ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা
ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা Assamese Story Book Kokadeuta Aru Natilora Lakhshminath Bezbaruah কুৰুৱা চৰাই আৰু বামুণৰ সাধু এক হাতী আৰু ফেঁচাৰ কথা বৰচোৰ বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰোৱা ৰাক্ষস পণ্ডিত প্ৰথম সাধু - কুৰুৱা চৰাই আৰু বামুণৰ সাধু - লক্ষ্মীনাথ বেজবৰুৱা এহাল নিমাখিত বামুণ-বামুণী আছিল। এদিন বামুণে গাঁৱলৈ যাওঁতে এটা কুৰুৱা চৰায়ে এটা ৰৌ মাছ ধৰি আনি এখন দলনি পথাৰত আতৌ-পুতৌকৈ খাব খোজা দেখি লৰি গৈ চৰাইটোৰ মুখৰপৰা মাছ কাঢ়ি আনিলে। মুখৰ টোপটো যোৱা দেখি চৰায়ে আকাশত নিৰাশ হৈ বেজাৰ মনেৰে ক'বলৈ ধৰিলে "পৰলৈ দুখ কৰা কোনো সকাম নাই।” সেই দিনাৰপৰা কুৰুৱাটোৱে একো নকৰি সদায় মাছটোৰ কথাকে ভাবি থাকে আৰু বামুণক শাও দি আপোনা-আপুনি কয়, "মোক যেনেকৈ তই নিৰাশ কৰিলি, তয়ো তেনেকৈ নিৰাশ হবি।” সি মাছৰ কথাকে ভাবি-গুণি থাকি শোকত লাহে লাহে শুকাই-ক্ষীণাই গৈ এদিন মৰি থাকিল। বামুণে মাছটো আনি ঘৰত মহা আনন্দেৰে খাই-বৈ আছে। কিছুদিনৰ মূৰত বামুণৰ এটি ল'ৰা উপজিল। ল'ৰাটি এনে ৰূপহ হৈ উথলি আ...