মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা
মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা
মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা অসমীয়াত Essay on Contributions of Science to Human Civilization in Assamese
- বিজ্ঞানৰ অর্থ কি?
- দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা
- বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা ৰচনা
- বিজ্ঞানৰ আৱিষ্কাৰ ৰচনা
- বিজ্ঞানৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ অভিশাপ
![]() |
| মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা |
মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা
মানৱ সভ্যতাৰ প্ৰগতিৰ এক অন্যতম সপোন হ'ল বিজ্ঞান। বিজ্ঞান মানুহৰ কাৰ্য্যৰেই উল্লেখনীয় সাফল্যৰ এটা দিশ, তথাপি বিজ্ঞানে আকৌ সভ্যতাক আগুৱাই নিয়াতো বিশেষ ভূমিকা পালন কৰিছে। বিজ্ঞানীসকলৰ নেৰানেপেৰা পৰিশ্ৰম আৰু একাগ্র সাধনাৰ ফলত ন ন আৱিস্কাৰ আৰু নতুন নতুন পৰীক্ষা নিৰীক্ষা হৈ আছে আৰু তাৰ ভিত্তিতেই সভ্যতাই ন ন গঢ় লৈছে। মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান বোলোতে আমি আচৰিত নহৈ নোৱাৰো যে ছেফটিপিনৰ পৰা চুপাৰ কম্পিউটাৰলৈকে এই সকলোবোৰেই বিজ্ঞানৰ অৱদান যিবোৰৰ ভিত্তিতে আজি মানৱ জীৱন সমৃদ্ধ হৈছে আৰু মানুহে মহাকাশতো নিজৰ বিজয় সাব্যস্ত কৰিব পাৰিছে।
বিজ্ঞান হ'ল পৰীক্ষালব্ধ আৰু প্ৰণালীবদ্ধ জ্ঞান। সভ্যতাৰ আদিম স্তৰৱে পৰা মানুহে নিজৰ চিন্তা শক্তিৰে নানানটা পৰীক্ষা নিৰীক্ষা চলাই নিজৰ প্ৰয়োজন মতে জগতৰ বস্তুবোৰ গঢ়ি-পিতি নিজৰ কামত লগাইছে। কিন্তু আদিম স্তৰত এনেবোৰ জ্ঞানৰে প্ৰয়োজনীয়তা পূৰণ হ'লেও তাকে প্রণালীবদ্ধ ভাৱে পৰীক্ষা কৰাৰ ব্যৱস্থা নাছিল। সেয়েহে বহু ঘটনাৰ প্ৰকৃত কাৰ্য্য কাৰণ নির্ণয় কৰিব নোৱাৰি মানুহে নিজৰ মনৰ জোখাৰে কেতবোৰ কল্পনা বা অনুমান কৰি লৈছিল। এনে প্ৰৱনতাৰ ফলস্বৰূপে সমাজত ভালেমান অন্ধবিশ্বাসবে। জন্ম হৈছিল। কিন্তু এনেবোৰ ব্যৱস্থাৰ মাজেদিয়েই সমাজ আগবাঢ়িছিল আৰু নতুন নতুন উদ্ভাৱনৰ বাবে মানুহে সদায় প্রচেষ্টা চলাইছিল। সপ্তদশ শতিকাৰ মাজভাগত ইউৰোপত এচাম লোকে চিন্তা, গরেষণা আৰু প্রয়োগ কৌশলৰ উদ্ভাৱন কৰি জগতত বিস্ময়ৰ সৃষ্টি কৰিলে। যন্ত্ৰৰ আৱিস্কাৰ হ'ল আৰু যন্ত্ৰৰ আৱিস্কাৰে যোগাযোগ, শিল্প, উদ্যোগ আদিত বিপ্লৱ আনিলে। লিওনার্দো দ্য ভিন্সিৰ দৰে মনীষিয়ে প্রণালীবদ্ধ পৰীক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে আৰু তেওঁৰ অসাধাৰণ কল্পনা শক্তিৰে ভালেমান দিশত নতুন তথ্যৰ সন্ধান দি থৈ গ'ল। লাহে লাহে পদার্থ বিজ্ঞানত নিউটনে, জ্যোতির্বিজ্ঞানত গেলিলিঅ'ই আৰু জীৱ বিজ্ঞানত ডাৰউইনে ভালেমান বিস্ময়কৰ অৱদান দি প্রতিষ্ঠিত ধাৰণা সমূহকে ওলট-পালট কৰি দিলে। এনেবোৰ আৱিস্কাৰে ক্ৰমে মানুহক ধর্মীয় অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ স্বাধীনভাৱে চিন্তা আৰু গৱেষণা কৰিবলৈ প্ৰেৰণা যোগালে। এনে প্ৰেৰণাৰ বলতে উদ্যোগিক দিশত ভালেমান অভূতপূর্ব উদ্ভাৱন ঘটিল, গ্রহ গ্ৰহান্তৰ আৰু তৰাৰ দেশলৈ যাত্রাপথৰ সূচনা হ'ল আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্যৰসন্ধান বিচাৰি বিজ্ঞানে বাট বুলিলে।
বিজ্ঞানে মানৱ সভ্যতাক কি দিয়া নাই। এতিয়া বিজ্ঞানৰ বলত মানুহে আয়ত্ব কৰিছে জীৱ প্রযুক্তি বিদ্যা। বিজ্ঞানৰ এই শাখাৰ প্ৰয়োগতে মানুহে তৈয়াৰ কৰিছে উন্নত শস্যৰ বীজ, উন্নত সচৰ গাই, গৰু, হাঁহ, পাৰ, মাছ, কুকুৰা ইত্যাদি। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে দুৰাৰোগ্য ব্যাধি সমূহ নিৰাময় কৰিব পৰাৰ ব্যৱস্থা আৱিস্কাৰ হৈছে, মানৱ জীৱনক সন্ত্রাসিত কৰা মহামাৰীবোৰ নির্মূল হৈছে, অকাল মৃত্যুৰ হাৰ কমিছে আৰু মানুহৰ জীৱন ভালেমান দূৰ নিৰাপদ হৈছে। প্রযুক্তি কৌশলৰ বিকাশৰ ফলত জীৱনৰ প্ৰতিটো দিশতে বিস্ময়কৰ পৰিবৰ্তন হৈছে, দূৰদৰ্শনৰ দৰে ব্যৱস্থাৰ প্ৰবৰ্তনৰ ফলত পৃথিৱীখন মানুহৰ শোৱনি কোঠাত উপস্থিত হৈছেহি, কম্পিউটাৰ আদিৰ উদ্ভাৱনৰ ফলত জীৱনৰ গতি ভালেমান ক্ষীপ্ৰতৰ হৈ পৰিছে, আৰু এনেদৰে বিজ্ঞানে সভ্যতাৰ গতিক ক্ষীপ্ৰতৰ কৰি তুলিছে। গতিকে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান এক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰা বিষয়, বৰং সৰল ভাৱে ক'বলৈ গ'লে বৰ্তমানৰ মানৱ সমাজখনেই বিজ্ঞানৰ অৱদানৰ দ্বাৰাই চালিত হৈ আছে।
কিন্তু সকলোবোৰ অৱদানৰ স্বত্বেও বিজ্ঞানৰ আৱিস্কাৰে সভ্যতাক ভালেমান সংকটৰো মুখামুখি কৰিছে। অৱশ্যে পোনপটীয়াভারে এই দোষ আমি বিজ্ঞানৰ ওপৰত জাপি দিব নোৱাৰো। কাৰণ বিজ্ঞানৰ বৰেনা মনীষি সকলেই এই কথা কৈ গৈছে যে বিজ্ঞানৰ সীমা জ্ঞানৰ অন্বেষণ আৰু আৱিস্কাৰৰ মাজতে তাৰ প্রয়োগ আৰু তাক সামাজিক কল্যাণৰ বাবে ব্যৱহাৰ কৰাৰ দিশটো বিবেচনা কৰিব লাগিব সমাজে। কাৰণ মানৱীয় প্রমূল্য গঢ় দিয়াৰ কাম সমাজৰহে। তথাপি আমি বিজ্ঞানৰ অৱদানৰ কথা আলোচনা কৰোঁতে এই কথাও মনত ৰাখিব লাগিব যে বিজ্ঞানৰ ফলত হোৱা দ্রুত ঔদ্যোগিক বিকাশৰ ফলত পৃথিৱীৰ বায়ু, পানী, মাটি সকলোবোৰ প্ৰদূষিত হৈ পৰিছে অথবা বিজ্ঞানৰ উন্নয়ণৰ ফলতে উদ্ভৱ হোৱা আনরিক শক্তিয়ে পৃথিৱীক ধ্বংসৰ ভয়ত সন্ত্রস্ত্ৰ কৰি ৰাখিছে। কিন্তু এই ভয়াবহ দিশবোৰলৈ চালেই আমি লক্ষ্য কৰিব লাগিব বিজ্ঞানৰ এই আৱিস্কাৰসমূহক ব্যৱহাৰ কৰাৰ মানসিকতা। বিজ্ঞানৰ উন্নতিয়ে দিয়া সুফলবোৰ পৃথিৱীৰ অধিকাংশ মানুহেই ভোগ কৰিব পৰা নাই। এমুঠি মানুহৰ স্বাৰ্থত ব্যৱহৃত বিজ্ঞানে সমাজৰ বাবে সেয়েহে সমস্যাৰ সৃষ্টি কৰিছে। পৃথিৱীৰ সকলো মানুহৰ মনতে কল্যাণর ভাৱনা আৰু বৈজ্ঞানিক মানসিকতা জগাই তুলিব পাৰিলে বিজ্ঞানে মানৱ সভ্যতাক বিস্ময়কৰ উন্নতিৰ শিখৰলৈ আগুৱাই নিব পাৰিব।
******
মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান
আৰম্ভণি:
বৰ্ত্তমান মানৱ জীৱনত দোপতদোপে উন্নতি তথা প্রগতিৰ অন্তৰালত থকা বিষয়টোৱেই হৈছে বিজ্ঞান। বিজ্ঞানৰ বলতে আজি মানব জীৱন যথেষ্ট আৰামদায়ক হৈছে। বিজ্ঞানে যে কেৱল মানুহৰ দৈনন্দিন জীৱনেই আৰামদায়ক কৰিছে এনে নহয়, বিজ্ঞানৰ নতুন নতুন আৱিস্কাৰে আজি পৃথিৱীৰ লগত থকা অন্যান্য গ্ৰহৰ দূৰত্ব ক্রমে কমাই আনিছে। যাৰ ফলত কেইবছৰমান পাছত হয়তো মানুহ পৃথিৱীৰ বাহিৰে অন্য গ্রহৰো বাসিন্দা হোৱাটো সম্ভর হ'ব। চিকিৎসা, যোগাযোগ ইত্যাদিৰ ক্ষেত্ৰত বিজ্ঞানৰ অভূতপূর্ব সাফল্যই আজি মানৱ জীৱনক উন্নতিৰ চূড়ান্ত শিখৰত অৱতীৰ্ণ কৰাইছে। মুঠতে যি দিশতে চকু দিয়া হয়, সেই দিশতে কেবল বিজ্ঞানৰেই জয়জয় ময়ময় অৱস্থা। বর্তমানো বিজ্ঞানীসকলৰ একান্ত সাধনা আৰু চেষ্টাৰ ফলত নতুন নতুন আৱিস্কাৰ হৈয়েই আছে।
চিকিৎসা ক্ষেত্ৰত বিজ্ঞানৰ অৱদান:
বৰ্তমান চিকিৎসা ক্ষেত্ৰত বিজ্ঞানৰ নতুন নতুন যন্ত্রপাতিৰ আৱিস্কাৰে মানুহৰ পৰমায়ু বৃদ্ধি কৰিছে। মানুহৰ শৰীৰত বাঁহ লোৱা যি কোনো ৰোগেই আধুনিক যন্ত্রপাতিৰ সহায়ত তৎক্ষনাৎ মানুহক সুস্থ কৰিব পৰা হৈছে। আনকি টেষ্টটিউবতো প্ৰাণৰ সঞ্চাৰ কৰি মানৱ সন্তান জন্ম দি এক অভূতপূর্ব সাফল্য লাভ কৰিছে। মুঠতে মানুহৰ শৰীৰৰ যিকোনো ৰোগ উপশম কৰাটো বিজ্ঞানৰ বাবে সম্ভৱপৰ হৈ উঠিছে। অৱশ্যে বিজ্ঞানে যে কেৱল মানুহৰ ৰোগেই উপশম কৰিব পৰা হৈছে তেনে নহয়, পশু-পক্ষী, চৰাই-চিৰিকতিৰ চিকিৎসাৰ বাবেও বহুতো উন্নত ব্যবস্থাৰ সৃষ্টি হৈছে।
যোগাযোগৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদান:
বিজ্ঞানৰ ফলত বিভিন্ন যান-বাহনৰ আবিস্কাৰে যোগযোগ ব্যৱস্থা অতি উন্নত কৰি তুলিছে। বিমানৰ আৱিস্কাৰৰ ফলত অতি কম সময়ৰ ভিতৰত মানুহে পৃথিৱীৰ যিকোনো স্থানলৈ যাব পৰা হৈছে। তদুপৰি বেলৰ দ্বাৰাও মানুহে দীঘলীয়া পথবোৰ কম সময়তে পাব পৰা হৈছে। যান-বাহনৰ উপৰিও যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত বিজ্ঞানৰ নৱতম আৱিস্কাৰ হ'ল ইণ্টাৰনেট। ইণ্টাৰনেটৰ দ্বাৰা মানুহে পৃথিৱীৰ যিকোনো স্থানত থাকিয়েই দাৰৰ বতৰা দাবে দাবে পাব পৰা হৈছে। আকৌ ম'বাইল আৰু টেলিফোনৰ আৱিস্কাৰৰ দ্বাৰাও মানুহে যথেষ্ট পৰিমাণে উপকৃত হৈছে। ইণ্টাৰনেটৰ দ্বাৰা মানুহে যিকোনো তথ্য পাব পাৰে। ইয়াৰ দ্বাৰা মানুহৰ শাৰিৰিক শ্ৰম হৈছে।
বিভিন্ন যন্ত্রপাতিৰ আৱিস্কাৰঃ
বিজ্ঞানৰ বিভিন্ন যন্ত্রপাতিৰ আৱিষ্কাৰৰ ফলত কল-কাৰখানাবোৰত কম সময়ৰ ভিতৰতে বহুতো সামগ্রী উৎপাদন কৰিব পৰা হৈছে। ইয়াৰ ফলত মানুহৰ শাৰীৰিক শ্ৰমৰ প্ৰয়োজন নাইকিয়া হৈ পৰিছে। কম্পিউটাৰৰ আৱিস্কাৰ মানৱ জীৱনলৈ বিজ্ঞানৰ এক অনন্য অৱদান। কম্পিউটাৰৰ সহায়ত হিচাপ-পত্ৰ কৰা, বিভিন্ন তথ্য মজুত ৰখা ইত্যাদি বিভিন্ন ধৰণৰ কাম শুদ্ধকৈ আৰু কম সময়ৰ ভিতৰতে কৰা হয়। এইবোৰৰ উপৰিও ৰেফ্ৰিজাৰেটৰ, ৱাশিং মেছিন, মাইক্রোৱেভ আদিৰ আৱিস্কাৰে মানুহৰ দৈনন্দিন জীৱনৰ শাৰীৰিক শ্ৰম লাঘৱ কৰি এক ৰামদায়ক জীৱন নিৰ্বাহৰ সুবিদা প্রদান কৰিছে।
কৃষি ক্ষেত্ৰত ৰিজ্ঞানৰ অৱদান:
বৰ্তমান সময়ত মানুহে কৃষি কৰ্মৰ মাটি চহাই ল'বৰ বাবে ট্রেক্টৰ, পাৱাৰটিলাৰ আদি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে বুহুতো কাম কৰিব পৰা হৈছে। তদুপৰি পানী সিচা যন্ত্র, মৰণা মৰা যন্ত্ৰ আদিৰ আবিষ্কিাৰে মানুহৰ শাৰীৰিক শ্ৰম বহু পৰিমাণে কমাই দিছে। আনহাতে শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন কীটনাশক দ্রব্য, বিভিন্ন ধৰণৰ সাৰ আদি আৱিষ্কাৰ হৈছে। ফলত মানুহ এফালে আর্থিক দিশত লাভাম্বিত হৈছে আৰু আনফালে মানুহৰ প্ৰয়োজনো পূৰণ হৈছে। সর্বোপৰি বৰ্তমান সময়ত মানুহে কৃষিকৰ্মৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব নলগা হৈছে।
বিজ্ঞানৰ অন্যান্য অৱদান:
দৰাচলতে বিজ্ঞানৰ অৱদানৰ কথা কৈ শেষ কৰিব নোৱাৰি। বিদ্যুৎশক্তি বিজ্ঞানৰ এক অভিনৱ আৱিষ্কাৰ, যাৰ সহায়ত বিজ্ঞানৰ দ্বাৰা সৃষ্ট বেছিভাগ যন্ত্রপাতি পৰিচালিত হয়। বিদ্যুৎ শক্তিৰ দ্বাৰাই মানুহে গৰমত ফেনৰ বতাহ লৈ ঠাণ্ডাত গৰমৰ উম আৰামেৰে কাম কৰাৰ সুবিধা লাভ কৰিছে। টেলিভিশ্বনৰ দ্বাৰা মানুহে দূৰৈৰ ঘটনাৱলী নিজৰ ঘৰত বহি থাকিয়েই প্রত্যক্ষ কৰিব পাৰে। ইয়াৰ দ্বাৰা মানুহে বিভিন্ন দেশৰ খবৰ বাতৰি পোৱাৰ উপৰিও,ই মনোৰঞ্জনৰ এক উৎকৃষ্ট মাধ্যম হৈ পৰিছে। আকৌ ৰেডিঅ' বা বাতৰি কাকতৰ জৰিয়তেও মানুহে সূর্য উদয় হোৱাৰ লগে লগে পৃথিৱীৰ চুকে-কোনে সংঘটিত যি কোনো খবৰেই মূহুৰ্তৰ ভিতৰতে পাব পৰা হৈছে। কিন্তু মানুহে কেৱল বিভিন্ন দিশৰ খবৰ বাতৰি পায়েই তৃপ্ত হৈ থাকিব নোৱাৰে। সেয়ে মানুহৰ মনোজগতৰ তৃপ্তিৰ বাবে সৃষ্টি হৈছে - গ্রামোফোন, টেপ ৰেকৰ্ডাৰ ইত্যাদি বিভিন্ন মাধ্যমৰ। অৱশ্যে ৰেডিঅ'ও মানুহৰ মনোৰঞ্জনৰ অন্য এক জনপ্রিয় মাধ্যম।
মুঠতে মানুহে ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি শুৱালৈকে যিবোৰ বস্তু ব্যৱহাৰ কৰিব লগা হয়, সেয়া বিজ্ঞানৰেই অৱদান। কিন্তু বিজ্ঞানৰ ইমান সা-সুবিধা দিয়া সত্বেও এই কথা ক'ব লাগিব যে বিজ্ঞানৰ আৱিষ্কাৰ সমূহৰ দ্বাৰা মানৱ সমাজৰ কেতবোৰ অপকাৰো হৈছে। যেনে - দ্বিতীয মহাযুদ্ধৰ আৱিষ্কাৰ সমূহৰ দ্বাৰা মানৱ সমাজৰ কেত বোৰ অপকাৰো হৈছে। যেনে- দ্বিতীয় মহাযুদ্ধৰ সময়ত হিৰোচিমা আৰু নাগাচাকিত যি বোমা নিক্ষেপ কৰা হৈছিল, তাৰ কুফল মানুহে আজিও ভোগ কৰি আছে। ইয়াৰ কুপ্ৰভাৱতে আজিও তাত বেছিভাগ সন্তান বিকলাঙ্গ হৈ জন্ম গ্রহণ কৰে। ইয়াৰ কুপ্ৰভাৱতে বিজ্ঞানৰ মানৱ সমাজলৈ এক অভিশাপ। তদুপৰি বিজ্ঞানৰ দ্বাৰা সৃষ্ট যন্ত্রপাতি তথা যানবাহনৰ ধোঁৱাই সমাজৰ পৰিৱেশ প্ৰদূষণ কৰি তুলিছে। তদুপৰি কৃষিক্ষেত্ৰত ব্যৱহাৰ কৰা কীটনাশক দ্রব্য আদিয়ে মানুহৰ শৰীৰত নানান বেমাৰৰ সৃষ্টি কৰিছে। আনহাতে সুযোগ পাইছে। এনেদবে বিজ্ঞানে মানৱ সমাজত কিছুমান বিপৰ্যয়ৰো সৃষ্টি কৰিছে।
সামৰণিঃ
গতিকে দেখা যায় যে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান চাৰিওফালে বিস্তৃত হৈ আছে। বিজ্ঞানে মানৱ জীৱনক এক নতুন মাত্রা প্রদান কৰিছে। ৰাতিপুৱা উঠাৰে পৰা ৰাতি শোৱালৈকে আমি বিজ্ঞানৰ দ্বাৰা সৃষ্ট বস্তুৱেই ব্যৱহাৰ কৰোঁ। বিজ্ঞানৰ সৃষ্টিমূলক আৰু ধ্বংস মূলক দুয়োটা দিশ আছে। তথাপি বিজ্ঞানৰ আমি সৃষ্টিমূলক দিশটোহে ব্যৱহাৰ কৰিব লাগে। বিজ্ঞান জৰিত হ'ব লাগিব মানৱৰ সৰ্বতোপ্ৰকাৰৰ মংগলৰ লগত।
********

Comments
Post a Comment