শাৰদীয় দুর্গাপূজাৰ বিষয়ে ৰচনা

শাৰদীয় দুর্গাপূজাৰ বিষয়ে ৰচনা 

দুৰ্গাৰ বিষয়ে Durga Puja Essay In Assamese
শাৰদীয় দুর্গাপূজাৰ বিষয়ে ৰচনা 


শাৰদীয় দুর্গাপূজাৰ বিষয়ে ৰচনা অসমীয়াত দেৱী দুৰ্গাৰ বিষয়ে Durga Puja Essay In Assamese 


শাৰদীয় দুর্গাপূজাৰ বিষয়ে ৰচনা 

Sarodiya Durga Puja Assamese Essay
শাৰদীয় দুর্গাপূজাৰ বিষয়ে ৰচনা 


আৰম্ভণিঃ-দুর্গাপূজা শাক্ত হিন্দুসকলৰ এটা ডাঙৰ উৎসৱ। আচলতে দুর্গাপূজাৰ প্ৰচলন প্রথমে বঙ্গদেশৰ হিন্দুসকলৰ মাজতেই আছিল। কিন্তু এতিয়া বঙালীৰ বাহিৰে অসমীয়া সমাজতো দুর্গাপূজা বৰ সমাৰোহেৰে সম্পন্ন কৰা হয়।


অসমত দুৰ্গাপূজাৰ ইতিহাস:-দুর্গাপূজা শৰৎকালত অর্থাৎ আহিন বা কাতি মাহৰ তিথি অনুযায়ী কৰা হয়। শুক্লপক্ষৰ ষষ্ঠীৰপৰা দশমী তিথিলৈ এই পূজা চলি থাকে। পুৰণি কথাত দুর্গা সম্পর্কে কোৱা আছে যে তাহানি হেনো সুৰথ ৰজাই শক্তি পূজাৰ উদ্দেশ্যে দুর্গাক পোন-প্রথমে পূজা কৰে। সুৰথে দুর্গাক পূজা কৰিছিল আটাইতকৈ উৎকৃষ্ট ঋতু 'বসন্তত'। তাৰ পাছত ৰাৱণক বধ কৰিবৰ বাবে শক্তিৰ প্ৰয়োজন হোৱাত শ্ৰীৰামচন্দ্ৰই অকালতে অর্থাৎ শৰৎকালত দুর্গাক পূজা কৰিছিল। তেতিয়াৰেপৰা দুর্গাপূজা শৰৎকালতহে কৰা হয়। বসন্ত কালতো এই পূজা কৰে; কিন্তু বসন্তকালত হোৱা পূজাক 'বাসন্তী পূজা' বোলে। বাসন্তী পূজা সকলো ঠাইতে নহয়। ভাৰতীয় লোকে শ্ৰীৰামচন্দ্ৰক ভগৱানৰ অৱতাৰ বুলি মানে আৰু সেই কাৰণেই বোধকৰোঁ সকলোৱে শ্ৰীৰামচন্দ্ৰৰ সময়কে দুর্গাপূজাৰ সময় বুলি স্বীকাৰ কৰিলে। শৰৎকালত হোৱা পূজাক শাৰদীয় দুর্গাপূজা বোলে।


মূর্তিপূজা:-আহিন মাহৰ কৃষ্ণপক্ষটো হিন্দুবিলাকে 'প্রেতপক্ষ' বা 'অপৰপক্ষ' বোলে। ইয়াৰ পাছত শুক্লপক্ষটো পৱিত্ৰ আৰু এই পঞ্চতেই দুর্গাপূজা হয়। শুক্লা-যন্ত্রী তিথিৰ দিনা দেৱীক আৱাহন কৰা হয়; ইয়াক 'বিন্দবোধন' বা 'বেলবৰণ' বোলে। সপ্তমী, অষ্টমী আৰু নৱমী-এই কেইদিন ধূম-ধামেৰে দেৱীৰ পূজা হয়। দশমী তিথিৰ দিনা পূজা কৰি দুৰ্গাক বিসর্জন দিয়া হয়। বেলবৰণৰ দিনাৰপৰা বিসৰ্জনৰ দিনালৈকে এই পাঁচদিন দুর্গাপূজা। এই কেইদিন পূজা হোৱা কোনো কোনো ঠাইত ডাঙৰ মেলা হয়। নানা ঠাইৰ মানুহ তালৈ আহি দুর্গাক প্রণাম জনায় আৰু বহু মানুহে বস্তু বেচা-কিনাও কৰে। ৰাতি থিয়েটাৰ, যাত্রাভিনয় আদি অনুষ্ঠিত হয়।


পূজা কৰিবলৈ মানুহৰ কল্পনাৰে দুৰ্গাৰ মূৰ্তি এটা সাজি লয়। সেই মূর্তিটোৰ দহখন হাত দিয়া হয় কাৰণেই দশভুজা দুর্গা। দুৰ্গাৰ বাহন স্বৰূপে সিংহৰ মূৰ্তি এটা সাজি তাৰ ওপৰত ভৰি এখন দি আনখন ভৰি মহিষাসুৰৰ কান্ধত থৈ তেওঁক নিধন কৰিবলৈ বুকুত ত্রিশূল বহুৱাই দিয়ে। দুর্গা মহাশক্তিৰ প্রতীক। তেওঁৰ শক্তিত মহিষাসুৰে হাৰ মানে। দুৰ্গাৰ আন আন হাতত খড়া, ধনু আদি অস্ত্ৰবোৰ থাকে। দুর্গাৰ সোঁফালে লক্ষ্মী আৰু গণেশৰ মূৰ্তি থাকে। ধন-ঐশ্বৰ্যৰ বাবে লক্ষ্মী আৰু সর্বসিদ্ধিৰ বাবে গণেশৰ পূজা কৰা হয়। দুর্গাৰ বাঁওফালে সৰস্বতী আৰু কার্তিকৰ মূর্তি থাকে। সৰস্বতী বিদ্যাদাত্রী আৰু কার্তিকক দেৱতাব সেনাপতি বুলি পূজা কৰা হয়। এই সকলোৰে পিছফালে এখন পাহাৰ তৈয়াৰ কৰি আৰু সেই পাহাৰখনকে কৈলাস কল্পনা কৰি সকলোৰে ওপৰত অর্থাৎ কৈলাসত মহাদেৱৰ মূর্তি সাজি পূজা কৰা হয়। বাসন্তী পূজাও দুর্গাপূজা-পদ্ধতিৰেই কৰা হয়। দুর্গাপূজা কৰিবলৈ ফুল, বেলপাত আদি লাগে। পদুম ফুলৰ নিতান্ত প্রয়োজন। তাহানি হেনো শ্ৰীৰামচন্দ্ৰই পদুম ফুলেৰেহে দুর্গাক পূজা কৰিছিল। ৰামচন্দ্ৰই ১০৮ টা পদুম ফুলেৰে পূজা কৰাৰ মনস্থ কৰিছিল, কিন্তু সময়ত এটা পদুম কম হোৱাত নিজৰ চকু এটা উচৰ্গা কৰিবলৈ ওলাইছিল। সেই কাৰণেই দুর্গাপূজাত পদুম ফুল অপৰিহাৰ্য।


দুৰ্গাপূজা জন-বিশ্বাস: দশমীৰ দিনটোক 'বিজয়া' বোলে। হিন্দু নাৰীসকলৰ মাজত এটা বিশ্বাস আছে যে বিজয়াৰ দিনাখন যিয়ে যি কৰে, তেওঁ তাতেই পার্গত হয়। সেই কাৰণে তিৰোতাবোৰে সেইদিনা সূতা কটা, তাঁত-শাল যোৱা আৰু কোনো কোনো ঠাইত তাঁত-শাল পূজা কৰি দেৱীক বিসর্জন দিয়ে। দেৱী বিসর্জন দিয়াৰ পাছত মানুহৰ মনলৈ নিৰানন্দ আহে।


সামৰণি: দুর্গাপূজাৰ সময়ত মানুহৰ মনত আনন্দ আৰু ঐক্য ভাব আহে। সকলো মানুহেই নতুন কাপোৰ ব্যৱহাৰ কৰি পূজাৰ সেৱা-অৰ্চনা কৰাৰ ফলত মনৰ হিংসা, দ্বেষ সকলো দূৰ হয়। মানুহে পইচা খৰচ কৰিও সেই সময়ত সুখ পায়। মিতিৰ-কুটুম্বৰ আদান-প্রদান হয়। মিলা-প্রীতি আৰু শান্তিবেই সকলোৱে দিনকেইটা অতিৱাহিত কৰে।




~ সংগ্ৰহ কৰা হৈছে 

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

শংকৰদেৱৰ বিষয়ে ৰচনা অসমীয়া

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা