ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা Essay on Bhabendranath Saikia
ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা Essay on Bhabendranath Saikia
ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা অসমীয়াত Essay on Most Popular Writer Filmmaker Dr. Bhabendranath Saikia
- ভবেন্দ্র নাথ শইকীয়া পৰিচয়
- ভবেন্দ্র নাথ শইকীয়া জীৱন বৃত্ত
- ভবেন্দ্র নাথ শইকীয়াৰ গল্পৰ বৈশিষ্ট্য
- ভবেন্দ্র নাথ শইকীয়াৰ উপন্যাস
- ভবেন্দ্র নাথ শইকীয়াৰ শিশু সাহিত্য
ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ বিষয়ে ৰচনা Bhabendranath Saikia
ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ জন্ম আৰু পৰিচয়:
অসমৰ বিশিষ্ট গল্পকাৰ, শিশু-সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক ড° ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁৱৰ ফৌজদাৰীপট্টিত। তেওঁৰ পিতৃ বিদুৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাবালা শইকীয়া। মাতৃ আছিল ভীমৰ গাঁৱৰ এটা অতি সাধাৰণ পৰিয়ালৰ। কাণেৰে কম শুনিছিল। গোটেই জীৱনটো মাতৃক ডাঙৰ ডাঙৰকৈ ক'ব লাগিছিল। পাঁচটা ল'ৰাৰ ভিতৰত ভবেন্দ্ৰনাথ শইকীয়া আছিল সৰু। সৰুতে শইকীয়াই লাটুম খেলি বৰ ভাল পাইছিল। ড° ভবেন্দ্ৰনাথ শইকীয়া সৰুৰে পৰা স্বাৱলম্বী আছিল। তেওঁ সৰুৰে পৰা পিতৃক পইচা নিবিচাৰি নিজেই নিজৰ যাৱতীয় বস্তুখিনি উলিয়াই লৈছিল। বাৰীৰ আদা, জলকীয়া আদি বজাৰত বিক্ৰী কৰি পিতৃৰ অনুমতি লৈ সেই টকাৰে কিতাপ-পত্ৰ কিনিছিল। পইচা হাতত পৰিলেই কিতাপ কিনা চখটো দেখি পিতৃয়ে হেনো মৰমতে কৈছিল তই ডাঙৰ হ'লে সাহিত্যিক হ'বি এদিন, সঁচাকৈয়ে পিতৃৰ কথা আখৰে আখৰে ফলিয়ালে।
ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ শিক্ষা জীৱন:
১৯৪৮ চনত তেওঁ নগাঁও গৱৰ্ণমেন্ট হাইস্কুলৰ পৰা তিনিটা বিষয়ত লেটাৰসহ ষ্টাৰমাৰ্ক লৈ প্রথম বিভাগত উত্তীর্ণ হয়। ১৯৫০ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্রথম বিভাগত ইণ্টাৰমেডিয়েট পৰীক্ষাত উত্তীর্ণ হয়। ১৯৫২ চনত কটন কলেজৰ পৰা পদার্থ বিজ্ঞানত অনার্চসহ বি.এছ.চি. পৰীক্ষাত উত্তীর্ণ হয়। ১৯৫৫-৫৬ চনত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰেছিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত দ্বিতীয় শ্রেণীত এম.এছ.চি. পাছ কৰে। ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা 'ইলেকট্রন ডিফ্রেকশ্বন' শীর্ষক গৱেষণাৰ বাবে পি.এইচ.ডি. ডিগ্রী লাভ কৰে। সেই বছৰতেই লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পৰা ডিপ্ল'মা লাভ কৰে। ১৯৫৬ চনত তেওঁ প্রীতি শইকীয়াৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁৰ কন্যা সন্তান দুজনী। তেওঁলোক দুজনী হ'ল সংগীতা আৰু ৰশ্মি।
ড° ভবেন্দ্র নাথ শইকীয়াদেৱৰ কৰ্মজীৱন:
ড° ভবেন্দ্র নাথ শইকীয়াই ১৯৫৬-৫৭ চনত শিৱসাগৰ কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তাৰূপে কৰ্মজীৱন আৰম্ভ কৰে। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা, ৰিডাৰ হয়। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আঞ্চলিক ভাষাৰ পাঠ্যপুথি প্রণয়ন সমন্বয়ৰক্ষী সমিতিৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি তেওঁ ৰে'লৱে ছার্ভিচ কমিছনৰ অধ্যক্ষ, সাহিত্য অকাদেমিৰ সদস্য, সংগীত নাটক একাডেমিৰ সদস্য, ইণ্ডিয়ান নেশ্বনেল কাউন্সিল ফৰ ইউনেস্ক'ৰ সদস্য, জ্যোতি-চিত্ৰবনৰ সভাপতি, অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ সভাপতি, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সদস্য, 'প্রান্তিক' আলোচনীৰ সম্পাদক, শিশু-আলোচনী 'সঁফুৰা'ৰ সম্পাদক, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপদেষ্টা সমিতিৰ সদস্য, উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ সদস্য, গুৱাহাটী বিশ্ববিদ্যালয় ক'ৰ্টৰ সদস্য, নেশ্বনেল বুক ট্রাষ্ট অৱ ইণ্ডিয়াৰ সদস্য, গুৱাহাটী বিশ্ববিদ্যালয় একাডেমিক কাউন্সিলৰ সদস্য, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি আদি পদ অলংকৃত কৰিছিল।
ষাঠী আৰু সত্তৰৰ দশকৰ শেষলৈকে ড° ভবেন্দ্ৰনাথ শইকীয়া এগৰাকী গল্পকাৰ হিচাপে প্রতিষ্ঠিত। ১৯৫২ চনত কলেজত পঢ়ি থাকোঁতেই 'আতংকৰ শেষত' নামৰ ডিটেক্টিভ উপন্যাসখন প্রকাশ পায়। তেওঁৰ প্ৰকাশিত গ্রন্থসমূহ হ'ল- প্ৰহৰী (১৯৬৩), বৃন্দাবন (১৯৬৫), গহ্বৰ (১৯৬৯), সেন্দুৰ (১৯৭১), শৃংখল (১৯৭৫), তৰংগ (১৯৭৯), অন্তৰীপ (১৯৮৬), বন্দৰৰ আবেলি (১৯৮৮), ৰম্যভূমি (১৯৯১), মৰমৰ দেউতা (১৯৯১), উপকণ্ঠ (১৯৯২), শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭), সান্ধ্য ভ্রমণ (১৯৯৮), তোমালোকৰ ভাল হওক (১৯৯৮) আদি উল্লেখযোগ্য।
তেওঁ ভালেমান অনাতাঁৰ নাটকো লিখি থৈ গৈছে। তাৰ ভিতৰত কোলাহল, দুর্ভিক্ষ, ইতিহাস, জোনাকীৰ বিয়া, দেউতা আদি উল্লেখযোগ্য। তেওঁ ভ্রাম্যমাণ থিয়েটাৰৰ বাবেও ভালেমান নাটক ৰচনা কৰি থৈ গৈছে। তেওঁ ভালেমান চলচ্চিত্র নিৰ্মাণ কৰি পৰিচালনাও কৰিছিল। সেইসমূহৰ ভিতৰত সন্ধ্যাৰাগ, অনির্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস, কালসন্ধ্যা আদি উল্লেখযোগ্য। তেওঁৰ চলচ্চিত্ৰসমূহে আন্তর্জাতিক আৰু ৰাষ্ট্ৰীয় মর্যাদা লাভ কৰিছে। ড° ভবেন্দ্রনাথ শইকীয়া আছিল প্ৰকৃত কামৰ মানুহ। তেওঁৰ জীৱনটো আছিল প্রণালীবদ্ধ। কোনটো কাম কেতিয়া কৰিব তাক তেওঁ আঁচনি কৰি লৈছিল। কেতিয়াও তেওঁ সময় অবাবত কটোৱা নাছিল। কামৰ সময় নষ্ট হয় বুলি তেওঁ বৰকৈ ৰাজহুৱা সভা-সমিতিত ঘূৰি-ফুৰা নাছিল। তেওঁ আছিল শিশুপ্রিয়। সেয়ে শিশুসকলৰ বাবে তেওঁ 'ভবেন্দ্রনাথ শইকীয়া শিশু কল্যাণ ন্যাস' গঠন কৰি 'আৰোহণ' নামৰ এটি অনুষ্ঠানৰ জন্ম দি থৈ গৈছে। এই অনুষ্ঠানত বর্তমানো শিশুসকলৰ মানসিক আৰু বৌদ্ধিক উত্তৰণৰ সাধনা চলি আছে।
ড° ভবেন্দ্রনাথ শইকীয়াদেৱৰ সন্মান আৰু স্বীকৃতি লাভ:
ড° ভবেন্দ্রনাথ শইকীয়াই তেওঁৰ সু-কৰ্মৰ বাবে ভালেমান বঁটা আৰু সন্মান লাভ কৰিছিল। তেওঁ ১৯৭৬ চনত সাহিত্য অকাদেমি বঁটা, ১৯৭৩ চনত প্রকাশন পৰিষদ বঁটা, ১৯৭৮ চন 'সন্ধ্যাৰাগ' চলচ্চিত্ৰৰ বাবে ভাৰত চৰকাৰ 'ৰজত কমল বঁটা', ১৯৮১ চনত 'অনির্বাণ' চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা, ১৯৮৫ চনত 'অগ্নিস্নান' চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা, ১৯৮৮ চনত 'কোলাহল'ৰ বাবে ৰজত কমল বঁটা, ১৯৯২ চনত 'সাৰথি'ৰ বাবে ৰজত কমল বঁটা লাভ কৰে। ১৯৮১ চনত তেওঁ বংগীয় সাহিত্য পৰিষদৰ সাহিত্যিক হৰনাথ ঘোষ বঁটা লাভ কৰে। ১৯৯০ চনত তেওঁ মেগৰ শৈক্ষিক ন্যাসৰ অসম উপত্যকা বঁটা লাভ কৰে। ১৯৯৬ চনত 'ইতিহাস' চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰে। ১৯৯৪ চনত তেওঁ 'আৱৰ্তন' চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা, ১৯৯৯ চনত সুৰেন্দ্ৰ নাথ প'ল বঁটা লাভ কৰে। ১৯৯৮ চনত ড° ভবেন্দ্রনাথ শইকীয়াই শ্রীমন্ত শংকৰদেৱ বঁটা লাভ কৰে। ২০০১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক সন্মানিত ডি. লিট উপাধি প্রদান কৰে।
ড° ভবেন্দ্রনাথ শইকীয়াই মৃত্যুৰ আগলৈকে সাহিত্য কৰ্মৰ পৰা অৱসৰ লোৱা নাছিল। মৃত্যুৰ আগে আগে তেওঁ অকণিহঁতৰ বাবে 'আমাৰ আখৰ' নামৰ এখনি পুথি লিখি থৈ যায়। তেওঁ মৃত্যুৰ সময়লৈকে শিশু আলোচনী 'সঁফুৰা' সম্পাদনা কৰিছিল। ড° ভবেন্দ্ৰনাথ শইকীয়াই ২০০৩ চনৰ ১৩ আগষ্টত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যুত অসমে এজন কর্মযোগীক হেৰুৱালে।
******
- ভবেন্দ্র নাথ শইকীয়াৰ কবিতা
- ভবেন্দ্র নাথ শইকীয়াৰ নাটক
- ভবেন্দ্র নাথ শইকীয়াৰ গল্পৰ বিষয়বস্তু
- ভবেন্দ্র নাথ শইকীয়া গল্প প্ৰহৰী
- ভবেন্দ্র নাথ শইকীয়া গল্প এন্দুৰ
- ভৱেন্দ্রনাথ শইকীয়া বোলছবি
Comments
Post a Comment