ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা

ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা 


ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা Hun Borikh Roja Kokadeuta aru Natilora Lakshminath Bezbarua's Famous Assamese Story Deevlibrary 


সোন-বৰিষ ৰজা 
ককাদেউতা আৰু নাতি ল'ৰা 


এজন চহকী বুঢ়াৰ কেইবাটাও পুতেক আছিল। ক্রমে বুঢ়াই আটাইকেউটাকে বিয়া কৰাই দিলে, মাথোন বাকী ৰ'ল নুমলীয়াটো। অনেক চাই চিন্তি বুঢ়াই বিচাৰি-খোচাৰি শেষত এঘৰত এজনী লখিমী যেন ছোৱালী পাই নুমলীয়ালৈ. তাইক বিয়া কৰাই আনিলে। ছোৱালীজনী সঁচাকৈয়ে লখিমী আছিল। তাইক আনিবৰে পৰা বুঢ়াৰ ঘৰ আগতকৈও ধনে-ধানে ভৰি পৰিল, আৰু ঘৰত অপায়-অমঙ্গল নৰীয়া-পৰীয়াও নাইকিয়া হ'ল। কিন্তু এই দেখি বুঢ়াৰ পুৰোহিত বামুণৰ মনত বেজাৰ। পুৰোহিতক লাগে বুঢ়াৰ ঘৰত মৰা-হজা, নৰীয়া-পৰীয়া, অপায়-অমঙ্গল, তেহে তেওঁ শান্তিকৰম, তুলসী দিয়া আদি কাজ-কাম পাতি বুঢ়াৰ পৰা উলিয়াব পাৰে। তাৰে মূৰ মাৰল দেখি পুৰোহিত চিন্তাত পৰিল, তেওঁৰ ৰাতি ভাৱনাত টোপনি নহা হ'ল। তেওঁৰ ঘৰখনত ল'ৰা-ছোৱালী পো-পোৱালী এবোজা, বুঢ়াৰ ঘৰতে ওলমি কোনোমতে প্ৰৱৰ্তি আছিল, এতিয়া তাৰে ভিকাচন ভাগিবৰ আগন্তুক হৈছে দেখি বামুণৰ মনত মহা আতঙ্ক সোমাল। সেইদেখি পুৰোহিতে একোকে উপায় নাপাই এজন গণকৰ ঘৰলৈ গৈ নিজৰ দুখৰ কথা গণকক কৈ ৰূপ এটকা আৰু ভোজনী এটা দি, বুঢ়াৰ ঘৰত এনে হোৱাৰ কাৰণ কি গণি-পঢ়ি চাই উলিয়াবলৈ ক'লে। গণকে তেওঁৰ পুথি-পাঁজী মেলি ভালেখিনি গণি-পঢ়ি চাই পালে যে বুঢ়াৰ ঘৰত লক্ষ্মী সোমাইছে, সেইদেখিহে এনেকুৱা হৈছে আৰু সেই লক্ষ্মীজনী হৈছে বুঢ়াৰ নুমলীয়া বোৱাৰীয়েক। গণকৰ কথা শুনি পুৰোহিত বাপুৱে সুধিলে- "পিছে ইয়াৰ নো কি ব্যৱস্থা হ'ব এতিয়া? মই দেখোন বিপাঙে মৰিলোঁ। খাবলৈ নাপায়েই মই মৰিম দেখিছোঁ। ইয়াৰ এটা উপায় কৰি দিয়ক। মই মোৰ এবাহ ল'ৰা-ছোৱালীৰে সৈতে বামুণীজনীক কৰোঁ কি?” বামুণৰ আতঙ্কৰ কথা শুনি গণকে বামুণক আশ্বাস দি কড়ি এমুঠি উলিয়াই মাৰি পঠিয়াই আকৌ ভালকৈ গণিবলৈ লাগিল। গণি আঁতাই গণকে ক'লে- "পাইছোঁ, উপায় পাইছোঁ। তুমি থিৰ হোৱাঁ। তুমি যদি বুঢ়াৰ বাৰীৰ দক্ষিণফালৰ ভলুকা বাঁহজোপাৰ এটা বাঁহ আনিব পাৰা তেনেহ'লে বুঢ়াৰ ঘৰত মানুহ মৰিব।” এই কথা শুনি পুৰোহিতে অলপ উশাহ পাই বুঢ়াৰ ঘৰলৈ গৈ বুঢ়াক সেই বাঁহজোপাৰ বাঁহ খুজিলে আৰু বুঢ়াইও তেওঁক বাঁহ এটা দিলে। কিন্তু এইকথা বুঢ়াৰ সৰু বোৱাৰীয়েকে শুনিবলৈ পাই সেই বাঁহটোৰ পাত খাবৰ নিমিত্তে তেওঁলোকৰ কপিলী গৰুজনী এৰি দিলে আৰু গৰুজনী বাঁহপাত খাই ঘৰলৈ গুচি আহিল।


এইদৰে এমাহমান গ'ল, কিন্তু পুৰোহিত বামুণে আচৰিত মানিলে যে বুঢ়াৰ ঘৰত কাৰো নৰীয়াও নহ'ল কোনো নমৰিলও। মনৰ দুখত মনতে টোপোলা বান্ধি লৈ বামুণে আকৌ টক্‌কুক্‌ কৰে গণকৰ ঘৰ ওলালগৈ। গণকে "কি হ'ল, কিয় আকৌ আহিলা?” বুলি বামুণক সুধিলত বামুণে হুমুনিয়াহ কাঢ়ি ক'লে- “এ, কিনো ক'ম, কি নো শুনিবা! আজি এমাহ হ'লহি, আপুনি কোৱাৰ দৰে সেই বাঁহজোপাৰ পৰা বাঁহ এটাও আনিলোঁ, কিন্তু ক'তা? কাৰো দেখোন একো নহ'ল? সিফালে খাবলৈ নাপাই মোৰ ঘৰত ল'ৰা-ছোৱালী মখাৰ হা-হা কা-কা লাগিছে। মই ক'লৈ যাওঁ কৰো কি?” এই কথা শুনি গণকে আচৰিত মানি আকৌ পুথি-পাঁজি মেলিলে। কিছুপৰ গণি-পঢ়ি চাই তেওঁ বামুণক ক'লে- "অ'! এটা কথা হ'ল- বাঁহটোৰ পাত কপিলী গৰু এজনীয়ে খালে, আৰু লক্ষ্মী সেই কপিলীৰ গাতে ৰ'ল। এতিয়া যদি তুমি গাইজনী বুঢ়াৰ ঘৰৰ পৰা আনিব পাৰা তেনেহ'লে মোৰ কথা ফলিয়ায় নে নফলিয়ায় চাবা।” গণকে এই বুলি ক'লত পুৰোহিতে আকৌ বুঢ়াৰ আগত ক'লেগৈ যে "মোৰ এটা ল'ৰা উপজিছে, তাক গাখীৰ কিনি খুৱাবলৈ মোৰ শকতি নাই। আপুনি যদি আপোনালোকৰ আশ্রিত দুখীয়া বামুণক মৰম কৰি কপিলী গাইজনী দিয়ে, তেন্তে দৰিদ্ৰ ব্ৰাহ্মণ সন্তানে গাখীৰ খাই জীয়ে।” বামুণৰ কথা শুনি বুঢ়াই "বাৰু নিয়ক।” বুলি কপিলী গাইজনী তেতিয়াই দি দিয়ে। এই কথাতো সৰু বোৱাৰীয়েকে শুনিবলৈ পাই লৰালৰিকৈ গৰুজনীৰ চকুৰ লোৰে তেওঁৰ ৰিহাৰ আঁচলৰ দহিকটা এডাল তিয়াই সেইডাল ৰিহাৰ আগত বান্ধি থৈ দিলে।


এইবাৰো পুৰোহিত বামুণে গাইজনী লৈ গৈ মাহেক বাট চাই আছে, কিন্তু বুঢ়াৰ ঘৰত অপায়-অমঙ্গলৰ উম্‌ঘামেই নাই। তেওঁ এনে দেখি চন মুৰ কৰি আকৌ গণকৰ কাষ পালেগৈ। গণকে আকৌ পুথি-পাঁজি মেলিলে, আকৌ ধান এমুঠি লৈ "সইত কৰা ধৰম কৰা” মঙ্গ ল চাবলৈ লাগিল। কিছুমান পৰ গণি-পঢ়ি গণকে মাত লগালে- "অ'! এটা কথা হ'ল- তুমি বুঢ়াৰ ঘৰৰ পৰা আনিবৰ সময়ত বুঢ়াৰ সৰু বোৱাৰীয়েকে তাইৰ ৰিহাৰ দহিকটা এডাল উলিয়াই সেই গৰুজনীৰ চকুৰ লোৰে সেই দহিকটাডাল তিয়াই ৰিহাৰ আগত বান্ধি থ'লে, সেইদেখি লক্ষ্মী সেই ৰিহাখনতে ৰ'ল। এতিয়া যদি তুমি সেই ৰিহাখন আনিব পাৰা তেনেহ'লে তোমাৰ মনস্কাম সিদ্ধি হ'ব, নতুবা নহয়। এই কথা শুনি বামুণে আকৌ গৈ বুঢ়াক ক'লেগৈ বোলে "মোৰ ছোৱালীজনী সবাহলৈ যাবলৈ ওলাইছে; ভাল ৰিহা নাই দেখি আজি পূৱাৰে পৰা তাই উচুপি উচুপি কান্দিব লাগিছে; আপোনাৰ সৰু বোৱাৰীয়েকৰ গাৰ ৰিহাখন যদি দিয়ে তেন্তে বৰ উপকাৰ হয়, নহ'লে সেই আপদীয়া ছোৱালীজনীয়ে আজি মোৰ সুৰ্তি হেৰুৱাব। এই কথা শুনি তেতিয়াই বুঢ়াই সৰু বোৱাৰীয়েকক কৈ তাইৰ গাৰ ৰিহাখন বামুণক দিয়ালে। সৰু বোৱাৰীয়েকে বামুণৰ টেঙৰালি ভালকৈ বুজিব পাৰি লৰালৰিকৈ সেই দহিকটাডাল খাই থৈ ৰিহাখন বামুণক দিলে।এইদৰে আৰু এমাহ গ'ল তথাপি বুঢ়াৰ ঘৰত কোনো নমৰে, কাৰো নৰীয়া-পৰীয়া নহয়। বামুণ নিৰুপায়। এইবাৰ আৰু তেওঁৰ খং উঠিল। খঙত জ্বলি-পকি আকৌ বামুণ লৰি গৈ গণকৰ ঘৰত ওলালগৈ। গণকক দেখিয়ে বামুণে জোক জোক কৰে ধৰিলে, "বুজিছা নে বোলোঁ, তুমি বৰ মিছা কথা কোৱাঁ হেঁ! বাঁহ আনিবলৈ ক'লা বাঁহ আনিলোঁ, ৰিহা আনিবলৈ ক'লা ৰিহা আনিলোঁ, তথাপি দেখোন বুঢ়াৰ ঘৰত কাৰো মূৰৰ ছিগা চুলি এডালো সৰা নাই? কিবা তুমি পেংলাই কৰিছা নেকি? এনেবোৰ কথা ভাল নহয় বোলোঁ।” বামুণৰ কথা শুনি গণকো অবাক! কি কৰে? আকৌ পুথি-পাঁজি মেলি মাটিত আক পাতি গণিবলৈ লাগিল। গণি-পঢ়ি অঁতাই গণকে বামুণক ক'লে, "মিছাতে মোৰ ওপৰত খং কৰিছা। মই গণি-পঢ়ি ঠিক কথাকে কৈছিলোঁ বুঢ়াৰ সেই বোৱাৰীয়েকে ৰিহাখন তোমাক দিয়াৰ আগতে তাৰ আগত থোৱা দহিকটাডাল খাই পেলালে। এতিয়া যদি কিবা এটা বুদ্ধি কৰি তুমি তাইক মাৰিব পাৰা তেনেহ'লে হে তোমাৰ কাৰ্য সিদ্ধি হ'ব, নতুবা নহয় নিশ্চয় জানিবা। তুমি আৰু মোৰ ওচৰলৈ নাহিবা, মোৰ আৰু গণিব-পঢ়িবলৈ একো নাই।” গণকৰ এই উত্তৰ শুনি বামুণে মুখ ওন্দোলাই তাৰ পৰা উঠি গুচি আহিল।


ইয়াৰ পিছত বামুণে অনেকে চিন্তিলে। বুঢ়াৰ বোৱাৰীয়েকক মাৰিবলৈ একো এটা ভাল বুধি তেওঁৰ আৰু নোলায়। কিন্তু ভাবোঁতে ভাবোঁতে বামুণৰ মূৰৰপৰা অন্ততঃ ওলাল এটা বুধি। বুধিটো ওলালতে বামুণে বুঢ়াক ক'লেগৈ, "আজি ৰাতি মই এটা বৰ ভয়ানক সমাজিক দেখিলো সামাজিকটো যতবাৰ মোৰ মনত পৰিছে, ততবাৰ মোৰ বুকুত খুন্দা মাৰি ধৰিছে।” বুঢ়াই আস্ত-বেস্তকৈ সুধিলে, "কিনো সামাজিক কোৱাচোন?” বামুণে ক'লে- ক'বলৈ আৰু নাই! বৰ দুঃস্বপ্ন! বৰ বেয়া সপোন! পুর্বতীয়া নিশা মোৰ মূৰশিতানতে বহি পকা থেকেৰাটো যেন বুঢ়া মানুহ এজনে মোৰ মূৰত হাত দি ক'লে- "আজি বৰ কথা এটা, সময় থাকোঁতেই তোমাক ক'বলৈ আহিলোঁ- তুমি যি ঘৰ বৰ চহকী মানুহৰ কুল-পুৰোহিত, সেইঘৰ মানুহৰ ঘৰত বৰ কুলক্ষণ এটা সোমালহি। তাৰ ফলত সেই মানুহঘৰ এতিয়া অতি শীঘ্ৰে উজাৰ হয়। সেই কুলক্ষণটো বুঢ়াৰ সৰুজনী বোৱাৰীয়েক। তাই বৰ কুলক্ষণী শাঁখিণী গজমূৰীয়ানী তিৰোতা। তাই মানুহঘৰ খাবলৈহে আহিছে, সোনকালে তাইক নাতৰালে এনেঘৰ মানুহ এতিয়া জয়-পাতে ক্ষয় হ'ব।” বুঢ়াই বামুণক সুধিলে, “তেখেতেনো ইয়াৰ এটা উপায় নিদিলে নে?” বামুণে ক'লে, "এটা উপায় দিছে, যদি আপুনি কৰিব পাৰে। কিন্তু বৰ টান কাম।” বুঢ়াই ক'লে, "কৰিম কোৱা।” বামুণে ক'লে- "তেওঁ ক'লে, যদি বুঢ়াই বোৱাৰীয়েকক কটাই পেলাব পাৰে, তেনেহ'লে ঘৰখন ৰক্ষা পৰিব, নহ'লে সর্বনাশ।” এই কথা শুনি বুঢ়াই ভালেখিনিপৰ টলকা মাৰি থাকি, মনতে অনেক কথা গপি-গুণি থাকি মাত লগালে, "কি কৰিম, ঘৰখন ৰক্ষা কৰাটোৱেই হে মোৰ উচিত। এটাৰ লগতে ঘৰে-ঘৰোৱাহ যোৱাতো উচিত নহয়। ঘৰে-ঘৰোৱাহৰ নিমিত্তে লাগিলে এটা যোৱাটোৱেই ভাল।” এইবুলি বুঢ়াই পুতেকহঁতক মতাই আনি পুৰোহিত বামুণে দেখা সপোনৰ কথা ক'লে। বাপেকৰ কথা শুনি পুতেকহঁতেও অনেক ভাবি-চিন্তি সৰু বোৱাৰীয়েকক কটাই ঘৰখন ৰক্ষা কৰাটোকেই থিৰ কৰিলে; আৰু সেই কামৰ ভাৰ সিহঁতে সৰু বোৱাৰীয়েকৰ গিৰীয়েক সৰু ভায়েকৰ হাতত দিলে। বুঢ়াৰ সৰু পুতেকটো বৰ হোজা আৰু বাপেক আৰু ককায়েকহঁতৰ বাধ্য আছিল। সেইদেখি সি আপোন হাতেৰে ঘৈণীয়েকক কাটিবলৈ মান্তি হ'ল।


বুঢ়াৰ সৰু পুতেকে ঘৈণীয়েকক কাটিবলৈ, তাই নেদেখাকৈ দিনতে দা এখন ধৰাই শোৱাপাটীৰ গাৰুৰ তলত থৈ দিলে। ৰাতি খাই-বৈ গিৰীয়েক-ঘৈণীয়েক পাটীত শুলে। ঘৈণীয়েকৰ টোপনি আহিল। গিৰীয়েকে ৰাতি দুপৰত উঠি লাহেকৈ গাৰুৰ তলৰ পৰা দাখন উলিয়াই লৈ ঘৈণীয়েকৰ ডিঙিত কোব মাৰি দিব খোজোঁতেই, শোৱনি ঘৰটোৱে মাত লগালে- "হে হে নাকাটিবা! হে হে নাকাটিবা! হে হে নাকাটিবা!” তিনিবাৰ ঘৰটোৱে এইদৰে মাতিলত গিৰীয়েকে আচৰিত হৈ ঘৈণীয়েকক নাকাটি, দাখন গাৰুৰ তলতে আকৌ সুমুৱাই থৈ শুই থাকিল। ৰাতি তিনিপৰমানত আকৌ টোপনি ভাগিল। সি আকৌ লাহেকৈ উঠি দাখন লৈ টোপনিত লালকাল ঘৈণীয়েকৰ ডিঙিত কোব মাৰিবলৈ দাঙিলে, এনেতে ওচৰতে জ্বলি থকা চাকিটোৱে মাত লগালে- "হেৰ নাকাটিবি! নাকটিবি! নাকাটিবি।” এইবাৰ ঘৈণীয়েকে সাৰ পাই চকু মেলিলে। তাই দেখিলে, গিৰীয়েকৰ হাতত চোকা কপি-দাখন জিলিকি আছে। কি কৰা? কি কৰা?” বুলি ঘস্কৰে শোৱাপাটীৰ পৰা উঠি গিৰীয়েকৰ হাতত ধৰিলে। গিৰীয়েকে উত্তৰ দিলে- "তোক কাটিবলৈ ধৰিছিলোঁ। দুবাৰ। প্ৰথমবাৰ ঘৰটোৱে হাক দিলত হে থমকি ৰ'লোঁ।” গিৰীয়েকে উত্তৰ দিলে, "একো অপৰাধ কৰা নাই, কিন্তু বোপাই আৰু ককাইহঁতে তোক কাটিবলৈ মোক হুকুম দিয়ৰ বাবেহে কাটিব খুজিছিলো।” ইয়াৰ পিছত ঘৈণীয়েকে গিৰীয়েকৰ হাতৰ পৰা দাখন কাঢ়ি নি তাক সুধি সকলো কথা জানি লৈ ক'লে, আপুনি মোক নাকাটিব। মই নির্দোষী। মই কেতিয়াও কুলক্ষণী নহওঁ। পুৰোহিতে বামুণৰ উপাৰ্জনৰ বাটত মই কাঁইট হৈছো, দেখি সি চক্রান্ত কৰি মিছাকৈয়ে মোৰ শহুৰ আৰু জেঠালহঁতক এইদৰে বুজাই মোক বধি তাৰ বাট মোকোলাই ল'বলৈ চেষ্টা কৰিছে। আপুনিও আচল কথাটো নুবুজিহে এনে অন্যায় কামটো কৰি পপীয়া হ'বলৈ গৈছিল। মোক কাটিব নালাগে; আহক আমি এই ঘৰৰ পৰা ওলাই গুচি যাওঁগৈহঁক। তেওঁলোক সুখেৰে খাই-মেলি থাওক।” ঘৈণীয়েকৰ কথাত গিৰিয়েক মান্তি হ'লত, তেতিয়াই দুয়ো সেই ঘৰৰ পৰা ওলাই গুচি গ'ল। ঘৈণীয়েকে লগত এডাল জৰী আৰু এখন জালৰ বাহিৰে আন একো লোৱা নাছিল।


গিৰিয়েক-ঘৈণীয়েক দুয়ো গৈ এখন অটব্য অৰণ্যত সোমালগৈ। গোটেই দিনটো ফুৰি ফুৰি দুয়োৰো বৰ ভাগৰ লাগিছিল। ঘৈণীয়েক সগর্ভা আছিল, সেইদেখি তাই এজোপা গছৰ তলত বহিলগৈ। ঈশ্বৰৰ ইচ্ছাত তাইৰ তেতিয়াই তাতে প্রসব বেদনা হ'ল আৰু তাই এটি ল'ৰা প্ৰসৱ কৰিলে। ল'ৰাটি প্ৰসৱ হোৱাৰ পিছত তাইৰ বৰকৈ পিয়াহ লাগিল। তাই গিৰিয়েকক ক'লে, "মোৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে, মোক পানী এটোপা আনি দিয়ক।” গিৰিয়েকে ওচৰত পানী বিচাৰি নাপাই এজোপা গছত উঠি চাৰিওফালে চাই দেখিলে যে বহুত দূৰৈত বিল এখন আছে। বিলখন দেখিবলৈ পাই সি ঘৈণীয়েকক ক'লে, "সৌফালে দূৰৈত এখন বিল দেখিবলৈ পাইছো; যাওঁ তাৰেপৰা পানী লৈ আহোগৈ।” এইবুলি সি ঘৈণীয়েকক তাতে এৰি পানী আনিবলৈ গ'ল। কিছুমান বেলিৰ মূৰত সি বিলখন পাই দেখিলে যে তাত এটা তিনি ঠোঁটীয়া চৰাই আছে। সেই চৰাইটোৱে তাক দেখি ক'লে- "তিনি ঠোঁটেৰে মাছ খাওঁ, কিৰূপে জীওঁ?” চৰাইটোৰ এই কথা শুনি সেই মানুহটোৱে ভাবিলে যে ই এটা প্রাণীয়ে যদি তিনি ঠোঁটেৰে মাছ খাইও জীয়াই থাকিব নোৱাৰে তেনেহ'লে আমি আজি দুটাৰ ঠাইত তিনিটা হ'লোঁ, আমি নো তিনিটা কেনেকৈ জীম? ইয়াকে ভাবি সি আৰু তাৰপৰা উভতি নাহি সেই পিনেই গুচি গ'ল। গৈ এখন দেশ পাই সি এক বামুণৰ ঘৰত হালোৱা হৈ ৰ'লগৈ। ইফালে ঘৈণীয়েকে গাৰ বিচেষ্টাত গছৰ তলত পানী পানী কৰি গিৰীয়েকলৈ বাট চাই আমনি লাগি, গিৰিয়েক বহুত পৰতো উভতি নহা দেখি, কেঁচুৱা কোলাত লৈ নিজেই লাহে লাহে গিৰিয়েকে যোৱা বাটেদি ধৰিলে। গৈ সেই বিলখন পাই দেখিলে যে তাত তিনি ঠোঁটীয়া চৰাই এটা আছে। তাইক চৰাইটোৱে দেখা মাত্রকে মাত লগালে-"তিনি ঠোঁটেৰে মাছ খাওঁ, কিৰূপে জীওঁ?” এইবুলি তিনিবাৰ চৰাইটোৱে মাতিলত সেই কথা শুনি ঘৈণীয়েকে বুজিলে যে তাইৰ অজলা গিৰীয়েকে এই চৰাইটোৰ এনেকুৱা কথা শুনিহে তিনিটা প্রাণী পুহিবৰ ভয়ত ক'ৰবালৈ গুচি গ'ল। ইয়াকে ভাবি তাই শোক কৰি, সেই বিলৰে চলুচেৰেক পানী খাই, তাতে গা-পা ধুই অলপ জিৰাই-শঁতাই লৈ তাইৰ লগত থকা জালখনেৰে সেই চৰাইটো ধৰি লৈ লাহে লাহে তাৰপৰা গুচি গ'ল। তাই দুখে-কষ্টে গৈ গৈ এক ৰজাৰ মালিনীৰ ঘৰ পালেগৈ। মালিনীয়ে তাইৰ ৰজাৰ মালিনীৰ ঘৰ পালেগৈ। মালিনীয়ে তাইৰ দুখ পতিয়াই নিৰাশ্রয়ক আশ্রয় দি তাইক নিজৰ ঘৰতে মৰম-বেথা কৰি ৰাখিলে।


একদিনাপ্রতি ল'ৰাৰ মাকে মালিনীক ক'লে, "বাই মই কিমাননো তোমাৰ ঘৰত বহি বহি খাম? আজিৰপৰা মই নগৰত খুজি-মাগিয়েই চাউল একো মুঠি আনিমগৈ।” এইবুলি তাই মাগিবলৈ ওলাই গ'ল। তাইৰ ল'ৰাটো তেতিয়া বহিব পৰা হৈছিল। সেইদেখি তাই ল'ৰাটোক মালিনীৰ ওচৰত বহুৱাই থৈ, মালিনীক কৈ গ'ল- "বাই, মোৰ ল'ৰাটো চাবা।” মাক গ'লত, ল'ৰাটোৱে হাতেৰে খুচৰি খুচৰি মাটি খাবলৈ ধৰিলে। এনেতে ল'ৰাটোৰ ফালে মালিনীৰ এবাৰ চকু পৰিলত মালিনীয়ে দেখিলে যে সি যিবোৰ মাটি মুখৰপৰা উকলিয়াই দিছে সেইবোৰ একোচেকুৰা সোণ হৈ ওলাইছে। মালিনীয়ে এই কথা দেখি আঁচৰিত হ'ল। তাই ভাবিলে "এইটো তো বঢ়িয়া কথা- ল'ৰাটো যদি সদায় মই মোৰ লগত ৰাখি থওঁ তেন্তে মই সদায় এইদৰে তাৰপৰা সোণ পাম। তাৰ মাক আজি আছে, কাইলৈ নাই; এতেকে ল'ৰাটো ৰাখি থ'ব লাগিল।" ইয়াকে ভাবি মালিনীয়ে ল'ৰাটোক কোলাত লৈ বৰকৈ মৰম কৰি গুড় চেলেকাবলৈ ধৰিলে। গুড় চেলেকিবলৈ পাই ল'ৰাটোৱে মালিনীৰ কোলাৰ পৰা ননমাই হ'ল। এনেতে ল'ৰাটোৰ মাক ওলালহি। মাকে ল'ৰাটোক মালিনীৰ কোলাৰপৰা ল'বলৈ হাত মেলিলত সি মাকৰ কোলালৈ নহাই হ'ল। কোনোমতেই মাকে ল'ৰাটো মালিনীৰ কোলাৰপৰা আনিব নোৱাৰিলে; আৰু মালিনীয়ে তেনে হোৱা দেখি চল পাই তাৰ মাকক ডহ-ডহীয়াকৈ ক'লে যে "এইটো মোৰহে ল'ৰা, তোৰ নহয়।” ল'ৰাটোৰ নিমিত্তে লাহে লাহে মালিনীৰ আৰু ল'ৰাৰ মাকৰ মাজত বৰ দ্বন্দ্ব লাগিল। মালিনীয়ে বোলে সেইটো তাইৰ নিজৰ ল'ৰা আৰু ল'ৰাৰ আচল মাক নিৰুপায় হৈ সেই দেশৰ ৰজাৰ ওচৰ পালেগৈ আৰু তাই ৰজাৰ আগত মালিনীৰ ওপৰত গোচৰ কৰিলে। ৰজাই পাত্ৰ-মন্ত্রী সভাসদসকলেৰে সৈতে বৰ-চ'ৰাত বহি গোচৰ সুধি একোকে ঠিক কৰিব নোৱাৰি বিমোৰত পৰিল। অন্তত মন্ত্ৰীয়ে ক'লে, "সৰ্গদেউ, এটা কাম কৰা যাওঁক। ল'ৰাটো সিহঁতৰ আগতে বহুৱাই দিয়া হওক। ল'ৰাটো দেখি দুইজনীৰ ভিতৰৰ যি জনীৰে পিয়াহ ওলাব সেইজনীয়েই তাৰ আচল মাক।" মন্ত্ৰীৰ কথামতে কৰা হ'লত দেখা গ'ল ল'ৰাটোৰ আচল মাকৰ পিয়াহ ওলাই তাইৰ বুকুৰ সাত তৰপ কাপোৰ তিতি গৈছে, আৰু মালিনীৰ কাপোৰ শুকান। ইয়াকে দেখি ৰজাই তেতিয়া আচল মাকক ল'ৰাটো দি দিলে। মাকে হেৰোৱা মাণিক পুতেকক পাই ৰজাক আশীর্বাদ দি গুচি গ'ল আৰু সেই নগৰৰে এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈ থাকিলগৈ।


এইদৰে কিছুকাল যোৱাৰ পিছত, সেই নগৰৰ ৰজা ঢুকাল। ৰজাৰ ল'ৰা নাছিল; সেইদেখি পাত্ৰ-মন্ত্ৰীসকলে ৰজা পাতিবলৈ ৰজাৰ যোগ্য সুলক্ষণীয় ল'ৰা এটা বিচাৰিবলৈ ধৰি সেই ল'ৰাটোকে তেনে-যেন দেখি আনি সিংহাসনত বহুৱাই ৰজা পাতি সেৱা কৰিলে আৰু মাককো নি ৰাজঘৰত থ'লে। ল'ৰাটোৰ নাম সোণ-বৰিষ ৰজা হ'ল। একদিনাপ্রতি সোণ-বৰিষ ৰজাই মাকক সুধিলে, "আই, মোৰ নো বোপাই নাই নে?” মাকে উত্তৰ দিলে, "আছিল, কিন্তু তেওঁ ক'লৈ গ'ল ক'ব নোৱাৰোঁ, এইবুলি মাকে পুতেকৰ আগত তেওঁলোকৰ আগৰপৰা গুৰিলৈকে সকলো বৃত্তান্ত ক'লে। মাকে সোণ-বৰিষ ৰজাক ক'লে, "তুমি এটা পুখুৰী খনাওঁ বুলি ৰাজ্যত জাননী দি কোৱা যে, যি পুখুৰী খানিবলৈ আহিব, মানুহটোৱে প্রতি ।।০ অনাকৈ পইচা আৰু এমহাকৈ সোণ দিয়া যাব।” ৰাজমাওৰ কথামতে সোণ-বৰিষ ৰজাই জাননী দিলত অনেকে পুখুৰী খানিবলৈ আহিল। ৰজাৰ মাকে পুখুৰীৰ পাৰতে সেই তিনি-ঠোঁটীয়া চৰাইটো বন্ধাই থৈ কোটোৱালক ক'লে, “যি এই চৰাইটোৰ মাত শুনি কোৰৰ নালত মূৰ থৈ বেজাৰ কৰিব তাকে মোৰ ওচৰলৈ ধৰি লৈ আহিবি।” যি বামুণৰ ঘৰত সোণ-বৰিষ বাপেকে হালোৱা হৈ আছিল সেই বামুণে, ৰজাই পুখুৰীখনোৱা আৰু খানিবলৈ গ'লে পইচা আৰু সোণ দিয়া কথা শুনি তেওঁৰ হালোৱাটোকো পুখুৰী খানিবলৈ পঠিয়াই দিলে। সেই হালোৱাই পুখুৰী খানিবলৈ আহি তাতে সেই তিনি-ঠোঁটীয়া চৰাইটো দেখি আৰু তাৰ মাত শুনি তাৰ আগৰ কথা মনত পৰি কোৰৰ নালত মূৰ দি বেজাৰ কৰিবলৈ ধৰিলত, ৰজাৰ কটোৱালে তাক ধৰি আনি ৰাজমাওৰ আগত দিলেহি। ৰজাৰ মাকে তাক দেখিয়েই চিনি পাই তাক ভিতৰলৈ নি ভাতস্পানী খুৱাই নিজৰ চিনাকি দি সকলো কথা কলত, সি আনন্দতে কান্দি পেলালে। ৰজাৰ মাকে তেতিয়া গিৰিয়েকক ক'লে "মোক কুলক্ষণী বুলি কাটিবলৈ তোমাক লগাই দিয়াসকলৰ এতিয়া বিচাৰ লোৱাঁ।” ইয়াৰ পিছত সোণ-বৰিষ উঠি-ৰজা হৈ বাপেকক তেওঁ বহি-ৰজা পাতিলে; আৰু আগৰ ঘৰত মানুহৰ বিচাৰ-খোচাৰ কৰি ইয়াকে পালে যে সকলো ধ্বংস হৈ মৰি-হজি ঢুকাল- মাত্র ককায়েক এটা আছে। বাপেকৰ ককায়েকক সোণ-বৰিষে অনাই নিজৰ লগতে ভালকৈ ৰাখিলে আৰু সেই পুৰোহিত বামুণ আৰু গণকক ধৰাই আনি শূলত দিয়ালে।



*****

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা