পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা 

Rojar Lora aru Hiyalor Hadhu - Kokadeuta aru Natilora - Lakshminath Bezbarua's Story Book Assamese Famous Story Deevlibrary
পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা 


পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়াত সাধু অসমীয়াত‌ গল্প Rojar Lora aru Hiyalor Hadhu - Kokadeuta aru Natilora - Lakshminath Bezbarua's Story Book Assamese Famous Story Deevlibrary 


ৰজাৰ ল'ৰা আৰু শিয়ালৰ সাধু 


এক ৰজাৰ ল'ৰাই দেশ চাবৰ মনেৰে এটা ঘোঁৰাত উঠি ঘৰৰপৰা বাজ হ'ল। তেওঁ সেইদৰে দুই-তিনিখন দেশ ফুৰাৰ পাছত এদিন হাবিৰ মাজৰ বাট এটাতে তেওঁৰ গধূলি হ'ল। সেই সময়তে এটা শিয়াল হাবিৰপৰা ওলাই আহি সেই বাটতে ভেম জুৰি বহি আছিল। ৰজাৰ ল'ৰাই তাক দেখিয়েই মাত লগালে, "হেৰৌ! খোলাকটিৰ মূৰ খোৱা হেৰৌ! মোৰ ঘোঁৰাই ভয় খাব; আঁতৰ হ! নহ'লে মই নামিবলৈ পালে তোৰ কঁকালৰ জোৰা ভাঙিম!” শিয়ালে উত্তৰ দিলে, “মই আঁতৰ হ'ব নোৱাৰোঁ। তোৰ ঘোঁৰা এফলীয়াকৈ লৈ যা।” একোপধ্যে শিয়াল বাটৰপৰা নাতৰা দেখি ল'ৰাই তেওঁৰ ঘোঁৰা এফলীয়াকৈ লৈ গ'ল কিন্তু যাওঁতে কৈ গ'ল “থাক, তই আজি থাক। আজি নিশা হ'ল, তোক আৰু নোজোকাওঁ; মই ঘূৰি আহোঁগৈ; দেখিম তই মোৰ ভৰিত দীঘল দি পৰ নে নপৰে। ৰজাৰ ল'ৰাৰ কথা শুনি শিয়ালেও ক'লে, "যা যা ঘূৰিয়েই আহগৈ! তয়ে মোৰ ভৰিত পৰ নে ময়েই তোৰ ভৰিত পৰোঁ চাম।”


এইদৰে চুপতা-চুপতি কৰি ৰজাৰ ল'ৰা গাঁৱৰ ফালে গুচি গ'ল। শিয়ালও তাতে বহি থাকিল। বৰকৈ ৰাতি হোৱা দেখি ৰজাৰ ল'ৰা এক গৃহস্থৰ ঘৰত আলহী হ'বলৈ বুলি সোমাল। সোমাই যাওঁতেই তেওঁ তেওঁৰ ঘোঁৰাটো গৃহস্থক নোকোৱাকৈ সেই গৃহস্থৰে তেলীশালত বান্ধি থৈ গৈ শুদা মানুহটো থাকিবৰ নিমিত্তে গিৰিহঁতক ঠাই. খুজি লৈ ৰাতিটো পৰি থাকিল। পিছদিনা পুৱাই গিৰিহঁতে তেলীশালৰ ফালে গৈ দেখিলে তাত এটা ঘোঁৰা বন্ধা আছে। ঘোঁৰাটো দেখিয়েই সি ৰিঙিয়াই ক'বলৈ ধৰিলে- “ঔ আমাৰ তেলীশালে ঘোঁৰা এটা জগালে ঔ!” এইবুলি বাৰে বাৰে কৈ সি ৰঙত নাচিবলৈ ধৰিলে। এনেতে ৰজাৰ ল'ৰাই সাৰ পাই উঠি আহি তেওঁৰ ঘোঁৰাটো গৃহস্থই নিজৰ ঘোঁৰা বোলা দেখি আচৰিত মানি ক'লে, "কে'লেই, এইটো মোৰ ঘোঁৰা। কালি ৰাতি মই আহোঁতে লৈ আহিছিলোঁ আৰু ইয়াতে বান্ধি থৈ গৈছেলোঁ। ক'ৰ তোমাৰ তেলীশালে ঘোঁৰা জগালে হেঁ? দিয়া মোৰ ঘোঁৰাটো মই লৈ যাওঁ।” যেই ৰজাৰ ল'ৰাই এইদৰে ক'লে, গিৰিহঁতে তেওঁক গালি-শপনি পাৰি সাং কৰিলে আৰু মাথোন ছুই হে নিকিলালে। শেহত ৰজাৰ ল'ৰাই একো উপায় নাপাই সেই ঠাইৰ ৰজাৰ আগত গোচৰ দিলেগৈ। ৰজাই গৃহস্থক ধৰাই নি সেই কথা সুধিলেত, সি তাৰ তেলীশালে সেইটো ঘোঁৰা জগালে বুলি কৈ তাৰ ফলীয়া সাক্ষী-বাদি দিলে। ৰজাই ৰজাৰ ল'ৰাক "তোমাৰ কোন সাক্ষী আছে" বুলি সুধিলত, ৰজাই ল'ৰাই ক'লে, "মোৰ সাক্ষী কোনো নাই। ৰাতি আনি মই ঘোঁৰা বান্ধি থৈছিলো, কোনেও দেখা নাছিল।" ৰজাই ক'লে, "তোমাৰ সাক্ষী নাই যদি এইখন মিছা গোচৰ। তুমি ঘোঁৰা অনাই নাই আৰু এইটো ঘোঁৰা তোমাৰ নহয়।” এই কথা শুনি ৰজাই ল'ৰাই বিমোৰত পৰি অলপ ভাবি থাকি মাত লগালে, "সর্গদেও, মই ঘোঁৰা অনা সঁচা। মই ৰাতি ঘোঁৰা আনিছিলোঁ, সেইদেখি মোক কোনেও দেখা নাছিল; আৰু দেখিছিল যদিও মই হ'লে দেখা নাছিলোঁ। বাটত এটা শিয়ালে মাথোন মোক ঘোঁৰাত উঠি অহা দেখিছিল। সৰ্গদেৱৰ আদেশ হ'লে সেই শিয়ালটোকে আনিবলৈ বিচাৰি যাব পাৰোঁ।” ৰজাই উত্তৰ দিলে, "বেছ কথা, যোৱা, শিয়ালটোকে মোৰ ওচৰলৈ পাৰা যদি মাতি লৈ আহাঁগৈ।”


ৰজাৰ ল'ৰাই এই কথা শুনি তেতিয়াই শিয়ালটো বিচাৰি তেওঁ অহা বাটে বাটে গ'ল। গৈ গৈ সেই আগৰ ঠাই পাই তেওঁ দেখিলে যে শিয়ালটো সেইখিনিতে আগৰ দৰেই ভেম জুৰি বহি আছে। ৰজাৰ ল'ৰাই ইফালৰপৰা আমন-জিমনকৈ খোজকাঢ়ি যোৱা দেখি শিয়ালে মাত লগালে- "কি হেঁ ৰজাৰ পোৱালি। বোলোঁ এইবাৰ দেখোন শেনৰ এক জাত হে একা? ঘোঁৰা ডোখৰ গ'ল?” শিয়ালৰ এই কথা শুনি ৰজাৰ ল'ৰাই ক'লে, "মোক ক্ষমা কৰিবা, মই তোমাক বৰ কেটেৰা মাত দি গৈছিলোঁ। মই বৰ বিপদত পৰিছোঁ; সেইদেখিহে তোমাৰ কাষলৈ আহিছোঁ। মোক বিপদৰপৰা উদ্ধাৰ কৰিব লাগে।" শিয়ালে ক'লে, মোৰ খং নাই। তোমাৰ কি হ'ল কোৱাঁ? পাছে ৰজাৰ ল'ৰাই ক'ত সোমাছিলগৈ, কেনেকৈ গিৰিহঁতে তেওঁৰ ঘোঁৰা ৰাখিলে, আগৰপৰা গুৰিলৈকে সকলোবোৰ কথা ক'লত, শিয়ালে মন দি শুনি ক'লে, "তুমি এতিয়া যোৱা। আজি মই নাযাওঁ, কাইলৈ মই ঠিক সময়ত সাক্ষী দিবলৈ যাম বুলি ৰজাক কোঁৱাগৈ।”


পিছদিনা আবেলি পৰত শিয়ালে এটা হোলাত নামি গাটো তিয়াই লৈ, আলিৰ কাষত পৰি ছাই এসোপাত লুটিবাগৰ দি গোটেইটো গাত ছাই সানি ৰজাৰ চ'ৰাত ওলালগৈ। ৰজাই শিয়ালক দেখি সুধিলে, "কি হে ডেকা ৰজা! আজি বোলোঁ নো তোমাৰ সভালৈ অহা পলম হ'ল কিয়?” শিয়ালে ক'লে, "সর্গদেও, আজি মোৰ দুখৰ কথা নো কি ক'ম? আজি সাগৰত জুই লাগি কি হৈছে! -গোটেইখন ৰাঙলী হৈ পৰিছিল। ইমান পৰ মই জুই নুমাওঁতে হাইৰাণ হ'লোঁ। সেই হে মোৰ গাৰ এই অৱস্থা হ'ল আৰু অহাত পলম হ'ল।” শিয়ালৰ কথা শুনি ৰজাই ক'লে, "আমাৰ ডেকা ৰজাই কেতিয়াবা কেতিয়াবা বৰ অসম্ভৱ কথাবোৰ কয়। ক'ৰবাত সাগৰত নো জুই লাগিব পাৰে নে?” শিয়ালে লাহেকৈ মাত লগাই ৰজাক সুধিলে, "সর্গদেও পানীত যে জুই লাগিব নোৱাৰে, কাঠৰ তেলীশালে নো কেনেকৈ ঘোঁৰা এটা জগাব পাৰে?” শিয়ালৰ মুখৰপৰা এই কথাষাৰ ওলোৱা মাত্রকে ৰজা প্রজা সকলোৱে হাত চাপৰি মাৰি শিয়ালক শলাগিবলৈ ধৰিলে; আৰু তেতিয়াই ৰজাই ঘোঁৰাটো ৰজাৰ ল'ৰাক দি পঠিয়াই দিলো। ইয়াৰ পিছত শিয়ালেৰে সৈতে সখি বন্ধাই ৰজাই ৰজাৰ ল'ৰা নিজ দেশলৈ গুচি গ'ল। 

Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা