অসমৰ ঐতিহাসিক কীর্ত্তিচিহ্ন আৰু মঠ-মন্দিৰ

অসমৰ ঐতিহাসিক কীর্ত্তিচিহ্ন আৰু মঠ-মন্দিৰ


অসমৰ ঐতিহাসিক কীর্ত্তিচিহ্ন আৰু মঠ-মন্দিৰ প্ৰাচীন অসমৰ ঐতিহাসিক ঠাই মৈদাম আৰু পুখুৰী পৰ্যটন স্হলী Important Ahom monuments and temples list of Assam 



অসমৰ ঐতিহাসিক কীর্ত্তিচিহ্ন আৰু মঠ-মন্দিৰ প্ৰাচীন অসমৰ ঐতিহাসিক ঠাই মৈদাম আৰু পুখুৰী পৰ্যটন স্হলী Important Ahom monuments and temples list of Assam
অসমৰ ঐতিহাসিক কীর্ত্তিচিহ্ন আৰু মঠ-মন্দিৰ



অসমৰ ঐতিহাসিক কীর্ত্তিচিহ্ন আৰু মঠ-মন্দিৰ


অগ্নিগড়ঃ (Agnigarh)

তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই ঐতিহাসিক গড়টো বাণ ৰজাই কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে নিৰ্ম্মাণ কৰিছিল। ই উষাৰ কাৰেং আছিল। বর্তমান ইয়াক আকর্ষণীয় পার্ক ৰূপে সজাই তোলা হৈছে।



অশ্বক্লান্ত বা অশ্বক্রান্ত মন্দিৰঃ (Aswakranta Mandir)

উত্তৰ গুৱাহাটী জাহাজ ঘাটৰ ওচৰত ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ ওখ পাহাৰত অৱস্থিত। ইয়াত দুটা মন্দিৰ আছে; এটা পাহাৰখনৰ ওপৰত আৰু আনটো ব্রহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনিত। ইয়াৰে এটা অনন্তশায়ী বিষ্ণুৰ মন্দিৰ আৰু আনটো কামৰূপী ভগবান জনার্দ্দন শিৱসিংহই নির্মাণ কৰিছিল। আকৌ জনার্দ্দন বিষ্ণু মন্দিৰটো দৰঙী ৰজাৰ বিষ্ণুৰ মন্দিৰ। অনন্তশায়ী বিষ্ণুৰ মন্দিৰটো ১৭২০ শকত আহোম স্বৰ্গদেউৱে সাজিছিল। অশ্বক্রান্তত অসোক অষ্টমীদিনা ডাঙৰ মেলা হয়। সেইদিনা অশ্বক্লান্ত কাশী, গয়া, হৰি দ্বাৰলৈ ৰূপান্তৰিত হয়। এই উৎসৱৰ উপৰিও ইয়াত শ্রীকৃষ্ণৰ জন্মাষ্টমী আৰু ফাকুৱা বা দৌল উৎসৱ বিশেষ উলহ-মালহেৰে পালন কৰা হয়।



আজান পীৰৰ দৰগাহঃ (Ajan Pir Dargah)

শিৱসাগৰ চহৰৰপৰা প্ৰায় ২২ কিঃ মিঃ দূৰত শ'ৰাগুৰি চাপৰিত প্রখ্যাত আজান পীৰ বা আজান ফকীৰৰ দৰগাহ বা পৱিত্ৰ সমাধিস্থল অৱস্থিত। দিখৌ আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগম স্থলৰ ওচৰতে শ'ৰাগুৰি চাপৰিটো অৱস্থিত। ইয়াক এই দুয়োখন নদীয়ে তিনিফালৰপৰা আগুৰি আছে। মাত্ৰ পূবৰ ফালটো মুক্ত মৈদান।



উগ্ৰতৰা দেৱালয়ঃ (Ugratara Devalaya)

গুৱাহাটীৰ আমবাৰী উজান বজাৰৰ যোৰপুখুৰীৰ পাৰত 'উগ্ৰতৰা' দেৱালয় অৱস্থিত। ইয়াত সতীৰ নাভিমণ্ডল পৰিছিল বুলি জনবিশ্বাস আছে। ১৬৬০ শকত আহোম ৰজা শিৱসিংহই এই দেৱালয় নিৰ্ম্মাণ কৰিছিল বুলি জনা যায়।



উমানন্দ মন্দিৰ: (Umananda Mandir)

গুৱাহাটী কাছাৰীঘাটৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ অৱস্থিত। ই পৃথিৱীৰ ক্ষুদ্ৰতম্ নদী-দ্বীপ। প্রাচীন প্রবাদমতে উমা (পার্বতী) ক আনন্দ দিবৰ বাবে শিৱ এই স্থানত চিৰবিদ্যমান, সেয়ে ইয়াৰ নাম 'উমানন্দ'। আন এক জনশ্রুতিমতে এই ঠাইত শিৱই তেওঁৰ তৃতীয় নয়নেৰে কামদেৱক ভস্ম কৰিছিল। সেই কাৰণে এই দ্বীপটোক ভস্মাচল বা ভস্মগৈল বুলি জনাজাত। ইংৰাজসকলে ইয়াক Peacock Island বুলিছিল। ইয়াৰ শিৱ মন্দিৰটো আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নির্দেশত গড়গঞা সন্দিকৈ ফুকনে ১৬৯৪ খৃষ্টাব্দত সাজি উলিয়াইছিল। এই দেৱালয়ত শিৱৰাত্ৰিৰ দিনা ডাঙৰ উৎসৱ হয়।



কামাখ্যা মন্দিৰ: (Kamakhya Mandir)

গুৱাহাটীৰ পশ্চিমে নীলাচল পাহাৰত কামাখ্যা দেৱীৰ মন্দিৰ অৱস্থিত। মহাদেৱ শিৱই সতীৰ দেহ কান্ধত লৈ ফুৰোঁতে এই স্থানত সতীৰ যোনি অংশ পৰিছিল বুলি বিশ্বাস। সেইমৰ্ম্মে ই যোনিপূজাৰ পৱিত্র স্থান। ১৫৬৫ চনত মহাৰাজ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ প্রমত্ত সিংহই সন্তান লাভৰ আশাত নগাঁও জিলাৰ শিলঘাটতো এটা কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল।



কাৰেংঘৰঃ (Kareng Ghar)

শিৱসাগৰ চহৰৰপৰা ১৩ কিঃ মিঃ পূবে গডগাঁৱত এই কাৰেংঘৰ অৱস্থিত। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭৫১ চনত এই ৰাজপ্রাসাদ বা কাৰেংঘৰটো সাজিছিল। ই মাটিৰ তলত দুমহলা আৰু ওপৰত পাঁচমহলা আছে। ইয়াৰ তলৰ মহলাৰপৰা তলাতল ঘৰলৈ গোপনে অহা-যোৱা কৰিব পৰা মাটি তলেৰে এটা ১৬ কিঃ মিঃ দৈর্ঘ্যৰ সুৰংগ পথ আছিল।



গোপেশ্বৰ দেৱালয়ঃ (Gupeshwar Devalaya)

ঢেকীয়াজুলিৰপৰা প্ৰায় ১২ কিঃমিঃ দক্ষিণে থকা শিঙৰি টিলাৰ দক্ষিণ-পশ্চিমে ব্ৰহ্মপুত্ৰৰ পাৰত গোপেশ্বৰ দেৱালয় অৱস্থিত। ই এটা শিৱ মন্দিৰ। ইয়াৰ শিৱ লিন্দটো পানীৰ তলত থকাৰ বাবে মন্দিৰটোৰ অন্য এটা নাম গুপেশ্বৰ। জনশ্রুতিমতে শৃংগমুনিয়ে ইয়াত আশ্রম পাতি তপস্যা কৰিছিল আৰু শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল।



গৌৰীসাগৰ দ’ল আৰু গৌৰীসাগৰ পুখুৰী: (Gaurisagar Dol aru Gaurisagar Pukhuri)

শিৱসাগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত অৱস্থিত গৌৰীসাগৰ পুখুৰী, ইতিহাসৰ এক গুৰুত্বপূর্ণ সাক্ষ্য। আহোম ৰাণী বৰৰজা ফুলেশ্বৰীয়ে ১৭২৩ খ্ৰীষ্টাব্দত এই ১৫০ একৰ এলেকা জুৰি থকা বৃহৎ পুখুৰীখন খনন কৰাৰ নির্দেশ দিয়ে। এই পুখুৰীৰ পাৰত ৰাণী ফুলেশ্বৰীয়ে গঢ়ি তোলে তিনিটা দ’ল—দেৱী দ’ল, শিৱ দ’ল আৰু বিষ্ণু দ’ল। এই মন্দিৰসমূহ বিভিন্ন দেব-দেৱীৰ উদ্দেশ্যে উৎসৰ্গিত আছিল আৰু ই আজিও স্থানীয় আৰু বাহিৰৰ ভক্তসকলৰ বাবে এক পবিত্ৰ স্থান হিচাপে পৰিগণিত। গৌৰীসাগৰ পুখুৰীৰ শান্ত জল, সেউজীয়া পৰিৱেশ আৰু ঐতিহাসিক দ’লসমূহে পৰ্যটকক মোহিত কৰি তোলে।



চৰাইদেউ আৰু মৈদাম - অসমীয়াৰ পিৰামিড: (Charaideo aru Moidam - Assamese pyramid)

১২৫৩ খ্ৰীষ্টাব্দত আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা চুকাফাই ৰাজধানী পাতিছিল চৰাইদেউত। ইয়াতে আছে বিভিন্ন স্বৰ্গদেউ আৰু ৰাণীসকলৰ সমাধি, যাক "মৈদাম" বুলি কোৱা হয়। ইজিপ্টৰ পিৰামিডৰ সৈতে তুলনীয় এই মৈদামসমূহ অসমীয়া স্থাপত্যৰ এক অপূৰ্ব নিদৰ্শন। চৰাইদেউত বনভোজ আৰু উদ্যানৰ ব্যৱস্থাও আছে, যি পৰ্যটকৰ বাবে যথেষ্ট আকৰ্ষণীয়।



জনাৰ্দ্দন দেৱালয়ঃ (Janardan Devalaya)

জনার্দ্দন দেৱালয় হ'ল এটা বিষ্ণু মন্দিৰ। আহোম ৰজা প্রমত্ত সিংহই গুৱাহাটী শুক্ৰেশ্বৰ মন্দিৰৰ গাতে লাগি থকা এই জনার্দ্দন দেৱালয় নির্মাণ কৰিছিল। এই মন্দিৰটোৰ গাত ভালেমান মূর্ত্তি খোদিত থকাৰ উপৰিও ইয়াত এখন শিলালিপিও আছে।



জয়সাগৰ পুখুৰীঃ (Joysagar Pukhuri)

শিৱসাগৰ চহৰৰপৰা প্ৰায় পাঁচ কিঃমিঃ দক্ষিণত অৱস্থিত এই জয়সাগৰ পুখুৰী। এই বৃহৎ পুখুৰীটো আহোম ৰজা ৰুদ্ৰসিংহই ১৬৯৭চনত তেওঁৰ মাতৃ সতী জয়মতীৰ পৱিত্ৰ স্মৃতিত জেৰেঙা পথাৰত খন্দাইছিল।



তলাতল ঘৰ - আহোম সামৰিক বুদ্ধিৰ এক নিদৰ্শন: (Tolatol Ghar)

তলাতল ঘৰ ১৬৯৯ খ্ৰীষ্টাব্দত ৰুদ্ৰসিংহই আৰম্ভ কৰি, ৰাজেশ্বৰ সিংহৰ সময়ত উন্নত চিমেন্ট আৰু ইটাৰে পুনৰ গঢ়া হৈছিল। ইয়াৰ তিনিটা মহল মাটিৰ তলত অৱস্থিত, আৰু সেয়েহে ইয়াক “তলাতল ঘৰ” বুলি কোৱা হয়। ই এক গুপ্ত দুৰ্গ হিচাপে ব্যৱহাৰ হৈছিল। ইয়াৰ গুপ্ত সুৰংগবোৰে দিখৌ নদী আৰু গড়গাঁও ৰাজপ্রাসাদলৈ যোগাযোগ স্থাপন কৰিছিল, যদিও ইংৰাজে পাছত এই সুৰংগ বন্ধ কৰি দিয়ে।



দীর্ঘেশ্বৰী মন্দিৰঃ (Dirgheshwari Mandir)

উত্তৰ গুৱাহাটীৰ ফুলুঙা (সীতাপৰ্বত) ত দীর্ঘেশ্বৰী মন্দিৰ অৱস্থিত। প্রায় ১৭৫১ শকত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত এই মন্দিৰটো নিৰ্ম্মাণ কৰা হৈছিল। অতীতৰেপৰা এই মন্দিৰত দুর্গাদেৱীৰ পূজা-সেৱা উলহ-মালহেৰে পালন কৰি অহা হৈছে। মন্দিৰটোৰ ২/৩ হাজাৰ যাত্রীয়ে একেলগে বহি ভোগ খাব পৰাকৈ এটি বৃহৎ ভোজনালয় আছে। দীর্ঘেশ্বৰী মন্দিৰত হিন্দু ধর্মপ্রাণ ৰাইজে বিবাহ, উপনয়ন চূড়াকৰণ, অন্নপ্রসন আদি সম্পন্ন কৰাকে ধৰি মনোকামনা পুৰনার্থে আশীর্বাদ বিচাৰি যায়।



ধোদৰ আলিঃ (Dhodar Ali)

১৬৮৭ চনত আহোম ৰজা গদাধৰ সিংহই এই বুৰঞ্জী প্রসিদ্ধ আলিবাটটো গোলাঘাটত নিৰ্ম্মাণ কৰিছিল। কথিত আছে ৰজাঘৰীয়া দায়িত্বৰপৰা হাত সাৰিবলৈ ধোদৰ ভাও ধৰা গোসাঁই আৰু ভকতসকলক ধৰি অনাই এই আলিটো নিৰ্ম্মাণ কৰাৰ বাবে হয়াক ধোদৰ আলি নাম দিয়া হৈছিল। ইয়াৰ দৈর্ঘ্য প্রায় ১৮৫ কিঃমিঃ।



নবগ্রহ মন্দিৰ: (Navgrah Mandir)

গুৱাহাটী উজান বজাৰৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। হিন্দুৰ পূজ্য দেৱতা-সূর্য, চন্দ্র, বুধ, বৃহস্পতি, শুক্র, মদুল, সনি, ৰাহু আৰু কেতু এই নটা গ্ৰহৰ বিগ্রহ বা শিলাচিহ্ন থকা বাবে ইয়াক নৱগ্রহ মন্দিৰ বুলি কোৱা হয়। ইতিহাসবিদসকলৰ মতে এই মন্দিৰ জ্যোতিষ চর্চ্চাৰ প্রাণকেন্দ্র আছিল আৰু তাৰপৰাই অসমৰ পুৰণি নাম প্রাগজ্যোতিষপুৰ হৈছিল। বৰাহ মিহিৰে এই মন্দিৰতে জ্যোতিষ চর্চ্চা কৰিছিল। তাৰোপৰি কালিকা পুৰাণতো এই মন্দিৰত জ্যোতিষ চর্চ্চা হোৱাৰ কথা উল্লেখ আছে। প্রতি বছৰে মাঘ-ফাগুনৰ সংক্ৰান্তিত ইয়াত মহাযজ্ঞ অনুষ্ঠিত হয়।



নামদাঙৰ শিলৰ সাঁকো - এক শিলৰ অসম্ভৱ দলং: (Namdang Stone Bridge)

নামদাঙৰ শিলৰ সাঁকো ১৭০৩ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল একেটা ডাঙৰ শিল কাটি। ইয়াৰ দৈৰ্ঘ্য ৬০ মিটাৰ আৰু প্ৰস্থ ৬.৫ মিটাৰ। গৌৰীসাগৰ আৰু জয়সাগৰৰ মাজত নামদাঙ নদীৰ ওপৰত অৱস্থিত এই দলংখন আজিও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হিচাপে ব্যৱহৃত হয়।



পোৱামক্কাঃ (Poa mecca)

হাজোৰ গৰুড়াচল পাহাৰত অৱস্থিত। ১৬৫৭ চনত মোগল সম্রাট ছাহজাহানৰ পুত্র আব্দুল গাজী চুজাউদ্দিনে এই ঠাইত মছজিদ নির্মাণ কৰিছিল। জনশ্রুতিমতে, সুদূৰ মক্কাৰপৰা এপোৱা মাটি আনি এই মছজিদৰ ভেটি স্থাপন কৰা হৈছিল। ভক্তপ্ৰাণৰ বিশ্বাস যে পোৱামক্কালৈ আহিলে মক্কা দৰ্শনৰ চাৰিভাগৰ এভাগ পূণ্য লাভ হয়। আজিও এই 'তীর্থ' বা 'দৰগাহ'টো হিন্দু আৰু মুছলমান উভয়ৰে অতি পৱিত্ৰ তীর্থস্থান। পোৱামক্কাত জেঠমাহৰ শুক্লা পূর্ণিমাত হিন্দুভক্তৰো সমাৱেশ হয়। ইয়াৰ সন্মুখত অতি প্রাচীন এটা পুখুৰী আৰু কবৰ আছে। এই পুখুৰীটো ইৰাণৰ ধৰ্ম্মপ্ৰচাৰক গিয়াচুদ্দিন আউলিয়াই খন্দাইছিল আৰু কবৰটোও তেওঁৰ বুলিয়ে জনা যায়।



পাটবাউসী সত্রঃ (Patbausi Satra)

প্রায় ১৯৫৪ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটাৰ ধনুখন্দা জানৰ পশ্চিম পাৰৰ পাটবাউসীত এই সত্ৰখনি স্থাপন কৰিছিল। বৰপেটা জিলাৰ ই এখন উল্লেখনীয় বৈষ্ণৱ সত্ৰ। ইয়াতেই শ্ৰীমন্ত শংকৰদেৱে প্রায় ১৮ বছৰ ছয়মাহ কাল কটাইছিল। পাটবাউসীসত্রতে মহাপুৰুষজনাই বৈষ্ণৱ ধৰ্ম্ম চর্চ্চা তথা সাহিত্য সাধনাত নিমগ্ন হৈছিল। জগৎ গুৰুজনাই এই সত্ৰতে তেওঁৰ শ্ৰেষ্ঠতম্ সাহিত্য "কীৰ্ত্তন-ঘোষা” সম্পূৰ্ণ কৰাৰ উপৰিও প্রায় ২৪০ টা বৰগীত ৰচনা কৰিছিল।



ফাকুৱা দল : (Fakua Dol)

এই ফাকুৱা দ'লটো জয়সাগৰৰ ৰংগনাথ দ’লৰ কাষত অৱস্থিত। যিটো আহােম স্বৰ্গদেউ ৰূদ্ৰসিংহই তেখেতৰ মাতৃ সতী জয়মতীৰ পৱিত্ৰ স্মৃতিত ১৭০৩- ১৭০৪ খ্রীঃত নিৰ্মাণ কৰােৱাইছিল। এই দ’লটোলৈ সােমাবলৈ ২১ টা খটখটি বগাই যাব লাগে।



বশিষ্ঠ আশ্রমঃ (Basistha Ashram)

গুৱাহাটীৰ সন্ধ্যাচল পাহাৰৰ এক মনোৰম স্থানত এই বশিষ্ঠাশ্রম অৱস্থিত। কালিকাপুৰাণমতে, এই ঠাইত বশিষ্ঠমুনিয়ে পাপমুক্তিৰ হেতু, বিষ্ণুক তপস্যা কৰিছিল। মুনিয়ে শ্রীবিষ্ণুৰ কৃপাত সন্ধ্যা, ললিতা আৰু কান্তা- এই ত্ৰিধাৰা প্ৰবাহিত কৰি গংগাক নমাই আনে আৰু তাতে স্নান কৰি মুনি পাপমুক্ত হৈছিল। সেয়ে হিন্দুসকলৰ বিশ্বাস যে তাত স্নান কৰিলে পাপমুক্ত হয়। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনত বশিষ্ঠ মন্দিৰ নিৰ্ম্মাণ কৰা হৈছিল। এই মন্দিৰৰ ভিতৰত বশিষ্ঠমুনিৰ পদচিহ্ন আৰু ৰাজেশ্বৰ সিংহৰ দিনৰ শিলালিপিও আছে।



বৰদোৱা সত্ৰঃ (Bordua Satra)

নগাঁওৰ বৰদোৱাত এই বৈষ্ণৱ যুগৰ সত্ৰখন অৱস্থিত। এই সত্ৰত মহাপুৰুষ শ্ৰীশংকৰদেৱৰ পদশিলা আছে। দৌলযাত্রা আৰু বৈষ্ণৱ গুৰুসৱৰ জন্ম-মৃত্যুৰ তিথি ইয়াত পালন কৰা হয়।



বৰপেটা কীৰ্ত্তনঘৰঃ (Borpeta Kirtan Ghar)

প্রায় পঞ্চাদশ শতিকাত মহাপুৰুষ শ্রীশ্রীমাধৱদেৱে বৰপেটা চহৰত এইখন বৈষ্ণৱসত্ৰ প্ৰতিষ্ঠা কৰিছিল। ই বৈষ্ণৱসকলৰ এক পৱিত্ৰ স্থান। ইয়াতে মাধৱদেৱে বৈষ্ণৱ ধৰ্ম্ম চর্চ্চা কৰিছিল। মহাপুৰুষজনা কোচবিহাৰলৈ যোৱাত মথুৰাদাস বুঢ়া আতাক সত্ৰাধিকাৰ পাতিছিল। কীৰ্ত্তন ঘৰৰ উপৰিও এই সত্ৰখনত ভক্ত, দর্শনার্থী যাত্ৰীৰ বাবে থকা অতিথিশালা, দুটাকৈ ৰংগমঞ্চ আছে। প্রতিবছৰে দৌলযাত্ৰাত অলেখ মানুহৰ সমাগম হয়। উল্লেখযোগ্য যে এই সত্ৰৰ কীৰ্ত্তনঘৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ।



ভৈৰৱী মন্দিৰঃ (Bhairavi Mandir)

বাণ ৰজাৰ কাৰেঙৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ এটাৰ ওপৰত এই প্রচীন ভৈৰৱীদেৱীৰ মন্দিৰটো অৱস্থিত। ইয়াত বাণবজাৰ জীয়াৰী ঊষাই পূজা-অর্চনা কৰিছিল বুলি জনবিশ্বাস আছে।



মদন কামদেৱৰ দেৱালয়ঃ (Madan Kamdev Devalaya)

কামৰূপ (গ্রাম্য) জিলাৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ দেৱানগিৰি পাহাৰত এই মদন-কামদেৱ দেৱালয় অৱস্থিত। ইয়াত নটৰাজ, শিৱ, গণেশ, বিষ্ণু, ভৈৰৱ, উমা, সূর্য আদি দুশৰো অধিক দেৱ-দেৱীৰ মৈথুনৰত অৱস্থাৰ মূৰ্ত্তি আছে।



মহাভৈৰৱ মন্দিৰঃ (Mahabhairav Mandir)

তেজপুৰ চহৰত অৱস্থিত এই মহাভৈৰৱ মন্দিৰটো বাণ ৰজাই নির্মাণ কৰিছিল। পিছত কালক্রমত কেইবাবাৰো আহোম ৰজাসকলে পুনৰ নিৰ্ম্মাণ কৰিছিল। ই এটা শিৱ মন্দিৰ। ইয়াত মহা শিৱৰাত্রি মহাসমাৰোহেৰে পালন কৰা হয়।



মহামায়া থানঃ (Mahamaya Than)

ধুবুৰী জিলাৰ বগৰীবাৰীত মহামায়া থান অৱস্থিত। জমিদাৰ হাতীবৰ চৌধুৰীয়ে প্রথমে মহামায়াৰ মূৰ্ত্তি উদ্ধাৰ কৰি বগৰীবাৰীত এই থানখন স্থাপন কৰিছিল। মহামায়া থানত নিত্য দশোপচাৰে পূজা পালন হয় আৰু হিন্দু ধৰ্ম্মপ্রাণ ৰাইজে বিবাহ, উপনয়ন, চূড়াকৰণ, অন্নপ্রসন আদি সম্পন্ন কৰাকে ধৰি মনোকামনা পূৰণাৰ্থে আশীৰ্বাদ বিচাৰি যায়। থানৰ ওচৰৰ মহামায়া ঘাটত অশোকাষ্টমী দিনা স্নান কৰিবলৈ ভক্তৰ সমাৱেশ হয়।



মোমাইকটা গড়ঃ (Momai Kota Garh)

কামৰূপ জিলাৰ শৰাইঘাটৰ ওচৰত মোগলৰ আক্রমণ প্রতিৰোধ কৰাৰ উদ্দেশ্যে আহোম ৰজা চক্রধ্বজ সিংহব নির্দেশত সেনাপতি লাচিত বৰফুকনে এৰাতিৰ ভিতৰত নিম্মাণ কৰিছিল। গড়টোৰ নিম্মাণ কার্য্যত হেলা কৰাৰ কাৰণে লাচিতে মোমায়েকক শিৰচ্ছেদ কৰিছিল ব্যাবে গড়টোৰ নাম মোমাইকটা গড় হয়। বর্তমান ই নিঃচিহ্ন।



মহাপ্রভু শ্রীশ্রীদৌলগোৱিন্দ মন্দিৰঃ (Mahaprabhu SriSriDoulGovinda Mandir)

উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত মহাপ্রভু শ্রীশ্রীদৌলগোৱিন্দ মন্দিৰ অৱস্থিত। এই মন্দিৰৰ মূল বিগ্ৰহজনা অসমৰ সু-সন্তান আনন্দৰাম বৰুৱাদেৱৰ পিতৃ বিশ্ববিশ্রুত সংস্কৃত পণ্ডিত গৰ্গৰাম বৰুৱাদেৱে স্থাপন কৰিছিল বৃটিছ শাসন কালত। বুৰঞ্জীবিদ সকলৰমতে ১৭৯৫ খৃষ্টাব্দত হৰদত্তই নিজৰ কুলবিগ্ৰহ জনাক ৰঙিয়াৰ সন্ধ্যাঝাৰ হাবিত আত্মগোপন কালত মাটিৰ তলত পুতি থৈছিল। বর্তমানো এই মন্দিৰত প্ৰতিদিনে শাস্ত্রীয় বিধিমতে মহাপ্ৰভুৰ স্নান-পূজা, ভোগ, আৰতি, শয়ন আদিৰ ব্যৱস্থা আছে। প্রতিদিনে ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটে। ইয়াত শ্রীকৃষ্ণ জন্মাষ্টমী আৰু ফাকুৱা উৎসৱ মহা ধুমধামেৰে পালন কৰা হয়।



ৰংঘৰঃ (Rang Ghar)

শিৱসাগৰ চহৰৰ ওচৰতে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত ১৭৪৬ চনত আহোম ৰজা প্রমত্ত সিংহই এই বিশেষ ঘৰটো সজাইছিল। ডিম্বাকৃতিৰ এই দুমহলীয়া ঘৰটো প্রধানতঃ খেল-ধেমালি আদি উপভোগ কৰিবলৈ ব্যৱহৃত হৈছিল। ৰংঘৰৰ ভিতৰতো বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল।



ৰুদ্ৰসাগৰ দ’ল (Rudrasagar Dol):

আহোম স্বৰ্গদেউ লক্ষ্মীসিংহই ৰুদ্ৰসিংহৰ স্মৃতিত ৰুদ্ৰসাগৰ পুখুৰীৰ পাৰতে এই দ’লখন গঢ়ি তোলে। ইয়াৰ ওচৰতে "অথাইসাগৰ" নামৰ আন এখন বৃহৎ পুখুৰী জয়ধ্বজ সিংহৰ ৰাজত্বকালত খনন কৰা হৈছিল। এই দ’লসমূহ, ইতিহাসৰ পাতত কিমান গঢ়া হৈছিল, সেয়া মাথোঁ বুৰঞ্জীয়ে প্ৰকাশ কৰিব পাৰে। কিন্তু সেয়া অস্বীকাৰ কৰিব নোৱাৰি যে এই স্থানসমূহে আজিও অঞ্চলখনৰ ইতিহাসত এক অমলিন ছাপ ৰাখি আহিছে।



শুক্ৰেশ্বৰ মন্দিৰঃ (Sukeshwar Mandir)

গুৱাহাটীৰ পাণবজাৰৰ সমীপত ব্ৰহ্মহ্মপুত্ৰৰ পাৰত এই শুক্ৰেশ্বৰ মন্দিৰ অৱস্থিত। জনশ্রুতিমতে দৈত্যগুৰু শুক্ৰচাৰ্যই এই মন্দিৰৰ শিৱলিন্দটো প্রতিষ্ঠা কৰিছিল। ১৭৪৪-১৭৫১ চনত আহোম ৰজা প্রমত্ত সিংহৰ দিনত এই মন্দিৰ নিৰ্ম্মাণ হৈছিল।



শিৱদৌলঃ (Siva Dol)

শিৱদৌল অসমৰ আটাইতকৈ ওখ মন্দিৰ। আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাণী অম্বিকাই শিৱসাগৰ চহৰত ১০৪ ফুট (প্রায় ৩২ মিটাৰ) উচ্চতাৰ এই শিৱ মন্দিৰটো নিৰ্ম্মাণ কৰিছিল। দৌলটোৰ চূড়াত থকা কলহটো সোণৰ। এই শিৱদৌলত শিৱৰাত্ৰি মেলা জাকজমকতাৰে আয়োজন কৰা হয়।



শিৱসাগৰ বৰপুখুৰী : Sivasagar Tank

১৭৩৪ খ্রীঃত স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয়া পত্নী বৰৰজা বা অম্বিকাই ১২৯ একৰৰ এই বৃহৎ পুখুৰীটো খান্দিছিল। শিৱসাগৰৰ মাজ মজিয়াত শিৱসাগৰ পুখুৰী অৱস্থিত। এই পুখুৰীটোৰ বৰ্ত্তমান গভীৰতা ২০ কিউবিক। ২৫৭ একৰ জুৰি বিস্তৃত এই পুখুৰীৰ পৰাই ঠাইখনক শিৱসাগৰ নামেৰে জনা যায়। ২০০ বছৰ পুৰণি শিৱসাগৰ পুখুৰীৰ অপূর্ব শােভাই পর্যটকক আকর্ষণ কৰে। (৬ বহাগ এপ্রিল) ১৭৩৫ত এই বৃহৎ পুখুৰীটো ভগৱান শিৱৰ নামত উৎসর্গিত কৰা হৈছিল বা হৈছে। ইয়াৰ পানীৰ স্তৰ শিৱসাগৰৰ ভূ-ভাগৰ তুলনাত ওখ। ইয়াৰ পাৰতে প্রসিদ্ধ শিৱদল, বিষ্ণুদল আৰু দেৱীৰ মন্দিৰ অৱস্থিত।



হয়গ্রীব মাধৱ মন্দিৰ: (Hayagriva Madhab Mandir)

১৫৮৩ চনত কোচ ৰজা বন্ধুদেৱ নাৰায়ণে হাজোৰ উঠিবলৈ শিলৰ এখন দীঘল খটখটি আছে। মন্দিৰৰ বেৰত বিভিন্ন দৃশ্য মণিকূট পাহাৰত হয়গ্রীব মাধৱ মন্দিৰ স্থাপন কৰিছিল। এই মন্দিৰটোলৈ খোদাই কৰা আছে। আৰু মন্দিৰৰ ওচৰত বিষ্ণুপুৰ বা মাধৱ পুখুৰী নামে এটা ডাঙৰ পথৰী আছে। তাত বহুদিনীয়া ডাঙৰ ডাঙৰ মাছ কাছ দেখা পোৱা যায়। প্রতি বছৰে এই মন্দিৰত জন্মাষ্টমী, মাঘবিহু আৰু দৌল উৎসৱ পালন কৰা হয়।




*******



Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা