আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা
আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা
আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা Ahom Jugor Sthapotya aru bhaskarjey rosona
- অসমৰ স্থাপত্য ভাস্কর্য বিষয়ে আলোচনা কৰা
- আহোম স্থাপত্য ভাস্কর্য কলা কি?
- আহোম যুগৰ কীৰ্তিচিহ্ন
- অসমৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাই শিৱসাগৰ
- শিৱসাগৰ জিলাৰ কীৰ্তিচিহ্ন
- অসমৰ মন্দিৰ স্থাপত্য পুৰণি নিদর্শন কি?
- অসমৰ ঐতিহ্য
- অসমৰ কীৰ্তিচিহ্ন নাম
![]() |
| আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা |
আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্য
সাধাৰণতে আহোম যুগ বুলি ক'লে স্বৰ্গদেও চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজ্যৰ শাসনৰ পৰা আৰম্ভ কৰি আহোমৰ শেষৰজন স্বাধীন ৰজা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ শাসনকালৰ সুদীর্ঘ ছশবছৰীয়া শাসনকালছোবাকে বুজোৱা হয়। ত্রয়োদশ শতিকাৰ তৃতীয় দশকৰ পৰা ঊনবিংশ শতিকাৰ চতুৰ্থ দশকলৈকে আহোম ৰাজত্বৰ কালছোৱাত অসমৰ সংস্কৃতিৰ জগতখনৰ বাবে এটি উল্লেখনীয় যুগ। এই যুগটো আছিল সমন্বয়, সংস্কৃতিৰ যুগ। চুতীয়া, বৰাহী, কছাৰী, মৰাণ, ভুঞা আদি বিভিন্ন জনগোষ্ঠীয়ে শাসন কৰি থকা আৰু সৰু সৰু ৰাজ্যত ভাগ হৈ থকা লুইতৰ দুয়োপাৰক অসমৰূপে আৰু ইয়াত বসবাস কৰাসকলক 'অসমীয়া' নামেৰে এক জাতি গঠন কৰি একতাৰ ডোলেৰে বন্ধা হৈছিল আহোম যুগতে।
বৰলুইতৰ দুয়োপাৰে সিঁচৰিত হৈ থকা স্থাপত্য আৰু ভাস্কৰ্যই অন্যান্য ৰাজবংশৰ ৰাজত্বকালৰ স্থাপত্যৰ লগতে আহোম যুগৰ স্থাপত্যকলাৰ নিদৰ্শন দাঙি ধৰি আহিছে। অসমৰ নানা প্রাকৃতিক দুৰ্যোগৰ কৱলত পৰি অনেক সম্পদ কালৰ বুকুত হেৰাই গৈছে যদিও ৰংঘৰ, তলাতল ঘৰ, শিলৰ সাঁকো আৰু গড়আলি আদিয়ে আজিও আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যবিদ্যাৰ সোণোৱালী ইতিহাসৰ কথা সোঁৱৰাই দিয়ে। বর্তমান শিৱসাগৰ আৰু ইয়াৰ আশে-পাশে থকা আহোম যুগৰ স্থাপত্য ৰংঘৰ, তলাতলঘৰ, কাৰেংঘৰ আদিৰ দুৱাৰ-খিৰিকীত সামান্য পৰিমাণে পার্টী বা মোগলাই আৰ্হিৰ যেন লাগিলেও সেই সময়তে আহোম যুগৰ এক সুকীয়া স্থাপত্য ৰীতি গঢ় লৈ উঠিছিল। এইসমূহত অসমীয়া শিলাকুটি, বাঢ়ৈ আৰু খনিকৰৰ পাৰদৰ্শিত এই শলাগীবলগীয়া। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰ নগৰৰ পকী ঘৰ-দুৱাৰ নিৰ্মাণ কৰিবলৈ কোঁচবিহাৰৰ পৰা ঘনশ্যাম খনিকৰ নামেৰে এজন কাৰিকৰ অনাইছিল। কিন্তু নগৰখন প্ৰকৃততে গঢ় দিছিল অসমীয়া বনুৱাইহে। তদুপৰি দেশ ঘৰ-দুৱাৰ, দলং-সাঁকো তৈয়াৰ কৰিবলৈ যিবোৰ বস্তু ব্যৱহাৰ কৰা হৈছিল সেইবোৰ আছিল থলুৱাভাৱে সংগ্রহ কৰা সামগ্রী। পকীঘৰ নিৰ্মাণৰ বাবে শিল আৰু ইটা ব্যৱহাৰ কৰা হৈছিল। শিলবোৰ নগা পৰ্বতৰ পৰা সংগ্ৰহ কৰা হৈছিল। ঘৰ আৰু মন্দিৰৰ ভোঁটি নির্মাণৰ বাবে শিল আৰু গাঁথনিৰ বাবে চটীয়া শিল ব্যৱহাৰ কৰিছিল। অসমীয়া শিলাকুটিৰ হাতৰ পৰশত চটীয়া শিলত দেব-দেবী, জীৱ-জন্তু, গছ-লতাৰ ছবি অপূৰ্ব ৰূপত উজ্বলি অভি উঠিছিল। আহোম যুগৰ স্থাপত্যত ব্যৱহাৰ হোৱা ইটাসমূহ আঠাতলীয়া মাটিৰে তৈয়াৰ কৰা আৰু দীঘলে- নৰ পুতলে এবেগেত, ডাঠ দুআঙুল আছিল। ইটাবোৰ মজবুত কৰিবলৈ কেঁচামাটিৰ লগত কৰাল মিহলোৱা হৈছিল। এই কৰাল গাঁথনিতো ব্যৱহাৰ কৰা হৈছিল। কৰাল তৈয়াৰ কৰা হৈছিল মিঠাতেল, ধুনা, গুৰ, বৰালি মাছ, চুণ, শন, মাটিমাহ, বৰাচাউলৰ কৰাইগুৰি, হাঁহকণী আদি দ্রব্য নির্দিষ্ট পৰিমাণত মিহলি কৰি। এই কৰাল বিধ তৈয়াৰ কৰিবলৈ আহোম যুগত নির্দিষ্ট খেলৰ লোক নিয়োগ কৰা হৈছিল।
গড়গাঁৱৰ কাৰেংঘৰ, ৰংপুৰৰ তলাতলঘৰ আৰু ৰংঘৰৰ চানেকি স্থানীয় প্রয়োজনীয়তাৰ ভিত্তিত বাত নির্মাণ কৰা হৈছিল। আনহাতে সেইযুগৰ মন্দিৰসমূহ উত্তৰ ভাৰতীয় 'নাগৰ' শৈলীৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় যদিও মন্দিৰৰ স্থাপত্যত আহোম যুগৰ স্বকীয় বৈশিষ্ট্য বিদ্যমান। গৌড়ীয় আর্হিৰে নির্মিত জয়সাগৰৰ পশ্চিমপাৰৰ নামতিৰ 'নাতি গোসাঁইৰ দ'ল' আহোম যুগৰ পোৰামাটিৰ স্থাপত্যৰ উৎকৃষ্ট নিদর্শন বুলিব পাৰি। সেইদৰে আহোম যুগত নিৰ্মাণ কৰা মৈদামসমূহো স্থাপত্য কলাৰ অপূর্ব নিদর্শন। মাটিৰ সমানে চাৰিওফালে কাঠৰ খুঁটাৰে সজা ঘৰত দ'লৰ দৰে মাটি জাপি মৈদাম তোলা হয়। কেতিয়াবা তাৰ ওপৰত পকী কৰিও দিয়া হয়। কোনো কোনো মৈদামত গৰ্ভ-ঘৰ ইটাৰে নিৰ্মাণ কৰি এফালে দুৱাৰ ৰখাৰ ব্যৱস্থা ৰখা হৈছিল।
আহোম যুগত যাতায়াত ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে সৰু নৈ, জান-জুৰি আদিত শিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিল। এই সাঁকো চটীয়া শিল শলখামাৰি গাঁথি নিৰ্মাণ কৰা হৈছিল। সাঁকোৰ দুইমুৰে থিয়কৈ শিলৰ খুটা পুতি ফুললতা, মূর্ত্তি আদিও কাটিছিল। নামডাং নৈৰ ওপৰৰ শিলৰ সাঁকোখন দেখাত এটা প্রকাণ্ড শিল কাটি তৈয়াৰ কৰা হৈছে। দৰিকাৰ শিলৰ সাঁকো, দিখৌৰ শিলৰ সাঁকো এতিয়াও ব্যৱহাৰৰ উপযোগী হৈয়ে আছে। আহোম যুগত অসংখ্য আলি, গড় আৰু পুখুৰী ঠায়ে ঠায়ে নিৰ্মাণ কৰাৰ উপৰিও পানী অহাযোৱা কৰিব পৰাকৈ ধোন্দ, নলী আদিৰ নিৰ্মাণ কৰা হৈছিল। ৰংপুৰ নগৰৰ ন-দুৱাৰৰ মুখত আৰু ন-আলিৰ ধোন্দ এতিয়াও ভালে আছে। জয়সাগৰ পুখুৰীৰ পৰা ৰংপুৰৰ কাৰেঙৰ কাষত থকা 'সোণতোলা' পুখুৰীলৈ পানী অনা পকী নলীৰ কিছু অংশ উদ্ধাৰ কৰা হৈছিল। গড়গাঁৱৰ কাৰেঙৰ পৰা ৰংপুৰৰ কাৰেঙলৈ মাটিৰ তলেদি এটা সুৰঙ্গ থকাৰ প্ৰমাণ পোৱা হৈছিল।
আহোম যুগৰ স্থাপত্যৰ দৰে ভাস্কৰ্যসমূহতো বিশেষ বৈশিষ্ট্য থকা পৰিলক্ষিত হয়। এই যুগৰ ভাস্কৰ্যত শিল, ইটা কাঠ আৰু ধাতুৰ ওপৰত কৰা হৈছিল। শিলৰ ভাস্কৰ্যৰূপে অসমীয়া শিলাকুটিসকলৰ বিশেষ স্থান আছিল। আহোম যুগৰ ভাস্কৰ্যসমূহ মন কৰিলে দেখা যায় যে প্রাক্-আহোম যুগতকৈ ই কিছু খহটা। জয়সাগৰৰ জয়দ' লৰ ভাস্কৰ্য ইয়াৰ ব্যতিক্ৰম বুলি ক'ব পাৰি। এই ভাস্কর্য কিছু উচ্চপৰ্যায়ৰ। জয়দ'লত ৰুদ্ৰসিংহই ঘোঁৰাত উঠি যোৱাৰ দৃশ্য থকাৰ উপৰিও দক্ষিণফালৰ বেৰত জয়মতী কুঁৱৰী বুলি ঠাৱৰ কৰা নাৰীমূর্তি এটাও দেখা পোৱা যায়। শিলত কটা ভাস্কর্যত দেৱ-দেৱীৰ মূৰ্ত্তি, শাস্ত্রীয় কাহিনীৰ ধর্মীয় দৃশ্য, সমাজৰ স্বাভাবিক জীৱনযাত্ৰাৰ দৃশ্য, জীৱ-জন্তু, গছ-লতা, ফুল-পাত আদি দেখা যায়। ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ হোৱা হৰ-গৌৰী দেৱালয়ত সেইসময়ৰ প্ৰভাৱশালী ডাঙৰীয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ মূৰ্ত্তি বেৰত খাঁজি দিয়া হৈছিল। গৌৰীসাগৰ দ'লৰ বেৰ আৰু জয়দ'লৰ বেৰৰ ভাস্কৰ্য অতি উচ্ছখাপৰ। কাঠ-খোদাই ভাস্কর্যত অসমীয়া শিল্পী অতি পাকৈত আছিল। বাঢ়ৈ আৰু খনিকৰ খেল কাঠ-খোদাই বাবে নিয়োজিত হৈছিল। খাট-পালেং, চালপীৰা, ঘতে নৰাপীৰা, তামুলীপীৰা, সিংহাসন, মুখা, মূর্তি, শৰাই, পেড়া, সঁফুৰা আদি কুন্দত কাটি নানা চানেকিৰে সাজি তাৰ ওপৰত বহন লগাই আটকধুনীয়া কৰি তোলা হৈছিল। চ'ৰা নাও, কচক, হয়কলি, মগৰীনাও আদিত বাহিৰফালে খোদাই কৰি হেঙুল-হাইতাল লগাই দিয়া হৈছিল। কেঁকোৰা-দোলাকে আদি কৰি সম্ভ্রান্ত লোকে কৰা ব্যৱহাৰ কৰা দোলাবোৰ বেছিভাগৰে নামডালত চৰাই, জন্তু আদি কাটি উলিওৱাৰ উপৰিও কোনো দোলাৰ কাষত লতা-ফুল কাটি সোণ খটুওৱা হৈছিল। কাঠেৰে নিৰ্মাণ কৰা পাটঘৰ, হোলোংঘৰ, শিঙৰীঘৰ, কাৰেং, বাটচ'ৰা, বুলনিচ'ৰা, বৰঘৰ আদিত চ'টি, খুঁটা, দুৱাৰ আদিত নানা তৰহৰ ফুল-পাত কাটি সুন্দৰ কৰা হৈছিল। ৰজাঘৰৰ এই ভাস্কৰ্যসমূহৰ দৰে সত্ৰসমূহতো কাঠ-খোদাই ভাস্কৰ্যৰ নিদর্শন দেখা যায়।
আহোম যুগৰ উচ্চমানৰ ভাস্কৰ্যৰ ভিতৰত পোৰা মাটিৰ ভাস্কৰ্যও এটি উল্লেখনীয় ভাস্কর্য। ইটা তৈয়াৰ কৰিবৰ সময়তে ফুল-লতা আদিৰ সাঁচমাৰি দিয়া হৈছিল। এই ইটা পকী কৰিবৰ সময়ত যথাস্থানত খাজি মনোৰম ফুল-লতাৰ গড় দিয়া হৈছিল। ৰংঘৰ আৰু তলাতলঘৰৰ দুৱাৰমুখত এনে ইটা দেখা যায়। পোৰামাটিৰ ভাস্কৰ্যৰ লগতে কৰালেৰেও দল-দেৱালয়ত, ঘৰ-দুৱাৰৰ বেৰত মূৰ্ত্তি, গছ-লতা, জীৱ-জন্তুৰ চিত্ৰ গঢ়ি তুলিছিল। তলাতল ঘৰৰ গাত আৰু গড়গাঁৱৰ কাৰেঙৰ বেৰত এনেকুৱা ভাস্কর্য দেখা যায়। আহোমসকলৰ সংস্কৃতি অতি পুৰণি আৰু চহকী সংস্কৃতি। উদাৰ স্বভাৱৰ আহোমসকলে নিজা সংস্কৃতি, ধর্ম, পৰম্পৰা আৰু ভাষা লৈ এই দেশত প্রৱেশ কৰিছিল। কালক্ৰমত তেওঁলোকে থলুৱা সংস্কৃতি, ধর্ম আৰু ভাষা গ্রহণ কৰি এইখন দেশৰ সংস্কৃতিৰ বিকাশত আত্মনিয়োগ কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় সাধন কৰি এক উচ্চ মানবিশিষ্ট কলা-সাহিত্য, সংস্কৃতিৰে অসমখনক জাকতজিলিকা কৰি থৈ গৈছে।
অসমৰ শিৱসাগৰ জিলাখনে কিছুমান আহােম যুগৰ ঐতিহাসিক সাক্ষ্য বহন কৰি আহিছে। যত বহুতাে মানুহে খন্দা পুখুৰী, দ’ল-দেৱালয়, দুর্গ আদি আছে। এই কীৰ্তিচিহ্নসমূহে শিৱসাগৰ জিলাখন সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সবাতােকৈ আকর্ষণীয় পৰ্য্যটকস্থলী।
গৌৰীসাগৰ দ'ল আৰু পুখুৰী:
বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে ১৭২৩ খ্রীঃত শিৱসিংহ স্বৰ্গদেউৰ ৰাজত্বকালত নির্মাণ কৰাইছিল যি ১৫০ একৰ এলেকা আগুৰি আছে। এইগৰাকী ফুলেশ্বৰী দেৱীয়েই গৌৰীসাগৰ পুখুৰীৰ পাৰত দেৱী দল, শিৱদ’ল, বিষ্ণুদ’লনামেৰে তিনিটা দ’লাে সজাইছিল।
শিৱসাগৰ বৰপুখুৰী:
১৭৩৪ খ্রীঃত স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয়া পত্নী বৰৰজা বা মদাম্বিকাই ১২৯ একৰৰ এই বৃহৎ পুখুৰীটো খাইছিল। এই পুখুৰীটোৰ বৰ্ত্তমান গভীৰতা ২০ কিউবিক। ৬ বহাগ এপ্রিল) ১৭৩৫ত এই বৃহৎ পুখুৰীটো ভগৱান শিৱৰনামত উৎসর্গিত কৰা হৈছিল বা হৈছে।
আজানপীৰ দৰগাহ:
স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত ১৭শতিকাত উক্ত আজানপীৰ দৰগাহ শ’ৰাগুৰি চাপৰিত নিৰ্মাণ কৰা হৈছিল, য'ত আজান ফকিৰে ১২০ জন অনুগামীৰ সহযােগত কিছুমান মুছলমান মতবাদৰ জিকিৰ ৰচিছিল।
ৰুদ্রসাগৰ দল:
উক্ত ৰুদ্ৰসাগৰ দলটো আহােম স্বৰ্গদেউ লক্ষ্মীসিংহই ৰুদ্ৰসিংহ বা নপুখুৰীৰ পাৰত নিৰ্মাণ কৰাইছিল। ৰুদ্ৰসাগৰৰ আনটো পাৰে অৱস্থিত অথাইসাগৰ জয়ধ্বজসিংহ স্বৰ্গদেউৰ দিনত খন্দোৱা হৈছিল।
শিৱদল:
১৭৩৪ খ্রীঃত শিৱসিহংৰ দ্বিতীয়া পত্নী বৰৰজা অম্বিকাই শিৱদ’ল, বিষ্ণুদ’ল আৰু দেৱী দল নির্মাণ কৰিছিল। ইয়াৰে এই শিৱদ’লটোৰ উচ্চতা ১৮০ ফুট আৰু ব্যাস ১৯৫ ফুট। এই দ’লটো অসমৰ আন সকলাে দ’লতকৈ ওখ দল। তদুপৰি ইয়াৰ ওপৰত এটা সােণৰ কলচীও আছে।
ৰংঘৰ:
খেলানুৰাগী আহােম স্বৰ্গদেউ প্রমত্ত সিংহ ১৭৪৬ খ্রীঃত এই ৰংঘৰটো সজাইছিল। এইৰংঘৰৰ ওপৰত উঠি স্বৰ্গদেউ আৰু আন আন কৰ্মচাৰী তথা পাত্র মন্ত্রীসকলে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হােৱা মাল বা মল্লযুঁজ, পক্ষী যুঁজ, ম'হ যুঁজ আদি বিভিন্ন খেলসমূহ উপভােগ কৰিছিল।
ফাকুৱা দল:
এই ফাকুৱা দ'লটো জয়সাগৰৰৰংগনাথ দ’লৰ কাষত অৱস্থিত। যিটো আহােম স্বৰ্গদেউ ৰূদ্ৰসিংহই তেখেতৰ মাতৃ সতী জয়মতীৰ পৱিত্ৰ স্মৃতিত ১৭০৩- ১৭০৪ খ্রীঃত নিৰ্মাণ কৰােৱাইছিল। এই দ’লটোলৈ সােমাবলৈ ২১ টা খটখটি বগাই যাব লাগে।
তলাতল ঘৰ:
১৬৯৯ খ্রীঃত আহােম স্বৰ্গদেউ ৰুদ্ৰসিংহই সজাইছিল। বৰ্তমানৰ তলাতল ঘৰটো অৱশ্যে পৰৱৰ্তী কালত ৰাজেশ্বৰ সিংহই ইটা আৰু বিভিন্ন থলুৱা উপাদানেৰে প্রস্তুত চিমেন্টেৰে নিৰ্মাণ কৰিছিল। জনা যায় যে, সাত মহলীয়া কাৰেংঘৰটো সৈন্যসকলৰ দুৰ্গ আছিল।
জয়সাগৰ পুখুৰী আৰু দল:
১৬৯৭ খ্রীঃত স্বৰ্গদেউ ৰুদ্ৰসিংহই নির্মাণ কৰাইছিল। ৩১৮ একভূক্ত এই দ'ল আৰু পুখুৰীটো স্বৰ্গদেউজনাই নিজ মাতৃ সতী জয়মতীৰ স্মৃতিত নিৰ্মাণ কৰাইছিল।
গড়গাৱঁৰ কাৰেংঘৰ:
আহােম ৰজা চুক্লেংমুংয়ে ১৫৪০ খ্রীঃত আহােম ৰাজত্বৰ মূল ৰাজধানী পাতিছিল এই কাৰেংঘৰতেই। এই কাৰেংঘৰটোৰ প্রমত্ত সিংহই ৫ কি.মি দৈর্ঘ্যৰে এখন বেৰ বনাই সজাইছিল। এই ৰাজপ্রসাদটোৰ সাতটা কোঠাত সাতটা কাহিনী জড়িত আছে ১৭৫২ চনৰ ৰজা ৰাজেশ্বৰ সিংহৰ দিনৰে পৰাই।
চৰাইদেউ মৈদাম:
চৰাইদেউ টিলাসমূহত অৱস্থিত আহােম স্বৰ্গদেউ আৰু ৰাণীসকলৰ সমাধি ইজিপ্তৰ পিৰামিডৰ লগত ৰিজাব পাৰি। চুকাফাই প্রতিস্থা কৰা চৰাইদেউয়েই হ’ল আহােম ৰাজত্ব কালৰ প্ৰথম ৰাজধানী।
নামদাঙৰ শিলৰ সাঁকো:
১৭০৩ খ্রীঃত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৬০ মিটাৰ দৈর্ঘ্য আৰু ৬.৫ মিটাৰ প্রস্থৰ নামদাঙৰ শিলৰ সাঁকোখন নির্মাণ কৰাইছিল। এই সাঁকো বর্তমানেও গৌৰীসাগৰ আৰু জয়সাগৰৰ মাজত নামদাঙৰ নদীৰ ওপৰত অৱস্থিত।
*****

Comments
Post a Comment