তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা

তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা 


তোমাৰ প্ৰিয় সাহিত্যিক গৰাকী ৰচনা অসমীয়াত Tumar Priyo Hahityik Goraki Rosona Essay on Your Favourite Author in Assamese 

  • মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা ৰচনা
  • ৰচনা মোৰ প্ৰিয় সাহিত্যিক
  • তোমাৰ প্ৰিয় সাহিত্যিক ৰচনা short
  • মোৰ প্ৰিয় সাহিত্যিক ৰচনা

 

Tumar Priyo Hahityik Goraki Rosona Essay on Your Favourite Author in Assamese

মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা ৰচনা 





মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা 


সাহিত্যৰ প্ৰতি থকা অনুৰাগে ক'ব নোৱাৰাকৈয়ে সাহিত্যৰ সৃষ্টিকর্তা সকলৰ প্ৰতিও এক গভীৰ আপোনত্ব ভাবৰ সৃষ্টি কৰে। সেয়েহে এই ভালপোৱাৰ তালিকাখনো ক্রমে দীঘল হৈ যায়। তথাপি তাৰ মাজৰ পৰাই যদি এজন প্রিয় সাহিত্যিক বিচাৰিবলৈ যত্ন কৰোঁ তেতিয়া যিজন ব্যক্তিয়ে মোৰ মানসপটত ভূমুকি মাৰেহি তেওঁ হ'ল জোনাকী যুগৰ ত্ৰিমূৰ্ত্তিৰ অন্যতম সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ সবল, নিভাঁজ' গ্রাম্য ভঙ্গীৰ বাক্য, বুদ্ধিদীপ্ত, হাস্যৰস, গভীৰ সননশীলতা আৰু ব্যাপকতাই মোক সদায়েই সম্মোহিত কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল অসমৰ 'এক্য ঐতিহ্যমণ্ডিত বংশত। দেউতাক আছিল আহোম ৰজাৰ দিনৰ বিখ্যাত বেজবৰুৱা বংশৰ লোক দীননাথ বেজবৰুৱা আৰু তেওঁ বৃটিছৰ দিনত মুন্সেফ কাম কৰিছিল। তেওঁ নগাওঁৰ পৰা বৰপেটালৈ বদলি হৈ নাঁৱেৰে গৈছিল আৰু গধুলি আঁহতগুৰি নামে ঠাইত নাওঁ বান্ধিছিল। সেই সময়তে নাওঁৰ কুন্দিতে লক্ষ্মী পূর্ণিমাৰ, দিনা (১৮৬৮ চনত) বেজবৰুৱাৰ জন্ম হৈছিল। লক্ষ্মীপূৰ্ণিমাৰ দিনা জন্ম হোৱাৰ বাবেই তেওঁৰ নাম ৰাখিছিল লক্ষ্মীনাথ। লক্ষ্মীনাথ বেজবৰুৱাই ১৮৮৬ চনত শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰবেশিকা পৰীক্ষা দিয়ে আৰু সুখ্যাতিবে উত্তীর্ণ হৈ কুবি টকীয়া জলপানী লাভ কৰি কলিকতাত পঢ়িবলৈ যায়। ১৯০৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি.এ. ডিগ্রী লাভ কৰে। ইয়াৰ পিছত তেওঁ ইংৰাজী সাহিত্যত এম. এ. আৰু আইনৰ পৰীক্ষা দিয়াৰ বাবে পঢ়া শুনা কৰিছিল যদিও পৰীক্ষাত নবহিল।


লক্ষ্মীনাথ বেজবৰুৱা আছিল এজন স্বাধীন মনৰ মানুহ। সেয়েহে তেওঁ বি.এ. পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছতে তেওঁলোকৰ চৰকাৰে চাকৰী যাচিছিল যদিও তেওঁ স্বাধীন ভাবে কিবা এটা কৰাৰ কথা ভাবি কলিকতাত আছিলগৈ। তাত থকা সময়তে তেওঁ অসমৰ বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ লগত লগ লাগি স্বাধীনভাবে কাঠৰ ব্যৱসায় কৰিবলৈ লয়। পিছত উৰিষ্যাক সম্বলপুৰতো তেওঁ নিজাকৈ ব্যৱসায় কৰে। এইবোৰৰ মাজতে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি অকৃপণ সেৱা আগবঢ়াই তেওঁ তেওঁৰ দেশমাতৃৰ প্রতি থকা দায়িত্বও সঠিক ভাবে পালন কৰি যায়। লক্ষ্মীনাথ বেজবৰুৱাৰ বিবাহ কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালত। ১৮৯১ চনৰ ১১ মাৰ্চত তেওঁ ঠাকুৰবাৰীৰ কন্যা প্রজ্ঞাসুন্দৰীৰ পানি গ্রহণ কৰে। বিয়াৰ পিছত মহর্ষি দেবেন্দ্রনাথ ঠাকুৰে লক্ষ্মীনাথ বেজবৰুৱাক এটি সোণৰ কলম উপহাৰ দি সেই কলমৰ পৰা সুনিপুন লেখা বাহিৰ হোৱাৰ বাবে আশীর্বাদ দিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ ক্ষেত্রত এই আশীর্বাদ ষোল অনাই কামত আহিছিল।


লক্ষ্মীনাথ বেজবৰুৱা দেৱে কলিকতাত প্রবসুৱা ছাত্রসকলে প্রথমে বহি আভাঃউঃসঃ সভা গঠন কৰাৰ সময়ৰে পৰা ধৰি অসমৰ সাহিত্য সংস্কৃতি বিস্তাৰৰ বাবে আহোপুৰুষাৰ্থ কৰে আৰু সাহিত্যৰ প্রতিটো বিভাগতে অসমীয়া সাহিত্যক চহকী কৰি তুলিবলৈ নিজে সকলো সৃষ্টিশীল সাহিত্য ৰচনাত হাত দিয়ে। সেই সময়তো আছিল আধুনিকতাৰ উত্থানৰ সময়। পাশ্চাত্য জগতৰ পৰা ন ন শৈলী, ন ন বিভাগ অসমীয়া সাহিত্যৰ মাজলৈও আদৰি আনি কিদৰে তাক সামর্থ্যবান কৰি তুলিব পৰা যায় সেয়ে আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ প্রধান চিন্তা। সেয়ে গল্প, উপন্যাস, নাটক আদি প্রতিটো দিশতে এনে অগ্রদূতৰ দায়িত্ব পালন কৰি তেওঁ অসমীয়া সাহিত্যত এখন সুকীয়া আসন প্রতিষ্ঠা কৰি থৈ গৈছে। সেয়েহে সাহিত্যৰ বুৰঞ্জীকাৰ সকলৰ বহুতেই অসমীয়া সাহিত্যৰ এই সময়ছোৱাক বেজবৰুৱাৰ যুগ বুলি অখ্যায়িত কৰিছে।


লক্ষ্মীনাথ বেজবৰুৱা দেবে জীৱনজোৰা সাধনাৰে সৃষ্টি কৰি যোৱা অমৰ সাহিত্য কর্মসমূহৰ উল্লেখ এই ক্ষেত্রত নিত্যান্তই প্রয়োজনীয়। গল্পপুথি- সুবতি, সাধুকথাৰ কুকি, জোনবিৰি, কেহোঁকলি: উপন্যাস - পদুম কুঁৱৰী: কবিতা পৃথি কদম কলি, পদুম কলি; শিশুসাহিত্য-বুঢ়ী আইৰ সাধু, জুনুকা, বাখৰ, ভাগৱত কথা, ককা দেউতা আৰু নাতিল'ৰা; জীবনী পুথি শ্রী শ্রী শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ আৰু আত্মজীৱনী মোৰ জীৱনৰ সোঁৱৰণ; তত্বমূলক আলোচনা শ্রীকৃষ্ণ কথা, তত্বকথা, চৈতন্যদের, অসমীয়া ভাষা আৰু সাহিত্য; নাটক বেলিমাৰ, চক্ৰধ্বজ সিংহ, জয়মতী কুৱঁৰী, পাঁচনি, নোমল, চিকৰপতি-নিকৰপতি, লিতিকাই ইত্যাদি। এই লেখনিসমূহৰ বাদেও তেখেতে কৃপাবৰ বৰবৰুৱা নামত লিখা কৃপাবৰ বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভোতনি, বৰবৰুৱাৰ বুলনি আদি বচনাসমূহে অসমীয়া পাঠকক সদায় একবিস্ময়কৰ আনন্দ প্রদান কৰি থাকিব। ইয়াৰ উপৰিও ইংৰাজী ভাষাত লিখা তেখেতৰ "History of Vaishnavism in India and Rasa Lila of Sri উল্লেখনীয় অবদান। নিজে এই বিলাক ৰচনা বাজি লিখি উলিওৱাৰ উপৰি তেখেতে নিজা উদ্যোগত বাঁহী নামৰ আলোচনী খনো সম্পাদনা কৰিছিল।


অকনো জিৰণী নোলোৱাকৈ কলম চলোৱা লক্ষ্মীনাথ বেজবৰুৱা সামাজিক জীৱনতো আছিল আগবঢ়া। তেখেতে ১৯২৪ চনত গুৱাহাটীত অসম সাহিত্য সভাৰ সপ্তম অধিবেশনৰ সভাপতিৰ পদ অলংকৃত কৰি আমাৰ সাহিত্য আৰু সংস্কৃতিক বলিষ্ঠ নেতৃত্ব প্রদান কৰিছিল। অসমীয়া জাতীয়তাবাদৰ উত্থানৰ কালৰ এজন আগশাৰীৰ কাণ্ডাৰী হিচাপে তেখেতে সাহিত্য আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াইছিল। সমসাময়িক প্রায় সকলো লোকৰ মাজত নিজৰ দৰেই লক্ষ্মীনাথ বেজবৰুৱাৰ মনতো বৃটিছ ভক্তি আছিল যদিও সামগ্রিকভাবে তেখেত আছিল নিভাঁজ মানুহ। অকৃত্রিম ভাবে তেওঁ জাতীয় উন্নতি বিচাৰিছিল। সাহিত্যিক হিচাপে লক্ষ্মীনাথ বেজবৰুৱা আছিল অন্যতম প্রতিভাৰ গৰাকী। তেওঁৰ সুক্ষ্ম বিচাৰবোধ গভীৰ মননশীলতা আদিয়ে তেওঁৰ সাহিত্যক সদায় অমৰ কৰি ৰাখিব। বেজবৰুৱা দেবে নিজে ভাল সৃষ্টিশীল ৰচনা কৰাই নহয়, তেখেতে সমালোচক হিচাপেও অগ্রদূতৰ ভূমিকা গ্রহণ কৰে। জাতীয় জীৱনত শংকৰদেবক প্রতিষ্ঠা কৰাত তেওঁ বিশেষ ধৰণে আগভাগ লয়। আৰু তেওঁৰ মাজেদিয়েই অসমীয়া জাতীয় জীৱনৰ এই গুৰুত্বপূৰ্ণ দিশটো পোহৰলৈ আহে। সাহিত্যিক হিচাপে তেওঁৰ আটাইতকৈ বলিষ্ঠ দিশটো হ'ল হাস্যৰস। লক্ষ্মীনাথ বেজবৰুৱাৰ আগতে ইমান সফলভাবে অসমীয়া সাহিত্যক কোনেও ৰসাল কৰি তুলিব পৰা নাছিল আৰু আজিও এই দিশটো তেওঁ এৰি থৈ যোৱা ঠাইতে আছে বুলিলেও অত্যুক্তি নহ'ব। এই সকলোবোৰ দিশৰ পৰাই লক্ষ্মীনাথ বেজবৰুৱাক মোৰ ভাল লাগে। তেওঁক ভাল পাওঁ বাবে হয়তো তেওঁৰ মাজত কোনো দোষ দেখা নাপাওঁ। কিন্তু এই কথাত সন্দেহ নাই যে দোষে গুণেই মানুহ। লক্ষ্মীনাথ বেজবৰুৱাৰো হয়তো কোনোবা দিশত কিবা দোষ থাকিব পাৰে কিন্তু এইটো নিসন্দেহ যে তেওঁ অসমীয়া আধুনিক সাহিত্যৰ এগৰাকী কেন্দ্ৰীয় ব্যাক্তিত্ব আৰু তেওঁৰ সাহিত্য মনত থাকিব লগা ধৰণে মিঠা।




*****


  • লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে ৰচনা
  • মোৰ প্ৰিয় সাহিত্যিক ৰচনা class 10
  • লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা
  • তোমাৰ প্ৰিয় সাহিত্যিক ৰচনা class 12
  • তোমাৰ প্ৰিয় লেখক/ লেখিকা


Comments

Popular posts from this blog

মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা‌

আহোম যুগৰ স্থাপত্য আৰু ভাস্কর্যৰ বিষয়ে ৰচনা

শিশুৰ শাৰীৰিক, মানসিক আৰু সৃজনশীলতাৰ বিকাশত মাতৃৰ ভূমিকা