ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে অসমীয়া ৰচনা First President of India - Rajendra Prasad Assamese Essay
![]() |
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ |
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি গৰাকী - ডঃ ৰাজেন্দ্ৰ প্রসাদ দেৱৰ বিষয়ে
সুদীর্ঘ এলানি আন্দোলনৰ অন্তত ভাৰতে লাভ কৰিলে স্বাধীনতা। ভাৰতবাসীৰ অক্লান্ত পৰিশ্রমে ভাৰতত শান্তিৰ ন-সুৰুষৰ অম্লান পোহৰ কঢ়িয়াই আনিলে। এই পোহৰৰ মধুৰ ৰেঙণিৰে ভাৰতবাসীৰ হাতত তুলি দিলে ত্রুটিহীন এখন সংবিধান। এই সংবিধান খনে ভাৰতবাসী জীয়াই থকা সকলোখিনি প্রয়োজনীয় অধিকাৰ প্রদান কৰি এক স্বাধীন জীবন-যাপন কৰাৰ পথ সুগম কৰি তোলে।
পূণ্য তীর্থ ভাৰতবৰ্ষৰ বিশাল জনগণই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পুৱাৰ বেলাত বহুমুখী প্রতিভাসম্পন্ন এজন আদর্শ ব্যক্তিক স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে লাভ কৰে আৰু সেই ব্যক্তিজনেই হ'ল-ডঃ ৰাজেন্দ্ৰ প্রসাদ। জীৱনৰ প্ৰতিটো খোজক গান্ধীজীৰ অহিংস দর্শণেৰে আগবঢ়াই নিয়া ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল ১৮৮৪ চনৰ ৩ ডিচেম্বৰ তাৰিখে বিহাৰৰ সাৰণ জিলাৰ জীৰাদেঈ গাঁৱত। কায়স্থ পৰিয়ালৰ লোক আছিল তেওঁলোক। তেওঁলোকৰ পূর্বপুৰুষ সকল উত্তৰ প্ৰদেশৰ আছিল। ডাঃ ৰাজেন্দ্ৰ প্ৰসাদৰ দেউতাকৰ নাম আছিল-মুঞ্চি মহাদউ সহায়। ৰাজেন্দ্ৰ প্রসাদ এজন অতি মেধাসম্পন্ন ছাত্র আছিল। ৯ বছৰ বয়সৰ পৰাহে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰে। তাৰ আগতে প্রথম পৰ্যায়ত ঘৰতে এজন মৌলবীৰ ওচৰত উর্দু আৰু পাচী ভাষাৰ শিক্ষা লাভ কৰে। ১৯২০ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এন্ট্রেম্ন পৰীক্ষাত প্রথম স্থান লাভ কৰি বিহাৰ, অসম, উৰিষ্যা, অবিভক্ত বংগদেশ, মণিপুৰ, ত্ৰিপুৰা আৰু ব্ৰহ্মদেশৰ ছাত্ৰ সমাজৰ মাজত এক বিশেষ মেধা শক্তি পৰিচয় দি ভূয়সী প্রশংসা অর্জন কৰে। কলিকতাৰ প্রেচিডেঞ্চি কলেজৰ পৰা বি.এ., এম.এ. আৰু আইন বিষয়ৰ পৰীক্ষাত প্রথম স্থানলৈ সুখ্যাতিয়ে উত্তীর্ণ হোৱাৰ উপৰিও এলাহাবাদ বিশ্ববিদ্যালয়ে এল.এল.ডি. উপাধি আৰু পাটনা, কাশী, আগ্রা বিশ্ববিদ্যালয়ে ডক্তৰেট উপাধি প্রদান কৰে।
ছাত্ৰ অৱস্থাৰ পৰাই ৰাজেন্দ্র প্রসাদ দেৱে সমাজৰ বিভিন্ন গঠন মূলক কমাত ব্ৰতী হৈ 'স্বদেশী ব্যৱহাৰ' ধবনিলৈ পূর্ণ সহায় আগবঢ়াই। সেই সময়ত ৰাজনৈতিক দল এটাৰ দ্বাৰা স্থাপিত 'ডন' নামৰ সংঘৰ এটাৰ লগত ওতঃপ্রোতঃ ভাবে জড়িত হৈ পৰে। ১৯১১ চনত তেওঁ কলিকতাত বহা কংগ্রেছ অধিবেশনত আনুষ্ঠানিকভাবে যোগদান কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈ নির্বাচিত হয়। একনিষ্ঠ কর্ম ফলত দোপত-দোপে উন্নতি কৰি ১৯২০ চনলৈকে পাটনা হাইকর্টত মাহে তিনিহাজাৰ টকা উপার্জনেৰে ওকালতি ব্যৱসায় আৰম্ভ কৰে। কিন্তু তেওঁক সুখৰ দিনে আমুৱালে। ওকালতি বাদ দি ১৯২০ চনৰ পৰাই স্বাধীনতা আন্দোলনত জপিয়াই পৰিল। সেই দিন ধৰি তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ 'অসহযোগ আন্দোলন', ১৯৩২ চনৰ 'আইন অমান্য আন্দোলন' আৰু ১৯৪২ চনৰ 'ভাৰত ত্যাগ আন্দোলন'ত সক্রিয় ভূমিকা গ্রহণ কৰি কেইবাবাৰো কাৰাবৰণ কৰিবলগীয়া হৈছিল। আন্দোলনৰ সময়চোৱাত একাগ্ৰতা আৰু সত্যনিষ্ঠাৰ বাবে পদবীৰ ভাৰ পিঠিত বান্ধি দোপত-দোপে আগবাঢ়ি গৈ ১৯৩২ চন, ১৯৩৫ চন, ১৯৩৮ চন আৰু ১৯৪৭ চনত অনুষ্ঠিত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতিৰ পদত নির্বাচিত হয়। ১৯৪৬ চনৰ চেপ্তেম্বৰ মাহত ৰাজেন্দ্ৰ প্ৰসাদে জৱাহৰলাল নেহৰু অন্তঃবর্তী চৰকাৰৰ খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী ৰূপে নিযুক্ত হয়।
১৯৫০ চনৰ ২৬ জানুৱাৰীত সার্বভৌম ভাৰত গণৰাজ্যৰ তেওঁ প্ৰথম ৰাষ্ট্ৰপতি নির্বাচিত হৈ ১৯৬২ চনলৈকে একাদিক্রমে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ এজন সহজ-সৰল, কর্মযোগী সুদর্শন পুৰুষ আছিল। জীৱনৰ প্রতিটো দিন কর্মব্যস্ততাৰ মাজেৰে অতিবাহিত কৰিছিল। তেওঁ 'কর্মই ধর্ম' ব্রতক জীৱনৰ - পূৰ্ণ কুমাৰ শৰ্ম্মা, শোণিতপুৰ। গুৰুত্বপূর্ণ ব্রত হিচাপে মানি লৈছিল। ৰাষ্ট্ৰপতি হৈ থকা সময়ত তেওঁ কেইবাখনো ৰাষ্ট্ৰলৈ যোৱাৰ সুবিধা পাইছিল। সেই ৰাষ্ট্ৰকেইখনৰ ভিতৰত জাপান, মালয়, নেপাল, চিংগাপুৰ, ইন্দুনেছিয়া আৰু সিংহলেই হৈছে প্রধান। এজন কৃতি ছাত্র হিচাপে অর্জন কৰা খ্যাতিৰ বিপৰীতে এজন সাহিত্যিক আক সাংবাদিক হিচাপেও সুখ্যাতি লভিছিল। তেওঁ ইংৰাজী 'চার্চ লাইট' কাকত আৰু হিন্দী 'দেশ' নামৰ কাকত দুখন প্রতিষ্ঠা কৰিছিল সাংবাদিকতাৰ কাৰ্য্যকালত আৰু অন্যহাতে সৰ্বভাৰতীয় হিন্দী সম্মিলনৰ তেওঁ সাতটা ভাষাত সুপণ্ডিত আছিল এজন সক্রিয় সদস্য হিচাপে স্বীকৃতি পাইছিল। আত্মকথা, ভাৰতীয় শিক্ষা, বাপুকে কদমে মে, সত্যাগ্রহ ইন চম্পাৰণ, পাকিস্তান, কণষ্ট্রাক্টিভ প্রগাম, খণ্ডিত ভাৰত, শিক্ষা আৰু সংস্কৃতি আদিৰ কেইবাখনো গ্রন্থ ৰচনা কৰি ভাৰতৰ সাহিত্য জগতলৈ অপূৰণীয় অবদান আগবঢ়াইছিল। তেওঁ মহাত্মা গান্ধীৰ পৰম ভক্ত আছিল।
চৰম ত্যাগ আৰু সত্যনিষ্ঠাৰে দেশ সেৱাৰ বাবে ১৯৬২ চনত ভাৰত চৰকাৰে ডঃ ৰাজেন্দ্ৰ প্ৰসাদক 'ভাৰত ৰত্ন' সম্মানেৰে বিভূষিত কৰিছিল। দেশৰ কোটি কোটি জনতাই অতি শ্রদ্ধা আৰু মৰমেৰে আদৰি লৈছিল। তেওঁৰ মহান ব্যক্তিত্বই তেওঁক জীৱন পৰিসীমা চৰম শিখৰলৈ আগবঢ়াই লৈ গৈছিল আৰু ইতিহাসৰ বুকুত তেওঁৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হৈছিল এজন সর্বজ্ঞানী, প্রকৃত দেশপ্রেমীক আৰু এজন বিচক্ষণ ৰাজনীতিজ্ঞ হিচাপে। ১৯৬৩ চনৰ ২৮ ফেব্ৰুৱাৰী নিশা এই মহান ব্যক্তিজনে ইহলীলা সম্বৰণ কৰে আৰু লগতে এই পূৰ্ণ ভাৰতভূমিৰ বিশাল এখন নৰ নাটকৰ সামৰণি পৰে।
*****

Comments
Post a Comment