প্রত্যয় - অসমীয়া ব্যাকৰণ
প্রত্যয় - অসমীয়া ব্যাকৰণ
প্রত্যয় - অসমীয়া ব্যাকৰণ Pratyay Assamese Grammar
- প্রত্যয় ভাঙা
- প্ৰত্যয়ৰ প্ৰকাৰ
- প্রত্যয় কাক বোলে?
- প্রত্যয় কেইবিধ আৰু কি কি? উদাহৰণসহ বুজাই লিখা
![]() |
| প্রত্যয় - অসমীয়া ব্যাকৰণ |
প্রত্যয় কি?
বৃত্তক প্রকৃতি বা মূলৰ লগত বিভিন্ন অর্থত যিবোৰ বর্ণ বা বর্ণসমষ্টি লগ হৈ নতুন শব্দ বা শব্দৰ সাধন কৰে, সেইবোৰকে প্রত্যয় বোলা হয়।
উদাহৰণঃ
সাঁচ - আতীয়া = সাঁচতীয়া
ৰান্ধ - অন - ঈ = ৰান্ধনী
উৰ - অন = উৰণ
খজু - অতি = খজুৱতি
উজ - অনি = উজনি
খোঁচ - অনী = খোঁচনী
পলা - অৰীয়া = পলৰীয়া
প্রত্যয়ৰ প্ৰকাৰ:
- কৃৎ প্রত্যয়
- তদ্ধিৎ প্রত্যয়
- স্ত্রী প্রত্যয়
- নির্দিষ্টবাচক প্রত্যয়
কৃৎ প্রত্যয়:
ধাতু বা মূলৰ লগত যিবোৰ প্রত্যয় যোগ হৈ কৃদন্ত পদ গঠিত হয় সেইবোৰকে কৃৎ প্রত্যয় বোলে। কৃৎ প্রত্যয়ক মুখ্য প্রত্যয় বুলিও কোৱা হয়।
যেনে:
অক - মৰ + অক = মৰক
অঙ - মৰ + অঙ = মৰঙ
অতি - খজুৱা + অতি = খজুৱতি
ই - হাঁহ + ই = হাঁহি
অন - ফুৰ + অন = ফুৰণ
অতীয়া - সাঁচ + অতীয়া = সাঁচতীয়া
উৰা - কান্দ + উৰা = কান্দুৰা
অনিয়াৰ - দেখ + অনিয়াৰ = দেখনিয়াৰ
অক:
(বিশেষ্য শব্দ সজা হয়); যেনে:
মৰ + অক = মৰক
বুধি + অক = বুধিয়ক
খেতি + অক = খেতিয়ক
অঙ:
(বিশেষ্য শব্দ সজা হয়); যেনে:
মৰ + অঙ = মৰঙ
অতি:
(বিশেষ্য শব্দ সজা হয়); যেনে:
খজু (ৱা) + অতি = খজুৱতি
অনি:
(বিশেষ্য পদ সজা হয়) যেনে-
উজ + অনি = উজনি
কাঢ় + অনি = কাঢ়নি
জান + অনি = জাননি
জুৰ + অনি = জুৰণি
অতিয়াল:
(বিশেষণ শব্দ সজা হয়); যেনে:
লাগ + অতিয়াল = লাগতিয়াল
অতীয়া:
(বিশেষণ শব্দ সজা হয়); যেনে:
সাঁচ + অতীয়া = সাঁচতীয়া
আগ + অতীয়া = আগতীয়া
পাছ + অতীয়া = পাছতীয়া
তল + অতীয়া = তলতীয়া
অন:
(বিশেষ্য পদ সজা হয়); যেনে:
উৰ + অন = উৰণ
বুৰ + অন = বুৰণ
চল + অন = চলন
ফুৰ + অন = ফুৰণ
অনা:
(বিশেষ্য শব্দ সজা হয়); যেনে:
খুন্দ + অনা = খুন্দনা
জাপ + অনা =জাপনা
অনীয়া:
(বিশেষ্য আৰু বিশেষণ শব্দ সজা হয়); যেনে:
বাজ + অনা = বাজনা
খোজ + অনীয়া = খোজনীয়া
জিৰা + অনীয়া = জিৰনীয়া
বিলা + অনীয়া = বিলনীয়া
অৰীয়া:
(বিশেষ্য শব্দ সজা হয়); যেনে:
খা + অৰীয়া = খাৱৰীয়া
ভাও + অৰীয়া = ভাৱৰীয়া
পলা + অৰীয়া = পলৰীয়া
আৰু:
(বিশেষ্য শব্দ সজা হয়); যেনে:
লেখ + আৰু = লেখাৰু
শিক + আৰু = শিকাৰু
যুঁজ + আৰু = যুঁজাৰু
আল:
(বিশেষ্য শব্দ সজা হয়); যেনে:
খঙ + আল = খঙাল
নোম + আল = নোমাল
সৰ + আল = সৰাল
ই:
(বিশেষ্য শব্দ সজা হয়); যেনে:
মাৰ + ই = মাৰি
হাহ + ই = হাহি
ঈয়া:
(বিশেষ্য শব্দ সজা হয়); যেনে:
ৰাখ + ঈয়া = ৰখীয়া
মাৰ + ঈয়া = মৰীয়া
কাট + ঈয়া = কটীয়া
উক:
(বিশেষণ শব্দ সজা হয়); যেনে:
মাৰ + উক = মাৰুক
উকা:
(বিশেষণ শব্দ সজা হয়); যেনে:
বহু + উকা = বহুকা
উঙা:
(বিশেষণ শব্দ সজা হয়); যেনে:
উৰ + উঙা = উৰুঙা
উৰা:
(বিশেষণ শব্দ সজা হয়); যেনে:
কান্দ + উৰা = কান্দুৰা
মুত + উৰা = মুতুৰা
দ্বন্দ + উৰা = দন্দুৰা
ওনা:
(বিশেষ্য পদ সজা হয়); যেনে:
পা + ওনা = পাওনা
দে + ওনা = দেওনা
উৱৈ:
(বিশেষ্য পদ সজা হয়); যেনে:
পঢ় + উৱৈ = পঢ়ুৱৈ
খেল + উৱৈ = খেলুৱৈ
মেল + উৱৈ = মেলুৱৈ
তদ্ধিৎ প্রত্যয়:
প্রতিপাদিকৰ পিছফালে যিবোৰ প্রত্যয় যোগ হয় তাকে তদ্বিৎ প্রত্যয় বা গৌণ প্রত্যয় বোলে।
যেনে:-
অক - খেতি + অক = খেতিয়ক
অতী - নাম + অতী = নামতী
অচীয়া - ঘৰ + অচীয়া = ঘৰচীয়া
অৰুৱা - বাট + অৰুৱা = বাটৰুৱা
অনী - হাত + অনী = হাতনী
অতী:
(বিশেষ্য আৰু বিশেষণ শব্দ সজা হয়); যেনে:
আগল + অতী = আগলতী
নাম + অতী = নামতী
ফুল + অতী = ফুলতী
অচীয়া:
(বিশেষণ শব্দ সজা হয়); যেনে:
ঘৰ + অচীয়া = ঘৰচীয়া
অক:
(বিশেষ্য আৰু বিশেষণ শব্দ সজা হয়); যেনে-
খেতি + অক = খেতিয়ক
বুধি + অক = বুধিয়ক
অনী:
(বিশেষণ শব্দ সজা হয়); যেনে:
হাত + অনী = হাতনী
অহ:
(বিশেষণ শব্দ সজা হয়); যেনে:
ৰূপ + অহ = ৰূপহ
আক:
(বিশেষ্য পদ সজা হয়); যেনে:
জোন + আক = জোনাক
আই:
(বিশেষণ শব্দ সজা হয়); যেনে:
বৰ + আই = বৰাই
মিঠা + আই = মিঠাই
আঙ:
(বিশেষণ শব্দ সজা হয়); যেনে-
তৰ + আঙ = তৰাং
থিৰ + আঙ = থিৰাং
আম:
(বিশেষণ শব্দ সজা হয়); যেনে:
ফুল + আম = ফুলাম
সাত + আম = সাতাম
আকি:
(বিশেষ্য শব্দ সজা হয়); যেনে:
চিন + আকি = চিনাকি
আমি:
(বিশেষ্য শব্দ সজা হয়); যেনে:
ঠগ + আমি = ঠগামি
দাদা + আমি = দাদামি
ভণ্ড + আমি = ভণ্ডামি
আৰ:
(বিশেষ্য শব্দ সজা হয়); যেনে:
কাঁহ> কাঁহ + আৰ = কঁহাৰ
সূতা > সূত + আৰ = সূতাৰ
আৰী:
(বিশেষ্য শব্দ সজা হয়); যেনে:
পূজা + আৰী = পূজাৰী
সোন + আৰী = সোনাৰী
আল:
(বিশেষ্য আৰু বিশেষণ শব্দ সজা হয়); যেনে:
গুৰি + আল = গুৰিয়াল
গপ + আল = গোপাল
নোম + আল = নোমাল
পেট + আল = পেটাল
আলি:
(বিশেষ্য শব্দ সজা হয়); যেনে:
খৰ + আলি = খৰালি
পুৰুষ + আলি = পুৰুষালি
বলিয়া + আলি = বলিয়ালি
আহী:
(বিশেষ্য আৰু বিশেষণ শব্দ সজা হয়); যেনে:
মদ + আহী = মদাহী
ছল + আহী = ছলাহী
ইয়াল:
(বিশেষণ শব্দ সজা হয়); যেনে:
মৰম + ইয়াল = মৰমিয়াল
বং + ইয়াল = বঙিয়াল
সাহ + ইয়াল = সাহিয়াল
ইলি:
(বিশেষণ শব্দ সজা হয়); যেনে:
মাহ + ইলি = মাহিলি
ঈ:
(বিশেষণ শব্দ সজা হয়); যেনে:
জোনাক + ঈ = জোনাকী
জাপান + ঈ = জাপানী
অসম + ঈ = অসমী
বঙাল + ঈ = বঙালী
খঙাল + ঈ = খালী
কঙাল + ঈ = কঙালী
উৱা:
(বিশেষ্য আৰু বিশেষণ শব্দ সজা হয়;) যেনে:
এলাহ + উৱা = এলেহুৱা
ঘৰ + উৱা = ঘৰুৱা
নট + উৱা = নটুৱা
ওৱলী:
ৰূপ + ওৱলী = ৰূপোৱালী
সোণ + ওৱলী = সোণোৱালী
কুৰি:
বাট + কুৰি = বাটকুৰি
গিৰি:
গুৰু + গিৰি = গুৰুগিৰি
বাবু + গিৰি = বাবুগিৰি
চুৱা:
ৰঙ + চুৱা = ৰঙচুৱা
নি:
চপৰা + নি = চপৰানি
নৰা + নি = নৰানি
ময়:
অন্ধকাৰ + ময় = অন্ধকাৰময়
শিলা + ময় = শিলাময়
লা:
অন্ধ + লা = অন্ধলা
ৱালা:
ৰুহী + ৱালা = ৰুহীৱালা
ৰিক্সা + ৱালা ৰিক্সাৱালা
আও:
আও + বাট = আওবাট
আও + মৰণ = আওমৰণ
স্ত্রী প্রত্যয়:
পুংলিংগ বাচক শব্দৰ পিছফালে যিবোৰ প্রত্যয় যোগ হৈ শব্দবোৰক স্ত্রীলিংগ বাচক কৰি তোলে সেইবোৰকে স্ত্রী প্রত্যয় বোলে। অসমীয়া ভাষাত স্ত্রী প্রত্যয় সর্বমুঠ চাৰিটা। ঈ, নী, ৰী আৰু অনী।
যেনে:
ঈ - নিলাম + ঈ = নিলাজী
নী - কলিতা + নী = কলিতানী
ৰী - ডেকা + ৰী = ডেকেৰী
অনী - কমাৰ + অনী = কমাৰনী
বান্দৰ + ঈ = বান্দৰী
যখ + নী = যখিনী
কলা + ৰী = কালৰী
ফুকন + অনী = ফুকননী
নির্দিষ্টবাচক প্রত্যয়:
নির্দিষ্টকৈ বুজাবৰ বাবে মূলতঃ বিশেষ্য পদৰ পিছত আৰু কেতিয়াবা বিশেষণ, সংখ্যাবাচক নাইবা প্রথম আৰু দ্বিতীয় পুৰুষৰ বাহিৰে সৰ্বনাম শব্দৰ পাছত কিছুমান প্রত্যয় যোগ হয়, এনেবোৰ প্রত্যয়কে নির্দিষ্টবাচক প্রত্যয় বা নির্দেশাত্মক প্রত্যয় বোলে।
যেনে:
কঠা = চাউলকঠা
কুৰা = জুইকুৰা
খন = সৌখন, পীৰাখন
খিলা = পাতখিলা
খিনি = কলখিনি
গাল = ভাতগাল
চকল = আমচকল
চটা = কাঠচটা
চলু = পানীচলু
চাম = ল'ৰাচাম
জাক = চৰাইজাক
এইবোৰৰ উপৰিও অসমীয়াত পুৰুষবাচক নির্দিষ্টতা বাচক প্রত্যয় আৰু অনির্দিষ্টবাচক প্রত্যয় আৰু সম্বন্ধবাচক নির্দিষ্টবাচক প্রত্যয়ো আছে।
পুৰুষ বাচক নির্দিষ্টবাচক প্রত্যয়:
অসমীয়া ভাষাত সম্বন্ধ বুজোৱা কেতবোৰ শব্দৰ পাছত কিছুমান প্রত্যয় যোৰা দিয়া হয়। সাধাৰণতে সিঁহত সেই শব্দবোৰৰ লগত থকা পুৰুষবাচক সর্বনাম শব্দবোৰৰ প্ৰথম দ্বিতীয় বা তৃতীয় পুৰুষ অনুযায়ী ভিন ভিন হয়। যেনে-
(ক) - (একো যোগ নহয়) এৰ, এৰ-আ, এক
(খ) - সম্বন্ধবাচক শব্দটো অকাৰান্ত হ'লে প্রত্যয়বোৰৰ পৰা এনেকুৱা হয় - (একো যোগ নহয় ৰ,ৰ-আ, ক)
যেনে:
বোপাই - মোৰ বোপাই, তোৰ বাপেৰ, তোমাৰ বাপেৰা, তাৰ বাপেক।
ভাই - মোৰ ভাই, তোৰ ভায়েৰ, তোমাৰ ভায়েৰা, তাৰ ভায়েক।
অনির্দিষ্টবাচক প্রত্যয়:
মাত্র এক সংখ্যাৰ কোনো জীৱ-জন্তু বা বস্তুক বুজাবলৈ নির্দিষ্টবাচক প্রতায়বোৰৰ পাচত 'এ' যোগ কৰা হয়, যেনে- এজন, এখন, ইত্যাদি।
তেনেদৰে, সম্পূর্ণ অনির্দিষ্টতা বুজাবলৈ অসমীয়া ভাষাত কেইটামান প্রত্যয় যোগ দিয়া হয়। যেনে - মান, চেৰেক, দিয়েক, বা, ইত্যাদি।
যেনে-
মান = মানুহ দুজন মান, খৰি দুডালমান।
চেৰেক - দিয়েক = দিনচেৰেক, দিন দিয়েক, গুটি দিয়েক ইত্যাদি।
বা - কেইবাজনো মানুহ, কেইবাশও টকা।
সম্বোধনবাচক নির্দিষ্টতাবাচক প্রত্যয়:
অসমীয়া ভাষাত সম্বোধন বুজাবলৈ কেতবোৰ প্রত্যয়ৰ ব্যবহাৰ আছে। সম্বোধনৰ ক্ষেত্ৰত যিজনে মাতিব তেওঁৰ সৈতে মতাজনৰ সম্বন্ধৰ ওপৰত ভিত্তি কৰি এই প্রত্যয়বোৰ যোগ হয়।
যেনে-
হেৰি- নিজতকৈ ডাঙৰজনক মাতিবলৈ।
হেৰা - নিজৰ সমানজনক মাতিবলৈ।
হেৰ, হেৰৌ - নিজতকৈ সৰুজনক মাতিবলৈ।
হেৰে, হেৰৈ - মৰমৰ সৰুজনক মাতিবলৈ ইত্যাদি।
তদুপৰি সম্বন্ধ বিশেষভাবে নুবুজোৱাকৈ 'হে' ৰূপটো ব্যবহাৰ কৰা হয়। যেনে: হে ভগবান, হে ৰাম ইত্যাদি।
পূর্ব প্রত্যয়:
শব্দৰ আগত কেতবোৰ প্রত্যয় লগ কৰি যিবোৰ শব্দ সাধন কৰা হয় তাকে পূর্ব প্রত্যয় বোলে। তলত কেইটামান পূৰ্বপ্ৰত্যয়ৰ উদাহৰণ দাঙি ধৰা হ'ল। যেনে:
অ - অ + ঘটন = অঘটন
অ + সম = অসম
অন - অন + ইচ্ছা = অনিচ্ছা
অন + উচিত = অনুচিত
অনা - অনা + হক = অনাহক
অণু - অণু + ক্রম = অনুক্রম
অধ - অর্ধ + নগ্ন = অর্ধনগ্ন
আ - আ + জীবন = আজীৱন
আওঁ - আও + বাট = আওবাট
আদ - আদ + বয়স = আদবয়স
উপ - উপ + দ্বীপ = উপদ্বীপ
বদ - বদ + হজম = বদহজম
বি - বি + দেশ = বিদেশ
বে - বে + পৰোৱা = বেপৰোৱা
স - স + তীর্থ = সতীর্থ
নি - নি + ভাঁজ = নির্ভাঁজ
কা - কা + পুৰুষ = কাপুৰুষ
সহ - সহ + কর্মী = সহকর্মী ইত্যাদি।
অসমীয়া ভাষাৰ বহুবচন প্রত্যয়:
অসমীয়া ভাষাত একবচন শব্দৰ লগত কেতবোৰ প্রত্যয়যোগ কৰি বহুবচনৰ অৰ্থ প্রকাশ কৰা হয়। সেইবোৰকে বহুবচন প্রত্যয় বোলে। যেনে-
বোৰ - মানুহবোৰ, ল'ৰাবোৰ, গৰুবোৰ
হঁত - ইহঁত, সিহঁত, ল'ৰাহঁত, ছোৱালীহঁত,
জাক - চৰাইজাত, গৰুজাক, গৰখীয়া জাক
বিলাক - মানুহবিলাক, ছোৱালীবিলাক, বদমাছবিলাক
মখা - গৰুমখা, ল'ৰামখা, ডেকামখা
সকল - পণ্ডিতসকল, শিক্ষকসকল, নেতাসকাল, আইসকল
লোক - চাহাবলোক, বৰলোক
সোপা - সেইসোপা, মেডেলসোপা, ফুটনিসোপা।
ইয়াৰ উপৰিও সম্ভম অৰ্থত বর্গ,বৃন্দ, বাজি, ৰাশি সমূহ ইত্যাদিও বহুবচনৰ প্রত্যয় হিচাপে ব্যবহাৰ কৰা হয়।
*******

Comments
Post a Comment