ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ বিষয়ে ৰচনা

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ বিষয়ে ৰচনা 


ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ বিষয়ে ৰচনা অসমীয়াত Assamese Essay Rupkonwar Jyoti Prasad Agarwala


ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ বিষয়ে ৰচনা অসমীয়াত Assamese Essay Rupkonwar Jyoti Prasad Agarwala
ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ বিষয়ে ৰচনা 





ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱ 


কোনোবা কাহানিৰে পৰা ইতিহাসৰ বিভিন্ন সময়ৰ বিশাল ভাৰতবৰ্ষৰ ভিন্ ভিন্ প্ৰান্তৰৰ পৰা অসমলৈ মানুহৰ লানি-নিছিগা সোঁত বৈ আছে আৰু বৈ আছে। এই সোঁতৰ যেন বিৰাম নাই, অৱকাশ নাই। অসমৰ ইতিহাস, ভাৰতৰ ইতিহাস ইয়াৰ সাক্ষী। সেইসকলৰ বহুতেই আহিছে জীৱিকাৰ সন্ধানত, কোনোৱে আক' আহিছে বণিজ বেহাবলৈ। তেওঁলোকৰ উদ্দেশ্য যিয়েই নহওক কিয় সুজলা-সুফলা অসমী আইৰ উদাৰ বক্ষই কিন্তু সকলোকে সমানে আকোঁৱালি লৈছে। সকলোকে দিছে জীয়াই থকাৰ সম্বল আৰু অফুৰন্ত প্ৰেৰণা। অতিথি পৰায়ণ আৰু উদাৰ চিতিয়া অসমীয়া মানুহে তেওঁলোকক আপোন কৰি লৈছে; বন্ধুত্বপূর্ণ আৰু ভাতৃত্বপূর্ণ এনাজৰীৰে সকলোকে বান্ধি পেলাইছে; আৰু গঢ়ি তুলিছে ঐক্য-শান্তি-সম্প্রীতি আৰু সমন্বয়ৰ এখন সমাজ বৃহৎ অসমীয়া সমাজ। আধুনিক অসমীয়া সাহিত্য, সমাজ আৰু সংস্কৃতিৰ এগৰাকী অন্যতম ৰূপকাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আগৰৱালা নামেৰে পৰিচিত। তেখেত আমাৰ মাজত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ তেখেতে বিশেষ গুণাৱলীৰ বাবে ৰূপকোঁৱৰ- এই সন্মানসূচক উপাধিটো লাভ কৰিছিল। এই তেখেতক এই উপাধিটো দিছিল বকুলবনৰ কবি, পদ্মশ্রী আনন্দচন্দ্ৰ বৰুৱাদেৱে ১৯৩৪ চনত।


ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পূৰ্বপুৰুষসকল আহিছিল মৰুপ্ৰান্তৰ সুদূৰ ৰাজস্থানৰ পৰা প্ৰায় এশবছৰ মানৰ আগতে। তেওঁৰ পৰিয়ালৰ অসমলৈ অহা প্রথম মানুহজন হৈছে নওৰঙ্গ আগৰৱালা। নওৰঙ্গ আগৰৱালা অসমলৈ আহিছিল জীৱিকাৰ সন্ধানত। উজাৰি দিয়া অকৃত্ৰিম মৰম চেনেহক নেওচা দিব নোৱাৰি পিছে অসমী আইয়ে হিয়া ইয়াতেই স্থায়ীভাবে থাকি অসমীয়া জীয়াৰী বিয়া-বাৰু কৰাই গ'ল। কেৱল থাকি যোৱায়েই নহয় একেবাৰেই-হাড়ে হিমজুৱে অসমীয়া হৈ পৰিল আৰু অসমৰ ইতিহাস প্রসিদ্ধ ঠাই তেজপুৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। এই নওৰঙ্গ আগৰৱালাৰেই বৰপুত্ৰ হৰিবিলাস আগৰৱালা। এখেতেই কীর্ত্তন দশম, নামঘোষা আদি ধর্ম পুথি প্রথমে ছপাই অসমীয়া ভাষা সাহিত্যৰ ভঁড়াল চহকী কৰে। তেখেতে নিজৰ পৰিয়ালতো অসমীয়া সাহিত্য চর্চ্চাৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰিছিল যাতে সকলোৱে অসমীয়া ভাষাটো ভালকৈ শিকিব পাৰে। 


ইয়াৰ ফলস্বৰূপেই হয়তো আগৰৱালা পৰিয়ালত পাছলৈ কেইবাজনো বিখ্যাত সাহিত্যকক অসমীয়া ভাষা-সাহিত্যই উপহাৰ স্বৰূপে পাইছিল। কেৱল ভাষা-সাহিত্যৰ ক্ষেত্ৰতে যে এই পৰিয়ালৰ অৱদান আছে এনে নহয় অসমৰ সঙ্গীত জগততো এই পৰিয়ালে অপৰিসীম বৰঙণি আগবঢ়াই গৈছে। হৰিবিলাস আগৰৱালাৰ পুত্ৰ পৰমানন্দ আগৰৱালাৰ সঙ্গীতৰ প্ৰতি থকা ধাউতিতেই পৰিয়ালত সঙ্গীত চর্চ্চাৰ পথ মুকলি হয়। এই পৰমানন্দ আগৰৱালাৰেই পুত্ৰ হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।


ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহবাগিছাত। তেওঁৰ মাকৰ নাম আছিল কিৰণময়ী আগৰৱালা। জ্যোতিপ্ৰসাদৰ স্কুলীয় শিক্ষা আৰম্ভ হয় তেজপুৰত। তাৰ পিছত ডিব্ৰুগড় চৰকাৰী হাইস্কুল আৰু জৰ্জ্জ ইনষ্টিটিউছন (বৰ্ত্তমান বাগ্মীবৰ নীলমণি ফুকন উচ্চমাধ্যমিক বিদ্যালয়)-ত শিক্ষা আহৰণ কৰি তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকাৰ বাছনি পৰীক্ষাত উত্তীর্ণ হৈ ১৯২১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পাছ কৰে- দ্বিতীয় বিভাগত। প্ৰৱেশিকা পাছ কৰি উঠিয়েই জ্যোতিপ্ৰসাদে অসহযোগ আন্দোলনত যোগ দিয়ে। এই আন্দোলন শামকটাত তেওঁ কলিকতাৰ নেছনেল কলেজত ভর্তি হয়। তাত দ্বিতীয় বার্ষিক শ্রেণীলৈ পঢ়ি সিমানতে পড়া এবে। তাৰপাছত বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ 'অসমীয়া' কাকতত কাম কৰে আৰু তেখেতৰ 'নিউপ্ৰেছ' চলোৱাত সহায় কৰে।


জ্যোতিপ্ৰসাদ আগৰৱালা ১৯২৬ চনত বিলাতলৈ যায় আৰু এডিনবৰা বিশ্ববিদ্যালয়ত কিছুদিন অধ্যয়ন কৰি কোনো ডিগ্রী নোলোৱাকৈ সিমানতে সাধাৰণ শিক্ষা সাং কৰি 'ফিল্ম-শিল্প' অধ্যয়ন কৰিবৰ বাবে জার্মানিলৈ যায়। তাত প্রখ্যাত ভাৰতীয় কথাছবি পৰিচালক হিমাংশু ৰায়ৰ সহায়ত সাতমাহ ফিল্ম প্রযোজনা আৰু পৰিচালনা সম্পর্কে প্রশিক্ষণ লয়। ১৯৩০ চনত মধ্যপ্রাচ্যৰ দেশসমূহৰ মাজেদি জ্যোতিপ্ৰসাদ ভাৰতলৈ উভতি আহে। সেই সময়ত ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন পূর্ণ গতিত চলিছিল। জ্যোতিপ্রসাদ‌ আগৰৱালাদেৱ আহিয়েই অসহযোগ আন্দোলনত পুনৰ জপিয়াই পৰে। ১৯৩১-৩২ চনৰ আন্দোলনত কংগ্ৰেছ স্বেচ্ছাসেৱকসকলৰ অধিনায়কৰূপে কাম কৰি ১৫-মাহ সশ্ৰম কাৰাদণ্ড ভোগ কৰে। তেখেতক শিলচৰ কাৰাগাৰত বন্দী কৰি থোৱা হৈছিল। এই কাৰাগাৰত বন্দী অৱস্থাত থাকোঁতেই তেওঁ যক্ষ্মাৰোগত আক্রান্ত হয়।


জেলৰপৰা ওলাই আহি তেখেতে কলংপুৰ ভোলাগুৰি চাহবাগিছাত অসমীয়া 'ফিল্মশিল্প' প্ৰতিষ্ঠাৰ মানসেৰে 'চিত্ৰলেখা মুভিটোন' প্রতিষ্ঠা কৰে। ইয়াৰ পৰায়েই ১৯৩৫ চনত প্রথম অসমীয়া কথাছবি 'জয়মতী' মুক্তি দিয়ে। সেই সময়ত অসমত কথাছবি উলিয়াবলৈ ন্যূনতম সা-সুবিধা নথকা সত্বেও কেবল শিল্পী-সুলভ আকাঙ্খা আৰু দেশপ্রেমত উদ্বুদ্ধ হৈ অনেক বাধা-বিঘিনি অতিক্রম কৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী অতি কম খৰছতে উলিয়াবলৈ সক্ষম হয়। তদুপৰি অতি আচৰিত কথা যে কাহানীও অভিনয় নকৰা অসমীয়া ছোৱালীক কথাছবিত সফলভাৱে অভিনয় কৰোৱালে। এই কাৰ্য্যক নিশ্চয় তেখেতৰ অসীম ধৈৰ্য্য আৰু সাহসিকতাৰেই নিদর্শন বুলিব লাগিব।


১৯৩৬ চনত জ্যোতিপ্রসাদ আগৰৱালাদেৱ ডিব্ৰুগড়ৰ দেৱযানী ভূঞাৰ লগত প্ৰণয় পাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটি পুত্র চিন্ময় আৰু বিশেন্দু আৰু পাঁচগৰাকী কন্যা জয়শ্রী, জ্ঞানশ্রী, সত্যশ্রী, হেমশ্ৰী আৰু মনশ্ৰীৰ জন্ম হয়। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগত 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটৰ গ্রামোফোন ৰেকৰ্ড কৰে। সেই সময়ত এই ৰেকৰ্ড দুখনে বৰ জনপ্রিয়তা লাভকৰিছিল। ১৯৩৭ চনত তেওঁ তেজপুৰত 'জোনাকী' চিনেমা হ'ল প্রতিষ্ঠা কৰে। তেজপুৰৰ বাণষ্টেজ সেই সময়ত এটি নামজুলা অনুষ্ঠান আছিল। এই বাণষ্টেজতে তেওঁ পশ্চিমীয়া আৰু ভাৰতীয় বাদ্যযন্ত্ৰৰ সমন্বয় সাধন কৰি 'অর্কেষ্টা'ৰ সৃষ্টি কৰিছিল। ইয়াৰ যোগেদি তেওঁ অসমীয়া ৰঙ্গমঞ্চ আৰু সঙ্গীত জগতলৈ নতুনৰ জোৱাৰ আনে। বিশেষকৈ অসমীয়া বাদ্যযন্ত্র খোল-তাল আদিৰ সু-প্ৰয়োগ কৰি অসমীয়া বাদ্যযন্ত্রক সন্মান যাচিলে। 'জয়মতী' কথা ছবিত তেওঁৰ যথেষ্ট আর্থিক ক্ষতি হয়; কিন্তু সেইবুলি তেওঁ নিৰাশ হোৱা নাছিল। 


১৯৩৯ চনত অতি কম খৰছতে 'ইন্দ্ৰমালতী' নামে এখনি সামাজিক কথাছবি নির্মাণ-কৰি অসমীয়া ফিল্মশিল্প'ৰ ইতিহাসৰ ৰচনা কৰে। তেওঁ ভাবিব পাৰিছিল যে আহিব ধৰা যুগটো হ'ব ফিল্মৰ যুগ, এই যুগৰ লগত তাল মিলাই যাতে অসমৰ কথাছবি শিল্পইও আগবাঢ়ি যাব পাৰে এই উদ্দেশ্যৰেই তেওঁ 'চিত্রলেখা মুভিটোন' প্রতিষ্ঠা কৰিছিল। কিন্তু ভগ্নস্বাস্থ্য আৰু প্ৰতিকূল পৰিস্থিতিয়ে তেওঁৰ সেই আশা পূৰণ হ'বলৈ নিদিলে। ১৯৪২ চনত পুনৰ দেশব্যাপি গণ-আন্দোলন আৰম্ভ হ'ল। এই আন্দোলনত জ্যোতিপ্রসাদ আগৰৱালাদেৱে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁ আছিল তেজপুৰ অঞ্চলৰ শান্তি সেনাবাহিনীৰ তত্বাৱধায়ক। ইয়াৰ যোগেদিয়েই তেওঁ অসমত আন্দোলন তীব্ৰতৰ কৰি তুলিলে।


ইতিমধ্যে অসম কংগ্ৰেছৰ ভালেমান নেতা গ্ৰেপ্তাৰ হোৱাৰ স্বাধীনতা যুদ্ধৰ এখন 'প্রখ্যাত নেতা অমিয় কুমাৰ দাসৰ পৰামৰ্শমতে জ্যোতিপ্রসাদ আগৰৱালা গুৱাহাটীলৈ যাব লগীয়া হয়। সেই সময়ত তেওঁৰ ঘৰত নানা-অসুখ অশান্তি চলি আছিল। তথাপিতো তেওঁ গুৱাহাটীত বিশিষ্ট নেতা হেমবৰুৱাৰ নিৰ্দেশক্রমে সদৌ অসম শান্তি সেনাবাহিনীৰ সৰ্বাধিনায়কৰ পদ গ্রহণ কৰে। এই পদ গ্রহণ কৰি তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আন্দোলনৰ ঢৌ বিয়পাই ফুৰিবলৈ ধৰে আৰু দ্বিতীয় মহাযুদ্ধৰ সাম্রাজ্যবাদী চেষ্টাত বাধা প্রদান কৰিবলৈ বিদ্রোহী জনতাক উদ্বুদ্ধ কৰি তোলে। এনে অৱস্থাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত চৰকাৰৰ বৰকৈ চকু পৰিল। চৰকাৰে পুনৰ তেওঁক জেলত ভৰাই থোৱাৰ কথা ভাবিলে। গতিকে তেওঁৰ পক্ষে অসমত থকাটো নিৰাপদ নহয় বুলি ভাবি তেওঁ কলিকতালৈ গৈ আত্মগোপন কৰে আৰু তাৰ পৰাই আন্দোলন চলাই থাকিল গৈ। সেই সময়ত ভাৰতবৰ্ষৰ কিছুমান নেতাই অহিংসাৰ পথ পৰিহাৰ কৰি হিংসাৰ নীতি গ্ৰহণ কৰি বৃটিছ চৰকাৰক ব্যতিব্যস্ত কৰিব বিচাৰিছিল। জ্যোতিপ্ৰসাদে এই নীতিৰ ঘোৰ বিৰোধিতা কৰে। কলিকতাৰ অজ্ঞাতবাসৰ পৰাই তেওঁ অসমৰ জনসাধাৰণক অহিংস আন্দোলন চলাই যাবলৈ উদ্‌দ্গণি দি থাকিল।


১৯৪৩ চনত তেওঁ মহাত্মাগান্ধীৰ নিৰ্দেশক্রমে তেজপুৰ আদালতত হাজিৰ হ'লগৈ, পিছে তেওঁৰ বিৰুদ্ধে একো প্রমাণ নোপোৱাত খালাচ পায়। ছাত্ৰ অৱস্থাৰ পৰায়েই তেওঁ কংগ্ৰেছৰ হকে কাম কৰিছিল যদিও কংগ্ৰেছ ৰাজত্বত কথা আৰু কামৰ অমিল দেখি জীৱনৰ শেষৰ ফালে কংগ্ৰেছ ত্যাগ কৰি সমাজবাদৰ ফালে ঢাল খাইছিল। আৰু কিছুদিন মার্ক্সবাদীসকলৰ দ্বাৰা আয়োজিত গণনাট্য সংঘৰ সভাপতি আছিল। ১৯৪৪ চনত জ্যোতিপ্রসাদ আগৰৱালাদেৱে 'দৈনিক অসমীয়া' বাতৰি কাকতৰ সম্পাদকৰ দায়িত্ব লয়। এই সময়ছোৱাতেই তেওঁ অসমত বিশ্ববিদ্যালয় স্থাপন আন্দোলনত সহায় কৰে। তেখেতে বিশ্ববিদ্যালয়ৰ স্থাপত্য কেনে হোৱা উচিত তাৰ এটি নক্সাও দিছিল। দৈনিক অসমীয়া কাকতৰ সম্পাদনাৰ দায়িত্ব পালন কৰাৰ সাতমাহৰ পাছত স্বাস্থ্যজনিত কাৰণত তেওঁ সেই পদৰ পৰা অব্যাহতি লৈ ডিব্ৰুগড়ৰ তামোলবাৰী চাহবাগিছাত থাকিবলৈ লয়।


১৯৪৯ চনত তেওঁৰ জীৱনলৈ এক দুর্যোগ নামি আহিল। সাতোটি সন্তান এৰি থৈ তেওঁৰ পত্নী দেবযানী আগৰৱালাই ইহ সংসাৰৰ পৰা বিদায় লয়। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পক্ষে এই ঘটনা বিনা মেঘে বজ্রপাতৰ দৰে হ'ল। এনে অৱস্থাতো তেওঁ কেবাখনো নাট, গীত, কবিতা আৰু প্ৰৱন্ধ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰিলে। ইতিমধ্যে তেওঁৰ অসুখ দিনক দিনে বেছি হৈ আহিবলৈ ধৰিলে আৰু অৱশেষত ১৯৫১ চনৰ ১৭ জানুৱাৰী তাৰিখে জ্যোতিপ্ৰসাদে জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিলে। জ্যোতিপ্রসাদ আগৰৱালা আছিল বিপ্লবী মনীষাৰ প্ৰতীক। সেইবুলি হিংসাত্মক বিপ্লৱৰ নহয়। অহিংসাৰেও যে বিপ্লৱ কৰিব পাৰি এইটো তেওঁ দেখুৱাই থৈ গৈছে। 


জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আমাৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনত যি মহান বিপ্লৱৰ ভূমিকা গ্ৰহণ কৰিছিল তাৰ তুলনা নাই। অৱশ্যে প্রগতিশীল ব্যক্তি মানেই বিপ্লৱী। কাৰণ বিপ্লৱৰ যোগেদিহে সমাজলৈ পৰিবৰ্তন আহে। পৰিৱৰ্তনৰ গতিত সমাজ আগবাঢ়ে। "ৰূপান্তৰেহে জগত ধুনীয়া কৰে।" এই বিপ্লৱ হিংসাত্মক বা অহিংসাত্মক সৰব বা নীৰৱ বিপ্লৱ যি কোনো এবিধ হ'ব পাৰে। যি সমাজত বিপ্লব নাই তাত ৰূপান্তৰো নাই। সেই সমাজ স্থবিৰ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে গঠনমুখী আৰু প্ৰগতিশীল বিপ্লৱক গভীৰভাৱে বিশ্বাস কৰিছিল। এই বিশ্বাস তেখেতৰ সাংস্কৃতিক, ৰাজনৈতিক আৰু সাহিত্যিক জীৱনত প্রতিফলিত হৈছিল। গীতৰ জৰিয়তে তেওঁ বহু কথাই কৈছিল। অসমীয়া সাহিত্য‌ জগতলৈ তেওঁৰ অৱদান বহুত।‌ 

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা সমূহ :

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা নাটকসমূহ হল- শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, নিমাতী কইনা, সোণ পখিলী, খনিকৰ, সুন্দৰ কোঁৱৰ, কনকলতা। কবিতা - লুইতৰ পাৰৰ অগ্নিসুৰ, (বিভিন্ন সময়ত ৰচিত কবিতাৰ সংকলন গ্রন্থ) জ্যোতি ৰামায়ণ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জীৱনী- চন্দ্ৰকুমাৰ আগৰৱালা। গল্প হ'ল - জ্যোতি সাতসৰী (সংকলন গ্রন্থ), প্রবন্ধ- জ্যোতিৰ্ধাৰা (প্ৰৱন্ধ আৰু ভাষণাৱলীৰ সংকলন গ্রন্থ), উপন্যাস- আমাৰ গাঁও।চিত্রনাট্য- জয়মতী, ইন্দ্ৰমালতী, শোণিত কুঁৱৰী (ইংৰাজী)।‌ গীত - নাটৰ বিভিন্ন চৰিত্ৰ আৰু আন উপলক্ষ্যত ৰচিত অনেক গীত।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল-

"আন্ধাৰক শাওপাত দিবলৈ আমি ইয়ালৈ অহা নাই। সেই আন্ধাৰৰ মাজেদি এক সুস্থ ভৱিষ্যতৰ ফালে আমাক বাট দেখুৱাই নিব পৰা চাকি এগছ জ্বলাবৰ বাবেহে আহিছোঁ। "পাত্রাপাত্র চাই আমি অস্ত্রাগাৰৰ পৰা অস্ত্ৰ আনিব লাগিব আৰু আৱশ্যক হ'লে আমি খাৰ বাৰুদৰ কুঠৰিলৈকো যাব লাগিব।"


জ্যোতিপ্রসাদ আগৰৱালা বৈপ্লবিক সৃজনী প্ৰতিভাৰ গৰাকী আছিল। অৱশ্যে তেখেতৰ এই বিপ্লৱ ধ্বংসাত্মক বিপ্লর নাছিল। নতুন আৰু পুৰণিৰ সময়োপযোগী সমন্বয় সাধনৰ মাজেদি সৃষ্টিৰ পথ অনুসৰণ কৰাৰ তেখেত পক্ষপাতী আছিল। জ্যোতিপ্রসাদ আগৰৱালা আছিল হাড়ে হিমজুয়ে শিল্পী। তেখেত আছিল জনতাৰ শিল্পী -গণশিল্পী। জ্যোতিপ্রসাদ আগৰৱালাদেৱক শিল্পী হোৱাত, সাহিত্যিক হোৱাত বৰঙণি যোগাইছিল তেখেতৰ ঘৰুৱা পৰিবেশে। বিশেষকৈ জীৱনৰ আদি কালছোৱাত পৰিবেশে যথেষ্ট প্রভাৱ পেলাইছিল। পৰিয়ালত অসমীয়া সাহিত্য চর্চ্চাৰ অনুকূল পৰিৱেশ থকাৰ বাবেই তেখেত অসমীয়া সাহিত্য জগতত প্রৱেশ কৰাৰ আৰু প্ৰতিষ্ঠিত হোৱাৰ পথ প্রশস্ত হৈছিল। অৱশ্যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিভা আছিল জন্মগত। পৰিয়ালে তেখেতৰ জন্মগত প্রতিভা বিকাশ কৰিবৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰি দিছিল মাত্র। 


জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিভা আছিল বৈচিত্রময় আৰু বহুমুখী। আনে গচকি দুবৰি মাৰি যোৱা পথেদি সুন্দৰৰ সন্ধানত তেখেতে আগবাঢ়ি যাব নিবিচাৰিছিল। নিজস্ব দৃষ্টি ভঙ্গী আৰু বিচাৰ-বিবেচনাৰে তেওঁ সকলো বস্তু চাবলৈ আৰু ৰূপ দিবলৈ লৈছিল। পিছে সকলো ক্ষেত্রতে যে তেখেতে সমানেই সাফল্য লাভ কৰিছিল এনে নহয়। বহু ক্ষেত্রত আমাৰ সমাজত থকা সীমাবদ্ধতা আৰু অসুবিধাবোৰৰ কাৰণেও তেখেতে আশানুৰূপ সুফল লাভ কৰিব পৰা নাছিল। তথাপি সীমাবদ্ধ সুযোগ-সুবিধা সদ্ব্যৱহাৰ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমৰ সাহিত্য-সংস্কৃতি জগতলৈ যি অৱদান দি গ'ল তাৰ তুলনা নাই, জ্যোতিপ্ৰসাদে, অসমৰ সংগীত, নাটক, অভিনয় জগত কথাছবি শিল্প, কবিতা, শিশুসাহিত্য আদি সকলোতে সৃজনীমূলক প্রতিভা আৰু স্বকীয় দৃষ্টি সুক্ষ্মবিচাৰবোধ আৰু সৌন্দৰ্য্য সাধনাৰ স্পষ্ট স্বাক্ষৰ ৰাখি গৈছে।


জ্যোতিপ্রসাদ আগৰৱালাদেৱ আছিল মূলতঃ কবি। নাট্যকাৰ ৰূপটোও কবিৰেই এটি সম্প্ৰসাৰিত ৰূপ মাত্র। সেয়ে তেখেতৰ নাটত নাট্যধৰ্ম্মৰ লগতে কাব্যগুণৰো মণিকাঞ্চন সংযোগ ঘটিছে। সাহিত্য, সংস্কৃতি আৰু কলাসম্পর্কে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্বকীয় ধাৰণা আছিল সঁচা; কিন্তু সেই বুলি স্বকীয় ধাৰণাৰ বশৱৰ্ত্তী হৈহে যে সকলো সৃষ্টিধর্মী সাহিত্য প্রণয়ন কৰিছিল এনে নহয় বিদেশী সাহিত্যৰ পৰাও তেখেতে সাহিত্যৰ কিছু সমল লৈছিল। কিন্তু সেই বিলাকৰ পটভূমি, ঘটনা আৰু চৰিত্ৰক এনেধৰণে অসমীয়াৰূপত সজাইছিল যে সেইবিলাক জাতেপাতে অসমীয়া হৈ পৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত বিদেশী সাম্রাজ্যবাদী শক্তিৰ বিৰুদ্ধে সন্মুখ সমৰত নামি একাধিকবাৰ স্বাধীনতা আন্দোলনত যেনেকৈ জড়িত হৈ পৰিছিল, তেনেকৈ অসমৰ কলা-সাহিত্যৰ ক্ষেত্ৰত নতুনত্ব সম্পাদন কৰি স্থবিৰতা ভাঙিবলৈ নীৰৱ বিপ্লৱৰ পথিক স্বৰূপে আগবাঢ়িছিল।


শিল্পী-সাহিত্যিকৰ ভূমিকা সম্পর্কে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ধাৰণা আছিল স্পষ্ট। তেখেতৰ মতে শিল্পী সাহিত্যিকৰ ভূমিকা হ'ব লাগিব মহাভাৰতৰ অৰ্জ্জুনৰ দৰে। সমাজৰ পৰা দুষ্কৃতি বিনাশি সংস্কৃতি জীয়াই ৰাখিবলৈ শিল্পী সাহিত্যিক সকলে ভয়-দুর্ব্বলতা-ভ্রান্তি গচকি-খচকি সুকুমাৰ কলাৰ অস্ত্ৰ লৈ জনতাৰ মাজত থিয় হ'ব লাগিব অর্জুনে গাণ্ডীব লৈ সংগ্ৰামৰ বাবে থিয় হোৱাৰ দৰেই। জীৱনৰ প্ৰতিটো স্তৰতে তেখেতে এই ভূমিকাৰ কথা মনত পেলাই আগবাঢ়িছিল। জ্যোতিপ্ৰসাদে ৰচনা কৰা গীতসমূহৰ এক সুকীয়া বৈশিষ্ট্য আছে। বিভিন্ন সময়ত ভিন্ ভিন্ প্রয়োজনত অনেক বিষয় বস্তুৰ ওপৰত তেখেতে গীতৰচনা কৰিছিল। তদুপৰি নাটৰ বিভিন্ন চৰিত্ৰৰ বাবে ৰচনা কৰা গীতবোৰতো আছেই। তেখেতৰ গীতসমূহত অসমীয়া গীত-মাতৰ সু-সমন্বয় ঘটিছে। বিশেষকৈ শোণিত কুঁৱৰী নাটৰ গীতবোৰত বিয়ানাম, আইনাম, বিহুনাম, বনগীতৰ সুৰেৰে সুৰ দিয়া হৈছিল আৰু নাচৰ যোগেদিও অসমীয়া বিহুনাচ আৰু কামৰূপী নাচ অসমীয়া মঞ্চত তুলিবলৈ তেখেতে প্রথমে প্রচেষ্টা চলাইছিল। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতবোৰে অসমীয়া জাতিক সদায়ে প্ৰেৰণা যোগাই আহিছে আৰু যোগাই থাকিব। স্বদেশ আৰু স্বজাতিৰ দুৰ্যোগৰ সময়ত তেখেতৰ স্বদেশ প্রেমমূলক গীতসমূহে যোগোৱা প্ৰেৰণা উল্লেখনীয়। 'বিশ্ববিজয় ন-জোৱান', 'লুইতৰ পাৰৰে আমি ডেকাল'ৰা এই গীত অসমীয়া সংগীত জগতত সদায়ে নতুন হৈ থাকিব।


জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানৱীকায়া আজি আমাৰ মাজত নাই সঁচা; কিন্তু শিল্পী, সাহিত্যিক আৰু ৰাজনৈতিক কর্মী হিচাপে তেখেতৰ সত্ত্বাটো আমাৰ মাজত আছে আৰু থাকিব। বিশেষকৈ তাকৰীয়া হ'লেও নিভাঁজ সোণৰ যি কেইপদ অলংকাৰ তেওঁ অসমীয়া সাহিত্যক পিন্ধাই গ'ল- সেই খিনিয়েই তেখেতক অসমীয়া সাহিত্য-জগতত অমৰ কৰি ৰাখিব। সময়ৰ পাক ঘূৰণিত 'চিন স্মৃতি' পমি যাব পাৰে, পাহৰণিৰ গহ্বৰত জাহ যাব 'স্মৃতি' নহয় জ্যোতি জ্যোতিয়েই। তেন্তে চিৰদিন চিৰকাল সেই প্রকৃতি পাৰে। কিন্তু জ্যোতিপ্রসাদতো 'চিন' নহয় জ্যোতিপ্রসাদ আগৰৱালাদেৱক যদি 'প্রকৃতি' বুলি ধৰা হয় একেদৰেই থাকিব ক্ষয় নহয়। এটা সময় আছিল যেতিয়া সমাজৰ প্ৰায়ভাগ মানুহেই জ্যোতিপ্রসাদ আগৰৱালাদেৱক হেয়জ্ঞান কৰিছিল; তেওঁৰ সৃষ্টিৰাজীৰ মূল্য নিদিছিল; তেনে সময়তো জ্যোতিপ্রসাদ আগৰৱালাদেৱ কিন্তু ক্ষান্ত হোৱা নাছিল। আন্ধাৰৰ মাজেদি নিৰাপদে এক সুস্থ ভৱিষ্যতৰ ফালে বাট দেখুৱাই নিব পৰা চাকি এগছ জুলাবৰ বাবে তেখেতে আহোপুৰুষাৰ্থ কৰিছিল।


"সুন্দৰে যে ফুলাৰ মন্ত্র অহোৰাত্ৰি মাতে সেয়েহে ইমান ফুল প্রভাতে প্রভাতে।” নকলেও হ'ৰ যে সেই ফুল ফুলিছিল আৰু তাৰ সুগন্ধি সুবাসে আমাৰ ভাষা-সাহিত্য-সংস্কৃতিৰ পথাৰখনলৈ কঢ়িয়াই আনিছিল অপৰূপ ৰূপৰাশি। বর্তমান সময় সলনি হৈছে। আজিৰ অসমীয়া সমাজে কিঞ্চিৎ হ'লেও জ্যোতিপ্রসাদ আগৰৱালাদেৱক মুল্যায়ণ কৰিবলৈ আগ্রহ প্রকাশ কৰিছে- ই শুভলক্ষণ। কিন্তু সেয়ে হ'লেও বিভিন্ন মহলে জ্যোতিপ্রসাদ আগৰৱালাদেৱক বিভিন্ন সাজত সজাই পৰাই সমাজত উপস্থাপন কৰিবলৈ বিচৰাটো শুভলক্ষণ নহয়। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সম্বোধন কমৰেড, ৰূপকোঁৱৰ বিপ্লবী গণশিল্পী জনতাৰ শিল্পী- জীবন শিল্পী যিয়েই নহওক কিয় জ্যোতি কিন্তু জ্যোতিয়েই। জ্যোতিপ্ৰসাদ আগৰৱালা অমৰ হওক। তেওঁৰ জীৱন আৰু গুণৰাশিয়ে আমাৰ উঠি অহা চামক উদ্বুদ্ধ কৰক - অনুপ্রাণিত কৰক।



******

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা