দাঁতৰ ল'বলগীয়া যতন Teeth care tips at Home
দাঁতৰ ল'বলগীয়া যতন Teeth care tips at Home দাঁতৰ ল'বলগীয়া যতন আমি দাঁতৰ যতন কিদৰে ল'ব পাৰোঁ দাঁতৰ বিষৰ ঘৰুৱা চিকিৎসা বা ঔষধ দাঁতৰ সমস্যা দাঁতৰ বিষ হ'লে কি কৰিব লাগে দাঁতৰ আলুৰ বিষ হ'লে কি কৰিব লাগে দাঁতৰ ল'বলগীয়া যতন আমাৰ দেহৰ আন অঙ্গবোৰৰ দৰে দাঁত দুপাৰি গুৰুত্বও অসীম। দাঁত দুপাৰিয়ে আমাক কথা কোৱা, আহাৰ চোবোৱাত সহায় কৰাৰ লগতে আমাৰ সৌন্দর্যও বৃদ্ধি কৰে। উজ্জ্বল দুপাৰি দাঁতেৰে এমোকোৰা হাঁহিভৰা মুখখনে ব্যক্তিত্বৰ বিকাশ ঘটায়। পিছে দাঁত দুপাৰি উজ্জ্বল কৰি ৰখাটো টান কাম। দাঁত দুপাৰি চিক্চিকিয়া কৰি তুলিবলৈ চিকিৎসালয়লৈ গ'লে বহু টকা খৰচ পৰে। পিছে ঘৰতে দাঁত দুপাৰি কিদৰে উজ্জ্বল কৰি তুলিব পাৰি তাৰে কেইটিমান পৰামৰ্শ বা টিপছ আগবঢ়োৱা হ'ল- দাঁতৰ ক্ষেত্ৰত মাউথ বাছৰ ব্যৱহাৰ, কফি, ছ'ডা আদি খোৱাত সাবধান হ'ব লাগে: কফি, ছড়া, মাউথ বাছ আদিৰ ফলত দাঁতত হালধীয়া দাগ পৰিব পাৰে। সেয়ে এইবোৰ ব্যৱহাৰ কৰাৰ ক্ষেত্রত সাবধান হ'ব লাগে। দিনত দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে : দিনে দুবাৰকৈ ব্রাছ কৰিব লাগে। এইদৰে দুবাৰকৈ ব্ৰাছ কৰিলে দাঁতৰ ফাঁকত লাগি থকা খাদ্যকণা, বেক্টেৰিয়া, দ...