বৃক্কৰ পাথৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি আৰু ৰোগৰ লক্ষণসমূহ কি কি?
বৃক্কৰ পাথৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি আৰু ৰোগৰ লক্ষণসমূহ কি কি?
বৃক্কৰ পাথৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি আৰু ৰোগৰ লক্ষণসমূহ কি কি?
আমাৰ অঞ্চলত বৃক্কৰ পাথৰ এটা সঘনাই দেখা দিয়া ব্যাধি। সর্বসাধাৰণৰ ক্ষেত্ৰত পাঁচ শতাংশ লোকে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। পুৰুষৰ ক্ষেত্রত মহিলাতকৈ দুগুণ সংখ্যক মানুহৰ এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। পুৰুষৰ ক্ষেত্রত ত্রিশ বছৰ বয়সত আৰু মহিলাৰ ক্ষেত্ৰত চৌত্রিশৰ পৰা পঁচপন্ন বছৰৰ ভিতৰত এই ৰোগ সর্বাধিক হোৱা দেখা যায়। বংশানুগতিকভাৱে কিছুমান লোক এই ৰোগত আক্রান্ত হোৱা দেখা যায়। বর্জিত পদার্থই প্রস্রাৱৰ নলীত গাঢ় হৈ পাথৰ হোৱাত সহায় কৰে।
মূত্রাশয়ত পাথৰ তৈয়াৰ হৈ তললৈ নামি আহে। উপাদান অনুযায়ী ই কেলচিয়াম অক্সেলেট, কেলচিয়াম ফছফেট, ইউৰিক এচিড, স্টুভাইট, চিষ্টিন (Calcium Oxalate, Calcium Phospat, Uric Acid, Struvite, Cystine) ইত্যাদি হ'ব পাৰে।
বৃক্কত পাথৰ হোৱা ৰোগৰ লক্ষণসমূহ :
১) তললৈ নামি যোৱাৰ সময়ত প্রস্রাৱৰ লগত কেতিয়াবা তেজ ওলাব পাৰে।
২) খামুচীয়া বিষ হ'ব পাৰে।
৩) সঘনাই প্রস্রাৱত বীজাণুৰ দ্বাৰা সংক্রমণ হোৱাটোও এটা প্রধান কাৰণ।
কেতিয়াবা ই প্ৰস্ৰাৱৰ নলীত টানকৈ লাগি ধৰি মূত্রাশয়ৰ পৰা প্ৰস্ৰাৱ যোৱাত সম্পূর্ণ অথবা আংশিক বাধাৰ সৃষ্টি কৰিব পাৰে। প্রস্রাৱ যোৱা পথত ই টানকৈ লাগি ধৰিলে বিষৰ সৃষ্টি হয়।
বৃক্কৰ পাথৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰিঃ
চিকিৎসাতকৈ প্ৰতিৰোধী প্রণালী এই ৰোগৰ ক্ষেত্রত উত্তম হয়।
১) পাথৰ নহ'বৰ কাৰণে দিনটোৰ ভিতৰত ১৪-ৰ পৰা ৩০ গিলাছ পানী ঘনাই ঘনাই খাব লাগে। তেনে কৰিলে প্ৰস্ৰাৱৰ পৰিমাণ আৰু গতিবেগ দুয়োটা বৃক্কত পাথৰক প্ৰস্ৰাৱৰ নলীত থিতাপি লাগিব নিদিয়ে আৰু দেহৰ পৰা বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে।
২) প্রস্রাৱত পাথৰ নহ'বৰ বাবে মাংস খালেও, দিনে ৫০ গ্রামতকৈও কম খোৱা উচিত আৰু নিমখ কমাই খাব লাগে।
৩) প্রস্রাৱত খাৰকতা বেছি হ'লে প্রতিৰোধত সহায় হয়। তাৰবাবে পটাছিয়ামযুক্ত আহাৰ যেনে ফল-মূল বেছিকৈ খাব লাগে। প্রস্রাৱৰ পৰিমাণ দৈনন্দিন ২ লিটাৰকৈ হোৱাকৈ পানী খোৱাটো অতি উত্তম উপায়। পট্রেট এম (Potrate M) তিনি চামুচকৈ দিনে তিনিবাৰ পানীৰ লগত খালেও হ'ব।
৪) বেছি অক্সেলেট (Oxalate) থকা খাদ্য যেনে- পালেং শাক, ৰবাব টেঙা আদি খালেও কমাই খাব লাগে। সময়ত প্ৰতিৰোধ ব্যৱস্থাৱলীৰ সহায় নল'লে কেলছিয়াম অক্সেলেট (Calcium Oxilate) পৰা হোৱা পাথৰৰ ক্ষেত্ৰত ১০ বছৰৰ পিছতো ৫০ শতাংশ লোকৰ ক্ষেত্ৰত আকৌ দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকে। গতিকে ওপৰোক্ত নিয়মখিনি মানি চলাটোৱেই উত্তম আৰু সহজ পথ। বিশেষকৈ যাৰ আগতে পাথৰ হৈ চিকিৎসা ল'ব লগা হৈছে, তেখেতসকলে বেছিকৈ নিয়মখিনি মানি চলাটো খুবেই প্রয়োজনীয়। ডাঙৰ পাথৰৰ ক্ষেত্ৰত চিকিৎসাবিহীন হৈ থাকিলে প্ৰস্ৰাৱৰ লগত ৰক্তক্ষৰণৰ পৰা হাইড্রনেফ্রচিছ, কিডনী বিকল পর্যন্ত হ'ব পাৰে।
*****
Comments
Post a Comment