শংকৰদেৱৰ বিষয়ে ৰচনা অসমীয়া
শংকৰদেৱৰ বিষয়ে ৰচনা অসমীয়াত
শংকৰদেৱৰ বিষয়ে ৰচনা অসমীয়াত Essay on Srimanta Sankardev in Assamese
- শংকৰদেৱৰ ক'ত জন্ম হৈছিল?
- শংকৰদেৱৰ নাটক কেইখন কি কি?
- শংকৰদেৱৰ শ্ৰেষ্ঠ নাটক খনৰ নাম কি?
- শংকৰদেৱৰ প্ৰথম নাটক খনৰ নাম কি?
- শংকৰদেৱৰ প্ৰথম ৰচনা কি?
- অসমীয়া সমাজলৈ শংকৰদেৱৰ অৱদান শংকৰদেৱৰ সাহিত্যৰ বৈশিষ্ট্য
- শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথম সত্ৰ খনৰ নাম কি?
- শংকৰদেৱৰ বাল্যকালৰ বিষয়ে ৰচনা
- শংকৰদেৱৰ বৰগীত
- শংকৰদেৱৰ সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা
- শংকৰদেৱৰ সাহিত্য অৱদান
![]() |
| শংকৰদেৱৰ বিষয়ে ৰচনা অসমীয়া |
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ
অসমৰ নগাঁও জিলাৰ বৰদোৱাৰ আলি পুখুৰী গাঁৱৰ শিৰোমণি ভূঞা বংশৰ-কুসুম্বৰ। বহু দিনলৈকে কুসুম্বৰে সতি-সন্ততি এটিৰো মুখ দেখিবলৈ পোৱা নাছিল। সেয়ে তেওঁৰ মনত বৰ অশান্তি। পিছে এদিনাখন শিঙৰিৰ গোপেশ্বৰক নানা দ্রব্য উপহাৰ দি পুত্ৰ কামনাৰে পূজা কৰিলেগৈ। এই পূজাত সদাশিৱ সন্তুষ্ট হ'ল। ইয়াৰ কেইদিন মানৰ পাছতে কুসুম্বৰে এদিন সপোনত বৃষভত উঠি সদা শিৱক তেওঁলোকৰ ঘৰলৈ অহা দেখা পালে। আচৰিত কথা এই ঘটনাৰ পাছতেই সত্যসন্ধ্যা আইৰ গৰ্ভত, শিৱ শঙ্কৰৰ বৰত ১৩৭১ শকৰ আহিন আৰু কাতিৰ দোমাহি কাতি বিহুৰ দিনা শ্রীমন্ত শঙ্কৰদেৱৰ আৱিৰ্ভাৱ হয়। শ্ৰীমন্ত শঙ্কৰদেৱৰ বৰত ওপজাৰ কাৰণেই তেওঁৰ নাম হ'ল শঙ্কৰ।
শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম গণনা কৰিবলৈ সণ্টৰা নামে দৈৱজ্ঞ এজন আহিল আৰু গণনা কৰি-চাই নৱজাতকৰ গাত অনেক ভাল লক্ষণ থকাৰ প্ৰমাণ পালে। কুষ্ঠীমতে তেওঁৰ নাম হ'ল গঙ্গাধৰ। শ্ৰীমন্ত শঙ্কৰদেৱৰ সৰুকালতেই পিতাক কুসুম্বৰৰ পৰলোক হয়। পাছত মাক সত্যসন্ধ্যাইও ইহ সংসাৰৰ পৰা মেলানি মাগে। খেৰসুতীৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়। পিতাকৰ মৃত্যুৰ কিছুদিনৰ ঘাট্টমাউৰা শ্ৰীমন্ত শঙ্কৰদেৱৰ বুঢ়ীমাক নোপোজা ঘটনা কিছুমান শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মৰ পাছতেই তেওলোকৰ ঘৰত নোহোৱা ঘটে। কেচুৱা শঙ্কৰদেৱক ঘৰৰ ভিতৰত শুৱাই থওঁতে বেৰৰ জলঙাইদি ৰদৰ জিলিঙনি আহি পৰাত এটা প্রকাণ্ড ফেটিসাপে মূৰৰ পোনে পোনে ছাঁ কৰি আৱৰি ৰাখিছিল; বুঢ়ীমাক খেৰসুতীয়ে দেখা পাই চিঞৰ বাখৰ কৰাত সাপটো আঁতৰি গ'ল। আকৌ আন এদিনাখন ঘৰৰ ভিতৰত চোৰ সোমাল আৰু বয়-বস্তু গোটাই লৈ ওলাবলৈ বাট বিচাৰি নাপাই বিবুদ্ধি হৈ গোটেই ৰাতিটো আবদ্ধ হৈ থাকিব লগীয়া হ'ল। ৰাতিপুৱা উত্তম-মধ্যম সোধাই চোৰক খেদি পঠোৱা হয়। আঁঠুকাঢ়ি বগাই ফুৰিব পৰা হওঁতে এদিন শঙ্কৰদেৱে দেৱীৰ আগত পাঠকৰা চণ্ডী পাৰি তাৰ ওপৰত বহি আছিল। এই দৃশ্য দেখি সকলোৱে আচৰিত হৈছিল।
চাওঁতে চাওঁতে এদিন দুদিন কৰি শঙ্কৰদেৱে বাৰবছৰ বয়সত ভৰি দিলেহি। পিছে কি হ'ব! পঢ়া-শুনাৰ প্ৰতি তেওঁৰ অকনো মন-কাণ নাই। লগ-সমনীয়াৰ লগত ধেমালি-ধূমোলা কৰি ধিতিঙালি কৰি ঘুৰি ফুৰিহে ভাল পায়। ৰামৰায়, সনাতন আদি তেওঁৰ প্ৰধান লগৰীয়া আছিল। হাতত ধেনু-কাঁড়লৈ তেওঁলোকে হাবিয়ে-বননিয়ে ঘুৰি ফুৰে, বটা চৰাই ধৰি আনি ধেমালি কৰে, বনত হৰিণা পহু বিচাৰি যায়। সময়ে সময়ে তেওঁলোকে গুদু খেলে, মাল যুঁজ কৰে, নাও খেলে পানীৰ মাজলৈ নাও লৈ তাৰপৰা জাপমাৰি সাঁতুৰি আহে। পথাৰলৈ গৰু লৈ যায় আৰু লগৰ অন্য গৰখীয়াৰ লগত এইবোৰ ধেমালি কৰেগৈ। খেল পথাৰত, গৰখীয়াতলীত সকলোতে আছিল শঙ্কৰদেৱ দলৰ নেতা। বল, বুদ্ধি আৰু সাহসেৰে তেওঁ সমনীয়া সকলো ল'ৰাকে জয় কৰিছিল আৰু তেওঁলোকেও শঙ্কৰক তেওঁলোকৰ দলৰ মূৰব্বী বুলি মানি লৈছিল।
ৰামৰাম গুৰু সহিত আমোদৰ ছলেৰে ভাদমহীয়া দুকূলতকা ব্ৰহ্মপুত্ৰ পাৰ হোৱা, প্রকাণ্ড ষাঁড় গৰুক বগৰাই দিয়া, পানীত বুৰ মাৰি শিহু ধৰি লগৰীয়া সকলক দেখুওৱা, মাক সত্যসন্ধ্যাক চতুর্ভুজ ৰূপ ধাৰণ কৰি দেখুওৱা কাৰ্য্যই শঙ্কৰৰ অসাধাৰণ ঐশ্বৰিক শক্তিৰ পৰিচয় দিয়ে। বাৰ বছৰ বয়সলৈকে পঢ়া-শুনা নকৰি ধিতিঙালি কৰি ঘূৰি ফুৰাটো কোনো পধ্যে সহি থাকিব নোৱাৰি এদিন দুপৰীয়া ভাত পানী দি বুঢ়ীমাক খেৰসুতীয়ে বৰ তিৰষ্কাৰ কৰি ক'লে "তোমাৰ বংশৰ উপৰি পুৰুষ সকলোৱেই একোজন বিদগ্ধ পণ্ডিত; তেনেস্থলত তুমি লিখা পড়া নকৰি ধিতিঙালি কৰি গজমূর্খ হৈ থকাটো বৰ লাজৰ কথা হৈছে, সংসাৰত বিদ্যাৰ নিচিনা একো বস্তু নাই। জ্যোতিষীয়ে নাম গণনা কৰোঁতে নাম জ্বলা পণ্ডিত হ'ব লাগে বুলি কৈছিল, কিন্তু এতিয়া দেখোন বিদ্বান হোৱাৰ দূৰৰ কথা লিখা-পঢ়া কৰিব লাগে বুলিয়েই তোমাৰ খবৰ নাই। বিদ্যাধন মহাধন। যাৰ বিদ্যা নাই, যি মুর্খ, তেওঁ সভা সমিতি আদিত থাকিলেও শোভা নাপায়, ৰাজহাঁহৰ মাজত কাউৰীটো থাকিলে যেনে কুৎচিত, বিদ্যাহীন জনো তেনে কুৰূপ। বোপাই, ভাল আমৰ পুলি হৈ তই বকৰাণিত গজিলি। পণ্ডিতৰ বংশত খটাসুৰ জন্মিলি। তই কুলৰ চাকি নুমুৱালি।শঙ্কৰদেৱে বুঢ়ীমাকৰ কৰ্কথনা শুনি মনত বৰ আঘাত পালে। তেওঁ বুঢ়ীমাকক ক'লে, "পঢ়িব পাৰোনে নোৱাৰোঁ এবাৰ পঢ়াশালিত দি চোৱাচোন।”
ভাল দিন-বাৰ চাই এদিনাখন বুঢ়ীমাক খেৰসুতীয়ে সিধা এটাৰে সৈতে নাতিয়েক শঙ্কৰদেৱক সেই সময়ৰ পণ্ডিত মহেন্দ্ৰ কন্দলীৰ পঢ়াশালিত ভৰ্ত্তি কৰি দিলে। শঙ্কৰদেৱ ইমান চোকাবুদ্ধিৰ আছিল যে এবাৰ দেখুৱাই দিয়াৰ পাছত তেওঁ সকলো খিনি নিজেই আয়ত্ব কৰি ল'ব পাৰিছিল। মহেন্দ্র কন্দলীয়ে অতি সোনকালেই শঙ্কৰদেৱৰ অসাধাৰণ বুদ্ধিৰ পৰিচয় পাই আগ্ৰহেৰে পঢ়াবলৈ লাগিল আৰু শঙ্কৰদেৱেও চোকাবুদ্ধিৰে পঢ়াশালিৰ আন চোকা ল'ৰাৰ লগত সমানে ফেৰ মাৰিব পৰা হ'ল। তেওঁ পঢ়াত দিনে-ৰাতিয়ে একানপতীয়াকৈ লাগি গৈছিল। বিচনাৰ দুয়োকাষে তেওঁ কিতাপ গোটাই লৈছিল। বাৰেমতৰা জোঁটনি নৌ শিকোঁতেই কেৱল 'ক'-ফলা খন শিকিয়েই তেওঁ এটি সুন্ধৰ আৰু গভীৰ ভাৱৰ কবিতা ৰচনা কৰি গুৰুক দেখুৱালে।
কৰতল কমল কমলদল নয়ন।
ভৱদব দহন গহনবন শয়ন।।
খৰতৰ বৰশত হতদশ বদন।
খগচৰ নগধৰ ফণধৰ শয়ন।।
নপৰ নপৰ পৰ শৰতৰ গময়।
সভয় সভয় সম হৰশত তয়।।
জগদঘ মপ হৰ ভৱ ভয় তৰুণ।
পৰপদ লয়কৰ কমলজ নয়ন।।
কবিতাটোৰ ভাৱাৰ্থ হ'ল-
যাৰ হাতৰ তলুৱা পদুমৰ দৰে, পদুমৰ পাহিৰ দৰে চকু তেওঁ ভৱ সংসাৰৰ দাবানল দূৰ কৰে। তেওঁ গহন বনত শয়ন কৰে। পথত ভ্রমণ কৰোঁতে যাৰ চৰণ ভূমি স্পৰ্শ কৰোঁ নকৰোঁকৈ পৰে, যাৰ স্মৰণ মাত্রেই ভয়ার্ত অভয় হৈ জাগতিক মায়ামুক্ত হয়, যাৰ বৰ বৰ শৰে খৰকৈ গৈ দশানন ৰাৱনক বধ কৰিছিল, যি জন গৰুড়ৰ পিঠিত উঠি ফুৰে, অনন্ত নামৰ সাপৰ ফণাত যি শয়ন কৰে, জগতৰ পাপ হৰি ভৱভয়ৰ পৰা যি জনে পৰিত্ৰাণ কৰে, পৰম পদত লয় কৰে সেই কমল বয়ন শ্রীকৃষ্ণৰ চৰণত প্রণাম।
কবিতাটি পঢ়ি গুৰু কন্দলী আচৰিত আৰু আনন্দিত হ'ল। অসামান্য প্রতিভাক স্বীকৃতি দি শঙ্কৰদেৱক সকলো ছাত্ৰৰ ওপৰত ওজা ছাত্ৰ পাতিলে। আৰু তেতিয়াৰে পৰা শঙ্কৰদেৱৰ নামৰ পাছত 'দেৱ' লগাই শঙ্কৰদেৱ কৰিলে। তদুপৰি সেই সময়ত ছাত্ৰই পঢ়াশালিত কৰিব লগীয়া হোৱা কাম যেনে- ঘৰ-দুৱাৰ সৰা-মচা আদিৰ পৰা তেওঁক ৰেহাই দিলে। মহেন্দ্ৰ কন্দলীৰ টোলত থাকি একানপতীয়াকৈ বিদ্যাশিক্ষা কৰি শঙ্কৰদেৱ সকলো জ্ঞান-বিদ্যাত পাৰ্গতহৈ উঠে। বিদ্যা চর্চ্চা কৰাৰ লগে লগে শঙ্কৰদেৱে যোগ অভ্যাস কৰি বলী আৰু সাহসী হৈ উঠিল।
মহেন্দ্ৰ কন্দলীৰ টোলৰ পৰা শিক্ষা সাং কৰি অহাৰ লগে লগে শঙ্কৰদেৱৰ ওপৰত সংসাৰ চলোৱাৰ ভাৰ পৰিল। তেওঁ শিৰোমণি ভূঞাৰ বিষয়বাব ল'ব লগীয়া হ'ল। তেনে সময়তে কছাৰীৰ উপদ্ৰপ হয় আৰু তাৰ ফলত বাৰভূঞাই ৰাজ্য এৰি যাব লগীয়া হয়। আলিপুখুৰীৰ পৰা আহি তেওঁলোকে বৰদোৱাত বসতি কৰিবলৈ লয়হি। তাতেই পৰিয়ালবৰ্গৰ পৰামৰ্শক্রমে হৰিবৰ গিৰীৰ কন্যা সূৰ্য্যৱতীৰ লগত শঙ্কৰদেৱৰ বিবাহ হয়। সেই সময়ত তেওঁৰ বয়স একৈশ বছৰ মাত্ৰ। বিয়াৰ তিনি বছৰৰ পাছত তেওঁলোকৰ মনু নামৰ এটি কন্যা ওপজে। ইয়াৰ কেইমাহ মানৰ পাছতে তেওঁৰ ভাৰ্য্যাৰ পৰলোক ঘটে। ভাৰ্য্যাৰ বিয়োগৰ পাছত শঙ্কৰদেৱৰ মনৰ ঘোৰ পৰিৱৰ্তন ঘটিল। সংসাৰৰ প্ৰতি বিৰাগভাৱ প্ৰৱল হৈ পৰিল। তীর্থ ভ্ৰমণলৈ যাবলৈ তেওঁৰ মনত দুৰ্ব্বাৰ হেপাহ জন্মে। বিয়াৰ পাছৰ পৰাই অৱশ্যে শঙ্কৰদেৱে ধৰ্ম-চর্চ্চা আৰু শাস্ত্ৰ চর্চ্চা কৰিবলৈ মনোনিৱেশ কৰিছিল। ভাৰ্য্যাৰ অকাল বিয়োগ ঘটাৰ পাছত তেওঁ এই কামত একানপতীয়াকৈ লাগি যায়।
এই কালছোৱাতে তেওঁ 'হৰিবংশ'ৰ উপাদান লৈ 'কক্মিনীহৰণ' কাব্য ৰচনা কৰে। ক্ৰমাৎ শঙ্কৰদেৱৰ তীৰ্থ ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰবল হৈ উঠিল। অৱশেষত জয়ন্ত, মাধৱ দলৈ আদি অঙহী বঙহীৰ লগত আলোচনা কৰি ৰামচন্দ্ৰ কায়স্থৰ পুতেক হৰিলৈ আঘোণমহীয়া ফৰকাল বতৰত জীয়েক মনুক বিয়া দিলে আৰু জোৱাঁয়েকক ঘৰলৈ আনি ঘৰ গৃহস্থী সকলো চমজাই দিলে। ভায়েক বনগঞা গিৰি, জয়ন্ত, মাধৱ আদি ভুঞা সকলক গোট খুৱাই ৰাজ্যৰ দায়িত্ব শোধাই দিলে। ৰামৰায়, সৰ্ব্বজয়, পৰমানন্দ আদি সোতৰজনক লগত লৈ বৰদোৱাৰ পৰা তীর্থ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। তেতিয়া শঙ্কৰদেৱৰ বয়স বত্রিশ বছৰ মাত্র।
এই যাত্ৰাৰ তেওঁৰ প্ৰধান উদ্দেশ্য আছিল ভগৱান শ্রীকৃষ্ণৰ লীলা খেলাৰ ঠাই বৃন্দাবন দৰ্শন কৰা। সেই সময়ত আজি কালিৰ দৰে যাতায়তৰ সুচল নাছিল। শঙ্কৰদেৱ আৰু তেওঁৰ অনুগামী সকলে অশেষ কষ্ট কৰি কুৰুক্ষেত্ৰ, বদৰিকাশ্ৰম, হস্তিনাপুৰ, ৰামেশ্বৰ সেতুবন্ধ আদি ভাৰতৰ প্ৰধান তীৰ্থবোৰ চায়গৈ। বদৰিকাশ্ৰমতে হেনো শঙ্কৰদেৱে প্ৰথম বৰগীতটো ৰচনা কৰে। বৰগীতৰ ভাষা অসমীয়া আৰু মৈথেলী বা ব্ৰজাধামৰ ভাষাৰ লগত মিহলি এটা ভাষা। তাকে 'ব্রজবুলি' বা 'ব্ৰজাৱলী' ভাষা বোলা হয়। অসমতেই প্রথম ব্রজবুলিৰ প্ৰচলন হয় আৰু শঙ্কৰদেৱৰ 'মনমেৰি ৰাম চৰনহি লাগু” বৰগীতটো হৈছে ইয়াৰ বাটকটীয়া। বৃন্দাবনত থাকোঁতেই কৃষ্ণ প্ৰেমত আপ্লুত হৈ পৰে। তীৰ্থই তীৰ্থই ঘুৰি ফুৰোঁতে শঙ্কৰদেৱে ভক্তি ধৰ্ম্মৰ কথা লৈ বহুত পণ্ডিতৰ লগত তর্কও কৰিব লগাত পৰিছিল। শঙ্কৰদেৱে জ্ঞান আৰু বিদ্যাৰে সকলোকে পৰাজয় কৰিছিল আৰু তেওঁলোকেও শঙ্কৰদেৱৰ ওচৰত মূৰ দোঁৱাইছিল। এইদৰে ভাৰতৰ প্ৰায় সকলোবোৰ তীৰ্থ ক্ষেত্ৰতে বাৰ বছৰ ঘূৰি পকি শেষত ১৪১৫ শকত দুকুৰি চাৰি বছৰ বয়সত পুনৰ আহি আলি পুখুৰী পায়হি।
তীৰ্থৰ পৰা আহি পায়েই তেওঁ ঘৰৰ কথা, ভূঞা কছাৰীৰ অসম্ভাৱ, আৰু দ্বন্দ্ব খৰিয়ালৰ কাৰণে মূৰ ঘমাব লগীয়া হৈছিল। তাৰ মাজতে ধৰ্ম্মৰ কথাও ভাৱিব লগাত পৰিছিল। এই সময়তে তেওঁক সকলোতকৈ বেছি আকুল কৰিছিল কৃষ্ণ প্রেমে। সেই কাৰণেই - সংসাৰৰ সকলো চিন্তা বাদ দি ধৰ্ম্ম প্ৰচাৰতে একানপতীয়াকৈ লাগিবলৈ মন কৰিলে। শঙ্কৰদেৱে দেখিলে যে সমাজত চলি থকা অন্যায় অবিচাৰবোৰ সোনকালে দূৰ নকৰিলে দেশলৈ শান্তি আনিব পৰা নাযাব। ধৰ্ম্মৰ নামত চলি থকা পাপ ব্যভিচাৰবোৰে মানুহক জন্তুতকৈ তললৈ নমাই দিছে। তেওঁ বুজিলে যে, গছৰ গুৰিত পানী দিলে ডাল আদিয়েও ৰস পায়।
পৰম পুৰুষ ভগৱানক পূজা সেৱা কৰিলেই হয়, ডাল পাত স্বৰূপ দেৱ-দেৱীৰ পূজাৰ অসাৰ। শিকিলে যে, জীবহত্যা মহাপাপ। হিংসা প্রবৃত্তিৰে ঈশ্বৰ বা ভগৱান পাব নোৱাৰি। সকলো জীর একে সমান; এজন ঈশ্বৰেই সৃষ্টি কৰা। সকলোৰে প্ৰতি দয়া মৰম দেখুওৱাহে ধৰ্ম্ম। গতিকেই তেওঁ পৰম পৱিত্ৰ একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা কামত মনোনিৱেশ কৰিলে। তীর্থ ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তেওঁ 'ভক্তি প্রদীপ' গ্ৰন্থ ৰচনা কৰিলে। এই পুথি খনিয়ে মানুহক ভুল পথৰ পৰা আঁতৰাই ধৰ্মৰ আচল বাটটো দেখুৱাই দিবলৈ উঠি পৰি লাগিল।
ইতিমধ্যে বুঢ়ীমাক খেৰসুতীৰ পৰলোক হয়। শ্রীমন্ত শঙ্কৰে জ্ঞাতি কুটুম্বৰৰ অনুৰোধত পুনৰ সংসাৰী হ'ব লগাত পৰে। তেওঁ কলিকা ভূঞাৰ কন্যা কালিন্দী আইক দ্বিতীয়বাৰৰ কাৰণে বিবাহ কৰায়। শঙ্কৰদেৱৰ বয়স তেতিয়া চৌৱন্ন বছৰ। বিয়াৰ পাছতে শিৰোমণি ভূঞাৰ বিষয়বাব পুনৰ ল'ব লগাত পৰে। ইয়াৰ পাছত তেওঁ পুনৰ বৰদোৱালৈ আহে আৰু কীৰ্ত্তন ঘৰ সজাই গীত, পদ, ভটিমা, চপয় আদি গায়, খোল তাল আদি লৈ কীৰ্ত্তন কৰাৰ প্ৰণালী অসমত প্ৰৱৰ্ত্তন কৰে। কীৰ্ত্তন ঘৰত চোঁ মুখা পিন্ধা ভাওনা কৰি দেখুৱায়। শঙ্কৰদেৱে সেই ভাওনাত নিজেও ভাও লৈছিল। এই ভাওনা একেলগে সাতদিন চলিছিল। আৰু দৰ্শকে প্রাণভৰি এই ভাওনা উপভোগ কৰিছিল। এয়েই 'চিহ্নযাত্রা' ভাওনা।
সংস্কৃত নাটৰ আৰ্হি লৈ তাত সমল যোগ দি এইবিধ নতুন নাটৰ সৃষ্টি কৰে; এইবোৰক অংকীয়া নাট বোলা হয়। বৰদোৱাত থকা কালতেই শঙ্কৰদেৱে 'কীৰ্ত্তন ঘোষা'ৰ ওৰেষা বর্ণন, অজামিল উপাখ্যান আদি কেইবাটাও খণ্ড লিখে আৰু তেওঁ প্ৰৱৰ্তন কৰা ভাগৱতী বৈষ্ণৱ ধৰ্মৰ মূল গ্রন্থ ভাগৱত পুৰাণৰ পদ ভাঙনি কৰাৰ কাম হাতত লয়। ভাগৱত শাস্ত্ৰখন তেওঁ জগদীশ মিশ্র নামৰ ব্ৰাহ্মণ এজনৰ পৰা পাইছিল। জগদীশ মিশ্রই হেনো সপোনত পোৱা স্বয়ং জগন্নাথৰ নিৰ্দ্দেশক্রমে দুমাহ বাটকুৰি বাই শাস্ত্ৰখন শঙ্কৰদেৱক দিছিলহি। ভাগৱত শাস্ত্ৰখন পাই শঙ্কৰদেৱ আনন্দত আত্মাহাৰা হ'ল আৰু জগদীশ মিশ্ৰৰ ওচৰত শাস্ত্ৰ শুনি তাৰ চৰ্চাত লাগিল। জগদীশ মিশ্রক আনন্দ দিবৰ কাৰণে শঙ্কৰদেৱে ফাকুৱা উৎসৱ কৰি দেখুৱালে। চিহ্নযাত্রা ভাওনা চাই আৰু ফাকুৱা উৎসৱে ৰাইজৰ মন গুৰুজনাৰ ধৰ্মৰ প্ৰতি ঢাল খুৱালে। চাওঁতে চাওঁতে শিক্ষক মহেন্দ্ৰ কন্দলী, লগৰীয়া ৰামৰাম, শ্ৰীৰাম আদিয়ে শঙ্কৰদেৱক গুৰুমানি শ্রীকৃষ্ণৰ চৰণত শৰণ ল'লে।
শঙ্কৰদেৱ বৰদোৱাত থাকোঁতেই কছাৰীৰৰ উপদ্ৰপ পুনৰ উক্ দিলে। এনেকৈ কছাৰীৰ লগত হাই কাজিয়া কৰি থাকিব লগীয়া হোৱাত বাৰভূঞা ৰাজ্যৰ ভিতৰুৱা অৱস্থা বৰ শোচনীয় হৈ আহিছিল। ক'বলৈ গ'লে কুসুম্বৰ শিৰোমণি ভূঞাৰ পাছৰ পৰাই ৰাজ্যশাসনৰ ভাৰ ক্ৰমান্বয়ে ঢিলা হৈ আহে। শঙ্কৰদেৱে ইচ্ছা কৰাহেঁতেন ৰাজ্য শাসনৰ বান্ধ কটকটীয়া কৰিব পাৰিলে হেঁতেন; কিন্তু তেওঁৰ ৰাজ্যশাসনতকৈ ধৰ্ম চর্চ্চাৰ প্ৰতিহে প্ৰৱল ধাউতি আছিল। কছাৰীৰ আক্ৰমণত ভূঞা সকল পলাব লগীয়া হ'ল আৰু লগে লগে বাৰভূঞাৰ ৰাজ্যৰ অস্তিত্ব লোপ পালে।
ভকত সকলেৰে সৈতে শঙ্কৰ গুৰু গৈ শিঙৰিত কিছু দিন, ৰৌটাত ছমাহ, ঘিলাধাৰী আদিত কিছুদিন থাকি বুঢ়ী গঙ্গাইদি উজাই গাংমুখ বা গাংমৌ পালেগৈ। কিন্তু তাতো ভোট আৰু কোচৰজাৰ উপদ্ৰৱত তিস্থিব নোৱাৰি ব্ৰহ্মপুত্ৰ পাৰহৈ নাৰায়ণপুৰৰ ওচৰলৈ আহে আৰু মাজুলীৰ ধুৱাহাট বা বেলগুৰিত বাস কৰিবলৈ লয়। ইয়াতেই তেওঁ মাধৱদেৱক লগ পায়। গুৰুজনাৰ বয়স তেতিয়া তেসত্তৰ বছৰ আৰু মাধৱদেৱৰ বয়স বত্ৰিছ বছৰ মাত্র। মাধৱদেৱ প্ৰথমে ঘোৰ শাক্ত আছিল। কিন্তু শঙ্কৰদেৱক লগপোৱাৰ পাছত তেৰাৰ অগাধ পাণ্ডিত্য আৰু ব্যক্তিত্বৰ ওপৰত হাৰমানি শঙ্কৰ গুৰুৰ ওচৰত শৰণ লৈ শিষ্যত্ব গ্রহণ কৰিলে। শঙ্কৰদেৱেও মাধৱদেৱক 'বৰাৰ পো'-'প্রাণ মাধৱ' বুলি বুকুত সাৱটি ধৰে। গুৰু সেৱা কৰাই মাধৱদেৱৰ জীৱনৰ ব্ৰত হৈ পৰে। মাধৱদেৱক পাই দুগুণ উৎসাহেৰে ধৰ্মপ্ৰচাৰ কৰাত শঙ্কৰদেৱে মনোনিবেশ কৰিলে।
এনেকৈ এক শৰণ নামধৰ্ম প্ৰচাৰ কৰাত শঙ্কৰদেৱ ব্ৰাহ্মণ সকলৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছিল। তেওঁলোকে শঙ্কৰ গুৰুৰ বিপক্ষে আহোম ৰজাৰ ওচৰত নানা কথা লগাইছিলগৈ। ব্রাহ্মণ পণ্ডিতসকলে আহোম ৰজাক গোচৰ দিলে যে অব্রাহ্মণ শঙ্কৰে পুৰণিকলীয়া নীতি-নিয়ম; আচাৰ আদি নষ্ট কৰি পাষণ্ড ধর্মমত চলাইছে। এইকথা শুনি সেই সময়ত আহোম ৰাজ পাটত থকা চুহুমফা দিহিঙ্গীয়া ৰজাৰ বৰ খং উঠিল আৰু হাতী ধৰি দিব নোৱাৰাৰ অজুহাতত শঙ্কৰ গুৰুৰ ফলীয়া হৰি জোঁৱাই, মাধৱদেৱকে আদি কৰি কেইবাজনো ভূঞাক তেওঁৰ ওচৰত হাজিৰ কৰোৱা হ'ল। বিচাৰত হৰি জোঁৱাইক কাটিবৰ কাৰণে আদেশ দিলে। মাধৱদেৱ কোনোমতে ৰক্ষা পৰিল।
এই ঘটনাই শঙ্কৰ গুৰুৰ অন্তৰত বৰ আঘাট দিলে। তেতিয়া তেওঁলোকে আহোম ৰাজ্য এৰি ভটীয়াই গৈ কোঁচ ৰাজ্যত সোমালগৈ। ধুৱাহাটৰ পৰা নাৱেৰে ভটীয়াই আহি শঙ্কৰ গুৰুৱে ক্ষেত্ৰিৰ ওচৰৰ কপলা বিলৰ কাষত সত্ৰ পাতিলেহি। কিন্তু তাত অসুবিধা পাই টপবৰিলৈ আহে। তাতো থাকিব নোৱাৰি বৰপেটাৰ ওচৰৰ পালেংদিবৰি (পাছত চূণপোৰা) পালেগৈ। চূণপোৰাতে গুৰুজনাৰ শিষ্যৰ সংখ্যা বাঢ়ে। চূণপোৰাত কিছুদিন থাকি তেওঁ গণককুচিলৈ যায় আৰু তাৰ পৰা কুমাৰকুচিলৈ যায়। তাৰ পাছত পাটবাউসীত থাকিবলৈ লয়। পাটবাউসীয়েই গুৰুজনাৰ কৰ্মময় জীৱনৰ প্ৰধান কেন্দ্ৰস্থল আছিল। তেওঁৰ ধৰ্ম-জীৱনৰ সৰহছোৱা কাল ইয়াতে কটায় আৰু কেবাখনো ধর্ম পুথি ৰচনা কৰে। শঙ্কৰ গুৰু পাটবাউসীত চৈধ্যবছৰতকৈয়ো বেছি কাল আছিল। শেষলৈ এইখন এখন আদর্শ তীৰ্থৰ দৰে হ'লগৈ। পাটবাউসীত থিতাপি লগাৰ কিছুদিন পিছতেই ৰামৰায় আতাৰ জীয়েক কমলাপ্রিয়া বা ভূৱনেশ্বৰীক নৰনাৰায়ণ ৰজাৰ ভায়েক বীৰ চিলাৰায়ে বিয়া কৰায়। তাৰ ফলতেই শঙ্কৰ গুৰুৰ লগত কোচ যুৱৰজাৰ মিলা-প্রীতি হয় আৰু পাছলৈ চিলাৰায় যুৱৰাজ শঙ্কৰ গুৰুৰ পৰম ভক্ত হৈ উঠেগৈ। পাটবাউসীতে শঙ্কৰ গুৰুৰ মাজু ল'ৰা কমললোচণৰ মৃত্যু হয়।
পাটবাউসীৰ পৰাই গুৰুজনাই দ্বিতীয়বাৰৰ কাৰণে তীর্থলৈ বুলি বাট ল'লে। এই যাত্ৰাত তেওঁৰ লগত মাধৱদেৱ, ৰামৰায়, নাৰায়ণ ঠাকুৰ, শ্ৰীৰাম, দামোদৰ, হৰিদেৱ আদি ছকুৰি ভকত গৈছিল। এই যাত্রাত তেওঁলোকে গঙ্গা, গয়া, কাশী, আদি তীর্থ দর্শন কৰে। তীৰ্থ দৰ্শন শেষ কৰি ছমাহৰ মূৰত তেওঁলোক পুনৰ পাটবাউসীলৈ ঘুৰি আহে। শঙ্কৰ গুৰুৰ খ্যাতি দিনক দিনে বাঢ়ি যোৱা দেখি ব্রাহ্মণ সকলৰ চকুত টোপনি নাইকিয়া হ'ল। তেওঁলোকে তিলকে তাল কৰি কোচৰজা নৰনাৰায়ণৰ আগত গোচৰ দিলেগৈ। নৰনাৰায়ণ ৰজা খঙত জুলি উঠিল আৰু শঙ্কৰদেৱক ধৰি আনিবৰ কাৰণে দহোটা চিপাহী বা গৰমালি পঠালে। কিন্তু তেওঁলোকে শঙ্কৰক ক'তো বিচাৰি নাপাই নাৰায়ণ ঠাকুৰ আৰু গকুল চান্দক ধৰি আনি নৰনাৰায়ণ ৰজাক সোধালেগৈ। চিপাহীহঁতে নানা শাস্তি দিও তেওঁলোকৰ পৰা গুৰুজনাৰ কোনো কথা উলিয়াব নোৱাৰিলে।
ভকত দুজনক নানা শাস্তি দিয়া দেখি শঙ্কৰ গুৰুৱে মনত বৰ দুখ পালে। তেৰাই সোঁশৰীৰে নৰনাৰায়ণৰ দৰবাৰত হাজিৰ হ'লগৈ। তাতে তেওঁ পাণ্ডিত্যৰ বলেৰে নৰনাৰায়ণৰ মন জয় কৰিলে। আমাৰ এষাৰ কথা আছে নহয়। "গুণীয়েহে গুণৰ মূল বুজে।" নৰনাৰায়ণ নিজেও এজন অগাধ পণ্ডিত আছিল। শঙ্কৰদেৱৰ পণ্ডিত্যত তেওঁ মুগ্ধ হ'ল। ব্রাহ্মণ সকলৰ সকলো অভিযোগ শঙ্কৰদেৱে নানা যুক্তি-তর্কৰে খণ্ডন কৰিছিল। ব্রাহ্মণ সকলৰ মুখবোৰ জোকৰ মুখত চুণ দিয়াৰ দৰে হ'ল। নৰনাৰায়ণ ৰজা সন্তুষ্টহৈ শঙ্কৰদেৱক অনেক উপহাৰ দিলে আৰু ৰাজসভালৈ সঘনে নিমন্ত্রণ জনালে।
এদিনৰ কথা। নৰনাৰায়ণ ৰজাই ব্রাহ্মণ সকলক ক'লে যে তেওঁলোকে ভুৰুকাত হাতী ভৰাই দিব লাগে। ব্রাহ্মহ্মণসকলে ক'লে যে এনে এটা কাম তেওঁলোকৰ দ্বাৰা কৰাটো সম্ভৱ নহ'ব। তেতিয়া ৰজা নৰনাৰায়ণে শঙ্কৰদেৱৰ ফালে চাই 'পৰা হ'বনে’ বুলি সুধিলত শঙ্কৰদেৱে চেষ্টা কৰি চাম বুলি উত্তৰ দিলে। পিছদিনাখন শঙ্কৰদেৱে ভাগৱতৰ সাৰবস্তু লৈ 'গুণমালা' পুথিখন ৰচনা কৰি ৰজাৰ হাতত দিলেগৈ। ৰজাই বিচৰা বস্তু পাই বৰ আনন্দিত হ'ল। তেওঁ আগ্রহেৰে পুথিখন ল'লে আৰু শঙ্কৰদেৱক ভূয়সী প্রশংসা কৰিলে আৰু ব্রাহ্মণসকলে একোপধ্যে শঙ্কৰদেৱক বলে নোৱাৰি কূটনীতি খুটুবালে; কিন্তু তাতো বিমুখ হ'ল। নৰনাৰায়ণ ৰজাৰ পৰা উন্দনি পাই শঙ্কৰদেবে একানপতীয়াকৈ শাস্ত্ৰ চর্চ্চা কৰাত লাগি গ'ল। চিলাৰায়ে শঙ্কৰদেৱৰ মুখত শ্রীকৃষ্ণৰ শিশুলীলা শুনি ছবিৰে সেই ছবি তুলি দিবলৈ কোৱাত শঙ্কৰে গাত ল'লে। গুৰুজনাই আগত থাকি সেই কাপোৰ তাঁতত বোৱাই বছৰেক মানৰ পাছত চিলাৰায়ক দেখুৱালেগৈ। চিলাৰায়ে 'বৃন্দাৱণী বস্ত্ৰ' চাই পৰম সন্তোষ পালে আৰু গুৰুজনাক নানা উপহাৰ দিলে। নৰনাৰায়ণ ৰজাই সেই কাপোৰ পাই আনন্দত আপোন পাহৰা হ'ল মোৱামাৰী, মানছৈ, তোৰাৰা আৰু ভেলাৰ মাজৰ দুশ পুৰামান মাটি গুৰুজনাক দান কৰিলে। সেই ঠাইকে পাছত 'কাকতকুটা' বোলা হৈছে। চিলাৰায়ৰ অনুৰোধত শঙ্কৰদেৱে একে ৰাতিয়েই 'সীতা সয়ম্বৰ' বা ৰাম বিজয় নাট লিখি তাৰ ভাওনা কৰি দেখুৱালে। তাৰ পাছত শঙ্কৰদেৱ পাটবাসীলৈ আহি তাত থাকিবলৈ লয়। ইয়াত এমাহমান থকাৰ পাছত ভেলামধুপুৰলৈ যাবলৈ পুনৰ মন মেলে আৰু সকলো ভকতকে মাতি-আনি দেখা কৰে আৰু নানা উপদেশ দিয়ে, তাৰপাছত ভেলামধুপুৰলৈ যাওঁগৈ বুলি সকলোৰে পৰা মেলানি মাগে। তেওঁ প্রথমে কাকতকুটালৈ গৈ তাৰ পাছত কোচ বিহাৰলৈ যাত্রা কৰিলে।
নৰনাৰায়ণ ৰজাই পুনৰ শঙ্কৰদেৱক পাই আনন্দত আপোন পাহৰা হ'ল আৰু শঙ্কৰ গুৰুৰ ওচৰত শৰণ লোৱাৰ কথা উলিয়ালে। কিন্তু গুৰুজনাই ৰজা, তিৰোতা আৰু পূজা পাতল কৰা বামুণক শৰণ নিদিবলৈ সংকল্প কৰিছিল। সেইকাৰণে ৰজাক আজি শৰণ দিম, কালি দিম বুলি হোহোঁকাই আছিল। এদিনাখন ৰজাই বৰ নেৰা -নেপেৰাকৈ ধৰাত গুৰুজনাই 'কাইলৈ দেখা যাব' বুলি কৈ চিন্তাক্লিষ্ট হৈ গুচি আহিল। পিছদিনা শঙ্কৰ গুৰুৰ সোঁহাতৰ বুঢ়া আঙুলিত সৰু ফোঁহা এটা হৈ তীৰ কঁপে জ্বৰ উঠিল আৰু তাৰ তিনি দিনৰ মূৰত ১৪৯০ শকৰ ভাদমাহৰ শুক্লা দ্বিতীয়া তিথিত প্রায় ছকুৰি বছৰ বয়সত গুৰুজনাই মহাপ্রয়াণ কৰিলে। এই অসমৰ কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, সভ্যতা, ধর্ম, কর্ম, শিল্প, কলা স্থাপত্য আদি সকলো দিশতে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে অপৰিসীম বৰঙণি দি থৈ গৈছে। কাৰণেই শ্ৰীমন্ত শঙ্কৰদেৱ অসম আৰু অসমীয়াৰ বাবে চিৰদিন পূজনীয় আৰু বৰণীয় হৈ থাকিব।
"শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতক।
তাহান্ত বিনাই নাই নাই নাই
আমাৰ পৰম গুৰু।।”
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ ৰচনাৱলী:
হৰিশ্চন্দ্র উপাখ্যান, ৰুক্মিনীহৰণকাব্য, ভক্তিপ্রদীপ, অনাদি পাতন, অজামিল উপাখ্যান, অমৃত মন্থন, বলিছলন, আদ্য-দশম, নিমি নৱসিদ্ধ সংবাদ, ভাগৱত দশম স্কন্ধ, গুণমালা, উত্তৰকাণ্ড ৰামায়ণ, কীৰ্তন ঘোষা, পত্নী প্রসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাতহৰণ, ৰামবিজয় বা সীতা স্বয়ম্বৰ। এই বিলাকৰ উপৰিও গুৰুজনাই অসংখ্য বৰগীত ৰচনা কৰিছিল। কালৰ বুকুত তাৰে ভালেসংখ্যক হেৰাই গ'ল- এতিয়ালৈকে মাত্র ছয়কুৰি বৰগীতহে উদ্ধাৰ হৈছে।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ হৰিশ্চন্দ্ৰ উপাখ্যান:
মহাপুৰুষ শ্রীমন্ত শংকৰ দেৱৰ কবি জীৱনৰ প্ৰথম পদক্ষেপৰ স্বাক্ষৰ 'হৰিশ্চন্দ্ৰ উপাখ্যান'। বিষ্ণু আৰু বৈষ্ণৱৰ সমতুল কথাৰ থুল। 'হৰিশ্চন্দ্ৰ উপাখ্যান'ৰ মূল সংস্কৃত মার্কণ্ডেয় পুৰাণ। পুৰাণ বিশেষজ্ঞ সকলে এই গ্ৰন্থৰ ৰচনাকর্ম খৃষ্টীয় তৃতীয় শতিকাৰ পৰা নৱম শতিকালৈ পৰিব্যপ্ত বুলি অভিহিত কৰিছে। মূল মার্কণ্ডেয় পুৰাণখনি এখন বিপুলায়তন গ্রন্থ। এই খনি ১৩৭টা সৰ্গৰ সমষ্টি। অসমীয়া কবিয়ে সংস্কৃত পুৰাণ খনিৰ ৭-৯ অধ্যায়ত বিবৃত বৈষ্ণৱ নৃপতি হৰিশ্চন্দ্ৰৰ জীৱনৰ মৰ্মন্তুদ কাহিনী অংশ মাথোন অসমীয়ালৈ ৰূপান্তৰ কৰিছে। শ্রেষ্ঠত্ব প্রতিপাদনেই কাব্য খনিৰ মূলকথা। সেই গতিকে ড° সত্যেন্দ্র নাথ শর্মাই ইয়াক 'নিষ্কামী মাহাত্ম্য কাব্য'ৰ অন্তৰ্ভুক্ত কৰিছে। বিষ্ণুৰ কাব্যখনিৰ মূলৰস কৰুণ। ৰজা হৰিশ্চন্দ্ৰৰ জীৱনৰ বিপৰ্যয়, পুত্র, ভাৰ্যা আৰু আত্ম বিক্রয়, পুত্ৰৰ সর্পাঘাতত মৃত্যু প্রভৃতি চিত্তদ্রবী কাহিনীক আৰু অধিক মর্মন্তুদ কৰি তুলিছে- বিশ্বামিত্ৰৰ হৃদয়হীন ব্যৱহাৰে। অৱশ্যে ৰজা হৰিশ্চন্দ্ৰৰ জীৱনৰ ট্রেজেদিৰ কাৰণে তেওঁৰ চাৰিত্ৰিক দুর্বলতাই দায়ী। কিয়নো ঋষি বিশ্বামিত্রই ৰজাৰ পৰা মাত্ৰ দক্ষিণাহে বিচাৰিছিল- দানৰ কথা উল্লেখ কৰা নাছিল। অথচ ৰজাই পোনতে দান দিবলৈ আগবাঢ়ি আহি নিজে নিজৰ ট্ৰেজিক জালত আৱদ্ধ হ'ল। চৰিত্ৰৰ ভিতৰত ৰজা হৰিশ্চন্দ্ৰৰ চৰিত্ৰৰ মহত্বই আমাক মুগ্ধ কৰে। তেওঁৰ "ত্যাগ, সত্যনিষ্ঠা আৰু প্ৰজাবৎসলতাত অতিমানবীয় গুণ প্রকাশ পাইছে কিন্তু স্বামী বা পিতৃৰূপে সাধাৰণ মানৱৰ দুৰ্বলতা বা মায়া সমতাৰ উৰ্ধত নহয়।” বাণী শৈব্যাৰ চৰিত্ৰত ভাৰতীয় নাৰীৰ- সৌকুমার্য গুণ বর্তমান।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ ৰুক্মিণী হৰণ কাব্য:
পুৰণি অসমীয়া কাব্য সমূহৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ 'ৰুক্মিণী হৰণ' কাব্য অন্যতম। কথাগুৰু চৰিত্ৰৰ সাক্ষ্য মতে গুৰুজনা প্ৰথমবাৰ তীৰ্থ ভ্ৰমণৰ পৰা উভতি আহিয়ে এই কাব্যখনিৰ ৰচনাকৰ্মত প্রবৃত্ত হয়। "ৰুক্মিণী হৰণ কাব্য"ৰ কাহিনী ভাগ গঢ়ি উঠিছে সংস্কৃত ভাগৱত পুৰাণ আৰু হৰিবংশৰ কথা বস্তুৰ সংমিশ্রণত। কবিয়ে কাব্য কাহিনীৰ ঘটনা ক্ৰমত সাধাৰণতে ভাগৱত পুৰাণৰ ঘটনা ক্রমকে অনুসৰণ কৰিছে। ভগৱান শ্রীকৃষ্ণই ৰাজেন্দ্র পদত অভিসিক্ত হোৱা ঘটনাংশ অৱশ্যে হৰিবংশৰ ভেজা। বিয়াৰ বৰ্ণাঢ্য বর্ণনা দুয়োখন পুৰাণেই সমর্থন নকৰে। সৃজনী প্রতিভাই লুকাভাকু খেলিছে। রুক্মিণীৰ দ্বাৰকাত হোৱা এইছোৱাত অসমীয়া কবিৰ কাব্যখনৰ নায়ক জগতৰ ঈশ্বৰ আৰু নায়িকা রুক্মিণী লক্ষ্মী যদিও কবিয়ে লৌকিক নায়ক নায়িকাৰ আদৰ্শতে অংকণ কৰিছে। জনপ্ৰিয়তাৰ হেতু ইয়াৰ কাহিনীভাগ নহয় চৰিত্ৰ সমূহে। কবিৰ সৃজনী প্ৰতিভাৰ কাব্যখনিৰ যাদুকাঠিৰ পৰশত ইয়াৰ প্রতিটি চৰিত্ৰই অসমীয়া ঘৰুৱা চৰিত্ৰলৈ ৰূপান্তৰিত হোৱাটো তাৎপর্যপূর্ণ। কাব্যখনিৰ জনপ্ৰিয়তাৰ আনটি কাৰণ হ'ল ইয়াত সংযোজিত হোৱা মধ্যযুগীয় অসমীয়া সমাজ আৰু সংস্কৃতিৰ ভিন্ন চৰিত্ৰবোৰ। ৰুক্মিণীৰ বিবাহ সম্পাদনৰ দৃশ্যমালা মূলে সমর্থন নকৰে। এই অংশত কবিয়ে অসমীয়া বিয়াৰ ছবিখন নিখুঁটকৈ অংকন কৰাৰ সুযোগ লৈছে। ৰুক্মিণীৰ সাজ-সজ্জা আৰু আ-অলংকাৰতো স্থানীয় প্রভাব বিদ্যমান। বিভিন্ন ৰসৰ পৰিপুষ্টিয়ে কাব্যখনিৰ অধিক জনপ্ৰিয় কৰি তুলিছে। ইয়াৰ মূলৰস শৃংগাৰ। কাব্যখনিৰ জনপ্ৰিয়তাৰ সৰ্বশেষ কাৰণ হ'ল অসমীয়া প্রবাদ, প্রবচন আৰু জতুৱা ঠাঁচ প্রভৃতিক ইয়াৰ অন্তৰ্ভূক্ত কৰা।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ ভক্তি প্রদীপ:
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে ডেকাকালত ৰচনা কৰা এখনি ভক্তিতত্ত্বমূলক গ্রন্থ। তিনিশ আঠোটা পদত সম্পূর্ণ হোৱা ভক্তি প্রদীপৰ মূল গৰুড় পুৰাণ। "গৰুড় পুৰাণ কৃষ্ণ-অর্জুন সংবাদ" আৰু ইয়াৰ বক্তা "মহামুনি ব্যাসসুত শুক।” যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞ সম্পাদন কৰা কালত ঋষি প্ৰবৰ - অংগিৰা নাৰদৰ মুখত জ্ঞান আৰু কৰ্মযুগৰ ক্ষয়িষ্ণুতাৰ কথাশুনি মধ্যম পাণ্ডৱ অর্জুনে মনৰ সন্দেহ ভঞ্জন কৰিবলৈ শ্ৰীকৃষ্ণৰ ওচৰত শৰণাপন্ন হয়। ভগৱান শ্রীকৃষ্ণই তেতিয়া জ্ঞান আৰু কৰ্মযুগৰ অসাৰতাৰ কথা বৰ্ণাই অব্যভিচাৰিণী ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰে। তেওঁ কয়: ভক্তি বিহীন জ্ঞানেৰে মোক্ষ পাবলৈ যোৱাটো বৰষুণৰ পানীত মাছ বিচৰাৰ দৰে নিৰৰ্থক। ভক্তিৰ ভিতৰতো কলিকালত বিষ্ণু নাম শ্ৰৱণ আৰু কীর্তনেই প্রশস্ত - "মোৰ কথা শ্রবণ কীর্তন বিনে আন দেৱ-দেৱীক পূজা অর্চনা নকৰাটো হ'ল অব্যভিচাৰিণী ভক্তি। এনে ভক্তিৰ সহায়তহে জীৱে সংসাৰ নিকাৰ ভুঞ্জাৰ পৰা বাচ-বিচাৰ নকৰে। এই ভক্তিয়ে জাতি-অজাতিৰ বাচ-বিচাৰ নকৰে। মহাম্লেছ চাণ্ডালো ইয়াৰ বলত মোক্ষ লাভ কৰিবলৈ সমর্থ হয়। ........অন্তর্যামী নাৰায়ণ সৰ্বভূতৰে হৃদয়ত স্থিত এনে জ্ঞান কৰি যিয়ে সৰ্বদা কৃষ্ণৰ ভজনা কৰে, তেৱেঁ মুক্তি পায়। কৌটি কৌটি তীর্থস্থান দর্শন বা যাগ-যজ্ঞতকৈ নামৰ মাহাত্ম্য অনেক বেচি। অর্জুনৰ অনুৰোধত শ্ৰীকৃষ্ণই তেওঁৰ মুখ্য মুখ্য নামবোৰৰ লেখদি বৈকুণ্ঠৰ বৰ্ণনাৰে "ভক্তি প্রদীপ'ৰ সামৰণি মাৰিছে। এই গ্ৰন্থখনিৰ সম্পৰ্ক ড° মহেশ্বৰ নেওগদেৱৰ মন্তব্য "আকাৰত নহ'লেও ইংগিতত গৰুড় পুৰাণৰ প্ৰতিপাদ্যই ভক্তি প্রদীপৰো উপলক্ষ্য।”
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ অনাদি পাতন:
শংকৰদেৱৰ তত্ত্বমূলক গ্রন্থ সমূহৰ ভিতৰত 'অনাদি পাতন' অন্যতম। গুৰুজন দ্বিতীয়বাৰ তীৰ্থযাত্ৰালৈ যোৱাৰ পূৰ্বে সম্ভব পাটবাউসীত ভাগৱত পুৰাণৰ লগত বামন পুৰাণৰ সংমিশ্রণেৰে এইখন পুথি ৰচনা কৰা বুলি ড° নেওগে মন্তব্য দিছে। ইয়াৰ বক্তা শুকমুণি আৰু শ্রোতা নৃপতি পৰীক্ষিৎ। পৃথিৱীৰ স্থিতিকথাৰে পুথিখনিৰ পাতনি তৰা হৈছে। পৃথিৱীৰ তলত জলমগ্ন সপ্ততল। অধিষ্ঠানত কুৰ্ম-কুৰ্মৰ ওপৰত হেজাৰ ফণাযুক্ত সৰ্প। তাৰ অষ্টফণা অষ্টদিশত পৰিব্যাপ্ত। তাৰ ওপৰত অষ্ট দ্বিগ্ গজ। সিহঁতেই পৃথিৱী ধৰি আছে। সিহঁতে গাটো লৰালেই হয় ভূ-কম্পন। কাছে হামিয়ালেও ভূমিকম্প হোৱাৰ লোক বিশ্বাস আছে। দ্বিতীয়তে প্রলয় বর্ণনা। তৃতীয় ছেদত বিবৃত হৈছে ভগৱন্তৰ ইচ্ছাত সৃষ্টি পাতনিৰ কথা। পৰৱৰ্তী ছেদত বিবৃত হৈছে- জ্যোতিচক্ৰৰ কথা। ইয়াত আছে দশদিশ পালৰ পৰিচয়, দ্বাদশ ৰাশিচক্রত ভ্রাম্যমান সূৰ্য্যৰ কথা আৰু আন আন অষ্টগ্ৰহৰ অৱস্থানৰ বৰ্ণনা। ইয়াৰ পাচত আছে সাতাইশটা নক্ষত্র; সাতাইশটা যুগ, দশদেৱতাৰ স্থান আৰু পদ্মকল্পৰ বহল বর্ণনা। কাব্যখনিৰ একেবাৰে শেষত কথিত হৈছে চৌৰাশী নৰকৰ বৰ্ণনা। ইয়াত বর্ণিত আটাইখিনি কথাই গহীন আৰু তত্ত্বপূর্ণ যদিও শংকৰদেৱৰ লেখনিত ই লোকচিত্ত উপযোগী ৰূপ পৰিগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। ইয়াত সন্নিবিষ্ট দেহতত্ত্বৰ অধ্যায়ে পৰৱৰ্তী কালৰ দেহ-বিচাৰৰ গীত আৰু গুপ্ত সম্প্রদায় সমূহত প্রভূত প্ৰভাৱ পেলোৱাটো আন এটি স্মৰণযোগ্য কথা।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ অজামিল উপাখ্যান:-
ভাগৱত পুৰাণৰ ষড় বিংশতি অধ্যায়ৰ উপৰি ষষ্ঠস্কন্ধৰ প্রথম, দ্বিতীয় আৰু তৃতীয় অধ্যায়ৰ কথা বস্তুৰ আধাৰত মহাপুৰুষ শংকৰদেৱে অজামিল উপাখ্যানৰ চমু আৰু বৃহৎ এই দুটি ৰূপদান কৰে। অজামিল উপাখ্যানৰ পাতনি তৰা হৈছে চৌষষ্ঠি নৰকৰ বিভীষিকাপূর্ণ বর্ণনাৰে। বিভিন্ন পাপ আৰু সিবোৰৰ প্রায়চিত্তৰ উপায় কথিত হৈছে- পৰৱৰ্তী ছেদত। ইয়াৰ পাচতে অজামিলৰ কাহিনী। অজামিল আছিল কান্যকুব্জৰ সুশীল, সদাচাৰী, মৃদু স্বভাৱজ ক্ষমাশীল ব্রাহ্মণ নামৰ মহিমা প্রতিপাদনেই অজামিল উপাখ্যানৰ মূলকথা। মহাপাপী অজামিলে পুত্ৰৰ নাম 'নাৰায়ণ' উচ্চাৰণ কৰিয়ে মুক্তি পোৱাটো নামৰ মহিমাৰে দৃষ্টান্ত। নামৰ শ্রেষ্ঠত্বৰ বিষয়ে ক'বলৈ গৈ কবিয়ে যুক্তি দিছে- "যেন ধেনু স্নেহত বৎসক নেৰে পাছ নামধৰ্ম হেনসে হৰিক কৰে বশ্য নামৰ মহিমা ইটো বেদৰ ৰহস্য।। জানি বা নাজানি কৰে নামৰ কীৰ্তন। তথাপি পাপক দহি নামে কৰে ছন্ন।"
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ অমৃত মন্থন:
দেব-দানৱ মিলি ক্ষীৰ সাগৰ মন্থন কৰাৰ চিত্তস্পর্শী ঘটনাৰ অনুবাদ হ'ল- অমৃতমন্থন। মহাপুৰুষে লোক ৰঞ্জনৰ কাৰণে গ্ৰন্থখনিৰ একাধিক স্থানত কাব্যৰসৰ মিশ্রণ দিয়া বুলি নিজেই স্বীকাৰ কৰিছে- "বুজি অভিপ্রায় দিলো ঠাই ঠাই কিছু কাব্যৰস যিবা। অবিচাৰি তাক হঠাতে আমাক নিন্দাবাণী নুবুলিবা।" বলিছলন মহাপুৰুষৰ জনপ্রিয় কাব্যকেইখনৰ ভিতৰত বলিছলনো এখন। পুৰাণ প্রসিদ্ধ বলিছলনৰ কাহিনীভাগ ৰচনা কৰোঁতে কবিয়ে "ভাগৱত পুৰাণৰ লগত 'বামন পুৰাণ'ৰ কাহিনীৰ মিশ্রণ দিয়া বুলিছে।
বলিছলনত ঘটনাৰ বহুলতা নাই। কুলগুৰু শুক্রাচাৰ্য্যৰ নিৰ্দেশানুযায়ী প্রহ্লাদৰ নাতি বলিয়ে বিশ্বজিত যজ্ঞ সম্পাদন কৰি অপৰাজেয় শক্তি সঞ্চয়েৰে ইন্দ্ৰৰ অমৰাৱতী অধিকাৰ কৰিলে। পৰাজিত দেৱতা সকলে ছদ্মবেশেৰে মৰ্তভূমিত বিচৰণ কৰিব লগাত পৰিল। পুত্ৰ সকলৰ দুৰাৱস্থা দেখি দেৱ-মাতা অদিতিয়ে কাশ্যপৰ নিৰ্দেশক্রমে পয়োব্রত পালন কৰি বিষ্ণুক সন্তুষ্টকৰাত তেওঁ নিজে দেৱতা সকলৰ মনোদুখ নিবাৰণাৰ্থে অদিতিৰ গৰ্ভত জন্ম গ্রহণ কৰে। উপনয়ণৰ পাচত বামনে ব্রহ্মচাৰী বেশেৰে বলিৰ যজ্ঞভূমিত উপস্থিত হ'ল। ব্রহ্মচাৰীক দেখি দৈত্যৰাজে তেওঁক যি বিচাৰে তাকে দিবলৈ অংগীকাৰ কৰাত বামনে বিচাৰিলে মাত্র তিনি পদ ভূমি। প্রথম পদেবে পৃথিবী, দ্বিতীয় পদেৰে স্বৰ্গ আৰু পাতাল অতিক্রমি তৃতীয় পদ বলিৰাজৰ মূৰত থৈ দৈত্যৰাজৰ "জ্ঞাতিবর্গ সমে” সুতল পুৰীলৈ প্ৰেৰণ কৰিলে। কাব্যখনিৰ বিষয়বস্তু ইমানেই। ভক্তিধৰ্মৰ শ্রেষ্ঠত্ব প্রতিপাদনেই বলিছলনৰ মূল কথা।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ আদ্যদশম:
দশমস্কন্ধ ভাগৱতৰ চত্বাৰিংশ অধ্যায়লৈকে অনুবাদ কৰা মহাপুৰুষৰ আদ্য-দশমত ভগৱান শ্রীকৃষ্ণৰ গোকুল-লীলাৰ প্ৰাধান্য মনকৰিবলগীয়া। অসমীয়া বৈষ্ণৱ সম্প্ৰদায়ৰ 'চাৰিপুথি'ৰ অন্তৰ্গত শংকৰদেৱৰ দশম খনিৰ জনপ্রিয়তা দোহাৰিবৰ প্ৰয়োজন নাই। পুথিখনিৰ ৰচনাৰীতি আৰু আন আন প্ৰমাণৰ ওপৰত ভিত্তি কৰি প্ৰায়বোৰ আলোচকেই ইয়াক গুৰুজনাৰ শেষ বয়সৰ ৰচনা ৰূপে স্বীকৃতি দিছে।
'দশমস্কন্ধ' অনুবাদ কৰোঁতে শংকৰদেৱৰ বিশেষ মৌলিকতা প্রকাশ পাইছে ভনিতাবোৰত। এইবোৰ একো একোটিহঁত সৰু সৰু খণ্ড কবিতাৰ দৰে। মহাপুৰুষে আদ্য-দশম আৰম্ভ কৰিছে শ্রীধৰ স্বামীৰ 'মূকং কৰোতি বাবালং পংগুং লঙ্ঘয়তে গিৰিং। যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম্।। এই প্রখ্যাত শ্লোকটিৰে।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ নিমি নৱসিদ্ধ সংবাদ:
মহাপুৰুষে একাদশ স্কন্ধ ভাগৱতৰ দ্বিতীয়, তৃতীয়, চতুর্থ আৰু পঞ্চম অধ্যায় কেইটি "নৱসিদ্ধ সংবাদ" নাম দি সুকীয়াকৈ ৰচনা কৰে। ৪২৭টি পদত সম্পূর্ণ হোৱা এই পুথিখনিত বিদেহ ৰাজ নিমি আৰু ঋষভ পুত্র আধ্যাত্মবিদ্যাত পাৰদৰ্শী কবি, হবি, অন্তৰিক্ষ, প্রবুদ্ধ, পিপুলায়ন, অৱিহোত্র, দ্রুমিল, চমস আৰু কৰভাজন - এই নৱসিদ্ধৰ আধ্যাত্ম সাধনাৰ কথোপকথন বিবৃত হৈছে।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ শ্ৰীশংকৰ ভাগৱত:
মহাপুৰুষে সংস্কৃত ভাগৱত পুৰাণৰ ভালেকেইটা স্কন্ধৰ অনুবাদ কৰ্মত বিষয়বস্তুৰ লগত সঙ্গতি ৰাখি একোটা শিৰোনামা দি পাঠকক মনত ৰখাৰ সুযোগ দিছে। কিন্তু আন কেইটামান স্কন্ধৰ অনুবাদত কোনোধৰণৰ শিৰোনামা দিয়া নাই। শিৰোনামা বিহীন স্কন্ধ সমূহকে শ্ৰীশংকৰ ভাগৱত আখ্যা দিয়া হৈছে। প্রথম, দ্বিতীয়, নৱম, একাদশ আৰু দ্বাদশ স্কন্ধ ভাগৱত ইয়াৰ অন্তর্ভুক্ত। জনবিশ্বাস মতে গুৰুজনাই ভাগৱতৰ প্ৰায় কেইটা স্কন্ধৰ অনুবাদ পাটবাউসীত সম্পন্ন কৰে।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ গুণমালা:
মহাৰাজ নৰনাৰায়ণে ৰাজসভাৰ পণ্ডিতসকলক যেতিয়া হাতী মাৰি ভুৰুকাত ভৰাবলৈ ক'লে, তেতিয়া গুরুজনে ৰাতিটোৰ ভিতৰতে এই পুথিখনি প্রস্তুত কৰি মহাৰাজলৈ আগবঢ়ায়। ৩৭৮ টি পদত সমাপ্ত হোৱা 'গুণমালা' পুথিখনৰ মূল উদ্দেশ্য বিষ্ণুৰ শ্রেষ্ঠত্ব প্রতিপাদন কৰা। ...... "সূতাৰে পুষ্পমালা গ্রথিত কৰাৰ দৰে কবিয়েও কুসুমমালা ছন্দ সূত্ৰেৰে শ্ৰীকৃষ্ণৰ গুণাৱলী অভিনৱ ৰূপত গাঁথি থৈছে।
"মাধৱেহে পিতা। মাধৱেহে মাতা।।
মাধৱেহে ধাতা। মাধবেহে দাতা।।”
কলিকালত যে জ্ঞানতকৈ ভক্তি শ্রেষ্ঠ, তদুপৰি ভক্তিহে যে মুক্তিৰ একমাত্র পথ সিও স্পষ্টভাষাত বিবৃত হৈছে এই পুথিখনিত।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ উত্তৰাকাণ্ড ৰামায়ণ:-
"অনন্ত কন্দলিয়ে প্রাক্ বৈষ্ণৱ যুগৰ কবি মাধৱ কন্দলিৰ ৰামায়ণখনি "ঢাকি তুচকৈ গুচাবৰ মন" দিয়াত শংকৰদেৱে নিজে উত্তৰাকাণ্ড অনুবাদ কৰি মাধৱদেৱৰ হতুৱাই আদিকাণ্ড ৰচনা কৰাই প্ৰতিটো অধ্যায়ৰ শেষত ভক্তি উপদেশৰ আঁচুফুল দি মাধৱ কন্দলিক নৱবৈষ্ণৱ ধৰ্মৰ বেদীত প্ৰতিষ্ঠা কৰাৰ সংবাদ 'কথাগুৰু চৰিত'ত বিবৃত হৈছে। শংকৰদেৱৰ উত্তৰাকাণ্ড বাল্মিকীৰ যথাযথ অনুবাদ নহয়। কবিৰ নিজৰ কথাৰেই 'কথাসাৰ'হে বাল্মিকীৰ বিষয়। গুৰুজনাই মূল কাহিনীভাগ ঠিকেৰাখি আনুসংগিক উপ-কাহিনীবোৰ প্ৰায়ে পৰিহাৰ কৰিছে নহলেবা এটা দুটা শাৰীৰ ভিতৰেদি তাৰ একোটি আভাস দিছে। উত্তৰাকাণ্ড ৰামায়ণত শোকৰ মন্দাকিনী ধাৰা প্ৰবাহিত হৈছে- উত্তাল গতিত। অসমীয়া কবিয়ে সেই শোকৰ ধ্বনিক যথাযথ ভাবেই ভাষান্তৰ কৰিছে। জগত জনক শ্ৰীৰামচন্দ্ৰতকৈ সীতাদেৱীৰ চৰিত্ৰ চিত্ৰণত কবিয়ে অধিক গুৰুত্ব দিয়াটো অসমীয়া উত্তৰাকাণ্ড ৰামায়ণৰ আন এটি লক্ষণীয় কথা।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ কীর্তন ঘোষা:
অসমীয়া বৈষ্ণৱ সম্প্ৰদায়ৰ চাৰিপুথিৰ অন্তৰ্গত মহাপুৰুষ শংকৰ দেৱৰ 'কীৰ্তন' পুথিখনিক অসমৰ জাতি-ধর্ম নির্বিশেষে সকলোৰে আদৰৰ। পুথিখনি একুৰি সাতোটা খণ্ডত বিভাজিত। প্রতিটো খণ্ডতে একো একোটি স্বয়ং সম্পূর্ণ কাহিনী নিটোল ৰূপত অংকিত কৰা হৈছে। পয়াৰ, দুলৰী, ঝুমুৰি আৰু ছবি ছন্দত চৰ্চিত কীৰ্তন ঘোষাৰ প্ৰতিটো কীৰ্তনৰেই ৰূপ দুটি ঘোষা আৰু পদ। ভগৱান শ্রীকৃষ্ণৰ বিভিন্ন লীলা কীর্তন কৰা পুথি খনিৰ নাম 'কীৰ্ত্তন' ৰখাটো তাৎপর্যপূর্ণ। ভক্তি-তত্ত্ব নিৰূপক গ্রন্থ হিচাপে কীর্তন ঘোষাৰ এখনি সুকীয়া স্থান আছে। কীৰ্তনৰ একাধিক আখ্যান-উপাখ্যানৰ মাজেদি হৰিনাম শ্ৰৱণ-কীৰ্তনৰ প্ৰসস্ততা মনোৰমভাৱে বর্ণিত হৈছে। অসমীয়া বৈষ্ণৱ সম্প্ৰদায়ৰ চাৰি বস্তু, নাম, দেৱ, গুৰু আৰু ভকতৰ স্বৰূপ আৰু সিবোৰৰ ভিন্ন লক্ষণো পুথিখনিৰ বিভিন্ন আখ্যানৰ মাজেদি প্রকাশ পাইছে।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ কালিদমন (কালিয়দমন):
কালিয়দমনৰ কাহিনী ভাগৱত পুৰাণ, হৰিবংশ, বিষ্ণুপুৰাণ আৰু ব্রহ্মবৈবর্ত পুৰাণত কথিত হ'লেও গুৰুজনাই ভাগৱত পুৰাণক ভিত্তি কৰিহে নাটখনি প্রণয়ন কৰিছে। গৰু আৰু গৰখীয়াহঁতে পিয়াহত ৰ'ব নোৱাৰি কালি হ্ৰদৰ বিষাক্ত জল পান কৰাৰ লগে লগে চেতনা হেৰুৱাই পেলালে। শ্রীকৃষ্ণই তেতিয়া অমৃত দৃষ্টি নিক্ষেপনেৰে তেওঁলোকক পুনর্জীৱন দান কৰি পাৰৰ কদমডালৰ ওপৰলৈ উঠিগৈ তাৰ পৰা হ্ৰদৰ পানীত জপিয়াই পৰিল। বিষধৰ কালিনাগে শিশু কৃষ্ণক তৎক্ষণাত নেজেৰে মেৰাই ধৰি দংশন কৰিলে। তেওঁ কিছুপৰ তলকা মাৰি ৰ'ল। শ্ৰীকৃষ্ণৰ বিমংগলৰ বতৰা পাই গোপ-গোপী আৰু নন্দ-যশোদাই তুলিলে ক্ৰন্দনৰ ৰোল। কিছুপৰৰ পাচত শ্রীকৃষ্ণই নাগপাশৰ পৰা মুক্তহৈ কালিনাগৰ শিৰত উঠি আৰম্ভ কৰিলে নৃত্য-কৌতুক। নাগপত্নী সবে তেতিয়া আৰম্ভ কৰিলে বিৰাম বিহীন তুতি-নতি। তেওঁলোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ কালিনাগক ৰমণক দ্বীপলৈ স্থানান্তৰ কৰি গোপ-গোপী সকলৰে সৈতে বৃন্দাবনতে ৰাতিটো কটাওঁ বুলি থাকিল। সেইৰাতিয়ে তেওঁলোকক বনজুইয়ে বেঢ়ি ধৰাত শ্রীকৃষ্ণই বনাগ্নি পান কৰি লগৰীয়াহঁতক ৰক্ষা কৰিলে।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ কেলিগোপাল (ৰাসক্রীড়া):
দশমস্কন্ধ ভাগৱতৰ উনত্রিংশ অধ্যায়ৰ পৰা ত্রয়ত্রিংশ অধ্যায়লৈকে এই পাঁচোটা অধ্যায় "ৰাসপঞ্চাধ্যায়" ৰূপে জনা যায়।..... ৰাসৰ বৰ্ণনা বিষ্ণুপুৰাণ আৰু হৰিবংশতো পোৱা যায়। হৰিবংশত ৰাসৰ পৰিৱৰ্তে আছে- 'হল্লীশ ক্রীড়ণম'। প্ৰকৃতিৰ পাৰভঙা সৌন্দৰ্যৰ মাজত শ্রীকৃষ্ণই মোহন বংশীধ্বনি তোলাৰ লগে লগে সুত-স্বামী সকলোকে এৰি থৈ ব্ৰজাংগনা সকলৰ বৃন্দাবনলৈ গমন আৰু কালিন্দীৰ তীৰত শ্ৰীকৃষ্ণৰ সৈতে পুনর্মিলন হৈ মহাৰাসকেলি সম্পাদনৰ লগে লগে 'বাসপঞ্চাধ্যায়'ৰ সামৰণি পৰিছে। ভাগৱত পুৰাণোক্ত ৰাসক্রীড়াৰ কাহিনীটো মহাপুৰুষ শংকৰদেৱে নাট্যৰূপ দিছে মাথোন। এইখনি এখনি নৃত্য-গীত মুখৰ অংকীয়া নাট।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ ৰুক্মিণী হৰণ:
দেশান্তৰীৰ মুখে শ্রীকৃষ্ণ আৰু ৰুক্মিণী উভয়ে উভয়ৰ ৰূপগুণ শ্ৰৱণ কৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি আকৰ্ষিত হ'ল। ৰুক্মিণীৰ বিবাহ কাল সমাগত হোৱাত জেষ্ঠ্য ভাতৃ ৰুক্মবীৰে পিতৃ-মাতৃৰ সিদ্ধান্তৰ বিপৰীতে ভনীয়েকক বিয়া দিবলৈ ঠিক কৰিলে ছেদীৰাজ শিশুপাললৈ। প্রত্যুৎপন্নমতিসম্পন্না ৰুক্মিণীয়ে এই সংবাদ এজন বিশ্বস্ত ব্রাহ্মণৰ যোগেদি শ্রীকৃষ্ণলৈ পঠিয়াই তেওঁক হৰণ কৰি নিবলৈ কাকুতি জনালে। শ্রীকৃষ্ণই খবৰ পায়েই কুণ্ডিললৈ লৰি আহিল আৰু ভৱাণীমন্দিৰৰ পৰা প্ৰত্যাৱৰ্তন কৰা সময়ত ৰুক্মিণী দেৱীক ৰথত তুলিলৈ ৰুক্মসমন্বিতে বিপক্ষী নৃপতি মণ্ডলীক পৰাজিত কৰি দ্বাৰকা পালেগৈ। দ্বাৰকাত ৰীতিমতে শ্রীকৃষ্ণ-ৰুক্মিণীৰ বিবাহ সম্পন্ন হ'ল। ভাগৱতৰ ঘটনাংশ বিশেষ পৰিৱৰ্তন নকৰাকৈ মহাপুৰুষ শংকৰদেৱে আপোন মনৰ মাধুৰী মিলাই "ৰুক্মিণীহৰণ" নাটখনি লিখি উলিয়াইছে। পৰিস্থিতি উজ্জ্বল কৰি তুলিবলৈ দুই-এঠাইত নাট্যকাৰে মূলক ইফালে-সিফালে নকৰা নহয়।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ পাৰিজাত হৰণ:
দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণৰ পাচত ৰামৰায় আঁতাৰ অনুৰোধত গুৰুজনাই "পাৰিজাত হৰণ" নাটখনি ৰচনা কৰে। এই নাটৰ কাহিনীভাগ ভাগৱত পুৰাণ, বিষ্ণুপুৰাণ, আৰু হৰিবংশৰ বিষ্ণু পৰ্বত পোৱা যায়। ভাগৱত পুৰাণৰ কাহিনী বৰ চমু। পুৰাণ খনিৰ মতে, নৰকাসুৰক নিধন কৰি ভগৱান শ্রীকৃষ্ণই স্বৰ্গলৈ গৈ ইন্দ্রক পৰাভূত কৰি পাৰিজাত ফুল দ্বাৰকালৈ লৈ আহে। হৰিবংশত নৰকাসুৰ বধ আৰু পাৰিজাত হৰণৰ কাহিনীয়ে ওঠৰটা অধ্যায় সামৰাটো মনকৰিবলগীয়া। সুৰসকলৰ আবেদনত নৰকাসুৰক বধ কৰি শ্ৰীকৃষ্ণই দ্বাৰকালৈ উভতি আহি প্রিয়তমা ৰুক্মিণীৰ ব্ৰত সমাধা কৰিবলৈ ৰৈৱত পৰ্বত পায়গৈ। তাতেই নাৰদে আহি শ্রীকৃষ্ণক পাৰিজাত এপাহ উপহাৰ দিয়ে। বাসুদেবে সেই পাহ ফুলকে ৰুক্মিণীৰ খোপাত পিন্ধাই দিয়া সংবাদ এজনী দাসীয়ে নি সত্যভামাক দিয়াত তেওঁ অভিমান পাতে। অন্তর্যামী কৃষ্ণই তেতিয়া সত্যভামাক লগতলৈ স্বৰ্গলৈ যায় আৰু ইন্দ্ৰক ৰণত পৰাজিত কৰি আন এপাহ পাৰিজাত আনি সত্যভামাক উপহাৰ দিয়ে।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ শ্রীৰামবিজয় নাট:
শ্ৰীৰামবিজয় বা সীতাস্বয়ম্বৰেই মহাপুৰুষৰ একমাত্ৰ ৰাম বিষয়ক নাট্যৰচনা। চিলাৰায় দেৱানৰ অনুৰোধক্রমে গুৰুজনাই এই নাটখনি ৰচনা কৰিছিল। গুৰুজনাই নশ্বৰদেহ এৰা বছৰতে এই নাটখনিৰ ৰচনা কর্ম সমাপন হৈছিল; অর্থাৎ ১৪৯০ শকত ৰামবিজয় নামৰ নাটখনি ৰচিত হয় আৰু সেই একেবছৰতে তেৰাই সংসাৰী লীলাও সমাপন কৰে। নাটকৰ কাহিনীভাগ বালকাণ্ড ৰামায়ণৰ ১৬-৭২ অধ্যায়ৰ পৰা চয়ন কৰা। মাৰীচ আৰু সুবাহু নামৰ দৈত্যদ্বয়ৰ উৎপাতত ঋষি বিশ্বামিত্রই সুকলমে যজ্ঞ সম্পাদন কৰিব নোৱাৰি অযোধ্যালৈ গৈ ৰজা দশৰথৰ ওচৰ চাপি দৈত্য দমনৰ কাৰণে ৰাম-লক্ষ্মণৰ সহায় ভিক্ষা খুজিলে। আৰম্ভণিতে অনিচ্ছুক হৈছিল যদিও পাচলৈ দশৰথে ঋষিৰ লগত ৰাম-লক্ষ্মণক পঠিয়াবলৈ মাস্তি হ'ল। দুয়ো ভাতৃ যজ্ঞভূমিলৈ গৈ দৈত্যক অপসাৰণ কৰাত ঋষিয়ে যজ্ঞভাগ সম্পন্নকৰাত অসুবিধা নাপালে। কৃতজ্ঞতাৰ চিন স্বৰূপে ঋষি বিশ্বামিত্ৰই তেতিয়া ৰাম-লক্ষ্মণ দুয়োকে মিথিলাৰ ৰাজর্ষি জনক নন্দিনী সীতাৰ স্বয়ম্বৰ সভালৈ লৈ গ'ল আৰু ৰামচন্দ্ৰই হৰধনু ভঙ্গ কৰি সীতা দেৱীক লাভ কৰিলে।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ ৰচনাৱলী সন্দৰ্ভত "বহুমুখী প্রতিভা সম্পন্ন:
মহাপুৰুষ শঙ্কৰদেৱে সৃজনী প্রতিভাৰ যাদুকাঠিৰ পৰশেৰে অসমীয়া ভাষা আৰু সাহিত্যৰ কমনীয়তা আৰু প্ৰকাশিকা শক্তিৰ সমৃদ্ধি সাধনেৰে আমাৰ সাহিত্যক এক মহৎ সাহিত্যৰ স্বৰ্ণ খচিত মিনাৰলৈ উত্তৰণ ঘটায়। মহাপুৰুষৰ বিশাল সাহিত্যৰ ৰূপ ভিন্নতা আৰু বিষয়বস্তুৰ বৈচিত্র্যই বিভিন্ন ৰসামোদী লোকৰ চিত্ত সহজে চুই যায়।" "বিভিন্ন দেৱ-দেৱীৰ বিভীষিকাপূর্ণ পূজা-অর্চনাৰ ঠাইত বিশুদ্ধ হবিনামৰ শ্ৰৱণ-কীৰ্তন আৰু অৰ্চনাৰে জনসাধাৰণক সনাতন সত্যৰ সন্ধান দিয়াৰ মহান উদ্দেশ্য চকুৰ আগত ৰাখি মহাপুৰুষ শঙ্কৰদেৱে যিবোৰ গ্ৰন্থ প্রণয়ন কৰিছিল যিবোৰৰ সৰহ ভাগেই মৌলিক নহয়। সংস্কৃত আৰু বিভিন্ন বৈষ্ণৱী গ্ৰন্থৰ ভাৱানুবাদ কিম্বা ছায়ানুবাদহে।"
"জালিকটা যি কেডাল আছে পুষ্পহাৰ, সেয়েহে মাথোন ভাষা কৰিছে পোহৰ (ৰঘুনাথ চৌধাৰী) পুষ্পহাৰ স্বৰূপ শঙ্কৰ গুৰুৰ প্ৰতিখন গ্রন্থই সমূহ অসমীয়াৰ শ্ৰদ্ধাৰ বস্তু- হৃদয়ৰ ধন।" "অসমীয়া জাতিৰ জনক, সমাজ সংগঠক আৰু সুনিপুণ কলাকাৰ মহাপুৰুষ শঙ্কৰদেৱে জনগণৰ মাজত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে গীত-পদ নাট আদি প্রণয়ন কৰিলেও সিবোৰৰ ভিতৰেদিয়ে বিকশিত হৈছে কবিৰ নরোন্মেষশালিনী সৃজনী প্রতিভা, প্রবাহিত হৈছে বিমলিন সৌন্দর্য বোধৰ অন্তঃ সলিল ফল্গুধাৰা। সত্যৰ সাধনা, মংগল কামনা আৰু সুন্দৰৰ আৰাধনা জগতৰ সকলো সাহিত্যৰে মূলধন।"
এইটো সর্বজনজ্ঞাত কথা যে মহাপুৰুষৰ সমস্ত সাহিত্য কর্মত ব্যৱহৃত ভাষা দুটা। প্ৰথমটো পুৰণি অসমীয়া শঙ্কৰদেৱৰ কীৰ্তন, দশম প্রমুখ্যে প্রায়খিনি ছন্দোবদ্ধ ৰচনাত এইবিধ ভাষাৰ প্ৰয়োগ ঘটিছে। প্রাক্ বৈষ্ণৱ যুগীয় কবিসকলৰ ব্যৱহৃত ভাষা শৈলীৰ বিকশিত ৰূপ এটি ইয়াত আমি লক্ষ্য কৰোঁ। দ্বিতীয়বিধ ভাষা হ'ল- ব্ৰজাৱলী বা ব্রজবুলি।
"- সংস্কৃতৰ পৰা অনুবাদ কৰা হ'লেও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচনা ৰাজীত অসমৰ প্ৰকৃতি, ঘৰবাৰী; চৰাই-চিৰিকতি; বিয়া-সবাহ; উৎসব-অনুষ্ঠান; আচাৰ-বিচাৰ আদিক য'তেই সুবিধা পাইছে, তাতেই ছন্দবদ্ধ কৰাৰ প্ৰয়াস কৰিছে। মধ্যযুগীয় অসমৰ সমাজ আৰু সংস্কৃতিৰ আলোচকৰ পক্ষে সিবোৰৰ ঐতিহাসিক মূল্য কোনোপধ্যেই নুই কৰিব নোৱাৰি।
"- মহাপুৰুষ শঙ্কৰদেৱ মূলতঃ ধৰ্মপ্ৰচাৰক আৰু কবি ৰূপেহে খ্যাত। পিছে ধৰ্মপ্ৰচাৰৰ মহান উদ্দেশ্য আগত ৰাখি ৰচনা কৰা বিভিন্ন গ্ৰন্থৰ মাজেদি ভাৰতীয় বেদান্ত দৰ্শনৰ বিভিন্ন তত্ত্বই ভুমুকি নমৰাকৈও থকা নাই। ড° মহেশ্বৰ নেওগে কবৰ দৰে, "শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰিত হৈছিল জনসাধাৰণৰ আধ্যাত্মিক সান্তনা আৰু সামগ্রিক উন্নতিৰ বাবে সাধাৰণলোকে বুজিবৰ বাবে ৰচনা কৰা গ্ৰন্থসমূহত ক'তো গুৰুজন একান্তভাৱে দার্শনিক আলোচনাত প্রবৃত্ত হোৱা নাই।”
******

Comments
Post a Comment