ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা

ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা 


ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা Assamese Story Book Kokadeuta Aru Natilora  Lakhshminath Bezbaruah কুৰুৱা চৰাই আৰু বামুণৰ সাধু এক হাতী আৰু ফেঁচাৰ কথা বৰচোৰ বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰোৱা ৰাক্ষস পণ্ডিত
ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা 


ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা Assamese Story Book Kokadeuta Aru Natilora  Lakhshminath Bezbaruah

  • কুৰুৱা চৰাই আৰু বামুণৰ সাধু
  • এক হাতী আৰু ফেঁচাৰ কথা
  • বৰচোৰ
  • বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰোৱা
  • ৰাক্ষস পণ্ডিত



প্ৰথম সাধু - কুৰুৱা চৰাই আৰু বামুণৰ সাধু - লক্ষ্মীনাথ বেজবৰুৱা 


এহাল নিমাখিত বামুণ-বামুণী আছিল। এদিন বামুণে গাঁৱলৈ যাওঁতে এটা কুৰুৱা চৰায়ে এটা ৰৌ মাছ ধৰি আনি এখন দলনি পথাৰত আতৌ-পুতৌকৈ খাব খোজা দেখি লৰি গৈ চৰাইটোৰ মুখৰপৰা মাছ কাঢ়ি আনিলে। মুখৰ টোপটো যোৱা দেখি চৰায়ে আকাশত নিৰাশ হৈ বেজাৰ মনেৰে ক'বলৈ ধৰিলে "পৰলৈ দুখ কৰা কোনো সকাম নাই।” সেই দিনাৰপৰা কুৰুৱাটোৱে একো নকৰি সদায় মাছটোৰ কথাকে ভাবি থাকে আৰু বামুণক শাও দি আপোনা-আপুনি কয়, "মোক যেনেকৈ তই নিৰাশ কৰিলি, তয়ো তেনেকৈ নিৰাশ হবি।” সি মাছৰ কথাকে ভাবি-গুণি থাকি শোকত লাহে লাহে শুকাই-ক্ষীণাই গৈ এদিন মৰি থাকিল। বামুণে মাছটো আনি ঘৰত মহা আনন্দেৰে খাই-বৈ আছে। কিছুদিনৰ মূৰত বামুণৰ এটি ল'ৰা উপজিল। ল'ৰাটি এনে ৰূপহ হৈ উথলি আহিছিল যে, তাক যেয়ে দেখে সেয়ে একোলা ল'বলৈ বিচাৰিছিল। বামুণ-বামুণীয়ে ল'ৰাৰ মুখ দেখি ভোক-পিয়াহলৈ পাহৰিছিল।


আজি-কালিকৈ ল'ৰাটো ডাঙৰ হৈ আহিল। ৰূপে-গুণে ল'ৰাক কেউপিনে পেলাব নোৱাৰা দেখি বামুণ-বামুণীৰ আনন্দত পাৰ নোহোৱা হৈছিল। আপুতৰ পুত হৈ ল'ৰাটো ইমান মোহ লগা হৈছিল যে বামুণ-বামুণীয়ে তাৰ হৈ সদায় নিজৰ দেহাকে দিবলৈ আগ কৰি থৈছিল। ল'ৰাটি চফল ডেকা হওঁতেই বিধতাৰ বিৰম্বনাত নিষ্ঠুৰ কালে বামুণ-বামুণীৰ বুকু উদঙাই তাক মাৰি লৈ গুচি গ'ল। যি দিন ধৰি ল'ৰাটি মৰিল সেই দিন ধৰি বামুণ-বামুণীৰ চকুলো নুগুচা হ'ল। দুয়োৰো খাৱন-শোৱন গুচিল আৰু ৰাতিয়ে-দিনে দুয়ো কান্দি কান্দি নিজৰ হিয়া আধামৰা হ'ল। "কাঠচিতীয়া যমে আমাক ইমান জীয়া জুই দিলে, তাকনো পুৱা-গধূলি সদায় ঘেকালি থাকিলে সি কেনে পায়" এইবুলি বামুণে ঢেঁকীটোকে নিতৌ ঘুমুৰ ঘুমুৰকৈ, যমৰ হিয়া খুন্দিছোঁ বুলি কৈ, খুন্দি থাকে।


বামুণে এনেকৈ দুখ-বেজাৰ কৰি ঢেঁকী খুন্দি থকা দেখি, এদিন ৰাতি বামুণক সপোনত ক'লে, "তুমি যে সদায় একেৰাহে ঢেঁকী খুন্দি হিয়া ভুকুৱাই পুতেৰাক ধিয়াই আছা, সেই পুতেৰাক তুমি দেখিবলৈ পাবা; মাথোন মই এটা কথা কওঁ তাকে তুমি কৰিবা- কাইলৈ তুমি ভিতৰৰপৰা দুৱাৰ মাৰি তোমাৰ গোসাঁই-ঘৰতে শুবা আৰু তিনিদিনলৈকে কোনেও তালৈ গৈ তুমি নিজে নুঠা মানে, তোমাক জগাবলৈ হাক দিবা।"


পিছদিনা পুৱা বামুণে সপোনৰ কথা বামুণীক ভাঙি-ছিঙি কৈ সেই মতেই তেওঁৰ গোসাঁই-ঘৰৰ ভিতৰত শুই থাকিল। বামুণৰ যেতিয়া ভৰ টোপনি আহিল, তেতিয়া যমদূত এটাই বামুণৰ দেহাটো তাতে থৈ জীৱটো লৈ যমপুৰি পোৱালেগৈ। বামুণে যমপুৰীত ক'ত যে লীলা-খেলা দেখিলে তাৰ সীমা-সংখ্যা নাই; যমদূতে কোনো কোনো পাপীক হালে হালে সাঙুৰি খুন্দি তাও কৰিছে, কোনোক ওভোতাই মোট চেলাই খাৰণীত জুবুৰিয়াইছে; অঘাইটং পাপীবোৰক সিহঁতৰ জিভাত শলা মাৰি ম'হ টনাদি টানি নি নৰক কুণ্ডত পেলাইছে; যমদূতবোৰ জুমে জুমে ফুৰি ফুৰিছে, হো হো কৰি আহিছে-গৈছে। এইদৰে নানা ঠাইত নানা তৰহৰ কথা দেখি বামুণৰ শ্রুতি-বুদ্ধি হেৰাল আৰু বতাহত আঁহতৰ পাত কঁপাদি ভয়ত বামুণ কঁপিবলৈ ধৰিলে।


দূতে নি বামুণক যম ৰজাৰ ওচৰত ভেটালেগৈ। বামুণ ভয়ত ঠক্ কৰে কঁপা দেখি যমে তেওঁক ক'লে- “বাপুদেউ তুমি ভয় নকৰিবা। তুমি বাৰু এই ডেকা মানুহমখাৰ ফাললৈ চকু দিয়াচোন, তাত তোমাৰ পুতেৰা আছেনে নাই?” বামুণে সেইফাললৈ চাই দেখিলে যে তেওঁৰ পুতেক তাতে আছে। পুতেকক দেখি বামুণে ৰং মনেৰে যমক ক'লে যে "হয় মহাৰাজ, মোৰ পো সৌটো।” বামুণৰ উত্তৰ শুনি যমে ক'লে, "তাক ইয়ালৈ মাতাচোন; যদি সি নাহে, তেন্তে তুমিয়েই তাক মাতি আনাগৈ।” বামুণে পুতেকক মাতিলত পুতেক নহা দেখি তাৰ ওচৰলৈকে তেওঁ গৈ "হেৰ বোপাই, মই আহিছোঁ নহয়; তই এইপিনে আহচোন” বুলি মাতিলে। বামুণে এইদৰে তিনি-চাৰিবাৰ মতাতো পুতেকে তেওঁৰফালে উভতিকে নোচোৱাত তেওঁ তাক হাতেৰে ঘোকোটা মাৰি ক'লে, “হেৰ, বোপাই, এইফালে চাচোন, মই তোৰ বাপেৰ।” পুতেকে এই কথা শুনি বাপেকৰ ফালে চাই বেজাৰ মাতেৰে ক'বলৈ ধৰিলে, "তই মোক ক'ৰ পো পাইছহি অ'? মই তোৰ পুতেৰ নহওঁ। তাহানি যে তই কুৰুৱা চৰাইটোক বেজাৰ দি তাৰ মুখৰ টোপটো কাঢ়ি লৈ গৈছিলি, তাৰ পোটক তুলিবলৈহে মই তোৰ পুতেৰ হৈ জনম ধৰিছিলোঁ। এতিয়া মনত পৰিছে নে? মোৰ মনত তই যেনেকুৱা জুই দিছিলি, তোৰ মনতো মই তেনেকুৱা জুই দি গুচি আহিলোঁ।”


পুতেকৰ উত্তৰ শুনি বামুণে মন মাৰি তাৰপৰা গুচি আহি যমৰ আগত ক'লে যে, "সেইটো মোৰ পো নহয়।” বামুণৰ কথা শুনি যমে তেওঁক ক'লে, "তোমালোকে মোক অকাৰণত দোষ দিছিলা; এতিয়া দেখিলা কাৰ দোষ?” এই বুলি যমে দূতৰ চকুলৈ চাই ঠাৰ দিলত, দূতে বামুণক ততালিকে লৈ আহি আকৌ বামুণৰ গোসাঁই-ঘৰ পোৱাই দেহাটোৰ ভিতৰত সুমুৱাই থৈ গুচি গ'ল। বামুণে সাৰ পাই বামুণীক সপোনৰ সকলো কথা ভাঙি-পাতি ক'লে, আৰু তেতিয়াৰপৰা বামুণ-বামুণীয়ে মৰিযোৱা পুতেকৰ হকে শোক কৰিবলৈ এৰি পেলালে।



******



দ্বিতীয় সাধু - এক হাতী আৰু ফেঁচাৰ কথা - লক্ষ্মীনাথ বেজবৰুৱা 


এক নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ খোৰোঙত বাঁহ লৈ আছিল। সেই গছৰ তলেদি এক গজেন্দ্ৰ নামেৰে হাতীয়ে সদায় পানী খাবলৈ অহা-যোৱা কৰিছিল। দৈবাৎ এদিন ফেঁচাই বাঁহ লোৱা গছজোপা পানীত হালি পৰিল। ফেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখি বন্ধাই সেই গছডাল পোন কৰি ল'লে। সেই দিনাৰপৰা ফেঁচা আৰু হাতী দুয়ো দুয়োৰো মহা মিত্র হ'ল। 


এদিন পার্বতীৰ বাঘে সপোনত দেখিলে যে সি গজেন্দ্র হাতীৰ মূৰটো খাইছে। স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সোধাত মহাদেবে বাঘক ক'লে, "স্বপ্নত দেখিছ যেতিয়া, তই গজেন্দ্ৰৰ মূৰটো খাব পা যা খা গৈ।” বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে। সিফালৰপৰা হাতী পানী খাবলৈ আহিলত বাঘে হাতীক ক'লে, "ককাই, আজি তোৰ মূৰটো সমাজিকত খাইছিলো, পিছে ডিঠকতো খাব পায় নে বুলি মই মহাদেৱক সোধাত মহাদেবে খাবলৈ মোক আজ্ঞা দিছে, এতেকে এতিয়া মই তোক খাওঁ। তই কি কৰ কৰি ল বেগতে।” বাঘৰ কথা শুনি হাতীৰ মহা ভয় হ'ল আৰু সি একো নামাতি ৰৈ থাকিল। 


ফেঁচাই সখিয়েকৰ ভয় দেখি বাঘক ক'লে, "বাৰু মহাদেবে যদি তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই; কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেউক সুধি লওঁ। এতেকে ব'লা আমি তিনিও মহাদেউৰ ওচৰলৈ যাওঁ।” বাঘ ফেঁচাৰ কথাত সন্মত হ'লত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে। কিন্তু ফেঁচাই সিহঁতক পাচ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে। মহাদেৱে “ফেঁচাৰ কি হৈছে” বুলি সোধাত ফেঁচাই চক্ খাই সাৰ পোৱা যেন দেখুৱাই ক'লে, "প্রভু, মই এতিয়াই স্বপ্নত পার্বতীক বিয়া কৰাইছিলোঁ; পাছে ডিঠকতো বিয়া কৰাবলৈ পাম নে নেপাম?” মহাদেৱে ক'লে, "স্বপ্নত পালি বুলিয়েই পাবি নে? নেপাব।” ফেঁচাই ক'লে, "কিয়, তেনেহ'লে বাঘে নো কেনেকৈ স্বপ্নত গজেন্দ্ৰক খোৱা দেখি ডিঠকত খাবলৈ পালে?" মহাদেবে ক'লে, "অ, বাঘেও গজেন্দ্রক খাব নোৱাৰে।” এনেতে হাতী আৰু বাঘ আহি ওলালহি। বাঘে হাতীক খাব নোপোৱা শুনি বিমর্ষ হৈ ৰ'ল, হাতীয়ে ফেঁচাৰে সৈতে ৰং মনেৰে গুচি আহিল।



******



তৃতীয় সাধু - বৰচোৰ- লক্ষ্মীনাথ বেজবৰুৱা 


কোনো এখন দেশত কিছুমান চোৰ আছিল। সিহঁতৰ ভিতৰত এটা সকলোতকৈ অঘাইটং চোৰ আছিল। সেই চোৰটোক তাৰ লগৰীয়া সৰু আন আন চোৰে 'বৰ চোৰ' বুলি মাতিছিল। তাৰ এটা পুতেক আছিল। সিও সেই বিদ্যাত বাপেকৰ সমনীয়া হৈছিল। বাপেকে এদিন ভাবিলে, "মই মৰিলে মোৰ পোৱে মোৰ নাম ৰাখিব পাৰিব নে নোৱাৰে এই কথাৰ প্ৰমাণ চাব লগীয়া হ'ল।" ইয়াকে ভাবি এদিন সি পুতেকক ওচৰলৈ মাতি আনি সুধিলে, "বোপাই ঔ, মোৰ আজি-কালিকৈ আয়ুস টুটি আহিবলৈ ধৰিছে; পাছে তই জানো মোৰ পো বুলি চিনাকি দিব পাৰিবি? আৰু বংশৰ নাম ৰাখিব পাৰিবি?” এইবুলি সোধাত পুতেকে উত্তৰ দিলে- “পিতাই, তুমি মোক তুলি-তালি ডাঙৰ-দীঘল কৰিছা যেতিয়া তোমাৰ 'বিদ্যা' মই ৰাখিবই লাগিব। নহ'লে তোমাৰো নাম নুমাব আৰু মোকো লোকে জহৰা বুলি হাঁহিব।” এই কথা শুনি বাপেকে ৰং পাই ক'লে, “মোৰ বোপাই তই মোৰ নাম ৰাখিবি বুলি মই আশা কৰিছোঁ। কিন্তু তেনেহ'লে তই এটা মহলাত উঠিব লাগিব, তেহে মোৰ মনৰ খুকুৰি যাব।” 


এদিন বাপেকে পুতেকৰ ইণ্টাহান পাতি ৰাতি তাৰ ঘৰৰ সকলো লোটা-বাটিবোৰত পানী ভৰাই, পুতেকক বাহিৰত উলিয়াই থৈ, দুৱাৰ-ঘৰ মাৰি শুই থাকিল। ৰাতি দুপৰ হলত পুতেক চুৰ কৰিবলৈ সাজু হ'ল। সি ঘৰৰ কেউপিনে চাই দেখিলে যে, সিন্ধি দিয়াৰ বাহিৰে আন উপায় নাই। সিদ্ধি দিলেও, বাপেক নিজেই চোৰ গতিকে বাপেকে সাৰ পালে তাৰ পলাবলৈ টান হ'ব। ইয়াকে ভাবি আন এটা উপাই চিন্তি সি ওচৰৰ হাবিৰপৰা কেইডালমান দীঘল নল আনিলে।


নলকেইডাল লৈ লাহেকৈ সি চালৰ ওপৰত উঠিল আৰু য'ত লোটা-বাটিবিলাক আছিল ঠিক সেইপিনেই এটি সৰু বিন্ধা কৰি সেই বিন্ধাটোবেদি লোটা-কলহৰ পানীবিলাক নলেৰে শুহি আনিলে। শেহত বাপেকে সিমানতো সাৰ নোপোৱা দেখি সি বিন্ধাটো ডাঙৰ কৰি সেইপিনেই সৰকি বেৰেদি বগাই ভিতৰ সোমাল; আৰু লাহেকৈ দুৱাৰ মেলি লৈ লৰালৰিকৈ লোটা-কলহবোৰ বাহিৰলৈ উলিয়ালে। সিমানতো বাপেকে সাৰ নোপোৱা যেন দেখি সি এডাল জৰী আনি বাপেকক হাতে-ভৰিয়ে বান্ধিলে আৰু এনেভাৱে বাহিৰলৈ দাঙি আনিলে যে বুঢ়াই পাটীত শুয়েই আছে নে কি কৰিছে গমকে ধৰিব নোৱাৰিলে। যেতিয়া সি বুঢ়াক মাটিত থ'লেহি তেতিয়াহে বুঢ়াই সাৰ পালে আৰু পুতেকক নথৈ শলাগি বস্তুবিলাক ভিতৰ সুমাই শুই থাকিল।


এইদৰে বাপেক-পুতেকে নিজ বৃত্তি চলাই-মেলি অনেক দিন আছে। এদিন বাপেক-পুতেক দুয়ো ৰজাৰ ঘৰত ৰাণীৰ অলঙ্কাৰ চুৰ কৰি আনিবলৈ মন কৰি সিন্ধি দিলেগৈ। বহুত আঁতৰৰ পৰা সিহঁতে সিন্ধিটো লৰালৰিকৈ খানি নি ৰাণী শুই থকা পালেঙৰ তলত ওলালগৈ। বাপেক-পুতেক দুয়ো পালেঙৰ তলৰপৰা চাই দেখিলে যে বেটী দুজনীৰ টোপনি আহিছে, চাকিটো তেল নাইকিয়া হৈ নুমাব লগা হৈছে, ৰাণীয়েও টোপনিত ঘোৰ্ঘোৰাব লাগিছে। ইফালে পালী-পহৰীয়াও নাই। এনেতে বাপেকে পালেঙৰ তলৰপৰা ওলাই ৰাণীৰ গাৰ অলঙ্কাৰবিলাক সোলোকাই আনি পুতেকৰ হাতত দিলে; কিন্তু ডিঙিৰ হাৰধাৰ থাকি গ'ল। সেইদেখি পিছবাৰ সেই হাৰধাৰ আনিবলৈ গৈ সি ৰাণীৰ ডিঙিত হাত দিওঁতেই ৰাণীয়ে সাৰ পাই "কোন কোন” বুলি উঠিল। এনেতে চোৰক মোৰে পালে। পালী-পহৰীয়াও জাঁপ মাৰি একে খেদাতে তাৰ ওচৰ পালেহি। বুঢ়া সাৰিবৰ উপক্ৰম কৰি সিন্ধিত সোমাওঁতেই তাৰ ঠেংটোতে সিহঁতে ধৰি পেলালে। যেতিয়াই সিহঁতে তাৰ ঠেঙত ধৰিলে, পুতেকে বহুত কথা ভাবি-চিন্তি বুঢ়াৰ মূৰটো কাটি লৈ গুচি গ'ল।


ৰজাৰ মানুহে ঠেঙত ধৰি বুঢ়াক টানি আনি চাই দেখে, তাৰ মূৰটো নাই, কেৱল গাডোখৰহে আছে। সেইবাবে চোৰটো কোন ঠিক কৰা টান হ'ল। সেই মুহূর্ততে ৰজাক সকলো বৃত্তান্ত জনোৱা হ'ল। ৰজাই তেতিয়াই তেওঁৰ কটোৱালহঁতক মাতি আনি পাচিলে যে "তহঁত দিহাদিহি যা, ক'ত মানুহে কান্দে, ক'ত মানুহে খৰি দিয়ে, তাৰ ভূ লহঁক। য'তে মানুহক খৰি দিয়া দেখ বা য'তে মানুহক কন্দা শুন তাৰপৰা সিহঁতক মোৰ গুৰিবলৈ ধৰি আনিবি।” সেই কথা শুনি কটোৱালবোৰ দিহাদিহি গ'ল।


ইফালে বৰচোৰৰ পুতেকে বাপেকৰ মূৰটো কাটি আনি মাকক সকলো বৃত্তান্ত ক'লে। মাকে সেই কথা শুনি কান্দিবলৈ ৰাউচি ধৰোতেই পুতেকে মাকৰ ভৰিত দীঘল দি পৰি ক'বলৈ ধৰিলে, "আই, এতিয়া মই পিতৃবধী। তুমি যদি চিঞৰি চিঞৰি কান্দা তেনেহ'লে ৰজাৰ মানুহে শুনি লৰি আহিব আৰু মোক নথৈ শাস্তি কৰি মাৰিব। তাকে চাই তুমি যদি কান্দা কান্দা।” সেই কথা শুনি মাকে কোনোমতে কান্দোন সামৰি থাকিল আৰু পুতেকক ক'লে, "বোপাই মোৰ অন্তৰত ইমান বেজাৰ লাগিছে যে যদি মই কিছুমানপৰ নাকান্দো তেন্তে মই থিৰেৰে থাকিবই নোৱাৰোঁ।” পুতেকে মাকক বুজাই ক'লে যে কান্দিবৰ অনেক সময় আছে আৰু যদি কান্দিবই লাগে, দেখা-শুনাকৈ কন্দাই ভাল। 


এইদৰে দুয়োৰো বেজাৰ দুয়োতে থৈ পিছদিনা পুৱা মাকে এজোৰ গাখীৰ গুড়, একঠামান চকোৱা চাউল লৈ ভাৰখন পাতি, আগতে পুতেকৰ কান্ধত ভাৰখন দি পাছে পাছে ছোৱালী খুজিবলৈ ওলাই যোৱাৰ ছলেৰে যাবলৈ ধৰিলে। এনেতে পুতেক পিচলি পৰিল আৰু গাখীৰ-গুড়ৰ কলহ দুটা ভাগিল। মাকে সেইবাবে পুতেকক মাৰিলে আৰু ইয়াকে চেলু লৈ দুয়ো হুৰাওৱৰাৱে কান্দিবলৈ ধৰিলে। ইফালে ৰজাৰ কটোৱালে কান্দোন শুনি আহি কন্দাৰ কাৰণ সোধাত জানিব পাৰিলে যে কোনো মানুহ মৰাৰ কাৰণে সিহঁতে কন্দা নাই; সিহঁত দুখীয়া মানুহ, গাখীৰ-গুড় ভগাতহে সিহঁতে কান্দিছে। সেইদেখি কটোৱালহঁতৰ মৰম লাগি মাক-পুতেকক কড়ি দুআঁৰা দি থৈ গুচি গ'ল।


পাছদিনা তিলনি পৰিল। কিন্তু বাপেকক তেতিয়ালৈকে খৰি দিয়া নহ'ল। পুতেক বিবুদ্ধি। খৰি দিবও নোৱাৰি; ৰজাৰ কটোৱালে ধৰিব। ভাবি-চিন্তি সি বুধি উলিয়ালে যে খৰি দিয়াৰ লগে লগে পিণ্ডৰো দিহা কৰিব লাগে। ইয়াকে ভাবি সি হাবিৰ মাজলৈ বাপেকৰ মূৰটো লৈ গ'ল;


বহুত কাঠৰ তলত মূৰটো থ'লে আৰু ওপৰত দুটা চৰুত মণ্ডমাহ, জহা চাউল দি তলত জুই জ্বলাই দিলে। যেতিয়া মূৰত জুই লাগিলগৈ, মানুহ পোৰাৰ গোন্ধো চাৰিওপিনে ওলাই গ'ল। গোন্ধ পাই কোটোৱালহঁত লৰি আহিল। আহি সিহঁতে দেখিলে যে তাত মানুহ পোৰা নাই; এক সন্যাসীয়ে গাত ছাই সানি ভাং হুপি জুইৰ ওচৰতে বহি আছে। সিহঁতে সন্যাসীক ভক্তিভাবে সেৱা কৰিলে। সন্যাসীয়েও সিহঁতক অভয় দি ওচৰলৈ মাতিলে আৰু ভাং খুৱাই ভোল নিয়াই প্রসাদ খাবলৈ দিলে।


যেতিয়া বাপেকৰ মূৰ পোৰা শেষ হ'ল তেতিয়া সিহঁতক সন্যাসীয়ে সেই ভাতকে খুৱাই পঠিয়াই দিলে। ইয়াৰ পিছত পুতেকে ঘৰলৈ গুচি আহি মাকৰ আগত সকলো বৃত্তান্ত ভাঙি ক'লত মাকৰ আনন্দ মিলিল। আকৌ বাপেকৰ কাজৰ সময় হ'লহি। তাৰ নিমিত্তে সি সকলো দিহা-পোহা কৰিলে আৰু মাহৰ শেষত ৰাতি কাজ পাতিবলৈ ঠিক কৰিলে। কিয়নো, ৰজাৰ পুৰোহিতজন কুকুৰীকণা। সি কাজৰ দিনা ৰাতি গৈ বামুণক কান্ধতকৈ লৈ আহিলগৈ। বামুণৰ ঘৰৰ পৰা বৰচোৰৰ ঘৰলৈ আহোঁতে এখন সৰু নৈ আৰু এটা গড় পাৰ হ'ব লাগে। সি সেই নৈ আৰু গড় দুয়োটাকেই বামুণক সাতবাৰকৈ পাৰ কৰালে আৰু তাৰ সাতোটা নাম বামুণৰ আগত ক'লে। তাৰ পিছত ঘৰ পাই সি বামুণৰ হতুৱাই কাজ কৰাই বৰণত ৰজাঘৰীয়া অলঙ্কাৰবোৰ দি বামুণক আকৌ ১১


কান্ধতকৈ আনি ৰজাৰ বৰ-চ'ৰাতে বহুৱাই থৈ গুছি গ'ল। পিছদিনা ৰাতিপুৱাই আকৌ সি গৈ বৰচ'ৰাৰ এচুকত পেট পেলাই পৰি থাকিলগৈ। ৰাতিপুৱা ৰজাৰ মানুহবিলাক উঠি দেখে যে, ৰজাৰ পুৰোহিতে চোৰে নিয়া ৰজাঘৰীয়া অলঙ্কাৰবোৰ পিন্ধি ৰজাৰ চ'ৰাত বহি আছে। এই খবৰ গৈ ৰজাৰ কাণত পৰিলগৈ। ৰজা লৰালৰিকৈ আহি দেখে যে কথা সঁচা; পুৰোহিতে ক'লে যে কোনে তেওঁক ৰাতি সেইদৰে তাত বহুৱাই থ'লে তেওঁ ক'ব নোৱাৰে। ৰজাই ঘাই বিষয়াসকলেৰে সৈতে মেলত বহিল। শেষত কোনোমতে চোৰ উলিয়াবৰ বুধি নাপাই ৰজাই চোৰক ধন্যবাদ দিব লগাত পৰিল। তেতিয়া ৰজাই ক'লে যে, "যদি মই এই চোৰটোক পাওঁ, তেন্তে সত্যে সত্যে কৈছোঁ তাক মোৰ ডেকা মন্ত্রী পাতিম।” এই কথা শুনি বৰচোৰৰ পুতেকে লাহেকৈ গা উলিয়াই দীঘল দি পৰি ক'লে, "স্বৰ্গদেউ! কাটক বা মাৰক, ময়ে সেই চোৰ”। পাত্র-মন্ত্রী সকলো আচৰিত হ'ল, ৰজাই অবাক। কিন্তু এতিয়া আৰু কি কৰিব? প্রতিজ্ঞা কৰিলে যেতিয়া তেওঁ তাক ডেকা-মন্ত্রী পাতিব লগীয়া হ'ল।



******



চতুৰ্থ সাধু - বুঢ়া-বুঢ়ীয়ে বগৰীগুটি ৰোৱা - লক্ষ্মীনাথ বেজবৰুৱা 


এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। এদিন বুঢ়া-বুঢ়ী দুয়ো মাগিবলৈ যাওঁতে বুঢ়াই এটি বগৰীগুটি আৰু বুঢ়ীয়ে এটি কড়ি পালে। দুয়ো ঘৰলৈ গৈ ভালকৈ মাটি এডোখৰ উলিয়াই বগৰী আৰু কড়ি পচাই থ'লে। অৱশেষত কড়ি পচি গ'ল, বগৰীগুটিৰ এটা পুলি গজি এজোপা গছ গৈ বগৰী লাগি পকি আছে।


বুঢ়াই সদায় বগৰী ৰখিবলৈ মানুহ বিচাৰি ফুৰিছে; এনেতে ওপৰেদি এটা কাউৰী উৰি যোৱা দেখি সুধিলে, "হেৰ কাউৰী, হেৰ কাউৰী, তই মোৰ বগৰী ৰখিব পাৰিবি নে?” সি ঘপ্ কৰে "তাত সংশয় নাই" বুলি উত্তৰ দিলে। বুঢ়াই ক'লে, "বাৰু তোৰ মাতটো মোক মাতি শুনাচোন।” তেতিয়া সি "কা কা” কৰি মাতিবলৈ ধৰিলে। তাৰ মাত শুনিয়েই বুঢ়াৰ খং উঠি ক'লে, "যা, যা, যা, তই মোৰ বগৰী খাবিহে।” তাৰ অলপ পাছতে এটা বগলী ওপৰেদি উৰি যোৱা দেখি বুঢ়াই সুধিলে, "হেৰ বগলী তই মোৰ বগৰী ৰখিব পাৰিবি নে?” বগলীয়ে উত্তৰ দিলে, "পাৰিম তো, নোৱাৰাৰ কাৰণ কি?” 


বুঢ়াই ক'লে, "বাৰু মোক তোৰ মাতটো মাতি শুনাচোন।” তেতিয়া বগলীয়ে "কক্ কক্‌” কৰে মাতিবলৈ ধৰিলত "তই বগৰী খাবিহে” বুলি পূৰ্বৰ দৰে বুঢ়াই তাকো খেদাই দিলে। অৱশেষত এটা ফেঁচু ওপৰেদি উৰি যোৱা দেখি সি সুধিলে, "হেৰ ফেঁচু তই মোৰ বগৰী ৰখিব পাৰিবি নে?” ফেঁচুৱে ক'লে, "যদি তুমি কোৱা মই ৰখিব পাৰো।” বুঢ়াই ক'লে, "বাৰু, তই তোৰ মাতটো মাতি মোক শুনাচোন?” ফেঁচুৱে মাতিবলৈ ধৰিলে।-

"ফেঁচু চু ফেঁচাই মৰা। মেই ফেঁচু মানুহ মৰা।” মাত শুনা মাত্রকে বুঢ়াই তাক বগৰী ৰখিবলৈ হুকুম দিলে। ফেঁচু বগৰী ৰখিবলৈ লাগিল।


এদিন এজন ৰজাই পহু মাৰিবলৈ গৈ সেই গছৰ গুৰি পাই জনদিয়েক মানুহক গছত উঠি বগৰী পাৰিবলৈ দিলে। মানুহকিটাই বগৰীগছত উঠি আদখিনিমান পাওঁতেই ফেঁচুটোৱে থাপ মাৰি সিহঁতৰ চকুকিটা ফুটাই দিলে। মানুহকিটা নিৰুপায় হৈ মাটিত পৰিল। ৰজাই তাকে দেখি বহুত পুৰুষাৰ্থ কৰি ফেঁচুটো ধৰাই লৈ তেওঁৰ ৰাণীহঁতৰ হাতত দিলে আৰু ক'লে, "মোক এইটো আজি গধূলিকৈ ভাজি দিব লাগিব।” ৰজা আকৌ চিকাৰলৈ গ'লত, তেওঁৰ ঘৈণীয়েক সাতোজনী একেলগে গোট খাই ধেমেলীয়া সাধু কোৱাকুই কৰি আনন্দ লভি আছে; তাকে দেখি ফেঁচুটোৱেও লাহেকৈ মাত লগালে, "বাইদেউহঁত, মই খুব ভালকৈ গান গাব পাৰোঁ, নাচিবও পাৰোঁ।” 


এই কথা শুনি তেওঁলোকে ৰং পাই চৰাইটোক গান গাবলৈ মোকোলাই দিলে। চৰাইটোৱে তেওঁলোকৰ আগতে বহুত সময় ঘূৰি ঘূৰি নাচি আছিল। তেওঁলোকে যেতিয়া নাচ দেখি আনন্দত বিভোল হ'ল, তেতিয়া সি উৰি লৰ মাৰিলে। তেতিয়া সিহঁত আটাইকেউজনী বিবুধি হৈ, চুক-ভেকুলি এটা বিচাৰি আনি ভাজি ৰজাক গধূলি ভাতৰ লগত খাবলৈ দিলে। ৰাতিপুৱা ৰজাই শুই উঠি হাতত লোটা লৈ মুখ ধুবলৈ ধৰিছে, এনেতে ফেঁচুটো উৰি আহি ৰজাক সম্বোধন কৰি ক'লে, "হেৰ ৰজা, কালি তই মোক খাব নোৱাৰিলি; খালি ভেকুলি ভজা।” ৰজাই আচৰিত হৈ এজনী এজনীকে আটাইকেউজনী ঘৈণীয়েকক সুধিলে, কিন্তু সৰুজনীৰ বাহিৰে এজনীয়েও সঁচা উত্তৰ নিদিলে। ৰজাই খং উঠি ডাঙৰ কেজনীক হাতীৰে গচকাই মাৰিলে আৰু সৰুজনীক ৰাণী পাতি লৈ খাই-বৈ থাকিল।



********



পঞ্চম সাধু - ৰাক্ষস পণ্ডিত - লক্ষ্মীনাথ বেজবৰুৱা 


সত্যকালত এক ৰাক্ষস আছিল। সি মানুহৰ বেশ ধৰি "পণ্ডিত" নাম লৈ এক ৰজাৰ নগৰত পঢ়াশালি পাতিলেহি। ৰাক্ষস পণ্ডিতে তাত সকলোৰে ল'ৰা পঢ়ায়, কেৱল বাঁৰী মানুহৰ ল'ৰাহে নপঢ়ায়। সেই নগৰতে আকৌ এজনী বাঁৰীৰ এটি ল'ৰা আছিল। পুতেকক পঢ়াবলৈ বাঁৰীৰ বৰ মন গৈছিল; কিন্তু পণ্ডিতৰ কথা শুনি মন ভোটা হ'ল। মন্ত্ৰীৰে সৈতে বাঁৰী মানুহজনীৰ চিনাকি আছিল। সেই নিমিত্তে বাঁৰীয়ে মন্ত্ৰীৰ ওচৰলৈ গৈ তাইৰ ল'ৰাটো মন্ত্ৰীৰ বুলি পঢ়াশালিত পড়ুৱাবলৈ পণ্ডিতক দিবলৈ মন্ত্রীক খাটনি ধৰিলে। মন্ত্ৰীয়েও বাঁৰীৰ কথাত লাগি সেই ল'ৰাটো পণ্ডিতৰ হাতত তেওঁৰ নিজৰ পুতেক বুলি পঢ়াবলৈ দিলে। 


ল'ৰাটিয়ে পণ্ডিতৰ লগতে থাকি লেখা-পঢ়া শিকিবলৈ ধৰিলে। পণ্ডিতে অলৈ-ত'লৈ গ'লে তেওঁৰ তন্ত্র-মন্ত্ৰ থকা পেৰাটো, মছা ঘৰ এখোটালিত থৈ ল'ৰাটোক ছুবলৈ হাক দি যায়। এদিন ল'ৰাটোৱে পণ্ডিত আঁতৰি গ'লত সেই পেৰাটোতনো কি আছে মনে মনে মেলি চালে। সি পেৰাটো মেলিলত তাত এটা মানহৰ মূৰ আৰু কিছুমান পুথি-পাঁজি দেখিবলৈ পালে। সেই পুথিবিলাকত ৰাক্ষসৰ বিদ্যা অর্থাৎ নানান ৰূপ ধৰিব পৰা, মায়া হ'ব পৰা, সৰ্বজান ইত্যাদি বিদ্যা লিখা আছিল। তেতিয়া বাঁৰীৰ ল'ৰাই পণ্ডিতক বাক্ষস বুলি চিনিবলৈ আৰু বাকী নাথাকিল। সি দিনৌ পণ্ডিত ঘৰলৈ উভতি অহাৰ আগেয়েই লৰালৰিকৈ সেই পুথিবোৰ পঢ়ে আৰু পণ্ডিতে চিন ধৰিব নোৱাৰাকৈ আকৌ আগৰদৰে পেৰাতে থৈ দিয়ে। এইদৰে পঢ়ি সি সেই বিদ্যাত খুব কাটন হৈ পৰিল। পণ্ডিতে কিন্তু এই কথাৰ গমকে ধৰিব পৰা নাছিল। 


এদিন পণ্ডিতে ল'ৰাবিলাকক তেওঁৰ ঘৰ দেখুৱাবলৈ নিবলৈ ইচ্ছা কৰি মাতিলত সকলোবোৰে মাক-বাপেকহঁতক কৈ যি যি পাৰিলে শক্তি অনুসৰি ভাৰ-ভেটি বান্ধি লৈ পণ্ডিতৰ ঘৰলৈ যাবলৈ ওলাল। সিহঁত ওলোৱা দেখি পণ্ডিতৰ আনন্দৰ সীমা নোহোৱা হ'ল আৰু মনে মনে ভাবিবলৈ ধৰিলে "ইহঁতক নি জ্ঞাতি-কুটুমেৰে সৈতে ভোজ ৰান্ধি খামগৈ।” ইয়াকে ভাবি পণ্ডিতে ছাতৰবোৰেৰে সৈতে তেওঁৰ ঘৰলৈ খোজ ল'লে। 


কিছুমান বেলিৰ বাট যোৱাৰ পাছত তেওঁলোকে গৈ এখন নৈ পালেগৈ। নৈ দেখি ল'ৰাবিলাকে "কেনেকৈ পাৰ হ'ম?” বুলি যেতিয়া পণ্ডিতক সুধিলে, পণ্ডিতে ক'লে, "তাৰ উপায় আছে, বাৰু তহঁতে চকু মুদহঁক। এটাই মোৰ গাত ধৰ, আন এটাই তাৰ গাত ধৰ, এইদৰে এটাইবিলাকে ইটোৰ গাত সিটোৱে ধৰাধৰিকৈ মোৰ পাছে পাছে আহি থাকহঁক আৰু যেতিয়ালৈকে মই তহঁতক চকু মেল নোবোলো তেতিয়ালৈকে চকু নেমেলিবিহঁক; যদিহে মেল তেনেহ'লে এই পানীতে ৰবিহঁক।” পণ্ডিত আগ বাঢ়িল। পণ্ডিতৰ গাত বাঁৰীৰ ল'ৰাই ধৰিলে, তাৰ গাত আন এটা ল'ৰাই ধৰিলে, সেইটোৰ গাত আন এটা ল'ৰাই ধৰিলে, আৰু বাকীবিলাকেও সেইদৰে এটাৰ গাত আনটোৱে ধৰি লানি লাগি পৰিল। 


সকলোৱে চকু মুদিলে কিন্তু বাঁৰীৰ ল'ৰাই চকু নুমুদিলে। সি পণ্ডিতে নো কি কৰে তাকে চাই থাকিল। পণ্ডিতে দুটা চুঙা উলিয়ালে; উলিয়াই প্ৰথমটো চুঙাৰে শোহা-মাৰি নদীখন শুহি পেলাই সিপাৰ হ'লগৈ আৰু দ্বিতীয়টো চুঙাৰে ফু-মাৰি আকৌ আগৰদৰে নৈখন কৰি পেলালে। তাৰ পিছত সিহঁতক চকু মেলিবলৈ কৈ আকৌ আগৰদৰে পণ্ডিত যাবলৈ ধৰিলে। কিছুদূৰ বাট যোৱাৰ পাছত সিহঁতে আকৌ এখন নৈ পালেগৈ। এইখনো আগৰদৰে পণ্ডিতে সিহঁতক পাৰ কৰিলে। কিন্তু এইবাৰ পণ্ডিতে চুঙা দুটা বালিতে পুতি থৈ তাৰ পিছতহে সিহঁতক চকু মেলিবলৈ কৈছিল। এইবাৰো বাঁৰীৰ ল'ৰাই আগৰ দৰেই চাই আছিল। ঘৰ পাবলৈ অলপমান বাট থাকোতেই পণ্ডিতে সিহঁতক ক'লে, "বোপাহঁত, তহঁত ইয়াতে অলপ ৰ, মই ঘৰৰপৰা আহোঁগৈ, তেহে তহঁতক নিব পাৰিম। মোৰ বৰ দৰকাৰ এটাত বেগাই আগবাঢ়ি যাওঁ, উভতি আহি তিলকতে তহঁতক লৈ যামহি।" 


সিহঁতে সিহঁতৰ গুৰুৰ কথা খুব শুনিছিল; সেইদেখি সিহঁত পণ্ডিতৰ আজ্ঞামতে তাতে ৰ'ল। পণ্ডিত আহি জ্ঞাতিক ভোজ দিবৰ নিমিত্তে ঠিক-ঠাক কৰিবলৈ ধৰিলে। ল'ৰাবিলাকে পণ্ডিত আহিব বুলি বাট চাই থাকিল, কিন্তু ভালেখিনি বেলি হ'ল, পণ্ডিত নাই। বাঁৰীৰ ল'ৰাই "ভাইহঁত, মই পণ্ডিতৰ ঘৰৰ পৰা লৰি আহোঁগৈ, তহঁতে ইয়াতে থাক, তেওঁনো কি কৰিছে মই বেগেতে গৈ চাই আহোঁচোন” বুলি কৈ একে লৰেই পণ্ডিতৰ ঘৰ ওলালগৈ। সেই সময়ত পণ্ডিত ঘৰত নাছিল, দিহিঙে-দিপাঙে থকা ৰাক্ষসবোৰ মাতিবলৈ আৰু পাত-পচলা গোটাবলৈ গৈছিল। 


ৰাক্ষসৰ ঘৰৰ বেৰত আঁৰি থোৱা মানুহৰ মূৰ দুটাই বাঁৰীৰ পুতেকক দেখি ক'লে, "হেৰঔ তই ক'লৈ আহিছ? তোক ৰাক্ষসে খাব, এতিয়াই এই গাঁৱৰপৰা পলা, বেগতে পলা।” সি মূৰ দুটাৰ এই কথা শুনি তাৰপৰা তুৰন্তে পলাই একে কোবেই লগৰীয়াহঁতৰ লগ পালেহি, পাই সিহঁতক সকলো কথা ভাঙি ক'লে। সিহঁতে শুনি ভয়ত থৰ থৰ কৰে কঁপিবলৈ ধৰিলে। বাঁৰীৰ ল'ৰাই "কোনো ভয় নাই, মই আছোঁ, বলহঁক আমি আমাৰ ঘৰলৈ উভতি যাওগৈ।” এইবুলি কৈ ঘৰৰফালে খোজ ল'লে। 


এনেতে সিফালৰ পৰা ৰাক্ষসটো লৰি আহি ল'ৰাবোৰক থোৱা ঠাইত নাপাই, অহা বাটেদি লৰিবলৈ ধৰিলে। বাঁৰীৰ ল'ৰাই, ৰাক্ষসে যেনেকৈ সিহঁতক চকু মুদাই লৈছিল সেইদৰে লৈ, বালিত ৰাক্ষসে পুতি থোৱা চুঙা দুটা উলিয়াই লৈ, এটাত ফু মাৰি নৈৰ পানী শুহি আৰু আনটোত ফু মাৰি পানী উলিয়াই থৈ দুইখন নৈ পাৰ হৈ গ'ল। ৰাক্ষসে খেদি আহি বাঁৰীৰ ল'ৰাক দূৰৰ পৰা দেখি চিঞৰি চিঞৰি ক'লে, "বাৰু ভাল বুকু চাই কামোৰ মাৰিলি তই। যা, যা, মইও গৈছোঁ পাছতে।" এই কথা কৈ ৰাক্ষস উভতি গ'ল। ইহঁত আহি গাওঁ পাই ঘৰাঘৰি গুচি গ'ল। বাৰীৰ ল'ৰাই মাকৰ ওচৰত সকলো কথা ভাঙি ক'লেহি আৰু সি ধন আৰ্জিবৰ মনেৰে মাকক ক'লে, "আই, মই এটা ছাগলী হৈ থাকিম, তই মোক বজাৰত বেচিবলৈ নিবি; আৰু কোনোবাই কিনিবলৈ আহিলে তাক মোৰ পঘাডাল নিদি মোক বেচি দিবি। মই তোৰ পাছতে ওলামহি।" মাকে তাৰ এই কথা শুনি "বাৰু” বুলি শলাগি থাকিল। 


পুতেক ছাগলী এটা হ'ল। পাছদিনা মাকে তাক হাটত বেচিবলৈ লৈ গ'ল। পাছে সেই ৰাক্ষসেই ভেশচন ধৰি আহি ছাগলীটোত বাঁৰীয়ে যিমান বেচ বুলিলে সিমান দি ছাগলীটো লৈ গুচি গ'ল। বাঁৰীয়ে ঘৰ পালত বাঁৰীৰ পিছতে পুতেক আহি ওলালহি। সি পাছদিনা আকৌ এটা ৰাজহাঁহ হৈ থাকিল। মাকে তাক বেচিবলৈ টোম এটাত ভৰাই লৈ গ'ল। সেই ৰাক্ষসেই বাঁৰীৰ ল'ৰাক খাবলৈ বুলি আন এটা মানুহ হৈ আহি ৰাজহাঁহটো কিনিলে। এইবাৰো মাকে টোমটো নিদি ৰাখিলে। হাঁহ বেচি মাক ঘৰ পালেহি, সিও পিছে পিছে ঘৰ ওলালহি। ৰাক্ষসৰ মনত মহা খং উঠিল আৰু "এইবাৰ কিনিব পাৰিলে তাক যিহতে আনে বা যিহৰে ধৰি বেচিবলৈ আনে সেই বস্তুটো নিদিওঁ” বুলি সি ঠিক কৰিলে। এইবাৰ বাঁৰীৰ পুতেক ঘোঁৰা এটা হৈ থাকিল। মাতে তাক ধৰি লৈ সেই নগৰৰ বজাৰত বেচিবলৈ লৈ গ'ল। 


ৰাক্ষসেও সিফালৰ পৰা আহি ঘোঁৰাৰ গৰাকিয়নীয়ে যিমান দাম ক'লে সিমান দামকে দি ঘোঁৰাই-লেকামে লৈ গুচি গ'ল। বাঁৰীয়ে কত ক'লে লেকামডাল তাইক সি ওভোতাই দিবলৈ, কিন্তু সি নিদি লৈ গুচি গ'ল। ৰাক্ষসে সেই নগৰৰ নদী এখনৰ কাষতে কোনো এটা ঘাটত ঘোঁৰাটো খাবলৈ মনতে ঠিক কৰিলে। তেতিয়া ভৰ দুপৰীয়া। ঘোঁৰাটোৱে এবাৰ চল পাই ৰাক্ষসৰ হাতৰপৰা এৰাই পানীত পৰি মাছ এটা হ'ল। ৰাক্ষসে তাক শিহু এটা হৈ খেদি নিবলৈ ধৰিলে। সেই সময়ত ৰজাৰ জীয়েকে গা ধুবলৈ সেই নৈলৈকে আহিছিল। ৰজাৰ জীয়েকে গা ধোওঁতে অলঙ্কাৰ-পাতিবোৰ সোলোকাই এটা বাটিত থৈছিল। বাঁৰীৰ ল'ৰাই পট্‌কৰে মণি এটা হৈ সেই ৰজাৰ জীয়েকৰ অলঙ্কাৰৰ লগত মিহলি হৈ গ'ল। ৰজাৰ জীয়েকে গা ধুই উঠি সেই মণিটো দেখি সেইটো ক'ৰপৰা তালৈ আহিল, কি কথা, কি বতৰা ইত্যাদি ভাবি-চিন্তি ঠিক কৰিব নোৱাৰি, মণিটো ঘৰলৈ লৈ আহিল। 


ৰাক্ষসে এটা মানুহ হৈ ৰজাৰ আগত গোচৰ দিলেহি যে ৰজাৰ জীয়েকে তাৰ মণিটো বাটত পাই আনিছে আৰু এতিয়া তাক নিদিব কি বুলি? ৰজাই ৰাক্ষসক “বাৰু তোমাৰ মণিটো যদি ছোৱালীয়ে আনিছে, মই ক'লেই দিব; তাই সৰু ছোৱালী, সেইবোৰৰ ভূ নাপায়, অলপ পৰ ৰ'বা” বুলি কৈ জীয়েকক মতাই আনি মণিটো মানুহটোৰ আগলৈ পেলাই দিলে। মণিটো মাটিত পৰিয়েই এটা সৰিয়হ হ'ল। সৰিয়হ খাবৰ নিমিত্তে মানুহ হৈ থকা ৰাক্ষসটো এটা কপৌ হ'ল। বাঁৰীৰ ল'ৰাই তৎক্ষণাৎ সৰিয়হ গুচি শেন এটা হৈ কপৌটোৰ বুকুখন ফালি পেলালে। তেতিয়া ৰাক্ষসে নিজ মুর্তি ধৰি এটা ভয়ানক চিঞৰ মাৰি মৰি থাকিল। ৰজাই এইবোৰ চকুৰ আগতে সপোন যেন দেখি ভেবা লাগি ৰ'ল। আন আন মানুহেও তবধ লাগিল। তেতিয়া বাঁৰীৰ ল'ৰাই মানুহ হৈ সকলো কথা ৰজাক ভাঙি কলত, ৰজাই সন্তোষ পাই জীয়েকক তালৈ বিয়া দি তাক বহি-ৰজা পাতিলে। বাঁৰীৰ ল'ৰাই মাককো তাৰ লগলৈ তুলি নি খাই-বৈ সুখেৰে থাকিল।



******



Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা