ছালকুঁৱৰী গছৰ গুণাগুণ Benifits of Aloevera Plant

ছালকুঁৱৰী গছৰ গুণাগুণ Benifits of Aloevera Plant 

ছালকুঁৱৰী গছৰ গুণাগুণ ছালকুঁৱৰী গছৰ খেতি বা ৰোপণ পদ্ধতি আৰু ইয়াৰ ঔষধি গুণ অসমীয়াত Benifits of Aloevera Plant Uses of Aloevera Plant in Assamese Deevlibrary 


ছালকুঁৱৰী গছৰ গুণাগুণ 


ছালকুঁৱৰী গছৰ বিভিন্ন নাম:- অসমীয়া-ছালকুঁৱৰী, সংস্কৃত কুমাৰী, গৃহকণ্যা, ধৃতকুমাৰী, হিন্দী- ধৃতকুমাৰী, মাৰাঠি- কাৰাফাদ, তামিল কাটালাইট, তেলেগু - কালাবানদা, মলায়ালম কাটাভালা। 


ছালকুঁৱৰী গছৰ বৈজ্ঞানিক নাম:- এল'ভেৰা Aloevera 


ছালকুঁৱৰী গছৰ শ্ৰেণী: উদ্ভিদ বিজ্ঞানিৰ শ্ৰেণীবিজ্ঞানৰ মতে ছালকুঁৱৰী লিলিয়েছি গোত্ৰৰ অন্তৰ্গত।


ছালকুঁৱৰী গছৰ পৰিচয়: ছালকুঁৱৰী কেকটাচ জাতীয় উদ্ভিদ, দেখিবলৈ বৰ ধুনিয়া। ছালকুঁৱৰী পাত মাঢি কঠালৰ পাততকৈ সৰু সৰু যথেষ্ট ডাঠ। পাত বীজলোৱা ৰসেৰে পৰিপূৰ্ণ হৈ থাকে। পাত ভাঙিলে বীজলুৱা ৰস ওলায়। এই ৰস অতি ঠান্ডা আৰু তিতা।পাতৰ কাষত কাঁহট থাকে। পাতৰ ছাল সেউজীয়া আৰু নিমজ। হালধীয়া ফুলৰ ঠাৰি দীঘল।


ছালকুঁৱৰী গছৰ‌ গুণাগুণ : 

ছালকুঁৱৰী বিভিন্ন ৰোগত ঔষধ হিচাপে ব্যৱহাৰ হয় যদিও সাধাৰণতে ব্যাপক হাৰত ছালকুঁৱৰী সৌন্দৰ্য্য চর্চাত সমগ্ৰ বিশ্বতে ব্যৱহাৰ হোৱা দেখা যায়। বিশেষকৈ ছালৰ আৰু চুলিৰ সৌন্দর্যবর্ধক হিচাপে ব্যৱহাৰ হয়। মুখমণ্ডলৰ ছাল মিহি কৰিবৰ কাৰণে ছালকুঁৱৰী পাতৰ ৰস দুই চামুচ লৈ ছালত সানিব লাগে আৰু পাঁচ মিনিটৰ পাচত লাহে লাহে মালিচ কৰি মুখ মণ্ডল ঠাণ্ডা পৰিষ্কাৰ পানীৰে ধুই মৌ জোলেৰে মালিচ কৰি পুনৰ মুখমণ্ডলৰ ছাল ধোৱা উচিত। শুকান ছাল আৰু মুখমণ্ডলৰ ছালত হোৱা সৰু সৰু দাগও এই পদ্ধতিয়ে ব্যৱহাৰ কৰিলে অতি সুফল পোৱা যায়। সূৰ্যৰ প্ৰখৰ তাপত শৰীৰৰ আন ঠাইত কলা দাগ পৰিলে তাক দূৰ কৰিবৰ কাৰণে প্রায় ৫ মিনিট সময় ছালকুঁৱৰীৰ বীজ মালিচ কৰিব লাগে, ছালকুঁৱৰীৰ বীজ হাত-ভৰিৰ ছাল এনেদৰে মালিছ কৰিলেও ছাল যথেষ্ট মসৃণ হোৱা দেখা যায়।


চুলিত হোৱা উফি নাশ কৰাৰ উপৰি ছালকুঁৱৰীৰ বীজ চুলিৰ গুৰি মজবুত কৰে আৰু চুলি অকাল পকতা বন্ধ কৰিব পাৰে। ই চুলি ফহফহীয়া কৰাৰ উপৰি চুলি সৰাৰ পৰাও ৰক্ষা কৰে।


জুইয়ে পুৰাত ছাল কুঁৱৰী বীজ লগালে ঢৌ নুঠে আৰু ৰ ঘা সহজে শুকায়। ছালকুঁৱৰী বীজ খৰ, খজুৱতী, খহু আদিত ভাল হোৱাত সহায় কৰে। শৰীৰত কোনো ঠাইত গৰম পানী ক পৰিলে যি ৰমৰমনি ভমভমনি সৃষ্টি হয় তাক দূৰ কৰিবৰ কাৰণে ছালকুঁৱৰীৰ বীজ লগাব লাগে।


শিশুৰ ক্ৰিমি হলে ছালকুঁৱৰী বীজ দিনে এচামুচকৈ ৫ দিন একেৰাহে খুৱালে ক্রিমি নাইকিয়া হয়। ছালকুঁৱৰী যকৃত ৰে আৰু প্লীহা ৰোগ নাশক। জন্ডিচ ৰোগত পাঁচ চামুচ ছালকুঁৱৰীৰ ল বীজ, আধা কাপ ছাগলী বা গৰুৰ গাখীৰত আৰু দুই চামুচ য় মিচিৰিৰ গুড়া মিহলি কৰি ৰাতিপুৱা খালি পেটত দিনে এবাৰকৈ ত একেৰাহে তিনিদিন খালে জন্ডিচ ৰোগ ভাল হয়।


ছালকুঁৱৰীৰ বীজ আধা কাপ গৰুৰ গাখীৰত লগত তাত দুচামুচ মিচিৰিৰ গুড়াদি দিনে দুবাৰকৈ খালিপেটত একেৰাহে এমাহ খালে শুক্র যথেষ্ট বৃদ্ধি হয় আৰু শুক্রগাঢ় হয়। এনেদৰে নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে শৰীৰত যথেষ্ট শক্তি পোৱা যায়। ওপৰত উল্লেখ কৰা পদ্ধতিয়ে ছালকুঁৱৰীৰ বীজ নিয়মীয়াকৈ খালে মহিলাৰ বগাস্ৰাব আৰু যুৱকৰ শুক্রক্ষয় ৰোেগ নাশ হয়। 

সন্নিপাত জ্বৰঃ ছালকুঁৱৰীৰ ৩/৪ খন পাত খুন্দি মূৰত কিছুসময় প্রলেপ দিলে ভাল হয়।


সূতিকা জ্বৰ : ছালকুঁৱৰীৰ তাৰ বিজ লোৱা অংশৰে মূৰত প্রলেপ দিব আৰু নেমুৰ চৰবত খোৱাব ।


প্ৰস্ৰাবৰ দোষ : ছালকুঁৱৰীৰ চাবি আঙুল, তালমিচিৰি আধা তোলা, একে বৰণীয়া গৰুৰ গাখীৰৰ লগত খাব লাগে।


জ্বৰ মূৰত উঠিলে, উচ্চ ৰক্ত চাপত, ছালকুঁৱৰীৰ পাত এখন ভালদৰে থেতেলিয়াই মূৰত প্রায় ২৫ মিনিট সময় প্রলেপ দি থলে জ্বৰ নাইকিয়া হয় আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্রিত হয়।


অৰ্শ ৰোগত ছালকুঁৱৰীৰ পাতৰ বীজ ৫ চামুচত এচামুচ গৰুৰ ঘিউ মিহলাই দিনে দুবাৰকৈ একেৰাহে পাঁচদিন পর্যন্ত খালে অৰ্শৰোগ ভাল হয়।


পেটৰ মল পৰিষ্কাৰ কাৰণে দুচামুচ ছালকুঁৱৰীৰ বীজ ৫ চামুচ পানী মিশ্ৰণ কৰি ৰাতিপুৱা খালিপেটত খাব লাগে ।


ছালকুঁৱৰী পাতৰ বীজ ১ চামুচকৈ প্রতিদিন খালে যকৃত শক্তিশালী হোৱাত সহায় কৰে আৰু ক্রিমি নাশ হয়।


ছালকুঁৱৰীৰ পাতৰ বীজ বহুমূত্ৰ আৰু মেলেৰিয়া কাৰণে উপকাৰী। দিনে তিনিচামুচকৈ ৮-১০ দিন আহাৰ গ্ৰহণ কৰাৰ পাচত খোৱা উচিত।


যকৃতৰ ৰোগৰ ছালকুঁৱৰীৰ বীজল ২/১ চামুচ কেঁচা হালধিৰৰস মিহলাই দিনে এবাৰকৈ ৫/৬ দিন খালে সুফল পাব পাৰি।


বিষম জ্বৰত প্ৰস্রাব কৰোঁতে কষ্ট হলে ছালকুঁৱৰীৰ পাতৰ বীজ ৩/১ পানী মিশ্রণ কৰি খুৱালে ভাল ফল পোৱা যায় ।


পিত্তৰোগত ছালকুঁৱৰীৰ পাতৰ বীজ দুচামুচ প্রতিদিন আহাৰ গ্ৰহণ কৰাৰ পাচত খাব লাগে।


যোনী ৰোগৰ ভেঁকুৰ আদি নাশ কৰিবৰ কাৰণে সতেজ ছালকুঁৱৰী পাতৰ বীজেৰে যোনী বাহিৰ আৰু ভিতৰ অংশত প্রায় ৫ মিনিট সময় প্রলেপ দি পাঁচত পৰিষ্কাৰ কুঁহুমীয়া পানীৰে ধুব লাগে।


ছালত হোৱা খজুৱতী উফি ছাল ওকণি নাইকিয়া কৰিবৰ কাৰণে সেই পাতৰ বীজ ছালত সানিব লাগে।


তেজ গ্ৰহণী ৰোগত ছালকুঁৱৰীৰ বীজ দুই চামুচকৈ দিনে দুবাৰকৈ একেৰাহে ২/৩ দিন খালে ৰোগীয়ে আৰোগ্য লাভ কৰে।


প্রস্রাব দ্বাৰত বিষ হলে ছালকুঁৱৰীৰ পাতৰ বীজ ২ চামুচ আধা চামুচ মিচিৰিৰ গুড়াৰ লগত মিহলাই দিনে দুবাৰকৈ সাত দিন খাব লাগে।


ছালকুঁৱৰীৰ ৰোপন পদ্ধতি:

মাটি আৰু জলবায়ুঃ ছালকুঁৱৰী এবিধ মাটি কঠালৰ পাতৰ দৰে। এইবিধ গছ সৰু জাতীয়।


ছালকুঁৱৰীৰ পুলি প্রস্তুতি: ছালকুঁৱৰীৰ গছৰ গুৰিৰ পৰাই পুলি উলায়। ২/৩ ইঞ্চি পুলি হলে ইয়াক অন্য এদোখৰ উখ চহিয়া মাটি নির্বাচন কৰি মাটি মিহিকৈ কোৰ মাৰি বা হালবাই মৈয়াই, পুলিবোৰ দেড় ফুট অন্তৰে অন্তৰে পুলিবোৰ ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। মাজে মাজে পানী চটিয়াইট দিব লাগে। তিনিবছৰৰ পাছৰ পৰা এইগছৰ পাত কাটি দৰবত ব্যৱহাৰ কৰিব পাৰি। এই গছৰ পুলি টাবতো কৰি ফুলনি হিচাবে ঘৰৰ ছাদ বা বাৰন্দাত ৰাখিলে অতি সুন্দৰ দেখি। বছৰটোৰ অতিপাত ঠান্ডা দিন কেইটা বাদ দি সকলো সময়তে পুলি ৰোপন কৰিব পাৰি। এনেদৰে নিৰ্ভৰযোগ্য নাৰ্চাৰীৰ পুলি সংগ্ৰহ কৰি এহটজোপামান ৰুই লই ব্যৱসায় বৃত্তি বৃহৎ খেতি কৰি বহুতো লাভবান হব পাৰি । বজাৰত ইয়াৰ মূল্য বহুত। ব্যৱসায় বৃত্তিত খেতি কৰিলে আন্তৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ সু-সম্ভাৱনা আছে।



~ সংগ্ৰহ কৰা হৈছে 


*****

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

শংকৰদেৱৰ বিষয়ে ৰচনা অসমীয়া

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা