৫০০+ মহৎ লোকৰ বাণী অসমীয়াত Mohat Bani
৫০০+ মহৎ লোকৰ বাণী অসমীয়াত Mohat Bani
৫০০+ মহৎ লোকৰ বাণী অসমীয়াত Mohat Bani
অধ্যয়ন পিপাসু মন কেতিয়াও বৃদ্ধ নহয়।
= গ্ৰীক প্ৰবচন৷
অভাৱ , দৰিদ্ৰ আৰু বৈষম্যৰ মাজত কোনো গণতন্ত্ৰ সৰহকাল তিষ্ঠি থাকিব নোৱাৰে
= জৱাহৰলাল নেহৰু
অভিজ্ঞতাই ডাঙঘৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়।
= হেম বৰুৱা
অপ্ৰয়োজনত পশুৱে আন পশুৰ পৰা বিৰত থাকে।
= স্বামী বিবেকানন্দ
অতি জ্ঞানীজনে সদায় নিজৰ পথ নিজে নিৰ্ধাৰন কৰে।
= ইউৰিডিছ
অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ।
= চক্ৰেটিছ
অর্থনীতিয়ে চানেকি নির্ণয় কৰে।
= এঞ্জেলছ
অহিংসাই পৰম ধৰ্ম।
= মহাত্মা গান্ধী।
অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বৰ্তমানক প্ৰভাৱিত কৰে।
= ফ্ৰিজেডৰিখ নীতসে
অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ।
= শংকৰদেৱ।
অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব।
= মহাবীৰ
অন্ধই যদি অন্ধক পথ দেখুৱাই, দুয়োজনেই খালত পৰে।
= নিউ টেষ্টামেণ্ট
অপেক্ষা আৰু আশা - এই শব্দ দুটাতেই মানৱ বুদ্ধিমত্তাৰ সকলোখিনি নিহিত হৈ আছে।
= আলেকজেণ্ডাৰ ডুমা
আনক কোৱাতকৈ নিজে কৰাটো ভাল।
= ব্ৰাউন্ড ৰাছেল।
আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা৷
= হজৰত মহম্মদ
আমি যি জানো সি অতি সামান্য৷ আমি যি নাজানো তাৰ সীমা নাই৷
= পাৰলেচ।
আন মানুহৰ বিষয়ে সঁচা কথা ক 'বলৈ আটাইতকৈ ভাল মাধ্যম হ'ল আত্মজীৱনী।
= ফিলিপ গুৱেডেলা
আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া।
= হেম বৰুৱা।
আমি যদি প্রবল ধুমুহা কঢ়িয়াই অনা আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰো তেতিয়া ধুমুহাৰ আগে আগেই আমাৰ নাওখন এৰি দিব লাগিব।
= মহাত্মা গান্ধী।
আদর্শ মানুহ সেইজনেই যিজনে অন্যৰ উপকাৰ কৰি আনন্দ পায় আৰু আনৰ পৰা উপকাৰ গ্ৰহণ কৰিব লাগিলে লজ্জিত হয়।
= এৰিষ্টটল।
আত্ম প্রশংসাকাৰীক ভগৱানে ঘিণ কৰে।
= ছেন্টক্লিমেন্ট।
আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে
= অম্বিকাগিৰী ৰায়চৌধুৰী
আমি শিক্ষা জাতিৰ মেৰুদণ্ড। এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অবৰুদ্ধ হয়।
= ৰাজা ৰামমোহন ৰায়
আমি যি জানো, সেইখিনি জানো বুলি জনা আৰু আমি যি নাজানো, তাক নাজানো বুলি জনাটোৱেই হ'ল প্ৰকৃত জ্ঞান।
= থৰো
আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী।
= চক্ৰেটিছ
আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু যাতে অসৎ নহও তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
= মাও জে দং
আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই।
= গুৰু নানক
আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম৷
= মাৰ্টিন লুথাৰ কিং
আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ।
= ৰাজা ৰামমোহন ৰায়
আপুনি পূৰুষেই হওক বা মহিলাই হওক, এই পৃথিৱীত সাহসৰ অবিহনে একোৱেই কৰিব নোৱাৰে। সন্মানৰ পিছত সাহসেই হ'ল শ্ৰেষ্ঠ মানৱ প্ৰমূল্য।
= জেম্ছ এলেন
আত্মত্যাগ শৃংখলা আৰু আত্মসংযম নহ’লে মুক্তি পোৱাৰ কোনো উপায় নাই। শৃংখলা নোহোৱাকৈ আত্মত্যাগ কৰিলে একো ফল নধৰে।
= মহাত্মা গান্ধী
আনক সমালােচনা কৰিবলৈ যােৱাৰ আগতে নিজকে সমালােচনা কৰা। নিজে শুদ্ধ আৰু পৱিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যােগ্যতা অর্জন কৰিব পাৰিবা।
= চক্রেটিছ।
আদর্শ মানুহ সেইজনেই যিজনে অন্যৰ উপকাৰ কৰি আনন্দ পায় আৰু আনৰ পৰা উপকাৰ গ্ৰহণ কৰিব লাগিলে লজ্জিত হয়।
= এৰিষ্টটল।
আনৰ দোষ-গুণ বা আনে কি কৰিলে, কি নকৰিলে, তালৈ চকু নিদি, নিজে কি কৰিছে বা কৰা নাই তালৈহে চকু দিয়া উচিত।
= বুদ্ধদেৱ।
ইতিহাসৰ পুনৰাবৃত্তি ঘটে। ইতিহাসত থকা খেলিমেলি বােৰৰ ভিতৰত এইটোও এটা।
= ক্লেৰেন্স ডেৰো।
ঈশ্বৰকো যিজনে ছলনা কৰে তেৱেই, ৰাজনীতিজ্ঞ।
= ছেক্সপিয়েৰ
ঈশ্বৰৰ প্ৰতি মোৰ জনাবলগীয়া মিনতিটো অতি সাধাৰণ আৰু সংক্ষিপ্ত। সেয়া হ'ল - হে ঈশ্বৰ, মোৰ শত্ৰুসকলক হাঁহিয়াতৰ প্ৰাত্ৰ কৰি তোলা।
= ভলটেয়াৰ
উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুহজন প্ৰায়েই শ্ৰেষ্ঠতৰ বুলি প্ৰমাণিত হয়।
= কাৰ্ল ফন নোবেল
উপদেশতকৈ আৰ্হি ভাল
= হজৰত মহম্মদ।
উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয়৷
= মেথিউ।
এগছি চাকিৰে হাজাৰ গছি চাকি জ্বলাব পাৰি।
= গৌতম বুদ্ধ
এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা৷ ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয়৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়, শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা৷
= ৰিচাৰ্ড
এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল।
= নেপলিয়ন।
একমাত্ৰ সন্তানেহে মাতৃৰ সাহস আৰু দুখ বুজি পায়।
= মুল্কৰাজ আনন্দ
এজন মানুহক ওৰে জীৱন ধৰি প্ৰশ্ন কৰিবলৈ শিকোৱাতো হ'ল শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য।
= বিছপ মেণ্ডেল ক্ৰিটন ।
একমাত্ৰ প্ৰাণীৰ প্ৰতি থকা ঘৃণাই জঘন্য পাপ নহয়। তাতোকৈ জঘন্য পাপ হ'ল কাৰোবাৰ প্ৰতি থকা অৱজ্ঞাহে।
= জৰ্জ বানাৰ্ড শ্ব
এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি।
= মাদাৰ টেৰেছা
এশ মুৰ্খ পুত্ৰতকৈ বৰং এজন গুণৱান পুত্র হােৱাও ভাল। মাত্র এটা চন্দ্ৰই অন্ধকাৰ নাশ কৰে, অগণন তৰায়াে নােৱাৰে।
= চাণক্য।
এশজন শিক্ষকে কৰিব নােৱাৰা কাম এগৰাকী আদর্শ মাতৃয়ে অকলেই কৰিব পাৰে।
= জর্জ হাবার্ট।
একমাত্ৰ কাম আৰু আদৰ্শতে জীৱন উৎসৰ্গা নকৰিবা। মানৱিক সম্পৰ্কই হ'ল জীৱনৰ শ্ৰেষ্ঠ সম্পদ। সেয়া মই বৰ পলমকৈ গম পালোঁ।
= কাথাৰিণ্ড চুছন্নাছ প্ৰিচাৰ্ড
এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল।
= হজৰত মহম্মদ।
এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীন ভাবে জীয়াই থাকিব নোৱাৰে
= এলবাৰ্ট হাৱাৰ্ড
এটা মাত্ৰ ফুলে বসন্তক আগমন ঘটাব নোৱাৰে।
= আফগানী প্ৰবচন।
এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে।
= ডেল কাৰ্নেগী৷
এখন সমাজ সুচাৰুৰূপে পৰিচালিত হবলৈ লাগে - অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ।
= ৰাজা ৰামমোহন ৰায়
এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই৷ সচাঁকৈয়ে, তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ?
= এমাৰ্চন৷
কোনাে নিৰাশাবাদীয়েই আকাশৰ তৰাৰ ৰহস্য আৱিষ্কাৰ কৰা নাই, কোনাে অনাবিষ্কৃত ভূমিলৈ নৌ যাত্ৰা কৰা নাই বা মানৱ আত্মাৰ বাবে নতুন স্বৰ্গৰ বাৰ্তা বহন কৰি অনা নাই।
= হেলেন কেলাৰ
কেনেকৈ প্ৰত্যাখান কৰিব লাগে, তাক জনাতকৈ কেনেকৈ সন্মতি জনাব লাগে, তাৰ সমানেই গুৰুত্বপূৰ্ণ
= বাল্টাজাৰ গ্ৰেছিয়ান।
কৰ্তব্য - এইটোৱেই হ'ল ইংৰাজী ভাষাত আটাইতকৈ সৰল শব্দ ।
= আৰ . ই . লী
কাইলৈৰ কথা নাভাবিবা। দৃষ্টি নিবদ্ধ কৰা কেৱল আজিৰ দিনটোৰ ওপৰত। আজিৰ দিনটোৰ পৰম বিস্ময়েই তোমাৰ কাৰণে যথেষ্ট।
= খলিল জিব্ৰান
কোনোদিনে প্ৰলোভনৰ সন্মুখীন নোহোৱালৈকে তেওঁনো কিমান অসৎ, সেয়া কোনোদিনেই বুজি নাপায়।
= জৰ্জ বিলিঙ্ছ
কম কথা কোৱা বেছি কাম কৰা মানুহয়েহে সফলতা লাভ কৰিব পাৰে।
= ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
কোনো এঠাইৰ অন্যায় নহয়, সকলো ঠাই ন্যায়ৰ প্ৰতি এক ভাবুকি।
= মাৰ্টিন কিং লুথাৰ।
কৰ্মত সাফল্য লাভ কৰিবলৈ যি সকলে আগ্ৰহী তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক পুৱাৰ পৰা গধুলিলৈকে একেৰাহে নিজৰ কামত লাগি থাকিব লাগিব ৷
= ছাৰ জছুৱা ৰেনল্ডছ
কৰ্মই উপাসনা হাঁহিয়েই জীৱন।
= বিষ্ণুপ্ৰসাদ ৰাভা
স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু।
= মহাত্মা গান্ধী
কিতাপৰ পাতৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে তােমালােকৰ চৰিত্ৰ দিব নােৱাৰে। চৰিত্ৰ গঠন আচল জীৱনৰ পৰাহে আহে। প্রকৃতপক্ষে তােমালােকৰ নিজৰ ভিতৰৰ পৰাহে চৰিত্ৰ বিকাশ হ'ব লাগিব।
= মহাত্মা গান্ধী।
কোনোৱে তোমাক সহায় কৰিব নোৱাৰে৷ নিজেই নিজৰ সহায় লোৱা ৷
= বুদ্ধদেৱ।
কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি৷
= এইছ জি ৱেইলছ৷
কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে৷
= বেইলী।
কঠোৰতম সত্যটোতকৈ সন্দেহ অতি নিষ্ঠুৰ।
= মৰ্লিয়েৰ ।
কাহিনীতকৈ পাতনি দীঘল কৰাতো মুৰ্খামিৰ চিন।
= অ 'ল্ড টেষ্টামেণ্ট
কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা।
= সৰ্বপল্লী ৰাধাকৃষ্ণণ।
কাম কৰাৰ সময় এতিয়াই। কিবা এটা কৰাৰ সময় কেতিয়াও শেষ হৈ নাযায়।
= কাৰ্ল ছেণ্ডবাগ।
কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা।
= বুদ্ধদেৱ।
কামতো হৈ যোৱাৰ পাছত মুৰ্খও জ্ঞানী হৈ পৰে।
= হোমাৰ
খাবলৈ জীয়াই নাথাকিবা, জীয়াই থাকিবলৈহে খাবা।
= মহাত্মা গান্ধী
খং নকৰিবা নিজৰে সৰ্বনাশ হ'ব৷ অহংকাৰ নকৰিবা পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা।
= স্বামী বিবেকানন্দ ৷শ
খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু।
= মহাত্মা গান্ধী
খং য়েতিয়া উঠে, তেতিয়া সদায় ফলাফললৈ মনত ৰাখিব
= কনুফুচিয়াছ
খাবৰ বাবে, পিন্ধিবৰ বাবে মানুহে সুন্দৰভাৱে যিহকে কৰে, সেয়ে কৃষ্টি।
= বিষ্ণু প্ৰসাদ ৰাভা।
গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু।
= ৰোচেন ক্ৰেজ
গতিয়েই জীৱনৰ শেষ লক্ষ্য নহয়, খোজ কাঢ়ি যোৱা মানুহে বেছি দেখিবলৈ পায় আৰু বেছিদিন জীয়াই থাকে।
= মহাত্মা গান্ধী
গছ যিমানেই ওখ নহওক কিয়, ইয়াৰ পাত সদায় মাটিলৈকে সৰি পৰে।
= মালয়ী প্ৰবচন
গাহৰিক কেতিয়াও গান গাবলৈ, শিকাবলৈ মৰসাহ নকৰিবা। প্ৰথম কাৰণঃ তোমাৰ সময় অপচয় হ'ব, দ্বিতীয়তে গাহৰিও আমনি পাব।
= লেজাৰচ লং
গোলাপৰ গছত কাঁইট থকাৰ বাবে তুমি অভিযোগ কৰিব পাৰা আৰু কাঁইটৰ মাজতো যে গোলাপৰ দৰে সুন্দৰ ফুল থাকিব পাৰে, তাক প্ৰশংসাও কৰিব পাৰা।
= টম উইলছন
গুণ নাথাকিলে ৰূপে শোভা নকৰে, দুষ্ট প্ৰকৃতিয়ে বংশ নাশ কৰে, সৎ আচৰণ নকৰিলে বিদ্যাৰ কোনো মূল্য নাই আৰু ভোগহীনৰ সকলো ধৰ্ম বিফলে যায়।
= চাণক্য
ঘৰৰ দুৱাৰত তলা নামাৰা আৰু কেতিয়াও মিছা কথা নোকোৱা, দুয়োটা একেই কথা।
= এলিজাবেথ বাৱেন
ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা। তুমি ভবাতকৈ ই অতি গধুৰ বোজা।
= মেডাম দ্য চেভিন
চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে।
= সত্যনাথ বৰা।
চুৰ কৰা মহাপাপ
= বুদ্ধদেৱ।
চৰিত্ৰ মানুহৰ আচল সম্পত্তি।
= মাইলচ।
ছাত্ৰসকলৰ পঢ়া-শুনাই তপস্যা।
= নীতি শ্লোক
জাবৰ সাৰিলে যিদৰে ঠাইডোখৰ পৰিস্কাৰ হয়, তেনেকৈ ভুল স্বীকাৰ কৰিলে অন্তৰ শুদ্ধ হয়।
= মহাত্মা গান্ধী
জীৱনত কি কৰিব, সেয়া বুজি নোপোৱা সাধাৰণ লোকেহে আন এটা জন্ম কামনা কৰে।
= আনাটোলে ফ্ৰান্স
জ্ঞানী লোকে কিবা ক্ষতি হʼলেও অদৃষ্টক ধিয়াই হাত সাৱটি বহি নাথাকে, বৰং আগতকৈ বিপুল উৎসাহ আৰু উদ্যমেৰে সেই ক্ষতিপূৰণৰ অৰ্থেহে চেষ্টা কৰে।
= শ্বেকছপিয়েৰ
জীৱনত কোনো সুযোগ সুবিধা নাপালোঁ বুলি কোনো মহৎ লোকে আপত্তি কৰাৰ উদাহৰণ নাই।
= আৰ . ডব্লিউ . এমাৰছন
জীৱনটো ইমানেই চুটি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ'বলৈ জীৱনত কোনো সুৰুঙাই নাই।
= নীতসে
জীৱনত দুটাই ট্ৰেজেডি- বিচৰাতো নোপোৱা আৰু পোৱাতো।
= অস্কাৰ ৱাইল্ড
জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই।
= যীশুখৃীষ্ট।
জীৱনত যি জনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নলবা।
= শ্বেক্সপীয়েৰ।
জীয়াই থকাৰ বাবে আমি সদায় সাজু হওঁ, কিন্তু সেই জীয়াই থকাটো নহয়গৈ কেতিয়াও।
= ইমাৰ্ছন
জীৱনত এটা কথাত কেতিয়াও ভুল নকৰিবা, সেয়া হ'ল সুযোগ কাহানিও দুবাৰ নাহে।
= কেমফৰ্ট
জীৱনৰ বহু সমস্যাৰ সমাধান হয় নিদ্ৰা আৰু প্ৰত্যাশাৰ মাজেৰে। এই দুয়োটাই দৈৱৰ বিৰল অৱদান।
= ভল্টেয়াৰ
জীৱন সত্য, জীৱন বিশ্বস্ত, কেবল ইয়াৰ লক্ষ্যস্থল নহয়।
= লং ফেলো
জ্ঞানী মানুহে নাৰীৰ সংস্পৰ্শলৈ অহাটোৱেই উচিত নহয়।
= টলষ্টয়
জ্ঞানীলোকৰ কেতিয়াবা কিবা ক্ষতি হ'লেও অদৃষ্টক ধিয়াই হাত সাৱটি বহি নাথাকে। বৰং আগতকৈ বিপুল উৎসাহেৰে সেই ক্ষতি পূৰণৰ অৰ্থেহে চেষ্টা কৰে।
= শ্বেক্সপীয়েৰ
জ্ঞান দুইপ্ৰকাৰৰ, একোতা বিষয় সম্পৰ্কে হয় আমি নিজে জাঁনো অথবা সেই বিষয়ে যাৱতীয় তথ্য ক'ত পোৱা যাব পাৰে, সেই কথা আমি জানোঁ।
= ছেমুৱেল জনছন
জনমত এনেকুৱা এটা বস্তু, যাক দুৰ্বলীয়ে ভয় কৰে, মূৰ্খই উলংঘা কৰে, জ্ঞানীয়ে বিচাৰ কৰে আৰু বুদ্ধিমানে নিয়ন্ত্ৰণ কৰে।
= জ্যাঁ ৰোঁলা
জন্ম আৰু মৃত্যুৰ একমাত্ৰ চিকিৎসা হৈছে দুয়োটাৰ মাজৰ সময়খিনি হাঁহিৰে উপভোগ কৰা।
= জৰ্জ ছণ্টিয়ানা
জীয়াই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই। এয়া অসৎ মানুহৰ বাবে হোৱা নাই, হৈছে নিবনুৱা সকলৰ বাবেহে।
= আইনষ্টাইন
জ্ঞানৰ শেষ পৰীক্ষা প্ৰমাণ বা যুক্তিৰ সন্ধান নহয়। বিশ্বাস কৰিবলৈ শিকাই হ'ল তাৰ বুনিয়াদ।
= কালাৰ্ইল
জ্ঞানৰ গুপ্ত আদালতত বিবেকেই জীৱনৰ গুপ্ত আদালত।
= হেমচন্দ্ৰ গোস্বামী
জীৱনৰ অৰ্থ লুকাই থাকোে আশাৰ মাজত।
= লক্ষ্মীনাথ বেজবৰুৱা
জণগণৰ ইচ্ছাই শ্ৰেষ্ঠ আইন।
= ইউ . এছ . গ্ৰেট
জীৱনৰ অৰ্থ লুকাই থাকে আশাৰ মাজত
= লক্ষ্মীনাথ বেজবৰুৱা
জীৱনটো আচলতে খুব চুটি; কেৱল জীৱনৰ দুখ যন্ত্রণাবােৰেহে খুব দীঘলীয়া যেন কৰে।
= পাব্রিয়াছ ছাইৰাছ।
জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে; মুৰ্খই শিকে নিজৰ ভূলৰ পৰা।
= এইচ . জি . ৰন।
জীৱনক সত্য সুন্দৰ আৰু মঙ্গলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য।
= নীলমণি ফুকন।
জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷
= নেপোলিয়ন বোনাপাৰ্ট।
জীৱনটো কি বস্তু, সেই কথা বুজিবলৈ হ'লে আমি পাছলৈ ঘূৰি চাব লাগিব; কিন্তু জীৱনটো যাপন কৰিবলৈ হ'লে আমি চাব লাগিব সন্মুখলৈ।
= ছোৰেন কিয়েৰ্কগাৰ্ড ।
জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ৷
= এমাৰছন৷
জন্ম আৰু মৃত্যু হ'ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ।
= খলিল জিব্ৰান ।
টেঙৰালিক লুকুৱাই ৰাখিব জনাটোৱেই হ'ল আটাইতকৈ ডাঙৰ টেঙৰালি।
= ফৰাচী পটন্তৰ
ডাঙৰ ট্ৰেজেডীয়ে জীৱনটোক ক্ষয় নকৰে। জীৱনটোক অবিৰামভাৱে ক্ষয় কৰি থাকে তুচ্ছ বিৰক্তিবোৰে আৰু সময়ৰ পৌনঃপুনিক অপচয়বোৰে।
= আঁৰি দ্য মথাঁৰলেঁট।
তোমাৰ লক্ষ্য স্থান ক’ত? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব৷
= লিটন
তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা, তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা, কাৰণ যন্ত্ৰণা হ'ল জীয়াই থকাৰ নিশ্চিত লক্ষণ।
= এলবাৰ্ট হুবাৰ্ড
তুমি যদি এখন জাহাজ নিৰ্মাণ কৰিব খুজিছা, তেন্তে কাঠৰ শক্তিৰ হিচাপ লোৱাৰ আগতে সাগৰৰ বিশালতা আৰু ভয়াৱহতালৈ দৃষ্টি দিয়া উচিত।
= এন্টইন দ্য ছেইন্ট
তোমাৰ গোপনীয়তা যদি আনে ৰক্ষা কৰাতো বিচাৰা, তেন্তে প্ৰথমে নিজে গোপনীয়তা ৰক্ষা কৰি চলাতো প্ৰয়োজন।
= চেনেকা
তোমাৰ অন্তৰৰ পৱিত্ৰখিনি তোমাৰ মুখাৱয়ত ফূটি উঠে। অন্তৰ পৱিত্ৰ কৰি ৰখাই হ'ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয়।
= চেইন্ট জে'ৰম
তেওঁলোকে প্ৰথমতে তোমাক অৱজ্ঞা কৰিব, তাৰ পিছত তেওঁলোকে তোমাক হাঁহিব, তাৰ পিছত তেওঁলোকে তোমাক বাধা দিব, কিন্তু তাৰ পাছত তুমিয়ে বিজয়ী হ’বা।
= মহাত্মা গান্ধী।
তুচ্ছ আৰু গুৰুত্বহীন কথাবোৰত অতিশয় ব্যস্ত হৈ থকাটোৱেই হ'ল সুখী হোৱাৰ প্ৰধান উপায়।
=এডৱাৰ্ড নিউটন
তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা।
= ৰুদয়াৰ্ড কিপলিং
তুমি য’লৈকে নোযোৱা কিয়, বিলোৱা মাথোঁ প্ৰেম আৰু প্ৰেম।
= মাদাৰ টেৰেছা
তুমি যিদৰে আনৰ ব্যৱহাৰ আশা কৰা আনকো তুমি তেনে ব্যৱহাৰ কৰিবা।
= কনফুচিয়াচ।
তুমি যেন জীৱনৰ প্ৰতিটো দিনেই পৰিপূৰ্ণভাৱে জীয়াই থাকা, এয়ে মোৰ প্ৰাৰ্থনা।
= জনাথন ছুইফট।
তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত৷
= ফ্ৰান্সিছ থমছন৷
দায়িদ্বজ্ঞানহীন নাগৰিকে কেতিয়াও এখন উৎকৃষ্ট ৰাষ্ট্ৰ গঠন কৰিব নোৱাৰে।
= গ্ৰীক প্ৰবচন৷
দুর্ভাগ্য পাখি মেলি উৰি আহে আৰু খােজ কাঢ়ি গুচি যায়।
= এইচ. জি. বন।
দেশতকৈ মোমাই ডাঙৰ নহয়।
= লাচিত বৰফুকন।
দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত।
= বুদ্ধদেৱ।
দায়বন্ধতা হ'ল মহানতাৰ মূল্য।
= চাৰ্লিচ
ধৰ্মৰ মাজৰ মজ্জাখিনি উলিয়াই ল'ব লাগে; হাড়খিনি কেলেই?
= জালানুদ্দিন ৰুমী।
ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয়।
= গ্যেটে
ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি।
= বাট্ৰাণ্ড ৰাছেল
ধাৰণাৰ যুদ্ধত প্ৰথমে মৃত্যু হয় মানুহৰ।
= এছ . জে . লেক
ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট।
= ৰুছো।
নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
= সত্যনাথ বৰা
নিজৰ দুখ গুচাবৰ একমাত্র উপায় পৰৰ দুখ পতিওৱা।
= তৰুণৰাম ফুকন।
নিজ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ চেষ্টা ভণ্ডামি মাথোন।
= তৰুণ ৰাম ফুকন
নম্ৰতা সজ ব্যৱহাৰৰ অনুমান
= সত্যনাথ বৰা
নাৰী আৰু পূৰুষে অপলক দৃষ্টিৰে পৰস্পৰলৈ চাই থকাতো প্ৰেম নহয়। দুয়োজনে একেতা দিশলৈ চাই থকাটোৱেই প্ৰেম।
= ফ্ৰাচোঁৱা ছাৰ্গা
নিজক আৰু পৃথিৱীখনক ভাল পাবলৈ শিকাতো হ'ল জীৱনজোৰা এক প্ৰেম - কাহিনীৰ মধুৰ আৰম্ভণি।
= অক্সাৰ ৱাইল্ড
নিজক সদায় আনন্দত ৰাখিবা৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন। দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয়৷
= ওমাৰ্চন।
নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা৷
= বেঞ্জামিন ফ্ৰেংকলিন৷
নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে
= থমাছ কাৰ্লাইল৷
নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায়েই নেপোলিয়নৰ দৰে বীৰপুৰুষ। সেই গুণেই কুকুৰক সকলোৰে প্ৰিয় কৰি তোলে।
= হাক্সলী
নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে।
=আব্ৰাহাম লিংকন।
নতুন বন্ধুক আঁকোৱালি ল'ব নোৱাৰাজনেই জীয়াই থকাৰ কলা হেৰুৱাই পেলায়।
= ৱেইৰ মিটছেল
নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা।
= স্বামী বিবেকানন্দ।
নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়।
= ৰবীন্দ্ৰনাথ ঠাকুৰ।
নেতাৰ ভূলত দেশ ধ্বংস হয়।
= ইন্দিৰা গান্ধী।
নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ।
= ভল্টেয়াৰ।
নিজৰ ইচ্ছাক অনুসৰণ কৰাজনেই সম্ৰাট।
= আইৰিছ প্ৰবচন
প্ৰতিভাৰ কণ্ঠস্বৰ অতি কোমল কিন্তু তাৰ বিশেষত্ব এইটোৱেই।
= ছিগমণ্ড ফ্ৰয়েড
পঢ়াৰ প্ৰতি অনুৰাগ হ'লেই যে প্ৰকৃত শিক্ষাৰ বাট মুকলি হয় এনে নহয়, বৰং ই জ্ঞান অৰ্জনৰ বাটত সময়ে সময়ে প্ৰতিবন্ধকতাৰ সৃষ্টিহে কৰে।
= লৰ্ড এভাৰবেৰী
প্ৰকৃতি সৌন্দৰ্যৰ সমাহাৰ।
= চাৰ্লছ ডিকেন্স।
প্ৰৌঢ়ই সকলোকে বিশ্বাস কৰে, মাজবয়সীয়াই সকলোকে সন্দেহৰ চকুৰে চায় আৰু তৰুণে জানে সকলোখিনিয়েই।
= অক্সাৰ ৱাইল্ড
পৃথিৱীত যি যি মহৎ কাৰ্য সংঘটিত হৈছে, সকলো খিনিয়েই সম্ভৱ হৈছে প্ৰত্যাখাৰ দ্বাৰাহে।
= মাৰ্টিন লুঠাৰ
পূৰণি বন্ধুৱেই হ'ল মানুহৰ সুন্দৰতম দাপোণ।
= জৰ্জ হাবাৰ্ট
পাপক ঘৃণা কৰিবা কিন্তু পাপীক ঘৃণা নকৰিবা।
= ষীশুখ্ৰীষ্ট
প্রথমে বিষয়তো বুজি লোৱা, শব্দবোৰ আপোনা আপুনি ওলাই আহিব।
= কেটো
পাপ আমাৰ শত্ৰু, পূণ্য ইয়াৰ বন্ধু
= মহাবীৰ।
প্রেমিকালৈ যচা চুমাটোৰ দৰে উপদেশটো বৰ উপাদেয় বস্তু। অকণাে টকা-পইছা খৰচ নহয় আৰু দি উঠি বৰ আত্মতৃপ্তি পােৱা যায়।
= জর্জ বার্ণার্ডশ্ব।
পৃথিৱীত যিমান মানুহ আছে সেইসকলৰ ভিতৰত শতকৰা মাত্র পােন্ধৰজনমান মানুহেহে যিকোনাে বিষয়ে মৌলিক চিন্তা কৰে। চিন্তা কৰাটোৱেই হ’ল বেছি ভাগ মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি।
= লুথাৰ বাৰবেংক।
পােকে কোট চোলা নষ্ট কৰাৰ লেখিয়াকৈ ঈর্ষায়ো মানুহৰ জীৱন শেষ কৰে।
= ক্রাইচষ্টম।
পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত৷
= পিয়েৰ টেলহাৰ্ড।
পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য।
=লক্ষ্মীনাথ বেজবৰুৱা
প্ৰথমে আনক সুখী কৰি নিজে সুখী হোৱাই হ'ল সুখী হোৱাৰ আটাইতকৈ সহজ উপায়।
= ৰালফ ইন্গাৰছ'ল
পেটটোতকৈ নিখুঁত ঘড়ী আন একো নাই
= ফৰাচী প্ৰবচন
প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই মধুৰ৷
= উইলিয়াম শ্বেইক্সপীয়েৰ
পৃথিৱীৰ আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা
= ৰামকৃষ্ণ পৰমহংস।
প্রেম যে আচৰিত আৰু দৰকাৰী বস্তু সেই কথা সকলােৱে স্বীকাৰ কৰে। কিন্তু প্রেম কি সেই কথাত কাৰাে মন নিমিলে।
= ডায়েন একাৰমেন।
প্রতিভাৰ নিৰানব্বৈ ভাগেই হ’ল অধ্যৱসায়।
= থমাছআলভা এডিছ।
প্ৰতি মানুহৰ ভিতৰত এটুকুৰা গুপ্ত স্থান থাকে, য'ত আনৰ প্ৰৱেশ নিষিদ্ধ।
= ৰবীন্দ্ৰনাথ ঠাকুৰ
পাপেৰে কিছু লোকৰ উন্নতি হয়। আন বহুতৰ ভাল কামেৰেও পনত ঘটে।
= শ্বেক্সপীয়েৰ
প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে।
= এ. পি. জে. আব্দুল কালাম।
প্ৰেম হৈছে এনে এক জীৱনপুষ্প, যি প্ৰস্ফুটিত হয় অভাৱনীয় অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি৷
= ডি এইছ লৰেঞ্চ।
পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা।
= যীশুখৃীষ্ট।
পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে।
= জৱাহৰলাল নেহৰু।
পুতি থোৱা শস্য গজিব পাৰে, কিন্তু বিপথে যোৱা প্ৰতিভাৰ পুনৰ্জন্ম নহয়।
= বেকেন ।
প্রতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে, আকৌ এচাম মানুহ আছে, যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে৷
= উইলিয়াম এডৱাৰ্ড৷
প্রেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্রেমৰ বেদনাহে৷
= ৰবীন্দ্ৰনাথ ঠাকুৰ৷
বয়স হোৱাৰ লগে লগে সকলোৱে এই কথা উপলব্ধি কৰিব লাগে যে এজন মানুহৰ দুখন হাতৰ এখন হৈছে নিজক সহায় কৰিবলৈ আৰু আনখন আনৰ সহায়ৰ বাবে।
= আন্দ্ৰে হেপবাৰ্ণ
বিশ্বব্ৰক্ষ্মাণ্ড আৰু মানুহৰ মুৰ্খামি - এই দুয়োটাই হ'ল অসীম। এই দুই অসীমৰ ভিতৰত প্ৰথমটো বিষয়ত মোৰ স্পষ্ট ধাৰণা নাই।
= এলবাৰ্ট আইনষ্টাইন।
ব্যক্তি নীৰৱতাৰ মাজত আৰু সিয়েই নিঃসংগতা সহ্য কৰিবলৈ আমাক শক্তি দিয়ে, মনত ৰাখিব - বন্ধু আহিব আৰু যাব, কিন্তু শত্ৰুৰ সংখ্যা সদায় বাঢ়ি গৈ থাকিব।
= ভি . এছ . প্ৰিছেত।
বৰ বেছি হুলস্থুল কৰা মানুহে জীৱনত একো কৰিব নোৱাৰে।
= হেম বৰুৱা
বিবেকেই জীৱনৰ গুপ্ত আদালত।
= হেমচন্দ্ৰ গোস্বামী
বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি৷
= মাদাৰ টেৰেছা
বুদ্ধিমান হোৱাৰ বাবে আমি বহু মূল্য ভৰিবলগীয়া হয়, জ্ঞানে যন্ত্ৰণা দিয়ে।
= ইউৰিপিডিছ।
বিখ্যাত হোৱাতকৈ বিশ্বাসী হোৱাতো শ্ৰেয়।
= টি . ৰুজভেল্ট
বেয়া কামৰ স্বীকাৰৰোক্তিয়েই হ'ল ভাল কামৰ আৰম্ভণী।
= ছেইন্ট অগষ্টাইন
বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ।
= ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।
বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান।
= হোমাৰ।
স্বাধীনতা ভাল পোৱা মানে আনক ভাল পোৱা, ক্ষমতাক ভাল পোৱা মানে নিজক ভাল পোৱা।
= উইলিয়াম হেজলিট ।
ব্ৰাক্ষ্মণ, শুদ্ৰ, হিন্দু, মুছলমান ঈশ্বৰৰ চকুত সকলো সমান।
= গুৰুনানক
ভয় কমকৈ কৰিবা, আশা কৰিবা বেছিকৈ, পৃথিৱীৰ সকলো ভাল বস্তু তোমাৰেই হ’ব।
= ৰেড ইণ্ডিয়ান নীতিকথা
ভগৱানে স্বর্গৰ দুৱাৰ খুলিব পৰা ছাবি এপাট সকলোকে দিছে।
= গ্ৰীক পটন্তৰ
ভৱিষ্যতৰ বাবে তৈয়াৰী হোৱাৰ সকলোতকৈ শ্ৰেষ্ঠ পথ হ’ল সমস্ত বুদ্ধি, ক্ষমতা আৰু আগ্ৰহ সহকাৰে আজিৰ কাম কৰি যোৱা।
= উইলিয়াম এছলাৰ
ভাল সঙ্গ আৰু ভাল কথোপকথন বৰ সৰল গুণ।
= ৱালটন।
ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক।
= ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
ভুলকৈ জনাতকৈ একো নজনাই ভাল।
= শ্বেইক্সপীয়েৰ
ভিক্ষা কৰাৰ কথা কেতিয়াও মনলৈ নানিবা।
= মহাত্মা গান্ধী।
ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰন কৰাই শ্ৰেয়।
= মহাত্মা গান্ধী।
ভাগ্য বুলি বেলেগ এটা বস্তু নাই; মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি।
= হেৰাক্লিটাছ
মানৱ সমাজক শাসন কৰাৰ দিশত আত্মোৎসৰ্গ কৰা আটাইবোৰ লোকেই এই কথাত পতিয়ন গৈছে।
= এৰিষ্টট’ল
মানুহে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে।
= মামনি ৰায়চম গোস্বামী
মানুহৰ জীৱনৰ শূণ্যতা আৰু আনন্দহীনতাই মানুহক সমাজ পাতি বাস কৰিবলৈ বাধ্য কৰে।
= শ্বপেনহাৱাৰ
মোৰ প্ৰজন্মৰ মানুহৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰটো হ’ল মানুহৰ নিজৰ মনোভাব।
= উইলিয়াম জেমছ
মহিলাক ভুল নুবুজিব। মহিলাই সকলোকে ক্ষমা কৰি দিয়ে। অন্যথা মানৱ জাতি কাহানিবাই নিঃশেষ হৈ গ'লহেঁতেন।
= ৰবাৰ্ট এ. হেইনলেন।
মানুহৰ সাহস অনুপাতে জীৱনৰ বিস্তৃতি ঘটে বা জীৱন সংকুচিত হয়। সাহসেই সফলতাৰ চাবি - কাঠী।
= এনিছ নিন্
মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি নাজানে।
= বুদ্ধদেৱ
মহৎ মন এটাই নাৰীক সুন্দৰী কৰি তোলে আৰু প্ৰতিহিংসাই কৰি তোলে অন্ধ।
= ফ্লেচাৰ
মানুহৰ ভূল - ভ্ৰান্তিৰ পৰা চৰিত্ৰ জানিব পাৰি।
= কনফুচিয়াচ
মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন, দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে – এডাল হ’ল উদ্যোগী মন আৰু আনডাল আদৰ্শ।
= ছেমুৱেল বাটলাৰ
মনুষ্য হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। = স্বামী বিবেকানন্দ
মাতৃ বুলি কোৱা ঘৰত শিক্ষকসকলক সমাজৰ জাগ্ৰত পহৰী বুলি কোৱা হয়।
= ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল
মই স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু।
= মহাত্মা গান্ধী
মানুহৰ মাজত দেৱতা আছে, সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি
= চক্ৰেটিছ।
মই আদৰ্শৰ অনুকৰণ কৰিবলৈ ব্যস্ত হৈ পৰিম।
= স্বামী বিবেকান্দ।
মৰমে মৰম জন্ম দিয়ে।
= ছফোপল।
মানুহৰ মন পেৰাচুটৰ দৰেই, খােল খালেহে সি ক্রিয়াশীল হয়।
= থমাচ দেবাৰ।
মােক মৰম আৰু কাম এই দুটাই মাত্র দিয়া।
= টমাছ মৰিছ।
মহৎ কাৰ্য সিদ্ধিৰ বাবে অকল কাম কৰাই নহয়, স্বপ্নও দেখিব লাগিব।
= আনাতোঁলা ফ্ৰা।
মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্র মানুহ
= গুৰুনানক।
মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন
= নেপোলিয়ন।
মানুহৰ মন সদায় একে ঠাইতেই থাকে৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে৷
= জন মিল্টন৷
মনত ৰাখিব - আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ ইতিহাসৰ একো পৃষ্ঠা।
= আৰৱিক প্ৰবচন ।
মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল।
=চক্ৰেটিছ।
মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে।
= জৱাহৰলাল নেহৰু।
মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি।
= মহাত্মা গান্ধী।
মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই।
= মহাত্মা গান্ধী।
মহৎ লেখকৰ প্ৰধান লক্ষণ হ'ল ভাষাৰ সৰলতা আৰু স্পষ্টতা।
= ফ্ৰেডেৰিক আমিয়েল
মজলীয়া প্ৰতিভা বা বুদ্ধিবৃত্তিৰ মানুহে আটাইতকৈ বেছি জ্ঞান আহৰণ কৰিব পাৰে।
= ক্লড বানাৰ্ড ।
মাতৃৰ কিঞ্চিত স্নেহ হাজাৰজন ধৰ্মগুৰুৰ শিক্ষাতকৈ বহু ঊধবৰ্ত।
= স্পেনিছ প্ৰবচন
মুৰ্খই আশ্চৰ্য প্ৰকাশ কৰে আৰু জ্ঞানীয়ে প্ৰশ্ন কৰে।
= বেন্জামিন ডিজৰেলি
মহৎ কাম শক্তিৰে নহয়, অধ্যৱসায়ৰে সম্পন্ন হয়।
= ছেমুৱেল জনছন।
মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন৷
= হেনৰি ডেভিদ থৰো।
যিজন মানুহে বদহজম, নিদ্ৰাহীনতা আৰু বেয়া বতৰৰ কাৰণে কাপুৰুষৰ দৰে আচৰণ কৰে।
= লৰ্ড চেষ্টাৰফিল্ড
যি মানুহৰ হেৰুৱাবলৈ একো নাই, তেওঁক কেতিয়াও প্ৰতিযোগিতালৈ আহ্বান নকৰিবা।
= গ্ৰেচিয়ান।
যি জাতিৰ সাহিত্য নাই সেই জাতি জীৱাই থাকিও মৰাৰ দৰে।
= তুলসী দাস
যিজন মানুহে পিছফালৰ পৰা তোমাক ছুৰীৰে আঘাত নকৰি সম্নুখৰ পৰা কৰে, তেওঁকেই ভাল বন্ধু বুলি ক'ব পাৰি।
= লিওনাড লুই লেভিনছন
যিতো শক্তিয়ে পৃথিৱীখন শাসন কৰে, সেইটো হ'ল মানুহৰ আচৰণ। সেই আচৰণ নৈতিক আৰু অনৈতিক দুয়োটাই হ'ব পাৰে।
= নিকোলাছ মূৰে বাটলাৰ
যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে, তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনকেই কৃতিত্ব দিয়া উচিত।
= হাৱাৰ্ড নিউটন
যেতিয়া সকলো মানুহেই চিন্তা কৰে, তেতিয়া বুজিব লাগে যে কোনো এজন মানুহেই গভীৰভাৱে চিন্তা নকৰে।
= ওৱাল্টাৰ লিপমেন
যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে, জ্ঞানে পথ দেখুৱাই, সেইটোৱেই হ’ল ভাল জীৱন।
= বাৰ্ট্ৰাণ্ড ৰাছেল
যি কণী চুৰি কৰিব পাৰে, তেওঁ হাতীও চুৰি কৰিবলৈ সমৰ্থ।
= জৰ্জ হাবাৰ্ট
যেতিয়াই খং উঠে চাৰিলৈকে গণক। বেছি খং উঠিলে শপত খাওক।
= মাৰ্ক টোৱেইন
যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ।
= সৰ্ব্বপল্লী ৰাধাকৃষ্ণন।
যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ।
= মহাত্মা গান্ধী।
যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে।
= ফ্ৰেংকলিন।
যৌৱনত মই সময় অপব্যয় কৰিছিলো। প্ৰতিদানত এতিয়া সময়ে মোক অপব্যয় কৰিছে।
= শ্বেক্সপীয়েৰ
যিয়ে কোনাে দিনে ভুল কৰা নাই, তেওঁ কোনাে দিনে নতুন কামত হাত দিয়াও নাই।
= আলবার্ট আইনষ্টাইন।
যশস্যা আপােনাৰ সুকীৰ্ত্তিৰ মৃদু সুগন্ধ।
= চক্রেটিচ।
যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱাই, সেইটোৱেই হ'ল ভাল জীৱন।
= বাট্ৰাণ্ড ৰাছেল
যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই৷
= বেঞ্জামিন ফ্ৰেংকলিন।
যি নিজক হেৰুৱাই তেওঁ সকলো হেৰুৱাই।
= মহাত্মা গান্ধী।
যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা এয়েই ঈশ্বৰৰ বাণী।
= ডঃ বানীকান্ত কাকতি।
যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
= ডঃ বানীকান্ত কাকতি।
যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই৷
= এৰিষ্ট'টল।
যি জনে মানুহৰ চিন্তা কৰিব নাজানে তেওঁ জীয়াই থাকিব নাজানে।
= ভল্টেয়াৰ।
যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা৷ কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা৷
= স্বামী বিবেকানন্দ৷
যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি।
= প্লেটো।
ৰুটি আৰু মদ শেষ হৈ যায়, প্ৰিয়াৰ চকু ঘোলা হৈ পৰিব কিন্তু কিতাপ হ'ল অনন্ত যৌৱন ৰূপে থাকি যাব যদিহে এখন মহৎ কিতাপ হয়।
= ওমৰ খায়াম।
শিক্ষকসকল হ'ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত খনিকৰ।
= জৰ্জ ৱাশ্বিংটন।
শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। = ৰাজা ৰামমোহন ৰায়
শিক্ষা জাতিৰ মেৰুদণ্ড।
= ৰাজা ৰামমোহন ৰায়
শিক্ষা যদি এটুকুৰা হীৰা হয়, তেন্তে তাৰ পৰা যি জ্যোতি ওলায়, সেয়া হ'ল সংস্কৃতি।
= মহাত্মা গান্ধী
শুদ্ধতা আৰু আদৰ্শ প্ৰেমৰ মূৰ্তি প্রতীক।
শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে।
= মহাত্মা গান্ধী।
শিক্ষাই জীৱন, জীৱনেই শিক্ষা৷
= লজ।
শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে ।
= চক্ৰেটিছ।
শিক্ষা হৈছে সঞ্জীৱনী অমৃত।
= জাকিৰ হুচেইন।
শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে।
= হজৰত মহম্মদ।
শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব।
= সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ।
সভ্যতাৰ লক্ষ্য হ'ল ৰাজনীতিক অন্তঃসাৰ কৰি তোলা আৰু বিজ্ঞান - কলাক জীৱনৰ অবিচ্ছেদ্য অংগ কৰি তোলা।
= আৰ্থাৰ চিঞ্জলা
সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা, তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা = ছাইৰাছ
সুখী হোৱাৰ প্ৰাথমিক চিন্তানো কি? মোৰ মতে মানুহজন আচলতে যি সেয়া হ'বলৈ ইচ্ছা কৰাই হ'ল সুখী হোৱাৰ আৱশ্যকীয় চৰ্তসমূহৰ প্ৰথমটো।
= ইৰাছমাছ
সাহসী মানুহৰ বাবে সৌভাগ্য আৰু দুৰ্ভাগ্য তেওঁৰ সোহাঁত আৰু বাওঁহাত মাত্ৰ, নিজৰ সুবিধাৰ বাবে তেওঁ দুয়োকে সমানে ব্যৱহাৰ কৰে।
= চিয়েনাৰ চেন্ট কেপেৰিন
সৰ্বসাধাৰণ জনতাৰ সহ্য গুণ অসাধাৰণ। জনতাই সকলোকে ক্ষমা কৰি দিয়ে - প্ৰতিভাশালী বা মহৎ জনক কোনো দিনে ক্ষমা নকৰে।
= অস্কাৰ ৱাইল্ড
সময়ৰ সদ্ব্যব্যৱহাৰৰ অৰ্থ হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি বাছি উলিওৱা, উচিত মতে কাম কৰি যোৱা।
= লী ইয়াকুকা
সকলো বিজ্ঞানৰ আৰম্ভণী হয় দৰ্শন হিচাপে আৰু শেষ হয় কলা হিচাপে।
= উইল ডুৰাণ্ড
সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই।
= উইলিয়াম জেমছ।
সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে৷
= অভিনয় শিল্পী মৰিচ চেভালিয়া৷
সদায়ে মনত ৰাখিব - হাঁহিলে যিকেইটা দাঁত ওলায়, সেইকেইতা গালি পাৰিলেও ওলায় ।
= পশ্চিম আফ্ৰিকাৰ প্ৰবচন
সময়েই ধন৷
=বেঞ্জামিন ফ্ৰেঙ্কলিন৷
সুন্দৰৰ আৰাধনা জীৱনৰ খেল।
= চন্দ্ৰ কুমাৰ আগৰৱালা।
সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা - তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা, দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে৷
=ডেভিদ ফ্ৰষ্ট৷
সত্যৰ সদায় জয়।
= মহাত্মা গান্ধী।
সুখ কাৰো চিৰকলীয়া নহয়।
= কমলাকান্ত ভট্টাচাৰ্য্য।
সত্যতকৈ ধৰ্ম নাই, সত্যই ধৰ্মক পৰাজয় কৰিব নোৱাৰে = মহাত্মা গান্ধী
সত্যৰ দ্বাৰাহে সত্য লাভ হয়, হিয়া দান কৰিলেহে পাব পাৰি।
= মাৰ্ছেল।
সাংস্কৃতিক দৃষ্টিভংগীৰ অবিহনে এজন ব্যক্তি কেতিয়াও সুখী হ'ব নোৱাৰে।
= শীলভদ্ৰ
সোণৰ দ্ৰাবক সুৱগা, কামৰ দ্ৰাবক অভ্যাস।
= সত্যনাথ বৰা
হতাশাগ্ৰস্ত লোকক প্ৰলোভিত কৰিবলৈ কেতিয়াও আগ নাবাঢ়িবা।
= শ্বেক্সপীয়েৰ
হাঁহি হ'ল দেহ - মনক প্ৰশান্ত কৰিব পৰা এটা মহৌষধ।
= কালাৰ্ইল
হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই।
= হজৰত মহম্মদ
Comments
Post a Comment