অসমীয়া‌ কৌতুক Assamese Koutuk

অসমীয়া‌ কৌতুক Assamese Koutuk

অসমীয়া‌ কৌতুক হাঁহিৰ ৰহঘৰা Assamese Koutuk | Hahir Rohghora | Koutuk in Assamese language 



অসমীয়া‌ কৌতুক Assamese Koutuk


দুই বন্ধুৰ কথোপকথোন। প্রথমজনে ক'লে- ভাই, আজি প্ৰথমবাৰৰ বাবে এলার্ম ঘড়ীয়ে মোৰ টোপনি ভাগিলে।


দ্বিতীয়জন- কিয়? আনকালে নাভাগে নেকি?


প্রথমজন- নাভাগে। এলার্ম বাজি থাকিলেও মই সাৰ নাপাওঁ।


দ্বিতীয়জন- আজি তেনেহ'লে কেনেকৈ ভাগিল?


প্রথমজন- আজি এলার্ম বাজি বাজি শেষ হোৱাৰ পাছত ঘৈণীয়ে খঙতে ঘড়ীটো


মোৰ মূৰলৈ দলিয়াই দিলে। তেতিয়াহে.........।


******


মেনেজাৰ- তুমি খুব বেছি ছুটী লোৱা। কেতিয়াবা ঘৈণীয়েৰাক ষ্টেচনত থ'বৰ বাবে, কেতিয়াবা শহুৰৰ মৃত্যুৰ বাবে, কেতিয়াবা ল'ৰাৰ অন্নপ্রাশনৰ বাবে, কেতিয়াবা ঘৈণীয়েৰাক ডাক্তৰক দেখুৱাবৰ বাবে আৰু যে কিমান কাৰণত ছুটী লৈছা, তাৰ কোনো হিচাব নাই। এইবাৰ কি কাৰণ লৈ ছুটী বিচাৰি আহিছা?


কৰ্মচাৰী-ছাৰ, সঁচা কথা কৈছোঁ, এইবাৰ মোৰ নিজৰ বিয়াৰ বাবে। অহা মাহৰ তিনি তাৰিখে মোৰ বিয়া।


******


গিৰীয়েকে ঘৈণীয়েকক গর্বেৰে ক'লে-তুমি কি ভাবিছা মোক? মই মোৰ জীৱনক নিজে গঢ় দিছোঁ।


ঘৈণীয়েক- এই কথা আপুনি মোক ইমান দিনে কোৱা নাছিল কিয়? মই আপোনাৰ নিচিনা এজন অপদার্থ মানুহ গঢ়ি তোলাৰ বাবে মিছাকৈয়ে ভগৱানক দোষ দি আছোঁ।


******


এজন জ্যোতিষীয়ে ভদ্রমহিলা এগৰাকীৰ হাতৰ ৰেখাবোৰ অধ্যয়ন কৰি খন্তেক থমকি ৰৈ পাছত ক'লে- আপোনাক এটা অপ্রিয় সত্য কথা ক'বলগীয়া হ'ল। আপুনি অতি সোনকালে বৈধব‍্যৰ সাজ পিন্ধিব লাগিব।


ভদ্রমহিলাগৰাকীয়ে উত্তৰ দিলে- সেই কথাটো মই জানো। কিন্তু মই ধৰা পৰিম নে নপৰিম আৰু মই শাস্তি ভোগ কৰিব লাগিব নেকি, সেই কথা জানিবলৈহে আপোনাৰ ওচৰলৈ আহিছোঁ।


******


এজন মানুহে বাতৰিকাকতৰ অফিচলৈ এটা বিজ্ঞাপন দিবলৈ আহিল। বিজ্ঞাপনটো এনে ধৰণৰ- মোৰ অতি মৰমৰ 'কুটি' নামৰ ক'লা-বগা ৰঙৰ মেকুৰি এটা হেৰাইছে। সন্ধান দিওঁতাক নগদ পাঁচ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ'ব।


কাকতখন বিজ্ঞাপন শাখাৰ বিষয়াজনে বিজ্ঞাপনটো পঢ়ি অবাক হৈ মানুহজনক সুধিলে- আপুনি সামান্য এটা মেকুৰিৰ বাবে পাঁচ হাজাৰ টকা পুৰস্কাৰ আগবঢ়াইছে?


মানুহজনে উত্তৰ দিলে- আচল কথাটো হ'ল মই মোৰ ঘৈণীক সন্তুষ্ট কৰিবৰ বাবেহে বিজ্ঞাপনটো কাগজত দিবলৈ আহিছোঁ। মেকুৰিটো তেওঁৰ বৰ প্ৰিয় আছিল। কিন্তু মেকুৰিটো কোনেও বিচাৰি নাপায় আৰু মোৰো পাঁচ হাজাৰ টকা খৰচ নহয়। কাৰণ মেকুৰিটো মই খঙতে মাৰি বহুদূৰত পেলাই থৈ আহিছোঁ।


******


কাৰখানাৰ মালিক (খঙেৰে): হেৰা পল্লৱ, মই পোন্ধৰ-বিছমিনিটমান দুৱাৰত ঢকিয়াই আছোঁ। তোমালোকৰ কাৰো খবৰেই নাই। আড্ডা মাৰি আছা চাগৈ?


পল্লব- আমি আড্ডা মৰা নাই, সকলো কামত ইমানেই ব্যস্ত হৈ আছোঁ যে আন কথালৈ কাণ দিবলৈ সময়েই নাই। তাৰোপৰি, আপুনি এই কাৰখানাটোৰ মালিক। সেয়ে আপুনি কাৰখানাটোৰ য'তেই ইচ্ছা তাতেই পোন্ধৰ মিনিট কিয় দুই-তিনি ঘণ্টালৈকে ঢকিয়াই থাকিব পাৰে। কোন বেটাই আপোনাক বাধা দিব? আপোনাক বাধা দিলে তাৰ চাকৰি থাকিব জানো?


******


এজন ভদ্রলোকে আবেলি অফিচৰ পৰা ঘৰলৈ আহি দেখিলে যে চাকৰণী ছোৱালীজনীয়ে ফেকুৰি ফেকুৰি কান্দি আছে। ভদ্রলোকজনে কন্দাৰ কাৰণ সোধাত তাই

ক'লে- মালিকনীয়ে মোক চৰিয়াইছে। তেতিয়া ভদ্রলোকজনে চাকৰণীজনীক বুজাবলৈ ধৰিলে- এইটো কান্দিবলগীয়া কথা নহয়। মোক জানো এনেবোৰ কথাত কেতিয়াবা কন্দা দেখিছা? নাকান্দিবা, বাইদেউৰাৰ এইটো অভ্যাসেই।


******


বন্ধু (ব্যবসায়ী বন্ধুৰ প্রতি): তোৰ দিনে বহুত চিঠি আহে। কেনে ধৰণৰ চিঠি তোৰ বেছি ভাল লাগে?


ব্যৱসায়ী বন্ধু- সেইখন চিঠিয়েই মোৰ বৰ ভাল লাগে যিখনত লিখি দিয়ে যে ইয়াৰ লগতে চেকখন পঠাইছোঁ?


******


এজন বিবাহিত ভদ্রলোকে আন এজনক কৈছে- নাৰীয়ে টকা-পইচাৰ বাবে বিয়াত নোসোমায়, টকা-পইচাৰ বাবে তেওঁলোকে বিবাহ-বিচ্ছেদহে বিচাৰে।


*******


এগৰাকী মহিলাৰ বোৱাৰীয়েকগৰাকী বৰ ৰূপৱতী। মাকৰ মনত আক্ষেপ যে ল'ৰাই ঘৈণীয়েককহে অধিক গুৰুত্ব দিয়ে। এই কথাৰ সত্যতা জানিবলৈ মাকে এদিন বোৱাৰীয়েকৰ আগতে পুতেকক সুধিলে- বাবা, মই আৰু বোৱাৰী যদি একেলগে পানীত পৰোঁ, তুমি কাক আগতে বচাবা?


পুতেকে কি ক'ব, কি নক'ব বুলি ভাবি থাকোঁতেই ঘৈণীয়েকে গিৰীয়েকক ক'লে-


নোকোৱা কিয় তুমি মাকহে আগতে বচাবা।


বোৱাৰী, তুমি কিয় তেনেকৈ কৈছা, তাক ক'বলৈ দিয়া। সি কিজানি তোমাকহে বচোৱাৰ কথা কয়? শাহুৱেকে ক'লে।


বোৱাৰীয়েকে নিশ্চিন্তমনে উত্তৰ দিলে- মোৰ কাৰণে কোনেও চিন্তা কৰিব নালাগে, মোক বচাবলৈ পুখুৰীত জাঁপ দিয়া মানুহ বহুত ওলাব।


******


ৰসায়ন-শাস্ত্ৰৰ অধ্যাপক এজনে তেওঁৰ ঘৈণীয়েকে কৰা এটা ভুলৰ বাবে ঘৈণীয়েকক কুকুৰে কাইট নোখোৱাকৈ গালি পাৰিলে। জীৱনত এই প্ৰথমবাৰৰ বাবে গিৰীয়েকৰ গালি খাই ঘৈণীয়েকে হুৰাওৰাওকৈ কান্দি পেলালে। দুচকুৰে চকুৰ পানী বাগৰি আহিল। তাকে দেখি গিৰীয়েকে ক'লে- চকুৰ পানী মাটিত পেলাই একো লাভ নাই। তোমাৰ চকুৰ পানীয়ে মোৰ অন্তৰ গলাব নোৱাৰে। চকুৰ পানীনো কি? -ফছফ'ৰাছ ছল্ট, ছ'ডিয়াম ক্লোৰাইড আৰু পানীৰ সংমিশ্রণত উৎপন্ন হোৱা এবিধ জুলীয়া বস্তুহে। আমাৰ মতে চকুৰ পানীৰ কোনো মূল্যই নাই।


*****


এজন মানুহে ডাক্তৰক সুধিলে- ছাৰ, আমি সাধাৰণ মানুহ। মানুহ এজনৰ মৃত্যু হ'লে আমি কেনেকৈ জানিম যে মানুহজনৰ মৃত্যু ঘটিছে।


ডাক্তৰে ক'লে- এজন পুৰুষ মানুহৰ যদি বুকুৰ স্পন্দন বন্ধ হয়, তেতিয়া জানিবা যে পুৰুষজনৰ মৃত্যু ঘটিছে আৰু এগৰাকী নাৰীৰ যদি মুখৰ কথা হঠাতে বন্ধ হৈ যায়, তেনেহ'লে ধৰি ল'বা যে মানুহগৰাকী আৰু এই সংসাৰত নাই।


*******


এজন প্রায় দহবছৰীয়া ল'ৰাৰ দাঁত এটা উভলাৰ পাছত ডাক্তৰজনে ল'ৰাৰ দেউতাকক ক'লে- মোৰ ফিজ এশ টকা দেই।


ল'ৰাৰ দেউতাকে আচৰিত হৈ ক'লে- এশ টকা। আপুনি এটা দাঁত উভলাৰ বাবদ বিছ টকা ফিজ লয় বুলি সকলোৱে জানে দেখোন?


-ঠিকেই কৈছে, মোৰ ফিজ বিছ টকা, কিন্তু আপোনাৰ ল'ৰাই দাঁতটো উভলাৰ সময়ত যি ধৰণে চিঞৰ-বাখৰ কৰিলে, ভয়তে মোৰ চাৰিজন ৰোগী পলাই গ'ল। সেয়ে এশ টকা বিচাৰিছোঁ - ডাক্তৰে সহজভাৱেৰে ক'লে।


*******


এজন বন্ধুৱে আন বন্ধুজনক কৈছে- এতিয়াৰ পৰা মই সাহিত্য চর্চাতহে মন দিছোঁ আৰু তাকে জীৱনৰ একমাত্র লক্ষ্য কৰি লৈছোঁ।


আনজন- তুমিনো কেনে ধৰণৰ সাহিত্য চর্চা কৰিছা?


প্রথমজন- মই কবিতা লিখিছোঁ।


আনজন- কবিতা বেচি কিবা পাইছানে?


প্রথমজন- কবিতা বেচি পোৱা নাই, কিন্তু ঘড়ী, অভাৰকোট, আলমাৰি আদি বেচি অলপ পইচা পাইছোঁ।


******


ৰোগী- ডাক্তৰ চাহাব, মোৰ বৰ ভয় লাগিছে, এয়া মোৰ জীৱনত প্রথম অপাৰেচন?


ডাক্তৰ- মিছাতে ভয় কৰিছা কিয়? মোৰো জীৱনত এয়া প্রথম অপাৰেচন।


******


এজন ডেকাই এজনী গাভৰুৰ লগত নতুনকৈ চিনাকি হ'ল। দুদিনমান কথা পতাৰ পাছতে এদিন ছেগ বুজি ল'ৰাজনে ক'লে- তোমাৰ লগত চিনাকি হৈ মোৰ খুউব ভাল লাগিছে। তুমি তোমাৰ প্ৰিয় শব্দ দুটা কোৱাচোন?


মোৰ প্রিয় শব্দ দুটা- গাভৰুয়ে ভাবিলে।


ডেকাই উৎসাহিত হৈ হয়ভৰ দিলে- হয়, মাত্র দুটা শব্দ।


গাভৰুয়ে ডেকাৰ চকুলৈ চাই ক'লে- 'গেট আউট'।


******


এজন মানুহে তেওঁৰ খহটা আৰু কৰ্কশ মাতেৰে ঘৰৰ ভিতৰতে গান গাই আছিল। তেনেতে এটা ধোবা তেওঁৰ ঘৰৰ আগেৰে পাৰ হৈ গ'ল। মানুহজনৰ গান শুনি ধোবাজনে ঘৰৰ ভিতৰলৈ সোমাই তেওঁক সুধিলে- মোৰ গাধটো ক'লৈ গ'ল?


মানুহজনে খঙেৰে উত্তৰ দিলে- ইয়াত ক'ত তোমাৰ গাধটো আছে? ইয়াত সোমোৱা নাই।


ধোবাজনে ক'লে- আপুনি মিছা মাতিছে কিয়। মই এইমাত্ৰ মোৰ গাধটোৰ মাত শুনিছোঁ।


*****


এজন বন্ধুৱে লগৰ বন্ধুজনক সুধিলে- তুমি যে এমাহৰ ছুটী লৈছিলা, কেনেকৈ কটালা?


এদিন বাইক চলালোঁ আৰু বাকী ত্ৰিছ দিন আস্পাতালত থাকিলোঁ।


******


এজন বৃদ্ধই তেওঁৰ ল'ৰাৰ বাবে ছোৱালী চাবলৈ এঘৰলৈ গ'ল। ছোৱালীজনীয়েই আলহীক চাহ-জলপানেৰে আপ্যায়িত কৰাৰ পাছত ছোৱালীৰ দেউতাকে ক'লে- মোৰ ছোৱালী দেখিলে নহয়? তাই লাখৰ ভিতৰত এজনী। গাৰ ৰং বগলীৰ দৰে, খোজ কাটল ম'ৰা চৰাইৰ দৰে, মাত কুলিচৰাইৰ দৰে, চকু হৰিণীৰ দৰে আৰু..........


ছোৱালীৰ দেউতাকৰ কথা শেষ নৌহওঁতেই ল'ৰাৰ দেউতাকে ক'লে- আপুনি ঠিকেই কৈছে যেন লাগিছে আৰু এটা কথা কওকচোন, আপোনাৰ ছোৱালীৰ গাত মানুহৰ কি কি গুণ আছে?


******


ঘৈণীয়েকে এটা টিউবলাইট কিনি আনিলে। লাইটটো চাই গিৰীয়েকে ক'লে- তুমিও যে মানুহ আৰু! মই তোমাক আগতেও কৈছোঁ যে এনেবোৰ বস্তু কিনাৰ সময়ত 'আই-এচ-আই' মার্ক থকা বস্তুহে কিনিবা। পইচাবোৰ এনেয়ে খৰচ কৰিলা।


গধূলি তেওঁ এককিলো আপেল আনি জীয়েকৰ হাতত দিলে। জীয়েকে আপেলকেইটা উৰাই-ঘূৰাই চাই দেউতাকক ক'লে- দেউতা, অথনি 'আই-এচ-আই' মার্ক‌ নথকা বস্তু কিনা বাবে মাক গালি পাৰিছিলা, এতিয়া দেখোন তুমিয়ে যিকেইটা আপেল আনিলা তাত তেনে কোনো মার্ক নাই। পইচাবোৰ এনেয়ে খৰচ কৰিলা।


******


এজন মানুহে চৰকাৰী বিষয়া এজনৰ ওচৰত আপত্তি দর্শালে- ছাৰ, আপোনাৰ চাপ্রাচীজন দুর্নীতিপৰায়ণ, আপোনাক লগ ধৰিবলৈ আহিছোঁ বুলি কোৱাত তেওঁ মোৰ পৰা দহ টকা বিচাৰিলে।


বিষয়া- আপুনি তাক দহ টকা দিলে নেকি?


মানুহজন- কিয় দিম? মই নিদিলোঁ। মই এটকাও ঘোচ দিয়াত নাই।


বিষয়া- আপুনি মোৰ চাপ্ৰাচীজনক যদি মাত্র দহ টকাকে দিব নোৱাৰিলে, তেনেহ'লে আপোনাৰ পৰা মই আৰু কি আশা কৰিম?


******


এজন শকত-আৱত মানুহে হোমিওপেথিক চিকিৎসক এজনৰ ওচৰলৈ গৈ ক'লে-মোৰ পেট চলিছে, কালিৰ পৰা। ভাল দৰব এটা দিয়ক। কিন্তু এটা কথা আপোনাক আগতীয়াকৈ কৈ থওঁ যে মোৰ ভোক খুব বেছি, সেইকাৰণে অমুকটো নাখাব, অমুকটোহে খাব এইবোৰ নক'ব।


চিকিৎসকজনে বিছ খোৰাক দৰব দি ক'লে- এই লওক দৰব। আপুনি যি ইচ্ছা কৰে তাক খোৱাত কোনো বাধা নাই। প্রতি ঘণ্টাৰ মূৰে মূৰে এখোৰাককৈ দৰব খাব। কিন্তু দৰব খোৱাৰ আধা ঘণ্টা আগত আৰু আধা ঘণ্টা পাছত একো নাখাব। তেনেদৰে এসপ্তাহৰ খালেই আপুনি ভাল পাব।


******


এজনী ৰোগীয়ে ডাক্তৰৰ ওচৰলৈ গৈ ক'লে- ডাক্তৰ চাহাব, দৰব এটা দিয়কচোন।


মোৰ বেমাৰটো হ'ল, পুৱা শুই উঠাৰ পাছত এঘণ্টা মানলৈকে মোৰ তলপেটটো বিষাই থাকে।


ডাক্তৰ- আপুনি ৰাতিপুৱা কেই বজাত শুই উঠে?


ৰোগী- ছটা বজাত।


ডাক্তৰ- মই দৰব আৰু কি দিম। আপুনি এটা কাম কৰিব। কাইলৈৰ পৰা পুৱা সাত বজাত শুই উঠিব, তেতিয়া আপোনাৰ আৰু পেটৰ বিষ নহয়।


******


হৰি- ঐ ভাই উমেশ, তই এটা কথা ক'ব পাৰিবিনে, ঘড়ী আৰু ঘৈণীৰ মাজত কি সমানতা আৰু কি ভিন্নতা আছে।


উমেশ পাৰিম, শুন। ঘড়ী আৰু ঘৈণীৰ মাজত সমানতা এয়ে যে দুয়োটাই ঘৰখনৰ কাম-কাজৰ গতি নিয়ন্ত্ৰণ কৰে আৰু ভিন্নতা এয়ে যে ঘড়ীটো বন্ধ হ'লে ভাল নকৰালৈকে সি বন্ধ হৈ থাকিব আৰু ঘৈণীজনীৰ লগত বেয়া হ'লে, কিছুদিনহে বন্ধ হৈ থাকিব, পাছত আপোনা-আপুনি আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব।


******


মীনা- জান' হেনা, কালিৰ পৰা মোৰ শাহুৱে শাস্ত্রীয় সংগীত সাধনা কৰিবলৈ আৰম্ভ কৰিছে।


হেনা (আচৰিত হৈ): কি কৈছ তই? ইমান শকত আৰু কঠুৱা মাতৰ মানুহগৰাকীয়ে গান গাব পাৰিবনে? তাতে শাস্ত্রীয় সংগীত?


মীনা- আমাৰ ঘৰৰ ওচৰত যে দৰবৰ এটা সৰু কাৰখানা আছে, দেখিছ নহয়। তাত আঠ-নজন মানুহে কাম কৰে। কালি শাহুৰ ৰাগ শুনি ছুটীৰ চাইৰেণ বুলি ভাবি আধাতে কাম সামৰি গুচি গ'ল।


******


গার্হস্থ বিজ্ঞানৰ ছাত্ৰী এগৰাকীয়ে ৰন্ধন-প্রণালী বিষয়ৰ পৰীক্ষা দি অহাৰ পাছত প্রশ্নখন চাই মাকে সুধিলে- তুমি পৰীক্ষাত যিখিনি চালাদ বনালা, সেইখিনি পৰীক্ষকে খাই চালেনে, নে তোমাক খাবলৈ দিলে।


জীয়েক- পৰীক্ষকজনে চালেহে, খাই নাচালে। মোকে জোৰকৈ গোটেইখিনি খুৱাই দিলে।


******


পত্নী- আজি ডাক্তৰে মোক পৰামৰ্শ দিছে যে সম্পূর্ণ সুস্থ হ'বৰ বাবে মই কোনো পাহাৰীয়া অঞ্চলত কিছুদিন বিশ্রাম লোৱা উচিত। তেখেত দার্জিলিং, নাইনিতাল, মাউন্ট আবু আৰু দুখনমান তেনে চহৰৰ নাম ক'লে, মই ভাবি একো থিৰাং কৰিব পৰা নাই। তুমি কি ভাবা?


পতি- মোৰ মনৰ ভাব মাত্র এটাই যে তুমি আন কোনোবা ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।


*****


এখন বিদ্যালয়ত স্থানীয় নাগৰিকসকলৰ এখন সভা চলি আছে। গৰমৰ দিন, হঠাৎ এজন শকত-আৱত মানুহে সভা চলি থকা কোঠাটোলৈ সোমাই আহি দ্রুতগতিত চলি থকা ফেন দুখন বন্ধ কৰি দিলে। অসহ্য গৰমত ৰব নোৱাৰি এজনে তেওঁক সুধিলে-আমি গৰমত মৰিছোঁ আৰু আপুনি সোমায়েই ফেন দুখন বন্ধ কৰি দিলে কিয়?


মানুহজনে উত্তৰ দিলে- মই এই অঞ্চলৰ এজন বিখ্যাত ব্যৱসায়ী। মোৰ নাম হেমৰাজ আগৰৱালা। এইটো কোঠাৰ ফেন দুখন ময়ে দান হিচাবে আগবঢ়াইছোঁ। দুয়োখন ফেনতে দাতা হিচাবে মোৰ নাম লিখা আছে। যদি ফেন দুখন অনৱৰত চলিয়েই থাকে, আপোনালোকে মোৰ নামটো কেনেকৈ পঢ়িব আৰু মই যে মাথোন ব্যৱসায়েই নকৰোঁ, মাজে-সময়ে ৰাইজৰ উদ্দেশ্যে দান-বৰঙণিও আগবঢ়াওঁ এই কথা দেখোন আপোনালোকে নাজানিবই।


******


ৰোগী (ডাক্তৰৰ প্ৰতি): ছাৰ, কথা এটা সোধোঁ।


ডাক্তৰ- সোধা, কি সুধিবা?


ৰোগী- ছাৰ, আপুনি জীৱনত কেতিয়াবা ডাঙৰ ভুল কৰি পাইছেনে?


ডাক্তৰ- পাইছোঁ, এবাৰ মই এটা ডাঙৰ ভুল কৰিছিলোঁ। অৱশ্যে তাক তুমি মহাভুল বুলিও ক'ব পাৰা। সেইটো হ'ল মই এজন ৰোগীক নামমাত্ৰ খৰচৰ বিনিময়ত তিনি দিনতে সুস্থ কৰি তুলিছিলোঁ।


ৰোগী- ছাৰ, সেইটো দেখোন বৰ গৌৰৱৰ আৰু পুণ্যৰ কথা। তাতনো কি ভুল হ'ল?


ডাক্তৰ- কি ক'বা আৰু? কেইদিনমান পাছতহে মই বন্ধু এজনৰ মুখে জানিব পাৰিলোঁ যে তেওঁ এজন কোটিপতি আছিল। ভাল 'চাঞ্চ' এটা হেৰুৱালোঁ।


*****


পত্নী অসুস্থ, গিৰীয়েকে পাকঘৰত সোমাই চাহ বনাইছে। পানীখিনি গৰম হোৱাৰ পাছত চাহপাত বিচাৰি মানুহজনে হাবাথুৰি খাইছে। যিটো টেমাত 'চাহপাত' বুলি লিখা আছে, সেইটোত একো নাই। অগত্যা ঘৈণীয়েকক সুধিলে- হেৰা, চাহপাতৰ টেমাটো ক'ত থৈছা? বিচাৰি পোৱা নাই।


ঘৈণীয়েক- চাহপাতৰ টেমাটো পাকঘৰত ওলায়ে আছে। ৰেকখনৰ মাজৰ ৰেকটোৰ সোঁফালে 'চেনী' বুলি যিটো টেমাত লিখা আছে, তাতেই চাহপাত আছে আৰু 'নিমখ' বুলি লিখাটোত 'চেনী' আছে।


******


শ্ৰী আৰু শ্রীমতী ঘৰফলীয়াক সকলোৱে এযোৰ আদৰ্শ দম্পতী বুলি জ্ঞান কৰে। তেওঁলোকৰ মাজত আজিলৈকে কোনো তর্কাতর্কি বা কাজিয়া হোৱা মানুহে দেখা নাই। এজন মানুহে ইয়াৰ কাৰণ সোধাত ঘৰফলীয়াই ক'লে- ব্যৱস্থাটো বৰ সহজ। ৰাতিপুৱা তেওঁ নিজৰ ইচ্ছামতে কামবোৰ কৰে আৰু গধূলি মই তেওঁৰ ইচ্ছামতে কামবোৰ কৰোঁ। তর্কা-তর্কি বা হাঁই-কাজিয়াৰ স্থল ক'ত?


******


এজন যাত্রী- আপোনালোকৰ হোটেলত শান্তিৰে থাকিব পৰা যাবনে?


মেনেজাৰ- নিশ্চয় ছাৰ। আমাৰ হোটেলত থাকিলে আপুনি নিজৰ ঘৰত থকাৰ দৰে লাগিব। 


যাত্রী- তেনেহ'লে ৰাম ৰাম। নিজৰ ঘৰত থাকিলে বহু সমস্যা মুৰ পাতি ল'বলগীয়া হয়। ইয়াতো যদি সেইবোৰ সহ্য কৰি থাকিবলগীয়া হয়, তেনেহ'লে আপোনাৰ হোটেলত থাকি কি লাভ? তাতকৈ ঘৰত থকাই ভাল।


******



Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা