আমলখি আৰু ইয়াৰ গুণাগুণ

আমলখি আৰু ইয়াৰ গুণাগুণ 


আমলখি আৰু ইয়াৰ ঔষধি গুণ আমলখি গছৰ পাতৰ উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ Uses of Amla Benifits of Amlakhi or Emblica in Assamese 



আমলখি আৰু ইয়াৰ গুণাগুণ 


আমলখিৰ বিভিন্ন নাম: অসমীয়াত আমলখি, বঙালীত আমলা আলকী, গুজৰাটীত আম্বালা, হিন্দীত আমলিকা, উৰিয়াত আনলা, পাঞ্জাবীত আমল, তেলেগুত উচিৰি, সংস্কৃতত ধাত্রীফল নামেৰে জনা যায়।


আমলখিৰ ইংৰাজী নাম: ইমব্লিকা মাইৰোবেলাম (Emblicamynobalan)


আমলখিৰ বৈজ্ঞানিক নাম: ইমব্লিকা অফিচিনেলিচ (Emblicaofficinalis) বোলা হয়।


আমলখিৰ শ্রেণী: উদ্ভিদ বিজ্ঞানৰ শ্ৰেণী বৰ্গীকৰণৰ মতে আমলখি ইউফৰবিয়োচি (Euphorbiaceae) গোেত্ৰৰ অন্তর্গত।


আমলখিৰ পৰিচয়: আমলখি এবিধ প্রসিদ্ধ ঔষধি গুণসম্পন্ন মজলীয়া আকাৰৰ গছ। এই গছৰ পাতবোৰ সৰু সৰু। ১০/১৩ মি.মি. দীঘল আৰু ২/৩ মি.মি. বহল হয়। ই সকলো ঠাইতে জন্মে। ঠাৰিফালৰ দুয়োফালে সৰু সৰু পাতবোৰ ঘনাই থাকে। দেখিবলৈ বৰ ধুনীয়া হয়। বাৰিষাকালত ইয়াৰ গছৰ ফুল আৰু ফল ধৰে। ফলবোৰ খৰালি কালতহে পুৰঠ হয়। একেজোপা গছতে পুংকেশ্বৰ আৰু স্ত্রী ফুল ফুলে আৰু বহুতো ফুল পোৱা যায়। ফলবোৰ মাংসল, গুলাকাৰ। বাহিৰভাগ ৬টা খণ্ডত বিভক্ত। ৰং সেউজীয়া বা হালধীয়া বীজ ৬ টা। 


আমলখিৰ ব্যৱহাৰঃ ইয়াৰ ফল, পাত আৰু গছৰ বাকলিও দৰৱত কেতিয়াবা ব্যৱহাৰ হয়। আমলখিৰ গুড়া ২৫ গ্রাম আৰু আমলখিৰ ৰস ৫-০ গ্রাম ব্যৱহাৰ কৰিব পাৰি।


আমলখিৰ গুণাগুণ: আমলখিৰ সবাটোকৈ উপকাৰী অংশ হ'ল ইয়াৰ ফল। সংস্কৃতত আমলখিক ধাত্রীফল বোলে। ধাত্রী মানে মাক বা উপমাকক বুজায়। মাকে শিশুক যেনেকৈ লালন-পালন কৰে ঠিক সেইদৰে আমলখিয়েও মানুহক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰি সু-স্বাস্থ্য দিয়ে। সেইকাৰণে আমলখি আয়ুর্বেদীয় প্রায়বিলাক ঔষধৰ কাৰণে অপৰিহাৰ্য্য অংগ। ইয়াৰ ফল ৰসায়ন, মধুৰ ৰসযুক্ত। হাওঁফাওঁৰ যক্ষ্মা, হাওঁফাওঁৰ পুৰণি পেলু, বমি, সৰু ল'ৰা-ছোৱালীৰ পয়াঁলগা ৰোগ নাশ কৰিব পাৰে। কেচা আমলখি হিতকাৰক, শক্তিবৰ্দ্ধক, চৰ্মৰোগ নাশক, জ্বৰ নাশক, অজীর্ণতা, কুষ্ঠ কাঠিন্য, পেতৰ বিষ ও গ্ৰহণী ৰোগত উপকাৰী। কৰ্কট বা কেন্সাৰ ৰোগ আমলখিয়ে প্ৰতিৰোধ কৰিব পাৰে। কেহাজাতীয় আমলখিৰ প্ৰায় সকলো ৰোগ আৰোগ্য কৰাৰ ক্ষমতা আছে আৰু আমলখি আমাৰ শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। এটা ভাল আমলখিয়ে এটা কুকুৰাৰ কণিতকৈ বা এগিলাচ গাখীৰতকৈ অতি ভাল ফল দিব পাৰে । আমলখিয়ে যৌৱন প্ৰদান কৰাত বিশেষ সহায় কৰে। ই শক্তি, মেধা আৰু স্বাস্থ্যবর্ধক।


আমলখিত থকা ৰাসায়নিক দ্রব্য: আমলখিত প্রয়োজনীয় খাদ্যপ্রাণ 'গ' আটাইতকৈ বেছি পৰিমাণে পোৱা যায়। ১০০ গ্রামত ৬০০ মি.গ্রা. অকল খাদ্যপ্রাণ 'গ' (ভিটামিন চি) থাকে। তদুপৰি খাদ্যপ্ৰাণ 'ক' ১৫ আই ইউ., খাদ্যপ্রাণ 'খ'.০৩ মি.গ্রা. লৌহজাতীয় পদার্থ ১.২ মি.গ্রা. কেলছিয়াম, ৫০ মি.গ্রা. প্রোটিন, ৫ মি.গ্রা. আৰু কেলৰি ৫৮ মি.গ্রা. পোৱা যায়। তদুপৰি যথেষ্ঠ পৰিমাণে ফচফৰাচ আমলখিত পোৱা যায় আৰু এমিন, এচিড, নেলিক এচিদ, চেবুলিক এচিদ, চেবুলেজিক এচিদ, ইলাজিক এচিদ, ফচফেটাইফচ পোৱা যায়। জাতি: আমলখি দুবিধ। এবিধ কেহাজাতীয় আৰু আনবিধ মিঠাজাতীয়। প্রথমবিধ অর্থাৎ কেহাজাতীয় আমলখিহে সাধাৰণতে ঔষধত বেছিকৈ ব্যৱহাৰ হয়।


ঔষধ হিচাপে আমলখিৰ প্রয়োগ: চুলি সৰা আৰ পকা - কেইটামান আমলখি থেতেলিয়াই এৰাটি মূৰত বান্ধি ৰাখিলে চুলি সৰা বন্ধ হয়। এটা মাটিৰ টেকেলিত আমলখি আধা কি.গ্রা. খুন্দি পানীত দুবাই ৰাখিব লাগে। এসপ্তাহ মানৰ পাছত সেই পানী সদাই মূৰত ল'লে চুলি সৰা আৰু চুলি পকা বন্ধ হয়।


ব্রঙ্কাইটিছ ৰোগ - আমলখিৰ গুটি খুন্দি খাব লাগে।


বহুমূত্র বা ডায়োব্রেটিচ - ১০/১২ টামান আমলখিৰ গুটিৰ বস উলিয়াই ১৫-২০ দিন খালে এই ৰোগ ভাল হয়।


মূর্চ্চা যোৱা ৰোগ - ১৫ গ্রাম আমলখিৰ ৰস সমপৰিমাণৰ মৌবে সৈতে কিছুদিন খাব লাগে।


পেটৰ অসুখ - আমলখি বটি আঞ্জা কৰি খালে পেটৰ অসুখ ভাল হয়।


বায়ু ৰোগ - আমলখি, শিলিখা আৰু ভোমোৰা গুটিৰ গুড়া পানীত মিহলাই খালে পেটৰ বায়ুৰোগ ভাল হয়।


সৰু ল'ৰা-ছোৱালী পয়াঁ লগা ৰোগত আমলখি ৰসে সুফল দিয়ে আনকি নিয়মিয়াকৈ কেঁচুৱাক ইয়াৰ ৰস ১০ গ্রামকৈ প্রতিদিনে খুৱালে শিশুৰ পয়ালগা ৰোগ কেতিয়াও নহয়। শিশুৰ স্বাস্থ্য দিনকদিনে দেখনিয়াৰ হৈ পৰে। সৰু ল'ৰা-ছোৱালীয়ে বিচনাত পেচাৱ কৰিলে ১ গ্রাম আমলখিৰ ৰসৰ লগত ২ গ্রাম ক'লা জীৰা পিহি মিচিৰিৰ লগত খুৱালে টোপনিত বিচনাত পেচাৱ কৰা বন্ধ হয়।


মূৰ কামোৰণি - আমলখিৰ ৰস বগা চন্দনৰ লগত মিহলি কৰি কপালত সানিলে মূৰৰ কামোৰণি ভাল হয়।


স্বপ্ন দোষৰ দৰৱ - প্ৰতিদিনে ৰাতিপুৱা ২ টা আৰু গধূলী ২ টাকৈ কেইদিনমান একেৰাহে খাব লাগে।


দৃষ্টিশক্তি বৃদ্ধিৰ বাবে - নিয়মীয়াকৈ ২ টা বা ৩ টা আমলখি খোৱা ভাল। লগতে আমলখিৰ ৰস মৌৰ লগত ৰাতিপুৱা খালে দৃষ্টিশক্তি বৃদ্ধি হয়।


অতিপাত শকত লোকৰ বাবে এনে লোকৰ দেহৰ মেদ কমাবলৈ হ'লে দিনে ৪ টাকৈ আমলখি খোৱা উচিত।


সাধাৰণ বিষ - এচামুচ আমলখিৰ ৰসৰ লগত আধা গিলাচ পানী মিহলি গাখীৰ মিশ্ৰণ কৰি দিনে দুবাৰকৈ খালেই সাধাৰণ বিষ-কোপ নাইকিয়া হয়।


শৰীৰৰ খহতা ছাল নিমজ কৰিবলৈ প্ৰতিদিনে ৪/৫ টা আমলখি খালে অতি চমৎ কাৰ ফল পোৱা যায়।


মগজুৰ দুৰ্বলতা নাশ কৰিবৰ কাৰণে প্ৰতিদিনে ৪/৫ টাকৈ আমলখি খাব লাগে।


উচ্চ ৰক্তচাপ - এই বেমাৰত আমলখিৰ ৰস মিচিৰিৰ সৈতে খালে ভাল ফল পোৱা যায়।


হৃদৰোগ - এই ৰোগত আমলখিৰ ৰস ৫/৬ চামুচ আধাগিলাচ গৰু গাখীৰৰ লগত মিহলাই খুৱালে অতি মাৰাত্মক হৃদৰোগো ভাল হয়।


পেলু আৰু কৃমি নাশক - এই বেমাৰত আমলখি ব্যৱহাৰ কৰিব পাৰি। কেচা আমলখিৰ ৰস দিনে ১০গ্রামকৈ একেৰাহে ৩ দিন ৰাতিপুৱা সুদা পেটত খালে পেলু মৰে।


তেজ গ্রহণী - এটা নেমুৰ ৰস আৰু আমলখিৰ ৰস ৫/৬ চামুচ মিহলি কৰি খাব লাগে।


চকু ৰঙা পৰা ৰোগ - ২/৩ টোপাল আমলখিৰ ৰস চকুত দিলে এইৰোগ সহজে ভাল হয়।


মেলেৰীয়া জ্বৰ - ৪/৫ টা আমলখি থেটেলীয়াই ঘিউত ভাজি খালে জ্বৰ নাইকিয়া হয়।


মাইকী মানুহৰ যোনীত হোৱা খজুৱতি নাইকিয়া কৰিবলৈ আমলখি ৰসৰ লগত অলপ চেনি মিহলি কৰি খুৱাব লাগে আৰু আমলখি থেটেলীয়াই যোনীত সানিব লাগে।


বদ হজম বদ হজম নাশ কৰিবলৈ আমলখিৰ ৰসৰ উপৰিও ইয়াৰ কুমলিয়া পাত ব্যহাৰ কৰিব পাৰি।


সাৰ বেমাৰ বা জণ্ডিছ এই ৰোগত আমলখিৰ ৰস ব্যৱহাৰকৰি সুফল পাব পাৰি।


পেচাৱত হঠাতে তেজ পৰিলে - আমলখিৰ ৰসত কুঁহিয়াৰৰ ৰস মিহলি কৰি তাত অলপ মৌ দি খালে তেজ পৰা বন্ধ হয়।


প্রমেহ ৰোগ - আমলখি চালৰ ৰস ১০ গ্রাম সমপৰিমাণৰ মৌজোল আৰু কেচা হালধিৰ ৰস ২০গ্রাম মিহলি কৰি দিনে দুবাৰকৈ কেইদিনমান খালে এই ৰোগ ভাল হোৱা দেখা যায়।


বমি - বমি নিবাৰণ কৰিবলৈ আমলখিৰ ৰসৰ লগত চেনি মিশ্রণ কৰি খাব লাগে।


অম্লপিত্ত ৰোগ - ২০ গ্রাম আমলখিৰ ৰসৰ লগত সম পৰিমাণৰ মৌজোল মিহলি কৰি দিনে দুবাৰকৈ একেৰাহে ১৫/২০ দিন খালে এই ৰোগ ভাল হয়। 


মূৰৰ উফি নাইকীয়া কৰিবলৈ আমলখি, শিলিখা আৰু ভোমোৰা গুটিৰ সমপৰিমাণৰ ৰস মিহলি কৰি মূৰত সানিব লাগে।


পাথৰি ৰোগ - আমলখি মূলাৰ লগত খালে এই ৰোগ ভাল হয়।


দাঁতৰ আলু উখহি তেজ ওলালে দিনে ৩ টাকৈ আমলখি খালে যথেষ্ট ভাল ফল পোৱা যায়।


হাড়ৰ জোৰা বিষত আমলখি ৩/৪ টা নিতৌ খাব লাগে।


শৰীৰৰ হাড় আদি ভগাৰ স্থান জোৰা লগোৱাত শুকান আমলখিয়ে যথেষ্ট সহায় কৰে।


দেহৰ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ ২৫ গ্রাম আমলখিৰ গুড়াত এচামুচ গুৰু ঘিউ, ২ চামুচ মৌজুল মিহলাই কেইদিনমান খাব লাগে।


আমলখি গছৰ ছাল আৰু ফলৰ বাকলিয়ে পুখুৰীৰ পানী পৰিস্কাৰ কৰে।


আমলখি গছৰ ৰোপন পদ্ধতি: আমলখি অতি প্রসিদ্ধ ঔষধিগুণ সম্পন্ন গছ।


মাটি:- উত্তৰ পূৰ্বাঞ্চলত পাহাৰ ভৈয়াম সকলো মাটিতে এই খেতি কৰিব পাৰি। কেৱল পানী জমা হৈ নোৰোৱা হব লাগে।অবশ্যে মাটি পলসুৱা সাৰুৱা মাটিত এই গছত জেউতী চৰে ।


আমলখিৰ পুলি প্রস্তুতি :- পলসুৱা উখ চানেকীয়া মাটি নিৰ্বাচন কৰি মাটিখিনি নির্বাচন কৰি মাটিখিনি মিহি কৰি লৈ গুটিবোৰ শোধন কৰিলৈ পচাব লাগে। বাজার


গাঁত খন্দা:- মাটি দোখৰ হালবাই মৈয়াই বা কোৰ মাৰি মাটি মিহি কৰি লৈ গাঁত খান্দিব লাগে। গাঁতবোৰ ৪৫×৪৫ চে:মি: কৈ খান্দি গাঁতৰ মাটিখিনি আতঁৰাই মাটি মিহলি পছনসাৰ আৰু শুকান গোৱৰ মিহলি কৰি গাঁতটো পুৰ কৰি ৰদ পৰিবলৈ এৰি দি ৩ দিন পিচৰ পৰা পুলি কব পাৰি।


আমলখিৰ পুলি ৰোপন: পলিঠিনৰ ঠোঙাৰ পুলি হ'লে অতি ভাল। মৰাৰ ভয় নাথাকে। পলিঠিনৰ ঠোঙাটো পিৰিৰ মাটি নভঙাকৈ ব্লেডেৰে কাটি ঠোঙাটো আঁতৰ কৰি গাঁতৰ সোমাজত পুলিটো স্থাপন কৰি ৰুই চাৰিওফালে লাহে লাহে মাটি দি পিৰি নভঙাকৈ টিপি দিব লাগে। তাৰ পাছত কিছু পানী চটিয়াই দিব লাগে। খৰাং যেন দেখিলে পানী যোগানৰ ব্যৱস্থা কৰিব লাগে পুলি ঠন ধৰি উঠাৰ পাছত ১ বছৰীয়া হ'লে পুনৰ একোপাচিকৈ পচন সাৰ সাৰ দিয়াৰ ব্যৱস্থা কৰিলে গছজোপাৰ শ্ৰীবৃদ্ধি বাঢ়িব। পোক-পৰুৱা, বেমাৰ আজাৰে দেখা দিলে আজিকালি বজাৰত অনেক কীটনাশক দৰব কিনিবলৈ পোৱা যায়। তাৰে যিকোনো এটা বায়ু কেমিকেল জাতীয় দৰৱ ব্যৱহাৰ কৰিলেই সুফল পোৱা যাব।



~সংগ্ৰহ কৰা হৈছে 


******

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

শংকৰদেৱৰ বিষয়ে ৰচনা অসমীয়া

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা