Posts

Showing posts from January, 2026

সপ্তবিংশতি সাধু - বেটুকোঁৱৰ - ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প

সপ্তবিংশতি সাধু - বেটুকোঁৱৰ - ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প সপ্তবিংশতি সাধু - বেটুকোঁৱৰ সাধু - ককাদেউতা আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প অসমীয়াত - Betukonwar Hadhu - Kokadeuta aru Natilora - Lakshminath Bezbarua's Story Deevlibrary  বেটুকোঁৱৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প এজন ৰজা আছিল। তেওঁৰ সাতজনী কুঁৱৰী। কাৰো ল'ৰা-ছোৱালী নোহোৱা দেখি ৰজাৰ মনত বৰ বেজাৰ। ৰজাই অনেক পূজা-পাতল, অনেক দান-দক্ষিণা কৰিলে, তথাপি তেওঁৰ ল'ৰা-ছোৱালী একোকে নহ'ল। এদিন ৰজাই সমাজিক দেখিলে যে তেওঁক এজন বুঢ়া মানুহে কৈছে, "তুমি কাইলৈ পুৱাই নৈত স্নান কৰি তিতা তিয়নিৰে সাতবাৰ তমঃ তমঃ বুলি মাতিলে তোমাৰ হাতত ৰঙা টেমা এটা পৰিবহি। সেই টেমাটোৰ ভিতৰত এটা গোলাপ জামু থাকিব। সেই জামুটো আনি তুমি তোমাৰ সাতোজনী তিৰোতাক খাবলৈ দিবাঁ; তেওঁলোকে খালেই তেওঁলোকৰ ল'ৰা হ'ব।" ৰজাই সাৰ পাই উঠি পিছদিনা ৰাতিপুৱাই সেইদৰে নৈত গা ধুই সাতবাৰ তমঃ তমঃ কৰিলত ৰঙা টেমা এটা তেওঁৰ হাতত পৰিলহি আৰু সেই টেমাটো মেলি তাত জামু এটা পাই আনি সাতোজনী ঘৈণীয়েকক তেওঁ খাবলৈ দিলে। কুঁৱৰীহঁতে জামুটো খাবলৈ গা ধু...

ছালকুঁৱৰী গছৰ গুণাগুণ Benifits of Aloevera Plant

ছালকুঁৱৰী গছৰ গুণাগুণ Benifits of Aloevera Plant   ছালকুঁৱৰী গছৰ গুণাগুণ ছালকুঁৱৰী গছৰ খেতি বা ৰোপণ পদ্ধতি আৰু ইয়াৰ ঔষধি গুণ অসমীয়াত Benifits of Aloevera Plant Uses of Aloevera Plant in Assamese Deevlibrary  ছালকুঁৱৰী গছৰ গুণাগুণ   ছালকুঁৱৰী গছৰ বিভিন্ন নাম :- অসমীয়া-ছালকুঁৱৰী, সংস্কৃত কুমাৰী, গৃহকণ্যা, ধৃতকুমাৰী, হিন্দী- ধৃতকুমাৰী, মাৰাঠি- কাৰাফাদ, তামিল কাটালাইট, তেলেগু - কালাবানদা, মলায়ালম কাটাভালা।  ছালকুঁৱৰী গছৰ বৈজ্ঞানিক নাম :- এল'ভেৰা Aloevera  ছালকুঁৱৰী গছৰ শ্ৰেণী : উদ্ভিদ বিজ্ঞানিৰ শ্ৰেণীবিজ্ঞানৰ মতে ছালকুঁৱৰী লিলিয়েছি গোত্ৰৰ অন্তৰ্গত। ছালকুঁৱৰী গছৰ পৰিচয় : ছালকুঁৱৰী কেকটাচ জাতীয় উদ্ভিদ, দেখিবলৈ বৰ ধুনিয়া। ছালকুঁৱৰী পাত মাঢি কঠালৰ পাততকৈ সৰু সৰু যথেষ্ট ডাঠ। পাত বীজলোৱা ৰসেৰে পৰিপূৰ্ণ হৈ থাকে। পাত ভাঙিলে বীজলুৱা ৰস ওলায়। এই ৰস অতি ঠান্ডা আৰু তিতা।পাতৰ কাষত কাঁহট থাকে। পাতৰ ছাল সেউজীয়া আৰু নিমজ। হালধীয়া ফুলৰ ঠাৰি দীঘল। ছালকুঁৱৰী গছৰ‌ গুণাগুণ :   ছালকুঁৱৰী বিভিন্ন ৰোগত ঔষধ হিচাপে ব্যৱহাৰ হয় যদিও সাধাৰণতে ব্যাপক হাৰত ছালকুঁৱৰী সৌন্দৰ্য্য চর্চাত স...

ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা

ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা  ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা Hun Borikh Roja Kokadeuta aru Natilora Lakshminath Bezbarua's Famous Assamese Story Deevlibrary  সোন-বৰিষ ৰজা  ককাদেউতা আৰু নাতি ল'ৰা  এজন চহকী বুঢ়াৰ কেইবাটাও পুতেক আছিল। ক্রমে বুঢ়াই আটাইকেউটাকে বিয়া কৰাই দিলে, মাথোন বাকী ৰ'ল নুমলীয়াটো। অনেক চাই চিন্তি বুঢ়াই বিচাৰি-খোচাৰি শেষত এঘৰত এজনী লখিমী যেন ছোৱালী পাই নুমলীয়ালৈ. তাইক বিয়া কৰাই আনিলে। ছোৱালীজনী সঁচাকৈয়ে লখিমী আছিল। তাইক আনিবৰে পৰা বুঢ়াৰ ঘৰ আগতকৈও ধনে-ধানে ভৰি পৰিল, আৰু ঘৰত অপায়-অমঙ্গল নৰীয়া-পৰীয়াও নাইকিয়া হ'ল। কিন্তু এই দেখি বুঢ়াৰ পুৰোহিত বামুণৰ মনত বেজাৰ। পুৰোহিতক লাগে বুঢ়াৰ ঘৰত মৰা-হজা, নৰীয়া-পৰীয়া, অপায়-অমঙ্গল, তেহে তেওঁ শান্তিকৰম, তুলসী দিয়া আদি কাজ-কাম পাতি বুঢ়াৰ পৰা উলিয়াব পাৰে। তাৰে মূৰ মাৰল দেখি পুৰোহিত চিন্তাত পৰিল, তেওঁৰ ৰাতি ভাৱনাত টোপনি নহা হ'ল। তেওঁৰ ঘৰখনত ল'ৰা-ছোৱালী পো-পোৱালী এবোজা, বুঢ়াৰ ঘৰতে ওলমি কোনোমতে প্ৰৱৰ্তি আছিল, এতিয়া ত...

পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

Image
পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা  পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা  পঞ্চবিংশ সাধু - ৰজাৰ ল'ৰা আৰু শিয়ালৰ‌ সাধু - ককাদেউতা আৰু নাতি ল'ৰা - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়াত সাধু অসমীয়াত‌ গল্প Rojar Lora aru Hiyalor Hadhu - Kokadeuta aru Natilora - Lakshminath Bezbarua's Story Book Assamese Famous Story Deevlibrary  ৰজাৰ ল'ৰা আৰু শিয়ালৰ সাধু   এক ৰজাৰ ল'ৰাই দেশ চাবৰ মনেৰে এটা ঘোঁৰাত উঠি ঘৰৰপৰা বাজ হ'ল। তেওঁ সেইদৰে দুই-তিনিখন দেশ ফুৰাৰ পাছত এদিন হাবিৰ মাজৰ বাট এটাতে তেওঁৰ গধূলি হ'ল। সেই সময়তে এটা শিয়াল হাবিৰপৰা ওলাই আহি সেই বাটতে ভেম জুৰি বহি আছিল। ৰজাৰ ল'ৰাই তাক দেখিয়েই মাত লগালে, "হেৰৌ! খোলাকটিৰ মূৰ খোৱা হেৰৌ! মোৰ ঘোঁৰাই ভয় খাব; আঁতৰ হ! নহ'লে মই নামিবলৈ পালে তোৰ কঁকালৰ জোৰা ভাঙিম!” শিয়ালে উত্তৰ দিলে, “মই আঁতৰ হ'ব নোৱাৰোঁ। তোৰ ঘোঁৰা এফলীয়াকৈ লৈ যা।” একোপধ্যে শিয়াল বাটৰপৰা নাতৰা দেখি ল'ৰাই তেওঁৰ ঘোঁ...

চতুৰ্বিংশ সাধু - শিয়াল পগলা - ককাদেউতা‌ আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা

Image
চতুৰ্বিংশ সাধু - শিয়াল পগলা - ককাদেউতা‌ আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা   চতুৰ্বিংশ সাধু - শিয়াল পগলা - ককাদেউতা‌ আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা  চতুৰ্বিংশ সাধু - শিয়াল পগলা সাধু  - লক্ষ্মীনাথ বেজবৰুৱাৰ ককাদেউতা‌ আৰু নাতি ল'ৰা লক্ষ্মীনাথ বেজবৰুৱা Hiyal Pogola Hadhu Lakshminath Bezbarua's Kokadeuta aru Natilora Assamese Story  শিয়াল পগলা - ককাদেউতা‌ আৰু নাতি ল'ৰা একালত বিক্রমাদিত্য নামে এজন ৰজা আছিল। তেওঁৰ পুতেকে ভোজ ৰজাৰ জীয়েকক বিয়া কৰিছিল। বিক্রমাদিত্য ৰজাৰ মৰণ হেনো গঙ্গাৰ তীৰত আছিল। সেইদেখি বিক্রমাদিত্যৰ মৰণৰ সময় হ'লত তেওঁক গঙ্গাতীৰলৈ অনা হ'ল। কিন্তু গঙ্গাযাত্রা কৰি তেওঁক গঙ্গাৰ তীৰতে থোৱা হৈছিল, কোনোমতেই তেওঁৰ জীৱ নাযায়। লগত পুতেক আৰু বোৱাৰীয়েক দুয়ো আছিল। তিন দিনৰ মূৰত বিক্ৰমাদিত্যই অলপ জ্ঞান পাই পুতেকক ওচৰলৈ মাতি আনি ক'লে, "বোপাই, মোৰ সোণৰ ধোঁৱাখোৱাটোত ধপাত এহোপা খাবৰ মন গৈছে, দেছোন।” তালৈ ধোঁৱাখোৱাতো লৈ যোৱা হোৱা নাছিল, সেইদেখি পুতেকে ঘৈণীয়েকক শহুৰেকৰ ওচৰত থৈ লৰি ধোঁৱাখোৱাটো আনিবলৈ গ'ল। এনেতে বুঢ়া ৰজাৰ অন্তিমকাল উপস্থিত হ'ল। ৰ...