চতুৰ্বিংশ সাধু - শিয়াল পগলা - ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা
চতুৰ্বিংশ সাধু - শিয়াল পগলা - ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা
![]() |
| চতুৰ্বিংশ সাধু - শিয়াল পগলা - ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা |
চতুৰ্বিংশ সাধু - শিয়াল পগলা সাধু - লক্ষ্মীনাথ বেজবৰুৱাৰ ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা Hiyal Pogola Hadhu Lakshminath Bezbarua's Kokadeuta aru Natilora Assamese Story
শিয়াল পগলা - ককাদেউতা আৰু নাতি ল'ৰা
একালত বিক্রমাদিত্য নামে এজন ৰজা আছিল। তেওঁৰ পুতেকে ভোজ ৰজাৰ জীয়েকক বিয়া কৰিছিল। বিক্রমাদিত্য ৰজাৰ মৰণ হেনো গঙ্গাৰ তীৰত আছিল। সেইদেখি বিক্রমাদিত্যৰ মৰণৰ সময় হ'লত তেওঁক গঙ্গাতীৰলৈ অনা হ'ল। কিন্তু গঙ্গাযাত্রা কৰি তেওঁক গঙ্গাৰ তীৰতে থোৱা হৈছিল, কোনোমতেই তেওঁৰ জীৱ নাযায়। লগত পুতেক আৰু বোৱাৰীয়েক দুয়ো আছিল। তিন দিনৰ মূৰত বিক্ৰমাদিত্যই অলপ জ্ঞান পাই পুতেকক ওচৰলৈ মাতি আনি ক'লে, "বোপাই, মোৰ সোণৰ ধোঁৱাখোৱাটোত ধপাত এহোপা খাবৰ মন গৈছে, দেছোন।” তালৈ ধোঁৱাখোৱাতো লৈ যোৱা হোৱা নাছিল, সেইদেখি পুতেকে ঘৈণীয়েকক শহুৰেকৰ ওচৰত থৈ লৰি ধোঁৱাখোৱাটো আনিবলৈ গ'ল। এনেতে বুঢ়া ৰজাৰ অন্তিমকাল উপস্থিত হ'ল। ৰজাই তেওঁৰ মৰণ মূৰশিতানত জানি পুতেকক মাত লগালে-“বোপাই অ'। ওচৰ চাপি আহ, শুন।” বোৱাৰীয়েকেই "কি কৈছে, কওঁক” বুলি ক'লত ৰজাই পুতেকে উত্তৰ দিছে বুলি ভাবি ক'লে, "মোৰ এতিয়া প্রাণ যাব। এতেকে তোক কথা এটা কওঁ শুন- মোৰ শোৱা পালেঙৰ তলত এক লাখ ৰূপ পোতা আছে, তুলসীৰ তলত এক লাখ আৰু গা-ধোৱা শিলছতাৰ তলত এক লাখ, মুঠতে তিনি লাখ টকা আছে। তই গা-পা ধুই মোৰ তুলসীৰ মালাধাৰ হাতত লৈ 'মোৰ পিতৃৰ ৰূপবান ক'ত কি আছ ওলাই পৰ' বুলিলেই এটাইবোৰ ওলাই পৰিব। সেই ৰূপ-বানেৰেই তই সুখেৰে ৰাজ্য পালন কৰি খাই-লৈ থাকিব পাৰিবি।” বোৱাৰীয়েকে "ভাল দেউতা” বুলি শলাগিলত বিক্রমাদিত্যৰ ভেলটোৰ পৰা জীৱতো ওলাই গ'ল, পুতেকে ধোঁৱাখোৱা লৈ বেগাবেগিকৈ আহিও বাপেকক নেপালেহি। বাপেকৰ মৰা-শটোৰ ওচৰত ঘৈণীয়েকক দেখি তেওঁ সুধিলে-“দেউতাই মৰিবৰ সময়ত কিবা কৈছিল নে?” ঘৈণীয়েকে "একো কোৱা নাই” বুলি গিৰিয়েকক ফাঁকি দিলে।
ইয়াৰ পিছত পিতাৰ কাঠসংস্কাৰ কৰি ৰজাৰ পুতেক, ঘৈণীয়েকেৰে সৈতে ঘৰলৈ গ'ল। ঘৰত কিছুদিন থকাৰ পিছত তেওঁলোকৰ খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ নাইকিয়া হৈ বৰ দুৰৱস্থা হ'ল। মাকে দিনটো মাগি খুজি কোনোমতে দুকঠিমান চাউল গোটাই আনে, তাৰ একঠি মাক পুতেকে দুয়ো খায়, আৰু একঠি অকলৈ বোৱাৰীয়েকক দিয়ে, কাৰণ লোকৰ জীয়ৰী, তাই খোৱাত দুখ পালে আজি ধৰিয়েই যদি গুচি যায়, তেন্তে কোনে তাইক কি কৰে? এইদৰে তেওঁলোকে দুখে-কষ্টে কিছুদিন চলিছে, এনেতে একদিনা-প্রতি ভোজ ৰজাই তেওঁৰ ঘৰত ভোজ পাতি জ্ঞাতি-কুটুম, অঙহি-বঙহি সকলোকে ভোজ খাবলৈ নিমন্ত্ৰণ কৰিলে। জীয়েকক ৰজাই ভোজ-ৰান্ধনী পাতি মাতি মতাই পঠিয়ালে। যিদিনা বাপেকৰ ঘৰৰপৰা জীয়েকক লৈ যাবলৈ মানুহ আহিছিল, সেহদিনা বিক্রমাদিত্য ৰজাৰ ২ পুতেক কৰবালৈ ওলাই গৈছিল, ঘৰত নাছিল, সেইদেখি ঘৈণীয়েকে গিৰিয়েকক লগ নাপাই শাহুয়েকৰ আগতে কৈ গ'ল- "আই, দহোকুৰি, বধলাগে, মোৰেই শপত আপোনাৰ পুতেকক মোৰ মোৰ বোপাইৰ ঘৰলৈ পঠিয়াই দিব, "আৰু ভোজৰ ৰভাৰ মাজত খুটাটোতে বহিবলৈ কব।” শাহুয়েকে "বাৰু ক'ম” বুলি শলাগি থাকিল। পুতেক আহিলত মাকে ক'লে, "বোপাই, শহুৰেৰৰ ঘৰত আজি বৰ ভোজ পাতিছে।
ঘৈণীয়েৰক ৰান্ধনী পাতি মাতি নিছে, আৰু তোক নিমন্ত্ৰণ কৰি গৈছে। আৰু ঘৈণীয়েৰে বৰ-শপত দি গৈছে, যা বোপাই, গৈ আহ, নহলে শহুৰেৰে বেয়া পাব। ঘৈণীয়েৰে তোক মাজৰ খুটাটোৰ ওচৰতে বহিবলৈ কৈ গৈছে, নহ'লে বহুত মানুহৰ মাজত তাই তোক চিনি নেপাব পাৰে।” পুতেকে ক'লে, "আই এতিয়া গধূলি হ'লহি, কিনো যাম, নেযাওঁৱেই দে।” মাকে ক'লে "নহয় বোপাই শহুৰেৰে মাতিছে যেতিয়া যাবই লাগিব, নগ'লে তেওঁ বৰ বেজাৰ পাব। যা মোৰ বোপাই যা।” মাকে এইদৰে ক'লত বিক্রমাদিত্যৰ পুতেক ভোজলৈ গ'ল। এন্ধাৰ ৰাতি খপিয়াই-জপিয়াই কোনোমতে গৈ বিক্রমাদিত্যৰ পুতেকে শহুৰেকৰ ঘৰ পালেগৈ। ভোজৰ ৰভাৰ কেউফালে প্ৰহৰী আৰু দুৱাৰত দুৱৰী আছিল। বাহিৰৰ বেৰ এৰিও ৰভাৰ ভিতৰত আৰু এখন বেৰ আৰু দুৱাৰ আছিল, তাতো প্ৰহৰী আৰু দুৱাৰত দুৱৰী আছিল। তেওঁ গৈয়েই প্রথমটো দুৱৰীক ক'লে, "দুৱৰী দুৱাৰ এৰি দে। দুৱৰীয়ে উত্তৰ দিলে, ৰজাৰ হুকুম নহ'লে দুৱাৰ এৰি দিব নোৱাৰোঁ।” বিক্রমাদিত্যৰ পুতেকে ক'লে, "দে বোপাই দে দুৱাৰ এৰি, সাত-সজীয়া লঘোণত মোৰ প্ৰাণ যায়।” এই বুলি ভালেখিনি খট্ৰান্ধ কৰাৰ পিছতহে দুৱৰীয়ে তেওঁক দুৱাৰ এৰি দিলে তাৰ পিছত তেওঁ গৈ দ্বিতীয় দুৱৰীক পাই ক'লে, "দুৱৰী, দুৱাৰ এৰি দে।” সিও আগৰটোৰদৰে অনেক খট্ৰান্ধ কৰি পিচত দুৱাৰ এৰি দিলত, তেওঁ ৰভাৰ ভিতৰ সোমায়েই ৰভাৰ মাজৰ খুটাটোৰ ওচৰতে বহিল, আৰু সকলো ৰাইজে পাত পাৰি লোৱা দেখি তেৱোঁ এখন পাত পাৰি ল'লে।
ঘৈণীয়েকে চাউল-সিজোৱা আৰু আঞ্জা আদি দিবলৈ আহি গিৰিয়েকক দেখিও নেদেখাৰ ভাও ধৰিলে, আৰু সকলোতে ভাত আঞ্জা দিলে কিন্তু গিৰিয়েকক নিদিলে। তাই সকলোকে সুধিলে-"আপোনাসকলে ভাত আঞ্জা পালেনে?” সকলোৱে "পালোঁ” বুলি মুখত গৰাহ ল'লে। এনেতে বিক্রমাদ্যিতৰ পুতেকে মাত লগালে- “কি নো অগিয়ানী ৰজাৰ জীয়েক অ'। সকলোকে চাউল-সিজোৱা দিলে, মোক দেখোন নিদিলে!” এই কথা কাণত পৰিলতে ৰজাৰ জীয়েক তাৰপৰা গৈ ৰোহঘৰত সোমালগৈ। সকলো ৰাইজৰ পাতৰ ভাত-আঞ্জা ঢুকালত আকৌ দিবলগীয়া হ'লত ৰান্ধনীৰ বিচাৰ লাগিল। ৰান্ধনীক ক'তো বিচাৰি নাপাই, শেহত ৰোহ-ঘৰত বিচাৰিলত তাতে ৰান্ধনী ওলাল। বাপেকে ক'লে, "আই, তোৰ নো কি হ'ল? কিয় ৰোহ পাতি শুই আছহি? ইমানখন ৰাইজভাতৰ পাতত বহি আছে, তই ভাত নিদি শুই উঠি আছহি, ৰাইজে মোক শাও দিব এতিয়া। তই শুই উঠি আহ, ৰাইজক ভাত দেহি, তোক যি লাগে মই তাকে দিম।" জীয়েকে উত্তৰ দিলে, "সেই ৰভাৰ মাজৰ খুটাটোৰ ওচৰত বহি থকা মানুহটোক কাটি তাৰ তেজ মোক দেখুৱালেহে মই যাম; সি মোক আজি বৰকৈ অপমান কৰিলে।” জীয়েকৰ কথা শুনি ৰজাই তেতিয়াই কুকুৰা-কটা চাওদাঙক মতাই আনি সেই মানুহজনক কাটিবলৈ হুকুম দিলে। এই কথা দেখি পাত্র-মন্ত্রী সকলোৱে ভাবিলে-“এস্! কি অন্যায় কথাটো হ'ল। এইৰ কথাৰেই এইহেন ঠানুৱা মানুহজনক কটাব লাগিল নে কি?” এইবুলি তেওঁলোকে মনেমনে তেওঁক হাৰীৰ ঘৰৰ ওচৰৰ জাপ-টাটীৰ মাজত সুমাই থৈ, চাওদাঙৰ হতুৱাই কুকুৰ এটা কটাই ত'ৰ তেজ আনি ৰজাক আৰু ৰজাৰ জীয়েকক দেখুৱালে। তেজ চাই হে ৰান্ধনীয়ে উঠি আহি ৰাইজক ভাত আঞ্জা দিলেহি। ৰাইজে খাই-বৈ উঠি গ'লত ৰজাৰ জীয়েকে সোণৰ মাইহাঙত ভাত লৈ হাৰীটোক দিলেহি। ভাতঅনা বেলি হোৱা দেখি হাৰীটোৱে ৰজাৰ জীয়েকক গালি পাৰি ক'লে, "কটা কুকুৰৰ জীয়েক! ইমান পৰলৈকে তই মোলৈ ভাত নানি কি কৰিছিলি হয়?” ৰজাৰ জীয়েকে উত্তৰ দিলে- "কিনো খংখন খাইছে এ আই। তাক মাল্টীয়েকে কটালোঁ নহয়; সেই হে ইমান বেলি হ'ল। এতিয়া আৰু কি ভয় আছে? আমি দুয়ো সুখেৰে খাই-বৈ থাকিব পাৰিম। সেই যে তাৰ বাপেকৰ মালাধাৰ আছে, মই গা ধুই উঠি সেইবাৰ হাতত লৈ, 'মোৰ পিতৃৰ টকা ক'ত কিমান আছ ওলাই পৰ' বুলিলেই, তাৰ পালেঙৰ তলৰপৰা এক লাখ, তুলসীৰ তলৰপৰা এক লাখ, আৰু গা- ধোৱা শিলৰ তলৰপৰা এক লাখ ওলাব; তাৰেই আমি দুয়ো সুখেৰে খাই-বৈ থাকিম, আমাৰ আৰু কিহৰ চিন্তা?”
বিক্রমাদিত্যৰ পুতেকে জাপ-টাটীৰ মাজৰপৰা এইবোৰ কথা শুনি আছিল। তেতিয়াই তেওঁ তাৰ ভিতৰৰপৰা ওলাই ঘৰলৈ গৈ পদূলিৰ মুখতে থকা, পুখুৰীটোত গা ধুই, মালাধাৰ হাতত লৈ "মোৰ পিতৃৰ ধন য'ত যি আছে ওলাই পৰ" বুলিলতে সকলোখিনি ওলাই পৰিল। তেওঁ তেতিয়াই সেই ধনেৰে কিছুমান মাকক দি ক'লে, "আই, কাইলৈ যদি কোনোবা আহি তোক খচকিও নিয়ে তথাপি তই এই টকাৰ সৈ নলবি।” এই বুলি মাকক কৈ তেওঁ বাকী টকাবোৰ লৈ বাটত থকা জৰীগছ এজোপাৰ আগত উঠি থাকিল। পিছদিনা ভোজ ৰজাৰ-জীয়েকে হাৰীটোৰে সৈতে আহি ৰূপ-বান একো নেপাই বুঢ়ীক সুধিও একো উৱাদিহ উলিয়াব নোৱাৰি নিৰাশ হৈ গুচি গ'ল। ইয়াৰ পিচত বিক্রমাদিত্যৰ পুতেবে গছৰপৰা নামি আহি কিছুমান ৰূপ লগত লৈ বাকীখিনি পুখুৰীটোতে ভালকৈ বুৰাই পুতি থ'লে। আগৰদৰে দেখাশুনাকৈ থাকিলে আপদৰ ভয় দেখি তেওঁ মৰা শিয়ালৰ মোট এটা পিন্ধি পগলাৰ ভাও জুৰি ঘৰ এৰি গাৱে গাঁৱে ফুৰিবলৈ ধৰিলে। তেতিয়াৰেপৰা তেওঁৰ নাম "শিয়াল পগলা" হ'ল। শিয়াল-পগলাই এইদৰে ফুৰি ফুৰি এখন বেলেগ ৰজাৰ নগৰত ওলালগৈ। সেই ৰজাৰ নগৰতে সোণাৰি এটাই কিছুমান ৰজা-ঘৰীয়া অলঙ্কাৰ কৰি থকা দেখি তেওঁ সোণাৰিটোক ক'লে, 'হেৰ সোণাৰি, তোক ধন দিওঁ, তোৰ অলঙ্কাৰবোৰ মোক দিবি নে?” সোণাৰিয়ে ক'লে, "ৰজাৰ অলঙ্কাৰ মই তোক কেনেকৈ দিম বোপাই?" শিয়াল-পগলাই ক'লে, "যিমান বেচ তাততৈ সৰহকৈ টকা দিওঁ দে।” সোণাৰিয়ে অলঙ্কাৰৰ বেচতকৈ বেছি টকা পাই অলঙ্কাৰবোৰ শিয়াল-পগলাক দিলে। শিয়াল-পগলাই অলঙ্কাৰবোৰ জোকাৰি-পোকাৰি নাচি ফুৰিবলৈ ধৰিলে। শিয়াল-পগলাই শিয়ালৰ ছালৰ মোটটোৰ ওপৰত লালী গুড় সানি লৈছিল, সেইদেখি তাত ভেনামাখিয়ে ভেন্-ভেনাই থাকে।
এইদৰে গৈ গৈ শিয়াল-পগলা ৰজাৰ ঘৰৰ ওচৰ পালেগৈ। সি নো কৰে কি, যেতিয়া ৰজাৰ জীয়েক আৰু পাতৰৰ জীয়েক পঢ়াশালিলৈ যায়, তেতিয়া সি বাটতে পথালি দি পৰি থাকে। পাতৰৰ জীয়েকে কয়, "এই পোক-লগা শশুণেখোৱাটোকনো বাটত পৰি থাকিবলৈ কিহে পাইছে অ'?" তেতিয়া শিয়াল-পগলাই কেঁকাই কেঁকাই কয়, "কত মানুহ মোৰ ওপৰেদিয়েই যাব লাগিছে, তোমালোক গলৈ নো কি হানি আছে। যোৱা আইহঁত, মোক ডেইয়েই যোৱাঁ।” কিন্তু তেওঁলোক সেইদৰে যাবলৈ অসন্মত হ'লে সি অলপ কাতি হৈ বাট এৰি দিয়ে, আৰু সেই পিনেই দুয়ো গুচি যায়। এইদৰে বহুত দিন যোৱাত এদিন শিয়াল পগলাই ভাবিলে, "আজি বাট এৰি নিদিওঁ।” ইয়াকে ঠিক কৰি সেই সেইদিনাও আগৰদৰে বাটত পথালি দি পৰি থাকিল। ৰজাৰ জীয়েকে তো নামাতেই; পাতৰৰ জীয়েকে মাত লগালে, 'হেৰ পোক-লগা। বাট এৰি দে। নিতো তই কি এইদৰে মাজ বাটত পথালি দি পৰি বাট ভেটি থাক? বাট এৰি দে; নহলে ঠিক কৈছোঁ, আজি বুঢ়ীমাৰে তোক ডেই গুচি যাম।” এই কথা শুনি শিয়াল-পগলাই ক'লে, "যোৱা আইটি যোৱাঁ, কত মানুহ ডেই যাব লাগিছে, তুমি গলৈ নো কি হ'ল? মই উঠিব নোৱাৰো, তুমি ডেই যোৱা।” এই কথা শুনি পাতৰৰ জীয়েকৰ খং উঠি তাৰ বুকুতে তাই ভৰি দি গুচি গ'ল। কিন্তু ৰজাৰ জীয়েকে নামাতিলে নচলাত পৰিলে দেখি লাহেকৈ মাত লগালে, "শিয়াল-পগলা, মোক অলপ বাট এৰি দিয়াঁ দেও হে। বেলি হ'ল, ঘৰত খং কৰিব।” সি উত্তৰ দিলে- "যোৱা আইটী মোক ডেইয়েই যোৱাঁ, তোমাৰ লগৰীয়া সখীয়েৰাইতো বুকুত ভৰি দিয়েই গ'ল, তুমিও যোৱা, একো হানি নাই।” ৰজাৰ জীয়েকে মিহিকৈ উত্তৰ দিলে, "মই সেইদৰে নেযাওঁ দেও হে; তেওঁ গ'ল, যাওক, মইতো আৰু মোৰ সখী নহওঁ। মোক কৃপা কৰি অলপ কাতি হৈ বাট এৰি দিয়াঁ দেও হে।” ৰজাৰ জীয়েকৰ কথা শুনি শিয়াল-পগলাই ক'লে, "তুমি যদি মোলৈ আহিম বুলি সইত খোৱা তেহে মই বাট এৰি দিম, নহলে নিদিওঁ। তোমাৰ মন যায় যদি ডেইয়েই যোৱা।” শিয়াল-পগলাৰ কথা শুনি ৰজাৰ জীয়েকে মহা মস্কিলত পৰি ভালেখিনি বেলি ভাবি থাকি নিৰুপায় হৈ শেষত ক'লে, "বাৰু সইত সইত তিনি সইত খাই কৈছোঁ তোমালৈ আহিম। এতিয়া তুমি মোক বাট এৰি দিয়া।” ৰজাৰ জীয়েকে তালৈ আহিম বুলি সইত খালত শিয়াল-পগলাই বাট এৰি দিলে।
ৰজাৰ জীয়েক ঘৰ পায়েই পোনেই ৰোহ-ঘৰত সোমালগৈ। ৰজাৰ জীয়েকক বিচাৰি নাপাই জীয়েকৰ সখীয়েকক সোধাত সখীয়েকে ক'লে, "শিয়াল-পগলা বুলি পোক-লগা মানুহ এটা বাটত পৰি বাট ভেটি আছিল। মই তাৰ বুকুতে ভৰি দিয়েই গুচি আহিলোঁ, কিন্তু সখী নাহি তাতে তাৰে সৈতে খট্ৰান্ধ কৰি আছিল। এতিয়াও তাতে থাকিব পায়।” এই কথা শুনি ৰজা তালৈ গৈ তাতো জীয়েকক নাপাই, ৰোহ-ঘৰত চাই তাতে পালে। "তোৰ কি হ'ল? কিয় ৰোহ-ঘৰত পৰি আছ? বুলি ৰজাই জীয়েকক সুধিলত জীয়েকে ক'লে, "দেউতা, আপুনি মোক যদি শিয়াল-পগলালৈ বিয়া দিয়ে, তেহে মই ভাত খাম, ন'হলে নাখাওঁ; নাখাই মৰি যাম।” ৰজাই অনেক বুজাই-বৰাইও জীয়েকৰ মনৰপৰা সেই সঙ্কল্প এৰুৱাব নোৱাৰি শেষত নিৰুপায় হৈ "বাৰু শিয়াল-পগলালৈকে তোক বিয়া দিম, এতিয়া আহ, ভাত খাহি।” বুলিকৈ জীয়েকক মাতি আনিভাত খুৱালেহি। পিছে ৰজাই এই কথা পাত্র-মন্ত্রী সভাসদসকলক মাতি আনি ক'লত তেওঁলোকে ক'লে "মহাৰাজে যেতিয়া দিম বুলি সৈ কাঢ়িছে, আইদেওক শিয়াল-পগলালৈ দিবই লাগিব। কিন্তু মহাৰাজে এটা কাম কৰক- চাৰিওফালৰপৰা ৰজাৰ কোঁৱৰসকলক নিমন্ত্ৰণ কৰি আনি স্বয়ম্বৰ পাতি আইদেউক নোৱাই-ধুৱাই শুকুলী হাতীত তুলি তেওঁৰ হাতত মালা দি স্বয়ম্বৰ-সভালৈ পঠিয়াই দিয়ক। তেওঁ যাকে মন যায় তাৰে ডিঙিত মালা দি বৰক, সেয়ে মহাৰাজৰ জীয়েকক পাব। তেওঁ যদি শিয়াল-পগলাৰ ডিঙিতে মালা দিয়ে সিয়েই তেওঁক পাওক, তেতিয়া আৰু স্বৰ্গদেৱৰ গাত প্রত্যবায় নাথাকে।
পাত্ৰ-মন্ত্ৰী সভাসদসকলৰ মন্ত্রণা শুনি ৰজাই জীয়েকক নোৱাই-ধুৱাই শুকুলী হাতীত তুলি দি সভালৈ পঠিয়াই দিলে। জীয়েকে সভালৈ আহি কাৰো ডিঙিত মালা নিদি, সভাৰ আগচোতালত পৰি থকা শিয়াল-পগলাৰ ডিঙিত মালা দিলে। এই কথা দেখি সকলোবোৰ ৰজাই ছিঃ ছিঃ! কৰি কন্যাৰ বাপেক ৰজাক গৰিহণা দি সভাৰপৰা গুচি গ'ল। ইয়াৰ পিছত ৰজাই দূৰত এটা ঘৰ সজাই বন্দী বেটী লগত দি জীয়েক-জোঁৱায়েকক তাতে থৈ দিলে। পাতৰৰ জীয়েকে মাজে মাজে সখীয়েকক চাবলৈ আহি বাহিৰৰপৰা মাতে- "সখী, তোমাৰ সেই পোক-লগাটো ঘৰৰ ভিতৰত আছে নে? আছে যদি মই ঘৰৰ ভিতৰলৈ আৰু নাযাওঁ; তুমিয়েই এখন্তেক ওলাই আহাঁ, তোমাক চাই গুচি যাওঁ।” এইদৰে কিছুদিন থকাৰ পিচত এদিন শিয়াল-পগলাই গা ধুবলৈ তপত পানী বিচাৰি লিগিৰীজনীক পানী তপতাই আনি দিবলৈ কলে। লিগিৰীয়ে পানী আনিলত, শিয়াল-পগলাই তাইক পানী থৈ যাবলৈ ক'লত লিগিৰীজনীয়ে তাৰপৰা গৈ আঁতৰৰ পৰা লুকাই থাকি, সি গা ধোৱা চাই আছিল। এনেতে শিয়াল-পগলাই তাৰ মোটটোৰ মুখৰডোখৰ গুচাওঁতেই মুখখন ডিঙিলৈকে ওলাই জোনটো জিলিকাদি জিলিকিবলৈ ধৰিলত, তাই দেখি লৰি গৈ ৰজাৰ জীয়েকৰ আগত ক'লেগৈ-"আইচু লৰি আহক, চাওকচোন। তেওঁ কিবা মোট পিন্ধিহে ভেশচন কৰি আছিল। এই কথা শুনি ৰজাৰ জীয়েকে লৰি আহি দেখিলে যে লিগিৰীৰ কথা সঁচা। ঠানুৱা গিৰিয়েকৰ ৰূপ চাৰিওফালে চিটিকি পৰিছে। তেওঁ লৰালৰিকৈ আহি গিৰিয়েকৰ মোটটো ফালি পেলাই দি হুর্ হুৰ কৰে গাত পানী ঢালি ঘঁহি-পিহি দিলে; আৰু তেতিয়াই তেল-টেঙা অনাই ঘঁহি চাফ-চিকুণ কৰি কাপোৰ-কানি পিন্ধাই দিলত গিৰিয়েক দিল্লিপ পুৰুষজন হ'ল।
ইয়াৰ পিছত গিৰীয়েকে ঘৈণীয়েকৰ আগত আগৰপৰা গুৰিলৈকে তেওঁৰ সকলো কথা ক'লে। লিগিৰীয়ে লৰি গৈ ৰজাৰ মাদৈক ক'লে-"মাদৈ, আহক চাওকহিচোন আপোনাৰ জোঁৱায়েকক। তেওঁ কিবা ভেশচন কৰি হে আজি অতদিন আছিল। আজি আইচুৱে তেওঁক গা ধুৱাই দিছে, যেনেকৈ হে তেওঁ জিলিকিছে, বেলিটোলৈকে চাব পাৰি তেওঁ আপোনাৰ জোঁৱায়েকৰ ফালে চাব নোৱাৰি।” এই কথা শুনি, লিগিৰীজনীয়ে তেওঁক ঠাট্টা কৰিছে বুলি মাদৈয়ে হিয়া ভুকুৱাই কান্দিবলৈ ধৰিলে। ৰজাই মাদৈৰ কান্দোন শুনি লৰি আহি কি হৈছে বুলি সুধি সেই কথা শুনি একেলৰেই জীয়েক-জোঁৱায়েকৰ ঘৰ ওলালগৈ। তেওঁ গৈ দেখে যে কথা সঁচা। তেতিয়া মাদৈও আহি তাতে ওলাই আনন্দত জীয়েক- জোঁৱায়েকৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলে। ৰজাই জোঁৱায়েকৰ মুখৰপৰা তেওঁ এজন ৰজাৰ কোঁৱৰ বুলি জানি বৰ ৰং পালে। নগৰত এই কথা বিয়পি পৰিলত ৰজাৰ জোঁৱায়েকক চাবলৈ মানুহ ভাগি পৰিলহি। মানুহৰ হেঁচা কমিলত গধূলি পৰত পাতৰৰ জীয়েক ওলালহি। পাতৰৰ জীয়েকে এই কথা কোনোমতে পতিওৱা নাছিল। তাই ভাবিছিল এইটো কিবা মিছাকৈয়ে এটা ঢৌ তুলি দিছে। তাকে ভাবি তাই আহি সখীয়েকক মাতি সুধিলে, "হয় নে দেও হে। তোমাৰ পোকলগাটো হেনো বৰ ধুনীয়া হৈ পৰিছে?” "কিয়নো ঠাট্টা কৰা দেও হে?” বুলি ৰজাৰ জীয়েকে সখীয়েকক কৈ মনে মনে থাকিল।
পিছে ৰজাৰ জীয়েকৰ গিৰিয়েকে পাতৰৰ জীয়েকক ভিতৰলৈ মাতি নিবলৈ ঘৈণীয়েকক ক'লত পাতৰৰ জীয়েকে সখীয়েকক সুধিলে-"সখী, তোমাৰ পোকলগা শগুণে খোৱা ধুনীয়াটো ভিতৰতে আছে নেকি?” ৰজাৰ জীয়েকে লাহেকৈ "নাই” বুলি ক'লত পাতৰৰ জীয়েক ঘৰৰ ভিতৰলৈ সোমাই গ'ল। পাতৰৰ জীয়েকক ঘৰৰ ভিতৰত পাই ৰজাৰ জোঁৱায়েকে ধৰি তাইক নাক-কাণ কাটি খেদি পঠিয়াই দিলে। পাতৰৰ জীয়েকে কান্দি-কাটি তাইৰ ঘৰলৈ গৈ, কটা নাক-কাণ বাপেকক দেখুৱাই সেই কথা ক'লত পাতৰে ৰজাৰ আগত গোচৰ দিলেহি। পাতৰৰ কথা শুনি ৰজাৰ বৰ খং উঠিল। ৰজাই তেতিয়াই জীয়েকৰ ঘৰলৈ গৈ জীয়েকক সুধিলে, "জোঁৱাইয়ে পাতৰৰ জীয়েকৰ নাক-কাণ কাটিবৰ কোন?” জীয়েকে উত্তৰ দিলে, "আপুনি নো এই কথা সুধিবৰ কোন?” ৰজাই এনে উত্তৰ শুনি তধা লাগি ক'লে- "মই কোন তই নাজান? মই ৰজা।” জীয়েকে উত্তৰ দিলে- "মোৰ গিৰিহঁতও মহাৰাজা বিক্রমাদিত্যৰ পুতেক মহাৰাজা।” বিক্রমাদিত্যৰ নাম শুনিয়েই ৰজা জয় পৰি গ'ল। তেওঁ তেতিয়া জোঁৱায়েকৰ আঁতিগুৰি বুজি লৈ ক'লে, “তেওঁ দেখোন পাতৰৰ জীয়েকৰ হে নালাগে আমাৰও নাক-কাণৰ গৰাকী। তেওঁৰ আগত আমি নো কি এখুদমান ৰজা।” এইবুলি ৰজাই জোঁৱায়েকক বৰ মান-সৎকাৰ কৰিলত, জোঁৱায়েকে তেতিয়া নিজৰ আঁতিগুৰি, আৰু কিয় তেওঁৰ ৰাজ্য এৰি তেওঁ এইদৰে বলিয়া হৈ ঘুৰি ফুৰিছিল ইত্যাদি সকলো কথা শহুৰেকৰ আগত ভাঙি-পাতি ক'লে; আৰু পাতৰৰ জীয়েকে তেওঁক কেনেকৈ সদায় অপমান কৰি আছিল আৰু সেইবাবেহে যে তেওঁ তাইৰ নাক-কাণ কাটিলে এই কথাও ক'লে। এইবোৰ কথা শুনি শহুৰেক ৰজাই জোঁৱায়েকক আনি নিজৰ সিংহাসনত বহুৱাই নিজে নামনিৰ খাটোলাত বহিল। ইয়াৰ পিছত ৰজাই কন্যাদানৰ ভোজ দিবলৈ ন-কুৰি হজুৱাক ন-কুৰি পহু মাৰি আনিবলৈ হাবিলৈ পঠিয়ালে। হজুৱাবোৰে পহু নাপাই, গধূলি উভতি আহি ৰজাৰ জোঁৱায়েকৰ আগত দীঘল দি পৰি ক'লে, "আমাক ৰাখক! আমি পহু নাপালোঁ বুলি ক'লে ৰজাই আমাক কাটিব।” জোঁৱায়েকে হজুৱাহঁতক অভয় দিলত সিঁহত ৰাতি তাতে থাকিল। বিক্রমাদিত্য ৰজাৰ পুতেকে সেই ন-কুৰি হজুৱাৰ টিকাত চাব দি সিঁহতক নিজৰ কৰি ল'লে আৰু পিছদিনা নিজে হাবিলৈ গৈ ন-কুৰি পহু মাৰি আনি শহুৰেকক দি বৰ ভোজ পতাই সকলোকে খুৱালে।
বিক্রমাদিত্য ৰজাৰ পুতেক কিছুমান দিন তাতে থাকি, তাৰ পিছত নিজৰ ঘৰলৈ যাবলৈ ওলাল। শহুৰ-শাহুৱেকক বিদায় লৈ তেওঁ যৌতুকত পোৱা বেটি-বন্দী লা-লগুৱা, দোলা-ঘোঁৰাৰে সৈতে সেই ন-কুৰি হজুৱা লগত লৈ ঢোল, খোল, বায়নে তলৰ মাটি ওপৰকৈ যাবলৈ ধৰিলে। বিক্রমাদিত্যৰ পুতেক এইদৰে গৈ নিজৰ ঘৰৰ ওচৰ পালত অলৰ-অথৰ বুঢ়ীমাকে ভয় খাই চুচৰি- বাগৰি কোনোমতে গৈ বাৰী-চুকৰ হাবিত সোমালগৈ। পুতেকে ঘৰ পাই মাকক নেদেখি বিচাৰি বাৰী-চুকৰ হাবিত পাই, নিজৰ চিনাকি দি আৰু নিৰ্ভয় দি উলিয়াই আনিলে। ইয়াৰ পিছত তেওঁ নিজৰ ৰাজ্যখন ভালকৈ পাতি লৈ মহাপয়োভৰেৰে ৰাজত্ব কৰিবলৈ ধৰিলে; আৰু তেওঁৰ প্ৰাণ ৰক্ষা কৰা সেই ভোজ ৰজাৰ মন্ত্রীকেইজনক মতাই অনাই নিজৰ মন্ত্ৰী পাতি বিষয়-বাসনা দি ৰাখিলে। ভোজ ৰজাৰ জীয়েকক হাৰীটোৰ সৈতে ধৰাই আনি একেটা গাঁততে পুতি মাৰিলে; আৰু আগেয়ে পুখুৰীত থৈ যোৱা ৰূপবোৰ উলিয়াই আনি অকণ্টকা ৰাজ্য ভোগ কৰিবলৈ ধৰিলে।
*****

Comments
Post a Comment