মহাপুৰুষ মাধৱদেৱৰ জীৱন আৰু সাহিত্য কৰ্মৰাজী বিষয়ে ৰচনা
মহাপুৰুষ মাধৱদেৱৰ জীৱন আৰু সাহিত্য কৰ্মৰাজী বিষয়ে ৰচনা
মহাপুৰুষ মাধৱদেৱৰ জীৱন আৰু সাহিত্য কৰ্মৰাজী বিষয়ে ৰচনা Essay on Mahapurush Madhavdeb- His life and the contribution for society
- মাধৱদেৱৰ সাহিত্য কৃতি
- মাধৱদেৱৰ শিক্ষা
- মাধৱদেৱৰ মাতৃৰ নাম কি
- মাধৱদেবৰ পত্নীৰ নাম কি?
- শংকৰ মাধৱৰ মিলন কত হৈছিল?
- মাধৱদেৱে শংকৰদেৱক কি বুলি সম্বোধন কৰিছিল?
- মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
- মাধৱদেৱে ৰচনা কৰা নাটক কেইখন কি কি?
![]() |
| মহাপুৰুষ মাধৱদেৱৰ জীৱন আৰু সাহিত্য কৰ্মৰাজী বিষয়ে ৰচনা |
মহাপুৰুষ মাধৱদেৱৰ জীৱন আৰু সাহিত্য কৰ্মৰাজী বিষয়ে ৰচনা
আৰম্ভণি:
অসমীয়া ভাষা সাহিত্যৰ বিকাশত বিশেষভাৱে অৰিহণা যোগোৱা এগৰাকী ব্যক্তি হ'ল মহাপুৰুষ মাধৱদেৱ। অসমীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ বিকাশত মহাপুৰুষ শংকৰদেৱৰ পাছতেই মহাপুৰুষ মাধৱদেৱক শ্রদ্ধাৰে সুঁৱৰিব লাগিব। মাধৱদেৱৰ জীৱন আৰু কৰ্ম বিষয়ে আলোচনা কৰিলে নিজৰ আত্মাৰ গভীৰতম প্ৰদেশৰ পৰা মহৎ কাৰ্য সাধিবলৈ এটা প্ৰেৰণা পোৱা যায়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে অসমীয়া সমাজ-সংস্কৃতিলৈ বিশেষ অৱদান আগবঢ়াই থৈ নোযোৱা হ'লে আজি অসমীয়াই অসমীয়া ভাষাক লৈ গৌৰৱ অনুভৱ কৰিব নোৱাৰিলেহেঁতেন।
মাধৱদেৱৰ চমু পৰিচয়:
অসমীয়া নৱ-বৈষ্ণৱ ভক্তিৰ বিকাশত অৰিহণা যোগোৱা এগৰাকী মহান ব্যক্তি মহাপুৰুষ মাধৱদেৱ। তেওঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। তেওঁ বাংলাদেশৰ বাণ্ডুকালৈ গৈ ৰাজেন্দ্র অধ্যাপক টোলত শিক্ষা লাভ কৰিছিল। তেওঁ একাধাৰে ধৰ্ম প্ৰচাৰক, ভক্ত, কবি, নাট্যকাৰ আৰু সুগায়ক আছিল। তেওঁৰ জীৱনৰ আদি কালছোৱা বৰ দুখ-দৰিদ্ৰতাৰে পাৰ কৰিব লগা হৈছিল। সেয়েহে মাধৱদেৱে দৰিদ্ৰতাৰে যুঁজি নিজেই খেতি-বাতি কৰিছিল, ধান কাটিছিল আৰু টঙীত থাকি ভূঁইও কেতিয়াবা ৰাখিবলগা হৈছিল। অভাৱৰ তাড়নাত পৰি তেওঁৰ পৰিয়াল বৰ্গই ৰঙালাউ, জাতিলাউৰ বাকলিকে খাই ভোক নিবাৰণ কৰিবলগীয়াত পৰিছিল। তেনেদৰে প্রায় ডেৰকুৰি বছৰমান জীৱনৰ লগত যুঁজ দিয়াৰ পিছত ১৪৪৫ শকত মাজুলী ধুৱাহাট বেলগুৰিত মাধৱদেৱৰ শংকৰদেৱৰ সৈতে দেখা সাক্ষাৎ হয়। শংকৰক লগ পোৱাৰ পূর্বাবস্থালৈকে মাধৱদেৱ আছিল শাক্তধর্মী লোক। কাৰণ তেওঁ দেৱ-দেৱী পূজাত বিশ্বাস ৰাখিছিল।
বৈষ্ণৱী শংকৰদেৱক লগ পোৱাৰ পিছৰ পৰাই তেওঁৰ শাক্তপন্থৰ পৰা বৈষ্ণৱপন্থীলৈ ঘূৰিল। সেয়েহে তেওঁ তেতিয়াৰে পৰা কায়-মনো-বাক্যে চিত্তে 'এক দেৱ এক সেৱ'ৰ চিন্তাতে মন নিয়োজিত কৰিলে আৰু তেতিয়াৰ পৰাই সম্পদে বিপদে, আলাপ-আলোচনাই সকলো সময়তে গুৰু শংকৰক সহায়-সহযোগিতা আগবঢ়াই একশৰণ নামধৰ্ম প্ৰচাৰ আৰু প্ৰতিষ্ঠা কৰিবলৈ দৃঢ়ব্রতী হ'ল। আনহে নালাগে গুৰুসেৱাত ক'ৰবাত ত্রুটি হয় বুলি ভাবি তেওঁ আজীবন অবিবাহিত হৈয়েই ৰ'ল। শংকৰ-মাধৱৰ এই মিলনক মনিকাঞ্চন সংযোগ বুলি কোৱা হয়।
সাহিত্যৰ ৰূপ অনুসৰি মাধৱদেৱৰ ৰচনাৰাজিক বিভিন্ন ধৰণে ভাগ কৰিব পাৰি। যথা-
(ক) আখ্যানমূলক ৰচনা:
'আদিকাণ্ড ৰামায়ণ' আৰু 'ৰাজসূয় কাব্য' মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা। মাধৱ কন্দলিকৃত ৰামায়ণৰ দুটা কাণ্ড লুপ্ত হোৱাত আদি আৰু উত্তৰা কাণ্ড দুটা পূৰ কৰিবলৈ গুৰুৰ লগত সহযোগ কৰি কন্দলিৰ ৰামায়ণৰ আদিকাণ্ডটো মাধৱদেৱে ৰচনা কৰে। আনহাতে ভাগৱত পুৰাণৰ কাহিনীৰে মাধৱদেৱে ৰাজসূয় কাব্য ৰচনা কৰিছে।(খ) তত্ত্বমূলক ৰচনা:
এহেজাৰ ঘোষা থকা 'হেজাৰী ঘোষা' বা 'নামঘোষা'ই তত্ত্বমূলক ৰচনাৰ ভিতৰত মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা। তেওঁৰ শাস্ত্রজ্ঞান, পাণ্ডিত্য, কবিত্ব, ধার্মিক মতবাদ, আধ্যাত্মিক আদর্শ আৰু ধৰ্মক্ষেত্ৰত লাভ কৰা অভিজ্ঞতা নামঘোষাত পূর্ণ প্রকাশ ঘটিছে। মাধৱদেৱৰ 'জন্ম ৰহস্য' নামৰ সৰু পুথিখনিত সৃষ্টি আৰু প্ৰলয়ৰ বিৱৰণ দি হৰিৰ শ্রেষ্ঠত্ব প্রতিপাদিত কৰিছে। ইয়াৰোপৰি 'ভক্তি ৰত্নাৱলী' গ্রন্থত 'ন' প্ৰকাৰৰ ভক্তি আৰু সৎসঙ্গৰ মহিমা আৰু বিষ্ণু ভক্তিৰ শ্ৰেষ্ঠতা প্রদর্শন কৰাৰ লগতে 'নাম মল্লিকা' গ্রন্থত নামৰ মাহাত্ম্য আৰু নাম লোৱাৰ ফল আৰু লাভ বর্ণিত হৈছে।
(গ) নাট:
'চোৰ্ধৰা পিম্পৰা গুচোৱা', 'দধিমথন', 'ভূমি লেটোৱা' আৰু 'ভোজন বিহাৰ'। এইবোৰৰ বাহিৰেও 'কোটোৰা খেলা', 'ভূষণ হৰণ', 'ব্রহ্মামোহন' আৰু 'বাস ঝুমুৰা' আদি নাটকেইখনি মাধৱদেৱে ৰচনা কৰিছিল যদিও এই নাটকেইখন মাধৱদেৱৰ দ্বাৰা ৰচিত নহয় বুলি পণ্ডিতসকলে মত প্রকাশ কৰা দেখা যায়। ইয়াৰোপৰি গোবর্দ্ধন যাত্রা 'নৃসিংহ যাত্রা' আৰু 'ৰাসযাত্রা' নামৰ ভাওনা মাধৱদেৱে কৰাইছিল বুলি চৰিত পুথিত উল্লেখ আছে কিন্তু বৰ দুখলগা বিষয় এয়ে যে আজিলৈকে সেই নাটকেইখন উদ্ধাৰ হোৱা নাই।
সেয়েহে প্ৰকৃততে চোৰধৰা পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আৰু দধিমথন বা অর্জুন ভঞ্জনকেই তেওঁ ৰচনা কৰা নাট বুলি ধৰা হয় যদিও অর্জুন ভঞ্জনৰ বাহিৰে বাকীকেইখনক ঝুমুৰা বুলি কোৱা হয়। কাৰণ তেওঁ সেই নাটকেইখন একোটা সম্পূর্ণ বিষয়বস্তু বা ঘটনাৰ সলনি ক্ষুদ্র ঘটনা বা পৰিস্থিতিক লৈ ঠেক পৰিসৰত ৰচনা কৰিছিল। শংকৰদেৱৰ আটাইকেইটা অংকীয়া নাটৰ বৈশিষ্ট্য 'অর্জুন ভঞ্জন' নাটত থকা বাবে মাধৱদেৱৰ এইখন নাটকক অংকীয়া নাট বুলি ধৰা হয়।
(ঘ) গীতঃ
মাধৱদেৱৰ বৰগীত আৰু ভটিমাসমূহ অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পত্তি। গুৰুবাক্য শিৰত লৈ মাধৱদেৱে ন-কুৰি এঘাৰটা বৰগীত ৰচনা কৰে। মাধৱদেৱৰ এই বৰগীতসমূহ ভক্তপ্ৰাণৰ মৰ্মস্পর্শী প্রকাশ। দাস্য আৰু বাৎসল্য এই দুয়ো ভাবৰে গীত তেওঁ ৰচনা কৰিছিল যদিও বাৎসল্য ভাবৰ গীতৰ সংখ্যা সবহ। এনে গীতবোৰত শিশু চৰিত্ৰৰ অভিব্যক্তি, সজীবতা, ভাষাৰ মাধুৰ্য আৰু কবি প্ৰাণৰ উচ্ছ্বাস আৰু হৃদয়াকৃতি অতি সার্থকভাবে প্রকাশ পাইছে। মাধৱদেৱৰ বৰগীতত শ্রীকৃষ্ণৰ শিশু লীলাই অধিক প্রাধান্য পোৱা দেখা যায়।
মহাপুৰুষ শংকৰদেৱৰ তুলনাত মাধৱদেৱৰ ৰচিত সাহিত্য সংখ্যাত কম। কিন্তু এই ৰচনাসমূহ অসমীয়া সাহিত্যত সোণৰ দৰেই উজ্জ্বল হৈ আছে। মাধৱদেবৰ নামঘোষা, বৰগীতসমূহ আৰু নাটকেইখনিয়েই পুৰণি অসমীয়া সাহিত্যত তেওঁৰ নাম চিৰস্মৰণীয় কৰি ৰাখিছে।
সামাজিক আৰু ধর্মীয় জীবনত প্রভাব বিস্তাৰঃ
মাধৱদেৱৰ নাটসমূহে অসমীয়া জনজীৱনৰ সামাজিক আৰু ধর্মীয় দিশত যথেষ্ট প্রভাব বিস্তাৰ কৰিছে। অংকীয়া নাটসমুহৰ প্ৰধান উদ্দেশ্যটোৱেই হৈছে ভগৱানৰ তথা দেৱ-দেৱীৰ মাহাত্ম্যমূলক লীলাসমূহ দৃশ্য ৰূপত জনসাধাৰণৰ আগত উপস্থাপন কৰি জনগণক ধর্মীয় দিশৰ প্রতি মন আকৰ্ষণ কৰা আৰু ইয়াৰ গৌণ উদ্দেশ্যটি হৈছে দর্শকক মনোৰঞ্জন দান কৰা। অংকীয়া ভাওনাসমূহ ধর্মীয় নাট্য অনুষ্ঠান বুলিব পাৰি। এই নাট-ভাওনাই দর্শকৰ চিত্ত বিনোদন কৰাৰ উপৰিও ভাগৱতী ধৰ্মটোৰ প্রতি দর্শকক মন আকর্ষিত কৰি তুলিছিল। তদুপৰি অভিনয় কলা সুন্দৰ কৰি তুলিবলৈ ব্যৱহাৰ কৰি বিভিন্ন আহিলা, সা-সৰঞ্জাম আৰু আয়োজনৰ প্রয়োজনখিনি প্রস্তুত কৰাৰ ক্ষেত্ৰত কোনো ত্রুটি নাছিল। সেয়েহে এই নাটৰ অভিনয় ব্যবস্থাই এটা কলাত্মক অভিব্যক্তি হিচাপে জনসমাজত সমাদৃত হৈ পৰে।
ভাওনাত ব্যৱহৃত ৰং, মুখা, সাজ-পোছাক, অস্ত্র-শস্ত্র, মুকুট, খোল, তাল আদি এইখিনি প্ৰস্তুতকৰণৰ হেতু ভিন্ন ক্ষেত্ৰতেই শিল্পী আৰু কাৰিকৰ গঢ়ি উঠিছিল আৰু সেই শিল্পচর্চাৰ যোগেদি অসমীয়া সমাজখনক এটি সুন্দৰৰ পথত আগুৱাই নিবলৈ সক্ষম হৈছিল। এই ভাওনাক কেন্দ্ৰ কৰিয়েই আমাৰ গাঁওসমূহত গায়ন-বায়নৰ সৃষ্টি হয় আৰু তাৰ যোগেদি সংগীত অনুশীলনৰ বাট ওলায়। তেনে এটি ধর্মীয় উৎসৱৰ যোগেদি অসমীয়া জনগণৰ মাজত ফুটি উঠা দেখা গৈছে- পাৰস্পৰিক সৎভাৱ, মিলাপ্রীতি আদি। ভাওনাত অভিনীত হোৱা দেৱতাৰ লীলা মাহাত্ম্য দৰ্শন কৰিবলৈ পাই আৰু ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়ৰ কথা বুজি পাই দৰ্শকৰ মন-প্রাণ ভগৱৎমুখী হৈ পৰিছিল। আনহে নালাগে জনগণৰ নৈতিক দিশতো উৎকর্ষ সাধন হোৱা পৰিলক্ষিত হৈছিল।
সামৰণি:
অসমীয়া জাতিয়ে জ্ঞান, ধর্ম, শিক্ষা সকলোতে মহান হ'ব খুজিলে অসমৰ অপূৰ্ব কৰ্মবীৰ, ধৰ্মবীৰ, সাহিত্যৰথী, জাতীয় জীৱন গঠনকর্তা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ গুণ-গান, জীৱনী আৰু কাৰ্যাৱলীৰ অধ্যয়ন আৰু আলোচনা কৰিব লাগিব আৰু তেওঁলোকে দেখুৱাই যোৱা সত্যৰ পথত আগুৱাবলৈ সদাপ্রস্তুত হ'ব লাগিব। দেশৰ ভৱিষ্যতৰ উজ্জ্বল ছবি মনত লৈ সমাজৰ কল্যাণ কামনা কৰি ধৰ্ম পথৰ সম্বল গোটাই চলিবলৈ আজি সকলো অসমীয়াই এই পৱিত্ৰ দিনত অসমৰ শ্ৰেষ্ঠ সন্তান শংকৰদেৱ আৰু মাধৱদেৱৰ চৰণত বিনীতভাৱে আমাৰ ভক্তি পুষ্পাঞ্জলি নিবেদন কৰিব লাগিব। ইয়াকে যদি নকৰে মহাপুৰুষ মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। এই মহান ব্যক্তিজনৰ ১৫৯৬ চনত দেহাবসান ঘটে।
*****

Comments
Post a Comment