দাঁতৰ ল'বলগীয়া যতন Teeth care tips at Home

দাঁতৰ ল'বলগীয়া যতন Teeth care tips at Home

  • দাঁতৰ ল'বলগীয়া যতন 
  • আমি দাঁতৰ যতন কিদৰে ল'ব পাৰোঁ
  • দাঁতৰ বিষৰ ঘৰুৱা চিকিৎসা বা ঔষধ
  • দাঁতৰ সমস্যা
  • দাঁতৰ বিষ হ'লে কি কৰিব লাগে 
  • দাঁতৰ আলুৰ বিষ হ'লে কি কৰিব লাগে 


দাঁতৰ ল'বলগীয়া যতন 


আমাৰ দেহৰ আন অঙ্গবোৰৰ দৰে দাঁত দুপাৰি গুৰুত্বও অসীম। দাঁত দুপাৰিয়ে আমাক কথা কোৱা, আহাৰ চোবোৱাত সহায় কৰাৰ লগতে আমাৰ সৌন্দর্যও বৃদ্ধি কৰে। উজ্জ্বল দুপাৰি দাঁতেৰে এমোকোৰা হাঁহিভৰা মুখখনে ব্যক্তিত্বৰ বিকাশ ঘটায়। পিছে দাঁত দুপাৰি উজ্জ্বল কৰি ৰখাটো টান কাম। দাঁত দুপাৰি চিক্‌চিকিয়া কৰি তুলিবলৈ চিকিৎসালয়লৈ গ'লে বহু টকা খৰচ পৰে। পিছে ঘৰতে দাঁত দুপাৰি কিদৰে উজ্জ্বল কৰি তুলিব পাৰি তাৰে কেইটিমান পৰামৰ্শ বা টিপছ আগবঢ়োৱা হ'ল-


দাঁতৰ ক্ষেত্ৰত মাউথ বাছৰ ব্যৱহাৰ, কফি, ছ'ডা আদি খোৱাত সাবধান হ'ব লাগে:

কফি, ছড়া, মাউথ বাছ আদিৰ ফলত দাঁতত হালধীয়া দাগ পৰিব পাৰে। সেয়ে এইবোৰ ব্যৱহাৰ কৰাৰ ক্ষেত্রত সাবধান হ'ব লাগে।


দিনত দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে:

দিনে দুবাৰকৈ ব্রাছ কৰিব লাগে। এইদৰে দুবাৰকৈ ব্ৰাছ কৰিলে দাঁতৰ ফাঁকত লাগি থকা খাদ্যকণা, বেক্টেৰিয়া, দাঁতৰ ওপৰত পৰা চামনি আদি আঁতৰি থাকে। দাঁতত লাগি থকা দাগবোৰ আঁতৰ কৰিবলৈ দাঁত ব্রাছ কৰা অতিকে প্রয়োজন।


ফল মূলে দাঁত দুপাৰি পৰিষ্কাৰ কৰি তোলাত সহায় কৰে:

আহ থকা ফল খালে ই প্রাকৃতিক ভাবেই দাঁত দুপাৰি পৰিষ্কাৰ কৰি তুলে। টেঙাজাতীয় ফল খালে মুখৰ ভিতৰত লেলাউটি বেছি পৰিমাণে নির্গত হয় বাবে দাঁত দুপাৰি পৰিষ্কাৰ হয়। একদৰে 'চি' ভিটামিন থকা ফল স্ট্র'বেৰী, কিৱি আদি ফল খালে দাঁতৰ আলু মজবুত হয়। আপেল আৰু নাচপতি খালেও উপকাৰ পোৱা যায়।


দাঁতৰ ক্ষেত্ৰত ফ্লচিং (Flossing): 

দাঁতৰ গুৰিৰ পৰা ৰক্তক্ষৰণ হোৱাৰ ভয়ত বহুলোকে ফ্লচিং কৰিবলৈ ভয় কৰে। পিছে সাৱধানেৰে ফ্লচিং কৰিলে দাঁতৰ দাগ আঁতৰি যোৱাৰ লগতে দাঁত দুপাৰি ভালে থাকে।


দাঁতৰ আলুৰ বিষত দুগ্ধজাত খাদ্য :

দুগ্ধজাত খাদ্য, চীজ আৰু দৈ দুগ্ধজাত খাদ্য খালে দাঁতৰ আলুৰ অসুখ ভাল হয়। ইয়াৰ লগতে দাঁত দুপাৰি উজ্জ্বল কৰি ৰাখে। দুগ্ধজাত খাদ্যই দাঁতৰ এনামেল হোৱাত বাধা দিয়ে। ইয়াৰ উপৰি পনিৰ খালে দাঁত পৰিষ্কাৰ হোৱাত লগতে মজবুত হয়।


দাঁতৰ যতনৰ ক্ষেত্ৰত তিলৰ ব্যৱহাৰ: 

তিলৰ গুটিয়ে দাঁতৰ ওপৰত পৰা ডাঠ চামনি আঁতৰোৱাৰ লগতে দাঁতৰ এনামেল বৃদ্ধি কৰে। তিলৰ গুটিত কেলচিয়াম থকা বাবে দাঁতৰ হাড় মজবুত কৰি ৰাখে। একেদৰে সূর্যমুখী ফুলৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ, প্রটিন আৰু ভিটামিন ই' থাকে। ইয়াৰ উপৰি গুৰুত্বপূর্ণ খনিজ মেগনেছিয়ামো ইয়াত পোৱা যায়। সূর্যমুখী ফুলৰ গুটি চোবাই থাকিলে মুখৰ দুৰ্গন্ধ দূৰ হয় আৰু দাঁতত দাগ পৰা বন্ধ হয়।


Straw যিকোনো পানী খাওঁতে ব্যৱহাৰ কৰিলে দাঁতত দাগ নপৰে। বিশেষকৈ যিকোনো পানীয় খাওঁতে 'ষ্ট্র' ব্যৱহাৰ কৰিব লাগে। তেতিয়া পানীয়খিনি দাঁতত নালাগি পোনে পোনে মুখৰ ভিতৰ পায়গৈ।


দাঁতৰ যতনৰ ক্ষেত্ৰত শাক-পাচলিৰ ব্যৱহাৰ: 

'এ' ভিটামিন থকা পাচলি ব্রুকলি, গাজৰ ৰঙালাউ আদি খালে দাঁতৰ এনামেল গঠনত সহায় হয়। এনে ধৰণৰ কিছুমান পাচলি কেঁচাই চোবাই খাব পাৰিলে ভাল। ফলে দাঁতৰ আলু মজবুত কৰে আৰু দাঁতৰ ৰং বগা কৰি উজ্জ্বলতা ৰক্ষা কৰে।


দাঁত চাফা কৰি ৰাখিবলৈ নেমুৰ ৰস আৰু নিমখৰ মিশ্ৰণ ব্যৱহাৰ কৰিব লাগে:

নেমুৰ ৰস আৰু নিমখৰ মিশ্রণেৰে দাঁত ঘাঁহলে দাঁতৰ উজ্জ্বলতা বাঢ়ে। উল্লেখ্য যে নেমুত চাইট্রিক এচিড থাকে। নিমখৰ সৈতে সেয়ে নেমুৰ ৰস মিহলাই দাঁত ঘাঁহলে দাঁতৰ উজ্জ্বলতা বাঢ়ে। দাঁতৰ ৰং উজ্জ্বল বগা কৰি ৰাখিবলৈ এই মিশ্রণ লগাই ব্রাছ কৰিব লাগে।


দুমাহৰ মূৰে মূৰে  দাঁত ব্ৰাছ সলাই থাকিব লাগে:

দাঁত ঘঁহা ব্রাছডাল নির্দিষ্ট সময়ৰ মূৰে মূৰে সলাই থাকিব লাগে। ব্রাছডাল পুৰণি হ'লে ইয়াৰ বুৰুজৰ মুৰবোৰ কঠিন হৈ পৰে আৰু এইবোৰে দাঁতৰ এনামেল ভাগ নষ্ট কৰি পেলায়। ইয়াৰ ফলত দাঁতত দাগ পৰে।


কেলচিয়াম খোৱাত গুৰুত্ব দিব লাগে: 

নিয়মীয়াকৈ কেলচিয়ামযুক্ত খাদ্য অথবা ছাপ্লিমেন্ট খাই থাকিলে দাঁতৰ গঠন ভাল হোৱাৰ লগতে দাঁত মজবুত হয় আৰু ফলত দাঁতৰ ৰং উজ্জ্বল হয়।


শৌচাগাৰৰ পৰা ব্ৰাছডাল আঁতৰত ৰাখিব লাগে:

আজিকালি ঠেক আৰু কম পৰিসৰৰ শৌচাগাৰতে গা ধোৱাৰ ব্যৱস্থা থকাৰ ফলত স্বাস্থ্যজনিত ভালেমান সমস্যাৰ সৃষ্টি হয়। দাঁত ঘঁহা ব্রাছডাল যাতে শৌচাগাৰৰ পৰা অতি কমেও ছয় ফুট আঁতৰত থাকে, তালৈ মন কৰা উচিত। টয়লেটৰ নিচেই ওচৰত থাকিলে ফ্লাছৰ পৰা বতাহে উৰুৱাই অনা দূষিত কণিকাই ব্রাছডালো প্রদূষিত কৰিব পাৰে। 


দন্ত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে: 

দাঁত দুপাৰিপৰীক্ষা কৰিবলৈ মাজে সময়ে দন্ত চিকিৎসকৰ পৰামৰ্শ ল'ব‌ লাগে। দীর্ঘদিন ধৰি দন্ত চিকিৎসকক দাঁত দেখুৱাই নেথাকিলে আপোনাক দাঁতে যন্ত্রণা দিব পাৰে। যদি এবছৰমানলৈ দাঁত পৰিষ্কাৰ নকৰে, তেতিয়া তেওঁৰ দাঁত দুপাৰি সম্পূৰ্ণভাবে নষ্ট হৈ যাব পাৰে।


দাঁত বগা কৰা চিকিৎসা: 

দাঁতত যদি বেয়াকৈ যিকোনো ৰঙৰ দাগ পৰিছে তেনেহলে দাঁত বগা কৰিবলৈ চিকিৎসা ল'ব পাৰে। ইয়াৰ ফলত দাঁত দুপাৰি বহু বেছিকৈ বগা হয়।


দাঁতৰ যত্নৰ ক্ষেত্ৰত পদিনা থকা টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰি:

পদিনাযুক্ত টুথপেষ্ট ব্যৱহাৰ কৰিলে দাঁত দুপাৰি উজ্জ্বল, চিকচিকিয়া হয়। অৱশ্যে এদিনতে ইয়াৰ ফল পোৱা নাযায়, কিন্তু দীর্ঘদিন ধৰি ব্যৱহাৰ কৰিলে ইয়াৰ ফল পোৱা যায়।


বংশগত কাৰণ

বংশগত কাৰণৰ বাবেও কোনো কোনো লোকৰ দাঁতৰ দাগ থাকিব পাৰে। এই সন্দর্ভত বহু লোকে সচেতন নহয়। সেয়ে দন্ত চিকিৎসকৰ ওচৰলৈ গৈ দাঁতত দাগ পৰাৰ প্রকৃত কাৰণ জানি লৈ চিকিৎসা ল'ব লাগে।


এন্টিবায়োটিক বেছি পৰিমাণে খাব নালাগে:

এন্টিবায়োটিক বেছি পৰিমাণে খালে দাঁতৰ প্রকৃত ৰং এৰাই যায়। সেয়ে প্রয়োজন নাথাকিলে এন্টিবায়োটিক খাব নালাগে।


ছ'নিক টুথব্রাছ (Sonic Toothbrush)

ছ'নিক টুথব্রাছ বৰ উপকাৰী। সাধাৰণ টুথব্রাছ ব্যৱহাৰ কৰিলে দাঁতৰ গুৰিত জোৰকৈ আঘাত পৰে। ইয়াৰ ফলত দাঁতৰ আলুৰ ক্ষতি হয়। দাঁত দুর্বল কৰি পেলায়। ছনিক টুথব্রাছ ব্যৱহাৰ কৰিলে এইধৰণৰ সমস্যাৰ সৃষ্টি নহয়।


দাঁত বগা কৰা কিটছ (Kits): 

দাঁত বগা তথা উজ্জ্বল কৰি ৰাখিবলৈ টুথ হোৱাইটনিং কিছু উপকাৰী। পিছে এনেধৰণৰ কিটছ ব্যৱহাৰ কৰাৰ আগতে কোনটো ব্ৰেণ্ড আপোনাৰ বাবে উপকাৰী, সেই কথা দন্ত চিকিৎসকৰ পৰা জানি ল'ব লাগে।


শৰীৰৰ বিপাকীয় কার্য বৃদ্ধি কৰা উচিত:

শৰীৰৰ বিপাকীয় কার্য কমি যোৱাৰ বাবেও দাঁতৰ বৰণ সলনি হ'ব পাৰে। সেয়ে খোৱা-বোৱাত গুৰুত্ব দিয়া উচিত।নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে আৰু লগতে অত্যধিক মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে।







Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

শংকৰদেৱৰ বিষয়ে ৰচনা অসমীয়া

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা