মহৎ লোকৰ বাণী Mohat Lukor Bani

মহৎ লোকৰ বাণী Mohat Lukor Bani


মহৎ লোকৰ বাণী | অমৃত বাণী অসমীয়াত |‌ ছাত্ৰ ছাত্ৰী সকলৰ বাবে মহৎ লোকৰ বাণী| ভাৰতীয় মহৎ লোকৰ বাণী| Mohat Lukor Bani Assamese


মহৎ লোকৰ বাণী অমৃত বাণী অসমীয়াত Mohat Lukor Bani Assamese
মহৎ লোকৰ বাণী Mohat Lukor Bani

মহৎ লোকৰ বাণী


১/ প্ৰেমৰ আনন্দ ক্ষণস্থায়ী; কিন্তু, প্ৰেমৰ বেদনা স্থায়ী।

- ৰবীন্দ্ৰ নাথ ঠাকুৰ



২/ আমি যি জানোঁ, সি অতি সামান্য। আমি যি নাজানোঁ, তাৰ সীমা নাই। এতেকে, নিজক জ্ঞানী বুলি ভৱা অনুচিত।

- পাপলেচ্



৩/ নজনাটো সিমান লাজৰ কথা নহয়, শিকিবলৈ যত্ন বা ইচ্ছা নকৰাটোহে বেছি লাজৰ কথা।

- বেঞ্জামিন ফ্রেঙ্কলিন



৪/ এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন মানুহ হত্যা কৰা- একে কথা।

- মিল্টন্



৫/ কথা কমকৈ ক'বা, কাম বেছিকৈ কৰিবা। লোকক উপদেশ কমকৈ দিবা, সজ উপদেশ বেছিকৈ শুনিবা।

-চক্রেটিছ



৬/ জুইয়ে শুকান খৰি পুৰি ছাঁই কৰাৰ দৰে ঈর্ষায়ো সকলো ভাল কাম নষ্ট কৰি পেলায়। 

- হজৰত মোহম্মদ



৭/ বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি।

- মাদাৰ টেৰেছা



৮/ ভাগ্যক বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা তোমাৰ শক্তিক।

- আম্বেদকাৰ



৯/ জ্ঞানীলোকৰ কেতিয়াবা কিবা ক্ষতি হ'লেও, অদৃষ্টক ধিয়াই হাত সাৱটি বহি নাথাকে; বৰং আগতকৈ বিপুল উৎসাহেৰে সেই ক্ষতিপূৰণৰ অৰ্থেহে চেষ্টা কৰে।

- শ্বেইক্সপীয়েৰ



১০/ নিজৰ সুখেই যাৰ জীৱনৰ লক্ষ্য, তেওঁ এজন অসৎ লোক। আনৰ প্ৰশংসা পোৱাটোৱেই যাৰ জীৱনৰ লক্ষ্য, তেওঁ এজন দূৰ্বল লোক। আনৰ সুখেই যাৰ জীৱনৰ লক্ষ্য, তেওঁ এজন সৎ লোক।

- লিঅ’ টলষ্টয়


মহৎ লোকৰ বাণী


১১/ যি মানুহৰ ধৈৰ্য্যশক্তি আছে, তেওঁৰ অসাধ্য একোৱেই নাই।

- বেঞ্জামিন ফ্রেঙ্কলিন



১২/ তুমি নিজে এজন সাধু হোৱা আৰু তেতিয়া তুমি নি:সন্দেহে ক'ব পাৰিবা যে এজন অসৎ লোক পৃথিৱীৰ পৰা কমি গৈছে।

- কার্লাইল্



১৩/ খং নকৰিবা, নিজৰেই সর্বনাশ হ'ব। অহঙ্কাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা।

- স্বামী বিবেকানন্দ



১৪/ পৃথিৱীৰ বিষয়ে মোৰ অভিজ্ঞতা যিমানেই বাঢ়িছে, সিমানেই মই এই কথাত পতিয়ন গৈছোঁ যে গাৰ বলেৰে বা পাশবিক শক্তিৰ দ্বাৰা কেতিয়াও কোনো স্থায়ী কাম কৰিব নোৱাৰি।

- নেপোলিয়ন বোনাপার্ট



১৫/ যিজনে নিজকে জ্ঞানীলোক বুলি ভাবে, তেওঁতকৈ মূর্খলোক পৃথিৱীত দ্বিতীয়জন নাই।

- ভল্টেয়াৰ



১৬/ যিয়ে তোমাক এবাৰ বিশ্বাসঘাটকতা কৰিছে, তেওঁক কেতিয়াও বিশ্বাসত নল'বা।

- শ্বেইক্সপীয়েৰ



১৭/ তুমি নোপোৱা বস্তুৰ বাবে অসন্তোষ নকৰিবা আৰু যি পাইছা তাকো লৈ অহঙ্কাৰ নকৰিবা।

- কোৰাণ শ্বৰীফ



১৮/ মদ্যপান অস্থায়ীভাবে আত্মহত্যাৰ লেখীয়া; যি সুখ কঢ়িয়াই আনে, সি প্রকৃততে দুখহে।

- বাট্টাও বাছেল্



১৯/ খ্যাতিয়ে সদায় নি:সঙ্গতা কঢ়িয়াই আনে। কৃতকাৰ্য্যতা উত্তৰ মেৰুৰ দৰে নির্জন আৰু শীতল।

- ভিকিবম



২০/ সেই শিল্পই প্রকৃত শিল্প, যাৰ দাপোনত জীবন প্রতিফলিত হয়।

- নাজিম হিক্সত্


মহৎ লোকৰ বাণী


২১/ তৰলমনা লোকেহে ভাগ্যত বিশ্বাস কৰে।

- এমাৰ্ছন্



২২/ আত্মবিশ্বাসহীন মানুহৰ বাবে নীৰৱতা অবলম্বনেই শ্রেয়।

- লাঁ ৰচফুঁক



২৩/ জীৱনটো এখন সংগ্ৰামৰ থল। সাহসী আৰু কৰ্ম্মপটুজনেহে এই সংগ্রামত জয়লাভ কৰিব পাৰে।

- নেপোলিয়ন্



২৪/ কাজিয়াৰ সময়ত এজন মানুহ বা এজনী তিৰোতা কোন বংশৰ পৰা উদ্ভৱ হৈছে- সেইটো বুজিব পাৰি।

- জর্জ বার্নার্ড শ্ব'



২৫/ তুমি তোমাৰ লক্ষ্যত উপনীত হ'বলৈ হৃদয়ক সাহসী কৰি তোলা। তেতিয়া দেখিবা যে তুমি কেতিয়াও অকৃতকাৰ্য্য নোহোৱা।

- শ্বেইক্সপীয়েৰ



২৬/ যি মানুহৰ শিক্ষা নাই তেওঁ এডাল শুকান কাঠখৰিৰ দৰে।

- হজৰত মোহম্মদ



২৭/ প্রকৃত শিক্ষাই ভুল আঁতৰ কৰে আৰু সত্যক আবিষ্কাৰ কৰে।

- ছক্রেটিছ



২৮/ আত্মাৰ উপলব্ধিয়েই শিক্ষা।

- শঙ্কৰাচাৰ্য্য



২৯/ তোমাক কোনোবাই এখন গালত চৰ মাৰিলে, আনখন গালো পাতি দিবা।

- মহাত্মা গান্ধী



৩০/ তোমাৰ অন্তৰৰ বিবেক নামৰ সেই স্বর্গীয় জুইকুৰা জ্বলাই ৰাখিবলৈ যত্নবান হ'বা।

- চক্রেটিছ


মহৎ লোকৰ বাণী


৩১/ পৰীক্ষাত নকল কৰাটো যিমান দোষ, আনৰ পৰা চাই লোৱাটোও সিমানেই দোষ।

- হেম বৰুৱা



৩২/ ল'ৰা-ছোৱালীক প্রকৃততে ভদ্র হ'বলৈ শিক্ষা দিব লাগে, অভদ্র হ'বলৈ নহয়।

- পদ্মনাথ গোহাঞি বৰুৱা



৩৩/ আইন-শৃঙ্খলা অবিহনে সমাজ তিষ্ঠিব নোৱাৰে।

- ব্রার্ট ৰুছেল



৩৪/ সমস্যাক তোমাৰ গৰাকী হ'বলৈ নিদিবা; তুমি সমস্যাৰ গৰাকী হৈ সমস্যাক প্রতিহত কৰা।

- ড° এ. পি. জে. আব্দুল কালাম



৩৫/ অভিজ্ঞ মানুহৰ চিন হ'ল ভাগ্যবাদী নোহোৱা।

- যোচেফ কনৰাড



৩৬/ মুর্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নেজানে।

- বুদ্ধদেৱ



৩৭/ পাপক ঘিণ কৰিবা, পাপীক ঘিণ নকৰিবা।

- যীশু



৩৮/ তুমি বৰফৰ দৰে শুভ্র-নিষ্কলঙ্ক হ'লেও কেতিয়াও নিন্দাৰ পৰা হাত সাৰিব নোৱাৰা।

- শ্বেইক্সপীয়েৰ



৩৯/ জ্ঞান, কৰ্ম্মৰ অনুভূতিয়ে মানুহৰ মনত শান্তি দিয়ে।

- মহাত্মা গান্ধী



৪০/ যি মানুহে শত্ৰুৰ মুখামুখি হ'ব নোৱাৰে, তেনে মানুহে জীৱনত একোৱেই নাপায়।

- হিটলাৰ


মহৎ লোকৰ বাণী


৪১/ সকলো বিপদৰ একমাত্র ঔষধ হৈছে 'ধৈর্য্য'।

- প্লেটো



৪২/ স্বাধীন হোৱা মানেই মুক্ত হোৱা নহয়।

- ৰবীন্দ্ৰ নাথ ঠাকুৰ



৪৩/ উৎসাহৰ অবিহনে কোনো মহৎ কাম সম্ভৱপৰ নহয়।

- ৰাল্‌ল্ফ ৱাল্ড ইমাৰছন্



৪৪/ সকলো বস্তু কিনিছা, কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা।

- যতীন্দ্ৰ নাথ দুৱৰা



৪৫/ কু-সংস্কাৰেই হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ বোজা।

- ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ



৪৬/ মৃত্যু হোৱা সিংহ এটাতকৈ জীয়া কুকুৰ এটা বেছি ভাল।

- বাইবেল



৪৭/ দূৰলৈ চাই চিন্তা কৰিবলৈ যিজন অপাৰগ, সেইজনে সোনকালে দুখ ভোগ কৰিব লাগিব।

- কনফুচিয়াছ



৪৮/ ভুল আঁতৰাই সত্য প্রতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য।

- চক্রেটিছ



৪৯/ কর্তব্যজ্ঞানে লোকক উদাৰ আৰু মহৎ কৰে, এলাহে অধম কৰে।

- সত্যনাথ বৰা



৫০/ দিনটোত ২৪ ঘণ্টা সময় থাকে। এই সময়খিনি তুমি প্রতিশোধ লোৱা কামত ব্যৱহাৰ কৰিব পাৰা বা ভাল কামত ব্যৱহাৰ কৰিব পাৰা। মই দ্বিতীয়টো পছন্দ কৰোঁ।

- বেনজিৰ ভুট্টো


মহৎ লোকৰ বাণী


৫১/ যি মানুহে যিকোনো এটা কাম একনিষ্ঠতাৰে কৰে, তেওঁ অৱশেষত সকলো কাৰ্য্য কৰিব পৰা শক্তি আয়ত্ব কৰে।

- মহাত্মা গান্ধী



৫২/ ভাতৃৰ দৰে মিলিজুলি থাকিবা, নহ'লে মুৰ্খৰ দৰে বিনাশ হ'বা।

- প্রবচন



৫৩/ কিবা এটা কাম শুদ্ধ বুলি জানিও যি মানুহে সেই কাম সাহসৰ অভাৱত কৰিব নোৱাৰে, তেওঁৱেই প্রকৃত কাপুৰুষ।

- কনফুচিয়াছ



৫৪/ অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহুতো প্রতিভাৰ অপচয় ঘটে।

- ছিডনী স্মিথ



৫৫/ ক্ষমাৰে ক্রোধক জয় কৰিবা, বেয়াক ভালেৰে জয় কৰিবা, বদান্যতাৰে লোভক জয় কৰিবা, অসত্যক সত্যৰে জয় কৰিবা -ইয়েই প্রকৃত ধৰ্ম্ম।

- বুদ্ধদেৱ



৫৬/ মই তোমাক এষাৰ মন্ত্ৰ দিওঁ- যেতিয়াই তোমাৰ মনত কর্তব্যাকর্ত্তব্য সম্পর্কে সন্দেহৰ উদয় হয়, তেতিয়াই তলত লিখা কথাষাৰ প্ৰয়োগ কৰি চাবা।

তুমি লগ পোৱা সবাতোকৈ দুখীয়া আৰু দুৰ্বল মানুহজনৰ মুখখন মনত পেলাবা আৰু নিজকে সুধি চাবা তুমি কৰিব খোজা কামটোৱে সেইজন মানুহক কিবা প্ৰকাৰ সহায় কৰিবনে? তুমি কৰিব খোজা কামটোৰ দ্বাৰা তেওঁৰ কিবা লাভ হ'বনে?

- মহাত্মা গান্ধী



৫৭/ ত্যাগৰ বেদীত স্বাৰ্থৰ বলি দিব নোৱাৰিলে আদৰ্শৰ মৃত্যু ঘটে।

- হেম বৰুৱা



৫৮/ ভীৰুৰ দৰে বাচি থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্রেয়।

- মহাত্মা গান্ধী



৫৯/ ধন, জন, যৌৱন আৰু ঐশ্বৰ্য্যৰ বাবে গৰ্ব নকৰিবা। কিয়নো এইবিলাক নিমিষতে কালে আহি হৰি নিব পাৰে। এতেকে ঈশ্বৰক স্মৰণ কৰি ধর্মপথে চলাই একমাত্র কর্তব্য।

- শঙ্কৰাচাৰ্য্য



৬০/ এখন ভাল অন্তৰ পৃথিৱীৰ সকলো মন্দিৰতকৈ বেছি ভাল।

- লিটন


মহৎ লোকৰ বাণী


৬১/ বুদ্ধিৱান আৰু চৰিত্ৰৱানসকল সদায় প্রশংসাৰ যোগ্য।

- চাণক্য নীতি



৬২/ উৎফুল্লিত অন্তৰ আৰু হাঁহিভৰা মুখে তোমাক যিকোনো প্রার্থনাতকৈ অধিক পৰিমাণে ঈশ্বৰৰ ওচৰলৈ নিব পাৰে।

- স্বামী বিবেকানন্দ



৬৩/ সৰুৰে পৰা নিজকে ডাঙৰ বোলাবলৈ যিসকলে হৈ চৈ কৰি ফুৰে, সেইসকলৰ কৰ্ম্ম-শক্তি হৈ চৈতে শেষ হয়। ভীমৰ গদা ঘূৰাবলৈ হ'লে আগতে ভীমৰ বল অৰ্জন কৰিব লাগে।

- ড° বাণীকান্ত কাকতি



৬৪/ সাধুৰ ক্ষেত্ৰত জাতিৰ প্ৰশ্ন নুতুলিবা। তৰোৱালৰ মূল্যাঙ্কন কৰিবা, কিন্তু খাপৰৰ নহয়।

- কবীৰ দাস



৬৫/ আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা নকৰে।

- অম্বিকাগিৰি‌ ৰায় চৌধুৰী 



৬৬/ কামৰ ওপৰতেই মানুহৰ উন্নতি নিৰ্ভৰ কৰে। চেষ্টাৰ অবিহনে মানুহৰ দৈহিক বা মানসিক উন্নতি সম্ভৱ নহয় আৰু চেষ্টা মানেই হ'ল কাম। কাম কেতিয়াও অভিশাপ নহয়। ই হ'ল বুদ্ধিৰ স্বকীয় অধিকাৰ, মনুষ্যত্ব লাভৰ একমাত্র পথ আৰু সভ্যতাৰ মাপকাঠি।

- কেলভিন ক'লিজ



৬৭/ অন্যায়ৰ বিৰুদ্ধে আমাৰ খং উঠে; কিন্তু, সেই খঙে আমাৰ কণ্ঠস্বৰ কৰি তোলে কর্কশ। হাঁয়! আমি যিসকলে দয়া আৰু কৰুণাৰ ভেঁটি বান্ধিব খুজিছিলোঁ, আমি সেইসকলে নিজেই কিন্তু দয়াবান হ'ব নোৱাৰিলোঁ।

- বার্টোল্ট ব্রেখট্



৬৮/ মানুহে হাতেৰে বা ক্ষমতাৰ সহায়েৰে নিৰ্মাণ কৰা সকলো সৌধতকৈ জ্ঞান আৰু প্ৰতিভাৰ সৌধ বহুত বেছি দীর্ঘস্থায়ী। হোমাৰৰ বাক্য এটা শব্দ বা আখৰো লৰচৰ নোহোৱাকৈ আঢ়ৈ হাজাৰ বছৰতকৈ অধিক কাল ধৰি এতিয়াও সম্পূর্ণ অক্ষত হৈ আছে। কিন্তু, ইয়াৰ ভিতৰতে কিমান ৰাজ-প্রাসাদ, মন্দিৰ, দূৰ্গ আৰু নগৰ কালৰ বুকুত জাহ গ'ল, তাৰ সীমা-সংখ্যা নাই।

- ফ্রান্সিচ্ বেকন্



৬৯/ কথা কমাই দিয়া, কাম নিজেই ঠিক হ'ব। কঠিন কাম সহজ হৈ থাকোতেই আৰম্ভ কৰিবা আৰু ডাঙৰ কাম সৰু হৈ থাকোঁতেই হাতত ল'বা। ভাল ক'লে দেখা-শুনা মানুহৰ পৰা সুখ্যাতি অর্জন কৰিব পাৰি, কিন্তু, ভাল কাম কৰিলে অপৰিচিত লোকৰ পৰাও বন্ধুত্ব লাভ কৰিব পাৰি। ভাল মানুহৰ ওচৰত ভাল হোৱা: কিন্তু, বেয়া মানুহৰ লগতো ভাল হোৱা, যাতে বেয়াক ভাললৈ আনিব পাৰি। শয়ন সম্বন্ধে বিলাস আৰু খাদ্য সম্বন্ধে অসংযম- একান্ত অশোভন। ধনৰ গৰ্ব ত্যাগ কৰিবা।

- লাউৎজে



৭০/ শাসক শ্রেণীটো হ'ল সমাজৰ সংখ্যালঘু শ্রেণী। শিক্ষানুষ্ঠান, বাতৰি-কাকত আৰু ধৰ্ম্মানুষ্ঠানবোৰ তেওঁলোকৰ নিয়ন্ত্রণাধীন। এইবোৰৰ সহায়েৰেই তেওঁলোকে জনসাধাৰণৰ আৱেগ-অনুভূতিক সঙ্গঠিত আৰু প্ৰভাৱিত কৰি জনসাধাৰণক তেওঁলোকৰ হাতৰ পুতলাত পৰিণত কৰে।

- এলবার্ট আইনস্টাইন্


মহৎ লোকৰ বাণী


৭১/ যেতিয়াই কোনো এজন মানুহক অতিমাত্ৰা প্ৰশংসা কৰা হয়, তেতিয়াই তেওঁ এটা উপাস্য বিগ্রহত পৰিণত হয়। মানৱজাতিৰ ভৱিষ্যতৰ কাৰণে ই অতিশয় ক্ষতিকাৰক।

- ফ্ৰন্সিস্ক' ফেৰাৰ



৭২/ অতীতৰ বহুতো কু-সংস্কাৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিছোঁ বুলি আমি গর্ব অনুভৱ কৰোঁ। আমি উপাস্য বিগ্রহ বা মূৰ্ত্তিবোৰ ভাঙিছোঁ সঁচা, কিন্তু, তাৰ ঠাইত আমি মানুহক উপাস্য বিগ্রহৰূপে প্রতিষ্ঠা কৰিছোঁ।

- এমাৰ্ছন্



৭৩/ গণতন্ত্ৰত দেশৰ জনসাধাৰণে ভেঁড়াৰ পালৰ দৰে জীৱন-যাপন কৰিব নালাগে। গণতন্ত্রত ব্যক্তিৰ মতামত আৰু কাম কৰাৰ স্বাধীনতা বিশেষ সতর্কতাৰে ৰক্ষা কৰা হয়।

- মহাত্মা গান্ধী



৭৪/ বেৰত ওলমি থকা ছবিবোৰৰ মুখবোৰ বেৰৰ ফালে ঘুৰাই দিয়েই আপুনি ইতিহাসৰ গতি সলনি কৰি দিব নোৱাৰে।

- জৱাহৰলাল নেহৰু



৭৫/ ক্ষমতাৰ অবিহনে কেবল ন্যায়ে একো কৰিব নোৱাৰে; ন্যায়হীন ক্ষমতা স্বৈৰাচাৰত পৰ্য্যবসিত হয়।

- পাস্কেল্



৭৬/ সমস্ত প্রাণীক দেখিবেক আত্মসম। উপায় মধ্যত ইটো অতি শ্রেষ্ঠতম।।

- শঙ্কৰদেৱ



৭৭/ মানুহ যিমানেই জ্ঞানী আৰু শক্তিশালী হয়, সিমানেই তেওঁ পোনপটীয়া আৰু সহজ ব্যক্তিত্বত পৰিণত হয়।

- মেইষ্টাৰ একহাট্



৭৮/ জনসাধাৰণৰ ইচ্ছা আৰু আনুগত্য হ'ল ৰাষ্ট্ৰৰ ভেঁটি; কিন্তু, জাতিৰ মূল ভেঁটি হ'ল- চেতনা।

- গ্রীণ



৭৯/ দূৰ্বলী, নীচ আৰু ক্ষুদ্রবুদ্ধিৰ লোকেহে প্রতিশোধ ল'ব বিচাৰে। প্ৰতিশোধ স্পৃহা নাৰীজাতিৰ মাজত প্ৰৱল হোৱাই ইয়াৰ প্ৰমাণ।

- সুভেলাল



৮০/ জনসাধাৰণৰ মঙ্গলৰ কাৰণে মানৱ মনে ভাবি উলিওৱা অন্যতম্ মাধ্যম হ'ল- 'আইন'।

- ছেমুৱেল জন্‌ছন্


মহৎ লোকৰ বাণী


৮১/ সৌন্দৰ্য্যৰ ধাৰণা মানুহৰ মনত ওপজে আৰু তাকেই মানুহে বস্তুৰ ওপৰত আৰোপ কৰে।

- ডেভিডাই উম্



৮২/ এজন অসৎ লোকৰ কাৰণে কেতিয়াবা এখন সমস্ত ৰাজ্যই কষ্টত ভূগিৰ লগীয়াত পৰে।

- হোচিয়ৎ



৮৩/ কম কথা জনা লোক সাধাৰণতে বহু বল্কী হয়। আনহাতে, যিজনে বহু কথা জানে তেওঁ কথা কোৱাত মিতব্যয়ী হয়।

- ৰুছো



৮৪/ দেশপ্রেমিক হোৱাতো ভাল; কিন্তু, দেশপ্রেমিকেও নিজকে ভদ্রলোক বুলি সর্বদায় জ্ঞান কৰিব লাগিব।

- এডমাণ্ড বার্ক



৮৫/ চৰিত্ৰ ঘৰতহে গঠন হয়।

- গোপীনাথ বৰদলৈ



৮৬/ প্ৰকৃতিৰ দিশৰ পৰা সকলো মানুহে একে ধৰণৰ। অভ্যাসৰ গুণতহে মানুহৰ মাজত বিভিন্নতাই দেখা দিয়ে।

- কনফুচিয়াচ্



৮৭/ মানুহৰ কথা কাৰু-কাৰ্য্য কৰা বস্ত্ৰখণ্ডৰ দৰে। বস্ত্ৰ দিলেহে কাৰু-কাৰ্য্যবোৰ কেনে, সেইটো চকুত পৰে। ঠিক তেনেকৈ, কথা ক'লেহে মানুহৰ আচল দিশটো জনা যায়।

- থেমিষ্টো ক্লিছু



৮৮/ পুথিগত বিদ্যাৰ পৰা প্রতীয়মান হয় যে- আমি শিকা কথাবোৰত বাধা দিবলৈ একো নাই। কিন্তু, বাস্তৱ জীৱনত আমি তেনে বহু কথা নিজেই ত্যাগ কৰিব লগীয়া হয়।

- এপিক্টেচাহ্



৮৯/ ইচ্ছাশক্তি য'ত প্রবল ত'ত জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে।

- সেকিয়া ভেলি



৯০/ কেবল জীয়াই থকাৰ কাৰণে জীৱন ধাৰণ কৰাটো পাপ। জীবনক জীয়াই থকাৰ উপযোগী কৰি গঢ়াটোহে সৎকাম।

- জুভেনাল


মহৎ লোকৰ বাণী


৯১/ হঠাতে জোৰ পূৰ্বক কৰা কামতকৈ ধাপে ধাপে কৰা কাম বেছিদিন স্থায়ী হয়। এটা এটাকৈ কৰিলে সময়ত বহুতো সম্পাদন কৰিব পাৰি।

- প্লুটার্কা



৯২/ যিজন মানুহে সর্বোচ্চ স্থানত আৰোহণ কৰিব বিচাৰে, তেওঁৰ বাবে পোনতে তৃতীয়, দ্বিতীয় স্থানত থকাটো অপমানৰ কথা নহয়।

- চিচাৰো



৯৩/ হে মোৰ নৱ যুৱকসকল! তোমালোকৰ পথ প্রশস্ত হওঁক। এতিয়া ধ্বনি হ'ল সম্পূর্ণ ক্রান্তিক ভৱিষ্যতৰ ইতিহাস। আমাৰ ইতিহাস ৰচিবলৈ লাগিব ডেকাচাম।

- জয়প্রকাশ নাৰায়ণ



৯৪/ জনগণৰ ওপৰত আস্থা হেৰুৱাটো এটা অপৰাধ।

- ৰবীন্দ্ৰ নাথ ঠাকুৰ



৯৫/ বিপ্লৱ ভোজমেল নহয়।

- মাও-চে-টুং



৯৬/ জাগ্রত চেতনা বোধেই স্বাধীনতাৰ ৰক্ষা কৱচ।

-আব্রাহাম লিঙ্কন



৯৭/ ধনতন্ত্রবাদে পতনমুখী সমাজৰ উদ্ভৱ সাধন কৰে।

- হেম বৰুৱা



৯৮/ অর্থ লিপ্সা, অতিৰিক্ত আমোদ-প্রমোদ, বিলাসী জীৱন প্রকৃত পক্ষে সুখৰ পথত বাধা স্বৰূপ।

- শ্বপেন হ'বাৰ



৯৯/ জ্ঞানেই হ'ল প্রকৃত সূর্য্য, জীৱন আৰু শক্তিৰ ৰশ্মি ইয়াৰ পৰা উৎসাৰিত হয়।

- ডেনিয়েল ৱেৰেষ্টাৰ



মহৎ লোকৰ বাণী অমৃত বাণী অসমীয়াত Mohat Lukor Bani Assamese
মহৎ লোকৰ বাণী Mohat Lukor Bani



১০০/ দুৰ্বল মন এলাহৰ আশ্রয় স্থল।

- চেষ্টাৰ ফিল্ড


মহৎ লোকৰ বাণী


১০১/ যিজনক বিশ্বাস কৰিব পাৰি আৰু যিজনৰ আগত নিজৰ চিন্তা লুকঢাক নকৰাকৈ ব্যক্ত কৰিব পাৰি তেওঁৱেই প্রকৃত বন্ধু।

-বালফৱাল ডোনবাছন



১০২/ পৰনিন্দা আৰু পৰচর্চ্চা সম পৰ্য্যায়ৰ।

- চেৰিডান



১০৩/ বাতৰি কাকতৰ স্বাধীনতা হ'ল স্বাধীনতাৰ দূৰ্গ স্বৰূপ। এই স্বাধীনতা অত্যাচাৰী শাসকৰ বাহিৰে কোনেও ধ্বংস কৰিব নোৱাৰে।

- জর্জ মেছন



১০৪/ হতাশাক প্রশ্রয় নিদিবা। এবাৰ আশ্রয় দিলেই ক্ৰমাৎ তোমাৰ অভ্যাসৰ অংশ হৈ পৰিব।

- ছিডনি স্মিথ



১০৫/ নির্ভীকতা নাথাকিলে সকলো গুণ ধূলিত পৰিণত হয়; নির্ভীকতা নাথাকিলে সত্য সাধনা বা অহিংসা অসম্ভব।

- মহাত্মা গান্ধী



১০৬/ মানুহ অকল নিজৰ নিমিত্তে জন্ম ধৰা নাই। মানুহ মানুহৰ নিমিত্তে জন্ম ধৰিছে।

- কমলাকান্ত ভট্টাচার্য্য



১০৭/ কৈ পেলোৱা কথা, এৰি দিয়া শৰ, বিধিৰ বিধান, অতীত সময়- এই চাৰিটা ওলোটাই আনিব নোৱাৰি।

- আৰবী যোজনা



১০৮/ আমাৰ আছে মস্তিক, আমাৰ আছে বীৰত্ব, আমাৰ আছে গঠন শক্তি এই তিনিটাৰে আমাৰ চেনেহৰ ভাৰত মাতৃৰ মুক্তি নিশ্চয় আমি আনিব পাৰিম।

- মতিলাল নেহৰু



১০৯/ দৈনিক জীৱনৰ সাধাৰণ কামবোৰ আওহেলা কৰি উদ্দেশ্যহীন হৈ উদং ভাৱে ফুৰিলে যেনেকৈ জীৱনৰ মোলকে বুজিব নোৱাৰি, সেইদৰে জাতীয় জীৱনৰ কাম নকৰিলে, জাতীয় জীৱন হেজাৰ শব্দৰেও বুজাব নোৱাৰি।

- ডঃ বাণীকান্ত কাকতি



১১০/ আন্দোলনেই আন্দোলনৰ সাফল্য, ই জাতিক স্বাধীনতাৰ চৰম যুদ্ধৰ কাৰণে শিক্ষা, শক্তি আৰু একাগ্রতা দিয়ে।

- লুচুন


মহৎ লোকৰ বাণী


১১১/ মানুহৰ মাজতে দেৱতা আছে। সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি।

- চক্রেটিছ



১১২/ এখন দেশৰ মাজত অহিংসাৰ সৌৰভ বিলাই দিবলৈ হ'লে সেই দেশৰ জনসাধাৰণৰ মাজত আদিম পুৱাতে অহিংসাৰ বীজ ৰোপণ কৰিব লাগিব আৰু প্ৰতিটো বীজকেই সাৰপানী দি একোজোপা বিৰাট বৃক্ষত পৰিণত কৰিব লাগিব। তেতিয়াহে হ'ব অহিংসাৰ সৌৰভ বিলাই দিয়াৰ প্ৰকৃত সার্থকতা।

- মহাত্মা গান্ধী



১১৩/ মোক শক্তি দিয়া, মই সৃষ্টিৰ বাবে ধ্বংসত নামোঁ।

- আদ্রে মালৰো



১১৪/ কলাই জীৱনক অনুকৰণ কৰাৰ দৰে জীৱনেও কলাক অনুকৰণ কৰে।

- অস্কাৰ ৱাইল্ড



১১৫/ অহিংসাত মৃত্যুবৰণ কৰাতহে সাহসৰ পৰিচয় পোৱা যায়। হত্যা কৰাত নহয়।

- মহাত্মা গান্ধী



১১৬/ ৰাজনীতিয়ে জাতিৰ জীৱন, নৈতিক জীৱনত অতি সামান্যই প্রভাব পেলাব পাৰে; কিন্তু, এখন ভাল সৰু কিতাপেও বহু বেছি প্ৰভাৱ পেলাব পাৰে।

- গ্লেডষ্টোন্



১১৭/ বিপ্লবে যদিও আমাৰ মাজত এটা ভয়াবহতাৰ সৃষ্টি কৰি ধ্বংসাত্মক মনোভাৱ জগাই নানা বিপৰ্যয় সংঘটিত কৰে, এটা কদাকাৰ দৈত্য ৰূপেৰে; তথাপিও কিন্তু, তাৰ মূৰত ভাৰ বৈ আনে এক নৱ সংস্কৃতিৰ নতুন সৃষ্টিৰ মণি সম্ভাৰ।

- জ্যোতিপ্রসাদ



১১৮/ দেশৰ অগণন শ্রমজীবী মানুহৰ মুক্তিৰ সাহিত্যই হ'ল- প্রগতিশীল কলা সাহিত্য।

- লেনিন



১১৯/ যিসকল লোক চিন্তাশীল, চিন্তাশক্তিসম্পন্ন নহয়, তেওঁলোকেই আইনৰ সৃষ্টিশীল চিন্তাৰ লগত একমত নহয়। গুণেহে সৃষ্টিশীল চিন্তাক গঢ় দিয়ে।

- ডাঃ কে. এম. মুন্সি



১২০/ মানুহে তোমাক নাজানে বুলি আক্ষেপ নকৰিবা। এনেভাবে কাম কৰা যাতে তুমি মানুহে জানিবৰ যোগ্য হোৱা।

- কনফুচিয়াচ্


মহৎ লোকৰ বাণী


১২১/ জাতীয় জীৱনৰ সন্ধিক্ষণত আমি ব্রহ্মাস্ত্র নিক্ষেপ কৰিব নোৱাৰিলেও মাজে সময়ে দুই/এটা বাটলু গুটিকে দলিয়াব লাগিব।

- অম্বিকাগিৰি ৰায়চৌধুৰী



১২২/ অসমীয়া ডেকাৰ মেধা, মনীষা, প্রতিভা নোহোৱা নহয়; কেৱল সাধনা আৰু তপস্যাৰ বিমুখতাৰ বাবেই আমি তাক ফুটাই তুলিব পৰা নাই।

- জ্যোতিপ্রসাদ‌ আগৰৱালা



১২৩/ ভাৰত গণতন্ত্রত বিশ্বাসী; কিন্তু, ভাৰতৰ গণতন্ত্রই আত্মিক সাম্যক অস্বীকাৰ নকৰে।

- দেশভক্ত তৰুণৰাম ফুকন



১২৪/ দুর্যোগ হ'ব বুলি ভয় কৰাৰ কাৰণ নাই। পৃথিৱীত কিবা এটা কৰি থৈ যাম বুলি ভাবিলে সকলো বিপদ নেওচি তুমি আগবাঢ়া। সত্যৰ সন্মুখীন হোৱা। প্রতিক্রিয়ালৈ পৰোৱা নাই।

- ক্যাথেৰিণ মেন্‌চফিল্ড



১২৫/ ক্রোধত উন্মত্ত হ'লে একো লাভ নহয়। ক্ৰোধৰ পৰাই আক্রোশৰ জন্ম আৰু আক্রোশৰ পৰা অতি বীভৎস ঘটনা ঘটে।

- মহাত্মা গান্ধী



১২৬/ সত্যৰ দ্বাৰা সত্য লাভ কৰিব পাৰি। হিয়াদান কৰিলেহে হিয়া পাব পাৰি।

- মার্শ্বেল



১২৭/ জীৱনটো এখন সংগ্রামথলী; সাহসী আৰু কৰ্ম্মপটু জনেহে এই সংগ্রামথলীত জয়লাভ কৰিব পাৰে।

- নেপোলিয়ন



১২৮/ ঈশ্বৰৰ যদি বাচি লোৱা কোনোবা মানুহ থাকে, তেন্তে, মাটিৰ বুকুত বাস কৰা সকলোৱেই তেনে মানুহ।

- টমাচ্ জেফাৰ্চন্



১২৯/ পৃথিৱীত যত শোক-দুখ, সকলো প্ৰেমৰ পৰাই আহে। ঘন, মোহনীয়া, সেউজীয়া বিষাক্ত লতাই যেনেকৈ শালগছক আগুৰি ধৰে, লোভৰ পৰাই সুখ-বাসনাৰ উদ্রেক হয় আৰু দুখৰ পৰাই উদয় হয় ভয়।

- বুদ্ধদেব 



১৩০/ কিতাপক নিষিদ্ধ কৰিব নোৱাৰি। কিতাপক পুৰি নি:শ্চিহ্ন কৰিব নোৱাৰি। মানুহৰ চিন্তাক কাৰাগাৰত বন্দী কৰি ৰাখিব নোৱাৰি।

- অ্যালফ্রেড হুইটনি ঘীছউল্ড


মহৎ লোকৰ বাণী


১৩১/ ওপজাৰ লগে লগেই যিজন মানুহ গণতন্ত্ৰবাদী, ওপজাৰ মুহূৰ্ত্তৰ পৰাই তেওঁ অনুশাসন পৰায়ণ।

- মহাত্মা গান্ধী



১৩২/ কেৱল পুৰুষৰ সঙ্গত স্বৰ্গত থকাতকৈ মই ভালপোৱা তিৰোতাগৰাকীৰ সৈতে অশান্তিৰে ভৰা পৃথিবীতে থাকিব খোজোঁ।

- ৰবাৰ্ট ইঙ্গাৰ্ছল্



১৩৩/ বিবাহিত জীবন সুখী হোৱাৰ পথত এটা প্রধান অন্তৰায় হ'ল - অভ্যাস। দৈত্যৰ দৰে অভ্যাসে বিবাহিত জীৱনৰ সমস্ত আনন্দ গ্রাস কৰে। প্ৰত্যেক স্বামী-স্ত্রীয়েই এই অভ্যাসৰূপী দৈত্যক নির্মূল কৰিবলৈ অবিৰামভাৱে চেষ্টা কৰা উচিত।

- বালজাক্



১৩৪/ আন সকলো প্রতিকূল শক্তিতকৈ তিৰোতাৰ ধৰ্ম্মীয় কু-সংস্কাৰেই তিৰোতাক চিৰ-দাসত্বৰ বন্ধনত ৰাখিছে।

- এলিজাবেথ ষ্টের্ণচন্



১৩৫/ মুক্তিৰ নামত বৰ বৰ কথা কোৱা মানুহবোৰক মই ভাল নেপাওঁ। চূড়ান্ত বিচাৰত দেখা যায় যে এইবোৰ মানুহে সমাজৰ মুক্তিৰ নামত আচলতে নিজে যি খুচি তাকে কৰাৰ অবাধ অধিকাৰহে বিচাৰে। তুমি যদি বহু মানুহক মুক্ত কৰিব খোজা, তেন্তে, প্রথমতে বহু মানুহৰ সেৱক হোৱাৰ সাহস অৰ্জন কৰি লোৱা। সেই কামটো যে কিমান বিপজ্জনক, সেই কথা জানিব খুজিলে প্রথমে নিজে এবাৰ চেষ্টা কৰি চোৱা।

- গ্যেটে



১৩৬/ ভগৱানকো যি মানুহে ছলনা কৰে, তেওঁৱেই হ'ল- 'ৰাজনীতিজ্ঞ'।

- শ্বেইক্সপীয়েৰ



১৩৭/ সত্যে সূর্য্য আছে বহি

সত্যে তেসে চলে মহী 

সত্য সম ধৰ্ম্ম নাহি আন।

- শঙ্কৰদেৱ



১৩৮/ সত্য নিষ্ঠুৰ; কিন্তু, সত্যক ভাল পাব পাৰি আৰু সত্যক যিসকলে ভাল পায়, সেই সত্যই তেওঁলোকক মুক্তিদান কৰে।

- স্পি নাজা



১৩৯/ দুখৰ যিমান প্ৰকাৰৰ ব্যাখ্যাই নকৰোঁ কিয়, দুখতো দুখ হৈয়েই থাকে। নেথাকি যে উপায় নাই। দুখৰ তত্ত্ব যে এক সুৰত বান্ধা; কাৰণ, অপূর্ণতাতেইতো দুখ আৰু সৃষ্টি যে অপূর্ণ।

- ৰবীন্দ্ৰ নাথ ঠাকুৰ



১৪০/ ৰাতি নুপুওৱালৈকে যেনেকৈ চাকি জ্বলি থাকিব লাগিব, মানৱ জীৱনৰ জ্বালাও তেনেকৈ মৃত্যুৰ আগলৈকে শেষ নহয়।

- মিৰ্জা গালিব



১৪১/ তৰোৱালে তাৰ খাপটোক জীর্ণ কৰি পেলায়, আত্মায়ো জীর্ণ কৰে আমাৰ হৃদয়।

- বাইৰণ



১৪২/ মানুহৰ চিন্তাধাৰাত স্ব-বিৰোধিতাৰ অভাবে সেই মানুহজনৰ মানসিক দৈন্যৰ কথাকে প্রকাশ কৰে।

- মাইকেল এঞ্জেলো



১৪৩/ ক্ষমতাই মানুহক দুর্নীতিপৰায়ণ নকৰে; মুর্খই যেতিয়া ক্ষমতা পায়, তেতিয়া মুর্খই ক্ষমতাকহে কলুষিত কৰে।

- জৰ্জ বাৰ্নাৰ্ড শ্ব



১৪৪/ যিসকল লোকে মহৎ জীৱন-যাপন কৰে, তেওঁলোকে নিজৰ জীৱনকালত কাৰো পৰা স্বীকৃতি নাপালেও এই কথা ভৱা উচিত নহয় যে তেওঁলোকৰ জীৱন অথলে গ'ল। তেওঁলোকৰ জীৱনৰ পৰা এনে এটা পোঁহৰ বিকিৰিত হয়, যি পৌঁহৰে তেওঁলোকৰ বন্ধু-বান্ধৱক আৰু ওচৰ-চুবুৰীয়াক বাট দেখুৱায়; আনকি, সুদূৰ ভৱিষ্যতৰ কাৰণেও যি পথ-প্রদর্শক হৈ ৰয়।

- বাৰ্ট্ৰাণ্ড ৰাছেল



১৪৫/ কেৱল ধ্বংস কৰা আৰু আনৰ খ্যাতি ধূলিৰ লগত মিহলি কৰি দিয়াতেই সমালোচকৰ নৈপুণ্য ফুটি উঠেনে? তাৰ কাৰণে অতি তৰল উপলব্ধি শক্তি আৰু অতি সামান্য বিদ্যাই যথেষ্ট।

- এডমাণ্ড ডাৰ্ক



১৪৬/ আমাৰ যুগত মানুহৰ ভাগ্য কেৱল ৰাজনীতিৰ ভাষাতহে অর্থপূর্ণ ৰূপত প্রকাশ পায়।

- টমাছ মান্



১৪৭/ ছাত্ৰসকলে যাতে নিজৰ মাতৃভাষা ভালকৈ বুজি পায়, ক'ব পাৰে আৰু লিখিব পাৰে - সেই কথালৈ আমি প্রথমতে লক্ষ্য ৰাখিব লাগিব।

- এইছ. জি. ৱেলচ



১৪৮/ ৰাজনীতিৰ দৰে জুৱাখেল আৰু একোৱেই হ'ব নোৱাৰে।

- বেঞ্জামিন ডিজৰেলি



১৪৯/ ৰাজনীতিজ্ঞ ব্যক্তি হ'ল পাৰাৰ দৰে। তেওঁৰ গাত আঙুলিৰে ছুঁই চালে তাৰ তলীত একোকে বিচাৰি নেপাব।

- অষ্টিন ওমেলী



১৫০/ নিজকে ভয় কৰাটোৱেই সবাতোকৈ ভয়ৰ কাৰণ।

- ফ্রেঙ্কলিন্



১৫১/ মাজনিশাৰ আগৰ এঘণ্টাৰ টোপনি তাৰ পিছৰ দুঘণ্টাৰ টোপনিতকৈ অধিক মূল্যবান।

- টিমথি ডুইট



১৫২/ পোকে কোট চোলা নষ্ট কৰাৰ দৰে ঈর্ষায়ো মানুহৰ জীৱন শেষ কৰে।

- ছেণ্ট ক্রাইছষ্টম



১৫৩/ এজন মানুহে কোৱা কথাৰ ওপৰত বিচাৰ নকৰিবা। তেওঁ কিয় সেই কথাষাৰ ক'লে সেইটোহে বিচাৰি চাবা।

- পেন



১৫৪/ তুমি তোমাৰ পত্নীৰ বিষয়ে বেয়া কথা ভাবিছিলা বুলি ভাবি কেতিয়াও অনুশোচনা নকৰিবা। তোমাৰ পত্নীয়ে তোমাৰ বিষয়ে তাতোকৈ বেয়াকৈ ভাবিব পাৰে।

- জাঁ ৰষ্টাড



১৫৫/ জীৱনটো কেৱল ফেন আৰু বুৰবুৰণি। তাৰ মাজত কঠিন শিলৰ দৰে বিৰাজ কৰে মাত্ৰ দুটা বস্তু: আনৰ বিপদৰ সময়ত সহানুভূতি আৰু নিজৰ বিপদৰ সময়ত সাহস।

- আডাম লিণ্ডছে গর্ডন



১৫৬/ ভাগ্যক নিৰ্ভৰ কৰি জীয়াই থকা মানুহ অনাহকত মৰিবলগীয়া হয়।

- ৰামকৃষ্ণ পৰমহংস



১৫৭/ মানুহে আন্ধাৰত খুপি খুপি নিজৰ বাটত আগবাঢ়িব লগা হয়, তেওঁ ক'ৰ পৰা আহিছে; সেই কথা মানুহে নাজানে; তেওঁ ক'লৈ যাব, সেই কথাও তেওঁ নাজানে। এই বিশ্বভুৱনৰ বিষয়ে তেওঁ বহু কথা জানে আৰু নিজৰ বিষয়ে জানে অতি কমকৈ।

- গ্যেটে



১৫৮/ ঘৰৰ দুৱাৰত তলা নমৰা আৰু কেতিয়াও মিছা কথা নোকোৱা- দুয়োটা একেই কথা।

- এলিজাবেথ বাৱেন



১৫৯/ ভগৱানে সেইসকল লোকক ঘিণ কৰে- যিসকলে নিজৰ গুণগান কৰে।

- ছেন্ট ক্লিমেন্ট



১৬০/ যি দেশত বছৰি বছৰি খাজনা আৰু কৰৰ হাৰ সলনি হয়, সেই দেশতহে নিৰাপত্তা আৰু সমৃদ্ধি সম্ভব।

- নেপোলিয়ন বোনাপার্ট



১৬১/ ভদ্রতা জ্ঞান থকা বা সদবংশত সুশিক্ষা পাই ডাঙৰ হোৱা মানুহে আনৰ বিৰুদ্ধে কেতিয়াও অশালীন ভাষা প্রয়োগ কৰিব নোৱাৰে।

- জন ছেলডেন



১৬২/ অপমানতকৈ শাৰীৰিক আঘাত বেছি সোনকালে পাহৰিব পাৰি।

- লর্ড চেষ্টাৰফিল্ড



১৬৩/ মই জীয়াই থাকিব বিচাৰো আনৰ কাৰণে; মোৰ নিজৰ কাৰণে নহয়-সেইটোৱেই হ'ল মধ্যবিত্তৰ মানসিকতা।

- জর্জ বার্নার্ড শ্ব



১৬৪/ ভালকৈ কাম আৰম্ভ কৰাটো আধা কৰাৰ সমান; যি কাম এবাৰ পেলাই থোৱা হয়, সি আগতকৈ বেছি কষ্টসাধ্য হৈ পৰে।

- ছেমুমেল স্মাইল্



১৬৫/ ৰাজনীতি মচলা গুড়ি কৰা যন্ত্ৰৰ দৰে। ইয়াৰ কবলত জ্ঞানী-মুর্খ দুয়োবিধ মানুহেই এক হৈ যায়।

- ইবচন



১৬৬/ বিপদৰ মুখৰ পৰা পলাই লৰ মাৰিব খুজিলে বিপদে কেতিয়াও লগ এৰা নিদিয়ে।

- লর্ড এভাৰবেৰী



১৬৭/ মনক লাঠীৰে স্পৰ্শ কৰা নাযায়, দয়া-প্রেম আদিৰ কোমল অনুভূতিবোৰেহে মনক স্পৰ্শ কৰিব পৰা যায়।

- ৰামকৃষ্ণ পৰমহংস



১৬৮/ অন্ধকাৰক অভিশাপ দিয়াতকৈ এডাল মমবাতি জ্বলাই দিয়াটোহে অতি আৱশ্যক।

- কনফুচিয়াছ



১৬৯/ প্রকৃত সাধুতা হৈছে লগৰ মানুহক ভালপোৱাটো আৰু প্ৰকৃত জ্ঞান হৈছে পৃথিৱীৰ মানুহক জনাটো।

- কনফুচিয়াছ



১৭০/ সহজে পোৱা কোনো বস্তুৰে তৃপ্তি নাথাকে। তৃপ্তি কঢ়িয়াই আনে কষ্টসাধ্য বস্তুয়েহে।

- থমাছ হার্ডি


মহৎ লোকৰ বাণী


১৭১/ যাৰ টকা কম; তাৰ চিন্তা কম।

- ফৰাচী প্রবাদ



১৭২/ খাবলৈ জীয়াই নাথাকিবা, জীয়াই থাকিবলৈহে খাবা।

- মহাত্মা গান্ধী



১৭৩/ স্বাস্থ্য খুব ভাল হোৱাটো ভাল স্বাস্থ্যৰ লক্ষণ নহয়।

- লিঅ' ৰষ্টেন



১৭৪/ তুমি যদি কেৱল এজন লেখকৰ পৰা চুৰি কৰা, সেইটোক কোৱা হয় নকল। যদি বহুত লেখকৰ পৰা চুৰি কৰা, সেইটোক কোৱা হয় গবেষণা।

– উইলছন মিজনাৰ



১৭৫/ সংসাৰত এনে মূর্খ নাই যি সুখী হ'ব পাৰিছে, আৰু এনে জ্ঞানী লোক নাই যি সুখী নোহোৱাকৈ আছে।

- চিচাৰো



১৭৬/ যি মানুহে অকলে খোজকাঢ়ে তেওঁ আটাইতকৈ বেগাই খোজ কাঢ়ে।

- ৰুডিয়াড কিপলিং



১৭৭/ সভ্য মানুহে যিকোনো বিষয়েই কথা পাতিব পাৰে। তেওঁলোকৰ কাৰণে নিষিদ্ধ বিষয় বুলিবলৈ একো নাই।

- ক্লাইভ বেল



১৭৮/ অতীত আৰু বর্তমানক লৈ আমি যদি কাজিয়া কৰোঁ, তেনেহ'লে বুজিব লাগিব যে আমাৰ ভৱিষ্যতক হেৰুৱাইছো।

- উইনস্টন চার্চিল



১৭৯/ শগুন যিমানেই ওপৰত উৰি নুফুৰক কিয়; চকু সদায় শৱদেহতহে।

- স্বামী বিবেকানন্দ



১৮০/ আচৰণ হ'ল এখন দাপোন, তাত মানুহৰ ৰূপটো প্রতিবিম্বিত হৈ উঠে।

- গ্যেটে



১৮১/ স্বাধীনতাৰ শত্ৰুসকলে কেতিয়াও যুক্তি সহকাৰে তৰ্ক নকৰে; তেওঁলোকে চিঞৰ-বাখৰ কৰে আৰু গুলী কৰে।

- উইলিয়াম ৰাল্‌ফ ইঞ্জ



১৮২/ একমাত্র সৎ লোকেহে মহৎ মানুহক চিনিব পাৰে। এজন লগুৱাই তেওঁৰ সমপৰ্যায়ৰ মানুহৰহে মোল বুজিব পাৰে।

- গ্যেটে



১৮৩/ ক্ষুধার্ত বাঘ আৰু প্ৰেমাৰ্ত তিৰোতাৰ পৰা নিস্তাৰ পোৱাৰ কোনো উপায় নাই।

- আর্নেষ্ট ব্রামাহ



১৮৪/ প্রত্যেক বস্তুৰ কাৰণে এডোখৰ ঠাই থাকিব লাগে আৰু প্ৰত্যেক বস্তুৱেই তাৰ নিজ ঠাইত থাকিব লাগে।

- ইংৰাজ প্রবচন



১৮৫/ কু-কৰ্মৰ দ্বাৰা পৰাজিত নহৈ, সু-কৰ্মৰ দ্বাৰাই কু-কৰ্মক পৰাজিত কৰা।

- ছেন্ট প'ল



১৮৬/ জীবনত এনেকুৱা বহুত কাম আছে, যিবোৰ কাম তুমি অৱশ্যেই কৰা উচিত, কিন্তু তুমি সেই কামবোৰ কৰিবলৈ ভাল নোপোৱা। অবশ্যকৰণীয় কিন্তু অপ্রিয় কামবোৰেই হ'ল মানুহৰ আচল কর্তব্য।

- যুৱৰাজ চাৰ্লছ



১৮৭/ এজন পুৰুষে নিজকে যিমান বুঢ়া বুলি ভাবে, তেওঁ ঠিক সিমানেই বুঢ়া। কিন্তু এগৰাকী মহিলাক যিমান বুঢ়ী দেখায়, তেওঁ ঠিক সিমানেই বুঢ়ী।

- মৰ্টিমাৰ কলিন্স



১৮৮/ যি মানুহৰ কাম কম তেওঁৰ কাম কৰিবলৈ সময়ো কম। সদায় কামত ব্যস্ত হৈ থকা মানুহেহে নতুন নতুন কাম কৰিবলৈ সময় পায়।

- লর্ড চেষ্টাৰফিল্ড



১৮৯/ এজোপা ডিমৰু গছে আন এজোপা ডিমৰু গছক দেখিহে গুটি ধৰিবলৈ শিকিলে।

- আৰবী প্রবাদ



১৯০/ পলমে বিপদ মাতি আনে।

- এমাৰ্ছন


মহৎ লোকৰ বাণী


১৯১/ কোনো মানুহে এখন নৈৰ একেখিনি পানীকে দুবাৰ খাব নোৱাৰে আৰু একেজন মানুহকে দুবাৰ লগ পাব নোৱাৰি।

- যোছেফ কনৰাড



১৯২/ বিশ্বাস কৰিবা কেৱল সেইবোৰ মানুহক- যিবোৰ মানুহৰ কথাত খোকোজা লাগে, কিন্তু কামৰ বেলিকা ধীৰ-স্থিৰ আৰু অটল। কিন্তু যিবোৰ মানুহে দীঘল দাড়ি ৰাখে আৰু কথাই কথাই দীঘলীয়া তর্ক জোৰে, তেনে মানুহক সতকাই বিশ্বাস নকৰিবা।

- জর্জ ছাল্টায়ানা



১৯৩/ প্রকৃতিয়ে তোমাক যেনে কৰি তুলিব বিচাৰে, তেনে হ'বা। প্রকৃতিয়ে যি কৰিব নিবিচাৰে, তেনে হ'ব বিচাৰিলে এতিয়া যি আছা তাতোকৈ হাজাৰ গুণে বেছি বেয়া হ'বা।

- ছিডনী স্মিথ



১৯৪/ মই জিৰণি ভাল নাপাওঁ; কাৰণ ই মৰিশালীৰ নিচিনা।

- এপিক টেটাছ



১৯৫/ যি দুর্ঘটনা ঘটাটো স্থিৰ নিশ্চয় নহয় তাক দেখি ভয় খাই কার্য নষ্ট কৰাটো মূর্খৰ কাম।

- জন বেনিয়ন



১৯৬/ দীর্ঘকালীন কাজিয়া মানেই দুয়োপক্ষই ক'ৰবাত ভুল কৰিছে।

- ভল্টেয়াৰ



১৯৭/ আনৰ গুণ সৰলভাৱে আদৰ কৰাতকৈ আন গুনে মানুহৰ বেছি বন্ধু চপাব নোৱাৰে।

- ড° জনছন



১৯৮/ মই এনেকুৱা কোনো মানুহৰ কথা নাজানো- যি মানুহে নিজৰ প্ৰতিভাৰ কাৰণে কঠিন মূল্য দিব লগা হোৱা নাই। প্রতিভাৰ কাৰণে দিব লগা মূল্য হ'ল শাৰীৰিক বা আধ্যাত্মিক যন্ত্রণা আৰু পৰাজয়।

- মেক্স বীৰবোস



১৯৯/ অহংকাৰী মানুহবোেৰ কুকুৰাৰ দৰে। কুকুৰাই ভাবে যে সি ডাক দিয়াৰ কাৰণেহে ৰাতি পুৱাল।

- জর্জ ইলিয়ট



মহৎ লোকৰ বাণী অমৃত বাণী অসমীয়াত Mohat Lukor Bani Assamese
মহৎ লোকৰ বাণী Mohat Lukor Bani



২০০/ আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নথ'বা; কাৰণ কাইলৈ তোমাৰ অৱস্থা কি হ'ব তুমি নাজানা।

- হজৰত মহম্মদ



২০১/ স্থিৰ সিদ্ধান্তত উপনীত হ'ব নোৱাৰা লোকতকৈ দুৰ্ভগীয়া আন কোনো নাই।

- উইলিয়াম জেমছ



২০২/ কুসংস্কাৰেই হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা।

- সৰ্বপল্লী ৰাধাকৃষ্ণন



২০৩/ নিৰক্ষৰতা মানেই জ্ঞানহীনতা নহয়।

- ৰবীন্দ্ৰনাথ ঠাকুৰ



২০৪/ বিশ্বৰ বাবে প্রয়োজন খাদ্য, আশ্রয়, মৰম-চেনেহ, প্রার্থনা, শান্তি আৰু ঐক্যৰ বান্ধোন। যুদ্ধ কেতিয়াও নহয়।

- মাদাৰ টেৰেছা



২০৫/ তুমি কিমান বছৰ জীয়াই আছা, কেৱল সেইটো হিচাপেৰে তুমি নিজৰ জীৱনটো জুখিব নোৱৰা। তুমি কিমান পৰিপূৰ্ণভাবে জীয়াই আছা। সেইটোহে তাতোকৈ ডাঙৰ কথা। যিমানদিন জীয়াই থাকা, সিমানদিন জীবন্ত হৈ থাকিবলৈ শিকা।‌ মানুহৰ জন্ম হয় দুবাৰ। প্ৰথমবাৰ তেওঁ মানুহৰ শৰীৰ লৈ পৃথিৱীলৈ আহে; দ্বিতীয়বাৰ তেওঁ লাভ কৰে জীৱন।

- ৰুছো



২০৬/ মানুহ পৰিপূৰ্ণভাবে জীয়াই থাকে কেৱল নিজৰ গোপন জীৱনটোৰ মাজত।

- ফ্রাঞ্চিছ বেকন



২০৭/ দক্ষ আৰু আদর্শ বিষয়া বুলিলে আমি এনে এজন মানুহক বুজি পাওঁ-যিজনে নিজে কেতিয়াও কোনো সিদ্ধান্ত নলয় আৰু সকলো দায়িত্ব পৰিহাৰ কৰি চলে।

- ব্ৰকছ এটকিনছন



২০৮/ উগ্রপন্থীসকল উগ্রপন্থী হোৱাতকৈ বেছি আপত্তিজনক আৰু বিপজ্জনক কথাটো হ'ল এই যে তেওঁলোক অসহিষ্ণু।

- ৰবার্ট কেনেডি



২০৯/ এই কথা সততে মনত ৰাখিবা যে তুমি কি বা তোমাৰ কি আছে, তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে। তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰত।

- ডেল কার্নেগি



২১০/ ডকাইতে দাবী কৰে তোমাৰ ধন বা তোমাৰ জীৱন। কিন্তু তিৰোতাই দাবী কৰে দুয়োটাকে।

- ছেমুৱেল বাটলাৰ


মহৎ লোকৰ বাণী


২১১/ আজিকালি প্রায় প্রতিজন মানুহেই পঢ়ি পাৰে, কিন্তু মুষ্টিমেয় কেইজনমান মানুহেহে চিন্তা কৰিব পাৰে।

- কার্ডিনেল এলফ্রেডো অওভিয়ানি



২১২/ এজন ছাত্রই নিজৰ শ্ৰেণীৰ কেপ্টেইন হৈ যিখিনি গর্ব আৰু আনন্দ অনুভৱ কৰে, বিশ্ববিজয়ী আলেকজেণ্ডাৰে এটা বিশাল সেনাবাহিনীৰ সেনাপতি হৈও সিমানখিনি গর্ব আৰু আনন্দ অনুভৱ কৰা নাছিল।

- হোৰেচ ৱালপোল



২১৩/ যিটো বস্তুৱে মানুহৰ জীৱনক মর্যাদামণ্ডিত কৰে, সেইটো হ'ল চিন্তা। ভালকৈ চিন্তা কৰিবলৈ চিন্তা কৰিবা। সেইটোৱেই হ'ল একমাত্র নৈতিকতা।

- পাস্কেল



২১৪/ পৃথিৱীৰ আটাইবোৰ মহান সভ্যতা প্রথম অৱস্থাত গঢ় লৈ উঠিছিল যুদ্ধক্ষেত্ৰত লাভ কৰা কৃতকাৰ্যতাৰ ভেটিত।

- কেনেথ ক্লার্ক



২১৫/ বাতৰিকাকতত আপুনি চকুৰে যি দেখে সেয়া বাতৰি; আপুনি যি জানে সেয়া হ'ল বাতৰিটোৰ পটভূমি; আপুনি যি অনুভৱ কৰে সেয়া হ'ল আপোনাৰ অভিমত।

- লেষ্টাৰ মার্কেল



২১৬/ ডেকা-গাভকসকলে ভাবে যে বুঢ়াবোৰ মূর্খ; কিন্তু বুঢ়াসকলে জানে যে ডেকা-গাভৰুসকল মূর্খ।

- জর্জ চেপমেন



২১৭/ অমূল্য মানৰ জীৱন ৰং-ধেমালিৰ নিমিত্তে সৃষ্টি হোৱা নাই; মহৎ উন্নত আৰু বৃহৎ উদ্দেশ্য সাধনৰ অৰ্থেহে সৃষ্টি হৈছে।

- হজৰত মহম্মদ



২১৮/ যি মানুহে ন-ন কথা শিকিবলৈ এৰি দিয়ে, তেওঁ এজন বুঢ়া মানুহ-তেহেলৈ লাগে তেওঁৰ বয়স আঠাইছেই হওক বা আশীয়েই হওক। ন-ন কথা শিকি থকা মানুহ সদায় ডেকা হৈ থাকে। নিজৰ মনটোক তৰুণ কৰি ৰখাটোৱেই হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ কাম।

- হেনৰী ফ'ৰ্ড



২১৯/ যিবোৰ মানুহ কিশোৰ অৱস্থাত সাধু-ব্রহ্মচাৰী হৈ থাকে, সেইবোৰ মানুহৰেই বুঢ়া বয়সত লম্পট আৰু অসংযমী হোৱাৰ সম্ভাৱনা বেছি।

- আদ্রে জিদ



২২০/ আমাৰ আত্মাৰ বিকাশ এই দেহাটোৱেই। কাৰো প্ৰতি ঘৃণা বা অৱজ্ঞা নকৰি এজনৰ দেৱত্বৰ প্ৰতি সন্মান দেখুওৱাটোৱেই মানুহৰ ঈশ্বৰ পূজা।

- ৱাল্ট হুইটমেন



২২১/ বেছিভাগ লোকে মর্য্যাদা সহকাৰে জীয়াই থকাতকৈ, দীর্ঘকাল জীয়াই থাকিব বিচাৰে। তেওঁলোকে ভাবি নাচায় যে মৰ্য্যাদা সহকাৰে জীয়াই থকাটো তেওঁলোকৰ আয়ত্বাধীন, কিন্তু দীর্ঘ আয়ুস তেওঁলোকৰ আয়ত্বৰ বাহিৰত।

- ছেনকো



২২২/ জীবনে পলম হোৱাটো সহ্য নকৰে। যেতিয়া সুখৰ সময় আহে তেতিয়া সুখ উপভোগ কৰা উচিত। প্ৰতিটো পাৰ হৈ যোৱা ঘণ্টাই আমাৰ সুখৰ একাংশ উটুৱাই লৈ যায় আৰু সম্ভৱত: তাৰ সৈতে সুখ উপভোগৰ ক্ষমতা হৰণ কৰে।

- ছেমুৱেল জন্‌চন্



২২৩/ ইচ্ছা শক্তি য'ত প্ৰৱল, ত'ত জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে।

- মেকিয়াভেলি



২২৪/ ক্রোধ মনৰ বেমাৰ সদৃশ। ই প্রতিবাৰেই মানুহক দূর্বল কৰে।

-উইলিয়াম পেন



২২৫/ নিজৰ কৃতকৰ্ম্মৰ ফলাফল নিজে ভোগ কৰাৰ বাহিৰে আন পথ নাই।

- ফিদ্রাছ



২২৬/ কিছুমান ডাঙৰ মানুহ আছে, যিসকলৰ ওচৰত আনবোৰ ক্ষুদ্র। কিন্তু, সেইজনহে প্ৰকৃততে ডাঙৰ, যাৰ সান্নিধ্যত আনেও ডাঙৰ অনুভৱ কৰে।

- চেষ্টাৰছন



২২৭/ সুস্থিৰ আৰু নিৰাপদ চৰকাৰৰ শাসনতহে জনমত বৰ্ত্তি থাকিব পাৰে।

- বাট্টাণ্ড ৰাচেল



২২৮/ গাওঁ সেৱাত সেই লোকসকলেই শ্রেষ্ঠত্ব অর্জন কৰিব পাৰে, যিসকলে নগৰৰ ধৰণ-কৰণ পৰিত্যাগ কৰিব পাৰিছে।

- মহাত্মা গান্ধী



২২৯/ নীতি অবিহনে ৰাজনীতি, পৰিশ্ৰম অবিহনে সম্পত্তি, নৈতিকতা অবিহনে বেপাৰ-বাণিজ্য, চৰিত্ৰ অবিহনে শিক্ষা, বিবেক অবিহনে আমোদ-প্রমোদ, মানৱতা অবিহনে বিজ্ঞান আৰু ত্যাগ অবিহনে উপাসনা- এই সাতোটায়ে সামাজিক পাপ।

- মহাত্মা গান্ধী



২৩০/ সংগ্ৰাম আৰু বিপদৰ সময়তো কিছু সংখ্যক মানুহে দেশৰ কৃষ্টি আৰু সভ্যতাৰ চাকিবোৰ নুনুমুৱাকৈ জ্বলাই ৰাখিব লাগে। জ্বলাই ৰাখিব নোৱাৰিলে তাৰ পৰিণাম সাংঘাতিকো হ'বগৈ পাৰে।

- জ্যোতি প্ৰসাদ আগৰৱালা



২৩১/ ঘৰত সাপ সোমালে তাক যেনে-তেনে উলিয়াই খেদিব লাগে। আমাৰ শৰীৰৰূপী ঘৰটোতো আমি অনেক বিষাক্ত সাপ পুহি আছোঁ। সাপে খুটিলে এটা জন্মহে নষ্ট হয়; কিন্তু, আমাৰ শৰীৰৰ ভিতৰত থকা কাম, ক্রোধ, লোভ, কু-চিন্তা আদি বিষধৰে দংশিলে অনেক জন্ময়ে নষ্ট হৈ যায়। এই বিষাক্ত সাপবোৰক খেদোৱাৰ একমাত্র উত্তম উপায় হৈছে 'সৎসঙ্গ' আৰু ভগৱানৰ নাম স্মৰণ।

- স্বামী ৰামদাস



২৩২/ সংগ্রামহীন জীৱন জীৱনেই নহয়। সংগ্রাম বা সংঘাতে মানুহক যি মনোবল আৰু প্ৰেৰণা যোগায়, সেই প্ৰেৰণাৰে মানুহে অসাধ্যও সাধন কৰিব পাৰে।

- নেপোলিয়ন



২৩৩/ মূর্খক ভাল উপদেশ দিলে মূর্খই উপদেশ দিওঁতাজনকহে মূর্খ বুলি ভাবে।

- ইউৰিপিডিছ



২৩৪/ কিতাপ এখনক যুদ্ধ এখনৰ দৰেই গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি।

- বেঞ্জামিন ডিজৰেলি



২৩৫/ প্রগতিশীল কলা-সাহিত্যৰ প্ৰথম কৰ্ত্তব্য হ'ল দেশৰ জনগণক সাম্রাজ্যবাদী শক্তি আৰু দেশীয় প্রতিক্রিয়াশীল শত্ৰুৰ সৈতে চিনাক্ত কৰি দিয়া। এই কলা-সাহিত্যৰ যোগেদি দেশৰ জনগণে শত্রুপক্ষৰ শোষণ, অত্যাচাৰ, কু-অভিসন্ধি আদিৰ বিষয়ে গম পাব লাগিব আৰু লগতে, সিহঁতৰ যে পৰাজয় সু-নিশ্চিত- তাকো জনগণক বুজাই দিব লাগিব, যাতে জনগণে সিহঁতৰ বিৰুদ্ধে সংঘবদ্ধ হৈ সংগ্রামত লিপ্ত হ'ব পাৰে।

- মাও ছে তুং



২৩৬/ ভগৱানৰ সৃষ্ট এই পৃথিৱীখন আমাৰ ওচৰত আনন্দৰ উৎস যেন নেলাগে; বৰং অস্বস্তিকৰ যেনহে লাগে। এই পৃথিৱীৰ পৰা আমি আহাৰ বা আশ্রয় নেপাওঁ। ইয়াৰ একমাত্ৰ কাৰণ ভগৱানৰ বুদ্ধি বিপৰ্যয় আমি সত্য আৰু মার্জিত হৈয়ো যে ভাগ্যৰ বিৰুদ্ধে অহৰহ সংগ্ৰাম কৰোঁ, তাৰ গুৰিতে আছে ভগৱানৰ নির্বুদ্ধিতা।

-গাঁই দ্য মোঁপাছা



২৩৭/ ৰাজনীতিক বাদ দি সামাজিক কামো কৰিব নোৱাৰি। এইযাৰ কথা জনাৰ কাৰণেই ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিবলৈ মই বাধ্য হ'লোঁ। মই ভাবোঁ, ৰাজনৈতিক কামৰ পৰীক্ষাৰ ভিত্তি হৈছে সামাজিক আৰু নৈতিক অগ্রগতি। গণতন্ত্ৰত ৰাজনীতিয়ে স্পর্শ নকৰা জীৱন সম্বন্ধীয় কোনো কথা থাকিব নোৱাৰে।

-মহাত্মা গান্ধী



২৩৮/ এই পৃথিৱীখন হ'ল অন্তহীন অনুসন্ধানৰ এখন পঢ়াশালি।

- মন্টেইন



২৩৯/ কৌশল অবিহনে তুমি একোকে শিকিব নোৱাৰা।

- ডিজৰেলি



২৪০/ প্রতিটো বিপ্লৱৰ পুলিয়েই প্ৰথমতে এজন মানুহৰ মনত জন্ম লাভ কৰে।

- ইমাৰ্ছন



২৪১/ যিজনে ভাষা কি বস্তু আৰু'ই কেনেকৈ ৰূপ ল'লে নাজানে, তেওঁ নিজকে শিক্ষিত বুলি কোৱা উচিত নহয় বুলি ভাবোঁ।

- মেক্সমূলাৰ



২৪২/ নিজৰ বাবে সংগ্ৰাম কৰাজনতকৈ ওচৰ-চুবুৰীয়াৰ বাবে সংগ্ৰাম কৰাজন বেচি ভাল মানুহ।

-ইংৰাজী প্রবাদ



২৪৩/ শ্রমেই সকলো সম্পদ আৰু সংস্কৃতিৰ উৎস।

- এফ, লাছেল



২৪৪/ মানুহে জ্ঞানৰ সমৃদ্ধিৰে নিজৰ প্ৰয়োজনখিনি পূৰণ কৰিবৰ বাবে চৰকাৰ গঠন কৰে।

- এড়মাণ্ড বার্ক



২৪৫/ জীৱনটোৱে এখন প্রকৃত যুদ্ধ। এই যুদ্ধত নুযুঁজাকৈ একোকেই লাভকৰিব নোৱাৰি।

- গীতা



২৪৬/ আমি ভাবি চিন্তি কামবোৰ কৰোঁ; কামবোৰ কৰি আমি স্বভাৱ তৈয়াৰ কৰোঁ; স্বভাৱৰ কাৰণতেই আমাৰ চৰিত্ৰ গঠন হয়; আমাৰ চৰিত্ৰ অনুসৰণৰ ফলেই হৈছে আমাৰ ভাগ্য।

- চি. এ. হল



২৪৭/ ভাগ্যৰ ওপৰত অবিচলিত বিশ্বাসেই হৈছে অতি বেয়া ধৰণৰ দাসত্ব।

- এপিকিউৰাছ



২৪৮/ সেইজন আদর্শবান পুৰুষ, যিজনে আনক উন্নতিৰ পথত আগুৱাই দিয়ে।

- হেনৰী ফ'ৰ্ড



২৪৯/ আমাৰ মগজুত কিছুমান 'বা-বাতৰি ভৰাই ৰাখিলেই প্রকৃত শিক্ষা হোৱা বুলি ক'ব নোৱাৰি; যাৰ ফলত আমি উদণ্ড হৈ কাম কৰি ফুৰিম। প্রকৃত শিক্ষাৰ ফলত আমি মানুহ বোলাব পৰা আদৰ্শৰ সমন্বয় ঘটাব লাগিব।

- স্বামী বিবেকানন্দ



২৫০/ সমাজত অন্যায় চলি থাকিলে সমাজ দেহ ধ্বংস হয়।

- ৰুছো



২৫১/ ৰাজনীতিক তুমি জীবিকা হিচাপে ল'লে সাধু হৈ থাকিব নোৱাৰিবা।

- লুই মেক্‌ হেনৰি হাউ



২৫২/ দেশৰ সকলো শ্ৰেণীৰ মাজত আত্মোন্নতিৰ চেষ্টা নকৰিলে জাতীয় উন্নতি হ'ব নোৱাৰে।

- অমিয় কুমাৰ দাস



২৫৩/ বলিষ্ঠ মনৰ পৰিচায়ক হ'ল অফুৰন্ত অনুসন্ধিৎসা।

- ছেমুৱেল জন্



২৫৪/ সম্পূৰ্ণৰূপে সততাসম্পন্নলোক সাহসী হ'বই, কিন্তু লোক মাত্রেই সাধু নহয়।

- কনফিউচিয়াছ



২৫৫/ পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজে ঠগাব পৰা মানুহজন হ'ল নিজেই।

- বলুৱাৰ লিটন্‌



২৫৬/ পুৰণি কালত কোৱা হৈছিল যে যুদ্ধত মৃত্যুবৰণ কৰাটো আনন্দদায়ক। কিন্তু, আধুনিক কালত যিটো দেখা গৈছে- যুদ্ধ আনন্দদায়ক নহয়; বৰং কোনো সৎ উদ্দেশ্য অবিহনে আজিৰ যুদ্ধত তুমি কুকুৰৰ দৰে মৃত্যুবৰণ কৰিব লাগিব।

- হেমিংৱে



২৫৭/ ভগৱানৰ ইচ্ছা অনুসৰি জীৱনত আনন্দ আৰু ক্ষমতাৰ ভিতৰত এটাহে পাব পাৰি। কাৰো ভাগ্যতেই দুয়োটা একেলগে নিমিলে।

- এমার্চন



২৫৮/ পাপ কার্য্য সদায়েই গোপনে কৰা হয়। যি মুহূৰ্ত্ততে আমি উপলব্ধি কৰিম যে আমাৰ চিন্তাৰাশিও ভগৱানৰ দৃশ্যমান, তেতিয়াহে আমি মুক্ত হ'ম।

- মহাত্মা গান্ধী



২৫৯/ শিল্পীয়ে যদি গোটেই পৃথিৱীৰ মানুহক সঁচা শিল্পীলৈ পৰিণত কৰিব পাবে- তেন্তে, পৃথিৱীখন দুষ্কৃতিৰ পৰা মুক্ত হৈ যাব।

- জ্যোতিপ্রসাদ



২৬০/ কৰ্ম্ম আৰু জ্ঞান- দুয়োটাৰে ওপৰত যাৰ কর্তৃত্ব আছে, সি কৰ্ম্মৰ দ্বাৰা মৃত্যু আৰু জ্ঞানৰ দ্বাৰা অমৰত্ব লাভ কৰে।

-ঈশোপনিষদ


মহৎ লোকৰ বাণী


২৬১/ যিজনে মায়াৰ ৰাগীত নিজকে মতলীয়া কৰি ৰাখে, তেনে লোকে কেতিয়াও শান্তি নাপায়। সজ চিন্তা আৰু সৎ-কৰ্ম্মৰ দ্বাৰাহে শান্তি আহে।

- নানক



২৬২/ জীৱনৰ প্ৰতিটো মুহূৰ্ত্তৰ একোটা মহৎ উদ্দেশ্য আছে। এই চৰম উদ্দেশ্য সাধনৰ বাবে কৰা কঠোৰ প্ৰচেষ্টাতেই জীৱনৰ প্ৰকৃত অৰ্থ লুকাই আছে।

- মেক্সিম্ গৰ্কী



২৬৩/ মানুহৰ যি প্রতিভা প্রতিভা থাকে, তাৰ শতকৰা নিৰান্নবৈ ভাগেই নিজৰ শ্ৰমৰ ফল; এভাগহে মাথোঁ জন্মগত।

-টমাচ্ আলভা এডিচন্



২৬৪/ মই সকলো যুগৰে সকলো বিপ্লৱীৰেই পক্ষত আৰু চিৰ সন্তুষ্ট মানুহৰ বিপক্ষত।



২৬৫/ আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ; কিন্তু, এখন পৃথিৱীত ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই।

– মার্টিন লুথাৰ



২৬৬/ সাহিত্য জাতিৰ খনিকৰ। জাতি গঠন কৰাত, জাতীয় চৰিত্ৰ গঢ়ি তোলাত সাহিত্যিকে যথেষ্ট বৰঙণি যোগাব পাৰে, যোগোৱা উচিতো।

- অতুল চন্দ্ৰ হাজৰিকা



২৬৭/ ৰাজনীতিয়ে মানুহৰ মন আৰু সমাজ, ডোখৰ ডোখৰ কৰে; সংস্কৃতিয়ে মন আৰু সমাজ যোৰা লগায়।

-ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ



২৬৮/ সত্যৰ বিকাশৰ অন্তৰালতেই কলাই গজালি মেলে। মূর্খই ভাবে যে সত্য অনুসৰণ কৰাটো সহজ; কিন্তু, একোগৰাকী মহান শিল্পীয়েই উপলব্ধি কবে -ই কিমান কঠিন কাম!

- চলজনেৎচি



২৬৯/ গীতাৰ ভাষাৰে ক'বলৈ গ'লে, মই মোৰ বন্ধু আৰু শত্ৰু সকলোৰে লগত শান্তিৰে বাস কৰিবলৈ বিচাৰোঁ। সেই কাৰণে মোৰ স্বদেশ প্রেম অনন্তকালৰ স্বাধীনতা আৰু শান্তিৰ পথত থকা এটা স্তৰ মাথোঁ।

- মহাত্মা গান্ধী



২৭০/ স্বাৱলম্বনেই হৈছে স্থায়ীভাবে সুখী ৰাজ্য গঢ়ি তোলাৰ একমাত্র উপায়; কিন্তু, ভাৰতীয় গাঁৱত, বিশ্বাস কৰিব নোৱাৰা এটা অসহায়ৰ ভাৱ আছে।

- ড° স্পেন্সাৰ হেট্‌ট্‌



২৭১/ এজন প্রকৃত লিখকে কেতিয়াও ৰাজনৈতিক নেতাসকলক অনুকৰণ নকৰে। যিজনে নেতৃত্ব দি নতুন পথ দেখুৱায়, তেওঁৰেই হে প্রকৃত লিখক।

- প্রেমচান্দ



২৭২/ সাগৰত ডুবি যিমান মানুহ মৰিছে; মদৰ গিলাচত ডুবি তাতকৈ বেছি মানুহ মৰিছে।

- চেবেষ্টাইন্ ফ্রান্সিছ



২৭৩/ ভাল বিচৰাটো দানবীয়; ভাল কৰাটো মানৱীয় আৰু ভাল হোৱাটো স্বর্গীয়।

- জেম মার্টিন



২৭৪/ যিসকলে স্বাধীনতাক ভাল পাওঁ বুলি কয়, অথচ আন্দোলন বা বিক্ষোভৰ বিৰোধিতা কৰে, তেওঁলোক হ'ল বিজুলী-ঢেৰেকণি নোহোৱাকৈ বৰষুণ বিচৰা মানুহ। তেওঁলোকে সাগৰ বিচাৰে; কিন্তু, জলৰাশিৰ গৰ্জন নিবিচাৰে।

- ফ্রেডেৰিক্ ডগ্লাচ



২৭৫/ তোমাৰ যদি আত্মবিশ্বাস আছে, তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা। তোমাৰ জয় অৱশ্যাম্ভাবী।

- ৰুডিয়ার্ড কিপ্লিং



২৭৬/ যি ঘৰত সোমাই থাকে, সি কাপুৰুষ। মই তোমালোকক ক্লান্তি, কষ্ট আৰু যুদ্ধৰ নিশ্চিত আশা দিওঁ; কিন্তু, আমি বাঞ্চা কৰিছোঁ জয়লাভকৰিবলৈ নাইবা মৰিবলৈ।

- গেৰিবল্ ডি.



২৭৭/ যুগৰ ডাঙৰ প্ৰশ্নবিলাকৰ সমাধান কৰা হ'ব বক্তৃতা নাইবা সংখ্যা গৰিষ্ঠতাৰ দ্বাৰা নহয়; লোহাৰ সঁজুলি আৰু ৰক্তপাতৰ দ্বাৰাহে।

- অটোভন্ বিচমার্ক



২৭৮/ সময় থাকোঁতেই চিন্তা আৰু পৰিকল্পনা নকৰা লোকে বিপদ সম্মুখতে পায়।

- কনফুচিয়াচ্



২৭৯/ আমাক ভাল মানুহহে লাগে; ভাল আইন আৰু আদালতৰ আৱশ্যক নাই।

- বার্ণাড শ্ব'



২৮০/ কেৱল পার্লিয়ামেন্টে আইন পাছ কৰিয়েই এটা জাতিক উন্নত কৰি তুলিব নোৱাৰে। এটা জাতি উন্নত আৰু মহান হ'ব পাৰে, যদিহে সেইজাতিৰ মানুহবোৰ উন্নত আৰু মহান হয়।

- বিবেকানন্দ


মহৎ লোকৰ বাণী


২৮১/ ডাঙৰ ডাঙৰ ঘৰ নিৰ্মাণ কৰাতকৈ দেশবাসীৰ মন উন্নয়ন কৰিলেহে জন্মভূমিৰ মহৎ সেৱা কৰা হয়; কাৰণ, নীচমনা গোলামবিলাকে অট্টালিকাত চোৰৰ দৰে জীবন কটোৱাতকৈ মহাত্মাসকলে জুপুৰি ঘৰত থকাটোহে বেচি ভাল।

- এপিক্টেটাছ



২৮২/ আনে কি কৰিছে সেইটো ভৱাতকৈ মই নিজে কি কৰিছোঁ সেইটো ভৱাহে বেচি দৰকাৰ। প্ৰতিজন লোকে নিজৰ কাম কৰি গ'লেই দহৰ আৰু দেশৰ সেৱা কৰা হ'ব।

- ৰাজা ৰামমোহন ৰায়



২৮৩/ জগত তোমাৰ কাৰণে নহ'ব পাৰে; কিন্তু, তুমি জগতৰ কাৰণে। তাকে ভাবি তুমি সুখী হ'ব পাৰা। জীৱন-পুথিৰ তুমি এখিলা আৱশ্যকীয় পাত তোমাক বাদ দি সেই পুথি সম্পূৰ্ণ হ'ব নোৱাৰে।

- বাৰুক্ স্পিনোজা



২৮৪/ আনে কোৱা কথা শুনা মাত্রকে বিশ্বাস নকৰিবা, পূৰ্ব প্রচলিত বুলিয়েই কোনো ৰীতি গ্রহণ নকৰিবা। লৰালৰিকৈ কোনো সিদ্ধান্তত উপনীত নহ'বা; অকল শাস্ত্ৰত থকা বুলিয়েই সকলো ৰীতি মানি নল'বা।

- গৌতম বুদ্ধ



২৮৫/ সৰু ল'ৰা-ছোৱালীয়ে যেতিয়ালৈকে কষ্টত ভূগিব, তেতিয়ালৈকে পৃথিৱীত সঁচা প্রেম থাকিব নোৱাৰে।

- ইছাডোৰা ডান্‌কান্



২৮৬/ যুদ্ধত এবাৰ ভূল কৰা আৰু নিজৰ পত্নী বাচি লোৱাত এবাৰ ভূল কৰা একেটা কথাই - দুয়োটাই চিৰদিনৰ বাবে অন্ধকাৰ নমাই আনিব পাৰে।

- মিডল্টন্‌



২৮৭/ খং উঠিলে চাৰিলৈকে লিখিবা, বেছি খং উঠিলে শাওঁপাত দিবা।

-মার্ক টোৱেইন্



২৮৮/ ধৈর্য্যশীল মানুহে বহুতো কথাৰ দিশ নিৰ্ণয় কৰিব পাৰে।

- চক্রেটিছ



২৮৯/ যি মানুহে ভাল কাম কৰে, তেওঁ সংসাৰত প্ৰতিষ্ঠা লাভ কৰিবই। তেওঁক বাদ দিলে মানৱ-সমাজ দুখীয়া হ'ব। শক্তিমন্ত মানুহৰ জয় অৱশ্যম্ভাবী।

- ৱাশিংটন্



২৯০/ তোমাৰ জীৱনৰ ক্রুদ্ধ অৱস্থাত সূৰ্য্যটো অস্ত যাবলৈ নিদিবা।

- যীশুখ্রীষ্ট



২৯১/ দৃঢ়-সঙ্কল্প নহ'লে কোনো ভাল কাম কৰা সম্ভৱ নহয়।

- মহাত্মা গান্ধী



২৯২/ সাহসেৰে যুক্তি প্ৰদৰ্শনৰ ওপৰতহে মই ভবিষ্যত দেখিবলৈ পাওঁ। যুক্তি অবিহনে সার্থকতা কেনেকৈ আহিব?

- এফ. এল. লুকাচ্



২৯৩/ অসন্তুষ্টিতকৈ পৰিত্ৰ কথা জীৱনত আন একোৱেই হ'ব নোৱাৰে, যদিহে হিংসা, দ্বেষ, ঈর্ষা, লোভ, প্ৰৱঞ্চনা আদিৰ পৰা সম্পূৰ্ণকৈ মুক্ত হৈ মানুহে নিজকে নিত্য নতুন ৰূপত গঢ়ি তুলিবলৈ সফল প্রচেষ্টা কৰে।

- গর্কী



২৯৪/ আমাক চাতুৰী নালাগে, লাগে সু-বিবেচনা। বুদ্ধিৰ শিক্ষা নালাগে, লাগে আত্মাৰ পৱিত্ৰতা আৰু লাগে সত্যৰ প্ৰকৃতিৰ লগত পৰিচয়ৰ ঘনিষ্ঠতা আৰু সেই আদর্শত যাপন কৰা জীৱন।

- ৰাধাকৃষ্ণণ



২৯৫/ এতিয়া দেশত যিটো দৰকাৰ, সেইটো হ'ল লোহাৰ নিচিনা মাংসপেশী আৰু তীখাৰ নিচিনা স্নায়ু, একোৱেই ভেঁটিব নোৱাৰা প্ৰচণ্ড ইচ্ছা শক্তি। 'ই ভেদ কৰিব জগতৰ সকলো ৰহস্য, সকলো প্রহেলিকা। ই নিজৰ কৰ্ত্তব্য যেনেকৈয়ে হওঁক - পালন কৰিব। তাৰ বাবে যদি সাগৰৰ তলিলৈ গৈ মৃত্যুৰ মুখত থিয় দিব লাগে, তাকো কৰিব।

- বিবেকানন্দ



২৯৬/ চেগ লৈ কাম সাঁচি থোৱা এক কথা আৰু এলাহত কাম পেলাই থোৱা আন এক কথা। প্রথমটোৱে মানুহৰ চতুৰালিৰ চিনাকি আৰু দ্বিতীয়টোবে সোৰোপালিৰ চিনাকি দিয়ে।

- সত্যনাথ বৰা



২৯৭/ ৰাতিপুৱাৰ এঘণ্টা সময় অপচয় কৰিলে দিনটোৰ বাকীখিনি সময় সেই অপচয়ৰ মুহূৰ্তবোৰৰ সন্ধানতেই হাবাথুৰি খাব লাগিব।

- হোৱাইট্ অল্



২৯৮/ সময় আৰু সম্বন্ধ - দুয়োটাই জীৱনৰ দূর্বিষহ বোজা।

- ড° জন্‌চন্



২৯৯/ ঈশ্বৰৰ প্ৰকৃত উপাসনা শব্দেৰে নহয়, হয় অন্তৰেৰে।

- এৰিষ্ট'টোল



মহৎ লোকৰ বাণী অমৃত বাণী অসমীয়াত Mohat Lukor Bani Assamese
মহৎ লোকৰ বাণী Mohat Lukor Bani



৩০০/ জীবিত মানুহক আমি সন্মান কৰা উচিত; কিন্তু, মৃতকৰ বিষয়ে সত্যৰ বাহিৰে আন একো কোৱা উচিত নহয়।

- ভল্টেয়াৰ



৩০১/ প্রকৃত সাধুতা হৈছে লগৰ মানুহক ভাল পোৱাটো আৰু প্ৰকৃত জ্ঞান হৈছে লগৰ মানুহক জনাটো।

- কনফুচিয়াচ্



৩০২/ ৰাজহুৱা কাৰ্য্য সম্পাদনাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যক্তিগত বিবেচনাই প্রাধান্য পোৱাটো উচিত নহয়।

- ইলিচিচ্ এচ. গ্র্যান্ট



৩০৩/ প্ৰতিগৰাকী ডিক্টেটৰেই স্বাধীনতাৰ শত্ৰু আৰু আইনৰ বিৰোধী।

- ডেমোস্থিনিচ্



৩০৪/ চহকীয়ে ধন খৰচ কৰোতে জনসাধাৰণৰ উমৈহতীয়া ধন হিচাপে খৰচ কৰিলেহে উচিত কৰ্ত্তব্য পালন কৰা হ'ব।

- মহাত্মা গান্ধী



৩০৫/ শিক্ষা এপাট অস্ত্ৰ, ইয়াৰ প্ৰতিক্রিয়া নিৰ্ভৰ কৰে যাৰ হাতত এই অস্ত্র থাকে আৰু যাৰ উদ্দেশ্যে ইয়াক ব্যৱহাৰ কৰা হয়।

- জোচেফ স্টেলিন্



৩০৬/ আমি যে অজ্ঞ এই কথাষাৰ জনাটোৱেই জ্ঞান লাভৰ পথত প্রথম পদক্ষেপ।

- চেচিল



৩০৭/ গৃহই হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু।

- ক্রেজ



৩০৮/ শিশুৱে প্ৰকৃতিৰ কোলাতেই ডাঙৰ-দীঘল হৈ তাৰ প্ৰয়োজনীয় শিক্ষা লাভ কৰে।



৩০৯/ বিশ্বৰ যি ইতিহাস আমি এতিয়াও ল'ৰা-ছোৱালীক শিকাওঁ, সেই ইতিহাস কেতবোৰ হত্যাৰ কাহিনীহে।

- ফ্রয়েড্



৩১০/ দৰিদ্ৰতা আৰু সম্পদৰ দুয়োটাই তুলনামূলকভাবে পাপ।

- ভিক্টৰ হিউগো


মহৎ লোকৰ বাণী


৩১১/ যিসকলে কেৱল নিজৰ উদৰ পূৰণ কৰোঁতে ব্যস্ত, সেইসকলক জীয়াই থাকিলেও দৰাচলতে মৃত বুলি গণ্য কৰিব লাগে।

ঋষি যাজ্ঞবল্ক



৩১২/গাৰ বলেৰে সংগ্ৰহ কৰিব নোৱাৰা বস্তু হ'ল 'জ্ঞান'। ইয়াক পাবলৈ প্রয়োজন অধ্যয়নৰ।

- জনছন 



৩১৩/ কি আশ্চর্য্য! মই আজিলৈকে এনে এজন মানুহ লগ নাপালোঁ, যিজনে নিজৰ দোষৰ কাৰণে নিজকে দোষী বুলি বিবেচনা কৰে।

- কনফুচিয়াচ্



৩১৪/ বহুত আৰু বিৰাট ভুলৰ মাজেদি নহাকৈ কোনো মানুহেই মহান আৰু ভাল হ'ব নোৱাৰে।

- শেক্সপীয়েৰ



৩১৫/ কোনো কামেই কঠিন নহয়, যদি তাক আপুনি খণ্ড খণ্ড ৰূপত দেখে।

- হেনৰী ফ'ৰ্ড



৩১৬/ যিজনে কিবা একো নকৰাকৈয়ে প্রশংসা পোৱাৰ প্ৰয়াস কৰে, সেইজনৰ সকলো সুখ আনৰ হাততে আৱদ্ধ থাকে।

- অলিভাৰ গ'ল্ডস্মিথ



৩১৭/ জন্মভূমিলৈ গৈ মাতৃভূমিৰ মুখৰ পৰা মধুৰ মাতৃভাষা শুনিবলৈ পালে আমি স্বৰ্গলৈ যাবলৈ ইন্দ্ৰৰ পৰা পোৱা নিমন্ত্ৰণো অস্বীকাৰ কৰিবলৈ সাজু আছোঁ।

-লক্ষ্মীনাথ বেজবৰুৱা



৩১৮/ মানুহ ভাগ্যৰ বন্দী নহয়, নিজৰ মনৰহে বন্দী।

- ৰুজভেল্ট 



৩১৯/ সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ভবা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে।

- গ্যেটে



৩২০/ মোৰ এইটোৱেই নীতি যে সংখ্যাগৰিষ্ঠতা সদায়েই গ্রাহ্য হোৱা উচিত।

- জেফাৰ্চন্


মহৎ লোকৰ বাণী


৩২১/ বৈ থকা জুৰিৰ মাজতো এজন মানুহ থিয় হৈ থাকিব পাৰে; কিন্তু, মানুহৰ পৃথিৱীত ই সম্ভৱ নহয়।

- জাপানী প্রবাদ



৩২২/ ভাল স্বামী গঢ়ি তুলিবলৈ হ'লে মহিলাগৰাকী প্রতিভাসম্পন্না হ'ব লাগিব

-বালজাক



৩২৩/ এজনী মহিলাই সেইজন পুৰুষকহে বিয়া কৰোৱা উচিত যি পুৰুষে তাইক ভাল পায়; কিন্তু, তাই ভালপোৱা পুৰুষজনক নহয়।

- আৰবীয় প্রবাদ



৩২৪/ সততাই শ্রেষ্ঠতম্ নীতি আৰু শেষত ইয়াৰেই জয় হয়।

-লর্ড উলজলি



৩২৫/ সংসাৰত যিজনে চিন থৈ যাব খোজে, তেওঁ দিনে-ৰাতিয়ে কাম কৰিবই লাগিব।

- এন্টনি লিউৱেনহ 'ক



৩২৬/ মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ। কিয়নো, ঈশ্বৰ স্বর্গতো নাই, পাতালতো নাই; আছে মাত্র আমাৰ প্ৰত্যেকৰে অন্তৰত।

- মহাত্মা গান্ধী



৩২৭/ মানুহে যি ইচ্ছা কৰে, তাকে কৰিব পাৰে। কিন্তু, যিহকে-তিহকে ইচ্ছা কৰিব নোৱাৰে।

- শ্বেপেন্ হাৱাৰ



৩২৮/ কাম কৰিবলৈ টান পোৱাজনে খাবও নালাগে।

- বাইবেল



৩২৯/ কাম আমি কৰিবই লাগিব; কিন্তু, কাম শেষ কৰাৰ অধিকাৰ আমাক দিয়া হোৱা নাই।

- তালমুদ



৩৩০/ পৰৰ দুখ পতিয়াবলৈ শিকা, নিজৰ দুখ উৱলি যাব। পৰৰ দুখ পতিয়াবলৈ গাঁঠিৰ ধন ভাঙিব নালাগে, কেৱল মনতে ৰিজনি কৰিবা। তোমাৰ এশ টকা লোকচান হৈছে, হেজাৰ টকা লোকচান হোৱাজনৰ কথা ভাবা, তোমাৰ এশৰ দুখ পাতলিব। তোমাৰ এজন পুতেৰা মৰিছে, নি:বংশ হোৱাজনৰ কথা ভাবা, তোমাৰ শোক লঘু হ'ব।

- তৰুণৰাম ফুকন


মহৎ লোকৰ বাণী


৩৩১/ ভোকাতুৰ আৰু এলেহুৱা মানুহৰ আগত ঈশ্বৰে এটা ৰূপত দেখা দিব পাৰে - সি হৈছে কাম আৰু তাৰ বিনিময়ত তাৰেই মূল্য হিচাপে আহাৰ। ঈশ্বৰে মানুহক কাম কৰি খাবৰ কাৰণে সৃষ্টি কৰিছে আৰু কৈছে- যি কাম নকৰাকৈ খায়, সি চোৰ।

-মহাত্মা গান্ধী



৩৩২/ ক'বলগীয়া কথা একো নাই, অথচ সুবিধা পালেই মুখ মেলে আৰু অনবৰত কথা পাতিয়েই থাকে- এনেকুৱা মানুহ হিংস্র বনৰীয়া জন্তুতকৈও বেছি ভয়াবহ।

- জোনাথন্ চুইফট্



৩৩৩/ সন্ত্রাসবাদীক কোনে কেতিয়া সাহসী বুলি কৈছে? তেওঁৱেই প্রকৃত সাহসী, যাৰ বাহুবলে দূৰ্বলীক ৰক্ষা কৰে, যি দমনলৈ ভয় নকৰে।

- মহাত্মা গান্ধী



৩৩৪/ সন্দেহী মন বন্ধুত্বৰ বৰবিহ।

- ফৰাচী প্রবাদ



৩৩৫/ ৰূপ-লাবণ্যতকৈ পুৰুষৰ সহজাত ব্যক্তিত্বত ছোৱালী সহজে মোহিত হয়।

- হেম্ বৰুৱা



৩৩৬/ কর্মই উপাসনা, হাঁহিয়েই জীবন। যিজনে জীৱনত সুখ আৰু দুখ- দুয়োকে হৰ্ষমনে গ্রহণ কৰিব জানে, তেওঁহে জীৱনৰ সৌন্দৰ্য্য ভোগ কৰিব পাৰে।

- চৰ্দ্দাৰ পেটেল



৩৩৭/ কোনো এঠাইৰ অন্যায় সকলো ঠাইৰ ন্যায়ৰ বাবেই ভয়াবহ।

– মার্টিন লুথাৰ



৩৩৮/ শত্রুৰে আগুৱাই আহিলে আমি পিছুৱাই যাওঁ। শত্রুৱে ছাউনি পাতিলে আমি সিহঁতক শলঠেকত পেলাওঁ।

- মাও চে তুং



৩৩৯/ এখন দেশক সঞ্জীবিত কৰি তুলিবলৈ বহুতো কথাৰ প্রয়োজন। কিন্তু, সকলোতকৈ প্রয়োজনীয় হৈছে সু-মাতৃৰ।

- নেপোলিয়ন্



৩৪০/ সৰু ফুটা এটাৰ মাজেদি যেনেকৈ সূৰ্য্যৰ পোঁহৰ দেখা যায়, তেনেকৈ সৰুসুৰা কথাৰ মাজেদিও এজন মানুহৰ চৰিত্ৰৰ মাহাত্ম্য প্রকাশ পায়।

- লর্ড এভেবেৰী


মহৎ লোকৰ বাণী


৩৪১/ অবাবত সময় নষ্ট কৰাটো আত্মহত্যাৰ সমৰ্থক।

- জর্জ চেভাইল



৩৪২/ মুখৰ সৌন্দৰ্য্যৰ লগত অন্তৰৰ সৌন্দৰ্য্যৰ মিল নাথাকিলে কোনো নাৰীয়েই সুন্দৰ হ'ব নোৱাৰে।

- বার্নার্ড শ্ব'



৩৪৩/ আধা ডজন নির্বোধ বৈধ সন্তানতকৈ এটা অবৈধ সু-সন্তান শতগুণে শ্রেয়।

- ড° ৰামমোহন লোহিয়া



৩৪৪/ পুতৌৰ পাত্ৰ হোৱাতকৈ ঈৰ্ষাৰ পাত্ৰ হোৱাই ভাল।

- হেৰ'ড টাছ



৩৪৫/ অকলশৰীয়াকৈ কোনো মানুহেই জ্ঞানীত পৰিণত হ'ব নোৱাৰে।

- মেক্সিমাছ



৩৪৬/ বহু অসৎ মানুহ ধনী; আনহাতে, বহু সৎ মানুহ দুখীয়া। সৎ মানুহক ধনৰ বিনিময়ত ত্যাগ কৰা অনুচিত।

- ছোলন্



৩৪৭/ আদর্শই মানুহৰ উপযুক্ত পঢ়াশালি। আদৰ্শৰ বাহিৰে আন পঢ়াশালিত মানুহে একো শিকিব নোৱাৰে।

- বাৰ্ক্



৩৪৮/ আনক ঘৃণা কৰি কোনেও বৰ্ত্তি থাকিব নোৱাৰে।

- বিবেকানন্দ



৩৪৯/ যিজনক বিশ্বাস কৰিব পাৰি আৰু যিজনৰ আগত নিজৰ চিন্তা লুক-ঢাক নকৰাকৈ ব্যক্ত কৰিব পাৰি, তেওঁৱেই প্রকৃত বন্ধু।

- ৰাল্‌ফ বাল্ডো এবাছন্



৩৫০/ অহিংস কাপুৰুষালিতকৈ হিংসামূলক বীৰত্বও ভাল।

-মহাত্মা গান্ধী


মহৎ লোকৰ বাণী


৩৫১/ দূৰ্বল মন এলাহৰ আশ্রয়স্থল।

-চেষ্টাফিল্



৩৫২/ সস্তা বুলিয়েই বস্তু কিনা অনুচিত। শেষত এনে বস্তু গলগ্রহতহে পৰিণত হয়।

- জেভার্চন্



৩৫৩/ এহেজাৰ ভেড়াৰ সৈন্যৰ দল এটাক যদি এটা সিংহই নেতৃত্ব দি আনে, সি সেই এহেজাৰ ভেড়াৰ সৈন্যদলটোকহে ভয় কৰিব। এহেজাৰ সিংহৰ দল এটাক যদি এটা ভেড়াই নেতৃত্ব বহন কৰি আনে, সেই সিংহৰ দলটোক ভয় কৰাৰ কাৰণ নাই।

- টেলিৰেল্ড



৩৫৪/ ৰাজনীতি - ধূৰ্ত্ত-ন্দগাবাজৰ শেষ আশ্ৰয়ৰ স্থল।

-জর্জ বার্নার্ড শ্ব'



৩৫৫/ কিছুমান মানুহে পৌঁহৰতকৈ আন্ধাৰ বেছি ভাল পায়, কাৰণ তেওঁলোকৰ কামবোৰ আন্ধাৰৰ দৰে ভয়াবহ।

-বাইবেল্



৩৫৬/ সকলো মানুহেই জ্ঞান লভিবলৈ ইচ্ছা কৰে; কিন্তু, তাৰ কাৰণে যিখিনি যত্ন কৰিব লাগে, তাকে কৰিবলৈ সাজু হোৱা মানুহৰ সংখ্যাহে নিচেই কম।

- জুৱেনাল্



৩৫৭/ ভাল বন্ধুৰ দৰে ভাল কিতাপেও উপদেশ দিবলৈ হেলা নকৰে।

- কটন



৩৫৮/ বাতৰি কাকতৰ স্বাধীনতা হ'ল স্বাধীনতাৰ দূৰ্গস্বৰূপ। এই স্বাধীনতা অত্যাচাৰী শাসকৰ বাহিৰে আন কোনেও ধ্বংস কৰিব নোৱাৰে।

- জর্জ মেছন



৩৫৯/ নিজৰ ভূলৰ সমষ্টিকে মানুহে 'অভিজ্ঞতা' বোলে।

- অ'স্কাৰ ৱাইল্ড 



৩৬০/ আঠুকাঢ়ি জীয়াই থকাতকৈ, থিয় হৈ মৃত্যুবৰণ কৰা হেজাৰগুণ শ্রেষ্ঠ।

-জাপোটা


মহৎ লোকৰ বাণী


৩৬১/ মানুহ জন্মতেই মুক্ত, কিন্তু পিছত তেওঁলোক কাৰাগাৰত বাস কৰিবলগীয়া হয়।

- ৰুছ্যো



৩৬২/ ভয়ংকৰ ধৰণে ক্ষতি হোৱাৰ ভয়ত বাক-স্বাধীনতা আৰু সমবেত হোৱাৰ স্বাধীনতা খর্ব কৰিব নোৱাৰি। এসময়ত মানুহে ডাইনীক ভয় কৰি তিৰোতাক পুৰি মাৰিছিল। ভাষাৰ কামেই হ'ল- মানুহক স্বাধীনতা দান আৰু অযুক্তিকৰ ভয়ৰ পৰা মুক্ত কৰা।

- লুই দ্য বেণ্ডিজ



৩৬৩/ 'ৰাজনীতিক' তেওঁকেই কয়, যি নিজকে এবাৰ আনৰ ওচৰত বিক্ৰী কৰাৰ পিছত দ্বিতীয় এজনৰ ওচৰত পুনৰ নিজকে বিক্ৰী নকৰে।

- টাইৰগ্‌ কেমেৰুণ



৩৬৪/ স্বাধীনতা আৰু সত্যৰ বাবে কৰা সংগ্ৰামত আতক-ধুনীয়া পোছাক পিন্ধাৰ কোনো দৰকাৰ নাই।

- হেনৰিক কেমেৰুণ



৩৬৫/ স্বদেশৰ মোহত বিপদৰ সময়তো সেই ঠাইত থাকি ধ্বংস হোৱাটো মূর্খামি।

-মহাকবি কালিদাস



৩৬৬/ খালি পেটে কোনো মানুহ দেশ হিতৈষী হ'ব নোৱাৰে।

-ব্রাণ



৩৬৭/ বেয়া আৰু ভাল- ঈশ্বৰৰ বাওঁ আৰু সোঁহাত।

- বেইলী



৩৬৮/ শ্বহীদৰ তেঁজ- গীৰ্জাৰ বীজ।

- টাৰটুল্লীয়ান্



৩৬৯/ অন্ধৰ দেশত একচকুৱা মানুহে ৰজা হয়।

- ইৰাছ্‌মাহ্



৩৭০/ ভগৱানে আমাৰ শৰীৰটো স্থায়ী সম্পত্তি হিচাপে দিয়া নাই। কার্যত খটাবলৈহে দিছে।

- লুক্রেচিয়াছ


মহৎ লোকৰ বাণী


৩৭১/ পৰিশ্রমে মানুহক তিনিটা দোষৰ পৰা আঁতৰাই ৰাখে আমনি, পাপ আৰু অভাৱ।

- ভল্টেয়াৰ



৩৭২/ নিজৰ ভিতৰত নথকা কোনো বস্তু শিল্পী এজনে দিব নোৱাৰে।

- মেঙ্কেন্



৩৭৩/ গোৰ মাৰিলে ধূলি উৰে; শস্য নগজে।

- ৰবীন্দ্ৰ নাথ ঠাকুৰ



৩৭৪/ বিদ্ৰোহৰ কাৰণে সংখ্যাগৰিষ্ঠতা নালাগে। লাগে মাথোঁ কেইগৰাকীমান দৃঢ়চিতীয়া নায়ক আৰু উপযুক্ত কাৰণ।

- মেঙ্কেন্



৩৭৫/ তার্কিক ব্যক্তিতকৈ আমনি লগোৱা বস্তু আন একো নাই।

- ৰবীন্দ্ৰ নাথ ঠাকুৰ



৩৭৬/ অৱস্থাৰ দাস নহৈ সংগ্রাম কৰিব পাৰিলেহে মানুহ - 'মানুহ' হ'ব পাৰে।

- মেক্সিম্ গ'র্কী



৩৭৭/ মৃত্যু কেতিয়াবা দান, কেতিয়াবা শাস্তি আৰু কেতিয়াবা দূর্ভাগ্য হ'ব পাৰে।

- চেনেকা



৩৭৮/ধ্বংস হোৱাটো যিহেতু সুনিশ্চিত, সেইবাবেই সজ কথাত জীৱন উৎসর্গা কৰিবা।

- বিবেকানন্দ



৩৭৯/ শত্রুক শয়নে-সপোনে-দিঠকে, মূৰৰ পৰা ভৰিলৈকে ঘৃণা কৰিব নোৱাৰিলে ধ্বংস কৰিব নোৱাৰি।

- ষ্টেলিন্



৩৮০/ মগজুৱেই আটাইতকৈ মূল্যবান বস্তু নহয়, আটাইতকৈ মূল্যবান হৈছে-যিবোৰৰ দ্বাৰা মগজু পৰিচালিত হয়, সেইবোৰহে; অৰ্থাৎ, চৰিত্ৰ, হৃদয়, উদাৰতা আৰু প্ৰগতিশীল ধ্যান-ধাৰণা।

- দস্তভয়েস্কি


মহৎ লোকৰ বাণী


৩৮১/ আমাৰ সাহিত্য জগতৰ আটাইতকৈ দুখজনক দৃশ্যটো হ'ল – ক্ষুদ্র আলোচনীৰ মৃত্যু কাহিনীৰে যিবোৰ কবিতা মুক্ত কৰিবলৈ গৈ নিজে মৃত্যুৰ মুখত পৰে।

- কেইথ্ প্রেটেল



৩৮২/ মানুহৰ বিকাশৰ বাবে জীৱন যিদৰে প্ৰয়োজন, মৃত্যুও তেনেদৰে প্রয়োজন।

- মহাত্মা গান্ধী



৩৮৩/ দূৰ্গত আৰু দুৰ্বলীৰ বাবে যিসকলে মাত মাতিবলৈ ভয় কৰে, সেইসকলেই ভৃত্য।

- জেম্ ৰাচেল্ লয়েল



৩৮৪/ তুমি সত্যৰ দাস হোৱা, তেহে এজন স্বাধীন মানুহৰূপে পৰিগণিত হ'বা।

- আৰবীয় প্রচলন



৩৮৫/ সুখী জীবন-যাপনৰ মূলমন্ত্র হ'ল- আনন্দিত হৈ থাকা।

- এপিকুৰাছ



৩৮৬/ জীবন সৃষ্টি কৰা কাম দীঘলীয়া আৰু কঠিন; কিন্তু, আনে সৃষ্টি কৰা জীৱন ধ্বংস কৰিবলৈ সৰহ সময় নালাগে।

-জর্জ বার্নার্ড শ্ব



৩৮৭/ মই সাহসী লোকক ভাল পাওঁ; কিন্তু, তৰোৱাল ঘূৰাব জনাটোৱেই যথেষ্ট নহয়। কাৰ বিৰুদ্ধে তৰোৱাল ঘূৰোৱা হ'ব সেই কথাও সাহসী লোকজনে জনা উচিত।

- নীতিছে



৩৮৮/ পাপে নিজেই জানে যে তাৰ মুখখন কুৎসিৎ। সেই কাৰণেই সি এখন মুখা পিন্ধে।

- বেঞ্জামিন ফ্রেঙ্কলিন



৩৮৯/ ধন বা ঐশ্বর্য্যই মানুহক সুখ দিব নোৱাৰে। কেৱল নিৰুদ্বিগ্নতা আৰু কামেহে মানুহক সুখী কৰে।

- টমাছ জেফাৰ্চন্



৩৯০/ ভাগ্যৰ বলত মানুহ জ্ঞানী হ'ব নোৱাৰে।

- চেনেক্


মহৎ লোকৰ বাণী


৩৯১/ অনাহকত দীঘলীয়া কথা কোৱা মানুহ আৰু এজন মাত্রাজ্ঞানহীন মাতালৰ মাজত কোনো পার্থক্য নাই।

- জুলি ৰেণাৰ



৩৯২/ বিসঙ্গতিপূর্ণ কাম কৰিবলৈ ভয় খোৱাজনেহে ভালদৰে শিক্ষাগ্রহণ কৰাত আগ্রহ দেখুৱায়।

- আৰোটিনো



৩৯৩/ ভৱিষ্যতৰ বিষয়ে বৰকৈ চিন্তা-ভাবনা কৰা উচিত নহয়। ভবিষ্যত সোনকালেই বর্তমানত পৰিণত হয়।

- আইনস্টাইন্



৩৯৪/ ৰাজনীতিত তিক্ততাৰ কোনো স্থান নাই। যিসকলে তিক্ততা অনুভৱ কৰে তেওঁলোকৰ ৰাজনীতিৰ জ্ঞান নাই।

- ৰাম নৰেশ যাদৱ



৩৯৫/ শ্রদ্ধা আৰু ভালপোৱাৰ পাত্ৰ হৈ আনৰ মনত জীয়াই থকাই হৈছে 'প্রকৃত জীবন'।

- কনৰাড'



৩৯৬/ যশৰ আকাঙ্খাই হ'ল আটাইতকৈ চৰম অহঙ্কাৰৰ চিন।

- চাল্টায়ানা



৩৯৭/ উদাসীনতাই প্ৰেমৰ সমাধি ৰচনা কৰে।

- চ 'মাৰছেট্ মম্



৩৯৮/কেবল নি:সঙ্গ মানুহে বন্ধুত্বৰ প্ৰকৃত মূল্য উপলব্ধি কৰিব পাৰে।

- কেথাৰ



৩৯৯/ প্ৰেমৰ পিছত গ্রন্থ সংগ্রহেই হ'ল আটাইতকৈ বিশুদ্ধ ক্রীড়া।

- ৰোজেন বাখ



৪০০/ মৃত্যু বুলি একো কথা নাই। মৃত্যুৰ পিছতো আত্মাৰ অৱস্থান সম্পর্কে অনুভূতি জাগি থাকে।

- এঞ্জেনা পোট্র



মহৎ লোকৰ বাণী অমৃত বাণী অসমীয়াত Mohat Lukor Bani Assamese
মহৎ লোকৰ বাণী Mohat Lukor Bani


৪০১/ মানুহৰ সকলো ধৰণৰ পাপৰ উৎস হ'ল দুটা অধৈর্য্য আৰু অলসতা।

- কাফ্লা



৪০২/ যিজন মানুহৰ কৰিবলগীয়া অজস্র কাম নাথাকে, তেওঁৰ পক্ষে ছুটীৰ আনন্দ উপভোগ কৰা সম্ভৱ নহয়।

- জেৰম্



৪০৩/ মানুহক পৰাজয় কৰিব পাৰি, কিন্তু ধ্বংস কৰিব নোৱাৰি।

- হেমিংৱে



৪০৪/ জীবন অনন্ত আৰু প্রেম অমৰ। মৃত্যু হ'ল আমাৰ দৃষ্টিৰ দ্বাৰা সীমাবদ্ধ দিগন্ত।

- ৰজিটাৰ ৰেমণ্ড



৪০৫/ জীৱনক বুজিবলৈ হ'লে পিছলৈ ঘূৰি চাব লাগিব। কিন্তু, জীয়াই থাকিবলৈ হ'লে সদায় আগফালে দৃষ্টিপাত কৰিব লাগিব।

- চোৰেন্ কিয়েকগাৰ্ড



৪০৬/ সকলোবোৰ গুণৰ তুলনাত অৰ্জন কৰিবলৈ আটাইতকৈ কষ্টকৰ গুণ হ'ল-নম্রতা। মানুহে সদায় নিজকে ডাঙৰ বুলি ভৱা ধাৰণাটো এৰিবলৈ কষ্টকৰ।

- টি. এছ. এলিয়ট্



৪০৭/ জীয়াই থকা কালত এজন মানুহে মাথোঁ নিজৰ ব্যক্তিগত জীবনেই যাপন নকৰে; সজ্ঞানে বা অজ্ঞানে তেওঁ তেওঁৰ সমকাল আৰু সমসাময়িক ব্যক্তিৰ জীৱনৰো অংশ গ্রহণ কৰে।

- টমাছ মান



৪০৮/ মানুহৰ মুক্তিৰ বাবে তিনিটা বস্তুৰ প্ৰয়োজন:- যিহৰ ওপৰত বিশ্বাস ৰাখিব লাগে, তাৰ বিষয়ে জনা; কি বিচাৰিব লাগে, সেইটো জনা আৰু কি কৰিব লাগে, সেই কথা জনা।

- টমাছ একুইনাছ



৪০৯/ জীৱনত আকাঙ্খিত বস্তু দুটা হ'ল বিচৰাখিনি পোৱা আৰু পোৱাৰ পিছত তাক উপভোগ কৰা। অকল জ্ঞানীজনেহে পিছৰটো লাভ কৰে।

- এল. পি. স্মিথ



৪১০/ প্ৰেমলৈ ভয় কৰাৰ অৰ্থ হ'ল জীৱনলৈ ভয় কৰা।

- আদ্রে জিদ


মহৎ লোকৰ বাণী


৪১১/ বিবেকবান লোক পৃথিৱীৰ সকলো ঠাইতে উপেক্ষিত হয়। তেওঁলোকক প্রশংসা কৰা প্ৰায়েই দেখা নাযায়।

- যোচেফ্ ৰু



৪১২/ সততা বিসর্জন নিদিয়াকৈ চলাজনেই 'জ্ঞানী'।

- কনফুচিয়াচ্



৪১৩/ পৰাজয়ৰ সম্ভাৱনা সম্পর্কে আমি মুঠেও নাভাবোঁ।

- ভিক্টোৰিয়া



৪১৪/ পুৰুষ আৰু নাৰীৰ মুখমণ্ডলত মই ভগৱানক দেখোঁ।

- হুইটমেন



৪১৫/ প্রতিটো মহৎ কামৰে নিৰৱ অংশটো আটাইতকৈ সুন্দৰ। সকলোবোৰ প্রকাশভঙ্গীৰ ভিতৰত প্ৰকাশ কৰিব নোৱাৰাখিনি সুন্দৰতম্।

- উইলিয়াম্ ওৱেটমোৰ ষ্ট'ৰি



৪১৬/ বিবাহ হ'ল এখন কিতাপ যাৰ প্ৰথম অধ্যায় 'কবিতা' আৰু আনটো অধ্যায় 'গদ্য'ত লিখা।

- বি. নিক'ল্‌চ



৪১৭/ পৃথিৱীৰ সকলো দেশৰে ৰাজনীতিকসকলৰ চৰিত্ৰ একেই। য'ত নদী নাই, তাতো তেওঁলোকে দলং সাজিব খোজে।

- নিকিটা খুশ্বভ্



৪১৮/ তুমি যদি সকলো সময়তে এই বুলি ভয় কৰি থাকা যে তুমি ভুল কৰিবাই, ভুল নকৰাকৈ তুমি থাকিব নোৱাৰা, তেন্তে তাতোকৈ ডাঙৰ ভুল জীৱনত আন একো হ'ব নোৱাৰে।

- এলবার্ট হুবার্ড



৪১৯/ যদিহে মোক এইটো ঠিৰাং কৰিবলৈ কোৱা হয় যে আমাক এটা বাতৰি কাকত নোহোৱা চৰকাৰ লাগে নে চৰকাৰ নোহোৱা বাতৰি কাকত লাগে তেনেহ'লে মই দ্বিতীয়টোৰ সপক্ষেহে মত দিম।

- টমাচ জেফাৰ্চন



৪২০/ জগতত যেনেকৈ বিশুদ্ধ জাতি পোৱা নাযায়, তেনেকৈয়ে বিশুদ্ধ ভাষাও পোৱা নাযায়।

- ড° গোলোক চন্দ্র গোস্বামী


মহৎ লোকৰ বাণী


৪২১/ যি পুৱা শুই উঠাত পলম কৰে তেওঁ গোটেই দিন হাবাথুৰি খাই নিশাও কাম সমাধা কৰিবলৈ সক্ষম নহয়।

- ৰিচাৰ্ড হেনৰী।



৪২২/ ভাষা মানুহৰ সামাজিক সম্পত্তি, ব্যক্তিগত সম্পত্তি নহয়।

- কবি দিনেশ গোস্বামী



৪২৩/ কুকুৰনেচীয়া বাঘৰ লগত থাকা, তুমিও গুঁজৰিবলৈ শিকিবা।

- স্পেইনৰ প্ৰবাদ



৪২৪/ দুজন মানুহৰ ভিতৰত পাৰ্থক্য বুদ্ধি-শক্তিত নাথাকে; কেৱল কাম কৰাৰ ক্ষমতাতহে থাকে।

- ডাক্তৰ আর্নল্ড



৪২৫/ পৃথিবীত সবাতোকৈ সহজ কাম হৈছে- আনৰ সমালোচনা কৰা; সবাতোকৈ টান কাম হৈছে- নিজকে সংশোধন কৰা।

- হেম বৰুৱা



৪২৬/ মূর্খ আৰু অজ্ঞানীয়ে 'সত্য' কি বস্তু নাজানে।

- বুদ্ধদেৱ



৪২৭/ যিজনে সুবিধা পালেই পৰনিন্দা, পৰচৰ্চাত মতলীয়া হয়, সেইজনেই বাস্তৱিকতে ফেঁটীসাপতকৈ কোনোগুণে কম বিষাক্ত নহয়।

- উপনিষদ



৪২৮/ হিংসা কেতিয়াও নকৰিবা, জুঁইয়ে যেনেকৈ খৰি পোৰে, হিংসাই তেনেকৈ পূণ্যসমূহ নাইকীয়া কৰে।

- হজৰত মোহম্মদ





Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা