Posts

ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা Essay on Bhabendranath Saikia

ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা Essay on Bhabendranath Saikia  ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা অসমীয়াত Essay on Most Popular Writer Filmmaker Dr. Bhabendranath Saikia ভবেন্দ্র নাথ শইকীয়া পৰিচয় ভবেন্দ্র নাথ শইকীয়া জীৱন বৃত্ত ভবেন্দ্র নাথ শইকীয়াৰ গল্পৰ বৈশিষ্ট্য ভবেন্দ্র নাথ শইকীয়াৰ উপন্যাস ভবেন্দ্র নাথ শইকীয়াৰ শিশু সাহিত্য ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা  Bhabendranath Saikia  ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ জন্ম আৰু পৰিচয়: অসমৰ বিশিষ্ট গল্পকাৰ, শিশু-সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁৱৰ ফৌজদাৰীপট্টিত। তেওঁৰ পিতৃ বিদুৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাবালা শইকীয়া। মাতৃ আছিল ভীমৰ গাঁৱৰ এটা অতি সাধাৰণ পৰিয়ালৰ। কাণেৰে কম শুনিছিল। গোটেই জীৱনটো মাতৃক ডাঙৰ ডাঙৰকৈ ক'ব লাগিছিল। পাঁচটা ল'ৰাৰ ভিতৰত ভবেন্দ্ৰনাথ শইকীয়া আছিল সৰু। সৰুতে শইকীয়াই লাটুম খেলি বৰ ভাল পাইছিল। ড° ভবেন্দ্ৰনাথ শইকীয়া সৰুৰে পৰা স্বাৱলম্বী আছিল। তেওঁ সৰুৰে পৰা পিতৃক পইচা নিবিচাৰি নিজেই নিজৰ যাৱতীয় বস্তুখিনি উলিয়াই লৈছিল। বাৰীৰ আদা, জলকীয়া আদি বজা...

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে

Image
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে  ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে অসমীয়া ৰচনা First President of India - Rajendra Prasad Assamese Essay ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে  সুদীর্ঘ এলানি আন্দোলনৰ অন্তত ভাৰতে লাভ কৰিলে স্বাধীনতা। ভাৰতবাসীৰ অক্লান্ত পৰিশ্রমে ভাৰতত শান্তিৰ ন-সুৰুষৰ অম্লান পোহৰ কঢ়িয়াই আনিলে। এই পোহৰৰ মধুৰ ৰেঙণিৰে ভাৰতবাসীৰ হাতত তুলি দিলে ত্রুটিহীন এখন সংবিধান। এই সংবিধান খনে ভাৰতবাসী জীয়াই থকা সকলোখিনি প্রয়োজনীয় অধিকাৰ প্রদান কৰি এক স্বাধীন জীবন-যাপন কৰাৰ পথ সুগম কৰি তোলে। পূণ্য তীর্থ ভাৰতবৰ্ষৰ বিশাল জনগণই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পুৱাৰ বেলাত বহুমুখী প্রতিভাসম্পন্ন এজন আদর্শ ব্যক্তিক স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে লাভ কৰে আৰু সেই ব্যক্তিজনেই হ'ল-ডঃ ৰাজেন্দ্ৰ প্রসাদ। জীৱনৰ প্ৰতিটো খোজক গান্ধীজীৰ অহিংস দর্শণেৰে আগবঢ়াই নিয়া ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল ১৮৮৪ চনৰ ৩ ডিচেম্বৰ তাৰিখে বিহাৰৰ সাৰণ জিলাৰ জীৰাদেঈ গাঁৱত। কায়স্থ পৰি...

পার্বতিপ্ৰসাদ বৰুৱাৰ‌ বিষয়ে ৰচনা

Image
পার্বতিপ্ৰসাদ বৰুৱাৰ‌ বিষয়ে ৰচনা  পার্বতিপ্ৰসাদ বৰুৱাৰ‌ বিষয়ে ৰচনা   পার্বতিপ্ৰসাদ বৰুৱাৰ‌ বিষয়ে ৰচনা Assamese Essay on Gitikobi Parvati Prasad Baruah পার্বতিপ্ৰসাদ বৰুৱাৰ‌ বিষয়ে গীতি-কবি পার্বতিপ্ৰসাদ বৰুৱাৰ জন্ম হৈছিল ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌত। পার্বতিপ্ৰসাদ বৰুৱাৰ দেউতাকৰ নাম ৰাধিকাপ্ৰসাদ আৰু মাকৰ নাম আছিল হিমলা দেৱী। পার্বতিপ্ৰসাদৰ দেউতাক ৰাধিকাপ্রসাদ অসম কাউন্সিলৰ সদস্য আছিল। তেওঁ 'ৰায় চাহেব' খিতাপো লাভ কৰিছিল। পার্বতিপ্ৰসাদ বৰুৱাৰ মাক যোৰহাটৰ বিখ্যাত চাহ খেতিয়ক, ৰায় বাহাদুৰ বিষ্টুৰাম বৰুৱাৰ কন্যা আছিল। পার্বতিপ্ৰসাদ বৰুৱাৰ আন আন ভাতৃকেইজন হ'ল-ভগৱতী প্রসাদ, কামাখ্যাপ্রসাদ আৰু মোক্ষদাপ্রসাদ। পার্বতিপ্ৰসাদ বৰুৱাৰ দেউতাক এজন সাহিত্যিক আছিল। তেওঁ 'পদ্য জামলা', 'ভিক্টোৰিয়া চৰিত্ৰ আৰু ভূগোল পাঠ' লিখিছিল। পার্বতিপ্ৰসাদ বৰুৱাই সৰুতে সোণাৰিৰ পাঠশালা স্কুলত পঢ়ি ৮ বছৰ বয়সত শিৱসাগৰৰ ফুলেশ্বৰী ইনষ্টিটিউচনত পড়ে। ১৯২১ চনত তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। গুৱাহাটীৰ কটন কলেজৰ পৰা আই.এছ.চি. পৰীক্ষা পাছ কৰি কলকাতাৰ স্কট...

ড° মামনি ৰয়ছম গোস্বামীৰ বিষয়ে ৰচনা

Image
ড° মামনি ৰয়ছম গোস্বামীৰ বিষয়ে ৰচনা     মামনি ৰয়ছম গোস্বামীৰ বিষয়ে ৰচনা ড° মামনি ৰয়ছম গোস্বামীৰ বিষয়ে ৰচনা অসমীয়াত Assamese Essay on Dr. Mamoni Raisom Goswami Indira Goswami  ড° মামনি ৰয়ছম গোস্বামী মামণি ৰয়ছম গোস্বামীৰ তথা ইন্দিৰা গোস্বামীৰ পিতৃ আছিল উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱী। অম্বিকা দেৱী এগৰাকী অসাধাৰণ আৰু দীপ্তিময়ী মহিলা আছিল। তেওঁ আহোম ৰাজবংশৰ এক প্ৰভাবশালী মন্ত্ৰী কাশীনাথ তামুলী ফুকনৰ বংশধৰ আছিল। ড° মামণি ৰয়ছম গোস্বামীৰ পিতৃ অতি ব্যস্ত জীৱন অতিবাহিত কৰিছিল, ফলত অম্বিকা দেৱীকেই সন্তানৰ যাবতীয় দিশ একাকাৰে সামৰিব লগা হৈছিল। শিশুকালত ড° গোস্বামী সমবয়সীৰ সৈতে খেলিবলৈ খুব ভাল পাইছিল। যদিও মামণি ৰয়ছম গোস্বামীৰ পেহীয়েকে তেওঁক আনসকলৰ লগত মিলিবলৈ সান্নিধ্য দিব নিবিচাৰিছিল, তথাপি মাতৃ অম্বিকা দেৱীয়ে কেতিয়াও ছাত্ৰ-ছাত্ৰীৰ সৈতে মিলা-মিছা কৰাত কেতিয়াও বাধা দিয়া নাছিল। তেওঁৰ উদাৰ আৰু সহানুভূতিশীল মনোভাৱেই ড° মামণি ৰয়ছম গোস্বামীৰ শৈশৱক উজ্জ্বল কৰি তোলে। মামণি ৰয়ছম গোস্বামীৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত, গুৱাহাটীত। মামণি ৰয়ছম গোস্বামীৰ সৰুকালৰ নাম আছিল ...

অসমৰ বৰ্ষাৰণ্য Rainforest in Assam

অসমৰ বৰ্ষাৰণ্য Rainforest in Assam  অসমৰ বৰ্ষাৰণ্য Rainforest in Assam Essay in Assamese পবা বৰ্ষাৰণ্য জয়পুৰ বৰ্ষাৰণ্য দিহিং পাটকাই বৰ্ষাৰণ্য  অসমৰ বৰ্ষাৰণ্য Rainforest in Assam  বর্ষাৰণ্য (Rainforest): পৃথিৱীৰ বিষুৰ ৰেখাৰ দুয়োফালে অর্থাৎ কর্কটক্রান্তি আৰু মকৰক্ৰান্তিৰ মাজৰ অঞ্চলক ক্রান্তীয় অঞ্চল নামেৰে জনা যায়। এনে অঞ্চলত দেখিবলৈ পোৱা অৰণ্যৰাজিক ক্রান্তীয় অৰণ্য (Tropical Forest) বুলি কোৱা হয়। এই অৰণ্যাঞ্চলক পৃথিবীৰ আটাইতকৈ সমৃদ্ধিশালী আৰু চহকী অৰণ্য হিচাপে চিহ্নিত কৰা হৈছে। পৃথিৱীৰ সকলো অৰণ্যৰ ভিতৰতে চহকী এই অৰণ্যই বর্ষাৰণ্য । বর্ষাৰণ্য (Rainforest) হৈছে এনে এক অৰণ্য- য'ত অনবৰতে সেমেকা বাতাবৰণে বিৰাজ কৰে। এনে অৰণ্য বিশিষ্ট অঞ্চলত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ আশী ইঞ্চিতকৈও বেছি হোৱা দেখা যায়।  ১৮৯৮ চনত এজন জার্মান উদ্ভিদবিদে পোন প্রথমে Rain forest শব্দটো ব্যৱহাৰ কৰিছিল। জৈৱবৈচিত্র্যত অতি সমৃদ্ধ এই বৰ্ষাৰণ্যই হৈছে পৃথিৱীৰ একমাত্র সমৃদ্ধিশালী অৰণ্য। এনে অঞ্চলত বছৰটোৰ সকলো সময় আর্দ্র হৈ থাকে। ফলত বিভিন্ন প্রজাতিৰ বৃক্ষ, তৃণ, লতা আৰু প্ৰাণীৰ জন্ম আৰু বৃদ্ধিৰ অনুকুল পৰিৱেশৰ...

লৌহ মানৱ বিষ্ণুৰাম মেধিৰ বিষয়ে ৰচনা

লৌহ মানৱ বিষ্ণুৰাম মেধিৰ বিষয়ে ৰচনা  লৌহ মানৱ বিষ্ণুৰাম মেধিৰ বিষয়ে ৰচনা অসমীয়াত Assamese Essay on Lauha Manab Bishnuram Medhi‌‍ Iron Man of Assam লৌহ মানৱ বিষ্ণুৰাম মেধি এই নামটো অসমবাসীৰ বাবে এক পৰিচিত আৰু গৌৰৱজনক নাম। তেখেত আছিল অসমৰ দ্বিতীয়জন মুখ্যমন্ত্রী আৰু স্বাধীনোত্তৰ সময়ৰ প্ৰথমজন অসমীয়া ৰাজ্যপাল। অসম আৰু দেশৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত তেওঁৰ অৱদান অপৰিসীম।বিষ্ণুৰাম মেধিৰ পৰিয়াল মূলত বৰপেটা অঞ্চলৰ। পৰৱৰ্তী সময়ত তেওঁলোক হাজোলৈ স্থানান্তৰিত হয় আৰু তেখেত হাজোতেই প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। তেখেত প্ৰথমে বঙালী ভাষাত পঢ়া আৰম্ভ কৰিছিল, যি সেই সময়ত সাধাৰণতে প্ৰচলিত আছিল। মেধি শৈশৱৰ পৰাই পঢ়া-শুনাত খুব আগ্ৰহী আৰু প্ৰতিভাসম্পন্ন আছিল। তেওঁৰ প্ৰতিভাই আগলৈ গৈ তেওঁৰ জীৱন আৰু ৰাজনৈতিক যাত্ৰাক উজ্বল কৰি তোলে। আনকি উচ্চ প্ৰাইমাৰী স্কুলৰ শিক্ষান্ত পৰীক্ষাত তেওঁ সুখ্যাতিৰে বৃত্তিসহ উত্তীর্ণ হয়। কিন্তু সেই সময়ছোৱাত হাজো অঞ্চলত উচ্চ শিক্ষাৰ কোনো অনুষ্ঠান নাছিল। ফলত তেওঁ গুৱাহাটীৰ কটন কলেজিয়েটত নামভৰ্তি কৰিবলগীয়া হয়। আনকি কটন কলেজিয়েটত পঢ়ি থকা সময়ছোৱাত তেওঁ নিজেই নিজৰ খোৱা সামগ্ৰী যোগাৰ কৰি ...

বীৰাঙ্গনা কলকলতা বৰুৱাৰ বিষয়ে

বীৰাঙ্গনা কলকলতা বৰুৱাৰ বিষয়ে  বীৰাঙ্গনা কলকলতা বৰুৱাৰ বিষয়ে Asaamese Essay on Kanaklata Baruah   কনকলতা বৰুৱাৰ মৃত্যু কেতিয়া হৈছিল? কনকলতা বৰুৱা বিষয়ে কবিতা কনকলতা বৰুৱা ফটো কনকলতা বৰুৱাৰ পিতৃৰ নাম কি কনকলতা বৰুৱাৰ জন্ম  বীৰংগণা কলকলতা বৰুৱাৰ বিষয়ে   বীৰাঙ্গনা কনকলতা বৰুৱাৰ জন্ম হয় ১৯২৪ চনৰ ১২ ডিচেম্বৰত অবিভক্ত দৰং জিলাৰ বৰঙাবাৰীত। তেওঁৰ পিতাকৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাকৰ নাম আছিল কার্ণেশ্বৰী বৰুৱা। সৰুতে কনকলতাৰ মাতৃ ঢুকায়। কনকলতাৰ ককাদেউতাকৰ নাম আছিল ঘনকান্ত বৰুৱা। ঘনকান্তৰ নিৰ্দেশত কনকলতাৰ দেউতাকে দ্বিতীয়বাৰ জোনাকীক বিয়া কৰায়। জোনাকীয়ে স্বামীগৃহলৈ আহিয়েই নিজৰ সন্তানৰ নিচিনাকৈ কনকলতাহঁতক ডাঙৰ-দীঘল কৰিছিল। কিন্তু দুখৰ বিষয় কৃষ্ণকান্ত বৰুৱাৰো কিছুদিন পিছত মৃত্যু হয়। ঘনকান্তই বৃদ্ধ বয়সত পুতেকৰ মৃত্যু হোৱাত মানসিক আঘাত পায়। তথাপি বোৱাৰীয়েক জোনাকীয়ে ঘৰখন ভালদৰে পৰিচালনা কৰিছিল। অকালতে পিতৃ-মাতৃ হেৰুৱাব লগা হোৱাত কনকলতা বৰুৱাই শিক্ষা-দীক্ষাত বেছি আগবাঢ়িব পৰা নাছিল। প্রাথমিক শিক্ষা শেষ কৰাৰ পিছত তেওঁ শিক্ষা জীৱনৰ সামৰণি মাৰিব লগা হয়। আনকি মাহীমাক জোনা...