গছ গছনিৰ কথা পাঠ-১ চতুৰ্থ শ্ৰেণী Class4 Chapter-1
গছ গছনিৰ কথা পাঠ-১ চতুৰ্থ শ্ৰেণী Class4 Chapter-1
গছ গছনিৰ কথা পাঠ-১ চতুৰ্থ শ্ৰেণী Class4 Chapter-1 Assam Assamese Medium
অনুশীলনী
১/ উত্তৰ লিখা-
(ক) উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা।
উত্তৰ: উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম হ'ল গা-গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল, শিপা।
(খ) শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা।
উত্তৰ: শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম হ'ল গাজৰ, মূলা, বীট।
(গ) উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি?
উত্তৰ: উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ'ল পাতত পত্ৰহৰিৎ নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে।
(ঘ) বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম লিখা।
উত্তৰ: বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম হ'ল গোলাপ, নয়নতৰা।
(ঙ) গ্রীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা।
উত্তৰ: গ্রীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হ'ল আম, কঁঠাল, লিচু।
(চ) চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা।
উত্তৰ: চাৰিবিধ বহুগুটীয়া ফলৰ নাম হ'ল- লেটেকু, ডালিম, কমলা, ৰবাবটেঙা।
২। খালী ঠাই পূৰ কৰা-
(ক) উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ__গেছ ব্যৱহাৰ কৰে।
উত্তৰ: কাৰ্বন-ডাই-অক্সাইড গেছ।
(খ) লিচু, জলফাই আদিৰ__গুটি থাকে।
উত্তৰ: এটা।
(গ) উদ্ভিদে বায়ুমণ্ডলত __গেছ আৰু কাৰ্বন-ডাই-অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে।
উত্তৰ: অক্সিজেন গেছ।
(ঘ) ফুলৰপৰাই __উৎপন্ন হয়।
উত্তৰ: ফল।
(ঙ) ফুলৰ ৰং আৰু __কীট-পতংগক আকর্ষণ কৰে।
উত্তৰ: গোন্ধে।
৩। শুদ্ধ উত্তৰটোত "√'' চিন দিয়া-
(ক) উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰপৰা কাৰ্বন-ডাই-অক্সাইড / অক্সিজেন গেছ আহৰণ কৰে।
উত্তৰ: কাৰ্বন-ডাই-অক্সাইড গেছ আহৰণ কৰে।
(খ) শেৱালি, ৰজনীগন্ধা আদি দিনত/ৰাতি ফুলে।
উত্তৰ: ৰাতি ফুলে।
(গ) কমলা, বগৰী আদি গ্রীষ্ম ঋতু/শীত ঋতুত হোৱা ফল।
উত্তৰ: শীত ঋতুত হোৱা ফল।
(ঘ) মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু/ডাঙৰ।
উত্তৰ: ডাঙৰ।
"গছ গছনিৰ কথা" পাঠটিৰ অতিৰিক্ত প্ৰশ্নাৱলী:
১/ আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰ: আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক চাৰিটা ভাগত ভাগ কৰা হৈছে। তৃণ, গুল্ম, লতা আৰু বৃক্ষ।
২/ মাটিৰ তলত থকা অংশটো কি আৰু ইয়াৰ কাম কি?
উত্তৰ: মাটিৰ তলত থকা অংশটো হৈছে শিপা।
শিপাই মাটিত খামুচি ধৰি উদ্ভিদ জোপাক থিয় হৈ থকাত সহায় কৰে আৰু শিপাই মাটিৰপৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ শুহি লৈ কাণ্ডৰ মাজেৰে পাতলৈ পঠিয়ায়।
৩/ শিপাৰ কাৰ্য লিখা।
উত্তৰ: শিপাৰ কাৰ্য হ'ল -
ক) শিপাই মাটিত খামুচি ধৰি গছজোপা উভালি নপৰাকৈ ৰখাত সহায় কৰে।
খ) শিপাই মাটিৰপৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ শুহি লৈ কাণ্ডৰ মাজেৰে পাতলৈ পঠিয়ায়।
গ) শিপাই মাটিত খামুচি ধৰাৰ ফলত মাটিখিনি ক্ষয় হ'ব নোৱাৰে।
ঘ) গছৰ শিপাই খহনীয়া ৰোধ কৰাত আৰু মাটি সংৰক্ষণত সহায় কৰে।
৪/ উদ্ভিদৰ এটা প্রয়োজনীয় অংশৰ নাম লিখা।
উত্তৰ: উদ্ভিদৰ এটা প্রয়োজনীয় অংশ হৈছে পাত।
৫/ উদ্ভিদৰ পাতত কি ৰঞ্জক পদাৰ্থ থকাৰ বাবে উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে?
উত্তৰ: উদ্ভিদৰ পাতত পত্ৰহৰিৎ নামৰ এবিধ ৰঞ্জক পদাৰ্থ থকাৰ বাবে উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে।
৬/ পাতে কেনেকৈ আহাৰ প্ৰস্তুত কৰে বুজাই লিখা।
উত্তৰ: শিপাই মাটিৰপৰা পানী শোষণ কৰি লয়। সূৰ্যৰ পোহৰত সেউজীয়া পাতে এই পানী আৰু বায়ুৰপৰা আহৰণ কৰা কাৰ্বন-ডাই-অক্সাইড গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে আৰু এই প্ৰক্ৰিয়াত অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। উদ্ভিদে আহাৰ তৈয়াৰ কৰা এই প্ৰক্ৰিয়াটোৱেই হৈছে সালোক সংশ্লেষণ। এই প্ৰক্ৰিয়াৰেই পাতে আহাৰ প্ৰস্তুত কৰে।
৭/ সালোক সংশ্লেষণ কাক বোলে?
উত্তৰ: শিপাই মাটিৰপৰা পানী শোষণ কৰি লয়। সূৰ্যৰ পোহৰত সেউজীয়া পাতে এই পানী আৰু বায়ুৰপৰা আহৰণ কৰা কাৰ্বন-ডাই-অক্সাইড গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে আৰু এই প্ৰক্ৰিয়াত অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। উদ্ভিদে আহাৰ তৈয়াৰ কৰা এই প্ৰক্ৰিয়াটোকেই সালোক সংশ্লেষণ বোলা হয়।
৮/ পাতে এৰি দিয়া অক্সিজেন গেছ কি কামত ব্যৱহাৰ হয়?
উত্তৰ: পাতে এৰি দিয়া অক্সিজেন গেছ প্রাণীবোৰে উশাহত লৈ জীয়াই থাকে।
৯/ বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণৰ ভাৰসাম্য কেনেকৈ ৰক্ষা হয়?
উত্তৰ: পাতে এৰি দিয়া অক্সিজেন গেছ প্রাণীবোৰে উশাহত লৈ জীয়াই থাকে। নিশাহত প্রাণীয়ে এৰি দিয়া কার্বন-ডাই-অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। ইয়াৰ ফলত বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণৰ ভাৰসাম্য ৰক্ষা হয়।
*****
Comments
Post a Comment