈ মোৰ খুব মনত পৰে।
পতি- সঁচানে? বাৰু কোৱাচোন কোনখিনি সময়ত তোমাৰ মোলৈ বেছিকৈ মনত পৰে?
পত্নী- সকলো সময়তে পৰে। বিশেষকৈ খাই-বৈ উঠি বাচন ধোৱা, পুৱা ঘৰ সৰা, কাপোৰ ধোৱা আদি সময়ত তোমাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰোঁ। অফিচৰ 'টুৰ 'বোৰত নগ'লে নহয়নে?
******
৪৮
তৃতীয় মহলাত ডাক্তৰ এজনৰ নাম-ফলকখন তলৰ ছিৰিটোৰ কাষতে আঁৰি থোৱা আছে। একেবাৰে তলত মালিক থাকে। নাম-ফলকখনত ডাক্তৰজনৰ ঘৰ তৃতীয় মহলাত বুলি উল্লেখ কৰা আছে যদিও মানুহবোৰে নাচাই মালিককহে ডাক্তৰৰ কথা সোধে। তেওঁ বিৰক্ত হৈ এদিন ৰোগীৰ সুবিধাৰ কাৰণে ডাক্তৰৰ নাম-ফলকখনৰ তলতে আৰু এখন ফলক আঁৰি দিলে। তাত লিখিলে- 'ওপৰলৈ যোৱা পথ'
******
৪৯
নিৰ্বাচনৰ আগতে এজন প্রার্থীয়ে এখন গাঁওৰ সভাত ভাষণ দিছে-যোৱাবাৰ আপোনালোকে মোক ভোট দি জয়যুক্ত কৰিছিল। তাৰ বিনিময়ত মই আপোনালোকক গাৱে গাৱে বিদ্যালয়, স্কুল, পুথিভঁৰাল আৰু দমকল পাতি দিলোঁ। এইবাৰ মোক ভোট দিলে বাকী সমস্যাবোৰ মই এবছৰতে সমাধা কৰিম বুলি প্রতিশ্রুতি দিলোঁ।
এজন শ্রোতা- আপুনি ঠিকেই কৈছে, ছাৰ। কিন্তু আপুনি দিয়া স্কুলবোৰত ছাত্ৰ আছে, শিক্ষক নাই, পুথিভঁৰালত কিতাপ আছে কিন্তু ওপৰত টিনপাত নাই আৰু দমকলবোৰেৰে পানী নোলায়, বতাহহে ওলায়।
*****
৫০
বিচাৰক- তুমি অপৰাধ কৰিছানে?
অপৰাধী- ছাৰ, মই কৰিছোঁ বুলিও নকওঁ আৰু নাই কৰা বুলিও নকওঁ। আপুনি সাক্ষী আৰু উকীলক সোধক, কাৰণ আপুনি তেওঁলোকে কোৱা কথাৰ ওপৰত ভিত্তি কৰিহে বিচাৰ কৰিব। মোৰ কথাত গুৰুত্ব দিব জানো?
******
৫১
এজন ভদ্রলোকে এজন নতুন চাকৰ ৰাখিলে। তেওঁ প্ৰথম দিনাই চাকৰজনক ক'লে-চোৱা, ওপৰ মহলাটো বৰ লেতেৰা হৈ আছে। সাৰি-পুছি জাৱৰখিনি মানুহ চাই তলত পেলাবা।
চাকৰজনে ভালদৰে পৰিষ্কাৰ কৰি সাৰি-পুছি জাৱৰখিনি ৰিক্সাত বহি যোৱা ভদ্রলোক এজনৰ মূৰতে পেলাই দিলে।
জাৱৰখিনি ভদ্রলোকজনৰ মূৰত পৰাত তেওঁ উগ্রমূর্তি ধৰি পাৰেমানে গালি পাৰিবলৈ আৰম্ভ কৰিলে। ঘটনাটো বুজিব পাৰি তেওঁ চাকৰজনক ধমক দি ক'লে- তুমি এইবোৰ কি কৰিলা। মই মানুহৰ গালি শুনিবলগীয়া হ'ল?
চাকৰজনে উত্তৰ দিলে- আপুনিয়ে দেখোন মোক কৈছিল যে মানুহ চাই জাৱৰখিনি তলত পেলাবা? সেই কাৰণে ভদ্রলোক এজন চাই জাৱৰখিনি পেলাই দিলোঁ। মোৰ গাত কি দোষ?
*******
৫২
এজন কৃপণৰ হাতত অলপ টকা আছিল। এই টকাখিনিৰ কাৰণেই তেওঁৰ বহুত চিন্তা-টকাখিনি ক'ত থ'লে সুৰক্ষিত হৈ থাকিব? শেষত এদিন তেওঁৰ এজন বন্ধুৰ লগত আলোচনা কৰি টকাখিনি ওচৰৰ এখন হাবিত পুতি থ'লে।
বন্ধুজনে টকাৰ লোভ সামৰিব নোৱাৰি এদিন গৈ টকাখিনি খান্দি উলিয়াই আনিলে।
তাৰ কেইদিনমান পাছত কৃপণজনে গৈ গাঁতটো খান্দি টকাখিনি নাপালে। কৃপণে জানিলে যে টকাখিনি বন্ধুজনৰ বাহিৰে আনে উলিয়াই নিয়া নাই। তেওঁ বন্ধুজনক মাতি ক'লে-ভাই, মই আৰু কিছুমান টকা পাইছোঁ। আকৌ এদিন তোমাৰ লগত গৈ টকাখিনি আগৰ গাঁতটোতে থৈ আহিম বুলি ভাবিছোঁ।
বন্ধুজনে এইখিনি টকাও পোৱাৰ আশাত আগতে গাঁতৰ পৰা উলিয়াই নিয়া টকাখিনি পুনৰ গাঁতটোত পুতি থৈ আহিলগৈ। কৃপণজনে গৈ টকাখিনি পাই ঘৰলৈ লৈ আহিল।
দুদিনমান পাছত বন্ধুজনে কৃপণজনক ক'লে- তুমি টকা থ'ম বুলি কৈছিলা নহয়? নোথোৱা নেকি?
কৃপণৰ উত্তৰ- আৰু অলপ টকা পোৱাৰ কথা আছে। সেই কাৰণে ভাবিছোঁ একেলগে দুয়োখিনি টকা থ'মগৈ। কিমাননো বাৰে বাৰে মাটি খান্দিবাগে?
*******
৫৩
উমানন্দ দৰ্শন কৰিবলৈ গোৱালপাৰাৰ কিছুমান যাত্রী এখন নাওত উঠিল। প্রতিজন যাত্ৰীৰ লগত বিছনাপাতিও আছিল। নদীৰ মাজ পাওঁতে হঠাৎ নাওখন টলংভটং কৰিবলৈ ধৰিলে। নাৱৰীয়াজনে অতি কষ্টেৰে নাওখন পূৰ্বৰ অৱস্থাতে ৰাখিবলৈ যত্ন কৰিলে। যাত্ৰীসকলে ভয়ত ভগৱানৰ নাম ল'লে। এজনে তেওঁৰ বিছনাপাতিৰ টোপোলাটো মূৰত তুলি লৈ বাকীসকলক ক'লে- আপোনালোকেও টোপোলাবোৰ মূৰত তুলি লওক। দেখিছে নহয় নাওখনে টলবলাইছে। বস্তুবোৰ মূৰত তুলি ল'লে নাওখনৰ ভাৰ বহুত কমিব। আমিও সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰিম।
******
৫৪
বাইদেউ, আমি কাপের্ট চাফা কৰা মানুহ। আপোনাৰ আছে যদি দিয়ক। দুজন মানুহে ক'লে।
গৃহস্থনী-নালাগে, মোৰ স্বামী আছে নহয়, তেওঁৰ হতুৱাই চাফা মই কৰাই থাকোঁ। বাহিৰা মানুহৰ মোৰ প্ৰয়োজন নাই।
******
৫৫
ডাক্তৰ (ৰোগীক): আপুনি দৰব কিনাতো কৃপণালি কৰে। মোৰ প্ৰেছক্রিপছনমতে দৰববোৰ কিনি নাখায় কিয়? এনে কৰিলে আৰু বেছিদিন আপুনি জীয়াই থাকিব নোৱাৰিব কিন্তু।
ৰোগী-ডাক্তৰ চাহাব, মই যদি এতিয়াই হাতত থকা পইচাখিনি দৰব কিনি শেষ কৰো, বুঢ়া হ'লে কি খাম? আপুনিয়ে কওকচোন?
******
৫৬
দুজন ডকাইতে বেংক এটাত সোমাই ভল্টত থকা পইচাখিনি চুৰি কৰি আনি ঘৰ সোমালহি। এজনে আনজনক ক'লে- ভাই, আহা এতিয়া কিমান টকা আহিল এবাৰ হিচাব কৰি চাওঁ।
আনজনে উত্তৰ দিলে- এতিয়া ৰাতি দুটা বাজি গৈছে। শুই থাকা। কষ্ট কৰি ইমানবোৰ টকা গণি কি লাভ? কাইলৈৰ কাগজত ডকাইতি হোৱা টকাখিনিৰ হিচাব পামেই।
******
৫৭
এখন কবৰস্থানত এজন মানুহে তেওঁৰ ঘৈণীয়েকৰ স্মাৰক চিনত ফুল এথোপা দি তললৈ মূৰ কৰি প্ৰাৰ্থনা জনালে। তেনেতে ওচৰৰ আন এটা স্মাৰক চিনত এগৰাকী জাপানী মহিলাই চাউল ছটিয়াই তললৈ মূৰ কৰি প্ৰাৰ্থনা জনালে। ভাৰতীয় মানুহজনে জাপানী মহিলাগৰাকীক সুধিলে-আপোনাৰ স্বামীয়ে চাউলবোৰ চোবাব নেকি? জাপানী মহিলাৰ উত্তৰ- আপোনাৰ পত্নীয়ে ফুলৰ গোন্ধ ল'বলৈ আহিব নেকি?
******
৫৮
গ্রাহক- কণী দহটা দিয়কচোন। কণীবোৰ নতুননে?
দোকানী- আপুনি লৈ যাওক। একেবাৰে গাৰান্টী দিছোঁ। নতুন কণী।
গ্রাহক- নতুন কণী বুলি কিহত চিন?
দোকানী- আপুনি কেতিয়াবা শুনিছেনে যে কুকুৰাই পুৰণি কণীও পাৰে? সিহঁতে সদায় নতুন কণী পাৰে।
*******
৫৯
প্রতিবেশী- মাত্র আজি ৰাতিটোৰ বাবে আপোনাৰ চেতাৰখন আৰু তবলাযোৰ মোক ধাৰলৈ দিব পাৰিবনে?
সংগীতপ্রেমী (বৰ উৎসাহেৰে): কিয় নোৱাৰিম, নিশ্চয় নিব পাৰিব। তাৰ মানে আপুনি আজি ৰাতি গানৰ ৰেওৱাজ কৰিব নেকি?
প্রতিৱেশী- মই নকৰোঁ। মাথোন আজি ৰাতি মই শান্তিৰে শুবলৈ বিচাৰোঁ।
*******
৬০
যাত্রীৱাহী এখন জাহাজৰ ডেকত এগৰাকী ধুনীয়া ভদ্রমহিলাই কোলাত কেঁচুৱা এটা লৈ নিচুকাই আছিল। জাহাজৰ বিষয়া এজনে ভদ্রমহিলাগৰাকীৰ লগত কথা পতাৰ মানসেৰে ওচৰলৈ আহি সুধিলে- প্রথম নে দ্বিতীয়? (অর্থাৎ তেওঁ প্রথম শ্ৰেণীৰ নে দ্বিতীয় শ্ৰেণীৰ যাত্রী)।
মহিলাগৰাকীয়ে ওলোটা বুজিলে। তেওঁ লাজতে কোনোমতে উত্তৰ দিলে- নহয়, এইটো মোৰ বাইদেউৰহে। দ্বিতীয়টো।
ঘৈণীয়েকক জোকাবৰ উদ্দেশ্যে গিৰীয়েকে ক'লে- আজি কিছুদিনৰ পৰা মই সপোনত প্রায়ে সৰলাক দেখোঁ। ক'ত জানো কি হ'ল?
ঘৈণীয়েকে টপৰাই উত্তৰ দিলে- হয় নেকি? বেচেৰীলৈ মোৰ বেয়াও লাগে। যিদিনাৰ পৰা তাইৰ মানুহজন মোৰ সপোনৰ ৰাজকুমাৰ হ'ল, সিদিনাৰ পৰা তাই অকলশৰীয়া হ'ল।
******
৬১
পত্নী- মোক বিয়া কৰাই আপুনি সুখীনে?
পতি- একপ্ৰকাৰ সুখী বুলিলেই ধৰি ল'ব পাৰা। যেতিয়া তুমি মাৰাৰ ঘৰলৈ যোৱা, তেতিয়া কিন্তু মই মহাসুখী।
******
৬২
মদাহী এজনৰ বেংকৰ চেকবুকখন হেৰাল। তেওঁ গৈ বেংকৰ মেনেজাৰক সুধিলে-মেনেজাৰ চাহাব, মোৰ চেকবুকখন কালি হেৰাল, কিবা বিপদ হ'ব নেকি?
মেনেজাৰ- বিপদ মানে? বহুত বিপদ হ'ব পাৰে। কোনোবাই চেকত জাল চহী কৰি আপোনাৰ সমুদায় টকা তুলি নিব পাৰে।
মদাহী- ছাৰ, মই মদাহী হ'ব পাৰোঁ, কিন্তু আনৰ দৰে বুৰ্বক নহওঁ। মই চেকবুকৰ চেকবোৰত আগতেই চহী কৰি থৈছোঁ, জাল কেনেকৈ কৰিব?
*******
৬৩
কবি সম্মিলন এখনত এজন কবিয়ে তেওঁৰ চাৰিটা কবিতা পাঠ কৰি মঞ্চৰ পৰা নামি এজন শ্রোতাক সুধিলে- আপুনি মোৰ কবিতা শুনি কেনে পালে?
শ্রোতাজনে উত্তৰ দিলে- ভালেই লাগিল, কিন্তু শেষৰ শাৰীটো বেছি ভাল লাগিল।
কবি- কোনটো কবিতাৰ শেষৰ শাৰী?
শ্রোতা- কবিতাৰ নহয়, আপুনি যেতিয়া ক'লে যে মোৰ কবিতা পাঠ ইমানতে শেষ হ'ল।
******
৬৪
নাট্যকাৰ এজনে তেওঁৰ শেহতীয়া পূর্ণাংগ নাটকখন থিয়েটাৰৰ প্ৰযোজকৰ হাতত দিলেগৈ। প্রযোজকজনে নাটকখন ওপৰে ওপৰে চাই নাট্যকাৰজনক ক'লে- চাওক, আপোনাৰ নাটকখন বহুত ডাঙৰ হৈছে। ইমান ডাঙৰ নাটক এখন মঞ্চস্থ কৰাত আমাৰ সুবিধা হয়।
নাট্যকাৰজনে ক'লে- তেনেহ'লে আপুনি কাম এটা নকৰে কিয়? মঞ্চটো ডাঙৰ কৰক। তেতিয়া আপোনাৰ একো অসুবিধা নহ'ব।
******
৬৫
এগৰাকী মহিলাই তেওঁৰ স্বামীক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰজনে ক'লে-আপোনাৰ ভুল হৈছে। মই পশু ডাক্তৰহে।
মহিলা- মই ঠিকেই সোমাইছোঁ। মোক আপোনাকহে লাগে, কাৰণ এওঁ শোৱাৰ পাছত ঘোঁৰাৰ দৰে লথিয়াই থাকে। সদায় মোৰ ভাল টোপনি নাহে।
******
৬৬
অফিচত এজন কর্মীয়ে আনজনক কৈছে- কালি মই এটা কথা ভাবি পাইছোঁ যে পুলিচৰ হাত-কেৰেয়াতকৈ আঙঠি এটা বেছি শক্তিশালী।
লগৰজনে সুধিলে-কেনেকৈ?
আনজনে ক'লে-পুলিচে হাত-কেৰেয়া লগায় এটা নির্দিষ্ট সময়ৰ বাবে। কিন্তু হাতৰ আঙুলিত আঙঠি এটা পিন্ধাই দিলে ছোৱালীজনী চিৰজীৱন বাবে স্বামীৰ জেলত থাকিবলগীয়া হয়। মোৰ মতে আঙঠিক ক্ষুদ্র হাত-কেৰেয়া বুলিও ক'ব পাৰি। নহয়নে বাৰু?
******
৬৭
ডাক্তৰ (ৰোগীৰ জোঁৱায়েকৰ প্রতি): হেৰা ডেকা ল'ৰা, তোমাৰ শাহুয়েৰাক তেজৰ প্রয়োজন হৈছে, কিন্তু তেখেতৰ গ্ৰুপৰ তেজ আমি এতিয়ালৈকে পোৱা নাই।
জোঁৱায়েক- ডাক্তৰ চাহাব, মোৰ শাহুৰ স্বভাৱবোৰ কুকুৰৰ দৰেই। বিয়াৰ পাছত হেনো শহুৰৰ ইমান ভক্ত হৈ পৰিছিল যে তেওঁ সদায় ওচৰতে বহি বহি কামবোৰ কৰিছিল।
শহুৰ মৰাৰ পাছতো মানুহক এনেদৰে 'কামুৰিবলৈ' ধৰিলে যে মানুহ তেওঁক দেখিলেই পলোৱা হ'ল। গতিকে কুকুৰৰ তেজ দিব পৰা যাব নেকি চাবচোন?
*******
৬৮
বিমলা- শুনিছনে মাধু, পাপৰিয়ে হেনো দ্বিতীয় দৃষ্টিতহে ৰমেশৰ লগত পগলা হ'ল?
মাধু- দ্বিতীয় দৃষ্টিত? প্রথম দৃষ্টিত আন কাৰোবাৰ লগত প্ৰেমত পৰিছিল নেকি?
বিমলা- তেনে নহয়, প্রথম দৃষ্টিত পাপৰিয়ে হেনো গমেই পোৱা নাছিল যে ৰমেশ এজন কোটিপতিৰ একমাত্র পুত্র।
******
৬৯
চহৰৰ উপকণ্ঠ অঞ্চল এটাত এজন যুৱকে আত্মহত্যা কৰিলে। ততালিকে পুলিচক খবৰ দিয়া হ'ল। পুলিচে অনুসন্ধান চলাই থানাৰ বহীত লিখিলে- আমি ব্যাপক অনুসন্ধান চলোৱাৰ পাছতো আত্মহত্যাৰ কাৰণ বিচাৰি নাপালোঁ, কাৰণ যুৱকজন অবিবাহিত আছিল।
******
৭০
বক্তৃতা দি উঠি এজন নেতা মঞ্চৰ পৰা নামিল। তেনেতে এজন শ্রোতাই তেওঁক ক'লে- আপোনাৰ ভাষণ শুনি বৰ ভাল পালোঁ।
নেতা- ধন্যবাদ, কিন্তু মই এটা কথা লক্ষ্য কৰিলোঁ যে দুই-এজনৰ বাহিৰে কোনেও মোৰ ভাষণটো বুজি নাপালে। ছববোৰ গাধ যেন পাওঁ?
শ্রোতা- মই এতিয়াহে বুজিলোঁ, সেই কাৰণে আপুনি ভাষণৰ আৰম্ভণিতে সকলোকে 'মৰমৰ ভ্ৰাতৃ-ভগ্নীহত' বুলি সম্বোধন কৰিছিল।
*******
৭১
এজন দহবছৰীয়া ল'ৰাই সাঁতোৰ প্রতিযোগিতাত প্ৰথম পুৰস্কাৰ পোৱাত সাংবাদিকে তেওঁক সুধিলে- ভাইটি, তুমি সাঁতুৰিবলৈ ক'ত শিকিছিলা?
ল'ৰা- পানীত।
******
৭২
প্রতিবেশী এজনে ওচৰৰ এঘৰলৈ কোৰখন বিচাৰি আহিল। প্রতিবেশীজনে ক'লে-চাওক, মই কোনো মানুহকে মোৰ বস্তু ঘৰলৈ নিবলৈ নিদিওঁ। আপুনি দেখিছে মোৰ লাইব্ৰেৰী এটা আছে। তাৰ পৰা মই কাকো কিতাপ ঘৰলৈ নিদিওঁ। সকলোৱে ইয়াতে বহি পঢ়ি যায়। তেনেদৰে কোৰখনো মই আপোনাক ঘৰলৈ নিবলৈ দিব নোৱাৰোঁ। কিবা কৰিবলগীয়া থাকিলে মোৰ বাৰীতে কৰক।
******
৭৩
ৰেল ষ্টেচনত থিয় হৈ থকা মানুহ এজনক বৃদ্ধ এজনে সুধিলে- আপুনি ক'ব পাৰেনে লিডু পেছেঞ্জাৰখন কেতিয়া যাব?
পুৱা ০৭.১৫ বজাত।
ৰাজধানীখন?
- দুপৰীয়া ১১ বজাত।
-কামৰূপ এক্সপ্রেছখন?
আবেলি ৩ বজাত।
ব্রহ্মপুত্র মেইলখন?
আবেলি ৫ বজাত।
এইবাৰ মানুহজনে বিৰক্তিৰে বৃদ্ধজনক সুধিলে- পিছে আপুনি ক'লৈ যাব?
বৃদ্ধজনে উত্তৰ দিলে- যাওঁতে মই ক'লৈকো নাযাওঁ। মোৰ ঘৰটো ৰেল লাইনৰ সিপাৰে। এই পাৰে ইটা অলপ পেলাইছোঁ। সেইবোৰ মোৰ ঘৰলৈ নিবলৈহে ৰেলৰ সময়বোৰ সুধিলোঁ। সেইখিনি সময়ত মই মোৰ কাম বন্ধ ৰাখিম।
*******
৭৪
এজন বন্ধুৱে আনজনক সুধিলে- যদি তুমি অকলে হাবিত সোমোৱা আৰু এটা বাঘে যদি তোমাৰ পিছ লয় তুমি কি কৰিবা?
দ্বিতীয়জন- মই গুলী যোৱাৰ দৰে দৌৰিম।
প্রথমজন- যদি বাঘটোও সমান বেগেৰে দৌৰে?
দ্বিতীয়জন- যদি সমুখত পুখুৰী বা নদী পাওঁ তাত জঁপিয়াই পৰিম।
প্রথমজন- সিও যদি পানীত জঁপিয়াই পৰে?
দ্বিতীয়জন- মই বেগেৰে সাঁতুৰি ওচৰৰ এজোপা গছত উঠিম।
প্রথমজন- সিও যদি গছত উঠে?
দ্বিতীয়জন (খন্তেক চিন্তা কৰি): তুমি দেখোন বৰকৈ বাঘটোৰ হৈ ওকালতি কৰিছা।
তুমি কাৰ বন্ধু, মোৰ নে বাঘটোৰ?
*******
৭৫
এগৰাকী বৰ শকত মহিলা ঘৰৰ ভিতৰত পালেঙত শুই আছিল। তেনেতে ভূমিকম্প আহিল আৰু মানুহগৰাকী মাটিত পৰিল।
বাৰাণ্ডাত বহি থকা স্বামীয়ে সুধিলে হেৰা, ভূমিকম্প অহা কাৰণে তুমি পালেঙৰ পৰা মাটিত পৰিলা নে তুমি মাটিত পৰা কাৰণেহে ভূমিকম্পৰ সৃষ্টি হ'ল। মই একো ধৰিব নোৱাৰিলোঁ।
*****
৭৬
এজন পুৰুষ আৰু এগৰাকী মহিলাই পাৰ্কৰ বেঞ্চ এখনত বহি উচ্চস্বৰত কথা পাতি আছিল। হঠাতে মহিলাগৰাকীয়ে উঠি পুৰুষজনৰ চুলিত ধৰি জোকাৰি আঁতৰি গ'ল। এই দৃশ্য চাই থকা এজন ব্যক্তিয়ে পুৰুষজনৰ ওচৰলৈ গৈ সমবেদনাৰ সুৰত ক'লে- মানুহগৰাকী আপোনাৰ পত্নী নহয় নেকি?
পুৰুষজনে উত্তৰ দিলে- হয়, মোৰেই পত্নী। আপুনি মোক ইমান কাপুৰুষ বুলি ভাবিছে নেকি যে মই আনৰ পত্নীৰ চুলি জোকোৰা খাই চুপ হৈ বহি থাকিম?
*******
৭৭
পগলা ফাটেকলৈ নতুনকৈ বদলি হৈ অহা ডাক্তৰজনে প্রতিজন ৰোগীক লগ ধৰি খা-খবৰ লৈছে। এজন ৰোগীৰ ওচৰলৈ যাওঁতে ৰোগীজনে ক'লে- ডাক্তৰ চাহাব, আপুনি কিন্তু আগৰজন ডাক্তৰতকৈ বহুত ভাল।
ডাক্তৰজনে ৰোগীজনৰ কথাবোৰ সুস্থ মানুহৰ কথাৰ দৰে শুনি আনন্দিত হৈ সুধিলে-কিয় মই ভাল?
ৰোগীজনে উৎসাহেৰে ক'লে- কাৰণ আপোনাক আমাৰ মাজৰে এজন যেন লাগিছে।
*******
৭৮
ঘৰলৈ ন-বোৱাৰী আহিল। পেহী-শাহুৱেকে ন-বোৱাৰীক নানা উপদেশ দি কাণে কাণে ক'লে- বোৱাৰী, তুমি তোমাৰ শাহুৱেৰাৰ কোনো কথাতে না নকৰিবা। তেওঁ যি কয় তাতে হয়ভৰ দিবা। তাকে নকৰিলে তেওঁ মনতে বৰ বেয়া পায়।
এদিন শাহুৱেকে নিজৰ বৃদ্ধাৱস্থাত অতিষ্ঠ হৈ বোৱাৰীয়েকক ক'লে- বোৱাৰী, এই বৃদ্ধ অৱস্থাত কেলঢেপ-কেলঢেপকৈ থকাতকৈ চকু মুদাই ভাল।
বোৱাৰীয়ে টপৰাই ক'লে- ঠিকেই কৈছে, মা। তাকে কৰক।
******
৭৯
পুলিচ : চালান কাটিব লাগিব। কি নাম তোৰ?
ব্যক্তি :- 'যাজ্ঞল্ক্যদাস ৰামানুজম ত্রিচিপল্লী মোক্ষগুড়কম্ম মুথুস্বামী'
পুলিচ: আজি এৰি দিলোঁ। ইয়াৰ পিছত হেলমেট পিন্ধি বাইক চলাবি।
********
৮০
মহিলা: ডাক্তৰ, মোৰ স্বামীয়ে ৰাতি টোপনিত কথা কৈ থাকে। কি চিকিৎসা কৰিব আপুনি?
ডাক্তৰঃ (বহু সময় ভাবি) তেখেতক দিনত কথা ক'বলৈ সুবিধা দিয়ক।
********
৮১
মানুহ এজনে দাঁতৰ বিষত অতিষ্ঠ হৈ ডাক্তৰৰ কাষ পালেগৈ।
ৰোগী: ছাৰ, মোক যেনে তেনে কিবা দৰব এটা দিয়কচোন। দাঁতৰ বিষত ৰাতি শুব নোৱাৰোঁ।
ডাক্তৰ : এক দম ঠিক। আপোনাকেই মই বিচাৰি আছিলোঁ।
ৰোগী: কিয়?
ডাক্তৰ: মোক এজন নাইট গার্ড লাগে। আপুনি উপযুক্ত।
******
৮২
প্রথম বন্ধু: তই পত্নীৰ সৈতে কাজিয়া কৰনে?
দ্বিতীয় বন্ধুঃ কৰোঁ আৰু প্রতিবাৰেই কাজিয়াৰ শেষত তেওঁ মোৰ সন্মুখত আঠু কাঢ়ি বহি পৰে।
প্রথম বন্ধুঃ (আচৰিত হৈ) কি? কি কৰে তাৰ পাছত?
দ্বিতীয় বন্ধুঃ তাৰ পাছত মূৰটো তললৈ কৰি বিছনাৰ তললৈ চাই কয়, বিছনাৰ তলৰ পৰা ওলাই আহাঁ আৰু নামাৰোঁ।
********
৮৩
বেংক মেনেজাৰৰ সন্মুখত এজন ভদ্রলোক: মই জইন্ট একাউন্ট এটা খুলিব খোজোঁ।
মেনেজাৰ: কাৰ সৈতে?
ভদ্রলোক: যাৰে বহুত টকা আছে।
******
৮৪
শিক্ষক: মোৰ হাতত ৩০ টা মিঠাই আছে। তাৰে ২৮ টা মই খাই পেলালোঁ। এতিয়া কি থাকিলগৈ।
ছাত্রঃ ডায়েবেটিচ।
******
৮৫
ল'ৰাই কন্দনামুৱা হৈ দেউতাকক আপত্তি দিলে, 'দেউতা আজি স্কুলত মোক শাস্তি দিলে'।
দেউতাক: কিয়?
ল'ৰা: ছাৰে স্কেল এডাল মোলৈ ঢোঁৱাই ক'লে, স্কেল ডালৰ মূৰত এটা মূর্খ আছে। মই মাত্র ছাৰক সুধিছিলোঁ, ছাৰ কোনটো মূৰত?
******
৮৬
গানৰ মাষ্টৰে গান শিকাই থাকোঁতে হঠাৎ কাৰেণ্ট গ'ল...।
ছোৱালীৰ মাকে পাকঘৰৰ পৰা চিঞৰিলে, ছাৰ তবলা বজোৱা যাতে বন্ধ নহয়।
******
৮৭
পতিদেৱে ম'বাইল যোগে পত্নীক কম্পিউটাৰ শিকাই আছিল... কাৰণ পত্নী স্থানীয় মহিলা সমিতিৰ সম্পাদিকা...
পতি: বাওঁকাষৰ তলত থকা start বুটামটোত ক্লিক কৰা।
পত্নী: কৰিলোঁ।
পতিঃ এতিয়া my computer অত ক্লিক কৰা।
পত্নী: কৰিলোঁ।
পতি: folder টো খুলিছে নে নাই?
পত্নী: খুলিছে।
পতি: very good, এতিয়া ওপৰলৈ চোৱা, কি দেখিছা?
পত্নী: চিলিং ফেনখন দেখিছোঁ, এতিয়া কি কৰিম?
পতিঃ চাল্লা ৰৈ আছ কেলেই?
ৰছী লৈ তাত ওলমি দে... দেখাক দেখি কম্পিউটাৰ শিকিবলৈ আহিছ
******
৮৮
আইনৰ শিক্ষক: এটা নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ হ'লে ফাইনেন্সৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কি?
ছাণ্টাৰ পুত্রঃ ফাদাৰ ইন ল'।
*****
৮৯
ডাক্তৰ : আপোনাৰ ২ ঘণ্টাৰ ভিতৰত কিবা হৈ যাব। গতিকে শেষ ইচ্ছা যদি আছে কওক। শেষ নিঃশ্বাস ত্যাগ কৰাৰ আগতে আপুনি কাৰোবাক চাব বিচাৰে নেকি?
বাল্টা: হয় বিচাৰোঁ, এজন ভাল ডাক্তৰক।
*****
৯০
ছাণ্টাৰ দেউতাকক পুলিচে গাড়ী এখনত তুলি ঘৰলৈ অনা দেখি ছাণ্টাৰ মাক উধাতু খাই ওলাই আহিল। পুলিচজনে ছাণ্টাৰ মাকক ক'লে যে বৃদ্ধজনে পাৰ্কৰ পৰা ফ'ন কৰি ক'লে যে, তেওঁ ঘৰৰ ৰাস্তা, ঠিকনা সকলো পাহৰি পেলাইছে। পুলিচে বৰ কষ্টৰে তেওঁৰ ফ'ন নম্বৰৰ পৰা ঘৰৰ ঠিকনা উদ্ধাৰ কৰি লৈ আহিছে।
ছাণ্টাৰ মাকে খঙেৰে গিৰীয়েকক ক'লে: বয়স হ'ল বুলিয়েই সদায় আহি থকা ঘৰটো তুমি পাহৰি যাব লাগে নেকি?
ছাণ্টাৰ দেউতাকে পত্নীৰ কাণত ফুচফুচাই ক'লে: নহয়হে অট'ত আহিবলৈ পইচা নাছিল। পুলিচৰ গাড়ীতে ফ্রীকে আহিলোঁ।
*******
৯১
দোকান এখনৰ সন্মুখত লিখা আছে কেৱল আজিৰ দিনৰ বিশেষ অফাৰ:
বেনাৰসী শাৰী ১০ টকা
পিয়ৰ ছিল্ক ১০ টকা
নাইলন ৮ টকা
কটন ৫ টকা
তালিকা পঢ়ি উত্তেজিত হৈ ছাল্টাৰ পত্নীয়ে ছাল্টাক ৫০০ টকা বিচাৰিলে শাৰী ল'বলৈ।
ছাণ্টা: হেৰৌ ভালকৈ চাচোন সেইখন ইষ্ট্রি কৰা দোকানহে।
******
৯২
ছাণ্টা আৰু বাণ্টাৰ দুৰ্বাৰ কাজিয়া লাগিল। ঘৰলৈ গৈ ছাণ্টাই বান্টালৈ এছ এম এছ কৰিলে: মোৰ নম্বৰটো ম'বাইলৰ পৰা ডিলিট কৰি দে।
উত্তৰত বাণ্টাই এছ এম এছ কৰিলে: who are you?
******
৯৩
বান্টাই লাচি বেচি আছিল। গ্রাহক এজনে অভিযোগৰ সুৰত ক'লেঃ বান্টা ভাই লাচিত মাখি।
বান্টা: মনে মনে থাক অ' সেই কণমানি মাখিটোৱে তোৰ কিমান কণ লাচি খাবনো।
*******
৯৪
বৰুৱাই পত্নীক কৈছে, তোমালোক তিৰোতাবোৰৰ অন্তৰ কোমল বুলি এনেই কয়। আচলতে তোমালোক বহুত কঠিন অন্তৰৰ। চোৱা, সিদিনা বাছত যাওঁতে মানুহ এজনৰ টোপনি আহোঁতে তেওঁৰ কাষতে বহি যোৱা মহিলাগৰাকীৰ কান্ধত মূৰটো পৰি গ'ল। মানুহজনীয়ে এনেকুৱা চিঞৰ-বাখৰ কৰিলে, সকলোৱে মিলি মাৰপিট পর্যন্ত কৰি মানুহজনক পুলিচত গতাই দিলেগৈ। গতিকে চোৱা তোমালোক কেনে কঠোৰ প্ৰকৃতিৰ আৰু
আমাৰ পুৰুষ বোৰ কিমান কোমল হৃদয়ৰ চোৱা, সিদিনা মই বাছত যাওঁতে তদ্রূপ ঘটনা হ'ল। মোৰ কাষৰ ছীটৰ মানুহগৰাকীৰ টোপনি অহাত মোৰ কান্ধতে মূৰটো পেলাই শুই দিলে আৰু তেওঁৰ টোপনি ভাগে বুলি মই নগাঁৱত নামিব লগা মানুহটো গৈ গুৱাহাটী পালোঁগৈ।
******
৯৫
প্রথম বন্ধু: জান, আমাৰ ঘৰৰ সকলোৱেই বাথৰূমত খুব গান গায়।
দ্বিতীয় বন্ধুঃ (আচৰিত হৈ) সকলোৱেই?
প্রথম বন্ধু: অ' সকলোৱে, মা-দেউতাৰ পৰা আৰম্ভ কৰি সকলোৱে...
দ্বিতীয় বন্ধুঃ তেতিয়া হ'লে তহঁত সকলো গানৰ বৰ ভক্ত।
প্রথম বন্ধুঃ ধুৎ, সেইবোৰ একো নহয়, আচলতে আমাৰ বাথৰূমৰ দুৱাৰ বন্ধ কৰিব নোৱাৰি।
*****
৯৬
এটা পাগল ৰাস্তাত শুই আছিল ট্রাক ড্রাইভাৰ এজনে ট্রাকখন ৰখাই অনবৰত হর্ন বজাই আছে, তথাপি পাগলটো উঠা নাই। অৱশেষত ড্রাইভাৰজনে নামি ক'লে, "অই পাগল, ৰাস্তাৰ পৰা উঠি নগ'লে তোৰ গাৰ ওপৰেৰে ট্ৰাক চলাই নিম।" পাগল হাঁহি হাঁহি: অলপ আগতে মোৰ গাৰ ওপৰেৰে প্লেন, এখন গ'ল, তাতেই একো নহ'ল আৰু ট্রাকখনেৰে কি হ'ব? নুঠো যা।
******
৯৭
এখন ৰে'লৰ এটা দবাত গৈ থকা তিনিগৰাকী মহিলাৰ কথোপকথন-১ম মহিলা: মোৰ বয়স বেছি হোৱা নাই নহয়। ২২ বছৰ পাৰ হৈ এই জাষ্ট ২৩ বছৰত সোমাইছোঁহে।
২য় মহিলা: মোৰতো আপোনাতকৈ কম। মই ২১ পাৰ কৰিছোঁহে।
৩য় মহিলা: মোৰতো তেনেহ'লে বয়স নাই হোৱা বুলিয়েই ক'ব পাৰি। এই ২০ বছৰত ভৰি দিছোঁহে।
******
৯৮
ওপৰৰ বাৰ্থটোতে শুই আছিল এজন বৃদ্ধ। মহিলাকেইগৰাকীৰ কথাৰ তাণ্ডবত থাকিব নোৱাৰি বুঢ়াই ওপৰৰ পৰা জাঁপ মাৰি মহিলাকেইগৰাকীৰ মাজতে পৰি দিলে। মহিলাকেইগৰাকীয়ে চিঞৰ-বাখৰ কৰাত বৃদ্ধই লাহেকৈ মাত লগালে: ভয় নকৰিবা আইটিহঁত। মই এইমাত্র জন্ম হৈছোঁহে।
******
৯৯
এন্দুৰ এটাই হীৰা এডোখৰ গিলি পেলালে। হীৰা ব্যৱসায়ীজনে এন্দুৰটো মাৰিবলৈ চিকাৰী এজনক মাতিলে।
চিকাৰীজন আহি দেখিলে যে এজাক এন্দুৰ ঘূৰি ফুৰিছে আৰু তাৰে এটা অকলে এচুকত ৰৈ আছে। চিকাৰীজনে অকলে এচুকত থকা এন্দুৰটো অকণো সংকোচ নকৰি মাৰি পেলালে। তাৰ পেটতে হীৰা ডোখৰ ওলাল।
হীৰাৰ ব্যৱসায়ীজনে আচৰিত হৈ সুধিলে: ইমানখিনি এন্দুৰৰ মাজত হীৰা খোৱাটো কেনেকৈ চিনি পালে?
চিকাৰীয়ে উত্তৰ দিলে: নিচেই সহজ, ন-চহকীয়ে নিজকে আনৰ পৰা পৃথক বুলি ভাবে।
******
১০০
পাপুৱে গাড়ী এখন চলাই আহি ঘৰ সোমোৱাত দেউতাকে সুধিলে গাড়ীখন ক'ত পালে। পাপুৱে ক'লে সি এহেজাৰ টকাত গাড়ীখন কিনি আনিছে।
দেউতাকে ক'লে: কোন মূর্খই এহেজাৰ টকাতে গাড়ী বেচিব?
পাপুৱে উত্তৰ দিলে: আমাৰ চুবুৰিৰ প্রথম ঘৰৰ মহিলাগৰাকীয়ে মোক দেখি গাড়ী এখন এহেজাৰ টকাত কিনিব নেকি সুধিলে আৰু মই ততালিকে কিনি আনিলোঁ।
পাপুৰ কথা বিশ্বাস নকৰি দেউতাকে মহিলাগৰাকীক গৈ কথাটো সুধিলে। মহিলাগৰাকীয়ে ক'লে: মোৰ স্বামীয়ে আন এজনী তিৰোতাৰ লগত ঘৰ পাতিলে আৰু মোক তেওঁৰ গাড়ীখন বেচি পইচাখিনি তেওঁলৈ পঠাই দিবলৈ ক'লে। মই মাত্র তাকে কৰিলোঁ।
*******
১০১
ছান্টাৰ পত্নী: আজি কিতাপত বৰ ডাঙৰ কথা এটা পঢ়িলোঁ।
ছান্টা: কি?
পত্নী: স্বর্গলৈ বোলে পতি-পত্নী একেলগে যাব নোৱাৰে।
ছাল্টা: সেইকাৰণেতো সেয়া স্বর্গ।
*****
১০২
শিক্ষকঃ তোমাৰ দেউতাৰাই কি কৰে?
ছাণ্টাৰ পুত্ৰ: গৰমৰ দিনত আই চি এছ আৰু ঠাণ্ডা দিনত পি চি এছ।
শিক্ষক: (অত্যন্ত আচৰিত হৈ) মানে?
ছাণ্টাৰ পুত্ৰ: গৰমৰ দিনত আইচ ক্রীম ছে'লাৰ আৰু ঠাণ্ডা দিনত পকোৰা-ছাট ছে'লাৰ।
******
১০৩
শিক্ষকঃ আজি সকলোৱে ইংৰাজীত কথা পতাটো বাধ্যতামূলক।
ছাত্র-ছাত্রী: হ'ব ছাৰ।
শিক্ষক: তোমাৰ নাম কি?
ছাত্র: ৰিভ'লিউশ্যন গভর্নমেন্ট।
শিক্ষক: কি ধেমালি এইবোৰ?
ছাত্রঃ নহয় ছাৰ, অসমীয়াত মোৰ নাম বিপ্লৰ সৰকাৰ।
******
১০৪
শিক্ষক: 'কপাল' শব্দৰে এটা কবিতাৰ পংক্তি লিখাচোন।
ছাত্র: কপাল তিতি গ'ল মোৰ চকুলোৰ বানত...
শিক্ষক: তই এটা গাধ, চকুৰ পানী ওপৰলৈ বৈ যায় নেকি?
ছাত্রঃ ৰ'ব ছাৰ, পাছৰ শাৰীটো শুনক- ভৰি দুটা বন্ধা আছিল গছৰ ডালত।
******
১০৫
পাৰ্কৰ ন'টিচ ব'ৰ্ডত এনে হিতোপদেশ লিখা আছিল...
'গছৰ গাত প্ৰেমিকাৰ নাম খোদাই কৰাৰ সলনি প্ৰেমিকাৰ নামত এটা গছ পুলি ৰোৱক...'
কথাটোৱে কাঁড়ৰ দৰে অন্তৰৰ অন্তঃস্থলত আঘাত কৰিছিল ছান্টাৰ।
ছান্টাই বহুত ভাবি চিন্তি গার্লফ্ৰেণ্ডৰ সংখ্যা গণি-পিটি শেষত চাৰি বিঘা মাটি কিনি তাত কুঁহিয়াৰ খেতি আৰম্ভ কৰি দিলে...।
*******
১০৬
ডেকা: মহিলাৰ হাঁহি আৰু চকুলোৰ মাজত পার্থক্য কি?
কলিতা-ক'ব নোৱাৰো দেও, আমাৰ তেওঁ দেখোন দুয়োবিধেৰে কাম আদায় কৰি লয়।
*****
১০৭
বান্টা: মই যিমান ছোৱালী চাওঁ সবকে মায়ে অপচন্দ কৰে।
ছান্টা: এতিয়া কি কৰিবি?
বান্টা: আজি মাৰ সৈতে দেখিবলৈ একে এজনী চালোঁ তাইক দেউতাই ৰিজেক্ট কৰিলে।
******
১০৮
চাৰিটা পৰুৱা বাটেৰে গৈ আছিল। হঠাতে সন্মুখত এটা হাতী দেখা পাই সিহঁত ৰৈ গ'ল।
প্রথম পৰুৱাটোৱে ক'লে: ইয়াক মাৰিয়ে পেলাওঁ নেকি?
দ্বিতীয়টোৱে ক'লে: ধেৎ চিকা মাৰি হাত গোন্ধাওঁনো কিয়! এটা কাম কৰোঁ ইয়াৰ ঠেং কেইখনকে ভাঙি দিওঁ। গম পাব আমি কি বস্তু।
তৃতীয়টোৱে ক'লে: এটা কাম কৰোঁ-ইয়াৰ শুঁৰডালকে ছিঙি পেলাওঁ নহ'লে।
চতুৰ্থটোৱে ক'লেঃ হেৰ' ইজ্জত বোলা বস্তু এটা আছে। বেলেগে শুনিলে কি বুলি ভাবিব! সি হ'ল অকলে আৰু আমি হ'লোঁ চাৰিটা। বাদ দে…
*******
১০৯
বিমুদ্ৰাকৰণৰ পিছত এগৰাকী ব্যক্তিৰ দোকান লৈ ইনকাম টেক্স অফিচাৰ আহিল।
অফিচাৰ: তোমাৰ হিচাপৰ ফাইল দেখুওৱা।
ব্যক্তি: ঘৰত আছে।
অফিচাৰঃ লৈ আহাঁ।
ব্যক্তি: ঘৰ অলপ দূৰত।
অফিচাৰ: মোৰ স্কুটাৰখন লৈ যোৱা।
ব্যক্তিজনে ইনকাম টেক্স অফিচাৰক দোকানত বহুৱাই স্কুটাৰ লৈ ওলাই গ'ল। যি ওলাই গ'ল, নাহেহে নাহে। ইপিনে ৰৈ ৰৈ ইনকাম টেক্স অফিচাৰৰ বিৰক্তি লাগিল।
গধূলি ৬ মান বজাত আহি ওলাল।
খঙেৰে ইনকাম টেক্স অফিচাৰে সুধিলে: ইমান দেৰি ক'লৈ গৈছিলা?
ব্যক্তি: আগতে আপুনি মোৰ প্ৰশ্ন এটাৰ উত্তৰ দিয়ক। তাৰ পিছত কৈ আছোঁ।
ইন্সপেক্টৰ: সোধা।
ব্যক্তি: আপুনি কেইবজাৰ পৰা মোৰ দোকানত বহিলে?
ইন্সপেক্টৰঃ ১০ বজাৰ পৰা।
ব্যক্তি: কেইজন গ্রাহক আহিছিল?
ইন্সপেক্টৰ: এজনো অহা নাই।
ব্যক্তি: যদি গ্রাহকে নাই, কিহৰ ইনকাম? কিহৰ টেক্স?
ইন্সপেক্টৰ: তেতিয়াহ'লে স্কুটাৰ লৈ ক'লৈ গৈছিলা?
ব্যক্তি: গ্রাহকো নাই, দোকান ৰখা মানুহ এজনো পালোঁ। গতিকে শহুৰৰ ঘৰৰ পৰাই পাক এটা মাৰি আহিলোঁ।
********
১১০
হোষ্টেল বার্ডেন: যিবোৰ ল'ৰা গাৰ্লছ হোষ্টেলৰ ফালে এবাৰ যাব তাৰ এশ টকা ফাইন, যি দুবাৰ যাব তাৰ দুশ টকা ফাইন আৰু যি তিনিবাৰ যাব তাৰ পাঁচশ টকা ফাইন।
ছাণ্টাৰ পুতেক: ছাৰ একেবাৰে 'পাছ' বনাই ল'লে কিমান?
******
১১১
কনটিলৌ: ছাৰ, প্ৰশ্ন এটা সোধোঁ?
শিক্ষক: সোধ।
কনটিলৌ: এটা হাতীক ফ্ৰিজত কেনেকৈ ভৰাব?
শিক্ষক: মই নাজানো।
কনটিলৌঃ একেবাৰে সাধাৰণ। ফ্ৰিজৰ দৰ্জাখন খুলি লাহেকৈ ভৰাই দিলেই হ'ব।
শিক্ষক: আৰু কিবা সুধিবি নেকি?
কনটিলৌঃ হয় ছাৰ। গাধ এটা ফ্ৰিজত কেনেকৈ ভৰাব?
শিক্ষক: একেবাৰে সাধাৰণ।
ফ্ৰিজৰ দৰ্জাখন খুলি লাহেকৈ ভৰাই দিলেই হ'ব।
কনটিলৌ: ভুল উত্তৰ।
আগতে হাতীটো ফ্রিজৰ পৰা উলিয়াই ল'ব লাগিব।
******
১১২
ছান্টা: ডাক্তৰ মোক সহায় কৰক। মোৰ বহুত ডাঙৰ সমস্যা হৈছে। মই কথা পাতোঁতে মানুহটো নেদেখোঁ মাত্র কথাহে শুনো।
ডাক্তৰ (উৎসুক আৰু আচৰিত হৈ): কোন সময়ত আপোনাৰ এনেকুৱা হয়?
ছান্টা: ফোন কৰিবৰ সময়ত।
******
১১৩
ডাক্তৰৰ ঘৰৰ আগেদি পাৰ হৈ যাওঁতেই নগেনৰ মনত পৰিল ... এপাক সোমাই যাব লাগে।
নগেন: ছাৰ এইফালে আহোঁতেই ভাবিলোঁ আপোনাক এবাৰ লগ কৰি যাওঁ।
ডাঃঃ কওকচোন কি আছে?
নগেন: দুবছৰৰ আগতে জ্বৰ দেখুৱাবলে আহোঁতে আপুনি মোক গা ধুবলৈ মানা কৰিছিল। ভাবিলোঁ সুধি যাওঁ-মই এতিয়া গা ধুব পাৰিম নে?
ডাঃঃ কি…?
*******
১১৪
পত্নীঃ "হেৰি শুনিছেনে... মোৰ ভাইটিয়ে পাগলী ছোৱালী এজনীক বিয়া পাতিব খুজিছে...."
পতিঃ "পাতক বিয়া... তাতে মইনো কি কৰিব লাগে?”
পত্নীঃ "কিয়... তাক বাধা দিব নোৱাৰে নেকি...?"
পতিঃ “পাৰোঁ বাধা দিব, কিন্তু নিদিওঁ...।"
পত্নীঃ "কিয়..?”
পতিঃ “সি কুকুৰে মোক বাধা দিছিল জানো ... তোমাক বিয়া পতাৰ আগত...?”
*******
১১৫
পাপুঃ মা মই কাইলৈ স্কুল নাযাওঁ।
মাক: কিয় বেটা ... আজি ধুলাই খালা নেকি?...
পাপু: আৰে নাজানো এই মাষ্টৰে নিজকে বৰ একেবাৰে কি বুলি ভাবে!...
মাকঃ কিয়? কি হ'লনো?...
পাপুঃ ব্লেক ব'ৰ্ডত নিজেই লিখিলে " মহাভাৰত” বুলি... আকৌ মোক উঠাই সুধিছে ... " মহাভাৰত" কোনে লিখিছিল বুলি ...
মই বোলো আপুনিয়েই দেখোন লিখিলে।
নিজৰ মূৰত একো নাই মোক বহুত মাৰিলে।
*******
১১৬
ছান্টাই মুৰ্গীৰ ফাৰ্ম খুলিবলৈ বান্টাৰ দোকানৰ পৰা ২০০ মুৰ্গীৰ পোৱালি নিলে।
এসপ্তাহৰ পিছত পুনৰ ২০০, তাৰ এসপ্তাহৰ পিছত পুনৰ ২০০। বান্টাই কিয় ইমান সঘনাই পোৱালি নিছে বুলি সোধাত ছান্টাই ক'লেঃ ক'ৰবাত খেলি মেলি হৈছে অ'। সকলো পোৱালি মৰি গৈছে। হয়তো মোৰ ৰোৱা বেছি ঘন হৈছে নহয় বেছি দ হৈছে।
বান্টাই লগে লগে উত্তৰ দিলেঃ মূর্খটো, ফার্ম খুলিবলৈ আহিছ। হেৰ' আগতে মাটিখিনিৰ 'ছইল টেষ্ট' কৰালি জানো।
******
১১৭
নন্দিনী আৰু ৰুণুমী ফোনত কথাত মচণ্ডল
নন্দিনী: 'অ' হেল্ল', তই তেতিয়াহ'লে মিষ্টাৰক ই-ডাইভৰ্চ নিদিয় কিয়?'
ৰুণুমী: 'কি ই-ডাইভর্চ'!'
নন্দিনী: 'ধেই বেঙী, মানে তোৰ মিষ্টাৰক Facebook, whatsapp সকলোতে ব্লক মাৰি থ, কাম হৈ গ'ল।'
******
১১৮
অনুজে পুলিচ থানাত চুবুৰীয়া এজনৰ পত্নী হেৰোৱাৰ এজাহাৰ দিবলৈ গ'ল।
দাৰোগাঃ আপুনি লোকৰ পত্নীৰ ৰিপ'ৰ্ট লিখাবলৈ কেলেই আহিছে?
অনুজ : মই বেটাৰ ফুৰ্তি সহ্য কৰিব পৰা নাই। সদায় ঘৰত পাটী কৰি আছে!
******
১১৯
এজন ডেকা ল'ৰাই চহৰৰ মাজত ৰাতি লাইট নজ্বলোৱাকৈ মটৰ চাইকেল চলাইছিল। এনেতে পুলিচে পাই তেওঁক সুধিলেঃ
হেৰা তুমি ৰাতি লাইট নজ্বলোৱাকৈ মটৰ চাইকেল চলাইছা।
তোমাৰ এতিয়াই জৰিমনা হ'ব।
ল'ৰাজনে টপৰাই ক'লেঃ ছাৰ চাৰিওফালে ইমান বিজুলী বাতিৰ পোহৰ আছে সেইবাবে লাইট জ্বলোৱা নাই।
পুলিচজনে লাহেকৈ মটৰ চাইকেলৰ চকাৰ হাৱা খুলি দিলে আৰু ক'লে: চাৰিওফালে ইমান মুকলি হাৱা চলি আছে চকাত হাৱা নহ'লেও হ'ব।
******
১২০
ৰামায়ণৰ সাধু...
ৰাৱণ: চিগাৰেট আছে নেকি?
হনুমান: নাই শেষ হ'ল।
বাম: হনুমান তুমি মিছা কথা কিয় কৈছা
হনুমান: প্রভু আপুনি মনে মনে থাকক।
ইয়াৰ দহখন মুখ আছে, গোটেই পেকেট শেষ কৰি দিব।
*******
১২১
দুগৰাকী মহিলাৰ কথা-বার্তা...
প্রথম মহিলা: ঐ জাননে কালিৰে পৰা এয়াৰচেলৰ নে'ট ইমান শ্ল' নহয়... একো কৰিব পৰা নাই... Whatsapp ৰ মেছেজ কেইটা যাওঁতেও বহু সময় লাগে।
দ্বিতীয় মহিলা: কি? তেন্তে তই কালি দিনটো কেনেকৈ পাৰ কৰিলি? বৰ বৰিং লাগিল চাগে...
প্রথম মহিলা: উস...কি কৰিবি উপায় নাই।
দ্বিতীয় মহিলা: কি কৰিলি তেন্তে দিনটো?
প্রথম মহিলা: কি কৰিবি? উপায়ো নাই। কালি দিনটো হাজবেণ্ডৰ লগতে কথা পাতি কটালোঁ আৰু কথা পাতি গম পালোঁ… কথাই- বতৰাই মানুহজন বেয়া নহয় অ'।
********
১২২
এদিনাখন ছান্টাই ঘৈণীয়েকক ডিভোর্চ দিবলৈ উকীলৰ ওচৰলৈ গ'ল।
উকীল: তুমি সঁচাকৈয়ে তোমাৰ ঘৈণীয়েৰাক ডিভোর্চ দিব বিচাৰা নেকি?
ছাল্টা: হয়।
উকীল: ডিভোর্চ দিলে কিন্তু তুমি নিজৰ দৰমহাৰ আধা টকা পত্নীক দিব লাগিব।
ছাল্টা: ঠিক আছে। আগতে মই নিজৰ দৰমহাৰ টকা হাতেৰে চুয়েই পোৱা নাছিলোঁ। এতিয়াতো আধা টকা হ'লেও হাতেৰে চুবলৈ পাম।
*****
১২৩
সাক্ষাৎকাৰক: আপোনাৰ জন্ম-তাৰিখ?
বান্টা: ১৩ ছেপ্টেম্বৰ
সাক্ষাৎকাৰক: কোন বর্ষ?
বান্টা: মূর্খ...প্ৰতি বছৰে।
*******
১২৪
নতুন বোৱাৰীক শাহুৱেকে বুজাইছে: বোৱাৰী, তোমালোকৰ ঘৰৰ কথা নাজানো, আমাৰ ঘৰত কিন্তু ৰাতিপুৱা ৭ বজাতে ব্রেকফাষ্ট কৰা হয়।
বোৱাৰী: হ'ব মা, সেই সময়ত যদি মই সাৰ নাপাওঁ মোৰ ভাগটো হটকেছতে থৈ দিব।
*******
১২৫
পত্নী: হেৰা, আজি নহ'লে খানা বাহিৰতে খাওঁগৈ ব'লা।
পতি: কথাটো নোহোৱা নহয়, কিমাননো পাকঘৰত বহি বহি খাম। ব'লা আজি চোতালতে বহি ভাত কেইটা খাওঁগৈ।
******
১২৬
দুগৰাকী মহিলাৰ যাৱজ্জীবন কাৰাদণ্ড হ'ল।
জে'লৰ একেটা কোঠালিতে তেওঁলোক দুজনীয়ে ১৪ বছৰ কটালে।
১৪ বছৰৰ অন্তত তেওঁলোকক যেতিয়া মুকলি কৰি দিয়া হ'ল তেতিয়া জে'লৰ বাহিৰত এগৰাকীয়ে আন গৰাকীক ক'লেঃ 'ঠিক আছে হ'ব দে, বাকী খিনি কথা ফোনত পাতি ল'ম।'
*******
১২৭
ক্লাছৰূমত শিক্ষকৰ ঘোষণা: 'যি মোৰ প্ৰশ্নৰ প্ৰথম উত্তৰ দিব পাৰিব সি সোনকালে ঘৰলৈ যাবগৈ পাৰিব।'
লগে লগে ছাণ্টাৰ পুতেকে তাৰ স্কুল বেগটো বাহিৰলৈ দলিয়াই দিলে।
'কাৰ বেগ এইটো'? - আচৰিত হৈ শিক্ষকে সুধিলে।
'সেইটো মোৰ বেগ ছাৰ, বাই বাই, মই আহিলোঁ'-ছান্টাৰ পুতেক ক্লাছ ৰুমৰ পৰা গপচত ওলাই গ'ল।
******
১২৮
ঘৰলৈ আহোঁ বুলি মেজিক ষ্টেণ্ডত অলপ ৰৈ আছোঁ।
মহিলা এগৰাকী-দুগৰাকীকৈ আহি ষ্টেণ্ডৰ কাষত গোট খালে।
কাণখন থিয় কৰি তেওঁলোকেনো কি পাতে শুনিলোঁ।
শুনিলোঁ মহিলাকেইগৰাকীয়ে নিজৰ স্বামীৰ কথাক লৈ কথা বতৰা পাতি আছে।
এগৰাকীয়ে ক'লেঃ আপোনালোকে যে কেনেকৈ নিজৰ স্বামীৰ বিষয়ে বদনাম গায়। মই যে নোৱাৰোঁ আৰু,
মোৰ মানুহজনকে চাওক.... নিজৰ বুলিবলৈ ফুটা কড়ি এটা নাই, চেহেৰা বুলিবলৈ ভগৱানে নিদিলেই, গাৰ ৰং এনেকুৱা যেন সৰুতে ইটা ভাটাৰ জুইকুৰাত হে সোমাই আছিল। ইমান চিকটা যে পৰা হ'লে নিজৰ কাপোৰকেইটাও ছেকেণ্ডহেণ্ড পিন্ধিলেহেঁতেন। নাক এনেকুৱা বজায় যেন শুই থাকোঁতে নাকত তেল ঢালি জুই লগাই দিওঁ। হ'লেও বুজিছে, মই আজিলৈকে আনৰ আগত মানুহজনৰ হৈ বেয়া কথা এটা কৈ পোৱা নাই। যি নহওক তেওঁ মোক বিয়া কৰাইছে যেতিয়া মোৰ ঈশ্বৰ ...নে কি কয়..?
মহিলাকেইগৰাকীয়ে মূৰ দুপিয়ালে।
ময়ো কৃষ্ণ বুলিহে ক'লোঁ।
******
১২৯
এবাৰ এন আৰ চিৰ ফর্ম ফিলাপ কৰিবলৈ যোৱা মহিলা এগৰাকীক এন আৰ চি সেৱা কেন্দ্ৰৰ বিষয়াজনে সুধিলে, আপোনাৰ ল'ৰা-ছোৱালী কেইটা?
মহিলা: পাঁচটা
বিষয়াঃ সিহঁতৰ নামকেইটা কওকচোন।
মহিলাঃ খগেন, খগেন, খগেন, খগেন আৰু খগেন।
বিষয়া: আপুনি কি কৈছে মই বুজি পোৱা নাই।
মহিলা: মানে সিহঁত আটাইকেইটাৰ নাম খগেন।
বিষয়াঃ (বিচুর্তি খাই) একেই নাম কিয় ৰাখিলেনো?
মহিলা: বহুত সুবিধা। ক'ৰবাত
খেলি থাকিলে 'খগেন' বুলি চিঞৰিলে গোটেইকেইটা আহি ঘৰ পাইহি। 'খগেন' ভাত খাবলৈ আহ বুলি মাতিলে গোটেইকেইটা আহি পাকঘৰত বহি যায়... 'খগেন' স্কুললৈ ওলালি নে বুলি চিঞৰিলে গোটেইকেইটা সাজু হয়...
বিষয়া: কিন্তু কেতিয়াবাতো আপুনি সিহঁতৰ লগত বেলেগ বেলেগকৈ কথা পাতিব লগা হয়, তেতিয়া আপুনি সিহঁতক কি বুলি মাতেনো?
মহিলা: তেতিয়া মই সিহঁতৰ উপাধিবোৰ ধৰি মাতোঁ আক'। (ফুচফুচাই) সিহঁতৰ বাপেকবোৰ বেলেগ বেলেগতো…
*******
১৩০
পত্নী : মই যদি মৰি যাওঁ তুমি কি কৰিবা?
পতিঃ কি কোৱা, মইতো পাগল হৈ যাম।
পত্নী: ই নহয়, তুমি আকৌ এজনী বিয়া কৰিবা ন?
পতিঃ ধুৰ, পাগলে কি কৰে ঠিক আছে নেকি?
*******
১৩১
পতিঃ তুমি আজিকালি গান গাবলৈ এৰি দিলা কিয়?
পত্নী: ডিঙিটোৰ বাবে
পতি: কিয়, ডিঙিত কিবা হৈছে নি?
পত্নী: নহয় হে,ওচৰৰ মানুহে গান গালে ডিঙি চেপি মাৰিব বুলি কৈছে
******
১৩২
ভাবী পত্নীৰ ঘৰলৈ পঠাবলৈ বুলি নগেনে ফটো তুলি আছে। এনেতে গাধ এটাও আহি তাৰ কাষতে ৰৈ দিয়াত ফটোত গাধটোও উঠিল। নগেনে ফটো ৱাটছ এপত পঠাই লগত কেপশ্যন দিলে: 'আই এম অন ৰাইট ছাইড'।
******
১৩৩
কৃপণ বুলি নগেনৰ নাম আছে। ঘৰলৈ আলহী আহিলে কিবা অজুহাত উলিয়াই চাহ নুখুওৱাকৈয়ে পঠায়। পিছে আমাৰ গজেনো কম নহয়। সি বোলে আজি নগেনৰ ঘৰত চাহ খাইহে যাব। অতি বেছি নগেনে চেনি বা গাখীৰ কিবা এটা নাই বুলিহে ক'ব। গজেনে সেয়া নোহোৱাকৈয়ে হ'ব বুলি কৈ চাহ খায়হে যাব।
গজেন বহুত পৰ বহাৰ পিছত নগেনে ক'লেঃ
তোমাক চাহ একাপ খুৱাব লাগিছিল। ঘৰত গাখীৰ অকণ থকা হ'লে চেনি অকণ কাষৰ ঘৰৰ পৰা খুজি আনি চাহ বনালোহেঁতেন, পিছে ঘৰত চাহপাতেই নাই।
******
১৩৪
গজেনে নগেনক কৈ আছে যে আজি কালি তেওঁ পুতেকক লৈ বৰ চিন্তা হৈছে। সি চিগাৰেট, মদ খাবলৈ লৈছে। ঘৰলৈ দেৰিকৈ আহে। নগেনে ক'লে তেওঁ বৰ সৌভাগ্যবান। তেওঁৰ তেনে সমস্যা হোৱা নাই। গজেন আচৰিত হ'ল।
গজেন: তোমাৰ ল'ৰাই চিগাৰেট নাখায় নেকি?
নগেন: এক দম নাখায়।
গজেন: তোমাৰ ল'ৰাই মদ নাখায় নেকি?
নগেন: কেতিয়াও নাখায়।
গজেন: তোমাৰ ল'ৰা ঘৰলৈ দেৰিকৈ নাহে নেকি?
নগেন: আজিলৈকে তেনে হোৱা নাই।
গজেনে হুমুনিয়াহ কাঢ়ি ক'লে তেওঁৰহে বৰ দুৰ্কপাল। নগেনে সঁচাই ভাল ল'ৰা পাইছে।
গজেন: এতিয়া তাৰ বয়স কিমান হ'লগৈ বাৰু? ইমান ভাল ল'ৰা।
নগেন: অহা মাহত এবছৰ পূৰ হ'ব।
*******
১৩৫
এজন ৰাছিয়ান ভদ্রলোক ভাৰত ভ্রমণলৈ আহিল। চকুৰ অসুবিধা পোৱাত তেওঁ কাষ চাপিল চকু চিকিৎসকৰ।
চকু চিকিৎসকে চকু পৰীক্ষা কৰোঁতে ব'ৰ্ডত দেখুৱালে-czwxnqstazky
'আখৰকেইটা পঢ়িব পাৰিছেনে?' চিকিৎসকে সুধিলে।
: 'নামটো পঢ়াৰ কথা কৈছে? পঢ়া বাদ দিয়ক, ল'ৰাটোক মই চিনিও পাওঁ, সি মোৰ সম্বন্ধীয় ভাইহে।'
******
১৩৬
"মদ খোৱা কাৰণেই বাপেকে পুতেকক পিটিলে।"
ব্যাকৰণৰ জ্ঞান থকাসকলে ক'ব পাৰিব নেকি, ওপৰৰ বাক্যটোত কোনে মদ খাইছে? বাপেকে নে পুতেকে?
*****
১৩৭
ভোটাৰঃ ছাৰ, এই যে আঙুলিত আপুনি ক'লা ৰং লগাই দিছে, কিমান দিনলৈকে থাকিব বাৰু?
ভোটিং অধিকাৰীঃ প্রায় চাৰি মাহ।
ভোটাৰজনে লাহেকৈ টুপী খুলি বগা চুলিৰে ভৰি থকা নিজৰ মূৰটো আগবঢ়াই ক'লে: ছাৰ, এই চুলিখিনিতো অলপ লগাই দিয়কচোন, গদৰেজৰ ৰংখিনি মাত্র পোন্ধৰ দিনহে থাকে।
******
১৩৮
পৰীক্ষা দিয়া তিনিজন বন্ধুৰ কথোপকথন:
প্রথম বন্ধু: পৰীক্ষাৰ বহীখনত একো নিলিখাকৈ দি আহিছোঁ। এটা প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰিলোঁ
দ্বিতীয় বন্ধুঃ মোৰো একেই। একেবাৰে খালীকে দি আহিলোঁ।
তৃতীয় বন্ধুঃ সর্বনাশ হ'ল। ছাৰে ভাবিব মই তহঁতৰ পৰা নকল মাৰিলোঁ।
*******
১৩৯
কলা মুর্গীয়ে বগা কণী দিব পাৰে। কিন্তু বগা মুর্গীয়ে কেতিয়াও ক'লা কণী দিব নোৱাৰে।
ঠিক তেনেদৰে মদ খোৱাৰ পিছত অসমীয়াই ইংৰাজী ক'ব পাৰে। কিন্তু ইংৰাজে মদ খাই কেতিয়াও অসমীয়া ক'ব নোৱাৰে।
*******
১৪০
শিক্ষক: ঐ নগেন, তই ক, আকবৰৰ পত্নীৰ নাম কি আছিল?
নগেন: ছাৰ, মই কথা এটা কওঁনে?
শিক্ষক: ক, কি কথা?
নগেন: ছাৰ, আপোনাৰহে সেইবোৰ স্বভাৱ আছে। কাৰ ঘৈণীয়েক কোন জানিব বিচৰা, মোৰ সেইবোৰ স্বভাৱ নাই বাবে নাজানো।
******
১৪১
এজন মানুহ বৰষুণত তিতি-বুৰি গৈ আছিল। তাকে দেখি এগৰাকী ধুনীয়া মহিলাই ক'লে: আপুনি মোৰ ছাতিৰ তললৈ আহক।
মানুহজনে ক'লে: হ'ব বাইদেউ নালাগে। মানুহজন গুছি গ'ল।
Moral: Moral-Sorel একো নাই, মানুহজনৰ পিছে পিছে ঘৈণীয়েক আহি আছিল।
******
১৪২
এজন মানুহক প্রায় আধামৰা অৱস্থাত হস্পিটেললৈ লৈ যোৱা হ'ল।
মানুহজনৰ অৱস্থা দেখি ডাক্তৰে সুধিলে : এখেতক ইমানকৈ কোনে আৰু কিয় পিটিলে?
তেতিয়া মানুহজনে কেঁকাই কেঁকাই ক'লে: 'বুজিছে ডাক্তৰ বাবু, মই দুদিনমান আগতে পত্নীক এটা duel sim android ফোন কিনি দিছিলোঁ।
দুখন ছিম কাৰণে দুয়োটা নম্বৰ ছে'ভ কৰিছিলোঁ wife-1 আৰু wife-2 বুলি। তাৰ পাছতে মোৰ এই অৱস্থা।'
******
১৪৩
বেচেৰা বিয়াপতা মানুহ, ঘৈণীয়েকৰ কি যে অত্যাচাৰ...
ঘৈণীয়েক বজাৰৰ পৰা আহি বস্তুবোৰ মেলি থকা দেখি মানুহজনে ক'লে, 'অহ তুমি আজি আৰু এযোৰ কাপোৰ আনিলা যে? কালি...।'
মানুহজনৰ কথাষাৰ শেষ হোৱাৰ আগতেই ঘৈণীয়েকে চিঞৰি উঠিল-'কি হ'ল? কি কৈছা? কি কালি... কালি কি হ'ল... কোৱা সোনকালে কোৱা... কালি কি হ'ল?'
ভয়তে মানুহজনে ক'লে, 'একো নহয়, মানে মই কৈছিলোঁ কালিও তুমি এযোৰ কাপোৰ আনিছিলা, আজি দুযোৰ লৈ নাহিলা কিয়?'
******
১৪৪
গুৰু: মহামতি চাণক্যই কৈছিলে, একেই শত্ৰুৰ লগত বাৰে বাৰে যুদ্ধ নকৰিবা, সি তোমাৰ সব কৌশল শিকি যাব। দেখা নাই, পতি-পত্নীৰ অৱস্থা - গোটেই জীবন যুদ্ধ কৰে, কিন্তু - যুদ্ধ অন্ত নহয়, দুজনেই দুজনৰ কৌশল জানেটো... সেয়ে কোনেও হাৰি নিদিয়ে।
শিষ্যঃ কি কৰিব লাগিব তেনেহ'লে?
গুৰু: শত্রু বদলাব লাগিব।
******
১৪৫
এজন নেতা এখন গাঁৱলৈ গ'ল আৰু সকলো মানুহে তেওঁক স্বাগতম জনালে।
গাঁৱৰ সহজ - সৰল মানুহবোৰে ক'লে যে 'আমাৰ ইয়াত দুটা সমস্যা আছে, এটা হ'ল ইয়াত কোনো ডাক্তৰ নাই'।
নেতাজনে তুৰন্তে ম'বাইল উলিয়ালে আৰু কিছু সময়ৰ পাছত ক'লে 'আপোনালোকৰ এইটো সমস্যাৰ সমাধান হৈ গ'ল, মই ওপৰত ফ'ন কৰি জনালোঁ আৰু সোনকালেই ইয়ালৈ ডাক্তৰ আহিব, এতিয়া দ্বিতীয় সমস্যাটো কওক।
গাঁৱবাসীয়ে লাহেকে ক'লে 'আমাৰ দ্বিতীয় সমস্যাটো হ'ল, ইয়াত কোনো ম'বাইল ফ'নৰ নেটৱৰ্ক নাই'।
*******
১৪৬
ৰিপ'ৰ্টাৰঃ স্বামী জী, পাহাৰৰ ওপৰত বৰ বেছি ঠাণ্ডা। আপুনি ইমান ঠাণ্ডাত কেনেকৈ তপস্যা কৰে?
স্বামী জী: সাধনা আৰু গ্রীন টীয়ে মোক সদায় ভিতৰৰ পৰা গৰম কৰি ৰাখে। তুমি কোৱা, তুমি কি বিচাৰা, সাধনা নে গ্রীন টী?
ৰিপ'ৰ্টাৰ: মই গ্রীন টী ল'ম।
স্বামী জী: সাধনা, দুকাপ গ্রীণ টী লৈ আনা।
*******
১৪৭
স্ত্রী: শুনিলোঁ স্বর্গত হেনো বিয়া নহয়, সঁচা নেকি?
স্ত্রী: শুনিলোঁ স্বর্গত হেনো বিয়া নহয়, সঁচা নেকি?
স্বামী: সঁচা...।
স্ত্রী: স্বর্গত বিয়া নহয় কিয়?
স্বামী: ধেৎ এইজনী....বাৰে-বাৰে কিয় মাথা খাইছ...
স্বর্গত বিয়া হ'লে কি সেইখন আৰু স্বর্গ হৈ থাকিব...
******
১৪৮
পুলিচ: আপোনাৰ স্বামী মৰিল কেনেকৈ?
মৃত ব্যক্তিৰ পত্নী: নাজানো।
খৰধৰকৈ ক'ৰবাৰ পৰা আহিল আৰু আহিয়েই ক'লে সোনকালে খাবলৈ কিবা এটা দিয়া, পেটত এন্দুৰ-নিগনি দৌৰি আছে।
তেতিয়া মই এন্দুৰ মৰা দৰৱ খাবলৈ দিলোঁ। পেটৰ ভিতৰত দৌৰি থকা এন্দুৰ-নিগনিকেইটা মৰক বুলি, পিছে কি জানো হ'ল খাই উঠি আৰু এতিয়ালৈ নুঠিলেই।
কথা শুনি মূৰ ঘূৰাই পুলিচজন যি মাটিত বাগৰি পৰিল, এতিয়াও বর্তমান ক'মাত আছে।
*******
১৪৯
এটা হত্যাকাৰীৰ মৃত্যুদণ্ডৰ হুকুম হ'ল। ইলেকট্রিক চেয়াৰত বহুৱাই তাৰ মৃত্যুদণ্ডৰ হুকুম পালন কৰিব খোজোতে বিষয়াজনে সুধিলে, তোমাৰ কিবা শেষ ইচ্ছা আছে নেকি?
হত্যাকাৰী: এটাই আছে। মোৰ ইলেকট্রিক চেয়াৰৰ চুইচ অ'ন কৰাৰ সময়ত আপুনি মোৰ হাতত ধৰি থাকিবনে?
*******
১৫০
মানুহজন থানালৈ গৈ ক'লে, মোৰ কুকুৰটো হেৰাইছে এজাহাৰ এখন দিব খোজোঁ।
আৰক্ষী বিষয়া: আপুনি বাতৰি কাকতত বিজ্ঞাপন এটা দি নিদিয়ে কিয়?
ভদ্রলোক: ধেমালি নকৰিব দেই, মোৰ কুকুৰটোৱে পঢ়িব নোৱাৰে।
*******
১৫১
ডাক্তৰ : আই এম ছৰী, অপাৰেশ্যনৰ সময়ত ৰবৰৰ হাত মোজাযোৰ আপোনাৰ পেটত থাকি গ'ল। আকৌ অপাৰেশ্যন কৰিব লাগিব।
ৰোগী: পাগল নেকি আপুনি?
এইয়া লওক ৫০ টকা, নতুন এযোৰ কিনি ল'ব।
******
১৫২
এজন ব্রাহ্মণ পণ্ডিতৰ ঘৰৰ ওচৰতে গাধ এটা মৰিল। সাধাৰণতে জন্তু মৰিলে তাৰ মালিকক বিচাৰি পাবলৈ টান। এই গাধটোৰ ক্ষেত্ৰতো তেনে হ'ল। তেওঁ ততালিকে স্থানীয় পৌৰসভালৈ ফোনেৰে খবৰটো দিলে। পৌৰসভাৰ বিষয়াজনে অলপ ধেমালি কৰাৰ পাছত উত্তৰ দিলে- পণ্ডিত মহাশয়, মৃত্যুৰ পাছত সংস্কাৰ কৰাটো আপোনাৰ কাম নহয় জানো?
পণ্ডিতজনেও চুঙা চাই সোপা দি উত্তৰ দিলে- ঠিকেই কৈছে, সেইখিনি মোৰেই কাম, কিন্তু তাৰ আগতে মৃতকৰ আত্মীয়-স্বজনক খবৰ দিব নালাগিব জানো? সেয়ে আপোনালোকক জনালোঁ। দান-দক্ষিণাৰ কথা নাই জানো?
********
১৫৩
গিৰীয়েকে অফিচলৈ ওলাই খঙেৰে ঘৈণীয়েকক ক'লে- এতিয়ালৈকে ভাতেই হোৱা নাই। ইয়াত খাম বুলি বোন্দাপৰ দি থকাতকৈ হোটেলতেই খাই যাম। এইবুলি কৈ গিৰীয়েক বাহিৰলৈ ওলাল। ঘৈণীয়েকে বাধা দি ক'লে- ৰব, আৰু পাঁচ মিনিট ৰওক।
-তুমি এঘণ্টাতো ভাত দিব নোৱাৰিলা আৰু পাঁচ মিনিটত খুৱাবানে?
- নহয়, ময়ো কাপোৰযোৰ সলাই লওঁ, তোমাৰ লগতে হোটেলতে খাই আহিম।
********
১৫৪
শৈল্য চিকিৎসক এজনে নতুন কিতাপ এখনৰ শেষৰ পাতখিলা ফালি পেলোৱাত ঘৈণীয়েকৰ খং উঠিল। ক'লে- আপুনি নপঢ়ে নাই, আমি পঢ়িম নহয়। কিতাপখন কালি কিনি আনিছিলোঁহে, সোধপোছ নাই ঘচককৈ পাতকেইটা ফালি পেলালে কিয়?
গিৰীয়েকে ক'লে- মাফ কৰিবা শ্রীমতী, আস্পাতালৰ অপাৰেচন থিয়েটাৰ কিবা কথা এটা ভাবি আছিলোঁ। কিতাপখনৰ এটা পাতত মাথোন APPENDIX বুলি লিখি থোৱা দেখি অপাৰেচনটো কৰি পেলালোঁ। পাছতহে আচল কথাটো ধৰিব পাৰিলোঁ যে সেয়া কিতাপৰ এপেনডিক্সহে, ৰোগীৰ নহয়।
*********
১৫৫
ৰোগীয়ে আস্পাতালত ডাক্তৰক ক'লে- ডাক্তৰ চাহাব, মোৰ তেনেহ'লে নিউমোনিয়া বেমাৰ হোৱাটো খাটাং। কেতিয়াবা আমি এনে কথাও শুনো যে ডাক্তৰে নিউমোনিয়া বেমাৰৰ ঔষধ দিলে ৰোগীজন আন এটা বেমাৰতহে মৰে।
ডাক্তৰৰ উত্তৰ-তুমি এই কথা নিশ্চয়কৈ জানিবা যে মই যিজন ৰোগীক নিউমোনিয়াৰ ঔষধ দিওঁ, তেওঁ নিউমোনিয়াতহে মৰে, আন বেমাৰত নমৰে।
*********
১৫৬
দুজন মানুহে এখন চাহমেলত কথা পাতিছে।
এজনে ক'লে- বুজিছে, মানুহবোৰে যিমান কথা কয় তাৰ আধাহে বিশ্বাস কৰোঁ।
-কিয়?
-কাৰণ, মই এজন উকীল।
আনজনে ক'লে- মোৰ ক্ষেত্ৰত কিন্তু তাৰ ওলোটাহে। মই মোৰ লগত সম্পর্ক থকা মানুহবোৰে যিমান কথা কয়, তাক দুগুণ কৰিহে বিশ্বাস কৰোঁ।
-কিয় তেনে কৰে?
-কাৰণ মই এজন ইনকম-টেক্স ইন্সপেক্টৰ।
********
১৫৭
এখন বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰ এজনৰ পিছে পিছে দুটা কুকুৰে ভুকি গৈ আছিল। এনেতে অধ্যাপক এজনে সেই পথেৰে গাড়ী চলাই আহি ছাত্ৰজনৰ অৱস্থা দেখি গাড়ীখন ৰখাই ক'লে- আহা, গাড়ীত সোমোৱা।
ছাত্রজনে ৰৈ ক'লে- ছাৰ, আপুনি বৰ দয়ালু। এই কুকুৰ দুটা মোৰ লগত সদায় থাকে কাৰণে বন্ধুবোৰে মোক তেওঁলোকৰ গাড়ীত নিবলৈ ইচ্ছা নকৰে। এনেদৰে কৈ গাড়ীৰ পিছ দুৱাৰখন খুলি কুকুৰ দুটা সুমুৱাই দি নিজে অধ্যাপকজনৰ লগত বহিল।
******
১৫৮
এজন বন্ধুৱে আনজনক কৈছে- মোৰ পৰিবাৰে অৱশেষত ভাল পালে। চেটার্জী ডাক্তৰে ভাল বুদ্ধি কৰিলে।
-কি বুদ্ধি কৰিলে? অৱশ্যে চেটার্জী মানুহজন বৰ অভিজ্ঞ। কি ঔষধ দিলে বাৰু?
-তেনেকৈ একো ঔষধ দিয়া নাই। মাথোন ক'লে যে বয়স বেছি হ'লে এনেবোৰ বেমাৰ হ'বই। এনে বেমাৰে মানুহৰ বৃদ্ধাৱস্থাৰ ওচৰ চপাই নিয়ে। বচ্, সিদিনাৰ পৰা বেমাৰ নাই।
**********
১৫৯
ডাক্তৰ (ৰোগীৰ প্ৰতি): আপোনাৰ মূৰৰ বিষ একেৰাহে হয় নে কেতিয়াবাহে হয়?
- আধা ঘণ্টা মানৰ মূৰে মূৰে হয় বুলিয়েই ক'ব পাৰি।
কিমান সময়লৈ বিষ একেদৰে থাকে?
- দুঘণ্টা মানলৈ একেদৰে থাকে।
********
১৬০
এবাৰ এজন ন-লেখকে পণ্ডিত এজনৰ ওচৰলৈ গৈ গৌৰৱেৰে নিজৰ চিনাকি দি ক'লে- মোৰ দেউতা আছিল এজন জমিদাৰ, ককা-দেউতা আছিল বাদছাহৰ সেনাপতি, আজো-ককা দেশৰ ভিতৰতে এজন বিখ্যাত পণ্ডিত আছিল আৰু দেউতাৰ আজো-ককা আছিল.........।
ন-লেখকজনৰ কথা শেষ নৌহওঁতেই পণ্ডিতজনে ক'লে- ৰ'বা, তুমি এনেদৰে চিনাকি দি গৈ থাকিলে তুমি ক'ব লাগিব যে তোমাৰ পূৰ্বপুৰুষ বান্দৰ আছিল।
********
১৬১
আমেৰিকান এজনে প্রথমবাৰৰ বাবে ৰাছিয়া ভ্ৰমণলৈ গ'ল। তাত তেওঁ এজন গাইডৰ সহায়ত ঘূৰি ফুৰিবলৈ ধৰিলে।
এখন বিৰাট হোটেলৰ সন্মুখত থিয় হৈ তেওঁ গাইডজনক সুধিলে-এইখন হোটেল সাজিবলৈ কিমান সময় লাগিছিল বাৰু?
- প্রায় ছমাহ।
- ছমাহ? আচৰিত হৈ আমেৰিকানজনে ক'লে- আমি এনে এটা ঘৰ সাজিবলৈ হ'লে ছসপ্তাহৰ বেছি সময় নালাগিব।
অলপ সময়ৰ পাছতে এটা পাঁচমহলীয়া চৰকাৰী কাৰ্যালয়ৰ সন্মুখত থিয় হৈ গাইডক' সুধিলে- আৰু এই ভৱনটো কিমান দিনত সাজিছিল?
-চাৰি মাহত সাজিছিল।
- চাৰি মাহ? আকৌ আচৰিত হৈ ভ্রমণকাৰীজনে ক'লে-আমাৰ তাত লাগিলহেঁতেন মাত্ৰ চাৰি সপ্তাহ।
এনেদৰে কথা-বতৰা পাতি দুয়ো আগবাঢ়িল। ক্রেমলিনত অৱস্থিত সংসদ ভৱনটোৰ ওচৰত ৰৈ ভালদৰে নিৰীক্ষণ কৰি আমেৰিকানজনে সুধিলে-এইটো দেখোন বৰ ধুনীয়া ঘৰ। এইটো সাজিবলৈ নিশ্চয় বহুদিনৰ আৱশ্যক হৈছিল?
গাইডৰ উত্তৰ- আপুনি বিশ্বাস কৰক বা নকৰক, এসপ্তাহ আগতে মই এইফালে ফুৰিবলৈ আহোঁতে এইখন এখন চৰণীয়া পথাৰ আছিল, ঘৰ-চৰ একো নাছিল। আজি হঠাতে এই অট্টালিকাবোৰ দেখি মোৰেই সপোন সপোন যেন লাগিছে।
*********
১৬২
এজন অধ্যাপকে সকলো সময়তে কিতাপ এখন মেলি পঢ়ি থকা দেখি নৱ-বিবাহিতা পত্নীৰ খং। এদিন খঙতে পত্নীয়ে ভগৱানৰ ওচৰত আঁঠু লৈ প্রার্থনা জনালে- হে প্রভু, অহা জনমত মোক যেন তুমি এখন কিতাপ আকাৰে জন্ম দিয়া, যাতে মই স্বামীৰ সমুখত সদায় থাকিব পাৰোঁ।
অধ্যাপকৰ কোঠাটোৰ ওচৰতে গোসাঁই ঘৰটো। ঘৈণীয়েকৰ প্ৰাৰ্থনা শুনি তেওঁ কোঠাৰ পৰা উঠি দেখে যে ঘৈণীয়েকে তেতিয়াও ভগৱানৰ ওচৰত আঁঠু লৈ মূৰ দোঁৱাই আছে। গিৰীয়েকেও ঘৈণীয়েকৰ কাষতে বহি ভগৱানলৈ এইবুলি প্রার্থনা জনালে-হে ভগৱান,
তুমি যদি অহা জনমত মোৰ মানুহজনীক কিতাপ আকাৰে জন্ম দিয়া তাত মোৰ কোনো আপত্তি নাই। মোৰ তোমালৈ মাত্র এটাই অনুৰোধ যে তেওঁক পঞ্জিকা আকাৰত হে জন্ম দিবা, মই প্রতিবছৰে নতুন এখন ল'ব পাৰোঁ।
******
১৬৩
আদালতত এখন বিচাৰ চলি আছে। আচামী পক্ষৰ উকীলে গুচৰীয়াজনক প্রশ্ন কৰিলে-আপোনাৰ বয়স কিমান?
বত্ৰিছ বছৰ, ছাৰ।
- ইয়'ৰ অ'নাৰ ছাৰ, গুচৰীয়াই মিছা কথা কৈছে। উকীলে গৰজি ক'লে।
বিচাৰকে জেৰা আগুৱাই নিবলৈ ক'লে। এইবাৰ উকীলজনে সুধিলে-আপোনাৰ দেউতাকৰ বয়স আৰু নাম কি?
এইবাৰ গুচৰীয়াজনে মুখেৰে একো নামাতিলে। উকীলজনে একেটা প্রশ্নকে দুবাৰো সুধিলে। গুচৰীয়াজনে তথাপি উত্তৰ নিদিয়াত বিচাৰকে হস্তক্ষেপ কৰি ক'লে- তুমি উত্তৰ নিদিয়া কিয়?
হুজুৰ, মোৰ প্ৰকৃত বয়সৰ কথা মই কোৱাত উকীল চাহাবে মিছা বুলি ক'লে। অর্থাৎ মোৰ প্ৰকৃত বয়সটো তেওঁ জানে, মইহে নাজানো। দেউতাৰ বয়স আৰু নামটো ক'লেও উকীলজনে মিছা বুলিয়েই ক'ব। গতিকে উকীল চাহাবে নিজৰ পছন্দমতে নাম এটা দি বয়স ঠিক কৰি ল'লেই হ'ল। মই উত্তৰ দি কিয় মিছাত পৰোঁ।
*****
১৬৪
-আপোনাৰ নামটো জানিব পাৰোঁনে?
মোৰ নাম লর্ড।
লর্ড, তাৰ মানে....?
- তাৰ মানে মই আগতে কাছাৰত লেগুলর্ড আছিলোঁ। বাংলাদেশ জন্ম হোৱাৰ পাছত বাদ দি মাথোন 'লর্ড' হৈ গুৱাহাটীলৈ আহি ইয়াৰ বাসিন্দা হৈছোঁ।
*******
১৬৫
ধুমুহা অহাৰ আগমুহূৰ্তত এজন অতি ক্ষীণ ব্যক্তিয়ে এজন প্রকাণ্ড শকত মানুহৰ ওচৰলৈ দৌৰি আহি কাষত থিয় হ'ল। শকত মানুহজনে ধেমালিৰ ছলেৰে ক'লে- হেৰা, বতাহ দেখোন সিফালেহে বৈছে, তুমি এইফালে আহিলা কেনেকৈ?
ক্ষীণ মানুহজনে উত্তৰ দিলে- মই এজন লেৰেলা-লেৰেলী শুকান মানুহ। ধুমুহা আহিলে কেনেবাকৈ উৰি যাম বুলিহে পাহাৰৰ দাঁতিত আহি থিয় হৈছোঁহি। অন্ততঃ পাহাৰটোৱে মোক ৰক্ষা কৰিব।
*******
১৬৬
এখন আদালতত এটা মোকদমাৰ জেৰা চলি থাকোঁতে আচামী পক্ষৰ উকীলজনৰ ওপৰত গুচৰীয়া পক্ষৰ উকীলজনৰ খং উঠি ক'লে- আপুনি মূর্খ...।
আচামী পক্ষৰ উকীলজনে উত্তৰ দিলে- মই যদি মূর্খ, আপুনি মহামূর্খ।
বিচাৰকজনে তেওঁলোকৰ কাজিয়া আগবাঢ়িবলৈ নিদি ক'লে- ঠিক আছে, বৰা আৰু দত্ত আপোনালোকে ইজনে সিজনক চিনি পালে যেতিয়া জেৰা পুনৰ আৰম্ভ কৰক। পলম নকৰিব।
*******
১৬৭
এজন ৰাছিয়ান- আমাৰ দেশত নাৰীয়ে পুৰুষৰ দৰে সমানে কাম কৰে আৰু দৰমহাও সমানে লাভ কৰে।
এজন ভাৰতীয়- আমাৰ দেশতো নাৰীয়ে পুৰুষৰ সমহাৰত দৰমহা পায় যদিও কামৰ তুলনাত আধাও নকৰে। অফিচ, স্কুলত উল গুঁঠি আগদিনাৰ ঘটনাৰ আলোচনা কৰি, আন নাৰীৰ দোষ-ত্রুটিসমূহৰ ওপৰত মন্তব্য দি সময় কটায়।
ৰাছিয়ান- তেনেহ'লে চৰকাৰে একে দৰমহা দিয়ে কিয়?
ভাৰতীয়- কাৰণ চৰকাৰৰ মুৰব্বীসকলেও একে পন্থাকে অৱলম্বন কৰি চলি থাকে-আধা কাম, আধা আশ্বাস। গতিকে কাক কোনে দূষিব?
*******
১৬৮
এজনে গর্বেৰে ক'লে- মই ব্লাড বেংকলৈ স্বইচ্ছাই তেজ দিবলৈ গৈছিলোঁ। কিন্তু তেওঁলোকে মোৰ তেজ পৰীক্ষা কৰি তেজ নল'লে। ঘৰলৈ যাবলৈহে ক'লে।
আনজনে সুধিলে- আৰু কিবা কৈছিল নেকি?
কৈছিল। তেওঁলোকে ক'লে যে কুহুমীয়া গৰমপানীৰ আৱশ্যক হ'লেহে হেনো মোক মাতিব।
********
১৬৯
এজন বন্ধুৱে তেওঁৰ কৃপণ বন্ধুক ক'লে- তুমি সাজ-পোছাকবোৰ অলপ পৰিপাটিকে পিন্ধিবাচোন?
মোকনো ক'ত লেতেৰা দেখিলা?
-তুমি লেতেৰাতো, তোমাৰ দেউতাৰালৈ নোচোৱা কিয়? তেখেত বুঢ়া হ'ল যদিও পিন্ধা কাপোৰ-কানিবোৰ কিমান পৰিপাটি। তেখেতৰ কাপোৰৰ পছন্দও ভাল আৰু কোনোবা ভাল দৰ্জীৰ হতুৱাই চিলাই কৰোৱায় যেন পাওঁ?
-ঠিকেই কৈছা। মইনো এইবোৰ কাৰ কাপোৰ পিন্ধি আছোঁ বুলি ভাবিছা? মই পিন্ধা সকলোবোৰ কাপোৰ দেউতাই ডেকা বয়সত পিন্ধা কাপোৰহে। কৃপণ বন্ধুজনে উত্তৰ দিলে।
*******
১৭০
এজন মানুহে ডাক্তৰৰ ওচৰলৈ গৈ ক'লে- ডাক্তৰ চাহাব, মোৰ পৰিবাৰে টনচিলৰ অসুখত বৰ কষ্ট পাইছে। পাৰিলে অপাৰেচন কৰি উঠাই দিয়ক।
ডাক্তৰ (আচৰিত হৈ): আপুনি হাজৰিকা নহয় জানো?
মানুহ-হয়, চাহাব।
ডাক্তৰ- আজি কেইটামাহমান আগতে মই আপোনাৰ পৰিবাৰৰ টনচিল অপাৰেচন কৰি উঠাই দিছিলোঁ নহয়? আপুনি যে কি মানুহ? মানুহৰ দুটা টনচিল থাকে নেকি?
মানুহ- নাথাকে বুলি ময়ো জানো। কিন্তু মোৰ যে দুগৰাকী ঘৈণী, সেই কথা আপুনি নিশ্চয় নাজানে। জনাহেঁতেন এনেদৰে নক'লেহেঁতেন।
*******
১৭১
১ম চোৰ- বুজিছ, আমি যাৰ ঘৰত চুৰি কৰোঁ সেইঘৰৰ মানুহ পিছদিনাই লাখপতি হয়।
২য়- কেনেকৈ হয়?
১ম চোৰ- আমি সদায় কোটিপতিৰ ঘৰতহে চুৰি কৰো। আমি ধন-সোণ অনাৰ পাছত তেওঁ লাখপতিলৈ নামি যায়।
********
১৭২
বিষয়া (পুলিচৰ প্ৰতি)ঃ তুমি চোৰটোক দেখিও ধৰিব নোৱাৰিলা। চোৰটো বা কোন আছিল?
পুলিচ- ধৰিব নোৱাৰিলোঁ যদিও ছাৰ তাৰ হাতৰ ছাপটো আনিছোঁ। মিলাই চাব পাৰিব।
বিষয়া-চাওঁ, হাতৰ ছাপটো ক'ত?
পুলিচ- মোৰ সোঁ-গালখনতে আছে ছাৰ।
********
১৭৩
বিচাৰক (চোৰক উদ্দেশ্যি): তুমি এনেদৰে লোকৰ বস্তু চুৰি কৰি জীৱনটো কটোৱা বাবে তোমাৰ অনুশোচনা নহয়নে?
চোৰ- মুঠেই নহয়, ছাৰ। আমি গৰ্বহে কৰোঁ, কাৰণ আমি নাথাকিলে আপোনালোকে কাক লৈ বিচাৰ কৰিব? চৰকাৰৰ পুলিচ বিভাগৰ মানুহবোৰৰ চাকৰি থাকিবনে?
********
১৭৪
এজন পিতৃয়ে তেওঁৰ ল'ৰাৰ বাবে এঘৰলৈ ছোৱালী চাবলৈ গ'ল। বাপেকৰ ছোৱালী পছন্দ হ'ল। তেওঁ ছোৱালীৰ বাপেক
ক ক'লে- চাওক, ছোৱালীজনী আমি পছন্দ কৰিলোঁ। মোৰ ল'ৰাৰ সকলোবোৰ ভালেই, মাত্ৰ হাঁহিলে দাঁতবোৰ ওলায় কাৰণে বেয়া দেখি। কথাটো আগতে কৈ থ'লোঁ।
কথাটো শুনি ছোৱালীৰ বাপেকে হাঁহি এটা মাৰি ক'লে- সেয়া কোনো ডাঙৰ কথা নহয়, কাৰণ বিয়াৰ পাছত মোৰ ছোৱালীয়ে আপোনাৰ ল'ৰাক হাঁহিবলৈ সুযোগেই নিদিব। আপোনাৰো চিন্তা দূৰ হ'ব।
*******
১৭৫
কি হ'ল দাদা? মন মাৰি আছে যে?
মৃণালদা: নক'বা আৰু
বিয়া নপতা হ'লেই ভাল আছিল।
কিয়? কি হ'লনো?
মৃণালদা: মোৰ মানুহজনীৰ পৰা মই আৰু ক'তোৱেই মুখ দেখাব নোৱাৰা হৈছোঁ। সদায় ৰাতি ৰাতি তাই নাইট ক্লাবলৈ যায়
কি কথা কৈছেহে? নাইট ক্লাবত গৈ তেওঁ কৰে কি?
মৃণালদা: কি কৰিব আৰু, পিটি পিটি মোক ঘৰলৈ চোঁচৰাই লৈ আনেগৈ।
*******
১৭৬
চিকিৎসক: আপোনাৰ কপালতনো গজাল কেনেকৈ সোমালহে? তাকো ওলোটাকৈ
মহিলা: কেলেণ্ডাৰ লগাবলৈ বেৰত গজাল মাৰিছিলোঁ।
চিকিৎসক: তাৰ পিছত?
মহিলা: চেণ্ডেলেৰে গজাল মৰা দেখি মিষ্টাৰে ক'লে, কেতিয়াবা মূৰটোও কামত লগাবচোন। তাৰ পিছতে...।
******
১৭৭
এদল গুণ্ডাই আহি ছান্টাক হুমকি দি চিঠি লিখিলে -পৰহিলৈ আবেলিৰ ভিতৰত আপুনি যদি আমাক এক লাখ টকা নিদিয়ে তেন্তে আপোনাৰ স্ত্রীক অপহৰণ কৰা হ'ব। ছান্টাই অকণো বিচলিত নহৈ ওভতাই চিঠি লিখিলে -ল'ৰাহঁত, মই অতি দুখীয়া। টকাৰ কথাত কথা দিব নোৱাৰোঁ। কিন্তু আশা কৰিছোঁ তোমালোকে তোমালোকৰ কথা ৰাখিবা।
******
১৭৮
ছান্টা (উদ্বিগ্ন হৈ): তোৰ ওঁঠখন ইমান বেয়াকৈ পুৰিল কেনেকৈ?
বান্টা: পত্নীক মাকৰ ঘৰলৈ পঠিয়াবলৈ ৰে'লত উঠাবলৈ গৈছিলোঁ। তেওঁ যে তিনিমাহৰ কাৰণে ঘৰলৈ গৈছে সেইটো ভাবি ইমানেই স্ফূর্তি লাগিল যে ইঞ্জিনটোতে চুমা খাই দিলোঁ।
******
১৭৯
কি হ'ল দাদা? মন মাৰি আছে যে?
মৃণালদা: নক'বা আৰু
বিয়া নপতা হ'লেই ভাল আছিল।
কিয়? কি হ'লনো?
মৃণালদা: মোৰ মানুহজনীৰ পৰা মই আৰু ক'তোৱেই মুখ দেখাব নোৱাৰা হৈছোঁ। সদায় ৰাতি ৰাতি তাই নাইট ক্লাবলৈ যায়
কি কথা কৈছেহে? নাইট ক্লাবত গৈ তেওঁ কৰে কি?
মৃণালদা: কি কৰিব আৰু, পিটি পিটি মোক ঘৰলৈ চোঁচৰাই লৈ আনেগৈ।
*******
১৮০
চিকিৎসক: আপোনাৰ কপালতনো গজাল কেনেকৈ সোমালহে? তাকো ওলোটাকৈ
মহিলা: কেলেণ্ডাৰ লগাবলৈ বেৰত গজাল মাৰিছিলোঁ।
চিকিৎসক: তাৰ পিছত?
মহিলা: চেণ্ডেলেৰে গজাল মৰা দেখি মিষ্টাৰে ক'লে, কেতিয়াবা মূৰটোও কামত লগাবচোন। তাৰ পিছতে...।
******
১৮১
এদল গুণ্ডাই আহি ছান্টাক হুমকি দি চিঠি লিখিলে -পৰহিলৈ আবেলিৰ ভিতৰত আপুনি যদি আমাক এক লাখ টকা নিদিয়ে তেন্তে আপোনাৰ স্ত্রীক অপহৰণ কৰা হ'ব। ছান্টাই অকণো বিচলিত নহৈ ওভতাই চিঠি লিখিলে -ল'ৰাহঁত, মই অতি দুখীয়া। টকাৰ কথাত কথা দিব নোৱাৰোঁ। কিন্তু আশা কৰিছোঁ তোমালোকে তোমালোকৰ কথা ৰাখিবা।
*****
১৮২
ছান্টা (উদ্বিগ্ন হৈ): তোৰ ওঁঠখন ইমান বেয়াকৈ পুৰিল কেনেকৈ?
বান্টা: পত্নীক মাকৰ ঘৰলৈ পঠিয়াবলৈ ৰে'লত উঠাবলৈ গৈছিলোঁ। তেওঁ যে তিনিমাহৰ কাৰণে ঘৰলৈ গৈছে সেইটো ভাবি ইমানেই স্ফূর্তি লাগিল যে ইঞ্জিনটোতে চুমা খাই দিলোঁ।
*****
১৮৩
ছান্টাই আত্মহত্যাৰ বিৰুদ্ধে ভাষণ দি আছিল এনেদৰে : আত্মহত্যা মহাপাপ আত্মহত্যা হ'ল কাপুৰুষালি, পাপ। আত্মহত্যা কৰাতকৈ মানুহে নিজক গুলী কৰি দিয়াই ভাল।
বান্টা: তই দেখোন অফিচত সিংহৰ দৰে তৰ্জন গৰ্জন কৰি ফুৰ। কিন্তু ঘৰত কি হৈ যায়?
ছান্টা: ঘৰতো সিংহৰ দৰেই থাকোঁ, খালী ওপৰত মা দুর্গা উঠি যায়। অফিচ আৰু ঘৰৰ পাৰ্থক্য সিমানেই।
******
১৮৪
ছান্টা: (তেলৰ বটল হাতত লৈ দোকানীক উদ্দেশ্যি) ছাফ'লা তেল দিলা, কিন্তু লগৰ গিফ্ট ক'ত?
দোকানী: ইয়াৰ সৈতে একো গিফ্ট নাই।
ছান্টা: মূর্খ নবনাবা মোক, ইয়াত লিখা আছে 'কলেষ্টৰেল ফ্রী'।
******
১৮৫
ছান্টা: ব'ল আজি চিনেমা চাওঁ।
বান্টা: নাই অ' আজি নোৱাৰোঁ। মোৰ ডাক্তৰৰ সৈতে এপইনমেন্ট লোৱা আছে।
বান্টাঃ ধুৎ, কেঞ্চেল কৰি দে। ডাক্তৰক কৈ দে তোৰ বেমাৰ বুলি।
******
১৮৬
ছান্টাই বাটৰ কাষত ৰখাই থোৱা তাৰ অট'খনৰ পৰা চকা এটা খুলিবলৈ আপ্রাণ চেষ্টা কৰি আছে। তেনেতে আহি বাণ্টাই চিঞৰিলে : 'ঐ মূর্খ অট'খনৰ পৰা চকাটো খুলিছ কিয়?'
: মূর্খ কোন? তই নে মই? দেখা নাই, লিখা আছে পার্কিং ইজ অনলি 'ফৰ টু হুইলাৰ' ছান্টাই খঙেৰে উত্তৰ দিলে।
******
১৮৭
নগেনে নতুনকৈ বিয়া কৰাইছে, দুদিনমানৰ পিছত নগেনে পত্নীক সুধিলে যে বিয়াত কইনা সজোৱা আৰু মেকআপ কোনে কৰিছিল।
পত্নীয়ে জনালে আৰু এমাহমানৰ পিছত নগেন সপত্নীক শহুৰৰ ঘৰলৈ গ'ল। পাছদিনা অকলে টাউনৰ ফালে ওলাই যাওঁ বুলি গ'ল আৰু পত্নীক বিয়াত কইনা সজোৱা আৰু মেকআপৰ দায়িত্ব দিয়া বিউটী পাৰ্লাৰখনত পত্নীক কোনে মেকআপ কৰিছিল জানিব বিচাৰিলে। তাৰ পাছত সেই গৰাকীৰ লগত চিনাকি হৈ দুই এটা কথা পতাৰ পিছত তেওঁৰ পত্নীক ইমান সুন্দৰকৈ কইনা সজোৱাৰ বাবে খুব প্রশংসা কৰে আৰু আহিবৰ সময়ত এটা Apple i phone 7+ উপহাৰ দি আহে।
বিউটীচিয়ানগৰাকীয়ে খুব উৎফুল্ল হৈ উপহাৰ পেকেটতো খুলিলে। কিন্তু বক্সৰ ভিতৰত এটা সস্তীয়া ১২০০ টকীয়া Samsung guru ম'বাইলহে ওলাল। বিউটীচিয়ানগৰাকীৰ খঙে চুলিৰ আগ পালে। এনেকুৱা বদমাছ মানুহ, এনেকৈ ঠগন দিব লাগেনে বুলি ম'বাইল দলিয়াবলৈ লওঁতেই বক্সৰ ভিতৰত এখন সৰু কাগজৰ টুকুৰা পাই পঢ়ি চালে।
তাত লিখা আছিল, 'ম'বাইলটো দেখি আপুনি যেনে অনুভৱ কৰিছে, বিয়াৰ দুদিনমানৰ পিছত ময়ো ঠিক তেনেকুৱাই অনুভৱ কৰিছিলোঁ'।
*******
১৮৮
আজি কালিৰ ল'ৰা-
ছোৱালীয়ে পৰীক্ষাত নম্বৰ পায় ৯৮.৪, ৯৯.৪, ৯৯.৫, ১০০। আমাৰ সময়ত তেনেকুৱাকৈ আমাৰ কেৱল জ্বৰহে হৈছিল....
******
১৮৯
ছোৱালী: দেউতা মোক ল'ৰা এটাই বৰ অশান্তি কৰি থাকে।
দেউতাক: কি শাস্তি দিম তাক?
ছোৱালী : তাৰ লগত মোক বিয়া পাতি দিয়া।
বাঃ! মাৰৰ গুণ দেখোন গোটেইখিনি পালি।
******
১৯০
এটা পাগল ৰাস্তাত শুই আছিল। ট্রাক ড্ৰাইভাৰ এজনে তাৰ ট্রাকখন ৰখাই একেৰাহে হর্ন বজাই আছে, তথাপিও পাগলটো উঠা নাই।
অৱশেষত ড্ৰাইভাৰজনে নামি ক'লে, 'ঐ পাগল ৰাস্তাৰ পৰা উঠি নগ'লে তোৰ গাৰ ওপৰেৰে ট্ৰাক চলাই নিম।'
পাগল (হাঁহি হাঁহি): অলপ আগতে মোৰ গাৰ ওপৰেৰে প্লেন এখন গ'ল, তাতেই একো নহ'ল আৰু ট্রাকখনেৰে কি হ'ব। নুঠো যা।
*******
১৯১
বান্টাই বেংকৰ পৰা ঋণ লৈ গাড়ী কিনিছিল। সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰাত এদিন বেংকে গাড়ীখন লৈ গ'ল।
গাড়ীখন লৈ যোৱা ফালে চাই বান্টাই ক'লে: ছেঃ যদি মই আগতে এই কথা গম পালোঁহেঁতেন বিয়াখন বেংকৰ ঋণ লৈয়েই পাতিব পাৰিলোঁহেঁতেন।
******
১৯২
বিবাহ বার্ষিকীৰ দিনা পত্নীয়ে মৰমতে ছাণ্টাক ক'লেঃ আহাঁচোন, আজি আমি আগতে কোনো দিনে নকৰা কিবা এটা কাম কৰোঁ।
ছান্টা: ঠিক আছে তেনেহ'লে, আমি ৫ মিনিট মনে মনে থাকোঁ।
*****
১৯৩
ৰাস্তাত ম'বাইলত কথা পাতি গৈ থাকোঁতে হঠাতে এটা চোৰে ছান্টাৰ ম'বাইলটো থপিয়াই লৈ গ'ল। খঙত একো নাই হৈ ছান্টাই চিঞৰি উঠিল: চাল্লা মোৰ পৰা পলাই ক'ত সাৰিবি। চাৰ্জাৰটো নিবলৈতো আহিবি। তেতিয়া দেখিম।
*******
১৯৪
ছাল্টা: বাৰু বাণ্টা ভাই কচোন বিল গেছ আৰু মোৰ মাজৰ সাদৃশ্য কি?
বাল্টা: নাজানো, তয়ে কচোন।
ছাল্টা (বিজ্ঞৰ দৰে): তেওঁ কেতিয়াও মোৰ ঘৰলৈ অহা নাই আৰু ময়ো তেওঁৰ ঘৰলৈ যোৱা নাই।
*****
১৯৫
এজন ৰাজনৈতিক নেতাক আহি চুবুৰীয়া এজনে আপত্তি কৰিলে: কালি মই ৰাস্তাইদি গৈ থাকোঁতে আপোনাৰ ল'ৰাই মোলৈ শিলগুটি মাৰিছে।
ৰাজনৈতিক নেতা: শিলগুটি আপোনাৰ গাত লাগিছিলনে?
চুবুৰীয়া: মোৰ ভাগ্য ভাল যে নাই লগা।
নেতা: তেতিয়াহ'লে সেইটো মোৰ ল'ৰা হ'বই নোৱাৰে।
******
১৯৬
কলিতা মাষ্টৰে শ্ৰেণীকোঠাত বৰ যত্নৰে পঢ়ুৱায়। নপঢ়ুৱাবই বা কিয়? টে'টৰ টপাৰ আছিল কলিতা। মুখ্যমন্ত্রীয়ে নিজ হাতেৰে নিয়োগপত্র দিছিল কলিতাক। হেন জানি সম্মানৰ কথাও জড়িত হৈ আছে তেওঁৰ। টপাৰ হেতুকে বাকী মাষ্টৰবোৰৰ লগত বিশেষ হলি-গলি নকৰে কলিতাই। ষ্টেটাছৰ কথা আছে নহয়। বছৰেকীয়া পৰীক্ষা ওচৰ-চাপি আহিল।
কলিতাও ব্যস্ত ছাত্রবোৰক ৰিভিজনৰ ফাইনেল টাচ্ছ দিয়াত।
এদিন শ্রেণীকোঠাত, কলিতা: ছাত্র-ছাত্রীসকল, তহঁতৰ কিবা সুধিব লগা আছে যদি আজিয়েই সুধি ল, পিছলৈ আৰু সময় নাই কিন্তু।
তীখৰঃ ছাৰ...
কলিতা (পুলকিত হৈ): কি আছে ক আক', ভয় নকৰিবি, মই আছোঁ নহয়...
তীখৰ (তামাম লেবেলত): ছাৰ, প্ৰশ্নকাকতখন কোনটো প্রেছত ছপাবলৈ দিছে?
******
১৯৭
ছাণ্টাৰ দেউতাকক পুলিচে গাড়ী এখনত তুলি ঘৰলৈ অনা দেখি ছাণ্টাৰ মাক উধাতু খাই ওলাই আহিল।
পুলিচজনে ছান্টাৰ মাকক ক'লে যে বৃদ্ধজনে পাৰ্কৰ পৰা ফোন কৰি ক'লে যে, তেওঁ ঘৰৰ ৰাস্তা, ঠিকনা সকলো পাহৰি পেলাইছে। পুলিচে বৰ কষ্টৰে তেওঁৰ ফোন নম্বৰৰ পৰা ঘৰৰ ঠিকনা উদ্ধাৰ কৰি লৈ আহিছে।
ছাণ্টাৰ মাকে খঙেৰে গিৰীয়েকক ক'লে: বয়স হ'ল বুলিয়েই সদায় আহি থকা ঘৰটো তুমি পাহৰি যাব লাগে নেকি?
ছান্টাৰ দেউতাকে পত্নীৰ কাণত ফুচফুচাই ক'লে: নহয়হে অট'ত আহিবলৈ পইচা নাছিল। পুলিচৰ গাড়ীতে ফ্রীকে আহিলোঁ।
******
১৯৮
ছান্টা: দাদা, দোকানত হাত ধোৱা চাবোন আছেনে?
দোকানী: আছে।
ছান্টা: ভাল কোম্পানীৰ নে?
দোকানী: হয় হয় একদম ভাল কোম্পানীৰ।
ছান্টা: ঠিক আছে তেতিয়া হ'লে, চাবোনেৰে হাতখন ধুই মোক কেইপদমান বস্তু দিয়কচোন।
*****
১৯৯
গ্রাহক: জইন্ট একাউন্ট কি আৰু কেনেকৈ খোলে?
বেংক মেনেজাৰ: আপুনি কাৰ নামত খুলিব খোজে?
গ্রাহক: মোৰ আৰু পত্নীৰ নামত।
বেংক মেনেজাৰ: সেইক্ষেত্ৰত জইন্ট একাউণ্টৰ অর্থ হ'ব যে আপুনি টকা জমা দিব আৰু পত্নীয়ে উলিয়াব।
******
২০০
এজন মানুহে এখন ঠাইত এটা ডাঙৰ মিছা কথা কৈ জনপ্রিয় হৈ পৰিল। মিছা কথাত বিখ্যাত হৈ পৰা বাবে তেওঁক সকলোৱে চিনি পাইছিল। বিশেষ কাৰণ এটাৰ বাবে তেওঁ অন্য এখন ঠাইত যাব লগা হ'ল। সেই ঠাইত প্রায় ৭৫ বছৰীয়া বুঢ়ী আইতা এগৰাকী দৌৰি আহি সুধিলে: বোপা তইয়ে বিখ্যাত মিছলীয়া মানুহজন নহয় জানো?
মানুহজনে লাহেকৈ ক'লে: মানুহৰ কথা বাদ দিয়ক মই আপোনাক দেখি আচৰিত হৈছোঁ আপুনি কিন্তু এই বয়সতো গাভৰুজনী হৈ আছে। গাৰ ৰং, ছাল এতিয়াও ধুনীয়া হৈ আছে....
বুঢ়ী আইতাই: অলপ লাজ কৰি... ইচ সমাজৰ মানুহবোৰ বৰ বদমাছ চকু চৰহা দেই, ইমান মৰমীয়াল সঁচা অন্তৰৰ মানুহকো মিছলীয়া বুলি কয়...
******
২০১
মাক: সোণটো পৰীক্ষাত সোধা প্রশ্নবোৰ টান আছিল নেকি?
পুতেক: নাই মা, প্রশ্নবোৰ সহজেই আছিল, কিন্তু তাৰ উত্তৰবোৰহে টান আছিল।
******
২০২
পুতেক: মা দহ টকা এটা দিয়াচোন, দুখীয়া মানুহ এজনক দিব লাগে।
মাক: ক'ত আছে দুখীয়া মানুহজন?
পুতেক: বাহিৰৰ ৰ'দত আইচক্ৰীম বিক্ৰী কৰি আছে
****
২০৩
বিতু: প্রিণ্টাৰৰ কাৰণে পেপাৰ দিয়কচোন।
দোকানী: A-4?
বিতু: Apple, এতিয়া সোনকালে পেপাৰ দিয়ক।
****
২০৪
নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা প্রার্থীক সাংবাদিকৰ প্ৰশ্ন: আপুনি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ আঁৰৰ কাৰণটো কি?
প্রার্থী: আপুনি দেখা নাই, চাৰিওফালে কি ঘটিছে?
চৰকাৰী মন্ত্ৰী-বিষয়া সকলো আমোদ-প্রমোদত ব্যস্ত, দুর্নীতিয়ে ছানি ধৰিছে দেশ।
সাংবাদিক: তেনেহে'লে আপুনি কি এইবোৰৰ বিৰুদ্ধে যুঁজ কৰিবলৈ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে?
প্রার্থী: পাগল নেকি? মোৰো কি আমোদ-প্রমোদ কৰিবলৈ মন নেযায়!
******
২০৫
ভিক্ষাৰী: ছাৰ, আগতে দহ টকা দিছিল, তাৰ পাছত পাঁচ টকা দিয়া হ'ল, এতিয়া ছাৰ এটকাহে ভিক্ষা দিছে
ভদ্রলোক: আগতে অবিবাহিত আছিলোঁ, পাছত বিয়া পাতিলোঁ, এতিয়া অলপতে কেঁচুৱা এটাও হ'ল। গতিকে...
ভিক্ষাৰীঃ ছিঃ ছিঃ, ছাৰ, আপুনি মোৰ প্ৰাপ্য টকাৰে সংসাৰ চলাইছে।
******
২০৬
আকবৰে বীৰবলক তিনিটা প্রশ্ন সুধিলে কিন্তু উত্তৰ একেটা হ'ব লাগিব।
১। গাখীৰ উতলালে কিয় পৰে?
২। বাল্টি টেপৰ তলত পাতি থ'লে বাল্টিৰ পৰা কিয় পানী পৰি যায়?
৩। ভাজি বনালে কিয় জ্বলি যায়?
বীৰবলৰ উত্তৰঃ জাহাপনা হোৱাছএপ খুলি থোৱাৰ বাবে।
*****
২০৭
ডাক্তৰৰ ঘৰৰ আগেদি পাৰ হৈ যাওঁতেই নগেনৰ মনত পৰিল ... এপাক সোমাই যাব লাগে।
নগেন: ছাৰ এইফালে আহোঁতেই ভাবিলোঁ আপোনাক এবাৰ লগ কৰি যাওঁ।
ডাক্তৰ: কওকচোন কি আছে?
নগেন: দুবছৰৰ আগতে জ্বৰ দেখুৱাবলে আহোঁতে আপুনি মোক গা ধুবলৈ মানা কৰিছিল। ভাবিলোঁ সুধি যাওঁ-মই এতিয়া গা খুব পাৰিম নে?
ডাক্তৰ: কি...?
****
২০৮
কি হ'ল দাদা? মন মাৰি আছে যে?
মৃণালদা: নক'বা আৰু !! বিয়া নপতা হ'লেই ভাল আছিল।
কিয়? কি হ'লনো?
মৃণালদা: মোৰ মানুহজনীৰ পৰা মই আৰু ক'তোৱেই মুখ দেখুৱাব নোৱাৰা হৈছোঁ। সদায় ৰাতি ৰাতি তাই নাইট ক্লাবলৈ যায়।
কি কথা কৈছেহে? নাইট ক্লাবত গৈ তেওঁ কৰে কি?
মৃণালদা: কি কৰিব আৰু!! পিটি পিটি মোক ঘৰলৈ চোঁচৰাই লৈ আনেগৈ।
******
২০৯
এজন ল'ৰাৰ বিয়া পাতিবৰ বাবে দেউতাকে ছোৱালী বিচাৰিলে কিন্তু এজনীও ছোৱালী পচন্দ নহ'ল। ঘটকেও ছোৱালী বিচাৰি চলাথ কৰিলে।
অৱশেষত এজন ঘটক আহি দেউতাকক ক'লে যে বৰুৱাৰ ছোৱালীজনীকে বিয়া পাতক। তাই বৰ শান্ত স্বভাৱৰ ছোৱালী। মাত-কথা বৰ মিঠা।
ল'ৰাৰ দেউতাক: তেন্তে বিয়া কেনচেল কৰা।
ঘটক: কিয়?
ল'ৰাৰ দেউতা: কাৰণ ল'ৰাৰ ডায়েবেটিচ আছে।
*******
২১০
মানুহ এজন পৃথিৱীৰ পৰা গৈ স্বৰ্গৰ দুৱাৰত উপস্থিত হ'লগৈ।
দুৱৰীয়ে সুধিলে-কি লাগে?
মানুহজনৰ উত্তৰ- মই স্বৰ্গত থাকিব বিচাৰিছোঁ।
দুৱৰী - বিয়া বাৰু কৰাইছিলনে?
মানুহজনৰ উত্তৰ-হয়। দহবছৰেই হ'ল।
দুৱৰীয়ে আথেবেথে ক'লে-আহক আহক পৃথিৱীত বহুত দুর্ভোগ ভুগিলে।
******
২১১
এটা পাটিত সুদর্শন যুৱক এজনে যুৱতী এগৰাকীৰ ওচৰলৈ আহি সুধিলে, 'নাচিবা নেকি?'
- নিশ্চয়, যুৱতীয়ে উৎসাহেৰে ক'লে।
- তেতিয়াহ'লে তুমি বহি থকা চকীখনত মই বহিব পাৰোঁ?
*******
২১২
ৰাজকুমাৰে গেছটো জ্বলাই প্ৰেছাৰ কুকাৰটো গেছ বার্নাৰত উঠাই এখন ছেল্ফি তুলিলে আৰু ফে'চবুকত আপল'ড কৰি লিখিলে -
মানুহজনী মাকৰ ঘৰলৈ গৈছে, চাহ বনাবলৈ ওলাইছোঁ, কেইটা হুইচেল মাৰিব লাগিব?
কমেন্ট বক্স-
দীপক: কুকাৰত অলৰেডী এটা হুইচেল আছেই আৰু লগাব নেলাগে।
পাপুঃ আবে বুর্বক, চাহ কুকাৰত বনায় নেকি? কেৰাহীত বনা।
মাণিক: প্রথমে দুই বা তিনি ঘণ্টা চাহপাত পানীত তিয়াই ৰাখ, ২/৩ টা হুইচেল মাৰিলে নমাই থবি...
অমিয় দাঃ বেলকনিলৈ ওলাই সুহুৰি বজা, ওচৰৰ ঘৰৰ বৌৱে আহি চাহ দি যাব।
সুভাষ দাঃ ঐ মূর্খ, তোৰ মানুহজনী মাকৰ ঘৰলৈ গৈছে যদি চাহ কেলৈ খাইছ? বটল খোল, মস্তি কৰ, আমাকো মাত, হুইচেল আমিয়েই বজাই দিম।
******
২১৩
কেইবাদিন ধৰি জ্বৰ হৈ থকাৰ বাবে কেৰকণে ঘৈণীয়েক মাখনীক প্ৰথমবাৰৰ বাবে চহৰৰ ডাক্তৰৰ ওচৰলৈ লৈ গ'ল।
ডাক্তৰে মাখনীৰ মুখৰ ভিতৰত থার্মমিটাৰডাল সুমুৱাই দি ক'লে, "মই নোকোৱালৈকে মুখখন বন্ধ কৰি ৰাখিবা”।
বহুসময় মাখনীয়ে মুখবন্ধ কৰি চুপচাপ বহি থকা দেখি হোজা গাঁৱলীয়া কেৰকণে ডাক্তৰক সুধিলে,
'একেবাৰে কিনি নিলে এইডালৰ দাম কিমান পৰিব ছাৰ?'
*******
২১৪
ছান্টা আৰু বাণ্টাই ভাত খাই আছিল। মাজতে ছান্টাই সুধিলেঃ বান্টা ভাই, বোন্দা কেঁচু খাবলৈ বৰ বেয়া হ'ব নেকি?
বান্টা: খোৱাৰ সময়ত সেইবোৰ বেয়া কথা নুসুধিবা। খোৱাৰ পিছত কিবা সুধিব লগা থাকিলে সুধিবা।
দুয়োৰে ভাত খাই হ'ল।
তাৰ পিছত বাণ্টাই সুধিলে: অ' কোৱাচোন, ভাত খাওঁতে কি সুধিছিলা?
ছান্টা: এতিয়া আৰু সুধি লাভ নাই। তোমাৰ দাইলৰ বাটিটোত বোন্দা কেঁচু এটা পৰি থকা দেখিছিলোঁ। তুমি সেইবোৰ কথা খাওঁতে ক'বলৈ মানা কৰিলা বাবে আৰু একো নক'লোঁ।
******
২১৫
সদায় অহাৰ দৰে সেইদিনাও মদ খাই মাতাল হৈ ছান্টা ঘৰলৈ উভতিল। ছান্টা নিশ্চিত, পত্নী গুলাবুৱে দুৱাৰ সহজে নোখোলে। সেয়ে ফুল অনাৰ ভাও লৈ দুৱাৰত টোকৰ মাৰিলে ছান্টাই...
গুলাবুঃ কোন?
ছান্টা: (যিমান পাৰে কোমল কণ্ঠেৰে) ধুনীয়া মহিলা এগৰাকীৰ কাৰণে মই ফুল লৈ আহিছোঁ।
গুলাবুঃ (দুৱাৰ খুলি সন্মুখত ছান্টাক দেখি খঙেৰে) ফুল কত?
ছান্টা: ধুনীয়া মহিলাগৰাকী ক'ত?
******
২১৬
ছান্টা: যেতিয়া মই মৰি যাম তেতিয়াহে গম পাবা যে মোৰ দৰে মানুহ এটা কেতিয়াও পোৱা নাযায়?
ছাণ্টাৰ পত্নী: তুমি কেনেকৈ ভাবিব পাৰিলা যে তোমাৰ দৰে মানুহ এটা মই আকৌ বিচৰাৰ মুৰ্খামি কৰিম।
******
২১৭
বান্টা: তোমাৰ পত্নী সুন্দৰীনে?
ছাল্টা: হয়। কিন্তু এটা নিৰ্দিষ্ট দূৰত্বৰ পৰাহে।
*******
২১৮
নৱ বিবাহিত দম্পতী এহালে ভগৱানৰ ওচৰত শক্তি আৰু বিবাহিত জীৱনৰ পথ প্ৰদৰ্শনৰ বাবে প্রার্থনা কৰিবলৈ গ'ল।
পত্নী (পতিক উদ্দেশ্যি): তুমি কেৱল শক্তিক বিচাৰি প্ৰাৰ্থনা কৰিলেই হ'ব। বাকীটোৰ কাৰণে মই আছোঁৱেই নহয়।
******
২১৯
বাণ্টা: এগৰাকী মহিলা আৰু এটুকুৰা চুম্বকৰ মাজত পার্থক্য কি?
ছাণ্টা: চুম্বকৰ পজিটিভ ছাইড এটাও থাকে।
*******
২২০
বান্টা:বাদ দিয়া, তুমি সেই কুকুৰটোক কেতিয়াও বশ কৰিব নোৱাৰা।
বাণ্টাৰ পত্নী: অলপ ধৈর্য ধৰিব লাগিব। কাৰণ প্ৰথম অৱস্থাত তোমাৰ লগতো মোৰ বহুত দিগদাৰ হৈছিল।
******
২২১
বান্টাই ছান্টাক প্রচণ্ড জোৰেৰে কথাৰ মাজতে চৰ এটা সোধাই দিলে।
ছান্টা (আচৰিত হৈ) : মই কি ভুল কৰিলোঁ?
বান্টা: মই ইমান সাধু নহয় যে তোৰ ভুলৰ বাবে অপেক্ষা কৰি থাকিম।
*******
২২২
ছান্টা: তই কিমান পঢ়া-লিখা কৰিলি?
বান্টা: বি এ
ছাল্টা: চাল্লা দুটা আখৰেই শিকিলি তাকো ওলোটাকৈ।
*******
২২৩
ছাণ্টাই বহু বছৰ ধৰি ভগৱানৰ ওচৰত সন্তান এটাৰ বাবে কান্দি কান্দি প্রার্থনা কৰি থাকিলত ভগৱান এসময়ত অতিষ্ঠ হৈ পৰিল। অৱশেষত এদিন ভগৱানে ছান্টাক দেখা দি অত্যন্ত খঙত ক'লে: চালা আগতে বিয়াখন পাতি লচোন।
*******
২২৪
বাল্টা:মই তোমাক বহুত পচন্দ কৰোঁ।
যুৱতী: মোৰ ছেণ্ডেলৰ ছাইজটো জানা নহয়?
বাণ্টা: কৰা কি কৰা। বন্ধুত্বই হোৱা নাই ভালকৈ ফৰমাইছ আৰম্ভ হ'লেই।
*******
২২৫
দুগৰাকী মহিলাৰ কথোপকথন এগৰাকী অসমীয়া, আনগৰাকী অনা-অসমীয়া
প্রথম মহিলাঃ খানা খা লিয়া?
দ্বিতীয় মহিলাঃ অ' খালোঁ।
প্রথম মহিলা: আজ ক্যা বনায়া?
দ্বিতীয় মহিলা: আজি মানে পেট ঠিক নেহী থা তো, সেয়ে মাগুৰ মাছ কা জোল ঔৰ ভাত বনায়া।
প্রথন্তু মহিলা: ক্যা? মগৰমছ (ঘৰিয়াল) কাহা মিলা?
দ্বিতীয় মহিলা: কেলেই কিনকে আনা হ্যে। একদম জীবন্ত থা, জপিয়াতা থা।
প্রথম মহিলা: ফিৰ মাৰা কেইছে?
দ্বিতীয় মহিলা: খুব লম্ফজম্ফ কৰতা থা। ইছলিয়ে প্রথমে আফলিয়া আফলিয়া কে মাৰা।
তাৰ পাছত পাথৰ ছে মাছ কা মাথা মে জোৰ ছে কোবায়া। মাছেও ভালদৰে গম পাই গিয়া কে কাৰ হাতত পৰিছে।
প্রথম মহিলা: (আচৰিত হৈ) অসমীয়া লোক কেইছা হ্যে। মগৰমছ (ঘৰিয়াল) ভি খা জাতা হ্যে।
*****
২২৬
ছান্টা: এই নাৰিকল গছজোপাত যদি উঠি যাওঁ তেনেহ'লে ইঞ্জিনিয়াৰং কলেজৰ ছোৱালীকেইজনী দেখি যাম।
বান্টা: একেবাৰে ওপৰত উঠি হাত দুটা এৰি দিবি তেতিয়া মেডিকেল কলেজৰ কেইজনীও দেখিবি।
******
২২৭
বাণ্টাই পানী নথকা শুকান পুখুৰী এটাত নাও চলাবলৈ চেষ্টা কৰি আছিল আৰু ছান্টাই পাৰৰ পৰা নির্দেশনা দি আছিল। একোবত বাণ্টাই কথা নুশুনা দেখি ছাণ্টাৰ ভীষণ খং উঠি গ'ল আৰু চিঞৰি চিঞৰি ক'লে: তহঁতৰ দৰে মানুহৰ কোনো দিন উন্নতি নহয়। জীৱনত নাও চলাবলৈ শিকিব নোৱাৰ। এতিয়া সাঁতুৰিব জনা হ'লে মই দেখুৱাই দিলোঁহেঁতেন আচল নাও চলোৱা কাম কাক কয় আৰু তোক দুই চৰ দি থৈ আহিলোঁহেঁতেন!
*******
২২৮
ছান্টা: আই লাভ ইউ মানে কি?
ছোৱালী: মই তোমাক ভাল পাওঁ।
ছাল্টা: আৰে! ইংৰাজীত এটা প্রশ্ন সুধিবলৈ পালোঁ কি নাপালোঁ তুমি মোৰ প্ৰেমত পৰিলাই।
*******
২২৯
বান্টা প্ৰথমবাৰৰ বাবে প্লে'নত উঠিল। প্লে'নখন তীব্র বেগেৰে ৰাণৱেৰে চলি যাবলৈ ধৰিলে। হঠাতে বান্টা উঠি গৈ পাইলটক এক চৰ মাৰি খঙত ক'বলৈ ধৰিলে: মোৰ লৰালৰি হৈছে আৰু তই 'বাই ৰ'ড' যাব খুজিছ।
*******
২৩০
দোকানৰ মালিকে নতুনকৈ সোমোৱা চেলচমেনজনক সুধিলে- তুমি মোৰ দোকানৰ বস্তুবোৰ ভালদৰে বিক্ৰী কৰিব পাৰিবানে?
চেলনে- কিয় নোৱাৰিম, খুৰা। মোৰ বাবে এইবোৰ সামান্য কাম। আপুনি আদেশ দিলে মই আপোনাৰ দোকান, সা-সম্পত্তি সকলো বিক্ৰী কৰি দিব পাৰিম।
******
২৩১
পুতেক- অহংকাৰ কি বস্তু, দেউতা?
দেউতাক- সেইটো তোমাক এতিয়া কেনেকৈ বুজাম? এই বস্তুটো আগতে মোৰো আছিল। তোমাৰ মাৰা এইখন ঘৰলৈ অহাত অলপ নাইকিয়া হ'ল। যিখিনি বাকী আছিল তোমাৰ জন্মৰ পাছত শেষ হ'ল।
******
২৩২
দুজন মূর্খ মানুহে নাওত উঠি ভৰলু নদীত ফুৰি আছিল। হঠাৎ নাওখনত ফুটা এটা হৈ সেইফালেৰে পানী সোমাল। এজন মূর্খই ক'লে-ভাই, বৰ ডাঙৰ কথা হ'ল। নাওত পানী সোমাইছে। এতিয়া কি কৰোঁ?
আনজন মূর্খ- কি কৰিবি আৰু? নাওখনত আৰু এটা ফুটা কৰি দিওঁ। তেতিয়া এটা ফুটাৰে পানী সোমালে আনটো ফুটাৰে ওলাই যাব। আমাৰো নাও নুডুবে আৰু এনে বুদ্ধি মোৰ মগজতহে আছে বুজিছ?
******
২৩৩
চলিহা-কি হে দত্ত, আপোনাৰ ল'ৰাৰ বিয়া 'ফাইনেল' হোৱাৰ পাছতো আপুনি বিয়াখন ভাঙি দিলে কিয়?
দত্ত- কাৰণ, মই পাছতহে গম পালোঁ যে আমাৰ বিয়নী হেনো আগতে জুডো আৰু কাবাটে চেম্পিয়ন আছিল। লগতে বক্সিঙো খেলিছিল। সেয়ে মোৰ একমাত্ৰ ল'ৰাটোৰ জীৱনলৈ মই বিপদ চপাই আনিবলৈ ইচ্ছা নকৰিলোঁ।
******
২৩৪
বিচাৰক- মই এতিয়া মোকদমাৰ ৰায় দিম। মই কথা কোৱাৰ সময়ত কোনেও যাতে এষাৰো কথা নকয়। কোনোবাই তেনে কৰিলে এতিয়াই আদালতৰ কোঠাৰ পৰা ওলাই যাওক।
অপৰাধী- ছাৰ, মই কিন্তু প্রতিবাদ নকৰাকৈ থাকিব নোৱাৰিম। গতিকে মোক আদালত কক্ষৰ পৰা এতিয়াই বাহিৰ কৰি দিয়ক।
******
২৩৫
এজন বন্ধু- মই যোৱা বছৰ কাজিৰঙালৈ গৈছিলোঁ। তাত এটা বাঘক দেখা পাই মই তাৰ গালৈ পানী এবাল্টি মাৰি পঠিয়ালোঁ। বাঘটোৱে ভয় খাই মূৰটো তললৈ কৰি আঁতৰি গ'ল। ভয়তে মোলৈ ঘূৰি নাচালেই।
আনজন- ময়ো সেইখিনি সময়তে কাজিৰঙাতে আছিলোঁ। সেই বাঘটো মোৰ ওচৰলৈকো আহিছিল। মই তাৰ ডিঙিত হাত দি চালোঁ, সঁচাকৈয়ে তাৰ ডিঙিটো তিতা। মই মৰম কৰা দেখি সি মোৰ ওচৰতে কিছুপৰ শুলে।
*******
২৩৬
অফিচাৰ (ঘৈণীয়েকক): হেৰা, মোৰ ক'লা টুপীটো ক'ত আছে চোৱাচোন। আধা ঘণ্টা বিচাৰিও পোৱা নাই। অফিচলৈ দেৰিয়ে হ'ল।
ঘৈণীয়েক- টুপীটো? সেইটো দেখোন তোমাৰ মূৰৰ ওপৰতে আছে।
অফিচাৰ (মূৰত হাত দি): তুমি দেখিলা বুলিহে, নহ'লে আজি মই টুপী নিপিন্ধাকৈয়ে এই ঠাণ্ডা দিনত অফিচলৈ গ'লোঁহেঁতেন।
*******
২৩৭
হেমন্ত- তোক মই ইমান ৰসাল কৌতুক এটা ক'লোঁ, তই দেখোন অলপো নাহাঁহিলি।
কিৰিপ- বহ, মই এতিয়া খুব ব্যস্ত। ঘৰলৈ গৈ হাঁহিম।
******
২৩৮
মৃদুল- দাদা, এই ছাতিটোৰ দাম কিমান?
দোকানী- নবৈ টকা।
মৃদুল- চল্লিছ টকা হ'বনে?
দোকানী (খঙতে): কি ক'লা? চল্লিছ টকা? তাতকৈ বিনা পইচাই লৈ যোৱা।
মৃদুল- তেনেহ'লে দুটা বান্ধি দিয়ক।
******
২৩৯
এজন মাৰোৱাৰী ব্যৱসায়ীৰ মৃত্যু হ'ল। যমদূতে তেওঁক নি সুধিলে- চোৱা মোৰ সোঁফালে স্বৰ্গ আৰু বাঁওফালে নৰক। তুমি কোন ফালে যাবা?
মাৰোৱাৰী ব্যৱসায়ীজনে উত্তৰ দিলে- মই স্বৰ্গলৈও নাযাওঁ, নৰকলৈও নাযাওঁ। এইখিনিতে দোকান এখন খুলি বহি থাকিম যাতে দুয়ো ফালৰ গ্রাহক মোৰ দোকানলৈ আহে। মোক এইখিনি দয়া কৰক।
******
২৪০
এজন ধনী ব্যৱসায়ী টাইফয়দ বেমাৰত প্রায় দুমাহ আস্পাতালত থকাৰ পাছত আৰোগ্য হৈ ঘৰলৈ যাবলৈ ওলাল। তেওঁৰ কোঠাটোত অজস্ৰ মানুহৰ ভিৰ দেখি তেওঁ আচৰিত। অৱশ্যে ইয়াৰ সৰহ সংখ্যকৰ মুখেই তেওঁৰ চিনাকি। সকলোৱে তেওঁক নমস্কাৰ কৰি পুৰস্কাৰ বিচাৰিলে। ব্যৱসায়ীজনে সকলোকে যথাসাধ্যে পুৰস্কাৰ দি বিদায় দিলে।
একেবাৰে শেষত চাৰিজন ব্যক্তি ৰৈ আছিল। এই চাৰিজনকে তেওঁ আগতে দেখা মনত নপৰে। তেওঁ অলপ আগবাঢ়ি গৈ তেওঁলোকক সুধিলে- তোমালোকেনো মোক এনে কি সহায় কৰিলা, যাৰ বাবে মই তোমালোকক পুৰস্কৃত কৰিব লাগে?
তেওঁলোকৰ মাজৰ এজনে নমস্কাৰ দি ক'লে- ছাৰ, আমি শ্মশানলৈ মৰাশ লৈ গলোঁহেঁতেন। এতিয়া তেনে নহ'ল যেতিয়া, চাহ-তাহ খাবলৈ কিবা এটা দি যাওক। আমি আপোনাৰ খবৰ সদায় লৈ থাকিম।
*******
২৪১
এজন প্রেমিকে তেওঁৰ প্ৰেমিকালৈ এখন চিঠি এনেদৰে লিখিলে-মৰমী, তোমাৰ ওচৰলৈ মই পৃথিৱীৰ সকলো নেওচিও যাব পাৰিম। হিমালয়ৰ দৰে ওখ পৰ্বত পাৰ হৈ যাম, চাহাৰাৰ দৰে শুকান মৰুভূমিও খোজ কাঢ়ি পাৰ হ'ম। পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনো সাঁতুৰি পাৰ হৈ মই তোমাৰ ওচৰ পাব পাৰিম আৰু কিছু ব্যক্তিগত কথা লিখি নিজৰ নামটো লিখি তলত আকৌ লিখিলে- পুনঃ যদি বৰষুণ নিদিয়ে অহা শনিবাৰে গধূলি তোমাক লগ পাবলৈ যাম।
*******
২৪২
অন্যমনস্ক ভাবত থকা অধ্যাপক এজনে এখন সভাৰ পৰা ঘূৰি অহাৰ পাছত ঘৈণীয়েকক ক'লে-হেৰা, তুমি যে মোক অন্যমনস্ক হৈ থকা বুলি কোৱা, আজি দেখোন তুমিহে তেনে হ'লা।
ঘৈণী- মইনো কি কৰিলোঁ?
অধ্যাপক- তুমি ছাতিটো নি এৰি থৈ আহিছিলা। মই নিজৰটোৰ লগতে তোমাৰ ছাতিটোও লৈ আহিছোঁ।
ঘৈণীয়েক (আচৰিত হৈ): কিন্তু... কিন্তু.... আমি সভালৈ যোৱাৰ সময়ত দেখোন এজনেও ছাতি নিয়া নাছিলোঁ।
******
২৪৩
এটা ক্লাবত জুৱা খেলি থকা বুলি সন্দেহ কৰি পুলিচ সোমাল। দেখিলে এখন মেজৰ চাৰিওফালে চাৰিওজন বহি আছে। তেওঁলোকে প্রকৃততে জুৱাই খেলি আছিল। পুলিচ সোমোৱাৰ লগে লগে সকলো সামৰি তেনেদৰে বহি আছিল। পুলিচে সুধিলে তোমালোকে ইয়াত জুৱা খেলি আছা?
প্রথমজন উত্তৰ দিলে- নাই খেলা। মই মেল মাৰিবলৈ বহিছিলোঁহে মাথোন।
দ্বিতীয়জনে ক'লে- ময়ো খেলা নাই। এইমাত্র সোমাইছোঁহি। সোমায়ে ইহঁতক দেখিছোঁ।
তৃতীয়জনে ক'লে- মই বাছৰ কাৰণেহে ক্লাবৰ সমুখত ৰৈ আছিলোঁ। মৰাণলৈ যাম।
ৰৈ ৰৈ আমনি লগাতহে খন্তেক জিৰণি ল'বলৈ সোমালোঁ।
চতুর্থজনে মুখেৰে একো নমতা দেখি পুলিচ এজনে সুধিলে- তুমি একা?
নাইখেলা বুলি ক'লেই। মইনো কাৰ লগত খেলিলোঁ?
*******
২৪৪
তুমি জীৱনত কেতিয়াবা কেইগৰাকীমান মাইকী একেলগে বহি কথা নপতাকৈ থকা দেখিছানে?
-দেখিছোঁ।
-ক'ত দেখিছা? আচৰিত হৈ আনজনে সুধিলে।
-এখন আলোচনা চক্রত।
-তেনেবোৰত কথা কোৱাৰ সুযোগ বেছিহে?
-নহয়। তাত যেতিয়া সভাপতিজনে ক'লে যে এতিয়া সভাৰ কাম প্রায় শেষ হওঁ। জ্যেষ্ঠা নাৰীগৰাকীয়ে এষাৰ কৈ মোখনি মাৰিলে আৰু সভাৰ কাম শেষ। তেতিয়া কোনো এগৰাকী নাৰীৰ মুখত মাত নোলাল। সকলো চুপ হৈ বহুপৰ বহি থাকি ঘৰলৈ ঘূৰিবলৈ সাজু হ'ল।
********
২৪৫
শ্ৰেণীৰ শিক্ষকে ছাত্র এজনৰ 'প্রগতিৰ খতিয়ান' বহীত লিখিলে-আপোনাৰ পুত্র মেধাৱী, তাৰ দোষ মাত্র এটাই যে সি শ্ৰেণীৰ ছোৱালীবোৰৰ লগত বেছিভাগ সময় কটায়। অৱশ্যে, তাৰ এই অভ্যাস আঁতৰাবলৈ মই চেষ্টা কৰি আছোঁ।
খতিয়ানৰ বহীখনত ছাত্ৰজনৰ মাকে তলতে লিখিলে- আপুনি চেষ্টাত সফল হ'লে উপায়টো মোক লগে লগে জনালে বাধিত হ'ম। কাৰণ মই ল'ৰাৰ দেউতাকৰ ক্ষেত্ৰতো তেনে উপায় প্রয়োগ কৰি চাব বিচাৰোঁ।
*******
২৪৬
ৰোগী (ডাক্তৰৰ প্ৰতি): ছাৰ, মই বাচিমনে?
ডাক্তৰ- বাচিবা, নিশ্চয় বাচিবা। ডাক্তৰী শাস্ত্রমতে এই বেমাৰত প্ৰতি দহজনৰ ভিতৰত এজনহে বাচে। আমাৰ আস্পাতালত এই বেমাৰত ভোগা ৰোগী আজিলৈকে নজন ভর্তি হৈছে আৰু এই নজনৰেই মৃত্যু ঘটিছে। তুমি দহ নম্বৰ ৰোগী, তুমি নিশ্চয় বাচিবা, চিন্তা নকৰিবা।
******
২৪৭
এজন ব্যক্তিয়ে এটা মোকদমাত সাক্ষী দিয়া সময়ত প্রতিপক্ষৰ উকীলজনে তেওঁক সুধিলে- তুমি মোৰ মক্কেলক এনেদৰে কোৱা নাছিলানে, যদি তেওঁ তোমাক সৰহকৈ পইচা দিয়ে, তেনেহ'লে তুমি তেওঁৰ হৈ সাক্ষী দিবা?
সাক্ষী- হয়, মই কৈছিলোঁ। তাতনো কি হ'ল। আপোনাকো তেওঁ সৰহ পইচা দিছে কাৰণেহে আপুনি তেওঁৰ হৈ ইমানকৈ বলকি আছে।
*******
২৪৮
এজন ভাৰতীয় আইচলেণ্ডলৈ ফুৰিবলৈ গৈছিল। তেওঁ প্রথম দিনা হোটেলৰ পৰা ওলাই খোজ কাঢ়ি যাওঁতে কুকুৰ এটাই তেওঁৰ পিছলৈ ভুকি যাবলৈ ধৰিলে। ওচৰতে পৰি থকা শিলগুটি এটা বুটলিবলৈ বহু চেষ্টা কৰিও নোৱাৰিলে, কাৰণ শিলটো বৰফত পোত গৈ আছে।
ভাৰতীয়জনে নিজকে ক'লে- এইখন আকৌ কেনে দেশ। ইয়াত শিলগুটি-বোৰক বান্ধি থয় আৰু কুকুৰবোৰক মেলি দিয়ে।
********
২৪৯
নতুনকৈ পতা সত্ৰ এখনৰ ডেকা সত্ৰাধিকাৰজনে ওচৰৰ চহৰ এখনলৈ ফুৰিবলৈ গ'ল। চহৰখনৰ প্ৰধান নামঘৰটোত সত্ৰাধিকাৰজনে ধৰ্ম উপদেশ দিবৰ বাবে ৰাইজক নিমন্ত্রণ জনালে। যথাসময়ত ৰাইজেৰে নামঘৰৰ চৌহদ উপচি পৰিল।
এইসকলৰ ভিতৰত তিনিজন অতি কৃপণ মানুহো আছিল। ভাষণৰ অন্তত ৰাইজলৈ গোহাৰি জনাই ক'লে যে শক্তি অনুসাৰে ৰাইজে যেন সত্ৰখনৰ উন্নতিৰ বাবে কিছু দান আগবঢ়ায়। এই উদ্দেশ্যে দুজন ভকতে ডাঙৰ শৰাই এখন দাঙি সকলোৰে আগত ঘূৰাই লৈ ফুৰিবলৈ ধৰিলে আৰু উপস্থিত ৰাইজে মুক্তহস্তে দান-বৰঙণি শৰাইখনত দিলে।
শৰাইখন কৃপণ তিনিজনৰ আগত দাঙি ধৰাত এজন কৃপণে মূর্ছা যোৱাৰ ভাও ধৰি মাটিত বাগৰি পৰিল আৰু বাকী দুজনে তেওঁক দাং-কোলাকৈ ৰাইজৰ মাজৰ পৰা বাহিৰলৈ উলিয়াই আনিলে। তাৰ পৰা তেওঁলোক তিনিজনে দিহাদিহি ঘৰলৈ গুচি গ'ল।
********
২৫০
সভাঘৰ লোকাৰণ্য। অনুষ্ঠান এটাৰ বাৰ্ষিক সমাৰোহৰ বাবে সদস্যসকলৰ গাত তত নাই। এনেতে অনুষ্ঠানটোৰ সভাপতিজনে মঞ্চত উঠি সদস্যসকলৰ শলাগ লৈ ক'লে-বহুতো অনুষ্ঠানত আমি দেখোঁ যে সদস্যসমূহৰ আধাসংখ্যকেহে অনুষ্ঠানটোৰ হৈ যাবতীয় কাম-কাজবোৰ সম্পন্ন কৰে আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ অনুষ্ঠানৰ ক্ষেত্ৰত ই সম্পূর্ণ ওলোটা। বুজিলেনে?
******
২৫১
এবাৰ বিবাহিত ব্যক্তিসকলৰ এখন সভা বহিল। তাত সমীক্ষক এজনে ভাষণৰ মাজতে ক'লে- মই আমাৰ ৰাজ্যত মানুহৰ দাম্পত্য জীৱনৰ ধৰণ-কৰণ সম্পর্কে এটি সমীক্ষা চলাই আছোঁ। আপোনালোকলৈ মোৰ বিনম্র অনুৰোধ যে যিসকল স্বামী পত্নীৰ দ্বাৰা পীড়িত, তেখেতসকলে যেন খন্তেক থিয় হয়।
এজন ব্যক্তিৰ বাহিৰে বাকী সকলো থিয় হ'ল। থিয় নোহোৱা ব্যক্তিজনৰ ওচৰলৈ সমীক্ষকজন আহি ক'লে- আপোনাৰ পৰা মই দাম্পত্য জীৱনত মানুহ সুখী হোৱাৰ নানা কথা জানিব পাৰিম। অনুগ্রহ কৰি ক'বনে যে আপুনি কি উপায় অৱলম্বন কৰি পত্নীৰ দ্বাৰা পীড়িত নোহোৱাকৈ আছে?
মানুহজনে ক'লে- ময়ো একে পথৰে পথিক। মই থিয় হ'ব নোৱাৰোঁ, ভৰিৰ গাঁঠিত বিষ। আজি পুৱাৰ কাজিয়াত ঘৈণীয়ে খঙতে বেলনাখনকে মোৰ গালৈ দলিয়াই দিয়াত সেইখন মোৰ ভৰিৰ সৰু গাঁঠিত লাগিল। আহোঁতে সিমান বিষোৱা নাছিল, এতিয়া দেখিছোঁ গাঁঠিটো ফুলি উঠিব নোৱাৰা হৈছোঁ।
*******
২৫২
ডাক্তৰক উদ্দেশ্যি ছান্টা: আপুনি কৈছিল ৰাতিপুৱাই খেলা-ধূলা কৰিলে স্বাস্থ্যৰ উন্নতি হয়। কিন্তু ক'তা ইমানদিন খেলাৰ পাছতো মোৰতো স্বাস্থ্যৰ অকণো উন্নতি হোৱা নাই।
ডাক্তৰঃ কি খেল খেলা?
ছাল্টা: মোবাইলত যিকোনো গে'ম।
*******
২৫৩
শিক্ষকে ছাত্রসকলক এখন ক্রিকেট মেচৰ বিষয়ে ৰচনা লিখিবলৈ দিলে। সকলোৱে লিখাত লাগিল। বাণ্টাৰ পুতেকে মাত্র এটা বাক্য লিখি ৰচনা সামৰিলে। সি লিখিলে: 'বৰষুণৰ বাবে আজিৰ মেচ পৰিত্যক্ত ঘোষণা কৰা হ'ল।'
*******
২৫৪
ছান্টাৰ ছাতিটোত ফুটা।
বান্টাই সুধিলে: ছাতিটোত ফুটা কৰি লৈছ কিয়?
ছান্টা: মূর্খ, বৰষুণ বন্ধ হ'লে গম পাবি কেনেকৈ?
******
২৫৫
ছান্টাই টিউব লাইট এটাৰ তলত মুখখন বহলকৈ মেলি ৰৈ আছে। কিয় জানেনে? কাৰণ ডাক্তৰে তাক পৰামৰ্শ দিছিল, 'Today's dinner should be light.'
*******
২৫৬
ছান্টা গছ এজোপাৰ ওপৰলৈ উঠি যোৱা দেখি ইতিমধ্যেই ওপৰত বহি থকা বান্দৰ এটাই সুধিলে - ওপৰলৈ কিয় আহিছ?
ছান্টা: আপেল খাবলৈ।
বান্দৰ: এইজোপা আম গছহে।
ছান্টা: জানো। সেই কাৰণে আপেল এটা লগত লৈ আহিছোঁ।
******
২৫৭
বান্টাই এটা নম্বৰত ফোন লগালে। ছোৱালী এজনীয়ে ফোনটো ধৰিলে।
বান্টা: কোনে কৈছে?
ছোৱালী : মই সীতাই কৈছোঁ।
বান্টা: আচৰিত! মই চণ্ডীগড়লৈহে লগাইছিলোঁ এয়াতো অযোধ্যাত লাগিল
*******
২৫৮
ডাক্তৰ (ডায়েবেটিছ ৰোগীৰ প্ৰতি): আপোনাৰ ছুগাৰ যথেষ্ট বেছি, গতিকে আপুনি ৰাতি দুখনকৈ ৰুটি খাব। ডায়েবেটিছ ৰোগী: ভাত খোৱাৰ আগত নে পাছত?
******
২৫৯
ছান্টা: ভাই বান্টা, মই এটা কথা বুজি নাপাওঁ গান্ধীজীয়ে প্রতিখন ন'টতে হাঁহি থাকে কিয়?
বান্টা: ছিম্পল। কান্দি থাকিলে ন'টখন জানো তিতি নাযাব।
********
২৬০
এবাৰ বাণ্টাই দোকান এখনৰ পৰা এটা কম্পিউটাৰ কিনিলে। পিছদিনা ৰাতিপুৱাই এখন ভাল পর্দা বিচাৰি বাণ্টা গৈ দোকানত উপস্থিত হ'লগৈ।
দোকানী (আচৰিত হৈ): আৰে এইখন কম্পিউটাৰৰ দোকানহে। ইয়াত পর্দা বা পৰ্দাৰ কাপোৰ পোৱা নাযায়।
বান্টা (খঙেৰে): তেতিয়াহ'লে কালি মই কিনা কম্পিউটাৰটোত উইনড'জ লগাই দিছিলি কিয়?
*******
২৬১
এদিন বাঘ এটাই বাঘিনীজনীৰ লগত গছ এজোপাৰ তলত জিৰণি লৈ আছিল।
তেনেতে হৰিণা পোৱালি এটা বিজুলী বেগেৰে সিহঁতৰ মাজেৰে দৌৰি পলাল।
বাঘিনী: হেৰি এইটো কি গ'ল ছাটকে?
বাঘ: (এটা চকু মেলি গহীনাই) 'ফাষ্ট ফুড'।
*******
২৬২
ডাক্তৰ : আপোনাৰ ২ ঘণ্টাৰ ভিতৰত কিবা হৈ যাব। গতিকে শেষ ইচ্ছা যদি আছে কওক। শেষ নিঃশ্বাস ত্যাগ কৰাৰ আগতে আপুনি কাৰোবাক চাব বিচাৰে নেকি?
বান্টা: হয় বিচাৰোঁ, এজন ভাল ডাক্তৰক।
******
২৬৩
গাফু: হেৰা, কলিতাৰ ঘৰত ইমান হাল্লা হৈছে যে, কিয়?
গাফুনী: অ' বার্থ ডে' আছে তাত।
গাফু: বার্থ ডে'? কাৰ হে?
গাফুনী : টু ইউৰ অ'।
গাফু: কোন টু ইউ?
গাফুনী: নাজানো দিয়ক। সবেই গান গাই আছে
চোন- “হেপ্পি বার্থ ডে' টু ইউ”, বুলি।
******
২৬৪
শিক্ষক: গান্ধী জয়ন্তীৰ বিষয়ে এটা চমুটোকা লিখা।
বান্টা: গান্ধী এজন মহান ব্যক্তি আছিল কিন্তু জয়ন্তী কোন আছিল মই নাজানো।
******
২৬৫
সাক্ষাৎকাৰক: আপোনাৰ জন্ম-তাৰিখ?
বাণ্টা: ১৩ ছেপ্টেম্বৰ
সাক্ষাৎকাৰক: কোন বর্ষ।
বান্টা: মূর্খ ... প্রতি বছৰে।
*******
২৬৬
শিক্ষক: যীশু খ্রীষ্ট, গান্ধী আৰু বুদ্ধৰ মাজত কি সাদৃশ্য আছে?
ছাল্টা: এই আটাইকেইজন চৰকাৰী বন্ধৰ দিনত জন্ম হৈছিল।
********
২৬৭
ছান্টা : সেই ছোৱালীজনী কলা যেন পাইছোঁ।
বান্টা: কেনেকৈ জানিলি?
ছান্টা: মই তাইক 'আই লাভ ইউ বুলি ক'লোঁ আৰু তাই ক'লে তাইৰ ছেণ্ডেলযোৰ বোলে নতুন।
********
২৬৮
ছান্টা: মোৰ মোবাইলৰ বিল কিমান হ'ল?
কল চেণ্টাৰৰ যুৱতী: ছাৰ, অনুগ্ৰহ কৰি ১২৩ ডায়েল কৰক, কাৰেণ্ট বিল স্টেটাছ জানিবৰ বাবে...
ছান্টা: ঐ মূর্খ ছোৱালী, মই কাৰেণ্টৰ বিল বিচৰা নাই, মোবাইলৰ বিল কিমান হ'ল ক?
*******
২৬৯
পাপুঃ দেউতা মই স্কুলত নাটক কৰিবলৈ ছিলেক্ট হ'লোঁ।
দেউতাক: তইনো কি ভাৱত অভিনয় কৰিবি?
পাপু: স্বামীৰ ভাৱত।
দেউতাক: বুর্বক! ডাইলগ থকা ৰ'ল এটা ল'ব নোৱাৰিলি।
******
২৭০
চাকৰিৰ বাবে সাক্ষাৎকাৰীক সোধা হ'ল: ১০০ টাতকৈ বেছি লেটাৰ থকা ৱৰ্ড এটা উচ্চাৰণ কৰিব পাৰিবানে?
ছান্টা: (বহু ভাবি) প'ষ্ট বক্স।
*******
২৭১
দেউতাকলৈ আৰবৰ এজন পুত্ৰৰ চিঠি...
ডেড,
ছীডনীখন সচাকৈয়ে বৰ ধুনীয়া। মানুহবোৰো ভাল, ময়ো থাকি বৰ ভাল পাইছোঁ। কিন্তু মই এটা কথাত বৰ অশ্বস্তি পাইছোঁ। মই কলেজলৈ যাওঁ সোণখটোৱা ফেৰাৰী খন লৈ। কিন্তু মোৰ শিক্ষক আৰু বেছিভাগ বন্ধুৱেই আহে ট্রেইনেৰে।
মৰমেৰে, আপোনাৰ ল'ৰা নাছিৰ
পিছদিনাই নাছিৰে ই-মেইলত দেউতাকৰ উত্তৰ পালে-
মোৰ মৰমৰ,
নাছিৰ, বিশ মিলিয়ন আমেৰিকান ডলাৰ এইমাত্ৰ তোমাৰ একাউণ্টত ট্রেন্সফাৰ কৰিছোঁ। মোক আৰু লাজত নেপেলাবা। তুমি এতিয়াই গৈ তোমাৰ কাৰণেও ট্রেইন এখন কিনি পেলোৱা।
মৰমেৰে, তোমাৰ দেউতা আল হাবিব
*******
২৭২
ৰমেশঃ মোৰ পত্নীয়ে বিয়াৰ পিছৰ পৰাই 'ৱাশ্বিং মেচিন' এটাৰ বাবে খাটনি ধৰি আছে।
ভবেশ (হুমুনিয়াহ কাঢ়ি): মোৰ পত্নীয়ে আকৌ 'ৱাশ্বিং মেচিন' এটাৰ সৈতে বিয়া হোৱা বুলি ধৰি লৈছে।
*******
২৭৩
এজন মানুহে পত্নীক আগতে নজনোৱাকৈ তেওঁৰ এজন মৰমৰ বন্ধুক নিশাৰ ভাত খাবলৈ বুলি ঘৰলৈ নিমন্ত্ৰণ কৰি লৈ আহিল।
পত্নী স্বাভাৱিকতে অসন্তুষ্ট হ'ল আৰু স্বামীক একাষৰীয়াকৈ মাতি নি ক'লে, 'মোৰ হেয়াৰ ষ্টাইল আৰু মেকআপ এতিয়ালৈকে হোৱাই নাই। ঘৰখন ৰাতিপুৱাৰ পৰা চিজিল কৰা হোৱাই নাই। বাচন-বর্তন ধুবলৈকে আছে। মই কাপোৰো সলোৱা নাই আৰু সকলোতকৈ ডাঙৰ কথা মোৰ ভাত ৰান্ধিবলৈ মন যোৱা নাই। কিহৰ বাবে তুমি তেওঁক তেনেকৈ ভাত খাবলৈ মাতিছা?'
স্বামীয়ে উত্তৰ দিলে- 'কাৰণ সি বিয়া কৰোৱাৰ কথা ভাবিছে।'
********
২৭৪
এটা ৰাজনৈতিক দলৰ মুখ্য কার্যালয়ত জুই লাগিল। দলৰ বিধায়কজনে অগ্নিনির্বাপক বাহিনীলৈ ফোন কৰি উষ্মাৰে ক'লে- আমাৰ দলৰ কার্যালয়ত জুই লাগিছে অথচ আপোনালোকৰ মানুহ আহি পোৱা নাই। চবৰে চাকৰি খাই দিম। অগ্নিনির্বাপক বাহিনীৰ মানুহ লৰালৰিকৈ আহিবলৈ লওঁতেই আকৌ ফোনটো বাজি উঠিল। একেজন বিধায়কেই এইবাৰ অত্যন্ত কোমল সুৰত ক'লে- এইমাত্ৰ দলৰ পৰা পদত্যাগ কৰিছো। আপোনালোক অলপ লাহে লাহে আহিলেও হ'ব।
********
২৭৫
বান্টাই এটা চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ গ'ল।
সাক্ষাৎগ্রহণকাৰী: বাৰু কোৱাচোন তুমি আগৰ চাকৰিটো কিয় এৰিলা?
বান্টা: কাৰণ কোম্পানীৰ অফিচটো ক'ৰবালৈ ছিফ্ট হৈ গ'ল, কিন্তু মই গম নাপালোঁ ক'লৈ ছিফ্ট হ'ল।
*******
২৭৬
ৰমেন- অহা জনমত তই কি হ'বলৈ বিচাৰ?
বিমান- মকৰা, কাৰণ আমাৰ এওঁ অকল মকৰালৈহে ভয় কৰে।
*******
২৭৭
কলিতাই সদায় আবেলি কুকুৰটো ফুৰাবলৈ নিয়ে। 'এদিন কাষৰ পাৰ্কখনলৈ কুকুৰটোক ফুৰাবলৈ লৈ যাওঁতে হঠাতে মই উজুতি খাই পৰি মুর্ছা গ'লোঁ। সি দৌৰি দৌৰি চিকিৎসক এজন মাতি আনিলে।'-কলিতাই ডেকাৰ আগত কৈ আছিল।
ডেকাই ক'লে- বৰ জ্ঞানী কুকুৰ দেখোন।
কলিতা: ময়ো প্রথমতে তাকে ভাবিছিলো, পাছত গম পালোঁ যে সি পশু চিকিৎসক এজনকহে লৈ আহিছিল।
*******
২৭৮
চিনেমা হলৰ সম্মুখত ছান্টাক এটা ভিক্ষাৰীয়ে পালে।
ভিক্ষাৰী: ভগৱানৰ নামত কিবা এটা দিয়ক। দুদিনৰ পৰা একো খোৱা নাই।
ছান্টাই পকেট খুঁচৰি এশ টকীয়াৰ নোট এখন উলিয়াই ভিক্ষাৰীলৈ আগবঢ়াই সুধিলে। তোমাৰ ওচৰত ৫০ টকীয়া নোট এখন হ'ব নেকি?
পঞ্চাছ টকা ভিক্ষা পোৱাৰ আশাত ভিক্ষাৰীয়ে তপৰাই ক'লে, 'আছে'।
'ঠিক আছে তেনেহ'লে আজি সেই পঞ্চাশ টকাৰে খাই লোৱাচোন।'- কথাষাৰ কৈ ছান্টাই হাতত লৈ থকা এশ টকীয়াৰ নোটখন লাহেকৈ পুনৰ পকেটত ভৰাই থ'লে।
*******
২৭৯
ছান্টাই তাৰ দুমহলীয়া ঘৰটো ৰং কৰিলে আৰু তলৰ মহলটোত ডাঙৰকৈ লিখি দিলে, 'Same as above.
********
২৮০
ছান্টা: আজিকালি পত্নীয়ে ম'বাইলত মোৰ ফটো তুলিলেই মোৰ বৰ ভয় লাগে।
বান্টাঃ কিয়?
ছাল্টা: দেখা নাই, ম'বাইলেৰে আজিকালি কুইকাৰ আৰু অ'এল এক্সত যেনেকৈহে পুৰণা বস্তু বিক্ৰী কৰে।
******
২৮১
বিয়া ঘৰত ছান্টাই বহুত দেৰি খাই থকা দেখি এজনে সুধিলে: কিমান দেৰি খাম বুলি ভাবিছ?
বান্টা: মই নিজেও তাকে বুজি পোৱা নাই। নিমন্ত্ৰণী চিঠিখনত ডিনাৰ টাইম ৭ বজাৰ পৰা ১১ বজা বুলি লিখা আছিল।
*******
২৮২
এটা চুটি প্ৰেমৰ গল্প...
এটা ল'ৰাই এজনী ছোৱালীক বৰ ভাল পাইছিল। কিন্তু ভয়তে সি সেই কথা ক'ব পৰা নাছিল। এদিন সি সিদ্ধান্ত ল'লে যে মেছেজ কৰিয়েই সি তাৰ মনৰ কথা তাইক জনাব। সেই মতে এদিন ৰাতি সি তাইলৈ 'আই লাভ ইউ' বুলি মেছেজ এটা কৰিলে। ক্ষন্তেক সময়ৰ পাছতে ল'ৰাটোৰ ম'বাইলত মেছেজ অহাৰ সংকেত আহিল। আনন্দ আৰু উত্তেজনাত সি ক'ব নোৱৰা হ'ল। তথাপি সি সিদ্ধান্ত ল'লে পাছদিনা পুৱা গোসাঁই ঘৰত সোমাইহে মেছেজটো পঢ়িব। ভাল ল'ৰাৰ ভাল কথা।
গোটেই ৰাতিটো ল'ৰাটোৱে শোৱাৰ নামত বিছনাখনতে পৰি ছোৱালীজনীৰে কথা ভাবি থাকিল। পিছদিনা পুৱা গা-পা ধুই গোসাঁই ঘৰত সোমাই ল'ৰাটোৱে ম'বাইল খুলিলে।
মেছেজ ওলাল...
your A/c Balance is insufficient. Main Bal is Rs.0.08. Msg can not be sent.
******
২৮৩
মেগী বিতৰ্ক আৰম্ভ হোৱাৰ পাছতেই বহু যুৱতীয়ে বোলে বিয়া-বাৰু সংক্রান্তত তেওঁলোকৰ হবি ৰন্ধা-বঢ়াৰ পৰা লৰালৰিকৈ আন বিষয়লৈ সলনি কৰিছে।
********
২৮৪
কাজিয়াৰ পাছত সন্ধিৰ মুহূৰ্তত স্বামী-স্ত্রী...
পত্নী: মেজিকেল ৱৰ্ডকেইটা কোৱা...
স্বামী: (আৱেগেৰে সৈতে) আই লাভ ইউ।
পত্নী: ওহোঁ।
স্বামীঃ (আগতকৈও আৱেগেৰে) আই মিছ ইউ জান।
পত্নী: (বিৰক্তিৰে) ওহোঁ।
স্বামী: মোৰ ভুল হৈছিল।
পত্নী: (আনন্দেৰে) থেংক ইউ, মাই ডিয়েৰ।
********
২৮৫
শিক্ষক: Table par chai kisne girayee? মাতৃভাষালৈ অনুবাদ কৰ।
ছাত্র: মাতৃভাষা মানে কি ছাৰ?
শিক্ষক: মাতৃভাষা মানে নাজান? মাৰৰ ভাষা, মাৰৰ।
ছাত্রঃ অ' তেনে পাৰিম ছাৰ।
শুনক: ইয়ে ৰাম ৰাম, খালে খালে ইহঁতি ঐ তেজপিয়া, জহনিযোৱাহঁত কোনটোৱে টেবুলত চাহ পেলালি হয়নে? কালি ধুই আজি সেইখন পাৰিছিলোঁহে। পাবি মজা ৰহ, আজি সেইখন তই ধুবি, নহ'লে বাপেৰে। কোনোবাদিনা মাৰক কাপোৰ এটা ধুই দি পাইছনে? বাপেৰৰ নিকিনা গোলাম পাইছ?
******
২৮৬
ঘৰত যেতিয়া নিজৰ বিয়াৰ কথা ওলায়, এনে লাগে যেন নিৰ্বাচনত পাৰ্টিৰ টিকট পাই গ'লোঁ।
যেতিয়া ঘৰৰ মানুহে ছোৱালী চাবলৈ যায়, এনেকুৱা লাগে যেন ধুমধামেৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভহৈছে।
বিয়া ঠিক হোৱাৰ পিছত এনেকুৱা লাগে যেন MLA বনি গ'লোঁ।।
বিয়াৰ সেই ৩/৪ দিন এনেকুৱা লাগে যেন মুখ্যমন্ত্রী বনি গ'লোঁ।
আৰু...
বিয়া পতাৰ এবছৰ পিছত
এনেকুৱা লাগে যেন কিবা কেলেংকাৰি কৰি ফচি গ'লোঁ।
*******
২৮৭
পত্নী: তোমাৰ মনত আছেনে আমাৰ বিয়াৰ দিনা আৰু খোবাখুবনিৰ দিনা মই কি কি ৰঙৰ কাপোৰ পিন্ধিছিলোঁ?
স্বামী: ৰে'ল লাইনত পৰি থাকি ছুইচাইড কৰিব খোজা কোনোবাই চাই নেকি শতাব্দী আহিছেনে ৰাজধানী আহিছে।
********
২৮৮
ডাক্তৰ (ডায়েবেটিছ ৰোগীৰ প্রতি): আপোনাৰ ছুগাৰ যথে
ষ্ট বেছি, গতিকে আপুনি ৰাতি দুখনকৈ ৰুটি খাব।
ডায়েবেটিছ ৰোগী: ভাত খোৱাৰ আগত নে পাছত?
********
২৮৯
দোকানী: কি লাগিব?
গ্রাহক: মোক সাহস হোৱা, শক্তি হোৱা আৰু জ্ঞান হোৱা প্রডাক্ট যদি আছে দিয়ক।
দোকানী (ছেলচমেনক উদ্দেশ্যি): চাহাবক এটা কোৱাৰ্টাৰ, এবটল ছ'ডা আৰু ভুজিয়াৰ পাঁচ টকীয়া পেকেট এটা দিয়া...
*******
২৯০
এগৰাকী কথাছবিৰ নায়িকাই এজন কথাছবিৰ ডাইৰেক্টৰৰ লগত বিয়া হ'ল। বিয়াৰ চাৰি বছৰৰ পাছতো কোনো সন্তানৰ মুখ নেদেখাত নায়িকাগৰাকীয়ে নিজে নিজকে ক'লে-ছেঃ ডাইৰেক্টৰৰ লগত বিয়া হৈ মই ভুলেই কৰিলোঁ। কোনোবা প্রডিউচাৰৰ লগত বিয়া হোৱা হ'লে আজিলৈকে..........
*******
২৯১
এগৰাকী গৃহিণীয়ে ওচৰৰ আন এগৰাকীক ক'লে-কেইবামাহো ধৰি মই জনাই নাছিলোঁ যে মোৰ স্বামীয়ে গধূলি সময়খিনি ক'ত অতিবাহিত কৰে?
আনগৰাকী-ক'লেই, আপুনি ঘৰত নাথাকে নেকি?
প্রথমগৰাকী- নাথাকোঁ নহয়। মই ক্লাবৰ পৰা আহোঁতে সদায় ৰাতি দহ এঘাৰটা বাজে। কালি আমাৰ এজন সদস্যৰ মৃত্যু হোৱাত ক্লাব নোহোৱাত মই আঠবজাৰ আগতে ঘৰ সোমালোঁহি। তেতিয়া দেখিলোঁ তেওঁ বুৰ্বক মানুহৰ দৰে ঘৰত সোমাই আছে।
*******
২৯২
বহুদিনৰ মূৰত দুই বন্ধুৰ দেখাদেখি হ'ল। এজনে আনজনক সুধিলে- তোমাৰ মানুহজনী কেনে আছে? আগৰ দৰে ধুনীয়া হৈ আছেনে?
দ্বিতীয়জনে উত্তৰ দিলে- হয়, একে ধৰণেই আছে। মাত্ৰ এতিয়া আগৰ দৰে ধুনীয়া হ'বলৈ সময় প্রায় এঘণ্টামানেই লাগে। আগতে আধা ঘণ্টা লাগিছিল।
******
২৯৩
হৰিচৰণ- বাৰু সুবল, তই কচোন মোৰ আৰু গাভাস্কাৰৰ মাজত কি মিল আছে?
সুবল- তই কি মিলৰ কথা সুধিছ? তই দেখোন ক্রিকেট খেলিবই নাজান।
হৰিচৰণ- তাৰ বাহিৰেওতো আন কিবা মিল থাকিব পাৰে।
সুবল- নাজানো, তয়ে কচোন।
হৰিচৰণ- তেওঁ আজিলৈকে এবাৰো মোৰ ঘৰলৈ অহা নাই আৰু ময়ো তেওঁৰ ঘৰলৈ এবাৰো যোৱা নাই। কিমান মিল দেখিছ?
******
২৯৪
স্বামী- তোমাৰ যদি কিবা হয়, মই যে কি কৰিম? পাগল হৈ যাম।
পত্নী- আকৌ এজনী চপাই নোলোৱাতো?
স্বামী- পাগল যেতিয়া হ'মেই, পাগলে যি মন তাকে কৰিব পাৰে।
*****
২৯৫
দুৱৰাই বজাৰৰ পৰা মজলীয়া আকাৰৰ লাউ এটা আনি ঘৈণীয়েকৰ হাতত দিয়াত ঘৈণীয়েকে ক'লে- ইমান ডাঙৰ লাউটো কেলেই আনিলে? আমি তিনিটা প্ৰাণীৰ কাৰণে ইয়াৰ আধাও বেছি হয়। এবাৰ কাটিলে নষ্ট হৈ যাব।
দুৱৰা- সেইটো নানি উপায় নাই। বেপাৰীজনে একে দামতে সৰু-ডাঙৰ সকলোবোৰ লাউ বেচি আছিল। মই বহুত বাছি বাছি একেবাৰে সৰুটোহে আনিলোঁ।
দুৱৰাণী- সঁচানে? তেনেহ'লে তুমি ভুল কৰিলা। মই হোৱাহেঁতেন একেবাৰে ডাঙৰ লাউটোহে আনিলোঁহেঁতেন। পৰাখিনি খালোঁহেঁতেন আৰু নোৱাৰিখিনি পেলাই দিলোঁহেঁতেন, দাম যেতিয়া একেটাই।
******
২৯৬
দুজন বন্ধুৱে কথা পাতিছে। এজনে ক'লে- এদিন মই নামবৰ হাবিলৈ যাওঁতে এজন ডকাইতে মোক আগচি ধৰি হাত ঘড়ীটো আৰু জেপত থকা টকাখিনি কাঢ়ি নিলে।
আনজন বন্ধু- কিন্তু তুমি দেখোন সদায় পিষ্টল এটা লগত লৈ ফুৰা?
- সদায় লৈ ফুৰোঁ ঠিকেই। সিদিনাখনো লগতে আছিল।
তেন্তে......?
- ভাগ্য ভাল, সেইটোৰ ওপৰত তাৰ চকু নপৰিল। নহ'লে সেইটোও নিলেহেঁতেন।
******
২৯৭
এবাৰ একেটা ঘৰৰে দুগৰাকী বোৱাৰীয়ে চিনেমা চাবলৈ যোৱাৰ মতলব কৰিলে। কিন্তু পিছ মুহূর্ততে সেই সিদ্ধান্ত সলনি কৰি থিৰাং কৰিলে যে- চিনেমা চোৱা আৰু অহা যোৱা ৰিক্সাভাৰাত যিখিনি পইচা খৰচ হ'ব, সেইখিনি শহুৰ-শাহুক দিলে ভালো পাব আৰু টকাকেইটাৰো সদ্ব্যৱহাৰ হ'ব। পিছদিনা দুয়ো টকা পঞ্চাছটা শাহুয়েকৰ হাতত দি ক'লে-এইখিনিৰে আপোনাৰ যি মন যায়, কিনি ল'ব। সেইদিনাই গধূলি দুয়ো শাহু-শহুৰে ৰিক্সা এখনত উঠি চিনেমা হলত সোমালগৈ।
******
২৯৮
প্রথম বন্ধু- ভাই, মোৰ কি হৈছে জানো? আজিকালি দেখোন মাইকী মানুহ দেখিলেই মোৰ ভয় লাগে। এনে কিয় হৈছে?.
দ্বিতীয় বন্ধু- দোস্ত, এই বেমাৰৰ এটাই মাত্ৰ দৰৱ আছে, তুমি সোনকালে বিয়াখন পাতি লোৱা। তেতিয়া মাত্ৰ এগৰাকীকহে ভয় কৰিব লাগিব। বাকীবোৰৰ লগত সহজ হৈ পৰিবা।
******
২৯৯
এগৰাকী মহিলাই নিজ পতিৰ অত্যাচাৰৰ কথা বৰ্ণাই বিচাৰকৰ ওচৰত বিবাহ-বিচ্ছেদৰ আৱেদন জনালে। উপস্থিত উকীল এজনে মহিলাগৰাকীৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰি মন্তব্য দিলে- এনে অত্যাচাৰী, অসুৰ মানুহতকৈ পশুয়েই ভাল। আপুনি উচিত সিদ্ধান্তই লৈছে।
উকীলজনৰ মন্তব্য শুনি মহিলাগৰাকীয়ে খঙৰ সুৰত ক'লে- চাওক উকীল চাহাব, মই ইয়াত বিবাহ-বিচ্ছেদৰ বাবে আৱেদন জনাবলৈহে আহিছোঁ, স্বামীৰ বদনাম শুনিবলৈ নহয়।
*******
৩০০
এজন কৃপণ ব্যৱসায়ীৰ জোঁৱায়েকে বিদেশত চাকৰি কৰে। তেওঁ শহুৰেকৰ কাৰণে আমাৰ টকাৰ হিচাবত এহেজাৰ টকাত কোট কিনি বিহুৰ উপহাৰ স্বৰূপে শহুৰেকলৈ পঠালে। পঠোৱাৰ পাছত জোঁৱায়েকে ভাবিলে যে ইমান বেছি দামত কোটটো কিনা শুনিলে শহুৰেকে মনে মনে তেওঁক অতিপাত খৰচী বুলি ভাবিব। সেয়ে তেওঁ পিছদিনাই চিঠি এখন লিখি জনালে যে কোটটো তেওঁ মাত্র দুশ টকাত কিনিছে।
এমাহমানৰ পাছত ব্যৱসায়ী শহুৰেকৰ পৰা জোঁৱায়েকে এখন টেলিগ্রাম পালে। তাত লিখা আছিল-সোনকালে, আগতে পঠোৱাৰ দৰে দুই ডজন কোট পঠাই দিয়া। তুমি পঠোৱা কোটটো মই আঠশ টকাত বেছি দিলোঁ।
*******
৩০১
এজন গভাইত চোৰে উকীলক ক'লে- ছাৰ, আপোনাক বহুত বহুত চালাম। আপুনি মোক জেল খোৱাৰ পৰা বচাই দিলে। মই আপোনাৰ ঘৰলৈ কাইলৈ বা পৰহিলৈ গৈ ফিজ আৰু মিঠাই দি আহিমগৈ। আজি আৰু কাইলৈ যিমান পাৰোঁ 'ধাণ্ডা' কৰি লওঁ।
উকীল- ঠিক আছে, যাবা বাৰু। কিন্তু দিনতহে যাবা, ৰাতি আমাৰ অঞ্চলত ভৰি নিদিবা।
*******
৩০২
এগৰাকী ধুনীয়া গাভৰু চেক্ৰেটাৰীয়ে তেওঁৰ 'বচ' সঞ্চালকজনৰ কোঠাৰ পৰা খংমুৱা হৈ ওলাই অহা দেখি সহকর্মী এজনে সুধিলে- আইজনী, কি হ'ল তোমাৰ? আনন্দ মনেৰে থকা ছোৱালীজনীৰ মুখখন হঠাতে আন্ধাৰ হৈ গ'ল কিয়?
গাভৰুৰগৰাকীয়ে উত্তৰ দিলে- ছাৰে, মোক সুধিলে যে মই আজৰি পাইছোঁনে নাই? মই আকৌ ভাবিছিলোঁ যে ছাৰে অলপ সময় মোৰ লগত চুপতি মাৰি নিজে সতেজ হৈ ল'ব। এনেদৰে ভাবি মই আজৰি হৈছোঁ বুলি কোৱাৰ লগে লগে তেওঁ মোক ক'লে- এইখন টাইপ কৰি আনা, দুটা কপি হ'লেও হ'ব। সেইখন কি জানেনে? ৪২ পৃষ্ঠাৰ এখন কিতাপ।
******
৩০৩
দুলাল- হৰেণ, এইবাৰ তুমি কেনেকৈ ফেইল কৰিলা?
হৰেণ- কি ক'ব আৰু মোৰেই দুর্ভাগ্য।
দুলাল- পৰীক্ষাৰ লগত দুর্ভাগ্য-সৌভাগ্যৰ কি সম্বন্ধ আছে?
হৰেণ- আছে খুৰা, বহুত সম্বন্ধ আছে। আগৰ কেইবছৰত সৌভাগ্যই মোক লগ দিছিল। এইবাৰ নিদিলে।
দুলাল- তোৰ কথা মই একেবাৰে বুজি পোৱা নাই।
হৰেণ- এইবাৰ মোৰ ভাগ্য ইমান বেয়া যে মোৰ সমুখত পৰিল ৰামপ্রসাদ, সি মোতকৈও গাধা।
*******
৩০৪
কালি মোৰ ভাইটোৰ মূৰৰ চুলিবোৰ বিউটিচিয়ান এজনীয়ে একেবাৰে খুৰাই পেলালে - ৰুচীয়ে পদ্মাক ক'লে।
কিয় খুৰালে? পদ্মাই আচৰিত হৈ সুধিলে।
অৱশ্যে কাৰণ নথকা নহয়। সি যিজনী ছোৱালীৰ পাছত ঘূৰে, সেইজনী সেই বিউটিচিয়ানজনীৰে জীয়েক।
********
৩০৫
গিৰীয়েকে ঘৈণীয়েকক ক'লে- হেৰা, শুনিছানে? টিভিত বাতৰি ঠিকেই শুনিছোঁ, মাথোন বাতৰি পঢ়োতাগৰাকীৰ চেহেৰাৰ ৰংটোহে বৰ 'ডার্ক' হৈছে। কালাৰটো ঠিক কৰি দিয়াচোন?
ঘৈণীয়েকে উচাত মাৰি ক'লে- তাইৰ চেহেৰা ডার্কেই হওক বা ব্রাইটেই হওক, আপোনাৰ তাত কি আহে যায়? বাতৰি শুনিছে, শুনি থাকক। আমিবোৰ দেখোন ব্রাইট হৈ থাকিলেও আপুনি ডার্কত আছোঁ বুলিহে ভাবে।
******
৩০৬
মাকে বিউটি পার্লাৰত মেক-আপ কৰি ঘৰলৈ ঘূৰি অহাৰ পাছত দহবছৰীয়া জীয়েকে ক'লে- মা, মোকো বিউটি পার্লাৰত মেক-আপ কৰোৱাই আনিব লাগিব। নহ'লে আজি মই ভাত নাখাওঁ।
মাকে জীয়েকক বুজনি দি ক'লে- মাজনী, তোমাৰ বয়সৰ ছোৱালীবোৰে এতিয়া মেক-আপ নকৰে নহয়। তোমাৰ লগৰ মৃদুস্মিতা, পাপৰিহঁতে কৰে জানো? আমিহে এই বুঢ়ী বয়সত গাভৰুৰ দৰে দেখুৱাবলৈ মেক-আপ কৰিব লাগে। বুঢ়ী হ'লে তুমিও কৰিবা।
******
৩০৭
এজনী কুকুৰাই তেওঁৰ পুতেকক পাখি আৰু ডিঙি পৰিষ্কাৰ কৰিবলৈ শিকাই আছে।
তাইৰ পুতেকে বাৰে বাৰে ভুল কৰিবলৈ লোৱাত মাকে দার্শনিক ভংগীৰে ক'লে- যদি তই এনেদৰে বাৰে বাৰে ভুল কৰি থাক, তোক বিউটি পার্লাৰলৈ নি মানুহ বনাই আনিমগৈ।
*******
৩০৮
বাটৰুৱা (ভিক্ষাৰীৰ প্ৰতি): তুমি ভিক্ষাৰী কেনেকৈ হ'লা?
ভিক্ষাৰী- আগতে টকা দুটা দি লওক, পাছত ক'ম।
বাটৰুৱা- লোৱা এয়া, এতিয়া তোমাৰ কাহিনীটো কোৱা।
ভিক্ষাৰী- মই আগতে বৰ উদাৰ প্ৰকৃতিৰ মানুহ আছিলোঁ। মই খোজা আৰু আপুনি দিয়াৰ দৰে যিমানবোৰ মানুহে মোৰ পৰা টকা বিচাৰিছিল, মই কোনো প্রতিবাদ নকৰাকৈ তেওঁলোকৰ সহায়ৰ বাবে টকা দি দি বর্তমান এই অৱস্থাত উপনীত হৈছোঁহি। আপুনিও সাৱধান হ'ব।
*******
৩০৯
এজন মানুহে শিৱৰাত্ৰিৰ দিনা ভাঙৰ ঘোল খালে। অলপ পাছতে তেওঁ দেখিলে যে পৃথিৱীখন ঘূৰি আছে। পিছদিনা তেওঁ লগৰ এজনক ক'লে- পৃথিৱীখনে যে নিজ কক্ষত অবিৰতভাৱে ঘূৰি আছে, এই কথাৰ প্ৰমাণ মই কালিহে পালোঁ। যিজন বিজ্ঞানীয়ে পোন প্রথমে এই সত্যটো আৱিষ্কাৰ কৰিছিল, তেওঁ নিশ্চয় ভঙুৱা আছিল, নহ'লে পৃথিৱীখন ঘূৰি থকা তেওঁ কেনেকৈ দেখিব?
*******
৩১০
কি হে শ্যামসুন্দৰ, আজিকালি তোমাক দেখোন বৰ উৎফুল্লিত দেখা পাওঁ, কি হৈছে? বৌ মাকৰ ঘৰলৈ গ'ল নেকি?
নাই যোৱা, তেওঁ ঘৰতে এখন বিউটি পার্লাৰ খুলি তাতে পুৱাৰ পৰা গধূলিলৈকে ব্যস্ত হৈ থাকে। কেতিয়াবা আমাৰ দেখা দেখিয়েই নহয়। সেই কাৰণে নিজকে স্বাধীন স্বাধীন যেন লাগিছে।
*******
৩১১
এজন ৰোগীয়ে চিকিৎসকজনক আগ্ৰহেৰে সুধিলে- ছাৰ, মই ক্ষীৰ, পোলাও খাব পাৰোঁনে?
-নোৱাৰা।
-দহিভৰা, জিলাপী?
-নোৱাৰা।
-তিলপিঠা, চিৰা-দৈ?
-সেইবোৰো নোৱাৰা।
- লুচি, কঁঠালৰ ভাজি আদি?
-চোৱা ভাই, তুমি এটা বস্তু বাদ দি যি মন যায় তাকে খাব পাৰা।
সেইটোনো কি, ছাৰ?
মোৰ মগজু। এনেদৰে খঙেৰে কৈ চিকিৎসকজন ওচৰৰে আন এজন ৰোগী চোৱাত ব্যস্ত হ'ল।
*******
৩১২
এগৰাকী যুৱতীয়ে মেক-আপ কৰি বিউটি পার্লাৰৰ পৰা ওলাই আহিল। মেক-আপ মাত্রাধিক হৈছিল। এনেতে দুজন যুৱক যুৱতীগৰাকীৰ আগেৰে পাৰ হৈ গ'ল। এজনে আনজনক ক'লে- ভাই, আজিকালি ডিডিটি পাউদাৰ য'তে-ত'তে ব্যৱহাৰ হয় দেখোন?
এই মন্তব্য শুনি গাভৰু গৰাকীয়ে ক'লে- আজিকালি ডিডিটি পাউদাৰ লগোৱাৰ পাছতো মহবোৰে পিছ নেৰা হৈছে। কি যে বিপদ?
*******
৩১৩
দীপে ভবেনক সুধিলে- তুমি বোলে বিয়াৰ চিন্তা বাদ দিলা। তাৰ সলনি বোলে বাইক এখনহে কিনিলা?
ভবেন- ঠিকেই শুনিছা। আচল কথাটো কি জানা? বাইকখন কিনিলে অন্ততঃ এবছৰৰ গাৰান্টী দিয়ে, বেয়া হ'লে ঘূৰাই দিব পাৰিম, কিন্তু ছোৱালীজনী আনিলে সেই সুবিধা ক'ত পাম?
*******
৩১৪
মৃত্যুৰ পাছত এজন ব্যক্তিয়ে যম ৰজাৰ দৰবাৰত উপস্থিত হৈ দেখিলে যে তাৰ দেৱালবোৰত অসংখ্য ঘড়ী ওলমি আছে। ঘড়ীবোৰৰ এটাই বিশেষত্ব যে কাঁটা দুডাল একেৰাহে আগলৈ গৈ নাথাকে, কেতিয়াবা পিছলৈ আহি আকৌ আগৰ ঠাইত ৰয়হি। ব্যক্তিজনে আচৰিত হৈ যম ৰাজক সুধিলে- মহাৰাজ, সময় চাবলৈ এটা ঘড়ীয়েই যথেষ্ট। তথাপি ইয়াত ইটোৰ লগত সিটোৰ মিল নথকা ঘড়ীবোৰ ওলমাই থৈছে কিয়?
যমৰাজে ক'লে- মূর্খ ক'ৰবাৰ। ইয়াত পৃথিৱীৰ প্ৰতিখন দেশৰ বিপৰীতে একোটাকৈ ঘড়ী আছে, যিটো যিমান বেগেৰে চলে, সেইখন দেশত সিমান গতিৰে পাপকাৰ্য সম্পন্ন হোৱাটো বুজায়।
ব্যক্তি- বুজিলোঁ মহাৰাজ, কিন্তু দেশবোৰত পুণ্য কামো সম্পন্ন কৰা হয়। সেইটো কেনেকৈ গম পাব? তাৰ হিচাব কেনেকৈ ৰাখিব?
যমৰাজ-কোনোবাখন দেশত পুণ্য কাম হ'লে ঘড়ীৰ কাঁটা দুডাল পিছলৈ আহি পাপৰ সংখ্যাটো কমাই আনে।
ব্যক্তিজনে কৌতূহলবশতঃ নিজ দেশ ভাৰতৰ ঘড়ীটো বিচাৰিলে। বহু সময় বিচাৰি নাপাই যমৰাজক সুধিলে- মহাৰাজ, আমাৰ দেশৰ ঘড়ীটো দেখোন ইয়াত নাই। ইয়াৰ অৰ্থ এয়ে নেকি যে আমাৰ দেশত পাপ কাম হোৱাই নাই? তোমাৰ দেশখনৰ নাম কি?
-ভাৰতবৰ্ষ।
-মূর্খ, তোমালোকৰ দেশৰ ঘড়ীটো ইমান বেগেৰে আগবাঢ়ে যে মই সেইটো নি মোৰ শোৱনি কোঠাত ফেন হিচাবে ব্যৱহাৰ কৰি আছোঁ। তোমালোকৰ দেশত পাপ কৰ্মৰ সীমা নাই।
*******
৩১৫
এখন নির্বাচনী সভাত যোগ দিবলৈ আহোঁতে তেওঁৰ সহপাঠী এজনে মন্ত্রীজনক সুধিলে- তুমি দেখোন আগতে তেনেই ক্ষীণ আছিলা, এতিয়া বহুত শকত হ'লা, কি খাইছাহে?
মন্ত্ৰী- আমি ৰাইজৰ সেৱক। ৰাইজৰ দুখ দুর্দশাখিনিকে খাই আছোঁ আৰু।
সহপাঠী- তোমালোকেনো ৰাইজক কি খাবলৈ দিছা?
মন্ত্রী- আশ্বাস আৰু প্ৰতাৰণা।
লোকসভা নিৰ্বাচনৰ আগে আগে এজন নেতাই তেওঁৰ সমষ্টিটোত ঘূৰিবলৈ আহিল।
সময় তেতিয়া গধূলি। নেতাজনে ৰাইজক ভালৰি বোলাবলৈ ৰিক্সা এখনত উঠি ইফালে-সিফালে চাই ফুৰিলে। তেওঁ ৰিক্সাচালকক সুধিলে- এইফালে সদায় এনেদৰে আন্ধাৰত ডুবি থাকে নেকি? মানুহবোৰৰ অসুবিধা নহয়নে?
ৰিক্সাচালকৰ উত্তৰ- নহয়, হজুৰ কাৰণ দিনত সদায় পোহৰ হৈ থাকে। ৰাতি হ'লেতো আন্ধাৰ হ'বই।
*******
৩১৬
লোকগণনাৰ সময়ত বিষয়াই এঘৰত সোমাই সুধিলে- আপোনাৰ ৰাষ্ট্ৰীয়তা চাগৈ ভাৰতীয়ই?
- নহয়। মোৰ মা-দেউতা বৃটিছ। সেইকাৰেণ মোৰ ৰাষ্ট্ৰীয়তা বৃটিছহে।
-কিন্তু আপুনিতো ভাৰততে জন্মগ্রহণ কৰিছে?
- হয়, মোৰ জন্ম ভাৰতত। কিন্তু সেইবাবে মই ভাৰতীয় হ'ম নেকি? আপোনাৰ কুকুৰজনীয়ে যদি গৰুৰ গোহালিত পোৱালি জন্ম দিয়ে, আপুনি সেই পোৱালিটোক গৰু বুলি ক'ব নেকি?
********
৩১৭
নগেনে বিয়া পাতিবলৈ বহুজনী ছোৱালী চালে, কিন্তু কোনো এজনী ছোৱালীয়ে তাক পচন্দ নকৰে। এইবাৰ ছোৱালী চাবলৈ যোৱাৰ আগতে তাক মাকে শিকাই পঠাইছে।
মাক: বোপাই এনেকৈ আৰু কিমান বাৰ ছোৱালী চাবি? ছোৱালীৰ ঘৰত নিবোকা হৈ বহি নাথাকিবি। ওঁ, আঁ বুলি কৈ নাথাকিবি, প্রতিটো কথাতে এষাৰ কথা ওপৰত ক'বি। তেতিয়াহে তোক ছোৱালী আৰু ছোৱালীৰ ঘৰখনে পচন্দ কৰিব।
নগেন: ঠিক আছে মা, মই তই কোৱাৰ দৰেই ক'ম বাৰু।
এনেকৈয়ে সি এইবাৰ ছোৱালী চাবলৈ বুলি ছোৱালীৰ ঘৰ পালেগৈ।
ছোৱালীৰ ঘৰত। ছোৱালীঃ দাদা বহক...।
নগেন: বহিম কি শুমেই...।
অলপ পাছত ছোৱালীয়ে নগেনলৈ চাহ আনিলে...
ছোৱালী: দাদা চাহ খাওক।
নগেন: চাহ কি... ভাতেই খাম...।
এনেতে ভিতৰৰ পৰা তাৰ কথাবোৰ শুনি থকা ছোৱালীৰ ককায়েকে আহি নগেনক সুধিছে।
ককায়েক: তুমি চিগাৰেট খোৱা নেকি?
নগেন: চিগাৰেট কি?... মই মদ খাওঁ। এইবাৰ ছোৱালীৰ ভায়েক আহিল।
ছোৱালীৰ ভায়েক: আপুনি আমাৰ বাইদেউক নিব নেকি?
নগেন: বায়েৰক কি? মাৰকো নিম।
এই কথা শুনি ছোৱালীৰ ককায়েক ৰৈ থাকিব নোৱাৰিলে আৰু নগেনৰ ওচৰলৈ আহিলে আৰু খঙেৰে- তই আধা পাগল নেকি?
নগেন: মই আধা পাগল কি? মই সম্পূর্ণ পাগল।
ভালে ভালে এতিয়াই উঠক আৰু বাহিৰ হওক এইখন ঘৰৰ পৰা।
নগেন: ভালে ভালে কি? জঁপিয়াই উঠো আৰু যাওঁ।
ছোৱালীৰ ভায়েকে তাক যাবলৈ লোৱা দেখি....
দাদা জপনাখন মাৰি থৈ যাব।
নগেন: মাৰি থৈ কি....? ভাঙি থৈয়ে যাম....।
********
৩১৮
এজন ইংৰাজ ডেকাই তেওঁৰ ঘৈণীয়েকৰ বিষয়ে এজন ভাৰতীয় ডেকাক কৈছে-বুজিছা বন্ধু, মোৰ 'ওৱাইফ'ৰ 'কুক-বুক', 'ফেছন-বুক', 'ডিজাইন-বুক' আদিৰ প্ৰতি মুঠেও আগ্রহ নাই, তেওঁৰ আগ্রহ মাথোন 'চেক-বুকৰ' প্রতিহে।
******
৩১৯
দুই বন্ধুৰ কথোপকথোন। প্রথমজনে ক'লে- ভাই, আজি প্ৰথমবাৰৰ বাবে এলার্ম ঘড়ীয়ে মোৰ টোপনি ভাগিলে।
দ্বিতীয়জন- কিয়? আনকালে নাভাগে নেকি?
প্রথমজন- নাভাগে। এলার্ম বাজি থাকিলেও মই সাৰ নাপাওঁ।
দ্বিতীয়জন- আজি তেনেহ'লে কেনেকৈ ভাগিল?
প্রথমজন- আজি এলার্ম বাজি বাজি শেষ হোৱাৰ পাছত ঘৈণীয়ে খঙতে ঘড়ীটো
মোৰ মূৰলৈ দলিয়াই দিলে। তেতিয়াহে.........।
******
৩২০
মেনেজাৰ- তুমি খুব বেছি ছুটী লোৱা। কেতিয়াবা ঘৈণীয়েৰাক ষ্টেচনত থ'বৰ বাবে, কেতিয়াবা শহুৰৰ মৃত্যুৰ বাবে, কেতিয়াবা ল'ৰাৰ অন্নপ্রাশনৰ বাবে, কেতিয়াবা ঘৈণীয়েৰাক ডাক্তৰক দেখুৱাবৰ বাবে আৰু যে কিমান কাৰণত ছুটী লৈছা, তাৰ কোনো হিচাব নাই। এইবাৰ কি কাৰণ লৈ ছুটী বিচাৰি আহিছা?
কৰ্মচাৰী-ছাৰ, সঁচা কথা কৈছোঁ, এইবাৰ মোৰ নিজৰ বিয়াৰ বাবে। অহা মাহৰ তিনি তাৰিখে মোৰ বিয়া।
******
৩২১
গিৰীয়েকে ঘৈণীয়েকক গর্বেৰে ক'লে-তুমি কি ভাবিছা মোক? মই মোৰ জীৱনক নিজে গঢ় দিছোঁ।
ঘৈণীয়েক- এই কথা আপুনি মোক ইমান দিনে কোৱা নাছিল কিয়? মই আপোনাৰ নিচিনা এজন অপদার্থ মানুহ গঢ়ি তোলাৰ বাবে মিছাকৈয়ে ভগৱানক দোষ দি আছোঁ।
******
৩২২
এজন জ্যোতিষীয়ে ভদ্রমহিলা এগৰাকীৰ হাতৰ ৰেখাবোৰ অধ্যয়ন কৰি খন্তেক থমকি ৰৈ পাছত ক'লে- আপোনাক এটা অপ্রিয় সত্য কথা ক'বলগীয়া হ'ল। আপুনি অতি সোনকালে বৈধব্যৰ সাজ পিন্ধিব লাগিব।
ভদ্রমহিলাগৰাকীয়ে উত্তৰ দিলে- সেই কথাটো মই জানো। কিন্তু মই ধৰা পৰিম নে নপৰিম আৰু মই শাস্তি ভোগ কৰিব লাগিব নেকি, সেই কথা জানিবলৈহে আপোনাৰ ওচৰলৈ আহিছোঁ।
******
৩২৩
এজন মানুহে বাতৰিকাকতৰ অফিচলৈ এটা বিজ্ঞাপন দিবলৈ আহিল। বিজ্ঞাপনটো এনে ধৰণৰ- মোৰ অতি মৰমৰ 'কুটি' নামৰ ক'লা-বগা ৰঙৰ মেকুৰি এটা হেৰাইছে। সন্ধান দিওঁতাক নগদ পাঁচ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ'ব।
কাকতখন বিজ্ঞাপন শাখাৰ বিষয়াজনে বিজ্ঞাপনটো পঢ়ি অবাক হৈ মানুহজনক সুধিলে- আপুনি সামান্য এটা মেকুৰিৰ বাবে পাঁচ হাজাৰ টকা পুৰস্কাৰ আগবঢ়াইছে?
মানুহজনে উত্তৰ দিলে- আচল কথাটো হ'ল মই মোৰ ঘৈণীক সন্তুষ্ট কৰিবৰ বাবেহে বিজ্ঞাপনটো কাগজত দিবলৈ আহিছোঁ। মেকুৰিটো তেওঁৰ বৰ প্ৰিয় আছিল। কিন্তু মেকুৰিটো কোনেও বিচাৰি নাপায় আৰু মোৰো পাঁচ হাজাৰ টকা খৰচ নহয়। কাৰণ মেকুৰিটো মই খঙতে মাৰি বহুদূৰত পেলাই থৈ আহিছোঁ।
******
৩২৪
কাৰখানাৰ মালিক (খঙেৰে): হেৰা পল্লৱ, মই পোন্ধৰ-বিছমিনিটমান দুৱাৰত ঢকিয়াই আছোঁ। তোমালোকৰ কাৰো খবৰেই নাই। আড্ডা মাৰি আছা চাগৈ?
পল্লব- আমি আড্ডা মৰা নাই, সকলো কামত ইমানেই ব্যস্ত হৈ আছোঁ যে আন কথালৈ কাণ দিবলৈ সময়েই নাই। তাৰোপৰি, আপুনি এই কাৰখানাটোৰ মালিক। সেয়ে আপুনি কাৰখানাটোৰ য'তেই ইচ্ছা তাতেই পোন্ধৰ মিনিট কিয় দুই-তিনি ঘণ্টালৈকে ঢকিয়াই থাকিব পাৰে। কোন বেটাই আপোনাক বাধা দিব? আপোনাক বাধা দিলে তাৰ চাকৰি থাকিব জানো?
******
৩২৫
এজন ভদ্রলোকে আবেলি অফিচৰ পৰা ঘৰলৈ আহি দেখিলে যে চাকৰণী ছোৱালীজনীয়ে ফেকুৰি ফেকুৰি কান্দি আছে। ভদ্রলোকজনে কন্দাৰ কাৰণ সোধাত তাই ক'লে- মালিকনীয়ে মোক চৰিয়াইছে। তেতিয়া ভদ্রলোকজনে চাকৰণীজনীক বুজাবলৈ ধৰিলে- এইটো কান্দিবলগীয়া কথা নহয়। মোক জানো এনেবোৰ কথাত কেতিয়াবা কন্দা দেখিছা? নাকান্দিবা, বাইদেউৰাৰ এইটো অভ্যাসেই।
******
৩২৬
বন্ধু (ব্যবসায়ী বন্ধুৰ প্রতি): তোৰ দিনে বহুত চিঠি আহে। কেনে ধৰণৰ চিঠি তোৰ বেছি ভাল লাগে?
ব্যৱসায়ী বন্ধু- সেইখন চিঠিয়েই মোৰ বৰ ভাল লাগে যিখনত লিখি দিয়ে যে ইয়াৰ লগতে চেকখন পঠাইছোঁ?
******
৩২৭
এজন বিবাহিত ভদ্রলোকে আন এজনক কৈছে- নাৰীয়ে টকা-পইচাৰ বাবে বিয়াত নোসোমায়, টকা-পইচাৰ বাবে তেওঁলোকে বিবাহ-বিচ্ছেদহে বিচাৰে।
*******
৩২৮
এগৰাকী মহিলাৰ বোৱাৰীয়েকগৰাকী বৰ ৰূপৱতী। মাকৰ মনত আক্ষেপ যে ল'ৰাই ঘৈণীয়েককহে অধিক গুৰুত্ব দিয়ে। এই কথাৰ সত্যতা জানিবলৈ মাকে এদিন বোৱাৰীয়েকৰ আগতে পুতেকক সুধিলে- বাবা, মই আৰু বোৱাৰী যদি একেলগে পানীত পৰোঁ, তুমি কাক আগতে বচাবা?
পুতেকে কি ক'ব, কি নক'ব বুলি ভাবি থাকোঁতেই ঘৈণীয়েকে গিৰীয়েকক ক'লে- নোকোৱা কিয় তুমি মাকহে আগতে বচাবা।
বোৱাৰী, তুমি কিয় তেনেকৈ কৈছা, তাক ক'বলৈ দিয়া। সি কিজানি তোমাকহে বচোৱাৰ কথা কয়? শাহুৱেকে ক'লে।
বোৱাৰীয়েকে নিশ্চিন্তমনে উত্তৰ দিলে- মোৰ কাৰণে কোনেও চিন্তা কৰিব নালাগে, মোক বচাবলৈ পুখুৰীত জাঁপ দিয়া মানুহ বহুত ওলাব।
******
৩২৯
ৰসায়ন-শাস্ত্ৰৰ অধ্যাপক এজনে তেওঁৰ ঘৈণীয়েকে কৰা এটা ভুলৰ বাবে ঘৈণীয়েকক কুকুৰে কাইট নোখোৱাকৈ গালি পাৰিলে। জীৱনত এই প্ৰথমবাৰৰ বাবে গিৰীয়েকৰ গালি খাই ঘৈণীয়েকে হুৰাওৰাওকৈ কান্দি পেলালে। দুচকুৰে চকুৰ পানী বাগৰি আহিল। তাকে দেখি গিৰীয়েকে ক'লে- চকুৰ পানী মাটিত পেলাই একো লাভ নাই। তোমাৰ চকুৰ পানীয়ে মোৰ অন্তৰ গলাব নোৱাৰে। চকুৰ পানীনো কি? -ফছফ'ৰাছ ছল্ট, ছ'ডিয়াম ক্লোৰাইড আৰু পানীৰ সংমিশ্রণত উৎপন্ন হোৱা এবিধ জুলীয়া বস্তুহে। আমাৰ মতে চকুৰ পানীৰ কোনো মূল্যই নাই।
*****
৩৩০
এজন মানুহে ডাক্তৰক সুধিলে- ছাৰ, আমি সাধাৰণ মানুহ। মানুহ এজনৰ মৃত্যু হ'লে আমি কেনেকৈ জানিম যে মানুহজনৰ মৃত্যু ঘটিছে।
ডাক্তৰে ক'লে- এজন পুৰুষ মানুহৰ যদি বুকুৰ স্পন্দন বন্ধ হয়, তেতিয়া জানিবা যে পুৰুষজনৰ মৃত্যু ঘটিছে আৰু এগৰাকী নাৰীৰ যদি মুখৰ কথা হঠাতে বন্ধ হৈ যায়, তেনেহ'লে ধৰি ল'বা যে মানুহগৰাকী আৰু এই সংসাৰত নাই।
*******
৩৩১
এজন প্রায় দহবছৰীয়া ল'ৰাৰ দাঁত এটা উভলাৰ পাছত ডাক্তৰজনে ল'ৰাৰ দেউতাকক ক'লে- মোৰ ফিজ এশ টকা দেই।
ল'ৰাৰ দেউতাকে আচৰিত হৈ ক'লে- এশ টকা। আপুনি এটা দাঁত উভলাৰ বাবদ বিছ টকা ফিজ লয় বুলি সকলোৱে জানে দেখোন?
-ঠিকেই কৈছে, মোৰ ফিজ বিছ টকা, কিন্তু আপোনাৰ ল'ৰাই দাঁতটো উভলাৰ সময়ত যি ধৰণে চিঞৰ-বাখৰ কৰিলে, ভয়তে মোৰ চাৰিজন ৰোগী পলাই গ'ল। সেয়ে এশ টকা বিচাৰিছোঁ - ডাক্তৰে সহজভাৱেৰে ক'লে।
*******
৩৩২
এজন বন্ধুৱে আন বন্ধুজনক কৈছে- এতিয়াৰ পৰা মই সাহিত্য চর্চাতহে মন দিছোঁ আৰু তাকে জীৱনৰ একমাত্র লক্ষ্য কৰি লৈছোঁ।
আনজন- তুমিনো কেনে ধৰণৰ সাহিত্য চর্চা কৰিছা?
প্রথমজন- মই কবিতা লিখিছোঁ।
আনজন- কবিতা বেচি কিবা পাইছানে?
প্রথমজন- কবিতা বেচি পোৱা নাই, কিন্তু ঘড়ী, অভাৰকোট, আলমাৰি আদি বেচি অলপ পইচা পাইছোঁ।
******
৩৩৩
ৰোগী- ডাক্তৰ চাহাব, মোৰ বৰ ভয় লাগিছে, এয়া মোৰ জীৱনত প্রথম অপাৰেচন?
ডাক্তৰ- মিছাতে ভয় কৰিছা কিয়? মোৰো জীৱনত এয়া প্রথম অপাৰেচন।
******
৩৩৪
এজন ডেকাই এজনী গাভৰুৰ লগত নতুনকৈ চিনাকি হ'ল। দুদিনমান কথা পতাৰ পাছতে এদিন ছেগ বুজি ল'ৰাজনে ক'লে- তোমাৰ লগত চিনাকি হৈ মোৰ খুউব ভাল লাগিছে। তুমি তোমাৰ প্ৰিয় শব্দ দুটা কোৱাচোন?
মোৰ প্রিয় শব্দ দুটা- গাভৰুয়ে ভাবিলে।
ডেকাই উৎসাহিত হৈ হয়ভৰ দিলে- হয়, মাত্র দুটা শব্দ।
গাভৰুয়ে ডেকাৰ চকুলৈ চাই ক'লে- 'গেট আউট'।
******
৩৩৫
এজন মানুহে তেওঁৰ খহটা আৰু কৰ্কশ মাতেৰে ঘৰৰ ভিতৰতে গান গাই আছিল। তেনেতে এটা ধোবা তেওঁৰ ঘৰৰ আগেৰে পাৰ হৈ গ'ল। মানুহজনৰ গান শুনি ধোবাজনে ঘৰৰ ভিতৰলৈ সোমাই তেওঁক সুধিলে- মোৰ গাধটো ক'লৈ গ'ল?
মানুহজনে খঙেৰে উত্তৰ দিলে- ইয়াত ক'ত তোমাৰ গাধটো আছে? ইয়াত সোমোৱা নাই।
ধোবাজনে ক'লে- আপুনি মিছা মাতিছে কিয়। মই এইমাত্ৰ মোৰ গাধটোৰ মাত শুনিছোঁ।
*****
৩৩৬
এজন বন্ধুৱে লগৰ বন্ধুজনক সুধিলে- তুমি যে এমাহৰ ছুটী লৈছিলা, কেনেকৈ কটালা?
এদিন বাইক চলালোঁ আৰু বাকী ত্ৰিছ দিন আস্পাতালত থাকিলোঁ।
******
৩৩৭
এজন বৃদ্ধই তেওঁৰ ল'ৰাৰ বাবে ছোৱালী চাবলৈ এঘৰলৈ গ'ল। ছোৱালীজনীয়েই আলহীক চাহ-জলপানেৰে আপ্যায়িত কৰাৰ পাছত ছোৱালীৰ দেউতাকে ক'লে- মোৰ ছোৱালী দেখিলে নহয়? তাই লাখৰ ভিতৰত এজনী। গাৰ ৰং বগলীৰ দৰে, খোজ কাটল ম'ৰা চৰাইৰ দৰে, মাত কুলিচৰাইৰ দৰে, চকু হৰিণীৰ দৰে আৰু..........
ছোৱালীৰ দেউতাকৰ কথা শেষ নৌহওঁতেই ল'ৰাৰ দেউতাকে ক'লে- আপুনি ঠিকেই কৈছে যেন লাগিছে আৰু এটা কথা কওকচোন, আপোনাৰ ছোৱালীৰ গাত মানুহৰ কি কি গুণ আছে?
******
৩৩৮
ঘৈণীয়েকে এটা টিউবলাইট কিনি আনিলে। লাইটটো চাই গিৰীয়েকে ক'লে- তুমিও যে মানুহ আৰু! মই তোমাক আগতেও কৈছোঁ যে এনেবোৰ বস্তু কিনাৰ সময়ত 'আই-এচ-আই' মার্ক থকা বস্তুহে কিনিবা। পইচাবোৰ এনেয়ে খৰচ কৰিলা।
গধূলি তেওঁ এককিলো আপেল আনি জীয়েকৰ হাতত দিলে। জীয়েকে আপেলকেইটা উৰাই-ঘূৰাই চাই দেউতাকক ক'লে- দেউতা, অথনি 'আই-এচ-আই' মার্ক নথকা বস্তু কিনা বাবে মাক গালি পাৰিছিলা, এতিয়া দেখোন তুমিয়ে যিকেইটা আপেল আনিলা তাত তেনে কোনো মার্ক নাই। পইচাবোৰ এনেয়ে খৰচ কৰিলা।
******
৩৩৯
এজন মানুহে চৰকাৰী বিষয়া এজনৰ ওচৰত আপত্তি দর্শালে- ছাৰ, আপোনাৰ চাপ্রাচীজন দুর্নীতিপৰায়ণ, আপোনাক লগ ধৰিবলৈ আহিছোঁ বুলি কোৱাত তেওঁ মোৰ পৰা দহ টকা বিচাৰিলে।
বিষয়া- আপুনি তাক দহ টকা দিলে নেকি?
মানুহজন- কিয় দিম? মই নিদিলোঁ। মই এটকাও ঘোচ দিয়াত নাই।
বিষয়া- আপুনি মোৰ চাপ্ৰাচীজনক যদি মাত্র দহ টকাকে দিব নোৱাৰিলে, তেনেহ'লে আপোনাৰ পৰা মই আৰু কি আশা কৰিম?
******
৩৪০
এজন শকত-আৱত মানুহে হোমিওপেথিক চিকিৎসক এজনৰ ওচৰলৈ গৈ ক'লে-মোৰ পেট চলিছে, কালিৰ পৰা। ভাল দৰব এটা দিয়ক। কিন্তু এটা কথা আপোনাক আগতীয়াকৈ কৈ থওঁ যে মোৰ ভোক খুব বেছি, সেইকাৰণে অমুকটো নাখাব, অমুকটোহে খাব এইবোৰ নক'ব।
চিকিৎসকজনে বিছ খোৰাক দৰব দি ক'লে- এই লওক দৰব। আপুনি যি ইচ্ছা কৰে তাক খোৱাত কোনো বাধা নাই। প্রতি ঘণ্টাৰ মূৰে মূৰে এখোৰাককৈ দৰব খাব। কিন্তু দৰব খোৱাৰ আধা ঘণ্টা আগত আৰু আধা ঘণ্টা পাছত একো নাখাব। তেনেদৰে এসপ্তাহৰ খালেই আপুনি ভাল পাব।
******
৩৪১
এজনী ৰোগীয়ে ডাক্তৰৰ ওচৰলৈ গৈ ক'লে- ডাক্তৰ চাহাব, দৰব এটা দিয়কচোন।
মোৰ বেমাৰটো হ'ল, পুৱা শুই উঠাৰ পাছত এঘণ্টা মানলৈকে মোৰ তলপেটটো বিষাই থাকে।
ডাক্তৰ- আপুনি ৰাতিপুৱা কেই বজাত শুই উঠে?
ৰোগী- ছটা বজাত।
ডাক্তৰ- মই দৰব আৰু কি দিম। আপুনি এটা কাম কৰিব। কাইলৈৰ পৰা পুৱা সাত বজাত শুই উঠিব, তেতিয়া আপোনাৰ আৰু পেটৰ বিষ নহয়।
******
৩৪২
হৰি- ঐ ভাই উমেশ, তই এটা কথা ক'ব পাৰিবিনে, ঘড়ী আৰু ঘৈণীৰ মাজত কি সমানতা আৰু কি ভিন্নতা আছে।
উমেশ পাৰিম, শুন। ঘড়ী আৰু ঘৈণীৰ মাজত সমানতা এয়ে যে দুয়োটাই ঘৰখনৰ কাম-কাজৰ গতি নিয়ন্ত্ৰণ কৰে আৰু ভিন্নতা এয়ে যে ঘড়ীটো বন্ধ হ'লে ভাল নকৰালৈকে সি বন্ধ হৈ থাকিব আৰু ঘৈণীজনীৰ লগত বেয়া হ'লে, কিছুদিনহে বন্ধ হৈ থাকিব, পাছত আপোনা-আপুনি আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব।
******
৩৪৩
মীনা- জান' হেনা, কালিৰ পৰা মোৰ শাহুৱে শাস্ত্রীয় সংগীত সাধনা কৰিবলৈ আৰম্ভ কৰিছে।
হেনা (আচৰিত হৈ): কি কৈছ তই? ইমান শকত আৰু কঠুৱা মাতৰ মানুহগৰাকীয়ে গান গাব পাৰিবনে? তাতে শাস্ত্রীয় সংগীত?
মীনা- আমাৰ ঘৰৰ ওচৰত যে দৰবৰ এটা সৰু কাৰখানা আছে, দেখিছ নহয়। তাত আঠ-নজন মানুহে কাম কৰে। কালি শাহুৰ ৰাগ শুনি ছুটীৰ চাইৰেণ বুলি ভাবি আধাতে কাম সামৰি গুচি গ'ল।
******
৩৪৪
গার্হস্থ বিজ্ঞানৰ ছাত্ৰী এগৰাকীয়ে ৰন্ধন-প্রণালী বিষয়ৰ পৰীক্ষা দি অহাৰ পাছত প্রশ্নখন চাই মাকে সুধিলে- তুমি পৰীক্ষাত যিখিনি চালাদ বনালা, সেইখিনি পৰীক্ষকে খাই চালেনে, নে তোমাক খাবলৈ দিলে।
জীয়েক- পৰীক্ষকজনে চালেহে, খাই নাচালে। মোকে জোৰকৈ গোটেইখিনি খুৱাই দিলে।
******
৩৪৫
পত্নী- আজি ডাক্তৰে মোক পৰামৰ্শ দিছে যে সম্পূর্ণ সুস্থ হ'বৰ বাবে মই কোনো পাহাৰীয়া অঞ্চলত কিছুদিন বিশ্রাম লোৱা উচিত। তেখেত দার্জিলিং, নাইনিতাল, মাউন্ট আবু আৰু দুখনমান তেনে চহৰৰ নাম ক'লে, মই ভাবি একো থিৰাং কৰিব পৰা নাই। তুমি কি ভাবা?
পতি- মোৰ মনৰ ভাব মাত্র এটাই যে তুমি আন কোনোবা ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।
*****
৩৪৬
এখন বিদ্যালয়ত স্থানীয় নাগৰিকসকলৰ এখন সভা চলি আছে। গৰমৰ দিন, হঠাৎ এজন শকত-আৱত মানুহে সভা চলি থকা কোঠাটোলৈ সোমাই আহি দ্রুতগতিত চলি থকা ফেন দুখন বন্ধ কৰি দিলে। অসহ্য গৰমত ৰব নোৱাৰি এজনে তেওঁক সুধিলে-আমি গৰমত মৰিছোঁ আৰু আপুনি সোমায়েই ফেন দুখন বন্ধ কৰি দিলে কিয়?
মানুহজনে উত্তৰ দিলে- মই এই অঞ্চলৰ এজন বিখ্যাত ব্যৱসায়ী। মোৰ নাম হেমৰাজ আগৰৱালা। এইটো কোঠাৰ ফেন দুখন ময়ে দান হিচাবে আগবঢ়াইছোঁ। দুয়োখন ফেনতে দাতা হিচাবে মোৰ নাম লিখা আছে। যদি ফেন দুখন অনৱৰত চলিয়েই থাকে, আপোনালোকে মোৰ নামটো কেনেকৈ পঢ়িব আৰু মই যে মাথোন ব্যৱসায়েই নকৰোঁ, মাজে-সময়ে ৰাইজৰ উদ্দেশ্যে দান-বৰঙণিও আগবঢ়াওঁ এই কথা দেখোন আপোনালোকে নাজানিবই।
******
৩৪৭
ৰোগী (ডাক্তৰৰ প্ৰতি): ছাৰ, কথা এটা সোধোঁ।
ডাক্তৰ- সোধা, কি সুধিবা?
ৰোগী- ছাৰ, আপুনি জীৱনত কেতিয়াবা ডাঙৰ ভুল কৰি পাইছেনে?
ডাক্তৰ- পাইছোঁ, এবাৰ মই এটা ডাঙৰ ভুল কৰিছিলোঁ। অৱশ্যে তাক তুমি মহাভুল বুলিও ক'ব পাৰা। সেইটো হ'ল মই এজন ৰোগীক নামমাত্ৰ খৰচৰ বিনিময়ত তিনি দিনতে সুস্থ কৰি তুলিছিলোঁ।
ৰোগী- ছাৰ, সেইটো দেখোন বৰ গৌৰৱৰ আৰু পুণ্যৰ কথা। তাতনো কি ভুল হ'ল?
ডাক্তৰ- কি ক'বা আৰু? কেইদিনমান পাছতহে মই বন্ধু এজনৰ মুখে জানিব পাৰিলোঁ যে তেওঁ এজন কোটিপতি আছিল। ভাল 'চাঞ্চ' এটা হেৰুৱালোঁ।
*****
৩৪৮
পত্নী অসুস্থ, গিৰীয়েকে পাকঘৰত সোমাই চাহ বনাইছে। পানীখিনি গৰম হোৱাৰ পাছত চাহপাত বিচাৰি মানুহজনে হাবাথুৰি খাইছে। যিটো টেমাত 'চাহপাত' বুলি লিখা আছে, সেইটোত একো নাই। অগত্যা ঘৈণীয়েকক সুধিলে- হেৰা, চাহপাতৰ টেমাটো ক'ত থৈছা? বিচাৰি পোৱা নাই।
ঘৈণীয়েক- চাহপাতৰ টেমাটো পাকঘৰত ওলায়ে আছে। ৰেকখনৰ মাজৰ ৰেকটোৰ সোঁফালে 'চেনী' বুলি যিটো টেমাত লিখা আছে, তাতেই চাহপাত আছে আৰু 'নিমখ' বুলি লিখাটোত 'চেনী' আছে।
******
৩৪৯
শ্ৰী আৰু শ্রীমতী ঘৰফলীয়াক সকলোৱে এযোৰ আদৰ্শ দম্পতী বুলি জ্ঞান কৰে। তেওঁলোকৰ মাজত আজিলৈকে কোনো তর্কাতর্কি বা কাজিয়া হোৱা মানুহে দেখা নাই। এজন মানুহে ইয়াৰ কাৰণ সোধাত ঘৰফলীয়াই ক'লে- ব্যৱস্থাটো বৰ সহজ। ৰাতিপুৱা তেওঁ নিজৰ ইচ্ছামতে কামবোৰ কৰে আৰু গধূলি মই তেওঁৰ ইচ্ছামতে কামবোৰ কৰোঁ। তর্কা-তর্কি বা হাঁই-কাজিয়াৰ স্থল ক'ত?
******
৩৫০
এজন যাত্রী- আপোনালোকৰ হোটেলত শান্তিৰে থাকিব পৰা যাবনে?
মেনেজাৰ- নিশ্চয় ছাৰ। আমাৰ হোটেলত থাকিলে আপুনি নিজৰ ঘৰত থকাৰ দৰে লাগিব।
যাত্রী- তেনেহ'লে ৰাম ৰাম। নিজৰ ঘৰত থাকিলে বহু সমস্যা মুৰ পাতি ল'বলগীয়া হয়। ইয়াতো যদি সেইবোৰ সহ্য কৰি থাকিবলগীয়া হয়, তেনেহ'লে আপোনাৰ হোটেলত থাকি কি লাভ? তাতকৈ ঘৰত থকাই ভাল।
******
Comments
Post a Comment