অসমৰ গুৱাহাটীৰ আকৰ্ষণীয় পর্যটন স্থানসমূহ
অসমৰ গুৱাহাটীৰ আকৰ্ষণীয় পর্যটন স্থানসমূহ
গুৱাহাটীৰ বিষয়ে - অসমৰ গুৱাহাটীৰ আকৰ্ষণীয় পর্যটন স্থানসমূহ About Guwahati Assam Most Popular unique tourist spot or places to visit in Guwahati Assam
গুৱাহাটীৰ বিষয়ে:
গুৱাহাটীৰ অৱস্থানঃ-গুৱাহাটী কামৰূপ জিলাৰ সদৰ ঠাই আৰু অসমৰ এখন প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম প্রাগজ্যোতিষপুৰ। ইয়াতেই তাহানি নৰকাসুৰ, ভগদত্ত আদি ৰজাসকলে ৰাজত্ব কৰিছিল। এতিয়াও ই জিলাৰ শাসনৰ কেন্দ্ৰস্থল। ইয়াৰ উত্তৰে ব্ৰহ্মপুত্র নদ, পূবে নাৰেঙ্গী, দক্ষিণে বেলতলা, খানাপাৰা আৰু পশ্চিমে মির্জা, পলাশবাৰী আদি ঠাই।
গুৱাহাটীৰ প্রাকৃতিক বিৱৰণ: গুৱাহাটী নগৰখনৰ প্ৰাকৃতিক দৃশ্য মনোৰম। নগৰৰ মাজত আৰু চাৰিওফালে সৰু সৰু ধুনীয়া পাহাৰে আগুৰা। নীলাচল পাহাৰত কামাখ্যা দেৱী আৰু ভুৱনেশ্বৰীৰ মন্দিৰ আছে। পাহাৰবোৰ নানা গছ-গছনিৰে পূৰ্ণ হৈ আছে। ব্ৰহ্মপুত্ৰৰ মাজত উর্বশী আৰু উমানন্দ দুটা টিলাৰ ওপৰত অৱস্থিত। উর্বশী আৰু উমানন্দৰ প্ৰাকৃতিক দৃশ্য মনোৰম। নৱগ্ৰহ পাহাৰত নৱগ্ৰহ দেৱালয় আছে। এই পাহাৰৰ দৃশ্যও মনোৰম। ওচৰৰ পাহাৰৰ ওপৰত উঠি নগৰখন চালে বৰ ধুনীয়া দেখি। উত্তৰ কাষেৰে ব্ৰহ্মপুত্র নদ বৈ গৈ চহৰখনৰ বাণিজ্যৰ উন্নতি সাধন কৰাৰ লগতে সৌন্দর্যও দুগুণে বঢ়াইছে। গুৱাহাটীৰ দক্ষিণে সন্ধ্যাচল পাহাৰত বশিষ্ঠাশ্ৰম। ইয়াৰ প্ৰাকৃতিক দৃশ্য সৱাতোকৈ মনোৰম। সন্ধ্যা, ললিতা, কান্তা নামেৰে। তিনিটা নিজৰা কুলু কুলু ধ্বনিৰে বৈ পাহাৰখনৰ দৃশ্য বেছি আকর্ষণীয় কৰি তুলিছে।
গুৱাহাটীৰ অধিবাসী আৰু শিক্ষাৰ কেন্দ্ৰ:গুৱাহাটী চহৰত মুঠতে লোকসংখ্যা চাৰি লাখৰ ওপৰত আছে আৰু সকলো জাতিৰ লোকৰ বসতিস্থান। হিন্দু-মুছলমান, শিখ, বৌদ্ধ, জৈন আদি সকলো ধৰ্মৰ মানুহ ইয়াত আছে। গুৱাহাটী ব্যৱসায়ৰ প্রধান কেন্দ্রস্থল হোৱাত এই সকলোবোৰ মানুহৰ বসতিৰ সুবিধা হৈ পৰিছে। গুৱাহাটী শিক্ষাৰ ঘাই কেন্দ্রস্থল। ইয়াত কটন কলেজ, বি. বৰুৱা কলেজ, প্রাগজ্যোতিষপুৰ কলেজ, সন্দিকৈ ছোৱালী কলেজ, আর্য্য বিদ্যাপীঠ কলেজ, 'ল' কলেজ আৰু 'কমার্চ' কলেজ আছে। কেইবাখনো অসমীয়া আৰু বঙালী হাইস্কুল আৰু এখন হিন্দী হাইস্কুল আছে। চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ, আয়ুর্বেদ কলেজো আছে। পশু চিকিৎসাৰ বাবেও ভেটেৰিনাৰী কলেজ ইয়াত আছে। ইয়াত এখন ইঞ্জিনীয়াৰিং ইনষ্টিটিউট্ আৰু এখন ইঞ্জিনীয়াৰিং কলেজ আছে। আন আন কেইবাখনো টেক্সিনকেল স্কুলো ইয়াত স্থাপিত হৈছে। শিক্ষাৰ ঘাই কেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয় এই চহৰতেই। হাজাৰ হাজাৰ ছাত্ৰই এই শিক্ষানুষ্ঠানবোৰত। অধ্যয়ন কৰি আছে। ইয়াত দুটা ডাঙৰ ৰাজহুৱা পুথি-ভঁৰাল আছে। বোৱা-কটা আৰু বোবা-কলাৰো এখন স্কুল আছে।
গুৱাহাটীৰ ব্যৱসায় কেন্দ্ৰঃ-গুৱাহাটী এটা ডাঙৰ বেল-ষ্টেচন আৰু ব্যৱসায়ৰ কেন্দ্ৰস্থল। ব্ৰহ্মপুত্র নদ ইয়াৰ ব্যৱসায়ৰ মুখ্য বাহন। ইয়াৰ ওচৰতে বহুতো কাৰখানা আৰু ১ 'তেল-শোধনাগাৰ' স্থাপিত হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হোৱাত স্থল-ব্যৱসায়ৰ সূচল হৈছে।
গুৱাহাটীৰ যাতায়াত পথঃ-গুৱাহাটীৰপৰা আন ঠাইলৈ আৰু আন ঠাইৰপৰা গুৱাহাটীলৈ অহা-যোৱা ব্যৱস্থা অতি সুন্দৰ। ৰেল, মটৰ আদিৰে সকলো ঠাইলৈ অহা-যোৱা কৰিব পাৰি। গুৱাহাটীৰ পশ্চিমে বৰঝাৰত এটা ডাঙৰ বিমান-ঘাটি আছে। তাৰপৰা আকাশী জাহাজেবে ভাবতৰ প্ৰধান ঠাইবোৰলৈ অহা-যোৱা কৰিব পাৰি। শ্বিলং আৰু গাৰোপাহাৰলৈ যদিও বেল-লাইন নাই, তথাপি মটৰেৰে অহা-যোৱা কৰাৰ সুন্দৰ ব্যৱস্থা আছে। এইবোৰ ব্যৱস্থাৰ কাৰণেই গুৱাহাটীক অসমৰ দুৱাৰ-মুখ বুলিব পাৰি।
গুৱাহাটীৰ চিকিৎসা কেন্দ্রঃ-গুৱাহাটীত সকলো ধৰণৰ চিকিৎসাৰে সুব্যৱস্থা আছে। গুৱাহাটীত 'মেডিকেল কলেজ'ৰ তত্ত্বাৱধানত এখন ডাঙৰ হস্পিতাল আছে। চহৰৰ একেবাৰে দক্ষিণ দাঁতিত কালাপাহাৰৰ নামনিত 'লোকপ্রিয় বৰদলৈ যক্ষ্মা হস্পিতাল'। তাত যক্ষ্মা-ৰোগীক চিকিৎসা কৰা হয়। ছাত্ৰীবাৰীত মিশ্যনেৰীসকলৰ এখন ডাঙৰ হস্পিতাল আছে। আধুনিক পশু চিকিৎসালয় এখনো আছে। জনস্বাস্থ্য বিভাগৰ সুবন্দবস্তও আছে।
গুৱাহাটীৰ আন আন সুবিধা:-আনন্দ উপভোগ কৰাৰ বাবে নানা প্রকাৰৰখেল-ধেমালিৰ সুবিধা আছে আৰু তাৰ বাবে এখন ডাঙৰ 'ষ্টেডিয়াম' আছে। চহৰৰ মাজত কেইবাটাও 'চিনেমা হ'ল' আছে। তাত নিতৌ চিনেমা চলি থাকে। তাৰোপৰি সময়ে সময়ে থিয়েটাৰ আৰু বহুতো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰপৰা কেবাখনো দৈনিক বাতৰি কাকত, কেইবাখনো সাপ্তাহিক আৰু মাহেকীয়া আলোচনী ওলায়। আকাশবাণীৰ (অনাতাঁৰ) প্রধান কেন্দ্ৰও ইয়াতেই। - এই অনাতাঁৰ কেন্দ্ৰৰপৰা ভালেমান খবৰ-বাতৰি আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰিত - হয়। গুৱাহাটীৰ ওচৰতেই কাহিলীপাৰাত চিনেমা-স্টুডিঅ' (জ্যোতি চিত্রবন) নির্মাণ কৰিছে।
গুৱাহাটীৰ শাসন আৰু বিচাৰ কেন্দ্ৰ: কামৰূপ জিলাৰ উপায়ুক্ত এই নগৰতেই থাকে। চহৰৰ ভিতৰত যাতে চুৰি-ডকাইতি নাইবা কোনো ৰকম কাজিয়া হ'ব নোৱাৰে, তাৰ বাবে এখন সদৰ থানা আৰু কেইবাখনো শাখা থানা আছে। বিচাৰৰ বাবে ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় আছে। নগৰৰ ভিতৰত পানী আৰু বিজুলীৰ যোগান ধৰিবলৈ 'ইলেকট্রিচিটি' বোর্ড আছে।
গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ। দেশৰ আৰু জনসাধাৰণৰ উন্নতিৰ বাবে সকলো ব্যৱস্থা ইয়াত আছে। এই নগৰ দিনে দিনে বাঢ়িয়েই আছে। বাজ্যিক চিৰিয়াখানা আৰু ৰাজ্যিক সংগ্রহালয়ো ইয়াত আছে। এই সকলোবোৰ কেন্দ্ৰৰ যোগেদি ছাত্র-ছাত্রী তথা অসমীয়া ৰাইজে জ্ঞান আহৰণ কৰাৰ সুবিধা পাইছে। গুৱাহাটীৰ ওচৰতে দিছপুৰত বৰ্তমান অসমৰ ৰাজধানী পতা হৈছে।
অসমৰ গুৱাহাটীৰ আকৰ্ষণীয় পর্যটন স্থানসমূহ
অসমৰ ৰাজধানী চহৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমুখ গুৱাহাটী প্রাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ। ব্ৰহ্মপুত্র নদী, সেউজীয়া পাহাৰ, মঠ-মন্দিৰ আদিৰে গুৱাহাটী পৰ্যটনৰ বাবে এক আকর্ষণীয় স্থান। দেশৰ বিভিন্ন উত্তৰ-পূর্বাঞ্চলৰ মহানগৰ, চহৰসমূহলৈ বিমান সেৱাৰ প্ৰচলন আছে। অসমৰো বিভিন্ন স্থানলৈ গুৱাহাটীৰপৰা বিমান সংযোগ আছে। ৰেল আৰু বাছেৰেও গুৱাহাটীলৈ অহা-যোৱা কৰিব পাৰি। গুৱাহাটীৰ বিভিন্ন পর্যটন স্থানলৈ ৰেল, বাছ, সৰু মটৰ-গাড়ীৰে অহা-যোৱা কৰিব পাৰি। 'কণ্ডাক্টেড টুৰ'ৰ ব্যৱস্থাও আছে। থকা-মেলাৰ বাবে বিভিন্ন হোটেল আৰু অসম পৰ্যটনৰ পর্যটন নিবাস, আৱর্ত ভৱন আদি আছে। বিদেশী মুদ্রা সলনি কৰিবলৈ কেতবোৰ বেংকত সু-ব্যৱস্থা আছে।
(ক) কামাখ্যা মন্দিৰ (Kamakhya Temple):
গুৱাহাটীৰ নীলাচল পাহাৰৰ ওপৰত অৱস্থিত কামাখ্যা মন্দিৰ ভাৰতৰ ভিতৰতে এখন প্রখ্যাত তীর্থস্থান। গুৱাহাটীৰ আটাইতকৈ দর্শনীয় স্থানসমূহৰ ভিতৰত কামাখ্যা অন্যতম। কামাখ্যা মন্দিৰৰ ব্যাঘ্ৰদ্বাৰ, হনুমন্তদ্বাৰ, স্বৰ্গদ্বাৰ আৰু সিংহদ্বাৰ নামে চাৰিটা পথ নৰক ৰজাই এনিশাৰ ভিতৰতে সজাইছিল বুলি জনা যায়। কালাপাহাৰে কামাখ্যা মন্দিৰ ধ্বংস কৰাৰ পাছত ১৬৬৫ চনত ৰজা নৰনাৰায়ণে ইয়াক পুনৰ নিৰ্মাণ কৰি উলিয়ায়। ইয়াৰপৰা ব্ৰহ্মপুত্র নদী আৰু মহানগৰৰ দৃষ্টিনন্দন দৃশ্য দেখিবলৈ পোৱা যায়। মন্দিৰৰ কাষত এটা শিলেৰে আবৃত দ' পুখুৰী আছে। এই পুখুৰীত বৃহৎ আকাৰৰ কাছ পোৱা যায়। কামাখ্যা দেৱৰ পূজা-অর্চনা কৰিবলৈ মন্দিৰৰ দুৱাৰ পুৱা আঠ বজাৰপৰা বিয়লি পাঁচ বজালৈ খোলা থাকে। অম্বুবাচীৰ তিনিদিন মন্দিৰ দৰ্শন আৰু পূজা-অর্চনা নহয়। পাছত উলহ-মালহেৰে বৃহৎ মেলা অনুষ্ঠিত হয়। মেলালৈ দেশ-বিদেশৰপৰা তীর্থযাত্রী, সন্ন্যাসী তথা বিভিন্ন পৰ্যটকৰ আগমন ঘটে। কামাখ্যা মন্দিৰৰ কাষতে ভৈৰৱী, কামেশ্বৰ, সিদ্ধেশ্বৰ, ধূমাৱতী, কোটি লিঙ্গ, তাৰা, কালী আদিকৈ কেবাটাও সৰু মন্দিৰ আছে। কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ বাছ আৰু টেক্সিৰ সুবিধা আছে।
(খ) ভূবনেশ্বৰী মন্দিৰ (Bhubaneswari Temple):
নীলাচল পাহাৰৰ শিখৰত, কামাখ্যা মন্দিৰৰপৰা ওপৰত ভূৱনেশ্বৰী মন্দিৰ অৱস্থিত। ইয়াব অধিষ্ঠাতা দেবী মহাগৌৰী। কামাখ্যাৰপৰা খোজকাঢ়ি আৰু টেক্সিবেও এই মন্দিৰ দৰ্শন কৃৰিব পাৰি। ইয়াৰপৰাও গুৱাহাটীৰ নৈসর্গিক দৃশ্যৰাজি উপভোগ কৰিব পৰা যায়।
(গ) উমানন্দ (Umananda):
ব্রহ্মপুত্র নদীৰ মাজত শৈলদ্বীপত অৱস্থিত উমানন্দৰ দৃশ্যৰাজি মনোৰম। শিৱৰাত্ৰিৰ দিনা ইয়াত পূজা আৰু মেলা আয়োজিত হয়। ১৬৬৪ চনত নির্মাণ কৰা এই শিৱমন্দিৰটো দৰ্শনৰ বাবে তীর্থযাত্রী তথা পর্যটকসকলে নাও বা ফেৰীৰে যাতায়াত কৰিব লাগে। উমানন্দক ভস্মাবল, ভস্মকুট আৰু ভস্মশৈল নামেৰেও জনা যায়।
(ঘ) শুক্ৰেশ্বৰ মন্দিৰ (Sukreswarandir):
গুৱাহাটীৰ পাণবজাৰৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা এটি টিলাৰ ওপৰত শুক্রেশ্বর মন্দিৰ অৱস্থিত। ইয়াত এটি শিৱলিঙ্গ আছে। মুনি শুক্রাচার্যই থাপনা কৰা বাবে ইয়াক শুক্ৰেশ্বৰ বুলি কোৱা হয়। শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰে আহোম ৰজা প্রমত্ত সিংহই।
(ঙ) বশিষ্ঠ মন্দিৰ (Basistha Temple):
গুৱাহাটীৰ একেবাৰে দক্ষিণ প্রান্তত পাহাৰেৰে পৰিবেষ্টিত হৈ আছে বশিষ্ঠ মুনিৰ আশ্রম। সন্ধ্যা, ললিতা, কান্তা নামেৰে তিনিটা সুঁতি আহি ইয়াত লগ লাগিছে। বশিষ্ঠ দেৱৰ এই মন্দিৰৰ ভিতৰত তেওঁৰ পদচিহ্ন আছে। বছৰৰ সকলো সময়তে ইয়াত পূজা-অর্চনা চলে আৰু বহু যাত্ৰীৰ সমাগম হয়। ইয়াৰ দাঁতি-কাষৰীয়া ঠাইত বনভোজ খোৱা আৰু পক্ষী নিৰীক্ষণ কৰাৰ বেচ সুবিধা আছে। এই মন্দিৰলৈ গুৱাহাটী চিটিবাছৰ সংযোগ থকাৰ লগতে অটোৰিক্সা আৰু মটৰ-গাড়ীৰ ভাড়ালৈ পোৱা যায়।
(চ) নৱগ্রহ (Navagraha):
গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অবস্থিত। পুৰণিকালত ইয়াত জ্যোতিষশাস্ত্র চর্চা কৰা হৈছিল বুলি জনা যায়। এতিয়াও এই চর্চা অব্যাহত আছে। জ্যোতিষশাস্ত্ৰৰ কেন্দ্ৰস্থল বুলি পৰিচিত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰে ৰাজেশ্বৰ সিংহই। এই মন্দিৰ দৰ্শনৰ বাবে টেক্সি, অটোৰিক্সা বা খোজকাঢ়িও যাব পাৰি। ইয়াৰ নৈসর্গিক দৃশ্যৰাজিয়ে যাত্রীক আপ্লুত কৰে।
(ছ) উগ্রতাৰা (Ugratara):
গুৱাহাটীৰ উজানবজাৰৰ যোৰ পুখুৰী পাৰত দেৱী উগ্ৰতাৰাৰ পীঠস্থান অৱস্থিত। এই মন্দিৰত সময়ে সময়ে পূজা-অর্চনা চলি আহিছে। যোৰ পুখুৰী নামে পৰিচিত পুখুৰী দুটা ১৭৩৮ চনত আহোম ৰজা শিৱসিংহই খন্দোৱাইছিল বুলি জনা যায়। টেক্সি, অটোৰিক্সা বা খোজকাঢ়ি এই মন্দিৰ দৰ্শন কৰিব পাৰি।
(জ) গান্ধীমণ্ডপ (Gandhi Mandap):
গুৱাহাটীৰ দক্ষিণ শৰণীয়া পাহাৰৰ ওপৰত গান্ধীমণ্ডপ অৱস্থিত। প্রতি বছৰে গান্ধী জয়ন্তী উলহ-মালহেৰে পালন কৰা হয়। ইয়ালৈ টেক্সি, অটোৰিক্সা বা খোজকাঢ়িও যাব পাৰি। মণ্ডপৰপৰা ব্যস্ততাপূর্ণ মহানগৰৰ দৃশ্য উপভোগ কৰিব পাৰি।
(ঝ) দৌলগোবিন্দ (Doul Govinda):
ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে, উত্তৰ গুৱাহাটীত দৌলগোবিন্দ মন্দিৰ অৱস্থিত। সদায় এই মন্দিৰত পূজা-অর্চনা চলে আৰু যথেষ্ট লোকৰ সমাগম ঘটে। দৌলোৎসৱৰ সময়ত ইয়ালৈ বহু দূৰ-দূৰণিৰ পর্যটকো আহে। গুৱাহাটীৰপৰা চিটিবাছ বা ফেৰীৰে উত্তৰ গুৱাহাটীলৈ যাব পাৰি।
(ঞ) অশ্বক্রান্ত (Aswaklanta):
উত্তৰ গুৱাহাটীত অশ্বক্লান্ত অৱস্থিত। ইয়াক অশ্বক্রান্ত নামেৰেও জনা যায়। শ্রীকৃষ্ণৰ ঘোঁৰা ক্লান্ত হৈ ইয়াত পানী খাইছিল বুলি প্রবাদ আছে। অশ্বক্লান্ত এটা কুণ্ড। ইয়াত কুর্মরূপী বিষ্ণু, অনন্ত শয্যাত শায়িত নাৰায়ণ আৰু দশাৱতাৰ মূর্তি আছে। অশোকাষ্টমীৰ দিনা ইয়াত বহু লোকৰ সমাগম হয়।
(ট) মণিকণেশ্বৰ (Manikaneswar):
উত্তৰ গুৱাহাটীৰ মণিশৈল পাহাৰত মণিকণেশ্বৰ নামেৰে এটি শিৱলিঙ্গ আছে। ইয়াৰ গাতে লাগি আছে বিশাল ব্রহ্মপুত্র। বনভোজৰ বাবে ই আকর্ষণীয় স্থান। মণিকৰ্ণেশ্বৰ মন্দিৰৰ কাষত এটি সৰোবৰ আছিল যদিও খহনীয়াৰ ফলত ই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যায়।
চ) চিৰিয়াখানা (Assam Zoo & Botanical Garden):
গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ দাঁতিত জাপৰিগোগ অঞ্চলত অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যান অৱস্থিত। ইয়াত বিভিন্ন জীৱ-জন্তু সংৰক্ষণৰ ব্যৱস্থা আছে। বিভিন্ন আপুৰুগীয়া উদ্ভিদ আৰু প্ৰাণীৰ বাবে ই উল্লেখযোগ্য। চিৰিয়াখানাৰ ভিতৰভাগত এখনি শিশু উদ্যানো আছে। প্রতি শুকুৰবাৰে চিৰিয়াখানা দৰ্শকৰ বাবে বন্ধ থাকে।
(ড) শঙ্কৰদেৱ কলাক্ষেত্র (Sankardev Kalakhetra):
মহানগৰীৰ পাঞ্জাবাৰীত নতুনকৈ নিৰ্মাণ কৰা শঙ্কৰদেৱ কলাক্ষেত্ৰ পৰ্যটকৰ বাবে আকৰ্ষণৰ এক কেন্দ্রবিন্দু। ইয়াৰ চৌপাশে অংকিত চিত্র আৰু মূর্তিসমূহে শ্রীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰক আকর্ষণীয় কৰি তুলিছে। ৰংঘৰৰ আৰ্হিত নির্মিত তোৰণ মনোৰম ৰূপত সাজি উলিওৱা হৈছে। মুকলি আকাশৰ তলত মুকলি মঞ্চত আয়োজিত ভিন্নবর্তী অনুষ্ঠানে সকলো দর্শককে মোহিত কৰে। ইয়াত এটা সাংস্কৃতিক সংগ্ৰহালয়ৰো ব্যৱস্থা কৰা হৈছে। ইয়ালৈ চিটিবাছ, অটোৰিক্সা, টেক্সি আদিৰ সুবিধা আছে।
(ঢ) ৰাজ্যিক সংগ্ৰহালয় (Assam State Museum):
গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত বাজ্যিক সংগ্রহালয়টো অৱস্থিত। সপ্তম শতিকাৰে শিলত কটা ভাস্কর্য আৰু পিতলৰ মূৰ্তি তথা আহোমৰ দিনৰ সাজ-পাৰ, আ-অলঙ্কাৰ, খাৰ-বাৰুদ আদি এই সংগ্ৰহালয়ৰ প্ৰধান সম্পদ। বিভিন্ন পশু-পক্ষীৰ কংকালবোৰ জীৱন্ত ৰূপত সজাই থোৱা এই সংগ্ৰহালয়ত অসমীয়া আৰু আন জনজাতীয় আবাস-গৃহসমূহ বাঁহ-বেত আৰু কাঠেৰে সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। প্রতি সোমবাৰে দৰ্শকৰ বাবে সংগ্রহালয় বন্ধ থাকে।
(ণ) আঞ্চলিক বিজ্ঞান কেন্দ্র (Regional Science Center):
গুৱাহাটী খানাপাৰাৰ জৱাহৰ নগৰত অৱস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰ উত্তৰ-পূৱ ভাৰতৰ একমাত্র বিজ্ঞান সংগ্রহালয়। ইয়াত বিজ্ঞান-প্ৰযুক্তিৰ বিভিন্ন আহিলা আৰু আৰ্হি তথ্যসহ প্ৰদৰ্শন কৰি ৰখা হৈছে। তৰামণ্ডল প্ৰদৰ্শনৰ সুবিধা থকাৰ লগতে ফৰকাল বতৰত আকাশ নিৰীক্ষণৰো ব্যৱস্থা আছে। বাহিৰৰ মুকলি স্থানত নিৰ্মাণ কৰা হৈছে এখনি বিজ্ঞান উদ্যান। ইয়াত ছাত্র-ছাত্রীসকলে যথেষ্ট জ্ঞান আয়ত্ত কৰি ল'ব পাবে। শিক্ষার্থী, অভিভাৱক, শিক্ষক, শিক্ষাব্রতী ব্যক্তি সকলোৱে এই সংগ্রহালয়ত শিক্ষামূলক ভ্ৰমণৰ বাবে আহি বিজ্ঞানসম্মত আমোদ লয়। ইয়ালৈ চিটিবাছ, অটোৰিক্সা, টেক্সি আদিৰ সুবিধা আছে।
(ত) তাৰকাগৃহ (Planetarium):
মহানগৰীৰ লতাশিল খেলপথাৰৰ ওচৰতে তাৰকাগৃহ অৱস্থিত। আমাৰ জন্মৰপৰা গ্ৰহ-নক্ষত্ৰৰ জন্মলৈকে বিভিন্ন জ্যোতির্বিজ্ঞান সম্পর্কীয় ঘটনাৱলীৰ অনুষ্ঠান আৰু বিৱৰণী অসমীয়া, ইংৰাজী আৰু হিন্দী তিনিটা ভাষাত প্ৰচাৰ কৰা হয়। সৌৰজগত সম্পৰ্কে ইয়াৰ অনুষ্ঠানসূচীৰপৰা আভাস ল'ব পাৰি। শিক্ষার্থীৰ উপৰি শিক্ষক-অভিভাৱকেও তাৰকাগৃহ দৰ্শনৰ বাবে আহে।
(থ) নেহেৰু উদ্যান ( Nehru Park):
কটন মহাবিদ্যালয়ৰ সমুখতে আছে নেহেৰু উদ্যান। এই উদ্যানত বিভিন্ন ধৰণৰ ফুলৰ খেতি কৰা হয়। ফুলৰ সৌন্দৰ্যৰ লগতে শিশুসকলৰ খেলা-ধূলাৰ বাবেও সুবিধা আছে। অশোক স্তম্ভ, পানীৰ ফোঁৱাৰা আৰু বিজুলী বাতিৰ সৌন্দর্যই মন আকর্ষিত কৰে।
(দ) শঙ্কৰদেৱ উদ্যান (Sarkardev Park):
গুৱাহাটীৰ ভৰলুমুখত স্থাপিত শঙ্কৰদেৱ উদ্যানে পৰ্যটকৰ মন আকৰ্ষিত কৰিব পাৰে। শিশুব বাবে খেলা-ধূলাৰ সামগ্ৰী আৰু ভিন্নৰঙী ফুলৰ পৰশে যিকোনো লোককে আমোদ দিয়ে। সূর্যাস্তৰ সময়ছোৱাত ইয়াৰ সৌন্দৰ্য অধিক আকর্ষণীয় হৈ উঠে। ব্রহ্মপুত্ৰৰ বুকুত বেলি ডুব যোৱা দৃশ্য মনোৰম। গুৱাহাটী ভ্রমণ কৰাসকলে এইসমূহৰ উপৰি গীতামন্দিৰ, বালাজী মন্দিৰ, জনার্দন মন্দিৰ, বানেশ্বৰ শিৱমন্দিৰ, পাণ্ডুনাথ বিষ্ণুমন্দিৰ, উর্বশীকুণ্ড, অৰুন্ধতী, চত্ৰাকাৰ আদি চাব পাৰে। আন দর্শনীয় অনুষ্ঠান- প্ৰতিষ্ঠানৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়, ৰবীন্দ্র ভরন, বিবেকানন্দ কেন্দ্র, জ্যোতি চিত্রবন, নেহেরু স্টেডিয়াম, গুৱাহাটী তেল শোধনাগাৰ আদি প্রধান। শৰাইঘাট দলং, দীঘলীপুখুৰী, লাচিত বৰফুকন উদ্যান,চিলাৰায় উদ্যান, নলগাহৰি সংৰক্ষণ প্রকল্প আদি আকৰ্ষণৰ কেন্দ্র।
উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সবাতোকৈ ব্যস্ত বাণিজ্যিক কেন্দ্র গুৱাহাটী। সমগ্র অঞ্চলটোৰ বজাৰ-সমাৰৰ বাবে গুৱাহাটী মহানগরেই উত্তম স্থান। ফাচীবজাৰ আৰু পাণবজাৰ মহানগৰীৰ আটাইতকৈ ব্যস্ততাপূর্ণ আৰু প্রধান বাণিজ্যিক বজাৰ। এই ব্যস্ততাপূর্ণ মহানগৰত সাজ-পোছাক, বাচন-বর্তন, শিল্পজাত সা-সামগ্রী তথা নিত্য ব্যৱহার্য সম্পদ ক্রয় কৰাৰ সুবিধা আছে। মহানগৰীৰ মাজমজিয়াত ৰেলৱে' ষ্টেচনটো থকাত যাতায়াত আৰু পৰিবহণৰো সুবিধা আছে। গুৱাহাটীৰ দেশৰ বিভিন্ন বেংকৰ শাখা আৰু বেংকিং প্রতিষ্ঠান থকাত পর্যটকৰ বাবে সুবিধা হৈছে। বিমান যাত্ৰাৰ বাবে মহানগৰীৰ মাজমজিয়াতে টিকট বুকিঙৰ সু-ব্যবস্থা আছে।
*****
Comments
Post a Comment