ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা
ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা ষষ্ঠবিংশ সাধু - সোন-বৰিষ ৰজা - ককাদেউতা আৰু নাতি ল'ৰা - লক্ষ্মীনাথ বেজবৰুৱা Hun Borikh Roja Kokadeuta aru Natilora Lakshminath Bezbarua's Famous Assamese Story Deevlibrary সোন-বৰিষ ৰজা ককাদেউতা আৰু নাতি ল'ৰা এজন চহকী বুঢ়াৰ কেইবাটাও পুতেক আছিল। ক্রমে বুঢ়াই আটাইকেউটাকে বিয়া কৰাই দিলে, মাথোন বাকী ৰ'ল নুমলীয়াটো। অনেক চাই চিন্তি বুঢ়াই বিচাৰি-খোচাৰি শেষত এঘৰত এজনী লখিমী যেন ছোৱালী পাই নুমলীয়ালৈ. তাইক বিয়া কৰাই আনিলে। ছোৱালীজনী সঁচাকৈয়ে লখিমী আছিল। তাইক আনিবৰে পৰা বুঢ়াৰ ঘৰ আগতকৈও ধনে-ধানে ভৰি পৰিল, আৰু ঘৰত অপায়-অমঙ্গল নৰীয়া-পৰীয়াও নাইকিয়া হ'ল। কিন্তু এই দেখি বুঢ়াৰ পুৰোহিত বামুণৰ মনত বেজাৰ। পুৰোহিতক লাগে বুঢ়াৰ ঘৰত মৰা-হজা, নৰীয়া-পৰীয়া, অপায়-অমঙ্গল, তেহে তেওঁ শান্তিকৰম, তুলসী দিয়া আদি কাজ-কাম পাতি বুঢ়াৰ পৰা উলিয়াব পাৰে। তাৰে মূৰ মাৰল দেখি পুৰোহিত চিন্তাত পৰিল, তেওঁৰ ৰাতি ভাৱনাত টোপনি নহা হ'ল। তেওঁৰ ঘৰখনত ল'ৰা-ছোৱালী পো-পোৱালী এবোজা, বুঢ়াৰ ঘৰতে ওলমি কোনোমতে প্ৰৱৰ্তি আছিল, এতিয়া ত...