আমাৰ ৰাজ্যখন পাঠ-১০ চতুৰ্থ শ্ৰেণী Class4 Chapter10
আমাৰ ৰাজ্যখন পাঠ-১০ চতুৰ্থ শ্ৰেণী Class4 Chapter10
আমাৰ ৰাজ্যখন পাঠ-১০ আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণী Amar Rajyakhon Chapter10 Class4
১/ অসম ভাৰতৰ কোনটো অংশত অৱস্থিত?
উত্তৰ: অসম ভাৰতৰ উত্তৰ-পূব অংশত অৱস্থিত।
২/ অসমৰ চাৰিসীমাত থকা ৰাজ্যবোৰৰ নাম লিখা।
উত্তৰ: অসমৰ চাৰিসীমাত থকা ৰাজ্যবোৰৰ নাম হ'ল -
- অৰুণাচল প্ৰদেশ
- নাগালেও
- মিজোৰাম
- মনিপুৰ
- ত্রিপুৰা
- মেঘালয়
- পশ্চিমবংগ
৩/ অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা। এই বিদেশী ৰাষ্ট্রকেইখন অসমৰ কোন কোন দিশত অৱস্থিত?
উত্তৰ: অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম হ'ল - ভূটান আৰু বাংলাদেশ।
অসমৰ উত্তৰে ভূটান আৰু দক্ষিণ-পশ্চিম দিশত বাংলাদেশ অৱস্থিত।
৪/ ডিমা হাছাও জিলাৰ এখন উপনৈৰ নাম লিখা।
উত্তৰ: ডিমা হাছাও জিলাৰ এখন উপনৈৰ নাম হ'ল - জাতিংগা।
৫/ অসমক কিয় নৈ-প্রধান ৰাজ্য বুলি কোৱা হয়?
উত্তৰ: অসমৰ মাজেৰে বহু নৈ-উপনৈ বৈ গৈছে। সেয়ে অসমক এখন নৈ-প্রধান ৰাজ্য বুলি কোৱা হয়।
৬/ অসমৰ প্রধান নৈ দুখনৰ নাম কি?
উত্তৰ: অসমৰ প্রধান নৈ দুখনৰ নাম হৈছে ব্রহ্মপুত্ৰ আৰু বৰাক।
৭/ উপত্যকা বুলিলে কি বুজা?
উত্তৰ: দুশাৰী পৰ্বত বা দুই উচ্চ ভূমিৰ মাজৰ নামনি অংশত এখন নৈ বা উপনৈয়ে সৃষ্টি কৰা সমতল ঠাইক উপত্যকা বোলে।
৮/ ব্ৰহ্মপুত্র উপত্যকা আৰু বৰাক উপত্যকা বুলিলে কি বুজা?
উত্তৰ: ব্ৰহ্মপুত্র নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমভূমি অঞ্চলটোক ব্ৰহ্মপুত্র উপত্যকা বোলে।
আৰু বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমভূমি অঞ্চলটোক বৰাক উপত্যকা নামেৰে জনা যায়।
৯/ উচ্চ বৰাইল পাহাৰ ক'ত অৱস্থিত?
উত্তৰ: কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ মাজত তুলনামূলকভাবে উচ্চ বৰাইল পাহাৰ অৱস্থিত।
১০/ ব্ৰহ্মপুত্ৰৰ উপনৈ কেইখনৰ নাম লিখা।
উত্তৰ: ব্ৰহ্মপুত্ৰৰ উপনৈ কেইখনৰ নাম হ'ল -
১১/ বৰাক নদীৰ উপনৈ কেইখনৰ নাম লিখা।
উত্তৰ: জিৰী, চিৰি, মধুৰা, জাটিঙ্গা, হাৰং, কালাইন, গুমৰা, ধলেশ্বৰী, চিংলা, লঙ্গাই, সোণাই, ৰুকনী আৰু কাটাখাল।
১২/ অসমৰ নদ-নদীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: অসমৰ নদ-নদীৰ বিষয়ে-
ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুখন হৈছে অসমৰ প্ৰধান নদী। ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ উপনৈসমূহ আৰু জান-জুৰিৰে অসমখন এখন নদী প্রধান ঠাই। বাৰিষাকালত এই নদ-নদীসমূহ পানীৰে উপচি পৰে আৰু ঠায়ে ঠায়ে বানপানীৰ সৃষ্টি কৰে। বাৰিষাকালত অসমত প্ৰচুৰ বৃষ্টিপাত হয়। বাৰিষাকালত বৰষুণৰ পৰিমাণ অতি বেছি হ'লে নদীৰ বুকুৱেদি বৰষুণৰ পানী স্বাভাৱিকভাৱে বাগৰি যাব নোৱাৰা হয়। তেতিয়া নৈখন পানীৰে উপচি পৰি দুয়োপাৰে বানপানীৰ সৃষ্টি কৰে।
১৩/ ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰৰ উপনৈসমূহৰ নাম লিখা।
উত্তৰ: ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰৰ উপনৈসমূহৰ নাম হ'ল
দিবং, ছিয়াং, জীয়াঢল, সোৱণশিৰি, ৰঙানদী, দিক্ৰং, ভৰলী, ধনশিৰি, পুঠিমাৰি, পাগলাদিয়া, বেঁকী, মানাহ, সোণকোষ, গংগাধৰ।
১৪/ ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰৰ উপনৈসমূহৰ নাম লিখা।
উত্তৰ: ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰৰ উপনৈসমূহৰ নাম হ'ল
লোহিত, দিহিং, বুঢ়ী দিহিং, দৰিকা, দিখৌ, ভোগদৈ, ধনশিৰি, কলংসুতি, যমুনা,কপিলি, ভৰলু, কুলসী, কৃষ্ণাই, জিঞ্জিৰাম।
১৫/ বৰাক নৈৰ উত্তৰ পাৰৰ উপনৈসমূহৰ নাম লিখা।
উত্তৰ: বৰাক নৈৰ উত্তৰ পাৰৰ উপনৈসমূহৰ নাম হ'ল
ধলেশ্বৰী নৈ
চিৰী নৈ (বা চিৰী নদী)
ছিংলা নৈ
জাতিংগা নৈ
১৬/ বৰাক নৈৰ দক্ষিণ পাৰৰ উপনৈসমূহৰ নাম লিখা।
উত্তৰ: বৰাক নৈৰ দক্ষিণ পাৰৰ উপনৈসমূহৰ নাম হ'ল
জিৰি নৈ
লংগাই নৈ
মধূৰা নৈ
কটাহখাল নৈ (বা কাটাখাল)
সোণাই নৈ (বা সোণাই নদী)
১৭/ অসমৰ থলুৱা মাছৰ নামৰ তালিকা প্রস্তুত কৰা।
উত্তৰ: অসমৰ থলুৱা মাছৰ নাম হ'ল -
ৰৌ, মিৰিকা, শিঙৰা, কাৱৈ, পুঠি, বৰালি, চেং, মাগুৰ, ভেকুৰি, গৰৈ, চিতল, ভোল, শল, মালি, চন্দা, মোৱা, বামী, আঁৰি, ভাগন, কঁকিলা, বালিচন্দা, হাৰভাগী, ভেচেলি, নেৰিয়া, ভকুৱা, ইলিচ, শিলঘৰিয়া, পাভ, তোৰা, বটীয়া, কুঢ়ি, লাচিম, ভাঙন, শিঙি, কুঁচিয়া, চেলকনা, কৰতী, বৰিয়লা, চেঙেলী, নাৰ, খলিহনা, শাল, শ’ল, চেঙা, বাত, ডৰিকনা, গেদগেদী, গংগাটোপ, ৰূপহী, ৰূপচন্দা, নাদনী, পাটীমূতুৰা, পিঠিয়া, চেং, গাগল।
১৮/ গাত বাকলি থকা মাছৰ নাম লিখা।
উত্তৰ: গাত বাকলি থকা মাছৰ নাম হ'ল ৰৌ, শিলঘৰিয়া, কমন কাৰ্প, চিতল, বামী, আঁৰি, ইলিছ, এলেং, কলিয়াজৰা, কছ, কুঢ়ি, কান্দুলী, খৰিয়া, গৰুৱা, চন্দা, চেঙা, চেঙেলী, টোৰা, তৰামাছ, দৰিকণা, নাৰ, পিঠিয়া, বলিয়ৰা, নেৰিয়া।
১৯/ গাত বাকলি নথকা মাছৰ নাম লিখা।
উত্তৰ: গাত বাকলি নথকা মাছৰ নাম হ'ল আৰি মাছ, বৰালি মাছ, মাগুৰ মাছ, শিঙি মাছ, পাভ মাছ, পুঠি মাছ, চন্দা মাছ, মোৱা মাছ, চেলকণা মাছ, লিঠা মাছ।
২০/ ভৈয়ামৰ সমতলভূমিত জনবসতি ঘন হোৱাৰ কাৰণ কি?
উত্তৰ: ভৈয়ামৰ সমতলভূমিত জনবসতি ঘন হোৱাৰ কাৰণ হ'ল- সমতলভূমি, খেতি-বাতি, যাতায়াত আদিৰ বাবে সুচল। ইয়াৰ উপৰি অসমৰ নদী উপত্যকা অঞ্চল দুটা সাৰুৱা হোৱা বাবে কৃষিৰ উৎপাদনো ভাল।
২১/ পাহাৰীয়া অঞ্চলত কৰা খেতিৰ পদ্ধতিক কি বোলে?
উত্তৰ: পাহাৰীয়া অঞ্চলত কৰা খেতিৰ পদ্ধতিক
জুম খেতি বোলে।
২২/ পাহাৰত কেনেকৈ জুম খেতি কৰা হয়?
উত্তৰ: পাহাৰৰ হাবি-বন কাটি জ্বলাই লৈ মাটিভাগ জুম খেতিৰ বাবে মুকলি কৰি লোৱা হয়। পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি চপাই ঢাপ কৰি কৃষিভূমিৰ পানী যাতে বৈ নাযায় তাৰ ব্যৱস্থা কৰা হয়।
২৩/ চাংঘৰ সাধাৰণতে কেনেকুৱা ঠাইত দেখিবলৈ পোৱা যায়?
উত্তৰ: অসমৰ নদীৰ দাঁতি-কাষৰীয়া অঞ্চল আৰু পাহাৰীয়া অঞ্চলত মানুহে চাংঘৰ সাজি বসবাস কৰা দেখা যায়।
২৪/ চাংঘৰৰ ভূমিকা লিখা।
উত্তৰ: চাংঘৰবোৰ সাজি লোৱাৰ মূলতেও প্রাকৃতিক পৰিৱেশৰ ভূমিকা আছে। নদীৰ দাঁতি-কাষৰীয়া অঞ্চলত সঘনাই বানপানী হয়। চাংঘৰবোৰ ওখ হোৱাৰ কাৰণে নদীৰ পানী সোমাব নোৱাৰে।
২৫/ মানচিত্রত ঠাই এখনৰ সঠিক অৱস্থান জানিবলৈ কিহৰ বিষয়ে জনাটো দৰকাৰ?
উত্তৰ: মানচিত্রত ঠাই এখনৰ সঠিক অৱস্থান জানিবলৈ দিশৰ বিষয়ে জনাটো দৰকাৰ।
২৬/ মানচিত্ৰত থকা বিভিন্ন স্থানৰ দিশ সূচক চিহ্নৰ সহায়ত আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ?
উত্তৰ: মানচিত্রত ঠাই এখনৰ সঠিক অৱস্থান জানিবলৈ দিশৰ বিষয়ে জনাটো দৰকাৰ। সাধাৰণতে মানচিত্ৰ এখনৰ ওপৰ ফালে উত্তৰ দিশ। তলৰফালে দক্ষিণ, সোঁফালে পূৱ আৰু বাওঁফালে পশ্চিম দিশ হিচাপে ধৰা হয়। দিশ বুজাবলৈ এটি সূচক চিহ্ন মানচিত্ৰখনৰ কাষত আঁকি থোৱা থাকে। এই সূচক চিহ্নৰ সহায়ত আমি মানচিত্ৰত থকা বিভিন্ন স্থানৰ দিশ নিৰ্ণয় কৰিব পাৰোঁ।
২৭/ অসমত সর্বমুঠ কেইখন জিলা আছে?
উত্তৰ: অসমত সর্বমুঠ ৩৫ খন জিলা আছে।
২৮/ অসমৰ ৰাজধানীৰ নামটো সাংকেতিক চিহ্নৰে সৈতে লিখা।
উত্তৰ: দিশপুৰ •
অনুশীলনী:
১। পাঠ্যপুথিত সন্নিবিষ্ট অসমৰ মানচিত্ৰখনত তোমাৰ নিজৰ জিলাখন চিনাক্ত কৰি চাৰিসীমা লিখা।
উত্তৰ: নিজেই কৰিব লাগিব
২। মানচিত্র এখনৰ সহায়ত আমি কি কি জানিব পাৰোঁ লিখা।
উত্তৰ: মানচিত্র চাই আমি এখন ঠাইৰ বিভিন্ন তথ্য পাব পাৰোঁ। সাধাৰণতে কোনো এখন ঠাই, দেশ আৰু ৰাজ্যৰ সীমাৰ লগতে সাগৰ-মাহাসাগৰ, নৈ-উপনৈ, চহৰ-নগৰ, ৰাস্তা-ঘাট আদি মানচিত্র এখনত উপস্থাপন কৰা হয়। মানচিত্ৰত পৰ্বত-পাহাৰ, নৈ-উপনৈ, পথ, সীমা আদি বুজাবলৈ কিছুমান সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। এই সাংকেতিক চিহ্নবোৰৰ বিষয়ে জানিলে আমি ঠাই এখনৰ বিভিন্ন কথা জানিবলৈ সুবিধা হয়।
৩। অসমৰ প্রধান প্রাকৃতিক বিভাগ কেইটা আৰু কি কি?
উত্তৰ: অসমৰ প্রধান প্রাকৃতিক বিভাগ তিনিটা। সেই ভাগকেইটা হ'ল-
(ক) ব্রহ্মপুত্র উপত্যকা
(খ) কাৰ্বি আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল
(গ) বৰাক উপত্যকা।
৪। পার্থক্য লিখা-
(ক) নৈ আৰু উপনৈ
উত্তৰ: কোনো পর্বতত বা পাহাৰত উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ কোনো সাগৰ বা হ্রদত গৈ পৰা পানীভাগক নৈ বা নদী বোলে।
আনহাতে কোনো পৰ্বত, পাহাৰ বা হ্রদত উৎপত্তি হৈ নানা ঠাইৰ মাজেৰে বৈ কোনো নৈত পৰা পানী ভাগক উপনৈ বোলে।
(খ) পর্বত আৰু পাহাৰ
উত্তৰ: পাহাৰতকৈ ওখ আৰু বহুদূৰ বিয়পি থকা শিলাময় অংশবোৰক পর্বত বোলা হয়। সাধাৰণতে পৰ্বতৰ ঢালবোৰ পাহাৰতকৈ বেছি থিয়গৰীয়া হয়।
আনহাতে, বহু ঠাই জুৰি গছ-গছনিৰে ভৰা উচ্চ শিলাময় অংশবোৰক পাহাৰ বোলা হয়।
(গ) মালভূমি আৰু সমভূমি
উত্তৰ: বহু ঠাই জুৰি থকা ওখ আৰু উপৰিভাগটো কিছু সমান ভূমিভাগকেই মালভূমি বোলে।
আনহাতে পৰ্বত-পাহাৰ নথকা আহল-বহল সমতল ভূমি বা অঞ্চলক সমভূমি বোলে।
৫। শুদ্ধ উত্তৰটোত ✓ চিন দিয়া।
(ক) অসমক প্রধানকৈ দুটা/তিনিটা/চাৰিটা প্রাকৃতিক বিভাগত ভাগ কৰা হয়।
উত্তৰ: তিনিটা
(খ) অসমৰ চাৰিসীমাত দুখন/তিনিখন/চাৰিখন বিদেশী ৰাষ্ট্ৰ আছে।
উত্তৰ: দুখন
(গ) মানাহ/সোৱণশিৰি/ধলেশ্বৰী
হ'ল বৰাক নৈৰ উপনৈ।
উত্তৰ: ধলেশ্বৰী
Comments
Post a Comment