হেমকোষৰ জনক হেমচন্দ্ৰ বৰুৱা ৰচনা Hemchandra Baruah Essay
হেমকোষৰ জনক হেমচন্দ্ৰ বৰুৱা ৰচনা Hemchandra Baruah Essay
হেমকোষৰ জনক হেমচন্দ্ৰ বৰুৱাদেৱৰ বিষয়ে ৰচনা অসমীয়াত Hemchandra Baruah Assamese Essay
হেমকোষৰ জনক হেমচন্দ্ৰ বৰুৱা
আৰম্ভণি: হেমচন্দ্ৰ বৰুৱাৰ জন্ম, জন্মস্থান আৰু পিতৃ-মাতৃৰ পৰিচয়
অসমৰ ইতিহাসত হেমচন্দ্ৰ বৰুৱা এজন স্মৰণীয় ব্যক্তি, যাক প্ৰায়ে "হেমকোষৰ জনক" বুলি অভিহিত কৰা হয়। তেওঁ জন্মগ্ৰহণ কৰিছিল ১৮৩৫ খৃষ্টাব্দত শিৱসাগৰ জিলাৰ অন্তৰ্গত এখন ঐতিহাসিক আৰু প্ৰসিদ্ধ গাঁও — ৰজাবাহৰত। এই অঞ্চলখন মূলতঃ উজনি অসমৰ অংশ হিচাপে পৰিচিত আৰু ই বিশেষকৈ বেজবৰুৱা বংশৰ লোকসকলৰ বসবাসস্থলী হিচাপে খ্যাত।
বেজবৰুৱা বংশটোৰ মূল উৎস অতীত আহোম ৰাজত্বকালত থকা দেখা যায়। সেই সময়চোৱাত চিকিৎসকসকলক "বৈদ্য" বা "বেজবৰুৱা" উপাধি প্ৰদান কৰা হৈছিল। হেমচন্দ্ৰ বৰুৱা এই বেজবৰুৱা বংশৰেই এজন গৌৰৱময় সদস্য আছিল। তেঁওৰ পিতাৰ নাম আছিল মুক্তাৰাম বৰুৱা। মুক্তাৰাম বৰুৱা আছিল একজন খ্যাতনামা চিকিৎসক তথা সংস্কৃত ভাষাৰ সুপণ্ডিত। তেওঁ নিজে হেমচন্দ্ৰক প্ৰাথমিক শিক্ষা প্ৰদান কৰিছিল। বিশেষকৈ, হেমচন্দ্ৰৰ আনুষ্ঠানিক বিদ্যালয়ৰ অধ্যয়নৰ আগতে, তেওঁৰ পিতায়ে নিজে তেওঁক আখৰ চিনাকি, ব্যাকৰণ আদিৰ আধাৰভূত জ্ঞান আগবঢ়াইছিল। এইদৰে, হেমচন্দ্ৰৰ শিক্ষাজীৱনৰ প্ৰথম পৰ্যায়টো পিতৃৰ তত্বাৱধানত অতিক্ৰান্ত হৈছিল।
দুৰ্ভাগ্যবশতঃ, কলেৰা ৰোগত আক্ৰান্ত হৈ তেওঁৰ পিতা মুক্তাৰাম বৰুৱাৰ অকাল মৃত্যু ঘটে। পিতৃৰ মৃত্যুৱে হেমচন্দ্ৰৰ প্ৰাথমিক শিক্ষাত এক বাধা সৃষ্টি কৰে। এই সময়ত তেওঁ বৰ সৰু আছিল — মাত্ৰ ন-বছৰ বয়স। হেমচন্দ্ৰ বৰুৱাৰ দদায়েক (বাৰ্তা পিতৃসৰূপ) আছিল লক্ষ্মীনাথ বৰুৱা, যিনি তেতিয়ালৈকে শিৱসাগৰত ইংৰাজ চৰকাৰৰ ৰাজহ বিভাগত চিৰস্তাদাৰ (Clerk) হিচাপে নিযুক্ত আছিল। মুক্তাৰাম বৰুৱাৰ মৃত্যুৰ পিছত, লক্ষ্মীনাথ বৰুৱাই হেমচন্দ্ৰ আৰু তেওঁৰ পৰিয়ালৰ অন্যান্য সদস্যক ৰজাবাহৰৰ পৰা শিৱসাগৰলৈ লৈ যায় আৰু তেওঁলোকক নিজৰ সৈতে ৰাখে।
লক্ষ্মীনাথ বৰুৱাই হেমচন্দ্ৰৰ শিক্ষাজীৱন পুনৰ আৰম্ভ কৰাবলৈ উদ্যোগ লয়। তেওঁ নিজৰ অধীনস্থ চৰকাৰী কাৰ্যালয়ত হেমচন্দ্ৰক নিযুক্ত কৰে, য’ত তেওঁক শিক্ষা-নবিচৰ কাম শিকাবলৈ প্ৰতি মাহে চাৰি টকাৰ দৰমহাত নিযুক্তি দিয়ে। এইদৰে হেমচন্দ্ৰ বৰুৱাৰ জীৱনত শিক্ষাৰ পুনৰাৰম্ভ ঘটে আৰু এই পৰিসৰে তেওঁৰ পিচত সাহিত্য, অভিধান-ৰচনা তথা সমাজ সংস্কাৰৰ দিশত এক দীপ্তিমান জীৱনৰ পথ খুলি দিয়ে।
হেমচন্দ্ৰ বৰুৱাৰ শিক্ষাঃ
তেতিয়াৰ দিনত সাত বিদেশী ইংৰাজসকল ৰাজত্ব কৰিছিল। ইংৰাজসকলে কৌশলেৰে আমাৰ অসমী আইক নিজৰ দখললৈ নিয়াৰ পিছত অসমৰ অফিচ আদালত, পঢ়াশালী আদিত বঙালী ভাষা চলাইছিল। কোমল মতীয়া হেমচন্দ্ৰ বৰুৱাইয়াে শিক্ষা নাবিচৰ কামত নিযুক্ত হৈ কাছাৰীত বঙালী ভাষা লিখা-পঢ়া কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত উৰীধৰ শিৱসাগৰীয়া বৰুৱা নামৰ এজন পণ্ডিতে পুৱা- সন্ধিয়া পঢ়শালী এখন চলাই সংস্কৃত আৰু বঙলা ভাষা পাটুৱাইছিল। হেমচন্দ্ৰ বৰুৱাৰ দদায়েকে কথাটো গম পাই এদিন সন্ধিয়া সময়ত সেই পঢ়াশালীলৈ গৈ ভতিজাকক নাম লগাই দিয়ে। এইদৰে হেমচন্দ্ৰ বৰুৱাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয়।
তেতিয়াৰ দিনত কেপ্তেইন ব্রোডী নামৰ এজন শিক্ষানুৰাগী ইংৰাজ চাহাব আছিল শিৱসাগৰ জিলাৰ বৰ হাকিম। বৰ হাকিম ব্ৰোডী চাহাবে শিক্ষানুৰাগী আন মানুহকো বৰ ভাল পাইছিল আৰু পঢ়াত ধাউতি থকা ছাত্ৰসকলক বৰ মৰম কৰিছিল। সিহঁতক পঢ়া-শুনা কৰিবলৈ সহায়াে কৰিছিল। হেমচন্দ্ৰ বৰুৱাই কথাটো গম পাই দদায়েকক নজনােৱাকৈয়ে মাজে-সময়ে সময় উলিয়াই ব্রোডী চাহাবৰ ওচৰলৈ গৈ হিন্দী ভাষা শিকিছিল। সংস্কৃত, বঙালী আৰু হিন্দী ভাষা শিকাৰ পিছত হেমচন্দ্র বৰুৱাৰ মনত ইংৰাজী ভাষা শিকিবলৈ হাবিয়াস জন্মে। কিন্তু হেমচন্দ্ৰ বৰুৱাৰ দদায়েক লক্ষ্মীনাথ বৰুৱা পুৰণি ধৰণৰ গােড়ামী থকা মনৰ মানুহ আছিল। ইংৰাজী ভাষা শিকা বা ইংৰাজী পঢ়াৰ কথা শুনিবলৈকে তেওঁ টান পাইছিল। দুদায়েকৰ ভয়ত হেমচন্দ্ৰই মনত ইচ্ছা থাকিলেও ইংৰাজী ভাষা শিকিবলৈ সাহেই কৰিব পৰা নাছিল। পিছে এদিন হেমচন্দ্ৰ বৰুৱাই নিজৰ মনত বুদ্ধি এটা পাঙিলে। দদায়েকে কব নােৱাৰাকৈ তেওঁ ব্ৰোডী চাহাবৰ- পৰা ইংৰাজী ভাষাৰ বৰ্ণমালাৰ পুথি এখন বিচাৰি আনি লুকাই লুকাই ইংৰাজী ভাষা শিকিবলৈ যত্ন কৰিবলৈ ধৰিলে। ব্ৰোডী চাহাবেও তেওঁক খুব উৎসাহ যােগালে।
হেমচন্দ্ৰ বৰুৱাই দদায়েকক ভূ-নিদিয়াকৈ ইংৰাজী ভাষা শিকি থাকিলেও কথাটো তেওঁ বেছি দিন লুকাই ৰাখিব নােৱাৰিলে। অহুকাণে-পহুকাণে কথাটো সংস্কৃত পাঠশালাৰ শিক্ষক উৰ্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ কাণত পৰিলগৈ। উৰ্বীধৰ বৰুৱাইয়াে মনে-প্রাণে ইংৰাজী ভাষাক ঘিণ কৰিছিল। গতিকে কথাটো তেওঁ হেমচন্দ্ৰ বৰুৱাৰ দদায়েকৰ কাণ চোৱালে। হেমচন্দ্ৰ বৰুৱাৰ দদায়েক লক্ষ্মীনাথ বৰুৱাই ভতিজাকক খুব গালি শপনি পাৰি ইংৰাজী শিকাৰ পথ বন্ধ কৰি দিলে। কিছুদিন পিছত চিৰস্তাদাৰ লক্ষ্মীনাথে পুতেক পদ্মনাথ আৰু ভতিজাক হেমচন্দ্র বৰৱাক ঘৰতে সংস্কৃত পঢ়ুৱাবলৈ যদুনাথ নামৰ এজন ঘৰুৱা শিক্ষক নিযুক্ত কৰে। কিন্তু এবছৰ পিছতেই পদানাথ আৰু ঘৰুৱা শিক্ষক যদুনাথৰ কলেৰাত আক্ৰান্ত হৈ মৃত্যু হয়। ফলত হেমচন্দ্ৰ বৰুৱাৰ শিক্ষা লাভৰাে মুদা মৰে ।
হেমচন্দ্ৰ বৰুৱাৰ বয়স তেতিয়া কুৰি বছৰ। এদিন উচ্চ ইংৰাজী স্কুলৰ উচ্চ শ্ৰেণীত পঢ়া হেমচন্দ্ৰ বৰুৱাৰ বন্ধু এজনে তেওঁক ইংৰাজী আদি পাঠ এখন কিনি আনি দিয়ে। তাৰ পিছত পুনৰ তেওঁ দদায়েকক নজনােৱাকৈ বন্ধু-বান্ধৱ আৰু ইংৰাজী স্কুলৰ শিক্ষক পৰমানন্দ ভৰালীৰ সহায়-সহযােগত ইংৰাজী ভাষা শিকিবলৈ আৰম্ভ কৰে। এইদৰে কিছুদিন মনে মনে শিকাৰ পিছত ইংৰাজী ভাষাৰ আৰু অধিক জ্ঞান আহৰণ কৰিবলৈ তেওঁ শিৱসাগৰত থকা আমেৰিকাৰ মিচনাৰীসকলৰ কাষ চাপে। এই মিচনাৰীসকলেই অসমীয়া ভাষাৰ প্রথম বাতৰি কাকত ‘অৰুণোদয়' প্রকাশ কৰিছিল। অৰুণােদয়ত মাজে-সময়ে প্ৰৱন্ধ পাতি লিখা কাৰণে মিচনাৰীসকলৰ সৈতে হেমচন্দ্ৰ বৰুৱাৰ ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠছিল। ফলত মিচনাৰীসলেও আগ্ৰহেৰে তেওঁক ইংৰাজী ভাষা শিকাইছিল।এইদৰে দদায়েকৰ চকুত ধূলি মাৰি ইংৰাজী ভাষা ভালকৈ শিকাৰ পিছত দদায়েকলৈ তেওঁ ভয় নকৰা হয় আৰু মুফলিভাৱে ইংৰাজী ভাষা চর্চা কৰিবলৈ আৰম্ভ কৰে। দদায়েকেও তেতিয়া আগৰ দৰে খং-ৰাগ নকৰি তেওঁ কাছাৰীৰ কিছুমান জৰুৰী কাগজ-পত্র ইংৰাজীৰ পৰা বঙালী আৰু বঙালীৰপৰা ইংৰাজীলৈ তর্জমা কৰিবলৈ দিয়ে।
হেমচন্দ্ৰ বৰুৱাৰ চাকৰিজীৱনঃ
হেমচন্দ্ৰ বৰুৱাই মনে মনে ইংৰাজী ভাষা শিকাৰ ফলত চাকৰি জীৱনত তেওঁ যথেষ্ট লাভবান হয়। ইং ১৮৫৮ চনত গােলাঘাটৰ ৰেভিনিউ পেচকাৰ গৰাকীক ইং ১৮৫৭ চনৰ বিদ্রোহত সহযােগ কৰাৰ অপৰাধত চৰকাৰে ছমাহৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰে আৰু তাৰ ঠাইত হেমচন্দ বৰুৱাক নিযুক্তি দিয়ে।ছমাহৰ পিছত হেমচন্দ্র বৰুৱা গােলাঘাটৰপৰা শিৱসাগৰলৈ ঘূৰি আহে আৰু শিৱসাগৰৰ ইংৰাজী স্কুলৰ সহকাৰী শিক্ষকৰ কামটো অস্থায়ীভাৱে খালী হােৱাত তেওঁ সেই কামত মকৰল হয়। শিক্ষকৰ কাম শেষ হােৱাৰ পিছত পচিশ টকা দৰমহাত শিৱসাগৰতে চিৰস্তাদাৰৰ কামত নিযুক্তি পায়। ইং ১৮৬২ চনলৈকে হেমচন্দ্ৰ বৰুৱাই সেই দায়িত্ব নিয়াৰিকৈ পালন কৰে।
ইং ১৮৬২ চনৰ শেষভাগত অসমৰ জুডিচিয়েল কমিচনাৰ মেজৰ জেনেৰেল এগনিউ চাহাবে হেমচন্দ্ৰ বৰুৱাক গুৱাহাটীলৈ লৈ যায় আৰু অনুবাদকৰ কামত নিযুক্তি দিয়ে। কিছুদিন অনুবাদকৰ কাম কৰাৰ পিছত সেই অফিচতে তেওঁ চুপাৰিন্টেডেন্টৰ পদলৈ পদোন্নতি লাভ কৰে। ইং ১৮৮১ চনত জুডিচিয়েল কমিচনাৰে হেমচন্দ্ৰ বৰুৱাক পুনৰ পদোন্নতি দি হেড এচিষ্টেন্ট নিযুক্ত কৰে আৰু প্রতিমাহে এশ বিশ টকা দৰমহা ধার্য কৰে। ইং ১৮৭৫ আৰু ১৮৭৬ চনত চৰকাৰে হেমচন্দ্ৰ বৰুৱাক অস্থায়ী ভাৱে একষ্ট্ৰা এচিচটেন্ট কমিচনাৰৰ পদ যাচিছিল যদিও তেখেতে গ্ৰহণ কৰা নাছিল।
হেমচন্দ্ৰ বৰুৱাৰ সাহিত্য সেৱাঃ
আমেৰিকাৰ মিচনাৰীসকলে খৃষ্টিয়ান ধর্ম প্ৰচাৰৰ উদ্দেশ্যে শিৱসাগৰৰপৰা প্ৰকাশ কৰা অৰুণােদয় চাকতত প্ৰৱন্ধ -পাতি লিখাৰ লগতে হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ বৰ্ণবিন্যাস সংশােধন কৰাৰ কামত আত্মনিয়ােগ কৰিছিল। ‘ৱ' আখৰটোক তেওঁ অসমীয়া বর্ণমালাৰ অন্তভূক্ত কৰাবলৈ চেষ্টা কৰাৰ সময়ত ‘অৰুণােদয় 'কাকত চলােৱা মিচনাৰী সকলে যথেষ্ট আপত্তি কৰিছিল। নিধি লেভি ফেয়াৰৱেল নামৰ এজন ভাৰতীয় খৃষ্টিয়ানে তেওঁক এই ক্ষেত্ৰত যথেষ্ট বাধা দিছিল। ডাক্তৰ কমফর্ট নামৰ এজন জ্ঞানী চাহাব অসমলৈ অহাৰ পিছতহে এই সমস্যাৰ সমাধান হয়। কমফর্ট চাহাবে সকলাে কথা ভালকৈ অধ্যয়ন কৰাৰ পিছত ‘ৱ’ আখৰটোক অসমীয়া বর্ণমালাৰ অন্তর্ভুক্ত কৰে। ইং ১৮৭৩ চনত ইংৰাজ চৰকাৰে অসমৰ স্কুল, কাছাৰী আদিত পুনৰ অসমীয়া ভাষা প্রচলন কৰে। কিন্তু, অসমীয়া ভাষাত কিতাপ-পত্ৰ নথকাত ছাত্র- ছাত্রীক পাঠদান কৰাত যথেষ্ট অসুবিধা হয়। প্রাইমেৰী স্কুলৰ ছাত্র-ছাত্রীৰ বাবে আখৰ শিকাবলৈ ভাল কিতাপ লিখিবলৈ লেখকক উদগনি দিবলৈ চৰকাৰৰ তৰফৰপৰা লাট চাহাবে পাঁচশ টকাৰ এটি নগদ পুৰস্কাৰ ঘােষণা কৰে। কথাটো গম পােৱাৰ পিছত হেমচন্দ্ৰ বৰুৱাই ‘আদি পাঠ' নামেৰে পুথি এখন যুগুতাই চৰকাৰৰ ঘৰত দাখিল কৰে। চৰকাৰে গঠন কৰি দিয়া পুথি বছা সমিতিয়েও হেমচন্দ্ৰ বৰুৱাৰ আদি পাঠকে শ্রেষ্ঠ কিতাপ হিচাপে নির্বাচন কৰাত পুৰস্কাৰৰ বাবে চৰকাৰে ঘােষণা কৰা ৰূপ পাঁচশ টকাও হেমচন্দ্ৰ বৰুৱাই লাভ কৰে। উল্লেখযােগ্য যে, আদিপাঠেই হ'ল অসমীয়া ল'ৰা-ছােৱালীক আখৰ শিকোৱা প্ৰথম অসমীয়া পুথি। ইয়াৰ পিছত হেমচন্দ্ৰ বৰুৱাই অসমীয়া ল'ৰা-ছােৱালীৰ ব্যাকৰণ শিক্ষাৰ কাৰণে ইং ১৮৫৯ চনত অসমীয়া লৰাৰ ব্যাকৰণ ৰচনা কৰে। এইখনেই হ'ল অসমীয়া ভাষাৰ প্রথম ব্যাকৰণ। হেমচন্দ্র বৰৱাই ব্যাকৰণ পুথিখন ৰচনা কৰাৰ পিছত শিৱসাগৰৰ খৃষ্টিয়ান মিচনাৰী সকলে পুথিখন প্ৰকাশ কৰি অসমীয়া ভাষাৰ মহৎ উপকাৰ কৰে।
ইং ১৮৬৭ চনত মাইলছ ব্ৰনচন নামৰ মিচনাৰী চাহাব এজনে-অসমীয়া ভাষাৰ অভিধান এখন লিখি উলিয়ায়। এইখনেই অসমীয়া ভাষাৰ প্রথম অভিধান। এই অভিধানত ব্ৰনচন চাহাবে দেখুওৱা অসমীয়া শব্দৰ বৰ্ণ-বিন্যাসৰ প্ৰতি হেমচন্দ্ৰ বৰুৱা সন্তুষ্ট হ'ব পৰা নাছিল। সেয়ে, তেওঁ নিজেই হেমকোষ নামেৰে অসমীয়া ভাষাৰ অভিধান এখন লিখিবলৈ সিদ্ধান্ত কৰি কাম আৰম্ভ কৰে। 'হেমকোষ’ ৰ দৰে বিশাল গ্রন্থখন লিখাৰ কাম ডেকা বয়সতে হাতত ললেও হেমচন্দ্ৰ বৰুৱাৰ জীৱন কালত গ্ৰন্থখন প্রকাশ পােৱা নাছিল। হেমকোষ আছিল তেওঁৰ জীৱন-জুৰি কৰা সাধনাৰ ফল। হেমকোষ লিখি শেষ কৰাৰ আগেয়ে শিক্ষানুৰাগী হেমচন্দ্ৰ বৰুৱাই অসমীয়া ছাত্র-ছাত্রীসকলৰ উপকাৰৰ কাৰণে ‘'পঢ়াশলীয়া অভিধান’’ আৰু ‘‘সংক্ষিপ্ত হেমকোষ’’ নামেৰে দুখন অভিধান ৰচনা কৰে। ইয়াৰ উপৰিও ‘বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰী’, ‘‘কানীয়া-কৰ্ত্তন’’, ‘বিৱাহ পদ্ধতি' আদি কিতাপ কেইখনাে ৰচনা কৰি হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছিল। ইং ১৮৮২ চনত অসমৰ কেইগৰাকীমান জনাবুজালােকে ‘আসাম নিউচ’ নামেৰে ইংৰাজী আৰু অসমীয়া ভাষাত এখন বাতৰি কাকত উলিয়াবলৈ উদ্যোগ লৈ হেমচন্দ্র বৰুৱাক তাৰ সপাদকৰ দৰে গুৰু দায়িত্ব অর্পণ কৰে। ইং ১৮৮৫ চনলৈকে হেমচন্দ্ৰ বৰুৱাই সেই দায়িত্ব নিখুঁতভাৱে পালন কৰি অসমৰ ৰাজনৈতিক, সামাজিক, সাহিত্যিক আদি কথা তাত আলোচনা বিলোচনা কৰি ৰাইজক তাৰ আভাস দিছিল। কিন্তু দুখৰ বিষয় যে অৰ্থাভাৱত পৰি ইং ১৮৮৫ চনত আসাম নিউচ নামৰ কাকতখনে মৃত্যু বৰণ কৰে।
হেমচন্দ্ৰ বৰুৱাৰ ব্যক্তিগত জীৱন আৰু তেওঁৰ মৃত্যুঃ
ইং ১৮৬২ চনত হেমচন্দ্র বৰুৱাই পদোন্নতি লাভ কৰি জুডিচিয়েল বিভাগত অনুবাদকৰ পদ পাই শিৱসাগৰৰ পৰা গুৱাহাটলৈ যায়। সেই সময়ত হেমচন্দ্র বৰুৱাৰ পৰিবাৰ সন্তান সম্ভবা অৱস্থাত থকা হেতুকে পৰিবাৰিক পৰিয়ালৰ অন্যান্য মানুহৰ লগত শিৱসাগৰত থৈ যায়। ইং ১৮৬৩ চনত তেওঁৰ পৰিবাৰে এটি কন্যা সন্তান জন্ম দিয়ে। পৰিয়ালৰ মানুহে চোৱা-চিতা কৰি ছোৱালীটিৰ নাম ৰাখে সাৰদা দেৱী। ইং ১৮৬২ চনত হেমচন্দ্ৰ বৰুৱাই গুৱাহাটী লৈ যােৱাৰ পিছত তাতেই নিগাজীকৈ বসবাস কৰিবলৈ লয় আৰ গুৱাহাটী ৰ উজান বজাৰৰ নিজা ঘৰত ইং ১৮৯৬ চনত ইহলীলা সম্বৰণ কৰে। ইং ১৮৬৩ চনত হেমচন্দ্ৰ বৰুৱাৰ পৰিবাৰে কলেৰা ৰােগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ পিছত পৰিয়ালৰ মানুহ তথা বন্ধু-বান্ধবে তেওঁক পুনৰ বিৱাহ কৰাবলৈ জোৰ কৰিছিল যদিও তেওঁ কাৰাে কথাতেই মান্তি হােৱা নাছিল। জীৱনৰ বাকছােৱা সময় তেওঁ ডাং বৰলা হৈ অকলশৰে কটাইছিল।হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল এটি বিখ্যাত ব্রাহ্মণ পৰিয়ালত। পৰিবাৰৰ মৃত্যুৰ আগলৈকে তেওঁ ব্রাহ্মণৰ আচাৰ- নীতিৰেই দৈনন্দিন জীৱন অতিবাহিত কৰিছিল। কিন্তু, পৰিবাৰৰ মৃত্যুৰ পিছত হেমচন্দ্ৰ বৰুৱাই ব্রাহ্মণৰ কঠোৰ নিয়ম- নীতি পৰিত্যাগ কৰি মুক্ত জীৱন-যাপন কৰিবলৈ লৈছিল। অন্য জাতিৰ ৰান্ধনি ৰাখি তাৰ হতুৱাই নিজৰ আহাৰ তৈয়াৰ কৰাই খাইছিল। তেওঁৰ এনে অনিয়মে ব্রাহ্মণসকলক সদায় অসন্তুষ্ট কৰিছিল। আত্মীয়-স্বজনে তেওঁক ত্যাগ কৰিছিল। আনকি তেওঁৰ নিজৰ ভায়েকেও তেওঁৰ লগত কোনাে ধৰণৰ সংশ্ৰৱ ৰখা নাছিল।
ৰক্ষণশীল ব্রাহ্মণ সমাজে এঘৰীয়া কৰি থলেও হেমচন্দ্র বৰুৱাই মনত অকণাে দুখ পােৱা নাছিল। কাৰণ ধৰ্মৰ নামত অযুক্তিকৰ কাম-কাজ কৰিবলৈ তেওঁ টান পাইছিল। নিজৰ বিবেক-বিবেচনাৰে শুদ্ধ অজ্ঞান কৰা কামবােৰহে তেওঁ কৰিছিল। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, ব্রাহ্মণ, শুদ্র, উচ্চ-নীচ আছি কথাবােৰে তেওঁৰ মনত ঠাই পােৱা নাছিল। কোনাে নাচ-বিচাৰ নকৰাকৈ যাৰে-তাৰে হাতে তেওঁ খােৱা- লােৱা কৰিছিল। বাহ্যাচাৰতকৈ নৈতিক চৰিত্ৰহে তেওঁ ধৰ্মৰ লাই খুটা বুলি বিবেচনা কৰিছিল। অসমীয়া হিন্দু সমাজত বিধৱা বিবাহ চলাবলৈ আৰু ব্রাহ্মণ বিধৱাক সমাজচ্যুত নকৰি পুনৰ বিবাহ কৰাৰ অধিকাৰ দিবলৈ হেমচন্দ্ৰ বৰুৱাই অশেষ যত্ন কৰিছিল। এইবোৰ কামত হেমচন্দ্ৰ বৰুৱা এঘৰীয়া বা অকলশৰীয়া হলেও মনত কেতিয়াও অসহায়বােধ কৰা নাছিল। হেমচন্দ্ৰ বৰুৱাই খােৱা- লােৱাৰ ক্ষেত্ৰতো যথেষ্ট কটুয়া নিয়ম মানি চলিছিল। প্রতি সাজৰ ভাত খাবলৈ তেওঁ এটা জোখ নিৰ্ধাৰণ কৰি লৈছিল আৰু সেই জোখতকৈ এমুঠি ভাতাে কেতিয়াও বেছিকৈ খােৱা নাছিল। ঘৰৰ সন্মুখত থকা ফুলনিখনত হেমচন্দ্ৰ বৰুৱাই সদায় নিজে কোৰ মাৰিছিল। গছ-পুলিত পানী দিছিল। ঘাঁহবন উঘালি, ফুলনিখন পৰিষ্কাৰ কৰি ৰাখিছিল।জীৱনৰ বিয়লি বেলাত সমাজৰ কটকীয়া বান্ধোন আৰু অযুক্তিকৰ নিয়ম-নীতিবোৰ হেমচন্দ্ৰ বৰুৱাই মানিবলৈ টান পােৱা হেতুকে মানুহে তেওঁক নাকি বুলি ভাবি সমাজৰপৰা এঘৰীয়া কৰি থৈছিল। ভালেমান দিনৰপৰাই হেমচন্দ্ৰ বৰুৱা বাত বেমাৰত আক্ৰান্ত হৈছিল। বয়স বেছি হােৱাৰ লগে লগে বেমাৰৰ অতপালিও বাঢ়ি গৈছিল। কিন্তু, আত্মীয়-স্বজনৰ লগত সম্পর্ক নথকা হেতুকেই জীৱনৰ বিয়লি বেলাত ৰােগাক্রান্ত, হৈ আৱশ্যকমতে আদৰ-যত্ব, সেৱা-শুশ্রষা আদি একোকে নােপােৱাকৈ ইং ১৮৯৬ চনত প্রায় ৬১ বছৰ বয়সত হেমকোষৰ জনক হেমচন্দ্ৰ বৰুৱাই ইহলীলৰ সামৰণি মাৰে।
মৃত্যুৰ পিছত হেমচন্দ্ৰ বৰুৱাৰ শটো চুই খৰি দিবলৈ কোনাে আগবাঢ়ি অহা নাছিল। নাস্তিক আৰু জাতি যােৱা বুলি আটায়ে তেওঁৰ শটো ঘিণ কৰিছিল। অৱশ্যে তেনে এটা পৰিস্থিতি হােৱাৰ আশা নিয়ে হেমচন্দ বৰুৱাই নিজৰ শ'টো কি কৰিব লাগিব সেই কথা কাগজ এখনত এনেদৰে লিখি থৈ গৈছিল –“প্রাণ নাইকিয়া দেহটো এডোখৰ কাঠৰ দৰে মূল্য নাইকিয়া। গতিকে ইয়াক সৎ কাৰ কৰিবলৈ কোনাে 'খৰচ বা যন্ত্র কৰাৰ আৱশ্যক নাই। মাটিত পােতা ভাল নহয়, তাৰপৰা ওচৰৰ মানুহৰ স্বাস্থ্য হানি হ’ব পাৰে। সেইকাৰণে মৰা শটো এখন গৰুৰ গাৰীত তুলি নি আনৰ থকা ঘৰৰপৰা বহুত দূৰৈত পেলাই দিয়াই ভাল।" কিন্তু গুৱাহাটীৰ ব্রাহ্মণ সম্প্ৰদায়ৰ কেইজনমান যুৱকে তেনে কাম কৰিবলৈ ভাল পােৱা নাছিল। হেমচন্দ্ৰ বৰুৱাৰ বঙালী বন্ধু-বান্ধৱৰ সহযােগত মাণিকচন্দ্ৰ বৰুৱা নামৰ মানুহজনে বন্ধু-বান্ধৱৰ সৈতে লগ-লাগি সমাজৰ দণ্ড ভৰি হলেও হেমকোষৰ জনক হেমচন্দ্ৰ বৰুৱাৰ শ’টোৰ সৎকাৰ কৰে। এইদৰেই এটা মহাজীৱনৰ অন্ত পৰে।
হেমচন্দ্ৰ বৰুৱাৰ অক্ষয় কীৰ্তি — “হেমকোষ”:
অসমীয়া সাহিত্যৰ ইতিহাসত যিসকল ব্যক্তিয়ে নিজৰ জ্ঞান, অধ্যৱসায় আৰু ত্যাগৰ জৰিয়তে জাতিৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰি তুলিছে, তেওঁলোকৰ মাজত হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ নাম বিশেষভাৱে উজ্জ্বল হৈ উঠে। তেওঁৰ জীৱনৰ মহান কীৰ্তিসমূহৰ ভিতৰত “হেমকোষ” নামৰ অভিধানখন হৈছে এক অক্ষয় সম্পদ, যিটো কেৱল এজন ব্যক্তিৰ কঠোৰ সাধনাৰ ফল নহয়, সেইসাথে এটি জাতিৰ ভাষা-পৰিচয়, সাংস্কৃতিক ঐতিহ্য আৰু সাহিত্যিক ভিত্তিৰ জয়গান বুলিব পাৰি।
‘’হেমকোষ’’ হৈছে প্ৰথম অসমীয়া অভিধান, যিটো সম্পূৰ্ণৰূপে সংস্কৃত পদ্ধতি অনুসৰি সাজি তোলা হৈছিল। এই অভিধানখনে অসমীয়া ভাষাক এক গৱেষণামূলক ভিত্তি প্ৰদান কৰাৰ লগতে ভাষাটোক ব্যাকৰণিক দৃষ্টিকোণৰ পৰা সুসংগঠিত আৰু পৰিস্কৃত কৰিবলৈ সহায় কৰিছিল। হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াই এই কিতাপখনৰ দ্বাৰা অসমীয়া সাহিত্যৰ ভঁৰাল অধিক সমৃদ্ধ কৰি তুলিছিল, আৰু একেধাৰে ভাষাৰ প্ৰাথমিক অভাৱবোৰ দূৰ কৰি ভাষাটোক যুগোপযোগী আৰু চলিত ৰূপত গঢ়ি তুলিবলৈ সহায় কৰিছিল।
কিন্তু দুঃখজনক বিষয়টো হৈছে যে, হেমচন্দ্ৰ বৰুৱাই নিজৰ জীৱনকালত এই অমূল্য গ্ৰন্থখন প্ৰকাশ কৰিব পৰা নাছিল। ভাষাৰ বাবে তেওঁযে আত্মনিবেদন আৰু কঠোৰ পৰিশ্ৰম কৰিছিল, তাৰ ফল প্ৰজন্মক প্ৰজন্মলৈ উপকৃত কৰি আহিছে যদিও তেওঁৰ জীৱিত অৱস্থাত এই স্বপ্নৰ সফলতা সঞ্চালিত হোৱা নাছিল। হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছত অসমৰ এগৰাকী বিদ্বান আৰু শিক্ষানুৰাগী ব্যক্তি হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই তেওঁৰ এই অসম্পূৰ্ণ কাৰ্যক সম্পূৰ্ণ কৰাৰ দায়িত্ব লৈছিল।
তেওঁই সেই সময়ৰ দুজন ইংৰাজ উচ্চপদস্থ বিষয়াৰ — চাৰ এডওাৰ্ড গেইট আৰু কেপ্তেইন পি. আৰ. টি. গর্ডন — ওচৰত অনুৰোধ কৰি, বহু চেষ্টা-চৰ্চাৰ অন্তত ইংৰাজ চৰকাৰক এই অভিধানখন প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিছিল। তাৰ ফলস্বৰূপে, ১৯০০ চনৰ আগষ্ট মাহত, চৰকাৰী খৰচত কলকাতাৰ মিছনাৰী ছপাখানাত “হেমকোষ” প্ৰকাশিত হয়। এই ঘটনাই অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত এক নতুন অধ্যায় আৰম্ভ কৰি দিয়ে।
প্ৰকাশৰ পৰাই “হেমকোষ” কেৱল এখন অভিধান হৈ নাথাকি অসমীয়া ভাষা আৰু সাহিত্যৰ এক মৌলিক ভিত্তিসংহত দলিল হিচাপে গণ্য হৈ আহিছে। প্ৰায় ১২০ বছৰৰো অধিক সময় ধৰি, এই অভিধানখন অসমীয়া ভাষাৰ উন্নয়ন, চর্চা আৰু অধ্যয়নত এক দিশা-নির্দেশক ৰূপে বিবেচিত হৈছে। অসমীয়া জাতিয়ে আজিও হেমচন্দ্ৰ বৰুৱাৰ ত্যাগ, তীক্ষ্ণ দৃষ্টিভংগী আৰু ভাষাৰ প্ৰতি তেওঁৰ গভীৰ ভালপোৱাৰ বাবে কৃতজ্ঞতাৰে স্মৰণ কৰি থাকে। হেমচন্দ্ৰ বৰুৱা আৰু তেওঁৰ অমৰ সৃষ্টি “হেমকোষ”ৰ ওচৰত অসমীয়াৰ ঋণ সদায় অমোচনীয় হৈ থাকিব। এই ঋণ পৰিশোধ কৰাটো অসম্ভৱ — সেইটো মাথোঁ গভীৰ কৃতজ্ঞতাৰে স্বীকাৰ কৰিব পৰা যায়।
******

Comments
Post a Comment